মূল পৃষ্ঠা / শিক্ষা / শিক্ষকসকলৰ ক্ষেত্ৰ / পুথিগত শিক্ষা বনাম বাস্তৱ পৃথিৱীৰ দাবী
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পুথিগত শিক্ষা বনাম বাস্তৱ পৃথিৱীৰ দাবী

পুথিগত শিক্ষা বনাম বাস্তৱ পৃথিৱীৰ দাবী

ইটাৰ ৰঙেই ইটাৰ পৰিচয়। সুন্দৰ ৰঙা ৰঙৰ, মাজত ফাট নাথাকে, চুক ভঙা নাথাকে, টোকৰ মাৰিলে ঘণ্টা বজোৱা নিচিনা শব্দ হয়।’ -সেইবোৰেই ‘ক্লাছ ওৱান’ ইটা। সৰুতে দেউতাই ইটাৰ বিষয়ে কৈছিল। ক’ত বা শিকিছিলে, কোনে বা শিকাইছিলে, কিন্তু ডাঙৰ হৈ আভিযান্ত্ৰিকৰ পাঠ্যক্ৰমতো দেখিলো সেয়া সঠিক শিক্ষাই আছিল।

জ্ঞান আৰ্জনৰ বাবে পুথি অধ্যয়ন যিমান প্ৰয়োজনীয় বুলি ভবা হয় আচলতে বেছি প্ৰয়োজনীয় পৰ্য্যবেক্ষণ আৰু অনুসন্ধিৎসু মন। চৌপাশৰ পৃথিৱীখনত কি হৈ আছে, কিয় হৈছে, কেনেদৰে হৈছে, তাক জানিবলৈ চৌপাশৰ পৃথিৱীখন ভালদৰে পৰ্য্যবেক্ষণ কৰিব লাগিব। প্ৰতিটো ঘটনা বা তথ্যৰ বাবে কেৱল কিতাপৰ ওপৰত নিৰ্ভৰ কৰিলেই নহ’ব। বাস্তৱৰ পৃথিৱীখন খালী চকুৰে চুই-মোহাৰি চাব লাগিব। আচলতে পুথি অধ্যয়ন কেতিয়াও স্বয়ংসম্পূৰ্ণ নহয় আৰু হ’বও নোৱাৰে, ই জ্ঞান অৰ্জনৰ সমগ্ৰ প্ৰক্ৰিয়াটোৰ এটা মাত্ৰ আহিলাহে।

কিন্তু পুথি অধ্যয়ন (আচলতে ভাটৌৰ দৰে স্মৰণ)ক অযথা গুৰুত্ব দিয়াটো আমাৰ সাম্প্ৰতিক শিক্ষা ব্যৱস্থাটোৰ মূল ত্ৰুটি। যাৰ ফলত আমাৰ প্ৰজন্মৰ মাজত সৃষ্টিশীলতা অভাৱনীয়ভাবে কমি গৈছে। প্ৰকৃত গুণমত্তা, বিশ্লেষণ ক্ষমতা আৰু উদ্ভাৱনা শক্তি হ্ৰাস পাইছে। হাতে-কামে ব্যৱহাৰিকভাবে নিশিকিলে কেৱল পাঠ্য-পুথি নিৰ্ভৰ প্ৰক্ৰিয়াৰে এটা জাতিৰ নৱ-প্ৰজন্ম গঢ় লৈ উঠিব নোৱাৰে।

স্নাতক ডিগ্ৰী এটা লাভ কৰাৰ পিছত আজিৰ প্ৰজন্মৰ এজনলৈ চকু ফুৰালেই কি দেখা পোৱা যায়— চৰকাৰী চাকৰিৰ বাদে অন্য কোনো ক্ষেত্ৰত ভৰি দিবলৈ অনিচ্ছুক হতাশ, আত্মবিশ্বাসহীন এজন যুৱক বা যুৱতী। অৰ্থাৎ আমাৰ সাম্প্ৰতিক শিক্ষা ব্যৱস্থাটোৱে আমাক চাকৰিৰ বাদে বিকল্প চিন্তা কৰিবলৈ শিকোৱা নাই। চাকৰিৰ বিকল্প পথত ভৰি দিবলৈ সাহস দিব পৰা নাই। অথচ আমি ভালদৰে চকু-কাণ মেলি চালেই দেখিম যে বাস্তৱ জগতত অসংখ্য ক্ষেত্ৰই অজস্ৰ সুযোগৰ বৰপেৰা মেলি আমাৰ বাবেই বাট চাই আছে। কথাষাৰ শুনাত অতিৰঞ্জিত যেন লাগিলেও আমি অকণমান লক্ষ্য কৰিলেই দেখা পাম যে আজি বহিৰাগত বুলি যিসকলৰ কথা কৈ আমি হুলস্থূল কৰিছো তেওঁলোকে নিজকে কেনেকৈ সংস্থাপিত কৰিছে। দেখাত সৰু যেন লগা বিভিন্ন ধৰণৰ কাম, যিবোৰে আচলতে বহুত চৰকাৰী চাকৰিতকৈ বেছি উপাৰ্জন দিয়ে, আমি সেইবোৰ বাছি ল’বলৈ এতিয়াও হীনমন্যতাত ভোগো। এয়া আমাৰ শিক্ষা ব্যৱস্থাটোৰে দোষ। অত্যাধিক পাঠ্য-পুথি নিৰ্ভৰ শিক্ষা ব্যৱস্থা এটাৰ এয়া পাৰ্শ্ব-প্ৰতিক্ৰিয়া (side effect)।

অন্যহাতেদি আজি আমি বিজ্ঞান-প্ৰযুক্তিৰ নৱতম আৱিষ্কাৰবোৰৰ সোৱাদ লোৱাতহে ব্যস্ত। সেয়া মোবাইল ফোনেই হওক বা টিভি, কম্পিউটাৰ, ইণ্টাৰনেটেই হওক। ইবিলাকৰ কিমান বিলাক বস্তু আমাৰ দেশত আবিষ্কাৰ বা উদ্ভাৱন হৈছিল? উন্নত দেশত আৱিষ্কৃত এই সামগ্ৰীসমূহ কেৱল ভোগ কৰাৰ মানসিকতা এটাৰহে আমি যেন উত্তৰাধিকাৰী। উদ্ভাৱনী-চিন্তা, সৃজনশীলতা, গুণগত মানদণ্ড সম্পন্ন কৰ্ম কুশলতা— ইত্যাদি আমাৰ দুখ লগাকৈ অভাৱ। আমাৰ শিক্ষা ব্যৱস্থাই বহুজাতিক কোম্পানীৰ সহায় হোৱাকৈ ছাত্ৰ-ছাত্ৰীক তৈয়াৰ কৰাত হে ব্যস্ত হৈ পৰিছে। এক সুস্থ-সামাজিক বাতাবৰণ সৃষ্টি আৰু শক্তিশালী অৰ্থনৈতিক পৰিবৰ্তনৰ বাবে যিবিলাক উপাদান আমাৰ শিক্ষা ব্যৱস্থাত থাকিব লাগিছিল সেইসমূহ এতিয়া দুখ লগাকৈ অনুপস্থিত।

শিক্ষা ব্যৱস্থা এটা আমি অকলে সলাব নোৱাৰো। আৰু ই একেৰাতিৰ ভিতৰতে সলাব পৰা ব্যৱস্থাও নহয়। আমাৰ প্ৰচলিত শিক্ষা ব্যৱস্থাটো যদিও ব্ৰিটিছৰ দিনৰে পৰা চলি অহা কেবল কেৰাণী-মহৰী সৃষ্টিৰ বাবেই গঠিত এক পুৰণিকলীয়া নতুনত্ব-বিহীন শিক্ষা ব্যৱস্থা বুলি অপবাদ এটা আছে, আমি কিন্তু এই ব্যৱস্থাৰ গণ্ডীৰ মাজেদিয়েই ওলাই অহা ছাত্ৰ। কিন্তু আমি কথাবিলাক বিশ্লেষণ কৰিব পাৰো। নতুন কৈ চিন্তা কৰি চাব পাৰো।

আমাৰ চহৰ-নগৰ সমূহলৈ দেশৰ বিভিন্ন প্ৰান্তৰ পৰা দৈনিক অন্য ভাষা-ভাষী মানুহৰ বৈধ-অবৈধ ভাবে আগমন হৈয়েই আছে। এতিয়া মূল মূল নগৰ সমূহত নিজাকৈ ঘৰ-মাটি থকা থলুৱা মানুহ অভাৱনীয়ভাবে কমি আহিছে। কিন্তু আমি খোদ অসমীয়াই নিজ ঠাই এৰি গুণগত শিক্ষা বা সংস্থাপনৰ বাবে বাহিৰলৈ প্ৰব্ৰজন কৰি আছো। আমাৰ অসমত যদি সংস্থাপনৰ ইমানেই অভাৱ তেতিয়াহ’লে কিহৰ তাড়নাত দৈনিক অন্য ভাষা-ভাষী মানুহৰ আগমন ঘটে?

আমাৰ নতুন প্ৰজন্ম বাস্তৱবাদী হ’বৰ হ’ল। কেৱল কিতাপৰ পাত লুটিয়ায়েই নহয়, পৰ্য্যবেক্ষণ, বাস্তৱ অধ্যয়ন, বিশ্লেষণৰে আগবাঢ়িব হ’ল।

লিখক: টুৱাৰাম দত্ত।

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top