অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বৈজ্ঞানীক গৱেষণা

Scientific reasearch is not itself a science, it's still an art or craft- W.H George এলবাৰ্ট আইনষ্টাইন, আইজাক নিউটন, গেলিলঅ' গেলিলি, টমাছ আলভা এডিছন, হেনৰি জইংকাৰ-- এওঁলোক প্ৰতি গৰাকীয়ে বিখ্যাত বিজ্ঞানী। এওঁলোকৰ পিছে লক্ষ্য এনে নতুন সত্যৰ সম্ভেদ দিয়া। ফৰাচী দেশৰ বিখ্যাত বিজ্ঞানী ক্লাউড বাৰ্নাৰ্ডৰ মতে- "বিজ্ঞানৰ বাবে অত্যাৱশ্যকীয় আৱিষ্কাৰ প্ৰতিভা দুৰ্বল পদ্ধতিৰে নিঃশেষ কৰিব পাৰি। আনহাতে উত্তম পদ্ধতিৰে ইয়াৰ উন্নতি সাধিব পাৰিব। " বিজ্ঞানৰ গৱেষণাই সকলো শ্ৰেণীৰ লোকক আকৃষ্ট কৰিব নোৱাৰে- ই নিঃসন্দেহে সঁচা। শুদ্ধ পদ্ধতিৰ বিষয়ে আগতীয়া জ্ঞান থাকিলে হয়তো বেছি ফলপ্ৰসূ হব পাৰে। অৱশ্যে কেইগৰাকীমান বিজ্ঞানীয়ে অভিমত দিছে যে এনে অধ্যয়নে নতুন আৱিষ্কাৰৰ পথত হেঙাৰূপে থিয় দিয়ে। ইংৰাজ ৰোমাণ্টিক কবি বাইৰনৰ মতে "To be perfectly original, one should thhink much and read little, and this is impossible, for one must have read before one has learnt to think." দৰাচলতে ইয়াৰ মূল কথাটো সঁচা। দেখা যায় যে যদি কোনো এটা বিষয়ৰ ভিতৰত নিৰ্দিষ্ট সমস্যা সমাধানৰ বাবে প্ৰচেষ্টা চলোৱা হয় ৎিয়া বিষয়টোৰ বিশেষজ্ঞ এগৰাকীয়েহে ইয়াৰ সমাধান উলিয়ায়। কিন্তু সমস্যাটোৰ সমাধানৰ বাবে যদিহে বৈপ্লৱিক চিন্তাধাৰাৰ আৱশ্যক হয়, তেতিয়া সাধাৰণতে বিশেষজ্ঞৰ সলনি বহিৰাগতৰ পৰাহে সমাধানৰ সূত্ৰ বিচাৰি পোৱা যায়।

বৈজ্ঞানিক গৱেষণাৰ পদ্ধতি কিনো?

ন-বিজ্ঞানী এজনে প্ৰথমে গৱেষণাৰ বাবে বিষয়বস্তু এটা বাছি লয়। পৰীক্ষা নিৰীক্ষাৰ স হায়ত বিজ্ঞানী গৰাকীয়ে ইয়াৰ সমাধানৰ বাবে প্ৰচেষ্টা চলায়। গৱেষণাগাৰত পৰীক্ষা চলাই সত্য উদ্ভাৱন কৰা দৰাচলতে এক কষ্টসাধ্য কাম। স্কটলেণ্ডত জন্মা বিখ্যাত লেখক থমাচ কাৰ্লাইলৰ উক্তি-" Genius is an infinte capacity to take pains" বৈজ্ঞানিক গৱেষণাৰ ক্ষেত্ৰতো প্ৰযোজ্য। ১৮২২ চনত পদাৰ্থ বিজ্ঞানী ৱৰষ্টেডে বিদ্যুৎ আৰু চুম্বকৰ সম্পৰ্কেও আকস্মিকভাৱে আৱিষ্কাৰ কৰিছিল। অৱশ্যে আকস্মিক ঘটনাক ভাগ্য বুলি নামকৰণ কৰিলে ই গৱেষণাগাৰত বিজ্ঞানীৰ সন্মুখথে ধৰা দিয়ে। ৰসায়নবিদ লুই পেষ্টিওৰৰ ভাষাত in the filed of observation, chance favours only the prepared mind" বাহিৰৰ ৰ'দৰ পৰা আনি বিছনাত পেলাই থোৱা কাপোৰবোৰ আলনাডালত জাপি জাপি বাসন্তীয়ে আক্ষেপেৰে ক'লে-- " তোমাৰ মাৰাই কেতিয়াবাই আহি পাকঘৰত সোমাই কিবা কিবি খুচৰি ফুৰিছেহি। "বৈজ্ঞানিক গৱেষণাৰ আন এটা দিশ হ'ল hypothesis বা প্ৰকল্প। কোনো পৰীক্ষা এটাৰ ফলাফলসমূহৰ বা্খ্যাৰ বাবে প্ৰকল্পৰ আৱশ্যক হয়। কেতিয়াবা পৰীক্ষা এটাৰ ফলাফলসমূহ ইমান আলোড়নকাৰী হৈ পৰে যে বৈপ্লৱিক প্ৰকল্পৰ সহায়তে ইয়াৰ বাখ্যা সম্ভৱ হয়। উদাহৰণস্বৰূপে কোৱাণ্টাম প্ৰকল্পৰ কথাকেই উনুকিয়াব পাৰি। আৱিষ্কাৰত কল্পনায়ো যথেষ্ট সহায় কৰে। সৃষ্টিশীল বা চিন্তাশীল ব্যক্তি ব হু ক্ষেত্ৰতে সপোনবিলাসী। আয়াৰলেণ্ডৰ পদাৰ্থবিজ্ঞানী টিণ্ডলৰ মতে- "নিউটনৰ আপেলৰ পতনৰ পৰা চন্দ্ৰ্ৰৰ পিঠিলৈ গতি কৰাটো হ'ল পৰিকল্পিত কল্পনাৰ উল্লেখনীয় উদাহৰণ। "কল্পনাই যে বাস্তৱৰ সত্য উদঘাটন কৰাত ইন্ধন যোগায় ইয়াৰ বিষয়ে প্ৰায়বোৰ বিজ্ঞানী একমত। পদাৰ্থবিজ্ঞানী মাইকেল ফাৰাডেৰ ভাষাত "গৱেষক এগৰাকীৰ মনত কিমান ধৰণৰ ধ্যান ধাৰণা যে ভুমুকি মাৰেহি, বিশ্বৰ আন কোনোৱে তাৰ গমকে নাপায়। পিছে এনে ধ্যান ধাৰণা আৰু তত্ত্বৰ বহুখিনিকে বিজ্ঞানীৰ চোকা সমালোচনা আৰু প্ৰতিকুল পৰীক্ষাৰ দ্বাৰা নীৰৱে আৰু গোপনে নিঃশেষ কৰা হয়। ইয়াৰ মাথোন দহ ভাগ সত্য বুলি প্ৰমাণিত হয়। "কাল্পনিক প্ৰকল্পৰ এনেদৰে সালসলনি ঘটিহে প্ৰকৃত সত্যৰ আৱিষ্কাৰ হয়। জীৱবিজ্ঞানী হাক্সলিয়ে কৈছিল, "বিজ্ঞানৰ আটাইতকৈ শোকাৱহ ট্ৰেজেদি হ'ল- সুন্দৰ কাল্পনিক প্ৰকল্পৰ আপচু পৰীক্ষাত্মক ঘটনাসমূহ নিঃশেষ কৰাটো। "এইটোও নিঃসন্দেহে সঁচা যে নিৰ্ভূলভাৱে প্ৰকাল্প এটা আদিৰে পৰা অনুমান কৰা দৰাচলতে টান কাম। বৈজ্ঞানিক আৱিষ্কাৰৰ আন এটা উপাদান হ'ল স্বাভাৱিক জ্ঞান বা intuituion. আইনষ্টাইনৰ নিজৰ ভাষাত "The really valuable factor is intuiton" কোনো এটা বৈজ্ঞানিক সমস্যাৰ সমাধান যিকোনো সময়ত বা যিকোনো অৱস্থানত পোৱাটো সম্ভৱ। কেৱল গৱেষণাগাৰৰ বেৰৰ ভিতৰত এনে সমাধান নোলাবও পাৰে।

কেনেকৈ এগৰাকী সুপ্ৰতিষ্ঠিত বিজ্ঞানী হব পাৰি, তাৰ ধৰা বন্ধা নীতি নাই। এই ক্ষেত্ৰত ডঃ হোমি ভাবাৰ উক্তি আমি মনত পেলাওঁ" অসীম ধৈৰ্য, অপৰিসীম উৎসাহ আৰু নিজৰ ওপৰত বিশ্বাস- এই তিনিটা গুণ যিগৰাকী ব্যক্তিৰ আছে, তেওঁৰ বাবে বিজ্ঞানৰ কৃতী ছাত্ৰ হোৱাটো সম্ভৱ। অকল প্ৰতিভাৰ বলতে বিজ্ঞানী হোৱা অসম্ভৱ।"

সংগীতা শইকীয়া

শেহতীয়া উন্নীতকৰণ: : 4/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate