অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সাম্প্ৰতিক পৰিৱেশ আৰু নৈতিক শিক্ষা

সাম্প্ৰতিক পৰিৱেশ আৰু নৈতিক শিক্ষা

মানৱ জীৱনত নৈতিকতা তথা সদাচাৰ এটা অপৰিহার্য অংগ। ব্যক্তিৰ নৈতিকতাবিহীন জীৱনটো হ’ল অর্থহীন। যদিহে ৰাষ্ট্ৰৰ নাগৰিক সকলে গাইগুটীয়াভাৱে নৈতিক জীৱন-যাপন কৰি উচ্চ আদর্শ প্ৰদর্শন কৰিব পাৰে তেতিয়াহে ৰাষ্ট্ৰৰ মংগল সাধন হ’ব। দর্শন শাস্ত্ৰৰ পিতৃ স্বৰূপ চক্ৰেটিছৰ মতে, ৰাষ্ট্ৰ এখনৰ মূল আধাৰ হল নৈতিকতা। প্ৰকৃতিয়ে নৈতিকতা মানি চলে। যিহেতু মানুহো প্ৰকৃতিৰে দান।লগতে মানুহে সকলো কামৰে ভাল-বেয়া আদি তাৰ পৰিণতিবোৰ বুজিব পাৰে, প্ৰকৃতিৰ চিৰন্তন নীতিবোৰ উপলদ্ধি কৰিব পাৰে, সেয়ে মানুহে নৈতিকতা এৰাই চলিব নালাগে। চক্ৰেটিছৰ মতে, নৈতিকতাৰ পৰা বিচলিত হোৱাসকল কাপুৰুষ। সত্য নিষ্ঠাৰ বাবে মানুহে প্ৰাণ বিসর্জন দিবলৈও কুণ্ঠাবোধ কৰিব নালাগে। মানুহৰ অন্তৰত সত্য আৰু আদর্শ প্ৰতিষ্ঠাৰ বাবে চক্ৰেটিছে আপ্ৰাণ চেষ্টা কৰিছিল। তেওঁ কৈছিল যে যেতিয়ালৈকে তেওঁৰ জীৱন আৰু শক্তি থাকিব তেতিয়ালৈকে তেওঁ দর্শনৰ শিক্ষাদান কৰা অভ্যাস পৰিত্যাগ নকৰে। তেওঁৰ মতে ভাগ্যবান পুৰুষ সেইজনহে, যিজনৰ আত্মা নৈতিকতাৰে পৰিপুষ্ট।

চক্ৰেটিছৰ প্ৰিয় শিষ্য দার্শনিক প্লেটো। প্লেটোৱে তেওঁৰ মতবাদ সম্পূর্ণভাৱে সমর্থন কৰিছিল আৰু পাশ্চাত্যত প্লেটোৰ আন এজন শিষ্য এৰিষ্টটলে তেওঁলোকৰ এই দর্শনসমূহৰ যথাযথ ব্যাখ্যা দাঙি ধৰি দর্শন শাস্ত্ৰৰ প্ৰতিষ্ঠা কৰিলে। এৰিষ্টটলৰ বাখ্যা সমূহৰ মতে, প্ৰথমতে মানুহ হল ভগৱানৰ সৃষ্টিৰ শ্ৰেষ্ঠতম দান আৰু দ্বিতীয়তে হল মানুহে কার্যক্ষমতা আৰু গুণ লাভ কৰাৰ বাবে নিজৰ আশা-আকাংক্ষা নিজৰ মতে গঢ়ি লব পাৰে। প্ৰাকৃতিক ন্যায় সূত্ৰ প্ৰকৃতিৰ পৰাই উদ্ভাৱন কৰিব পাৰে। এৰিষ্টটলে প্ৰতিষ্ঠা কৰা প্ৰাকৃতিক ন্যায় সূত্ৰ বর্ত্তমান যুগত সকলো আইনৰ মূল ভেঁটি হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে। ‘প্ৰাকৃতিক ন্যায় প্ৰতিষ্ঠা’ এই সত্যটোৰ অবিহনে মানৱ জীৱনলৈ শান্তি আৰু প্ৰগতি আহিব নোৱাৰে। মানৱ জাতিৰ চৰিত্ৰ সুস্থিৰভাৱে প্ৰকাশ পাবলৈ হ’লে লাগিব এক সুস্থ পৰিৱেশ। প্ৰকৃতি শিক্ষাৰ জৰিয়তেহে সেই পৰিৱেশ প্ৰতিষ্ঠা হব পাৰে।

নৈতিকতাৰ লগত শিক্ষা ওতঃপ্ৰোতভাৱে জড়িত। যি শিক্ষাই এখন ৰাষ্ট্ৰক, এটা জাতিক সহজ সৰল ভাৱে এটা নৈতিক স্বাৱলম্বী জীৱন নির্বাহ কৰিবলৈ শিকায়, জাতিভেদ আদি পৰিহাৰ কৰি দেশৰ সকলো মানুহৰ মাজত ভাতৃত্ববোধেৰে একত্ৰিত কৰি সকলোকে আপোন বুলি ভাৱিবলৈ সক্ষম হয় সিয়েই হল প্ৰকৃত শিক্ষা। জাতিৰ পিতা মহাত্মা গান্ধীয়েও সদায় শিক্ষাৰ লগত নৈতিকতাক সংযুক্ত কৰি লৈছিল। তেওঁ নিজেই প্ৰতিটো খোজ আগবঢ়াইছিল নৈতিকতা আৰু সত্যক সাৰথি কৰিহে। গান্ধীজীয়ে এবাৰ কৈছিল, ক্ষতি যিমানেই ভয়ানক নহওঁক কিয়, আমি আমাৰ জীৱন সত্যৰ দ্বাৰাহে পৰিচালিত কৰা উচিত।’ কিন্তু তেওঁৰ এই বাণী-বাণী হৈয়ে ৰ’ল। আজিৰ দিনত কোনোৱে সত্য, নৈতিকতা আদিক যেন প্ৰশ্ৰয় দিবই নোখোজে। কবলৈ গলে দেশত সততা আৰু নৈতিকতাৰ অপমৃত্যু ঘটিল। বিদ্যালয়, মহাবিদ্যালয় বাদেই আনকি ধর্মানুষ্ঠানবোৰতো সততা নোহোৱা হবলৈ ধৰিলে। সুযোগ সন্ধানী আৰু স্বার্থলোভী সকলে গান্ধীজীৰ আদর্শক ভৰিৰে মোহাৰি পেলালে।

বৰ্তমান সমাজখন কেৱল মাত্ৰ হিংসা-হত্যাৰে জর্জৰিত । চৌপাশে বাৰুদৰ কোলাহল, তেজৰ ফাকু খেলা । মানুহ বোলে সকলো জীৱতকৈ শ্ৰেষ্ঠ । কিন্তূ এই জীৱশ্ৰেষ্ঠ মানৱে আজি এনে কিছুমান কাম কৰিবলৈ ধৰিছে ,যে মানৱক জীৱশ্ৰেষ্ঠ বুলি কবলৈ বেয়া লগা অৱস্থা হৈছে ।যি ফালেই চকু যায় সেই ফালেই কেৱল ভাতৃঘাটী সংঘর্ষ । দোষী কোন নির্দোষী কোন তাক বিচাৰ কৰি চাবলৈ কাৰো যেন আহৰি নাই ।সকলোৱে ব্যস্ত কেৱল নিজক লৈ । নিজৰ সুখ,সুবিধা তথা আনন্দৰ বাবে মানুহে আজি কৰিব নোৱাৰা কাম একো নাই ।প্ৰয়োজনীয় বুলি ভবা বস্তুটো মানুহে সততা তথা নৈতিকতা বিসর্জন দি হলেও নিজৰ আয়ত্তলৈ আনিব বিচাৰে ।আজি কিছুদিনৰ আগলৈকে এজন লোকক হত্যা কৰা বুলিলে চৌপাশে এক চেপা উত্তেজনাৰ সৃষ্টি হৈছিল ।লোকজনৰ বিষয়ে কি , কিয় , কেনেকৈ , কেতিয়া ইত্যাদিবোৰ জানিবলৈ উত্‍সুক হৈ পৰে ।কিন্তু আজি?আজিৰ পৃথিৱীত প্ৰতিদিনে ইমানবোৰ লোক হত্যা, হিংসা , লুণ্ঠনৰ বলি হব লগা হৈছে যে মানুহৰ এই বিলাকক জনাৰ আগ্ৰহ প্ৰায় নোহোৱাৰ দৰে হৈ পৰিছে ।ৰেডিঅ’ ,টেলিভিচন,পুৱাৰ বাতৰি কাকতৰ ‘হেড লাইন’তো থাকে কেৱল মৃত্যুৰ বতৰা যত থাকিব লাগে সমাজখন ,দেশখন ,জাতিটো প্ৰগতিৰ পথত আগুৱাই যাবৰ বাবে প্ৰয়োজনীয় সৃষ্টিশীল তথা চিন্তনীয় বিষয় । হয়তো কিছুদিনৰ পাছত মৰম ,চেনেহ ,ভালপোৱা আদি শব্দবোৰ মাত্ৰ কিতাপৰ পাততহে বিচাৰি পোৱা যাব।

এই দুর্নীতি, অন্যায় আদিবোৰ আমাৰ মাজৰপৰা আঁতৰ কৰিবলৈ হলে উঠি অহা তৰুণ-তৰুণী সকলে এক নতুন আদর্শৰে অনুপ্ৰাণিত হৈ সমাজৰ চৰিত্ৰবান আগবঢ়া লোকসকলৰ সৈতে লগ হৈ আগুৱাই আহিব লাগিব। তদুপৰি বিলাসিতাহীন, নৈতিক আদর্শৰে আমি ব্যক্তিগত স্বার্থৰ কথা নাভাবি সমূহীয়া স্বার্থৰ কথা চিন্তা কৰিব লাগিব। যি মানুহৰ ভুল নহয়, তেওঁ বোলে জীৱনত একো কামেই নকৰে। সেয়ে ভুল কৰাতো আচৰিত কথা নহয়। কিন্তু তাৰ পুনৰাবৃত্তি হব নালাগে। আমি জীৱনৰ সকলো সময়তে সত্‍, নৈতিকতা, আনৰ দুখত দুখী হব পাৰিলেহে ব্যক্তি আৰু ৰাষ্ট্ৰৰ কল্যাণ হব। আমাৰ মাজলৈ জাতীয় চেতনা আৰু নৈতিকতা ঘূৰি আহিব যদিহে উচ্চ আদর্শ, নিভাঁজ দেশপ্ৰেম আদি আগত ৰাখি উঠি অহা চামে নিজ নিজ কৰ্তব্য পালন কৰি যাব পাৰে।

ৰুমী গগৈ

শেহতীয়া উন্নীতকৰণ: : 4/6/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate