অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সাম্প্ৰতিক শিক্ষা ব্যৱস্থাত আধ্যাত্মিক শিক্ষাৰ প্ৰয়োজনীয়তা

সাম্প্ৰতিক শিক্ষা ব্যৱস্থাত আধ্যাত্মিক শিক্ষাৰ প্ৰয়োজনীয়তা

আধ্যাত্মিকতা হ’ল মানৱ জীৱন উত্তৰণৰ এটি স্তৰ৷ এই স্তৰত উপনীত হবলৈ মানুহে অহিংস, বৰ্হ্মচয্য, তপস্যা, আন্তেয়, ঈশ্বৰ প্ৰণিধান আদি সাধনা সমূহ অতিক্ৰম কৰিব লাগিব৷ এই অৱস্থাপ্ৰাপ্ত হ’লেহে মানুহ নামৰ যোগ্য হয়৷ আধ্যাত্মিক জ্ঞান শূণ্য জন প্ৰকৃত মানুহ বুলি গণ্য কৰা নহয়৷ আধ্যাত্মিক শক্তি এনে এক কল্যানকাৰী শক্তি যাৰ দ্বাৰা নিজ আত্মাক পৰমাত্মাৰ লগত সংযোগ ঘটাব পাৰে৷ ই মনৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি মনক স্থিত অৱস্থালৈ আনিব পাৰি৷

চমুতে কবলৈ হ’লে আধ্যাত্মিকতা মানে আত্মা সমন্ধীয় জ্ঞান৷ অধি+আত্মা + ষ্ণিক প্ৰত্যয় লগ হৈ আধ্যাত্মিকতা শব্দটো গঠিত হৈছে৷ অৰ্থাৎ যি শিক্ষাই আত্মা সমন্ধীয় জ্ঞান দিবৰ বাবে সক্ষম, যি শিক্ষাই সকলো জীৱকে একে আত্মা বুলি ভাৱিবলৈ শিক্ষা দিয়ে, মানুহেই দেৱ মানুহেই সেৱ… বুলি ভাবিবলৈ শিক্ষা দিয়ে, কুকুৰ ছাগলীৰ দৰে ইতৰ প্ৰাণীকো একেই আত্মা বুলি গণ্য কৰিবৰ বাবে শিক্ষা দিয়ে… সেই শিক্ষাকে আধ্যাত্মিক শিক্ষা বোলে৷ সাম্প্ৰতিক যুগটো হল উত্তৰ আধুনিকতাৰ যুগ৷ বিজ্ঞান প্ৰযুক্তি বিদ্যাৰ যুগ৷ ঈশ্বৰক প্ৰত্যাহবান জনোৱাৰ যুগ এইটো৷ বিশ্বায়নৰ ধামখুমিয়াত সকলো ফালেই শ্ৰেষ্ঠতা দখলৰ যুগ এইতো। সকলো ফালেই এক আমোল সংস্কাৰৰ যোগেদি এক প্ৰত্যাহবান গ্ৰহন কৰি নতুন প্ৰজন্মক আগবঢ়াই নিয়াৰ এক পৰিকল্পনা কৰি শিক্ষাৰ দিশতো কেতবোৰ যুগান্তকাৰী পদক্ষেপ হাতত লোৱা হ’ল৷ নতুন শিক্ষা নীতি প্ৰয়োগ কৰা হ’ল৷ NCERT, CBSC আদি নানা ধৰণৰ পাঠ্যক্ৰম হাতত লৈ ছাত্ৰ ছাত্ৰীক যুগ সাপেক্ষ কৰি গঢ়ি তুলিবৰ বাবে চেষ্টা কৰা হৈছে৷ চৰিত্ৰবোধ, নীতি শিক্ষাৰ পাঠ আদি বোৰ বৰ্তমান সময়ৰ বাবে নচলা পইচাৰ দৰে গণ্য কৰি আঁতৰাই দিয়া হ’ল৷ কিন্তু মানুহ হোৱাৰ বাবে প্ৰয়োজনীয় আটাইতকৈ দৰকাৰী উপাদান সমুহ নিহিত আছিল এই কিতাপ সমুহত৷

আধ্যাত্মিকতা মানে কোনো ধৰ্ম নহয়৷ কিন্তু ধৰ্ম শাস্ত্ৰ সমুহে আধ্যাত্মিকতাৰ শিক্ষা দিয়ে৷ এখন সমাজত শান্তিৰ বাতাবৰণ ধৰি ৰখাত অৰিহনা যোগাই৷ অমৃতৰ সন্তান হিচাপে জন্ম লোৱা প্ৰতিটো মানৱ শিশুক অতীতৰ মহাকাব্যিক যুগৰে পৰা এই শিক্ষাৰে শিক্ষিত কৰি সমাজৰ হিতৈষী একো একোজন ব্যক্তি হিচাপে যোগ্য কৰি তুলিবলৈ প্ৰয়াস কৰা হৈছিল৷

এখন আদৰ্শ সমাজ গঠনৰ বাবে আটাইতকৈ প্ৰয়োজন হয় আদৰ্শ ব্যক্তিৰ, নৈতিক আৰু আধ্যাত্মিক ভাৱে উন্নত ব্যক্তিৰ৷ নৈতিকতাৰ স্খলন য’ত পদে পদে হয় তেনে ঠাইত কেতিয়াও আদৰ্শ সমাজ গঠন সম্ভৱপৰ নহয়৷

এই একেই কথা অনুভৱ কৰিছিল গ্ৰীচৰ মহান দাৰ্শনিক যাক কোৱা হয় “The greatest of all Greeks Ever born……’ চক্ৰেটিচেও৷ তেওঁ Athens খনক এখন প্ৰকৃত ৰাষ্ট্র্ কৰি গঢ়ি তুলিব বিচাৰিছিল৷ অনুভৱ কৰিছিল…।

“When Every citizen learn to think for him self, educated their own mind…only then Athens could become a perfact state..”

আজিৰ শিক্ষা পদ্ধতিৰে ছাত্ৰ ছাত্ৰীৰ জ্ঞান আৰু মগজুৰ বিকাশ সাধন হৈছে সঁচা৷ কিন্তু মগজুৰ বিকাশ আৰু জ্ঞানৰ স্ফুৰন প্ৰকৃত উন্নতিৰ বাহক হব নোৱাৰে৷ যদি তেনে হ’ল হেতেন তেন্তে আজি প্ৰতি বছৰে হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰীয়েকেৱল অসমতেই বিশ্ব বিদ্যালয়ৰ ডিগ্ৰী লৈ ওলাই থকাৰ পাছতো অসম খনত নৈতিক অধ:পতনে ইমান চুৰান্ত অৱস্হা নাপালে হেতেন…
সহপাঠীয়ে হত্যা কৰিছে সহপাঠীক, পুত্ৰই কেইটামান টকাৰ কাৰণে হত্যা কৰিছে জন্ম দাতা পিতৃ মাতৃক, যিখন দেশত নাৰীক দেৱী আখ্যা দিয়া হৈছিল তাত আজি নাৰী ধৰ্ষন, বলাৎকাৰ আদি সুলভ হৈ পৰিল৷সৰুৰ পৰা সন্মান আশা কৰাতো আকাশ কুসুম যেন হৈ পৰিল৷ আজিৰ শিক্ষা বৱ্যস্হাই এটা তথাকথিত Generation gap কঢ়িয়াই আনিছে৷

যিখন দেশত যুদ্ধ ক্ষেত্ৰতো শিষ্যই গুৰুৰ পৰা আশীৰ্বাদ লোৱাৰপ্ৰথা আছিল….মাকৰ এশাৰী মাত্ৰ বাক্যত স্বয়ম্বৰ জিকি অনা কন্যাকককাই ভাইৰ মাজত সমুহীয়া পত্নী কৰিব পাৰিছিল…পিতৃৰ বচন ৰক্ষা কৰিবৰ বাবে চফল যৌৱন প্ৰাপ্ত পুত্ৰই ১৪ টাকৈ বছৰ বনলৈ যাবলৈ কুন্ঠাবোধ কৰা নছিল…তেনে এখন দেশত আজিৰ শিক্ষিত চামে কৰা কাৰ্য সমুহ দেখিলে নিজৰ উপৰতে ধিক্কাৰ উপজে৷

আজিৰ শিক্ষাৰ বানিজ্যিকিকৰণ হৈছে৷ বেচা কিনা হৈছে৷ পাঠ্যক্ৰমৰ দৰদাম হ’বলৈ ধৰিলে৷ শিক্ষাৰ মূল লক্ষ্য হৈ পৰিল টকা ঘটাৰ মেছিন তৈয়াৰ কৰা৷ কম্পিউটাৰলেপটপত ব্যস্ত আজিৰ ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰেম, দয়া, মানৱতা, হৃদয় সৰ্বস্বতা আদি শব্দ বোৰ বহু দূৰৈত৷ আৰু ইয়াৰে ফল ভুগিছে সমাজ খনে..উশৃংখল হৈ পৰিছে সকলো.. এই উশৃংখলতা দুৰ কৰিবৰ বাবে সাম্প্ৰতিক শিক্ষা ব্যৱস্হাত আধ্যাত্মিকতা , মানৱতাৰ প্ৰকৃত ধাৰণা সন্নিবিষ্ট কৰিবই লাগিব ই ধ্ৰুৱ সত্য৷

অঞ্জন সাধনীদাৰ

শেহতীয়া উন্নীতকৰণ: : 4/6/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate