আপুনি হয়তো জীৱনৰ বাটত এনে বহু ব্যক্তিক লগ পাইছে, যিসকলে সন্মুখজনৰ সৈতে হাঁহি-ধেমালি কৰি অৱশেষত অজানিতে তেওঁৰ অন্তৰত আঘাত কৰে। অৰ্থাৎ আমি আনক হঁহুৱাবৰ চেষ্টা কৰি ধেমালিৰ সীমা চেৰাই যাঁও আৰু এইটো নাভাবো যে সেই ধৰণৰ ধেমালিৰ হেতু কোনোৱে বেয়া পাব পাৰে বা মনত দুখ পাব পাৰে। আচলতে এটা সীমাৰ ভিতৰত থাকিহে ধেমালি কৰিব লাগে। ধেমালি হ’ব লাগে এনে যাতে সকলোৱে মিলি হাঁহিব পাৰে। আনজনক হাঁহিয়াতৰ পাত্ৰ কৰি ধেমালি কৰাটো কদাপি উচিত নহয়। সেয়েহে হাঁহি-ধেমালি কৰাৰ মুহুৰ্তত নিম্নোলিখিত কথাকেইটামানলৈ বিশেষভাৱে ধ্যান দিয়া দৰকাৰ।
যিগৰাকী ব্যক্তিৰ সৈতে কথা-বতৰা হয়, কোনো কথাই যাতে তেওঁৰ আত্মসন্মানত আঘাত নকৰে, এই দিশলৈ ধ্যান দিয়া উচিত। কিয়নো এনে হ’বওতো পাৰে যে আপুনি যিষাৰ কথা সাধাৰণ বুলি ভাবি ধেমালিৰ ছলেৰেই কৈ দিলে সেই কথাষাৰ উক্ত ব্যক্তিগৰাকীৰ বাবে সাধাৰণ নহ’বও পাৰে। সেই কথাষাৰৰ সৈতে তেওঁৰ আত্মসন্মানৰ প্ৰশ্ন জড়িত থাকিবও পাৰে।
হাঁহি-ধেমালো কৰাৰ সময়ত ব্যক্তিগৰাকীৰ বয়স আৰু পদবীৰ দিশটোও লক্ষণীয় বিষয়। কেতিয়াবা আমি ধেমালিতেই নিজতকৈ বয়োজ্যেষ্ঠ, উচ্চ পদবীধাৰী তথা পূজনীয়জনকো এনে এষাৰ কথা কৈ পেলাওঁ, যি কথা শুনিবলৈ তেওঁ ইচ্ছাই নকৰে অথবা কোৱা উচিত নহয়। সেই গতিকে এইটো জানিবলগীয়া কথা যে ধেমালি কৰাৰ সময়ত আপুনি নিজৰ আৰু যাৰ সৈতে ধেমালি কৰিব বিচাৰিছে, তেওঁৰ বয়স তথা পদবীৰ দিশটোও বিবেচনা কৰা ভাল।
মোৰ বান্ধৱী এগৰাকী আছে, তাই বৰ ধেমেলীয়া। পিছে তাইৰ এষাৰ কথা ভাল নালাগে যে তাই ধেমালি কৰিলে কাৰ সন্মুখত ধেমালি কৰি আছে, ধ্যান নিদিয়ে। সন্মুখৰজন ল’ৰা হওক বা ছোৱালী সকলোৰে সন্মুখত একেই ধেমালি কৰে। এইটো নহয় যে প্ৰতিজন ল’ৰা বা প্ৰতিজনী ছোৱালীয়ে আপোনাৰ ধেমালি কৰাৰ ধৰণটোক সহজভাৱে ল’ব।
বহু এনে ব্যক্তি আছে, যিয়ে ধেমালি কৰিবলৈ গৈ ব্যক্তিগত একোটা মন্তব্য কৰে, যিটো আচলতে উচিত নহয়। ধেমালি বা তামাচা কৰাৰ অৰ্থ এইটো নহয় যে আপুনি কাৰোবাক ‘পাৰ্ছনেলী কমেন্ট’ দিব অথবা যিকোনো মন্তব্য কৰি ব্যক্তিত্বত আঘাত হানিব। কোনো সময়ত ধেমালিৰে কৰা তেনে মন্তব্যই কাজিয়াৰ সূত্ৰপাতো কৰিব পাৰে কিয়নো আপুনি কাৰোবাৰ হৃদয়ত আঘাত কৰা কথা এষাৰ কোৱাৰ ফলত তেঁৱো যদি আপোনাৰ প্ৰতি বিৰূপ মন্তব্য কৰে, তেতিয়া সেয়া ধেমালি হৈ নাথাকি ভয়ংকৰ পৰিস্থিতিৰহে সৃষ্টি হ’ব।
অফিচৰ পৰিৱেশত প্ৰায়ে দেখিবলৈ পোৱা যায় যে কোনো এগৰাকী সহকৰ্মীয়ে যেতিয়া কাৰোবাৰ ওপৰত খং-ৰাগ কৰি চিঞৰ-বাখৰ কৰে, তেতিয়া সেই বিশেষ ব্যক্তিগৰাকীক উদাহৰণ হিচাপে লৈ অন্য কৰ্মীসকলে ধেমালি, ঠাট্টা-মস্কৰা কৰিবলৈ ধৰে। এনে কৰাটো শোভনীয় নহয়। প্ৰকৃতপক্ষে ধেমালিৰ উদ্দেশ্য হ’ব লাগে এনে যাতে নিজৰ কথা প্ৰসংগৰে সকলোকে হঁহুৱাব পৰা যায়।
যিকোনো ধেমালি কৰাৰ সময়ত ভুলতো অশ্লীল তথা অশালীন শব্দৰ ব্যৱহাৰ নকৰিব; কিয়নো আপোনাৰ অশ্লীল কথা-বাৰ্তা শুনি সকলোৱে ভাল নাপাব। আপুনি ধেমালি অৱশ্যেই কৰক, কিন্তু শালীনতা বৰ্তাই ৰাখক। ব্যংগ মিশ্ৰিতভাৱে তথা অশ্লীলভাৱে ধেমালি নকৰিব।
বহু এনে ব্যক্তি আছে, যিয়ে নিজৰ কথা-বতৰাৰে সন্মুখৰজনক হাঁহিয়াতৰ পাত্ৰ কৰি তোলে। আপুনি যদি ধেমেলীয়া ব্যক্তি আৰু পৰিৱেশ-পৰিস্থিতিলৈ নাচাই যদি যিকোনো ধেমালি কৰে, তেন্তে কোনোৱে আপোনাৰ সৈতে ঠিক তেনেদৰে ধেমালি বা তামাচা কৰিলেও বেয়া পোৱা উচিত নহয়। সেই পৰিস্থিতিত আপুনিও সেই সকলোবোৰ হাঁহিমুখেৰে গ্ৰহণ কৰিবলৈ শিকক।
কিছুমান মানুহৰ অভ্যাস এই ধৰণৰ যে তেওঁৰ সন্মুখত থকা ব্যক্তিগৰাকী পৰিচিত হওক বা অপৰিচিত, একো নাভাবি অতি সহজভাৱে ধেমালি কৰিব ধৰে। আপুনি যদি বহু মানুহৰ মাজত থাকে আৰু সকলোখিনি মানুহ যদি পৰিচিত নহয়, তেন্তে ধেমালি নকৰিব; কিয়নো যিজন অপৰিচিত ব্যক্তি, তেওঁ আপোনৰ বিষয়ে একোকে নাজানে। গতিকে আপোনাৰ ধেমালিয়ে তেওঁক অতিষ্ঠ কৰিবও পাৰে আৰু তেতিয়া আপোনাৰ ব্যক্তিত্বক অৱনমিত কৰিবও পাৰে।
যদি আপুনি ধেমালি কৰাৰ ফলস্বৰূপে কোনোৱে দুখত ভাগি পৰা দেখে, তেতিয়া লগে লগে আপুনি তেওঁৰ ওচৰত ক্ষমা খোজক। কেতিয়াবা আমি ধেমালিতেই বহু বেছি কথা কৈ পেলাওঁ আৰু কোনোৱে আমাৰ কথা শুনি বেয়া পাব পাৰে বুলি নাভাবো। সেয়েহে যদি আপোনাৰ অনুভৱ হয় যে অজানিতে হ’লেও আপুনি কাৰোবাৰ মনত লগা কথা কৈছে, তেন্তে সঁচা অন্তৰেৰে তেওঁক ক্ষমা খুজিবলৈ নাপাহৰিব।
সৰ্বশেষত পুনৰ কওঁ যে ধেমালিৰ উদ্দেশ্য কেৱল হাঁহি-স্ফূৰ্তিহে হ’ব লাগে। আপোনাৰ ধেমালিয়ে সকলোকে হাঁহিবলৈ বাধ্য কৰালেহে প্ৰকৃত ধেমালি হ’ব আৰু আপোনাৰ ধেমালিক সকলোৱে পছন্দ কৰিব।
লেখিকা: ৰীণা দেৱী।
শেহতীয়া উন্নীতকৰণ: : 3/21/2020