মূল পৃষ্ঠা / শিক্ষা / শিক্ষকসকলৰ ক্ষেত্ৰ / মাৰ্গ দৰ্শক শিক্ষক আৰু সামাজিক মূল্যবোধ:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মাৰ্গ দৰ্শক শিক্ষক আৰু সামাজিক মূল্যবোধ:

মাৰ্গ দৰ্শক শিক্ষক আৰু সামাজিক মূল্যবোধৰ বিষয়ে লিখা হৈছে

 

শিক্ষা হৈছে মানৱ জীৱনৰ এক অমূল্য সম্পদ। জীৱনব্যাপী চলি থকা প্ৰক্ৰিয়া হিচাপে শিক্ষাৰ ব্যাপক প্ৰাসংগিকতা আছে আৰু সদায়েই থাকিব। শিক্ষাৰ লগত মূল্যবোধৰ প্ৰসংগ ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে। মূল্যবোধ অবিহনে শিক্ষাই কাহানিও পূৰ্ণতা লাভি কৰিব নোৱাৰে। সময়ৰ অগ্ৰগতিৰ লগে লগে সমাজলৈ আহি পৰা নতুন নতুন চাহিদাৰ সৈতে আমাৰ শিক্ষা ব্যৱস্থাক খাপ খুৱাই লোৱাৰ প্ৰয়োজন হৈছে। শিক্ষাৰ প্ৰকৃত মূল্য নিহিত হৈ থাকে মূল্যবোধ আৰু নৈতিক মানৰ মাজতহে। নৈতিকতা আৰু মূল্যবোধৰ অভাৱে আমাৰ শিক্ষা ব্যৱস্থাক বিপন্ন কৰি তুলিব পাৰে। পাশ্চাত্যকেন্দ্ৰিক ভোগবাদী মানসিকতাই আমাৰ শিক্ষা ব্যৱস্থাক বাৰুকৈয়ে জোকাৰি গৈছে। শিক্ষা কেৱল আনুষ্ঠানিক পাঠ্যক্ৰমভিত্তিক যান্ত্ৰিক প্ৰক্ৰিয়া হ’ব নোৱাৰে। আধুনিক জগতৰ এজন মহান দাৰ্শনিক আৰু শিক্ষাবিদ ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণে হাড়ে-হিমজুৱে অনুভৱ কৰে যে আধ্যাত্মিক ভাৱধাৰা অবিহনে আধুনিক সভ্যতা অন্তঃসাৰশূণ্য হৈ পৰিছে। বাস্তৱিকতে তেওঁ আছিল শিক্ষা আৰু জ্ঞানৰ প্ৰকৃত সাধক। শিক্ষাই শাৰীৰিক, মানসিক, নৈতিক, আধ্যাত্মিক আদি সকলো দিশতে উৎকৰ্ষ সাধন কৰি মানুহক প্ৰকৃত মানৱতা অৰ্জন কৰাত সহায় কৰে। উপযুক্ত শিক্ষিত হৈ সেই অৰ্জিত জ্ঞানেৰে সমাজৰ জ্বলন্ত সমস্যাৰাজি সমাধানত বাস্তৱিক অৰিহণা যোগাব পৰাৰ ওপৰতে শিক্ষাৰ মূল্য নিৰ্ভৰ কৰে। শিক্ষাৰ সম্ভাৱনাময় ক্ষেত্ৰবোৰ চিনাক্ত কৰি ন ন চিন্তাৰে সেইবোৰৰ বিকাশত কাৰ্যকৰী ব্যৱস্থা ল’লে একবিংশ শতিকাত অসমৰ সৰ্বাংগীণ প্ৰগ্ৰতিৰ পথ প্ৰশস্ত হ’ব। আদিম যুগৰ গুহাবাসী মানৱ সভ্যতাৰ দিনৰ পৰা আধুনিক শিক্ষা সভ্যতাৰ বিজ্ঞান, প্ৰযুক্তি বিদ্যাৰ যুগলৈকে যি পৰিৱৰ্তন সাধিত হৈছে তাৰ মূল্যতেই শিক্ষা। একো একোখন শিক্ষানুষ্ঠানে একো একোটা অঞ্চলৰ সমাজখনৰ মানসিকপ উৎকৰ্ষৰ চানেকি দাঙি ধৰে। প্ৰাচীন ভাৰতৰ শিক্ষা ব্যৱস্থাত গুৰুকুল প্ৰথা প্ৰৱৰ্তন আছিল। এই পদ্ধতিৰ শিক্ষা ব্যৱস্থাত গুৰু আৰু শিষ্যৰ মাজত আত্মিক সম্পৰ্ক স্থাপন হৈছিল। মূল্যবোধ সংপৃক্ত প্ৰাচীন ভাৰতীয় শিক্ষা ব্যৱস্থাই এখন সুস্থ আৰু গতিশীল সমাজ গঢ়াৰ পথ সুচল কৰি তুলিছিলো। প্ৰাচীন ভাৰতীয় শিক্ষাৰ এক গৌৰৱময় ঐতিহ্য আছিল। ভাৰতীয় সমাজৰ ঐতিহ্য আৰু পৰম্পৰাগত গুৰুসকল অতীজৰে পৰা এক সন্মানজনক আসনত আসীন হৈ আহিছে। আমাক এনে শিক্ষাৰ আৱশ্যক যি শিক্ষাই আমাৰ নৈতিকতাৰ ভেটি সুদৃঢ় কৰে। গুৰুকুল শিক্ষাত শিক্ষাদান আৰু গ্ৰহণৰ ক্ষেত্ৰত গঢ়ি উঠিছিল পাৰস্পৰিক আত্মোসৰ্গৰ মনোভাৱ। গুৰুৰ বাক্য ৰক্ষা কৰিবলৈ গৈ একলব্যই গুৰু দক্ষিণা হিচাপে নিজৰ সোঁহাতৰ বুঢ়া আঙুলিটোকে কাটি গুৰুৰ চৰণত অৰ্পণ কৰিছিল। একোখন দেশৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সমগ্ৰ জাতিৰ আশা-আকাংক্ষা প্ৰতিধ্বনিত হয়। আজি বিশ্বৰ বিভিন্ন দেশৰ ছাত্ৰ সমাজৰ মাজত শৃংখলাৰ অতি প্ৰয়োজন। এই নিয়ম-শৃংখলাই জীৱনৰ ছন্দ। মানৱ সভ্যতাৰ বিকাশৰ মূলতো মানুহৰ সু-শৃংখল আৰু সু-সংহত কৰ্মোদ্যম নিহিত হৈ আছে। ছাত্ৰসকলক দেশৰ ভৱিষ্যৎ বুলি কোৱা হয়। আজিৰ ছাত্ৰ-ছাত্ৰী কাইলৈ দেশৰ নাগৰিক। জীৱনত প্ৰকৃত মানুহ হিচাপে পৰিচয় দিবলৈ তথা নিজ লক্ষ্য সাধনত উপনীত হ’বলৈ যিবোৰ গুণৰ প্ৰয়োজন সেয়া ছাত্ৰাৱস্থাতে আহৰণ কৰিব লাগে। ভাৰতবৰ্ষত বৈদিক যুগৰ পৰা ছাত্ৰ সমাজৰ মাজত কঠোৰ ব্ৰহ্মচৰ্য পালনৰ চোকা নিৰ্দেশ দিয়া হৈছিল। শিষ্যসকলক কৰ্ম সংস্কৃতি অনুশীলন কৰিবলৈ উপদেশ দি গুৰুৱে এক নৈতিক জীৱন যাপন কৰাৰ প্ৰতি আগ্ৰহী কৰি তুলিছিল। সংযমু, সততা, ন্যায়, নিষ্ঠা, ক্ষমা, উদাৰতা, বিনয় আদি গুণসমূহ ছাত্ৰাৱস্থাতে অৰ্জন কৰিব নোৱাৰিলে পাছত আয়ত্ত কৰাটো সহজসাধ্য নহয়। শৈশৱত এক ধৰ্মীয় বাতাবৰণৰ মাজত লালিত-পালিত হোৱা ৰাধাকৃষ্ণণৰ দৰে দাৰ্শনিকৰ বাবে যি জ্ঞান-তৃষ্ণা আৰু অনুসন্ধিৎসুৰ প্ৰয়োজন তাৰ বীজ ছাত্ৰ জীৱনতে অংকুৰিত হৈছিল। মহান ভাৰতীয় ঐতিহ্যক তেওঁ ব্যক্তিৰ মনুষ্যত্ব তথা বৌদ্ধিক বিকাশৰ সহায়ক হোৱাটো বিচাৰিছিল। শিক্ষক হিচপে তেওঁ ছাত্ৰ-ছাত্ৰীসকলক আধ্যাত্মিক আৰু নৈতিক দিশত বিশ্বাস কৰিবলৈ উপদেশ দিছিল। সুস্থ মানসিকতা আৰু নতুন দৃষ্টিভংগীৰে ছাত্ৰ-ছাত্ৰীসকলে সমাজৰ যোগাত্মক পৰিৱৰ্তনত নিজস্ব অৰিহণা যোগাব পাৰে। প্ৰখ্যাত বিজ্ঞানী আইনষ্টাইনে বিদ্যাৰ্থীসকলৰ বাবে মূল্যবোধৰ সজীৱ উপলব্ধি অতীৱ প্ৰয়োজন বুলি মতামত পোষণ কৰিছিল। বিশ্বৰ পৰিৱৰ্তিত পৰিস্থিতিত ছাত্ৰ-ছাত্ৰীসকলে শিক্ষাৰ জৰিয়তে সমাজত নিজকে যোগ্য প্ৰতিপন্ন কৰাৰ বাবে অধিক দক্ষ আৰু প্ৰাসংগিক কৰি তোলা অতি প্ৰয়োজন হৈছে। দেশত সু-শৃংখল আৰু শক্তিমান যুৱ তথা ছাত্ৰ সমাজ গঢ়িব নোৱাৰিলে দেশৰ ভৱিষ্যৎ যে অন্ধকাৰ হৈ পৰিব তাত সন্দেহ নাই। যিকোনো অশুভ শক্তিয়ে যাতে শৈক্ষিক উন্নতকৰণৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব নোৱাৰে তাৰ প্ৰতি শিক্ষকসকলে সতৰ্ক হৈ থকা উচিত। দুৰ্ভাগ্যবশতঃ আমাৰ শিক্ষা ব্যৱস্থাৰ পৰা কিছুমান প্ৰাচীন মূল্যবোধ হেৰাই যাবলৈ ধৰিছে। মূল্যবোধৰ অভাৱে শিক্ষা ব্যৱস্থাত নানা সমস্যাৰ সৃষ্টি কৰে। বিদ্যায়তনিক উৎকৰ্ষ সাধন কৰিলেই এজন ব্যক্তি সম্পূৰ্ণ শিক্ষিত নহ’বও পাৰে, যদিহে তেওঁৰ নৈতিকতা আৰু মূল্যবোধৰ চেতনা নাথাকে। এখন ৰাষ্ট্ৰৰ বিকাশ আৰু প্ৰগতিৰ ক্ষেত্ৰত শিক্ষকসকলৰ ভূমিকা সবাতোকৈ বেছি। সুদীৰ্ঘ দুকুৰি বছৰ শিক্ষা জগতৰ লগত প্ৰত্যক্ষভাৱে জড়িত থাকি ৰাধাকৃষ্ণণে শিক্ষকতাৰ তাৎপৰ্য আৰু সমাজত শিক্ষাৰ স্থান যে সকলোৰে ঊৰ্ধ্বত এই কথা মৰ্মে মৰ্মে উপলব্ধি কৰিছিল। ৰাধাকৃষ্ণণৰ বৰ্ণাঢ্য ব্যক্তিত্ব আৰু মহানতাই আমাক অতীতৰ ঋষি-মুনিসকললৈ মনত পেলাই দিয়ে। তেওঁৰ দাৰ্শনিক চিন্তাধাৰাই প্ৰাচ্য আৰু পাশ্চাত্য সংস্কৃতিৰ মাজত সমন্বয়ৰ সেতু স্থাপন কৰিবলৈ সক্ষম হৈছে। এগৰাকী আজন্ম শিক্ষক ৰাধাকৃষ্ণণে ৰাষ্ট্ৰৰ উচ্চতম পদলৈ নিৰ্বাচিত হৈয়ো নিজকে শিক্ষক হিচাপে পৰিচয় দি গৌৰৱবোধ কৰিছিল। তেওঁৰ বিচাৰত আধ্যাত্মিক আৰু নৈতিকতাই সবাতোকৈ আগস্থান পাইছিল। শিক্ষক হিচাপে তেওঁ সৎ আৰু শুদ্ধ জীৱন যাপনৰ যি আদৰ্শ দেখুৱাই গ’ল, দৰাচলতে সি প্ৰতিগৰাকী শিক্ষকৰ বাবে আদৰণীয়। সমাজখনক মানৱীয় মূল্যবোধেৰে উদ্বুদ্ধ কৰি এচাম নতুন পুৰুষ গঢ়ি তোলাৰ দায়িত্ব শিক্ষকসকলৰ হাততে ন্যস্ত। প্ৰাচীন ভাৰতৰ আদৰ্শ শিক্ষকৰ উজ্জ্বলতম ধাৰাৰ এজন মহত্তম বাহক স্বৰূপে ৰাধাকৃষ্ণণে দেখুৱাই যোৱা মহান আদৰ্শৰে অনুপ্ৰাণিত হৈ আমাৰ দেশৰ শিক্ষক তথা সমূহ জনসাধাৰণে শিক্ষক দিৱসৰ পৱিত্ৰ ক্ষণত প্ৰগতিশীল ৰাষ্ট্ৰ নিৰ্মাণৰ সংকল্প লোৱাৰ এয়েই উচিত সময়। ১৯৬২ চনৰ পৰা পালিত হৈ অহা শিক্ষক দিৱসৰ জৰিয়তে দেশবাসীয়ে এজন প্ৰকৃত শিক্ষক, পণ্ডিত আৰু জাতীয় দৰ্শনক এক সুকীয়া মাত্ৰা প্ৰদান কৰা মহান মনীষীলৈ নিৱেদন কৰি আহিছে শ্ৰদ্ধাৰ শৰাই। ভাৰতীয় সমাজৰ ঐতিহ্য আৰু পৰম্পৰাগত্ভাৱে গুৰুসকল অতীতৰে পৰা এক সন্মানজনক আসনত উপবিষ্ট হৈ আহিছে। দাৰ্শনিক পণ্ডিত এৰিষ্ট’টলে কৈছিল- ‘জীৱনদাতা পিতৃ-মাতৃতকৈও শিক্ষকসকল আমাৰ বেছি শ্ৰদ্ধাৰ পাত্ৰ’। এইখিনিতে জৰ্জ বানাৰ্ডশ্বৰ কথা এষাৰ মনত পৰিছে- ‘আমাক ভাল মানুহ লাগে, ভাল আইন-আদালত নালাগে’। ছাত্ৰৰ মানৱীয় গুণৰ বিকাশ ঘটাই ‘ভাল মানুহ’ গঢ়াৰ গুৰু দায়িত্বও শিক্ষকসকলৰ ওপৰতেই নিৰ্ভৰ কৰিছে। একবিংশ শতিকাৰ এই প্ৰত্যাহ্বানমূলক সন্ধিক্ষণত আমাৰ গভীৰ বিশ্বাস সমাজ তথা ৰাষ্ট্ৰ নিৰ্মাণৰ খনিকৰ শিক্ষকে শিক্ষাৰ পৱিত্ৰ আলোকেৰে চৌদিশে আলোকিত কৰি ৰাজ্যখনত এক সুস্থ শৈক্ষিক বাতাবৰণ প্ৰতিষ্ঠা কৰাত যোগাত্মক অৰিহণা যোগাব।

নৱ প্ৰজন্মক জাতীয় চৈতন্যৰে সমৃদ্ধ কৰি এক আদৰ্শ মানৱ হিচাপে গঢ় দিয়াৰ দায়িত্ব চিৰকাল শিক্ষকসকলেই বহন কৰি আহিছে। অনেক সুবিধা তথা নানা প্ৰত্যাহ্বানৰ মাজতো আমাৰ শিক্ষকসকলে শ্ৰম, ত্যাগ আৰু উপসৰ্গীকৃত মনোভাৱেৰে নতুন প্ৰজন্মক মানুহ হিচাপে গঢ়ি তোলাৰ বাবে সেৱা আগবঢ়াই আহিছে। এই বিশাল বিশ্বত একমাত্ৰ জ্ঞান-প্ৰজ্ঞাৰ বলতেহে মানুহে আন প্ৰাণীতকৈ নিজক শ্ৰেষ্ঠ বুলি পৰিচয় দিবলৈ সক্ষম হৈছে। শিক্ষকসকল এই জ্ঞান আৰু প্ৰজ্ঞাৰ বাহক। সেয়ে সমাজ তথা ৰাষ্ট্ৰ নিৰ্মাণত শিক্ষকৰ অৱদান যুগে যুগে স্বীকৃত হৈ আহিছে। শিক্ষাদানৰ জৰিয়তে অন্ধকাৰ নাশ কৰি জ্ঞানৰূপী পোহৰ তথা আলোকৰ সন্ধান দিয়া এই মহান গুৰুসকলৰ দূৰদৰ্শিতা আৰু কৰ্তব্যপৰায়ণতাৰ ওপৰতে শিক্ষাৰ সাফল্য নিৰ্ভৰ কৰে। দেশৰ মানৱ সম্পদ সৃষ্টি কৰা, মানুহৰ মাজত বৌদ্ধিক ভাবাদৰ্শক উজ্জীৱিত কৰি তোলা শিক্ষকসকলৰ সন্মানাৰ্থে সমগ্ৰ দেশে আধুনিক জগতৰ এজন মহান দাৰ্শনিক আৰু শিক্ষাবিদ ডঃ সৰ্বপল্লী ৰাধাকৃষ্ণণৰ জন্ম দিনটো ‘শিক্ষক দিৱস’ হিচাপে পালন কৰি আহিছে। দাৰ্শনিক আৰু চিন্তানায়ক এইগৰাকী মনীষী ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হৈ থাকোতে তেওঁৰ গুণগ্ৰাহীয়ে তেওঁৰ জন্ম দিনটো শিক্ষক দিৱস হিচাপে পালন কৰাৰ পৰামৰ্শ দিছিল। ‘শিক্ষক দিৱস’ৰ এনে শুভক্ষণত ক্ষণজন্মা মনীষী ৰাধাকৃষ্ণণৰ লগতে সমাজ তথা ৰাষ্ট্ৰৰ বৃহত্তম স্বাৰ্থৰ বাবে ত্যাগ আৰু কষ্ট স্বীকাৰ কৰা শিক্ষকসকললৈ আন্তৰিক প্ৰণিপাত নিৱেদিছো।

উৎস:ৰাইজৰ বাতৰি

 

 

 

 

 

 

 

3.11538461538
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top