মূল পৃষ্ঠা / শিক্ষা / শিক্ষকসকলৰ ক্ষেত্ৰ / জীৱন ইমানতেই শেষ নহয়
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জীৱন ইমানতেই শেষ নহয়

জীৱন ইমানতেই শেষ নহয়

সেই সময় কথা বেলেগ আছিল, যেতিয়া ছোৱালীজনীয়ে পঢ়া-শুনা কৰি থকাৰ মাজতেই মাক-দেউতাকে তাইক বিয়া দি এঘৰলৈ উলিয়াই দিছিল। তাইৰ পঢ়া-শুনা সম্পূৰ্ণ নহ’ল বুলি বা নিজৰ কেৰিয়াৰ গঢ়িব নোৱাৰিলে বুলি পৰিয়ালে কোনো ধৰণৰ চিন্তা কৰা নাছিল। অন্যহাতে সেই কালত ছোৱালীজনীয়েও শিক্ষা-দীক্ষা বা কেৰিয়াৰক লৈ বিশেষ উৎসাহ দেখুওৱা নাছিল। পতি আৰু শহুৰৰ ঘৰৰ সেয়া কৰাই তাই নিজৰ কৰ্তব্য জ্ঞান কৰিছিল। এয়া হৈছে বিগত কিছুবছৰৰ আগৰ কথা। কিন্তু এতিয়া দৃশ্যপট সলনি হ’ল। পৰিৱৰ্তনীয় সময়ৰ দাবী বুলিয়ে হওক বা মহিলাসকলৰ নিজৰ মাজলৈ অহা সচেতনতাৰ বাবেই হওক, তেওঁলোকে পঢ়া-শুনা আৰু কেৰিয়াৰক বিবাহতকৈ বেছি গুৰুত্ব দিয়া দেখা গৈছে। এনে চিন্তা-ধাৰাৰ হেতু পৰিয়ালেও ছোৱালীজনীৰ বিবাহ কেৰিয়াৰ গঢ়াৰ পিছতহে ঠিক কৰিবলগীয়া হৈছে। পিছে বিবাহৰ পিছত ছোৱালীজনীয়ে নিজৰ চাকৰিটো ৰাখিব পাৰিব বুলিওতো নিশ্চয়তা ক’ব নোৱাৰি। কিয়নো শহুৰৰ ঘৰখনৰ তীব্ৰ হেঁচাৰ বাবেই হওক বা মাতৃ হ’বলৈ আগবঢ়াৰ সময়ত আহি পৰা অতিৰিক্ত দায়িত্বৰ বাবেই হওক, ছোৱালীজনীয়ে কেৰিয়াৰৰ উচ্চ শিখৰত অৱস্থান কৰিও চাকৰি এৰিব লগা হয়। বহু মহিলাইতো সময়ৰ দাবী আৰু দায়িত্বৰ বাবেই হাঁহিমুখে চাকৰি এৰি দি ঘৰ-পৰিয়ালৰ মাজত আবদ্ধ হৈ ৰয়। কিন্তু এনে মহিলাও আছে, যিয়ে চাকৰি এৰিব লগা হোৱা কথাষাৰ সহজভাৱে ল’ব নোৱাৰে। পৰিণামস্বৰূপে তেওঁৰ ঘৰখনৰ সদস্য তথা ঘৰুৱা কামৰ প্ৰতি মনোযোগ ক্ৰমে নাইকিয়া হৈ আহে আৰু অকলশৰীয়া কৰি হীনমন্যতাৰ চিকাৰ হয়। প্ৰসংগক্ৰমে মনলৈ আহিছে শেৱালিৰ কথা। আঠাইশ বছৰীয়া শেৱালীয়ে মেনেজমেন্টৰ পাঠ্যক্ৰম সমাপ্ত কৰি প্ৰতিষ্ঠিত কোম্পানী এটাৰ উচ্চ পদবীত কাম কৰিবলৈ লৈছিল। কাম কৰাৰ দুটা বছৰ পাৰ হোৱাৰ পিছতে তাইৰ অন্য এটা কোম্পানীৰ মেনেজাৰ এজনৰ লগত বিবাহ হ’ল। স্বামীও একে বিভাগৰে চাকৰিয়াল হোৱা হেতুকে তাইৰ খুব ভাল লাগিল। বিয়াৰ পিছত কিছুদিন ঠিকমতেই পাৰ হ’ল। কিন্তু শেৱালিৰ যেতিয়া সন্তান এটি হ’ল, শাহুৱেকে তাইক পুনৰ কামলৈ যাবলৈ বাধা দিলে। সেই মুহুৰ্তত সন্তানটি সৰু হৈ থকা বাবে অৱশ্যে তাই চাকৰিৰ পৰা অব্যাহতি ল’লে। কিন্তু সন্তানটিৰ বয়স যেতিয়া তিনি বছৰ পাৰ হৈ গ’ল আৰু স্কুললৈ যাব ধৰিলে। তেতিয়া শেৱালীয়ে পুনৰ চাকৰি কৰাৰ ইচ্ছা কৰিলে। কিন্তু এইবাৰ স্বামীয়ে তাইক চাকৰি কৰিবলৈ বাধা দিয়াত মনটি বেয়াকৈ ভাগি পৰিল। তাই লাহে লাহে নিজকে অকৰ্মণ্য জ্ঞান কৰিব ধৰিলে। ভাব হ’ল যেন তাইৰ পঢ়া-শুনাৰ একো মূল্যই নাই। তাই যেন অন্য মহিলাতকৈ পাছ পৰি ৰ’ল। এনেকৈ তাইৰ অন্ধবিশ্বাস কমি আহিবলৈ ধৰিলে। আৰু পৰিয়ালটোৰ পৰা আঁতৰি ফুৰা হ’ল। অকলে থাকি ভাল পোৱা হ’ল। ইফালে স্বামীয়েও তাইৰ মাজলৈ অহা এই ধৰণৰ পৰিৱৰ্তন দেখি কোনো এগৰাকী মনোচিকিৎসকৰ পৰামৰ্শ লোৱাৰ চিন্তা কৰিলে। যেতিয়া মনোচিকিৎসকক দেখুওৱা হ’ল, জানিব পাৰিলে যে চাকৰি কৰিব নোৱাৰাৰ হেতু তাই নিজকে পাছ পৰি যোৱা যেন অনুভৱ কৰিছে আৰু সেয়ে কেৱল ঘৰৰ কামত ব্যস্ত থাকি সুখী হ’ব পৰা নাই, যি কাৰণত তাই হতাশাৰ স্থিতিৰ সন্মুখীন হৈছে।

শেৱালীয়ে কেৱল এনে মহিলা নহয়, যাৰ এনে স্থিতি হৈছে। আৰু বহু মহিলা আছে, যিয়ে বিয়াৰ আগেয়ে কেৰিয়াৰক লৈ অতি সচেতন থাকে যদিও বিবাহৰ পিছত পাৰিবাৰিক হেঁচা বা কোনো কাৰণত তেওঁ নিজৰ কেৰিয়াৰৰ জলাঞ্জলি দিব লগা হয়।

কাৰণ

আমাৰ সমাজৰ ব্যক্তিবিশেষৰ দৃষ্টিভংগী এটা ডাঙৰ কাৰণ মহিলাসকলক এনে স্থিতিৰ সন্মুখীন হ’বলৈ বাধ্য কাৰোবাৰ ক্ষেত্ৰত; কিয়নো আমাৰ সমাজৰ যিসকল মহিলাই চাকৰি কৰিও পৰিয়ালটোৰ দায়িত্ব পালন কৰি আহিছে, তেওঁলোকক যথেষ্ট সন্মান প্ৰদৰ্শন কৰা হয়। সমাজৰ অধিক সংখ্যকেই ভাবে যে যিসকল মহিলা ঘৰত সোমাই থাকে, তেওঁলোকে বেছি ছালাক-চতুৰ নহয়। এনে চিন্তা-ধাৰা পৰিয়ালৰ সদস্যসকলৰো। পতি হওক বা কোনো জ্যেষ্ঠজন বা সন্তানটিয়েও ঘৰত থকা মহিলাসকলৰ কোনো সিদ্ধান্তক মহত্ব দিব নিবিচাৰে। অনবৰতে পৰিয়ালটোৰ লগতে বাহিৰা ব্যক্তি বিশেষে তেওঁৰ অস্তিত্বক লৈ সন্দেহ কৰা কথাষাৰে ক্ৰমান্বয়ে তেওঁৰ আত্মবিশ্বাস কমাই আনে আৰু পিছত তেওঁৰ মনত এই কথাই ৰেখাপাত কৰে যে চাকৰি এৰি তেওঁ ভাল কাম নকৰিলে। ঘৰত বহি থকাৰ ফলত পঢ়া-শুনা আৰু প্ৰতিভাৰ অপমৃত্যু হ’ল।

উপায়

বহু মহিলাই নিজৰ কেৰিয়াৰ আৰু পঢ়া-শুনাক সকলোতকৈ বেছি মহত্ব দিয়ে। যদি এনে মহিলাই বিবাহৰ পিছত কোনো কাৰণত চাকৰি এৰিব লগা হয়, তেতিয়া সেই পৰিস্থিতিত উদাস চিন্তিত হৈ তেওঁলোকে বিভিন্ন সমস্যাৰ সৃষ্টি কৰে। কিন্তু চাকৰি নাথাকিলে বুলিয়ে জীৱনটো শেষ হৈ নাযায়। তথাপি যদি কোনো মহিলাই ঘৰত থকাৰ বাবে তেওঁৰ মহত্ব কমি যোৱা বুলি ভাবে বা ঘৰ-পৰিয়ালৰ মানুহে আপোনাক কমকৈ গুৰুত্ব দিয়া বুলি ধাৰণা কৰে বা আপোনাৰ যিকোনো নিৰ্ণয়ৰ প্ৰতি বিশেষ সঁহাৰি নিদিয়ে, তেন্তে এনে হব’ও পাৰে সম্ভৱত: এয়া আপোনাৰ ভুল ধাৰণা। কিয়নো সবাতোকৈ ডাঙৰ কথা হৈছে আত্মবিশ্বাস। যদি আপুনি নিজেই ভাগি পৰে, তেনেহ’লে অন্য ব্যক্তিয়ে আপোনাৰ মন দুৰ্বল কৰা সুযোগহে ল’ব। তথাপি যদি আপুনি মানসিকভাৱে দুৰ্বল অনুভৱ কৰে, তেন্তে নিম্নলিখিত কথাসমূহলৈ ধ্যান দিয়াৰ আৱশ্যক।

নিৰ্ণয়ৰ ওপৰত বিশ্বাস ৰাখক

আপুনি যদি চাকৰি এৰিছে, তেন্তে নিজৰ এই নিৰ্ণয়ৰ ওপৰত বিশ্বাস ৰাখক, কিয়নো যদি আপুনি মানসিকভাৱে নিজৰ নিৰ্ণয়ক লৈ সুখী হ’ব নোৱাৰে, তেন্তে আপোনাৰ মন দোধোৰ-মোধোৰ অৱস্থাত থাকিব, যিয়ে আপোনাক সদায়ে অশান্তি দি থাকিব আৰু ঘৰ-পৰিয়ালতো সিয়ে অশান্তিৰ কাৰণ হ’ব।

জ্ঞানৰ পৰিসৰ বঢ়াওক

এইটো নহয় যে চাকৰিয়াল মহিলাৰহে ঘৰ তথা বাহিৰৰ কাম-কাজৰ অভিজ্ঞতা থাকে। আপুনি ঘৰতে থাকিও নিজৰ জ্ঞানৰ পৰিসৰ বঢ়াব পাৰে, কিয়নো জ্ঞান বা অভিজ্ঞতা কেৱল চাকৰিৰ বাবেই উপযোগী নহয়; ই আপোনাৰ সমাজখনৰ বাবেও কামত আহিব। সেই গতিকে আধুনিক সা-সামগ্ৰী, নতুন কিতাপ, ৰাজনীতি, চিনেমা আদিৰ লগতে অন্যান্য সকলো বিষয়ক জ্ঞান সদায় বঢ়াই থাকিব।

বাহিৰা কাম-কাজত আগ্ৰহ দেখুৱাওক

গৃহিণী হোৱাৰ অৰ্থ এইটো নহয় যে আপুনি কেৱল ঘৰুৱা কামৰ মাজতে সীমিত থাকিব। ঘৰৰ বাহিৰেও বাহিৰত ইমান কাম থাকে, যাক আপুনি নিজে কৰিব পাৰে। যেনে-বেংকৰ কাম, সন্তানটিক স্কুললৈ লৈ যোৱা, বিল জমা কৰোৱা, ঘৰৰ সদস্যৰ বাবে বজাৰ-সমাৰ কৰা ইত্যাদি। তদুপৰি আৰু বহু কাম আছে, যিবোৰ আপুনি নিজে কৰিব পাৰে। সকলোতকৈ জৰুৰী কথা এই যে সকলোৰে ইচ্ছাৰ বিৰুদ্ধে চাকৰি কৰি আপুনি কেতিয়াও সুখী হ’ব নোৱাৰিব, কিয়নো এনে কৰিলে পৰিয়ালৰ মানুহখিনি আপোনাৰ পৰা আঁতৰি আহিব আৰু নিজেও ঠিকমতে চাকৰি কৰিব নোৱাৰিব। সেয়েহে এইটো ভুলতো নাভাবিব যে চাকৰি এৰিব লগা হ’ল বুলি আপোনাৰ জীৱনটোৱে শেষ হৈ গ’ল।

লেখিকা: ৰীণা দেৱী, দৈনিক অসম।

2.97916666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top