মূল পৃষ্ঠা / শিক্ষা / শিক্ষকসকলৰ ক্ষেত্ৰ / মাধ্যমিক স্তৰত বিজ্ঞান আৰু গণিত ভীতি আৰু আমাৰ দায়বদ্ধতা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মাধ্যমিক স্তৰত বিজ্ঞান আৰু গণিত ভীতি আৰু আমাৰ দায়বদ্ধতা

মাধ্যমিক স্তৰত বিজ্ঞান আৰু গণিত ভীতি আৰু আমাৰ দায়বদ্ধতা

জ্ঞান, প্রযুক্তিৰ দ্রুত প্রসাৰণৰ লগে লগে কাৰিকৰী আৰু ব্যৱস্থাপনাৰ ক্ষেত্রখনত অনেক সম্ভাৱনাৰ সৃষ্টি হ’লেও অসমত আশানুৰূপ ভাৱে বৃদ্ধি পোৱা নাই বিজ্ঞান শিক্ষাৰ প্রতি আগ্রহ । ৰাজ্যখনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ক্রমাৎ বাঢ়িলেও বিজ্ঞান শিক্ষাত নাম ভর্তি বঢ়া নাই । কোনো বছৰেই বিজ্ঞান শাখাত নাম ভর্ত্তি কৰা ছাত্র-ছাত্রীৰ সংখ্যাই কুৰি হাজাৰৰ ঘৰ অতিক্রম কৰা নাই । যোৱা ৫ বছৰত অসম উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱত্তীর্ণ কলা আৰু বিজ্ঞান শাখাৰ পৰীক্ষাৰ পৰক্ষার্থীৰ সংখ্যা চালেও পার্থ্যক্যটো ওলাই পৰিব ।

চন           কলা        বিজ্ঞান

২০০৭     ১,৩৫,৩৭৯    ১৩,৮৩৮

২০০৮     ১,৩৭,২৭০    ১৫,০৯৩

২০০৯      ১,৪০,৪১৯    ১২,৫৩১

২০১০      ১,৬৬,৩১১    ১৪,৬৬১

২০১১      ১,৮৬,৬৮৮    ১৭,০৩৫

প্রশ্ন হয় কিয় এনে হ’বলৈ পালে ? মাধ্যমিক স্তৰত বিজ্ঞান আৰু গণিতৰ প্রতি অনীহা তথা ভীতি ইয়াৰ এটা কাৰণ নহয়নে ?কিয় হ’বলৈ পালে ? তৃণমূল পর্যায়ত ৰৈ যোৱা ভুল-ত্ৰুটিৰ বাবে মেধাবী ছাত্র-ছাত্রীৰ মাজতো বিজ্ঞান শিক্ষাৰ প্রতি অনীহা আহে । আমাৰ বিদ্যালয় সমূহত এতিয়াও বিজ্ঞান আৰু গণিত গতানুগতিক ভাবেই পঢ়োৱা হয় । কিতাপৰ বাহিৰলৈ গৈ যে বিষয় দুটা আনন্দদায়ক হ’ব পাৰে তাৰ প্রতি আমি অলপ চিন্তা কৰিব নোৱাৰোঁ নে ? নে আমি আমাৰ ছাত্র-ছাত্রী সকলক কেৱল নম্বৰৰ পাছতে দৌৰাম । কিন্তু আমাৰ সমাজত বিজ্ঞানৰ প্রয়োজন আছে । বিজ্ঞান অবিহনে আমাৰ সমাজ স্থবিৰ হৈ থাকিব । নম্বৰৰ দৌৰৰ লগতে ছাত্র-ছাত্রীসকলৰ মাজত অনুসন্ধিৎসু ভাব জগাই তোলাটোও আমাৰ কর্ত্যব হ’ব লাগে । হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিজ্ঞান, গণিত, উচ্চ-গণিতত লেটাৰ তথা ডিষ্টিংচন সহ উত্তীৰ্ণ, বহু স্থানপ্রাপ্ত ছাত্র ছাত্রীয়েও বিজ্ঞান শাখাত নামভর্ত্তি কৰিবলৈ মন নকৰে । ছাত্র-ছাত্রীৰ মাজত বিজ্ঞানসুলভ সৃজনীমূলক চর্চাত আমি কিমান গুৰুত্ব দিছোঁ । কেৱল ৰিজাল্টৰ বাবে টিউচন যোগাৰ কৰাতেই অভিভাৱকসলৰ দায়িত্ব শেষ ।

অসম চৰকাৰে শেহতীয়াকৈ শিক্ষা ক্ষেত্রত গ্রহণ কৰা উল্লেখযোগ্য পদক্ষেপ হৈছে শিক্ষক নিযুক্তিৰ বাবে TET (Teacher Eligibility Test) পৰীক্ষাৰ প্রৱর্তন । ই অসমৰ শিক্ষা ক্ষেত্রৰ বাবে এক আশাৰ বতৰা । কাৰণ গুণগত শিক্ষক ছাত্র-ছাত্রীৰ অধিকাৰ । কিন্ত শেহতীয়া ভাবে TET পৰীক্ষাৰ প্রপত্র পূৰণৰ সময়সীমা বঢ়াই দিয়াৰ লগতে শিক্ষাগত অর্হতা কমাই শিথিল কৰি দিব লগা হ’ল, পূর্বতে থকা ৫০% কাট্ অফ্ আঁতৰাই সকলো স্নাতকে আবেদন কৰিব পৰা কৰিলে । কাৰণ এটাই,  বিজ্ঞান শিক্ষক পদৰ পার্থীৰ সংখ্যা তেনেই নগণ্য । ২,০৫,০০০ প্রপত্রৰ ভিতৰত মাত্র ৩৫,০০০ জন বিজ্ঞানৰ স্নাতকেহে আবেদন কৰে । মানে অসমত বিজ্ঞান শিক্ষক হোৱাৰ যোগ্যতা থকা ছাত্রৰ সংখ্যা তেনেই নগণ্য । স্নাতক ছাত্র-ছাত্রীৰ পৰিসংখ্যা চালে আমাৰ মাজলৈ এখন ভয়ংকৰ ছবি ভাহি আহিব ।২০১০ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত ২,০৪২ জনে বিজ্ঞান স্নাতক চূড়ান্ত পৰীক্ষাত অৱতীর্ণ হোৱাৰ বিপৰীতে কলা শাখাত ২২,৩১২ । ২০১১ চনত বিজ্ঞানত ২,১৩০ জনৰ বিপৰীতে কলাত ২৭,৬৪৪ । ইয়াৰ মূলতে উচ্চতৰ মাধ্যমিক শাখাত থাকি যোৱা ভয় । মেট্ৰিকলৈকে বিজ্ঞান পঢ়িম বুলি উত্‍সাহী হৈ থাকিও হায়াৰ ছেকেণ্ডাৰীৰ পাছত বহু ছাত্ৰই পিছ হুহুকি অহাটো বিশেষ চিন্তাজনক হৈ পৰিছে ।

অষ্টম, নবম শ্রেণীত উচ্চ-গণিত লোৱা ছাত্র ছাত্রীৰ সংখ্যা তেনেই নগণ্য । বেছিভাগ চৰকাৰী স্কুলত আঙুলিৰ মূৰত লেখিব পৰা । বহুতত নাথাকেই । চৰকাৰীখণ্ডৰতো কথাই নকওঁ । ব্যক্তিগত খণ্ডৰ বিদ্যালয় অলপ ব্যতিক্রম । উচ্চ-গণিতৰ আমেজ পালে ছাত্রই বিজ্ঞান আৰু গণিত পিছত নেৰে । নবমমানত উচ্চ-গণিত লৈ এৰি দিয়া বহু বিদ্যালয়ত সাধাৰণ ঘটনা । কিন্ত কিয় এনে হয় ? তেওঁলোকে পৰিবেশ নাপায় হয়তো । গণিত অলিম্পিয়াদ, ৰসায়ন অলিম্পিয়াদত অসমৰ ছাত্র-ছাত্রীৰ সঁহাৰি সঁচাই দুখ লগা ।

অসম চৰকাৰৰ বিজ্ঞান আৰু প্রযুক্তি বিভাগে এই ক্ষেত্রত বিশেষ পদক্ষেপ লৈ আছে । এই বিভাগৰ তত্তাৱধানত বিদ্যালয়ৰ ছাত্র-ছাত্রীৰ মাজত বিজ্ঞান আৰু গণিত জনপ্রিয় কৰিবৰ বাবে যোৱা দুই তিনিবছৰৰ পৰা বিভিন্ন আঁচনি হাতত লৈছে। যোৱা বছৰ বিজ্ঞান আৰু প্রযুক্তি বিভাগৰ তৰফৰ পৰা ১৩০ খন বিদ্যালয়ৰ নির্বাচিত ৫০০ জন ছাত্র-ছাত্রীক “বিজ্ঞান জ্জ্যোতি”  আঁচনিৰ দাৰা দুর্গাপুৰ, কলিকতাৰ বিজ্ঞান কেন্দ্র সমূহ পৰদর্শন কৰোৱা হয় ।বিজ্ঞান আৰু গণিত শিক্ষকসকৰ বাবে বিশেষ প্রশিক্ষণৰ ব্যৱস্থা কৰিছে । বিজ্ঞানৰ উদ্ভাৱনীমূলক কামত পাৰদর্শিতা দেখুওৱা ছাত্র ছাত্রীক “ইন্সপায়াৰ  স্ক’লাৰছিপ”ৰ সুবিধা দিছে । ৬ বছৰৰ পৰা ১৪ বছৰৰ ছাত্র-ছাত্রীৰ বাবে “ৰাষ্টীয় শিশু বিজ্ঞান সমাৰোহ”ৰ আয়োজন কৰিছে । “ভাৰতীয় বিজ্ঞান কংগ্রেছত” অংশ গ্রহণৰ সুযোগ দিছে । এই খিনিতে উল্লেখযোগ্য যে শিশু বিজ্ঞানী হ’বৰ বাবে কোনো শিক্ষাগত অর্হতা নালাগে । তেওঁৰ দাৰা আৱিষ্কৃত সম্পদটোৰ পেটেন্ট লাভ কৰে ।এই খিনিতে আমি উৰ্দ্ধৱ ভড়ালীৰ নামটো উল্লেখ নকৰিলে ভুল হ’ব । লক্ষীমপুৰৰ অভিযন্তাজনে বর্তমানলৈকে ৮১ টা আৱিষ্কাৰ কৰিছে যিয়ে সর্বসাধাৰণ মানুহক যথেষ্ট উপকৃত কৰিছে । গুৱাহাটীৰ ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠানৰ (IIT) প্রবক্তা ড: অনুপম শইকীয়া ৰেংলাৰ প্রাপ্ত প্রথম অসমীয়া । তেওঁ অসম অলিম্পিয়াদৰ সূচনা কৰে ।

সৰুতেই টিউচনৰ ওপৰত ভৰসা কৰিবলৈ সুবিধা দি ছাত্র-ছাত্ৰীৰ কুমলীয়া বিকশিত মনটো ভাঙি দিয়াহে হয় । তাৰ পৰিণাম সর্ব্বভাৰতীয় IIT-JEE, AIEEE, AIPMT  আদিত ওলাই পৰে । । মার্কছিটত নম্বৰ থাকিলেহে ছাত্র এজন মেধাবী বুলি স্বীকৃত হ’ব বা চাকৰি পাব । কিন্তু এনে কৰিবলৈ যাওঁতে তেওঁলোকক আমি তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত কৰা নাইতো ? তেজপুৰ কেন্দ্রীয় বিশ্ববিদ্যালয়ত আৰম্ভ কৰা ভাৰতীয় পৰিসংখ্যা প্রতিষ্ঠানত (ISI) প্রথম বছৰত এজনো অসমৰ ছাত্র নাই । অসমৰ বিজ্ঞান-শিক্ষক সমাজ সজাগ হোৱাৰ সময় হোৱা নাইনে ? বিজ্ঞান আৰু গণিতক আমি কৰি তুলিব লাগিব অধিক মনোগ্রাহী । নহ’লে আমাক পৰৱর্তী প্রজন্মই ক্ষমা নকৰিব । নহ’লে অসমত বিজ্ঞান শিক্ষা এক ‘ষ্টেটাছ চিম্বল’ৰ বাদে অইন একো নহ’ব ।

উল্লেখযোগ্য যে ডাক্তৰ বা ইঞ্জিনিয়াৰৰ বাহিৰেও যে বিজ্ঞান শিক্ষাৰ আন আন দিশ আছে সেয়া অসমৰ সৰহসংখ্যকৰ জ্ঞাত নহয় । অসমত বিজ্ঞান মাথোঁ নম্বৰৰ বাবেহে লোৱা এক বিষয় হিচাপে হৈ আছে বহুক্ষেত্ৰত । বিদ্যাৰ্থীসকলৰ, অভিভাৱকসকলৰ বিজ্ঞানৰ প্ৰতি মনোভাব ঠিক কৰিবৰ হ’ল ।  বিজ্ঞান আৰু গণিত মাথোঁ বিষয় নহয়, ই বাস্তৱ জীৱনৰ অতি প্ৰয়োজনীয় এক ব্যৱহাৰিক দিশহে, এই মনোভাব গঢ়ি উঠাটো নিতান্তই প্ৰয়োজনীয় ।

লিখক: অভিজিৎ শইকীয়া।

2.93103448276
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top