মূল পৃষ্ঠা / শিক্ষা / শিক্ষকসকলৰ ক্ষেত্ৰ / পৰীক্ষা, জীৱনৰ সফলতা আৰু যুগৰ পৰিৱর্তনঃ কিছু আনুসংগিক চিন্তা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পৰীক্ষা, জীৱনৰ সফলতা আৰু যুগৰ পৰিৱর্তনঃ কিছু আনুসংগিক চিন্তা

পৰীক্ষা, জীৱনৰ সফলতা আৰু যুগৰ পৰিৱর্তনঃ কিছু আনুসংগিক চিন্তা

পৰীক্ষা- বহুতৰ বাবেই ভীতি তথা সংশয়ৰ এক শব্দ। এই শব্দটোৰ সৈতে এনে এক অদৃশ্য শক্তি জড়িত হৈ আছে যে ইয়াৰ কথা শুনিলেই যিকোনো মানুহৰ অন্তৰত সামান্যতম হলেও ভয়ৰ সৃষ্টি নোহাৱাকৈ নাথাকে। ইয়াৰ লগতে জড়িত হৈ আছে মানৱ মনৰ ভয়, উদ্বেগ, সংকোচ আদি অনুভূতিবোৰ। পৰীক্ষা বুলিলেই এক অনাকাংক্ষিত আশংকা, ভীতি তথা উদ্বিগ্নতাৰ সন্মুখীন হোৱা দেখা যায়। এনে ভয় তথা উদ্বিগ্নতাৰ বাবেই বহুতেই ইয়াক এৰাই চলাব বিচাৰে। কিন্তুআমি যিমানেই ইয়াৰ পৰা আতৰি থাকিবলৈ চেষ্টা নকৰো কিয় পৰীক্ষাই আমাক কেতিয়াওঁ পিছ নেৰে। কোৱা হয় যে পৰীক্ষাৰ অবিহনে ছাত্ৰ জীৱনেই হ’ল আটাইতকৈ সুখৰ জীৱন। মানুহে নিজৰ শিক্ষা জীৱনত বহুতো পৰীক্ষাৰ সন্মুখীন হয় যদিওঁ প্ৰকৃত পৰীক্ষা হাইস্কুল শিক্ষান্ত বা শেহান্ত পৰীক্ষাৰ পৰাহে আৰম্ভ হয় যাৰ প্ৰভাৱ মানুহৰ ভৱিষ্যত জীৱনত পৰে। যদিও বহুজনে এই পৰীক্ষাটোৰ কোনো গুৰুত্ব নাই বুলি কব খোজে তথাপিতো এই পৰীক্ষাৰ সফলতাৰ ওপৰত মানুহৰ ভৱিষ্যত জীৱনৰ সফলতা কিছু পৰিমাণে হলেওঁ নিৰ্ভৰ কৰে। এই পৰীক্ষাত উৰ্ত্তীৰ্ণ হোৱাৰ পিছত ছাত্ৰ- ছাত্ৰীসকলে নিজৰ পচন্দৰ শাখা বাচনি কৰি এখন মন পচন্দৰ কলেজত নামভৰ্তি কৰে। ছাত্ৰ- ছাত্ৰীয়ে নিজৰ বিদ্যালয় পৰ্য্যায়ৰ দেওনা পাৰ হৈ অতিক্ৰম কৰে মহাবিদ্যালয় পৰ্য্যায়লৈ। আৰম্ভ হয় আন এক জীৱন। কলেজীয়া পৰ্য্যায়ত দুবছৰীয়া অভিজ্ঞতাৰ পিছত আহে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা। যি পৰীক্ষাৰ ওপৰতে নিৰ্ভৰ কৰে মানুহৰ জীৱন সুঁতিৰ গতি। এই পৰীক্ষাৰ সফলতাৰ ওপৰতে নিৰ্ভৰ কৰে মানুহৰ ভৱিষ্যত জীৱনৰ সফলতা। এই পৰীক্ষাত বহুজনে আশা কৰা ধৰণে ফলাফল পায়, বহুতে নাপায় আৰু বহুজনে আশা কৰাতকৈ অধিক উন্নত ফলাফল কৰিবলৈ সক্ষম হয়। প্ৰকৃততে কলেজীয়া জীৱন আনন্দোচছল, নানান আশা- আকাঙ্ক্ষাৰে ভৰা। বহুতে এইসময়ছোৱাত স্বপ্নৰ দুবাহুত উটি-ভাঁহি ফুৰি নিজৰ জীৱনৰ কথা পাহৰি যায়, যাৰ ফলত আশা কৰা ধৰণে ফলাফল কৰিবলৈ সক্ষম নহয়। আচলতে এই দুবছৰীয়া কলেজীয়া সময়খিনিয়ে মানুহৰ জীৱন গঢ়াৰ প্ৰকৃত সময়।

এইটো সময়তে যিহেতু হাইস্কুল শিক্ষান্ত পৰীক্ষা তথা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা সমূহ অনুষ্ঠিত হয় আৰু বৰ্তমান যুগত জীৱনত কিবা এটা বিশেষ কৰি দেখুৱাবলৈ হ’লে এই দুটা পৰীক্ষাত ভালদৰে উত্তীৰ্ণ হ’বই লাগিব। মই এই পৰীক্ষা আৰু যুগৰ পৰিৱর্তনত সলনি হোৱা জীৱনৰ সফলতাৰ সুত্ৰ সম্পৰ্কে কিছু আলোচনা কৰিম।

বৰ্তমান গোলকীকৰণৰ যুগ। যান্ত্ৰিকতাই কোঙা কৰি পেলাইছে আধুনিক সমাজ। বৰ্তমান দ্ৰুতগতিত পৰিৱর্তন হৈছে মানুহৰ চিন্তাধাৰা, সলনি হৈছে সামাজিক গতিধাৰা। ইয়াৰ লগে লগে সলনি হোৱা দেখা গৈছে শিক্ষিতৰ সুত্ৰ। বর্তমান সময়ত কেৱল এখন উচ্চ নম্বৰ প্ৰাপ্ত নম্বৰ তালিকাই হৈছে শিক্ষিতৰ সুত্ৰ। কিন্তু কেৱল এখন উচ্চ নম্বৰ প্ৰাপ্ত নম্বৰ তালিকাৰ অধিকাৰী হ’লেই ছাত্ৰ বা ছাত্ৰীগৰাকী শিক্ষিত নহয় যদিহে তেওঁ সমাজ তথা দেশৰ কথা একোৱেই নাজানে। বর্তমান আমাৰ পিতৃ মাতৃ সকলৰ ভাৱধাৰা সলনি হোৱা দেখা গৈছে। তেওঁলোকৰ মতে এখন উচ্চ নম্বৰ প্ৰাপ্ত নম্বৰ তালিকাৰ অধিকাৰী আৰু জীৱনত ডাক্টৰ বা ইঞ্জিনিয়াৰ হোৱাটোৱেই হৈছে সন্তানৰ জীৱনৰ শেষ কামনা। কিন্তু পিতৃ মাতৃ তথা সমাজখনে বুজি নাচায় সন্তানবোৰৰ মনৰ কথা, তেওঁলোকৰ সন্তানে মনত কি অনুভৱ কৰে, তেওঁলোকে প্ৰকৃততে কি হ’ব বিচাৰে? পিতৃ মাতৃ সকলৰ মতে তেওঁলোকৰ সন্তান ডাক্টৰ বা ইঞ্জিনিয়াৰ হ’বই লাগিব। অভিভাৱকসকলৰ এনে ভাৱধাৰাৰ বাবেই তেওঁলোকে সন্তানৰ ওপৰত জাপি দিয়ে অত্যাধিক বোজা। যি বোজাৰ ভৰ হয়তো বহু সন্তানেই সহ্য কৰিব নোৱাৰে। বহু সন্তানে এই হেঁচা সহ্য কৰিব নোৱাৰি নাইবা এই যাত্ৰাত সফল হ’ব নোৱাৰি আত্মহত্যাৰ পথ পর্যন্ত বাছি লোৱা দেখা যায়। প্ৰত্যেক পিতৃমাতৃযে তেওঁলোকৰ সন্তানটি জীৱনত সফল হোৱাটো বিচাৰে। কিন্তু সন্তানটিয়ে নিজৰ সামর্থ্যৰ ভিতৰতহে ফলাফল কৰিবলৈ কৰিব পাৰিব। কিন্তু সন্তানটিৰ ওপৰত অধিক হেঁচা দিলেই উন্নত ফলাফল কৰিব নোৱাৰে। কাৰণ এখন কটাৰীৰ জোখৰ লোক অধিককৈ কোবাই এখন দা প্ৰস্তুত কৰিব বিচাৰিলে জোখৰ দা নহয় বৰং লো খিনি অথলেহে যাব। লগতে সমাজ বিজ্ঞানীসকলৰ মতেও সন্তানৰ ওপৰত প্ৰয়োগ কৰা এনে হেঁচাৰ বাবেই বর্তমান নৱপ্ৰজন্ম এক ভীতিগ্ৰস্ততাৰ সন্মুখীন হোৱা দেখা যায় যাৰ ফলত তেওঁলোকে নিজৰ যোগ্যতাৰ পৰাও বহুখিনি তললৈ নামি আহে।

এতিয়া প্ৰশ্ন হয় ডাক্টৰ বা ইঞ্জিনিয়াৰ নোহোৱাকৈ জীৱনত সফল হ’ব নোৱাৰি নেকি? জীৱনত ডাক্টৰ বা ইঞ্জিনিয়াৰ নোহোৱাকৈয়ে জীৱনটো সুন্দৰভাৱে চলাই দিব পাৰি। কাৰণ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে জীৱনত ডাক্টৰ বা ইঞ্জিনিয়াৰ হব নোৱাৰে। ছাত্ৰ ছাত্ৰী তথা অভিভাৱকসকলে জীৱনত ডাক্টৰ বা ইঞ্জিনিয়াৰ হোৱাটোৱেই জীৱনৰ শেষ কামনা বুলি নাভাৱি তাৰ সলনি ভালকৈ পঢ়া শুনা কৰি আই এ এছ, আই পি এছ, আই চি এছ, এ চি এছ আদি প্ৰশাসনিক পৰীক্ষা সমূহত অৱত্তীর্ণ হব পাৰে আৰু এই পৰীক্ষাসমূহত উত্তীৰ্ণ হৈ সমাজ তথা দেশৰ সেৱাত নিজকে ব্ৰতী কৰিব পাৰে। অৱশ্যে এনে পৰীক্ষাত সফল হৈ মন্ত্ৰী আমোলাৰ তলতীয়া হৈ ঘোচখোৰ বিষয়া হব নালাগে। ইয়াৰ উপৰিও স্বাধীনভাৱে ব্যৱসায় তথা চৰকাৰী অনুদানেৰে খেতিকৰিও জীৱনত উন্নতি কৰিব পৰা যায়। যি শিক্ষকে ছাত্ৰ-ছাত্ৰীক মানুহ হিচাপে গঢ় দিয়ে সেই শিক্ষা বৃত্তিটো বৰ্তমান বহুজনে অসন্মানৰ দৃষ্টিৰে চোৱা দেখা যায়।

বহুত টকা আৰু গাড়ীৰ গৰাকী হৈ এক বিলাসী জীৱন যাপন কৰাটোৱেই জীৱনৰ সফলতা নহয়। কিন্তু বৰ্তমান যুগত জীৱনত কিবা এটা বিশেষ কৰি দেখুৱাবলৈ হ’লে হাইস্কুল শিক্ষান্ত পৰীক্ষা তথা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ সন্মুখীন হ’বই লাগিব। সেয়েহে পৰীক্ষাৰ নাম শুনিলেই কেতিয়াওঁ ভয় বা ভীতিগ্ৰস্ততাৰ সন্মুখীন হ’ব নালাগে। তাত কেনেকৈ ভালদৰে উত্তীর্ণ হ’ব পাৰি সেই কথাহে চিন্তা কৰিব লাগে। লগতে বহুতে পৰীক্ষা গৃহত কিছুমান অসৎ পন্থা গ্ৰহণ কৰা দেখা যায়। এইবোৰৰ পৰা সমূলি আঁতৰত থাকিব লাগে। আনকি আজিকালি বহু শিক্ষকে ছাত্ৰ ছাত্ৰীৰ এই কার্য্যত সহায় কৰা দেখা যায়। শেষত এজন সদ্য উত্তীর্ণ হাইস্কুল শিক্ষান্ত পৰীক্ষার্থী হিচাপে কেইটামান কথাই ক’ব খোজোঁ -

১. পৰীক্ষাক কৈ কেতিয়াওঁ উদ্বেগৰ সন্মুখীন হ’ব নালাগে। উদ্বেগে সকলো কামতে বাধা আনে।

২. কোনো বিষয়কে টান হিচাপে ল’ব নালাগে।

৩. সকলো পৰীক্ষাতে পৰীক্ষাৰ সময় যিহেতু ৩ ঘণ্টা সেয়েহে পৰীক্ষাগৃহত অযথা কথা মনলৈ নানি কেনেকৈ এই সময়খিনিৰ সৎ ব্যৱহাৰ কৰিব পাৰি সেই কথাহে চিন্তা কৰিব লাগে।

৪. সদায় স্বাভাৱিক অৱস্থাৰ মাজেৰেই পৰীক্ষাৰ মুখামুখি হ’ব লাগে।

হিমাংশু চহৰীয়া

3.0
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top