মূল পৃষ্ঠা / শিক্ষা / শিক্ষকসকলৰ ক্ষেত্ৰ / মাতৃভাষাৰ স্বকীয়তা অক্ষুন্ন ৰখাত আমাৰ কৰণীয়
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মাতৃভাষাৰ স্বকীয়তা অক্ষুন্ন ৰখাত আমাৰ কৰণীয়

মাতৃভাষাৰ স্বকীয়তা অক্ষুন্ন ৰখাত আমাৰ কৰণীয়

কিছুদিন পূৰ্বে আমাৰ সহপাঠী এগৰাকীয়ে তেওঁৰ চিনাকি যুৱক এগৰাকীৰ মৃত্যুৰ প্ৰসংগ উলিয়ালে। অত্যন্ত মৰ্মান্তিক সেই মৃত্যুৰ বাতৰি পাই আমাৰ আন এগৰাকী সহপাঠীয়েও উচুপি উঠিল। তেওঁলোকক সান্ত্বনা দি থাকোতেই মোক ছাত্ৰী এগৰাকীয়ে আহি সুধিলে, ঘটনাটোনো কি? মই ক’লো, ‘তেজপুৰৰ যুৱক এগৰাকী সন্ধানহীন হৈ আছিল, আজি পুৱা তেওঁৰ মৃতদেহটো ব্ৰক্ষ্মপুত্ৰৰ পৰা উদ্ধাৰ হ’ল’। কেইছেকেণ্ডমানলৈ তভক মাৰি ছাত্ৰীগৰাকীয়ে মোক সুধিলে, ‘What’s চন্‌ধানহীন?’ এইবাৰ যেন মোক তভক মৰাৰ পাল; মই তেনেই সৰল অসমীয়াত তেওঁক ক’লো, সন্ধানহীন হোৱা মানে নোহোৱা হোৱা’। তেওঁৰ যেন এইবাৰো বুজাত কিছু অসুবিধা হ’ল। তেওঁৰ কাষতে বহি থকা সম্ভৱত: তেওঁৰ বান্ধৱীগৰাকীয়ে মোৰ কথাখিনি ভাঙনি কৰি তেওঁক ক’লে; ‘মানে গায়ৱ হোৱা’। এইবাৰ তেওঁ সমস্ত ঘটনাৰ যেন আঁতি-গুৰি বুজি পালে। ‘গায়ব’ এটা হিন্দী শব্দ; যাৰ অসমীয়া সমাৰ্থকেই হ’ল ‘সন্ধানহীন’!


এয়াই আমাৰ কথা,অ আমাৰ প্ৰজন্মৰ কথা, আমাৰ প্ৰজন্মৰ সমস্যাৰ কথা। সমস্যাটো হ’ল, মাতৃভাষাটো নজনাৰ; নাজানিলেও জনাৰ বা শিকাৰ ইচ্ছা অথবা আগ্ৰহ পোষণ নকৰাৰ সমস্যা। এই সমস্যা এদিনতে আৰম্ভ হোৱা নাই; এনে সমস্যাৰ সন্মুখীন আমাৰ অগ্ৰজসকলে হ’ব লগা হৈছিল; কিন্তু তেওঁলোকৰ হাতত আছিল সমস্যা সমাধানৰ বাবে প্ৰয়োজনীয় সচেতনতা।

‘জোনাকী’ প্ৰকাশৰ পৰা সুদীৰ্ঘ কাল ধৰি অসমীয়া ভাষা-সাহিত্যৰ ৰথখনৰ সুচাৰু পৰিচালক, আধুনিক অসমীয়া ভাষা-সাহিত্যৰ যুগনায়ক, সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই কিন্তু আজিৰ পৰা প্ৰায় এশ বছৰ আগতেই ‘বাহী’ৰ পাতত উনুকিয়াই থৈ গৈছিল মাতৃভাষা ‘অসমীয়া’ ৰ অনাদৰৰ কথা। অসমীয়া ভাষাৰ উন্নতি সাধন- এই মহামন্ত্ৰক হৃদয়ত ঠাই দি বেজবৰুৱাই কাপেৰে নিগৰোৱা প্ৰতিটো শব্দ-বাক্য সৃষ্টিত জিলিকি উঠিছিল তেওঁৰ মাতৃভাষা অসমীয়াৰ প্ৰতি সশ্ৰদ্ধা স্নেহ আৰু মাতৃভাষা চৰ্চাৰ প্ৰতি দায়বদ্ধতা। নিজৰ সোণসেৰীয়া ভাষাটোক লৈ বেজবৰুৱাৰ গৰ্ববোধ, স্বাভিমান ফুটি উঠিছে তেওঁৰ প্ৰায়ভাগ লেখাতে। ‘অসমীয়া ভাষাৰ উন্নতি’ শীৰ্ষক প্ৰবন্ধটিত তেওঁ উল্লেখ কৰিছিল- ‘আজি-কালিৰ আমি অসমীয়াবোৰেহে মাতৃভাষা লক্ষ্মীৰ পৰা বঞ্চিত হৈ ভিকহু হৈছোহঁক।’

 

(‘বাঁহী’, প্ৰথম বছৰ প্ৰথম সংখ্যা, আঘোণ, ১৮৩১ শক, বেজবৰুৱা গ্ৰন্থাৱলী, দ্বিতীয় খণ্ড, পৃষ্ঠা:১৭৫৪)

কিন্তু পৰিতাপৰ বিষয় এই যে অসমীয়া সমাজে এই কথা আজিও নুবুজি নিজকে ভাষা-সাহিত্যৰ ক্ষেত্ৰখনত ভিক্ষুলৈ ৰূপান্তৰকৰণৰ প্ৰক্ৰিয়াত সহযোগ কৰিছে। যিটো মাতৃভাষাৰ সমৃদ্ধিৰ বাবে বেজবৰুৱা প্ৰমুখ্যে সচেতন অসমীয়াই দেহে-কেহে খাটিছিল; আজি তেওঁলোকৰেই উত্তৰপুৰুষৰ গৰিষ্ঠ সংখ্যক তথাকথিত শিক্ষিত লোকে নিজৰ উত্তৰ দায়িত্ব জলাঞ্জলি দি সেই মাতৃভাষাত কিছুমান বিজতৰীয়া শব্দৰ প্ৰয়োগ কৰি মাতৃভাষাটিৰ স্বকীয়তা আৰু মৰ্যাদা অক্ষুন্ন হৈ নথকাৰ আশংকা কঢ়িয়াইছে। এই পৰিস্থিতিত অসমীয়া ভাষা কওঁতাৰ সংখ্যা প্ৰায় একেই আছে যদিও সম্ভৱত: দ্ৰুতগতিত হ্ৰাস পাইছে অসমীয়া ভাষাৰ পাঠক আৰু লেখকৰ সংখ্যা। এনেদৰেই, আমাৰ প্ৰজন্মত অসমীয়া ভাষা পঢ়োঁতা আৰু লিখোতাৰ পৰিমাণ কমি আহিলে বেজবৰুৱা প্ৰমুখ্যে আমাৰ অগ্ৰজসকলে বৰ্ণাশুদ্ধি, অসমীয়া ভাষা প্ৰচাৰ আৰু প্ৰসাৰৰ যি অভিযান আৰম্ভ কৰিছিল; সি একান্তই অথলে যাব। কালক্ৰমত অসমীয়াৰ চকুৰ আগতে অসমীয়া ভাষাটো ভাষাৰ মানচিত্ৰৰ পৰা অদৃশ্য হৈ পৰিব। হয়তো ই হৈ পৰিব এক মৃতভাষা। অসমীয়াক, আমাৰ মাতৃভাষাটিক ‘এলাগী’ কৰিলে দেখোন আমাৰ সত্তা, জাতীয় জীৱন, জাতীয় মূল্যবোধ, জাতীয় শক্তি- এই সকলোবোৰ আমাৰ পৰা ‘এলাগী’ হৈ যাব।

ভাষা হ’ল এক সৌষ্ঠৱ-সমৃদ্ধিপূৰ্ণ বোঁৱতী সুঁতি। মাতৃভাষাই হ’ব লাগে এগৰাকী ব্যক্তিৰ বাবে সৰ্বশ্ৰেষ্ঠ ভাষা। লক্ষ্মীনাথ বেজবৰুৱাৰ উত্তৰ পুৰুষ হৈও আমাৰ মাজেৰে একাংশই অথলে যাব। কালক্ৰমত অসমীয়াৰ চকুৰ আগতে অসমীয়া ভাষাটো ভাষাৰ মানচিত্ৰৰ পৰা অদৃশ্য হৈ পৰিব। হয়তো পৰিব এক মাতৃভাষা। অসমীয়াক, আমাৰ মাতৃভাষাটিক ‘এলাগী’ কৰিলে দেখোন আমাৰ সত্তা, জাতীয় মূল্যবোধ, জাতীয় শক্তি- এই সকলোবোৰ আমাৰ পৰা ‘এলাগী’ হৈ যাব।

ভাষা হ’ল এক সৌষ্ঠৱ-সমৃদ্ধিপূৰ্ণ বোঁৱতী সুঁতি। মাতৃভাষাই হ’ব লাগে এগৰাকী ব্যক্তিৰ বাবে সৰ্বশ্ৰেষ্ঠ ভাষা। লক্ষ্মীনাথ বেজবৰুৱাৰ উত্তৰ পুৰুষ হৈও আমাৰ মাজৰে একাংশই কিন্তু এতিয়াও বুজি উঠা নাই মাতৃভাষাৰে এক কৰাৰ দায়িত্ব আমাৰ, কৰ্তব্য আমাৰ। আমাৰ সংকল্প-অসমীয়া ভাষাটোক জীয়াই ৰখাৰ; অসমীয়া ভাষাৰ পাঠক আৰু লেখকৰ সংখ্যা বৃদ্ধি কৰাৰ অসমীয়া ভাষাৰ স্থিতি শিক্ষাৰ মাধ্যমৰূপে সবল কৰাৰ। আমাৰ অসমীয়া সমাজৰ শাৰিৰীক, মানসিক, আধ্যাত্মিক, বৌদ্ধিক দিশ আৰু মানৱীয় প্ৰমূল্যবোধৰ প্ৰকৃত উত্তৰণ ঘটাবলৈ শিক্ষা নামৰ চালিকা শক্তিটিৰ ইন্ধনৰূপে আমি ব্যৱহাৰ কৰিব পাৰিব লাগিব মাতৃভাষা অসমীয়াৰ। অসমীয়া ভাষাক বিদ্যায়তনিক মাধ্যমক আৰু সাহিত্যৰ ক্ষেত্ৰত আলোকসজ্জিত কৰি বিশ্বদৰবাৰলৈ নিব পাৰি বুলি যি বিশ্বাস সেয়া আমাৰ প্ৰজন্মৰ সকলোৰে মনত সৃষ্টি কৰিব পাৰিলে; অসমীয়া ভাষাৰ যি মৰ্য্যাদা-সেয়া অক্ষুন্ন ৰখা সম্ভৱ হৈ পৰিব।

লেখিকা: ৰ’দালি শৰ্মা, দৈনিক অসম।

2.8431372549
মোখলেছুৰ ৰহমান বাবু May 29, 2016 07:23 AM

বঢ়িয়া

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top