মূল পৃষ্ঠা / শিক্ষা / শিক্ষকসকলৰ ক্ষেত্ৰ / শিক্ষিত নিবনুৱা আৰু অসমৰ উচ্চ শিক্ষা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিক্ষিত নিবনুৱা আৰু অসমৰ উচ্চ শিক্ষা

শিক্ষিত নিবনুৱা আৰু অসমৰ উচ্চ শিক্ষা

এখন দেশৰ সামগ্ৰিক বিকাশৰ বাবে সংশ্লিষ্ট দেশখনৰ মানৱ সম্পদৰ উন্নয়নৰ প্ৰয়োজন। এখন উন্নয়নশীল দেশ হিচাপে ভাৰতবৰ্ষৰ বাবে মানৱ সম্পদৰ উন্নয়ন সাম্প্ৰতিক সময়ত এক প্ৰত্যাহ্বান।এই প্ৰত্যাহ্বানক অতিক্ৰম কৰি দেশখনৰ সামগ্ৰিক বিকাশ সম্ভৱপৰ কৰি তুলিবলৈ বিভিন্ন সময়ত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হৈছে যদিও দেশখনে এইক্ষেত্ৰত সফলতা লাভ কৰিবলৈ এতিয়াও বহুত বাকী।সি যি কি নহওক দেশ এখনৰ মানৱ সম্পদৰ বিকাশত উচ্চ-শিক্ষাৰ ভূমিকাক অস্বীকাৰ কৰিব নোৱাৰি। উচ্চ শিক্ষাই উন্নত কাৰিকৰী জ্ঞান সম্পন্ন লোক,পৰিচালনা দক্ষতাৰ অধিকাৰী ব্যক্তি,উচ্চ পৰ্যায়ৰ গৱেষক,বিজ্ঞানী আদিৰ সৃষ্টি কৰে আৰু মানৱ সম্পদৰ বিকাশ বাস্তবায়িত কৰে।কিন্তু কিমানদূৰ অসমৰ উচ্চ শিক্ষাই অসমৰ মানৱ সম্পদৰ বিকাশ সাধন কৰিছে সেয়া সন্দেহজনক। অপ্ৰিয় সত্য যে অসমৰ তত্ত্বসৰ্বস্ব শিক্ষা ব্যৱস্থাই মানৱ সম্পদৰ বিকাশ সাধন কৰাতকৈ মানৱ সম্পদৰ অপচয় সাধন কৰা পৰিলক্ষিত হৈছে। ফলত আমি শিক্ষিত নিবনুৱা নামৰ এচাম মানৱ সম্পদ(?) লাভ কৰিছো। ইয়াৰ অন্তৰালত বহুতো সমস্যা আছে যিবোৰে অসমৰ পটভূমিত উচ্চ শিক্ষা প্ৰকৃত লক্ষ্যত উপনীত হোৱাত প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে। অসমৰ নিবনুৱা সমস্যা ইতিমধ্যে অসমৰ এটা অত্যন্ত ভয়াবহ আৰু জ্জ্বলন্ত সমস্যা হিচাপে পৰিগণিত হৈছে।অত্যন্ত দূৰ্ভাগ্যজনক ভাৱে বিশ্ববিদ্যালয়ৰ ডিগ্ৰীলৈও এচাম যুৱক যুৱতী তথাকথিত শিক্ষিত নিৱনুৱাৰ তালিকাখন শুৱনি কৰিব লগা হৈছে।ইয়াৰ মূল কাৰণ হ’ল অসমৰ শিক্ষাব্যৱস্থাত প্ৰায়োগিক শিক্ষাৰ পাঠ্যক্ৰমৰ অভাৱ। প্ৰায়োগিক শিক্ষাৰ পাঠ্যক্ৰমৰ এই অনুপস্থিতিক অসমৰ শিক্ষা ব্যবস্থাৰ চৰম দূৰ্বলতা তথা নেতিবাচক দিশ বুলি অভিহিত কৰিব পাৰি।দূৰ্ভাগ্যজনকভাৱে তত্ত্বসৰ্বস্ব অসমৰ শিক্ষাব্যৱস্থাত ভাল ফলাফল লাভ কৰিবলৈ এক প্ৰকাৰৰ যুদ্ধত অৱত্তীৰ্ণ হৈ সংগ্ৰাম কৰি থাকোতে ছাত্ৰ-ছাত্ৰীসকলে বাস্তৱ পৃথিৱীখনৰ পৰা আঁতৰি থাকিবলৈ বাধ্য হয়। কিছুমান কামৰ কৰ্মপদ্ধতি আৰু কৌশল শিকি নোথোৱাৰ বাবে বহুসংখ্যক ছাত্ৰ-ছাত্ৰীয়ে স্ব-নিয়োজনৰ প্ৰচুৰ সম্ভাৱনা থকা সহজলভ্য ক্ষেত্ৰ একোখনো হেৰুৱাই পেলায়। অৱধাৰিতভাৱে অসমৰ শিক্ষা ব্যৱস্থাৰ ফচল হিচাপে আমি লাখ লাখ কৰ্মসংস্থানহীন শিক্ষিত যুৱক-যুৱতীক লাভ কৰো।অৰ্থাৎ নিবনুৱা সমস্যাৰ সৃষ্টিৰ ক্ষেত্ৰত আমাৰ দেশ তথা আমাৰ ৰাজ্যৰ শিক্ষা নীতি বহু পৰিমাণে দায়ী।আমাৰ দেশে স্বাধীনতাৰ ষাঠীবছৰ পাছতো এক সুদঢ় জাতীয় শিক্ষানীতি গ্ৰহণ কৰিব পৰা নাই।ফলশ্ৰুতিত নিবনুৱা সমস্যা সাম্প্ৰতিক অসমৰ অন্যতম ভয়াবহ সমস্যা হিচাপে ধৰা দিছে যি অসমৰ বিপুল সম্ভাৱনাৰ অপমৃত্যু ঘটাইছে।এই নিবনুৱাসকলৰ এক বৃহত অংশ হ’ল শিক্ষিত নিবনুৱা। চৰকাৰী তথ্য অনুসৰি অসমৰ মুঠ ৩১২ লাখ জনসংখ্যাৰ ভিতৰত প্ৰায় ২৪ লাখেই শিক্ষিত নিবনুৱা।নিয়োগ বিনিময় কেন্দ্ৰৰ ২০১০ চনৰ এক তথ্য অনুসৰি অসমৰ মুঠ চাকৰি প্ৰত্যাশীৰ( job seekers) ৭৫% হ’ল শিক্ষিত নিবনুৱা। মুঠ ১৪,৩৩,২১৮ গৰাকী শিক্ষিত নিবনুৱাৰ ভিতৰত ২,৮৩,৪৭১ গৰাকী হ’ল স্নাতক(মুঠ শিক্ষিত নিবনুৱাৰ ২০%),২১,৩৫২ গৰাকী হ’ল স্নাতকোত্তৰ ডিগ্ৰীৰ অধিকাৰী আৰু ২,৮৩৯ জন হ’ল ইঞ্জিনিয়াৰিং ডিগ্ৰীৰ অধিকাৰী।কিন্তু এই সংখ্যাই চৰকাৰী নিয়োগ বিনিময় কেন্দ্ৰত নামভৰ্ত্তি কৰা নিবনুৱাসকলকহে প্ৰতিনিধিত্ব কৰিছে। তদুপৰি যথেষ্ট সংখ্যক নিবনুৱা আছে যিসকলে নিয়োগ বিনিময় কেন্দ্ৰত নামভৰ্ত্তি কৰা নাই। সঠিক শিক্ষা হৈছে এজন মানুহৰ এনে এটা অপৰিহাৰ্য অংগ যি তেওঁক বিচাৰ-বিবেচনা আৰু কাৰ্যক্ষমতাৰে সৎ পথত আগবঢ়াই নিয়াত সহায় কৰে। আমাৰ সমাজৰ নামমাত্ৰ এটা অংশৰ বাহিৰে প্ৰায় সকলো স্তৰ অৰ্থনৈতিক অসমতা,জনসংখ্যাৰ বিষ্ফোৰণ,নিবনুৱা সমস্যা আদিৰে ভাৰাক্ৰান্ত।ইয়াৰ মূলত হৈছে প্ৰকৃত শিক্ষাৰ অভাৱ।অসমৰ শিক্ষাব্যৱস্থাই যে নিবনুৱা সমস্যা সৃষ্টিত অৰিহনা আগবঢ়াইছে সেইটো ওপৰত কৰি অহা আলোচনাৰ পৰা স্পষ্ট হয়। এই দিশৰ পৰা অসমৰ নিবনুৱা সমস্যা নিৰ্মূলৰ বাবে সমগ্ৰ শিক্ষা ব্যৱস্থাটোৰ এক আমূল পৰিবৰ্তনৰ প্ৰয়োজন হ’ব। অসমৰ উচ্চ শিক্ষাৰ পাঠ্যক্ৰমত প্ৰায়োগিক শিক্ষাৰ পাঠ্যক্ৰমৰ সংযোজন কৰিব লাগিব।পৰীক্ষা ব্যৱস্থাৰো আমূল পৰিবৰ্তনৰ প্ৰয়োজন। আচলতে শিক্ষা ব্যৱস্থাটো শিক্ষাৰ্থীৰ মানসিক আৰু বৌদ্ধিক প্ৰৱণতা অনুসৰি হ’ব লাগে।কাৰিকৰী শিক্ষাৰ সম্প্ৰসাৰণৰ বাবে কিছুমান বিশেষ পদক্ষেপ ল’ব লাগিব।কাৰিকৰী শিক্ষাৰ এটা বিশেষ গুণ যে কোনো চাকৰিত নিয়োজিত নোহোৱাকৈয়ে এজন মানুহে এনে শিক্ষাৰ জৰিয়তে নিজৰ বৃত্তিৰ সহায়ত স্বাধীনভাৱে উপাৰ্জন কৰিবলৈ সক্ষম হয়।কাৰিকৰী শিক্ষা লাভৰ বাবে এটা উপযুক্ত পৰিবেশ অসমত গঢ়ি তুলিবলৈ হ’লে প্ৰথমে অসমত বিভিন্ন কাৰিকৰী শিক্ষাৰ প্ৰতিষ্ঠান স্থাপন কৰিব লাগিব।এইক্ষেত্ৰত চৰকাৰে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিব।সমগ্ৰ শৈক্ষিক ব্যৱস্থাটোক বৃত্তিমূখী,বাস্তৱ আৰু বিজ্ঞানসন্মত কৰি গঢ়ি তোলাৰ স্বাৰ্থত দেশৰ শিক্ষানীতিৰ সংস্কাৰ সাধনৰ বাবে বিশেষ শিক্ষা আয়োগ গঠনৰ ব্যৱস্থা চৰকাৰে ল’ব লাগিব।তৃতীয় বিভাগত উত্তীৰ্ণ আৰু অনুত্তীৰ্ণসকলৰ বাবেও সঠিক যুৱনীতিৰ প্ৰয়োজন। শিক্ষাখণ্ডত এনেধৰণৰ সংস্কাৰৰ বাবে যদিও বিভিন্ন পদক্ষেপ মাজেসময়ে লোৱা পৰিলক্ষিত হয় কিন্তু সুস্থ নীতিৰ অভাৱে এইবোৰক বিফল কৰি আহিছে। সি যি কি নহওক অসমৰ শিক্ষাব্যৱস্থাত এনেধৰণৰ এক সংস্কাৰ সাধন আৰু যথেষ্ট পৰিমাণৰ কাৰিকৰী শিক্ষানুষ্ঠান স্থাপন হ’ব এক দীৰ্ঘম্যাদী প্ৰক্ৰিয়া আৰু ইয়াৰ সুফল ভৱিষ্যত প্ৰজন্মইহে লাভ কৰিব।কিন্তু যিসকলে ইতিমধ্যে এই শিক্ষাব্যৱস্থাটোৰ মাজেৰে অধ্যয়ণ কৰি আছে তেওঁলোকৰ মাজৰ খুউব কম সংখ্যকেহে সংস্থাপন লাভ কৰিব আৰু বাকীসকল শিক্ষিত নিবনুৱা শাৰীত অন্তৰ্ভূক্ত হ’ব লাগিব। এনে প্ৰেক্ষাপটত কিছুমান বিকল্পৰ প্ৰয়োজন।অসমত চাকৰিৰ ক্ষেত্ৰখন যিহেতু অতি সীমিত গতিকে কৃষি,উদ্যোগ,ব্যৱসায়-বাণিজ্যৰ ওপৰত ভিত্তি কৰি স্বনিয়োজিত হোৱাৰ বাহিৰে আন বিকল্প দূৰ্লভ।অসমৰ প্ৰাকৃতিক সম্পদসমূহক ভিত্তি কৰি সৰু বৰ উদ্যোগ স্থাপন আৰু ব্যৱসায় স্ব-নিয়োজনৰ এক সম্ভাৱণাপূৰ্ণ পথ।বিভিন্ন সেৱাভিত্তিক উদ্যোগ যেনে- বিউটি পাৰ্লাৰ,ম’বাইল মেৰামতিৰ দোকান,কম্পিউটাৰ বা আই আই টি ভিত্তিক দোকান, কেটাৰিং ছাৰ্ভিছ,কাৰ ছাৰ্ভিছিং,টি ভি ছাৰ্ভিছিং,হোটেল,ৰেষ্টোৰাঁ আদি আৰম্ভ কৰি স্বাৱলম্বী হ’ব পাৰি।অসম পৰ্যটন উদ্যোগৰো এক প্ৰচূৰ সম্ভাৱণাপূৰ্ণ অঞ্চল। কিন্তু আচল কথাটো হ’ল অসমৰ শিক্ষিত নিবনুৱাসকলৰ স্বনিয়োজনৰ পৰিৱৰ্তে চাকৰিৰ প্ৰতি আগ্ৰহ বেছি। অসমৰ শিক্ষিত যুৱক-যুৱতীৰ চাকৰিমুখী স্বভাৱৰ বাৰে অন্যান্য ক্ষেত্ৰসমূহ ক্ৰমাৎ বহিৰাগতই দখল কৰিছেহি। অসমৰ যুৱক-যুৱতীয়ে সংস্থাপনৰ আশাত বহি:ৰাজ্যলৈ কৰা প্ৰব্ৰজন সাম্প্ৰতিক অসমৰ এক প্ৰধান আৰ্থ-সামাজিক সমস্যা হিচাপে চিহ্নিত হৈছে। যদিও নিবনুৱাৰ উৎপত্তিৰ বাবে বহু পৰিমানে অসমৰ শিক্ষা ব্যৱস্থাটো দায়ী কিন্তু তাৰ সমান্তৰালভাৱে শিক্ষিত নিবনুৱাসকলৰো দোষ আছে।স্থুল ৰুচি আৰু বিলাসিতাৰ পিছত দৌৰা আজিৰ সৰহভাগ যুৱক যুৱতীৰে জীৱনবোধ অগভীৰ।পৰিশ্ৰমবিমুখিতা, ধৈৰ্যহীনতা,অসহনশীলতা আদি যুৱক যুৱতীসকলৰ সাধাৰণ চাৰিত্ৰিক বৈশিষ্ট্য।অৰ্থসৰ্বস্ব জীৱন এটাৰ কামনা কৰা এইসকল যুৱক-যুৱতীয়ে খেতি নকৰে,ব্যৱসায় নকৰে।ফলত অসমৰ আৰ্থ সামাজিক অৱস্থাত ইয়াৰ নেতিবাচক প্ৰভাৱ গভীৰ ভাৱে পৰিছে।মুঠ কথাত অসমৰ নিবনুৱা সমস্যা সমাধানৰ বাবে অসমত এক কৰ্ম সংস্কৃতিৰ প্ৰয়োজন আৰু এই কৰ্ম সংস্কৃতি গঢ়ি তোলাত নতুন প্ৰজন্মই হাত উজান দিব লাগিব।অসমত চাৰি বছৰৰ পৰা ছয় বছৰ বয়সতেই এটা শিশুৱে শিক্ষানুষ্ঠানৰ চৌহদ গৰকিবলৈ আৰম্ভ কৰে।কিছুমান ব্যক্তিগত মাধ্যমৰ শিক্ষানুষ্ঠান এইক্ষেত্ৰত এখাপ চৰা। তাৰপাছত আৰম্ভ হয় এক বিৰতিহীন যাত্ৰাৰ যাৰ কোনো নিকট সমাপ্তি নাই। কিছুসংখ্যকে উচ্চ মাধ্যমিক,উচচতৰ মাধ্যমিকৰ পাছত বৃত্তিমুখী,কাৰিকৰী পাঠ্যক্ৰমত অধ্যয়ন কৰে আৰু খুউব কম সংখ্যকে অন্যান্য আত্মসংস্থাপনৰ পথ বাচি লয়। কিন্তু গৰিষ্ঠসংখ্যকে স্নাতক,স্নাতকোত্তৰ পৰ্যায় অতিক্ৰম কৰিও সংস্থাপনহীন হৈ ৰয়।পৰীক্ষাৰ মেৰপেচত আবদ্ধ এক দীঘলীয়া প্ৰতিযোগিতাৰ অন্তত এক অনিশ্চিত ভৱিষ্যত। এক অসহায় অৱস্থা। উচ্চ শিক্ষা লাভ কৰিও অসমৰ এক বৃহৎ সংখ্যক যুৱক-যুৱতীৰ এনে অৱস্থা হয়।যদিও ইয়াৰ বাবে আমাৰ শিক্ষা ব্যৱস্থাটো বহুত পৰিমানে দায়ী কিন্তু আমাৰ ছাত্ৰ-ছাত্ৰীসকলকো আমি একাষাৰে দোষমুক্ত বুলি কব নোৱাৰো।এই সম্পৰ্কত ওপৰত আলোচনা কৰি অহা হৈছে। ছাত্ৰ ছাত্ৰীসকলো এই বিষয়ত সজাগ আৰু সচেতন হোৱা উচিত। অসমৰ উচ্চ শিক্ষাত বৰ্তমান ডিগ্ৰীটো কেৱল এটা স্বীকৃতিহে।তাৰ সমান্তৰালভাৱে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীয়ে নিজকে অন্য কিছুমান দিশতো পাৰ্গত কৰি তোলাৰ প্ৰয়োজন যাতে বৰ্তমানৰ প্ৰতিযোগিতাৰ পৃথিৱীখনত প্ৰতিষ্ঠা লাভ কৰিব পাৰে।আমাক এক কৰ্ম-সংস্কৃতিৰ প্ৰয়োজন। সি যি কি নহওক শিক্ষিত নিবনুৱাৰ সমস্যা সমাধানৰ বাবে অতি সোনকালে অসম তথা ভাৰতবৰ্ষৰ শৈক্ষিক ব্যৱস্থাটোৰ এক সংস্কাৰ সাধনৰ প্ৰয়োজন।যাতে যি হাৰত শিক্ষা ব্যৱস্থাটোৱে মানৱ সম্পদৰ অপচয় সাধন কৰি আহিছে সেই অপচয় বিকাশলৈ পৰিবৰ্তিত হৈ দেশ তথা ৰাজ্যখনৰ সামগ্ৰিক বিকাশ সম্ভৱপৰ হৈ উঠে।

উৎস: আখৰ।

3.0
পম্পী Oct 12, 2015 03:33 PM

নিবনুৱা বাঢ়িবলৈ ধৰিছে।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top