অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

গাজৰ (শক্তিবৰ্ধক)

গাজৰ (শক্তিবৰ্ধক)

গাজৰৰ তেজ পৰিষ্কাৰ কৰাৰ ক্ষমতা অতুলনীয়। ইয়াৰ উপৰিও পেটৰ গোলমাল, পিত্তৰোগ, যকৃতৰ ৰোগ, জণ্ডিচ, প্ৰস্ৰাৱৰ ৰোগ, ছালৰ ৰোগ, চকুৰ ৰোগ আদি বহু ৰোগ নিৰাময় কৰে।

বিভিন্ন ৰোগত গাজৰৰ ব্যৱহাৰ

তেজৰ দোষত

যদি তেজৰ দোষ হয়, খুব ফোঁহা, ঘামচিৰ দৰে নানা উদ্ভেদ গাত ওলায় আধা গিলাচ গাজৰৰ ৰস (১২৫ মিলিলিটাৰ) প্ৰতিদিনে পানী খোৱাৰ আগতে ৰাতিপুৱা এবাৰ আৰু আবেলি এবাৰ খাবলৈ দিয়ক। ১৫-২০ দিন খালে ৰক্তৰ বিকাৰ নাশ হৈ যাব। তেজ পৰিষ্কাৰ হৈ উঠিব। তেজত থকা ক্ষাৰ আৰু অম্লতাৰ সমতা ৰক্ষা কৰিব। তেজৰ বিকাৰত হোৱা অসুখ, গাঁঠি ফুলা, জোৰা ফুলা দূৰ হ’ব। প্ৰস্ৰাৱত ইউৰিক এচিড বেছি থাকিলে, তাৰ বাবে শৰীৰত হোৱা বিষাক্ত প্ৰভাৱ দূৰ কৰিব।

ৰক্তহীনতা

আধা গিলাচ গাজৰৰ ৰস এবাৰকৈ খালে ৰক্তহীনতা বা এনিমিয়া ৰোগ দূৰ হ’ব। শৰীৰৰ ওজন বাঢ়িব, গাৰ ৰং উজ্জল হৈ উঠিব, চেহেৰা সুন্দৰ হ’ব।

কীটাণুনাশক হিচাপে

গাজৰৰ ৰস কীটাণুনাশক। চকু, গল, শ্বাসনলীলৈ হোৱা কোনো ৰোগৰ সংক্ৰমণ গাজৰৰ ৰস খালে নাশ কৰিব।

পেটৰ অসুখ

পেটৰ গেছ, দুৰ্গন্ধ বায়ু নিৰ্গমন আদিত গাজৰৰ ৰস, ওপৰত কোৱা ধৰণে এবাৰকৈ খালেও, বন্ধ হ’ব। পেট পৰিষ্কাৰ হ’ব। পেট ফুলা, অজীৰ্ণ হোৱা, খাদ্যবস্তু হজম নোহোৱাকৈ শৌচত ওলাই অহা আদি ৰোগ দূৰ হ’ব।

যকৃতৰ অসুখ

গাজৰ নিয়মিতভাৱে খালে যকৃতৰ বিকাৰ, পিত্তৰ বিকাৰ, জণ্ডিচ ৰোগ আদি নিৰাময় হয়।

বৃক্কৰ ৰোগ

গাজৰৰ ৰসে বৃক্কৰ (কিডনিৰ) বিকাৰ নাশ কৰে। বৃক্ক মূত্ৰাশয়ৰ পাথৰি আদি দূৰ হয়।

স্নায়ৱিক আৰু মানসিক শক্তি বৃদ্ধিত

গাজৰৰ ৰস খালে স্নায়ৱিক দুৰ্বলতা নাথাকে, স্নায়ৱিক শক্তি বৃদ্ধি হয়, শাৰীৰিক শক্তি বৃদ্ধি হয়। গাজৰে শক্তিবৰ্ধক টনিকৰ দৰে কাম কৰে।

ছাল আৰু চকুৰ বাবে

ছাল আৰু চকুৰ বাবে গাজৰত ভিটামিন ‘এ’ প্ৰচুৰ থাকে। লো, গন্ধক, কেৰ’টিন  আৰু ফছফৰিক এচিড থাকে। অন্যান্য বস্তুতকৈ ইয়াত (গাজৰত) প্ৰায় ৪ গুণ বেছি ফছফৰিক এচিড থাকে। সদায় গাজৰ খাই থাকিলে দিনে ১০-১৫ ঘণ্টা পৰিশ্ৰম কৰিলেও ক্লান্তি অনুভৱ নহয়। গাজৰ চকুৰ কাৰণে অত্যন্ত উপকাৰী। নিয়মিত দুই বেলা, কে’বামাহো খালে দীৰ্ঘ দিনলৈ চকু ভালে থাকে। চছমাৰ প্ৰয়োজনেই নহয়। অন্ততঃ এটাকৈ গাজৰ সদায় খাব লাগে।

গাজৰৰ ৰস খাই থাকিলে ছালৰ দাগ নোহোৱা হয়। ছাল ভালে থাকে। অসুখ থাকিলে দূৰ হয়। গল আৰু বুকুত বগা দাগ পৰিলে দূৰ হয়। সদায় এটাকৈ গাজৰ খাব লাগে।

কৃমি

সদায় আবেলি আধা গিলাচ গাজৰৰ ৰস খালে কৃমি নাশ হয়। শৌচৰ লগত ওলাই আহে।

কফ ৰোগত

গাজৰৰ ৰসৰ হাঁওফাঁওৰ পৰা কফ বাহিৰ কৰি দিয়াৰ ক্ষমতা আছে। কফৰ ৰোগ, কাহ, ক্ষয় ৰোগ, বুকুৰ বিষ আদি গাজৰৰ ৰস নিয়মিতভাৱে খালে আৰোগ্য হয়।

গলৰ অসুখ

গলৰ অসুখ, টনচিল আৰু গয়টাৰ বা গলগণ্ড গাজৰ নিয়মিতভাৱে খালে আৰোগ্য হয়। প্ৰতিদিনে সৰু এগিলাচ গাজৰৰ ৰস দুপৰীয়া একোবাৰ ২-৩ মাহ খাব লাগে। গাজৰত আয়’ডিন আছে, গল ফুলা আৰু গয়টাৰ ৰোগ নিৰাময় কৰে। ইয়াৰ দ্বাৰা নালি ঘাও আৰোগ্য হয়।

গাজৰ ঔষধ হিচাপে খালে গুৰুপাকী আহাৰ খাব নালাগে। বিনা মছলাৰ খাদ্য বেছি ভাল। সোনকালে কাম কৰিব। গাজৰৰ ৰস বৰফত থৈ নাখাব।

গাজৰৰ ৰস শুদাকৈ খাবলৈ অসুবিধা পালে জালুক, লোণ লগত দিব পাৰি। অথবা নাৰিকল ৰুকি লগত পেলাই দিও খাব পাৰি। কিন্তু গাজৰত নাৰিকল বেছি হ’ব নালাগে।

তথ্য সংগ্ৰহ: ব্ৰজনাথ শৰ্মা

2.87096774194
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top