অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জীৱনৰ সঞ্জীৱনী সুধা :

জীৱনৰ সঞ্জীৱনী সুধাৰ বিষয়ে লিখা হৈছে ।

 

উৎসাহ আৰু অনুপ্ৰেৰণা -

প্ৰতিজন মানুহৰ ব্যক্তিগত সুখ-দুখৰ বিশেষ মুহুৰ্তবোৰক কোনোবা বিশেষ উৎসৰ পৰা আহৰণ কৰা উৎসাহে স্মৰণীয় কৰি ৰাখে। হৃদয় উজ্জীৱিত কৰা উৎসাহৰ যাদুৰ পৰশৰ বাবেই হেঁপাহেৰে আদৰি লোৱা কামটোৰে আমাৰ জীৱনে কেতিয়াবা সুখৰ মুখ দেখে, নিজকে আচৰিত কৰি কেতিয়াবা আমি জীৱনত ইমান দিনে কৰিব নোৱাৰিম বুলি ভাবি থকা কঠিনতম কামটোকে অনিন্দ্য ৰুপত কৰিবলৈ অনুপ্ৰাণিত হওঁ আৰু অপ্ৰত্যাশিতভাৱে জীৱনে মুখামুখি হোৱা দুখ-যন্ত্ৰণাৰ বৰ্ণনাতীত দু:সময়ক জয় কৰাৰ অসীম ধৈৰ্যশক্তি আৰু অদম্য সাহস পাওঁ।

ছবি এখনত, কবিতা এটিত, নতুন সুৰ এটিত শিল্পীসকলে শিল্পৰ লগৰ্তে বৈচিত্ৰ্যপুৰ্ণ উৎসাহ-অনুপ্ৰেৰণাকো কালজয়ী কললঐ উত্তীৰ্ণ কৰায়। জীৱনৰ প্ৰকৃত মুল্য উপলব্ধি কৰাসকলৰ বাবে জীৱনো এক কলা-যি কলাৰ অবিৰত অনুশীলনত প্ৰতিদিনে জীয়াই থকাৰ উৎসাহ-অনুপ্ৰেৰণাই জীৱনক সৰ্বাংগসুন্দৰ –সুস্বাস্থ্যময় আৰু গৌৰৱোজ্জ্বল কৰি তুলিব পাৰে।

উদ্ভিদৰ বীজ অংকুৰিত হ’বলৈ বেলিৰ পোহৰে কৰা জৈৱ-ৰাসায়নিক কামটোৰ লগত মানুহৰ জীৱনত উৎসাহ-অনুপ্ৰেৰণাই কৰা কামটোৰ তুলনা কৰিব পাৰি। উৎসাহ অবিহনে কোনো পৰিৱৱেশতে আমাৰ হৃদয়-মন প্ৰস্ফুটিত হ’ব নোৱাৰে। নিৰুৎসাহী মন এটাৰ বোজা কঢ়িয়াই জীৱনবিমুখ হৈ জীয়াই থকাটো মৃত্যুৰ আগৰ আঘোষিত মৃত্যুৰ বাহিৰে আন একো নহয়। স্বপ্নভংগৰ দুখ, সম্পৰ্কৰ ভাঙোন, আপোনজনৰ অকাল মৃত্যু, অকৃতকাৰ্যতা, দুৰাৰোগ্য ৰোগ, ব্যক্তিবিশেষে কত যে সমস্যাই মানুহৰ মন বিধ্বস্ত কৰিউ জীৱন সহ্যাতীত কৰি তোলে। আনকি বিচৰা ধৰণে আমাৰ জীৱনত সকলো কথা সুকলমে চলি থাকিলেও কেতিয়াবা আমাৰ মনটোৱে সুখ আৰু প্ৰাপ্তিৰ উজ্জ্বল পৰিৱেশতো আচৰিত ধৰণে অলসতা অনুভৱ কৰে। কিন্তু ই যে আমাৰ হৃদয়ৰ উৎসাহহীনতাৰ অৱস্থাৰ প্ৰথম লক্ষণ এই সহজ কথাটো আমাৰ চকুত ধৰা নপৰে। এনে অৱস্থাত দীৰ্ঘদিনীয়া প্ৰভাৱে আমাৰ মাজত থকা সকলো সম্ভাৱনা নিষ্প্ৰভ কৰে। জীৱন্ত শৰীৰ এটাত ক্ৰমশ: মৰি অহা মনটোৰ পাৰ্শ্বক্ৰিয়া আমাৰ সহজে অনুমেয়।

আধুনিক চিকিৎসা-বিজ্ঞানে মানুহৰ বিমৰ্ষ মনটোৱে নিজে সৃষ্টি কৰি লোৱা শৰীৰৰ ৰোগ-ব্যাধিসমুহৰ বিষয়ে গৱেষণালব্ধ ন ন তথ্য সমাজক দি আছে। উচ্চ ৰক্তচাপ, হৃদযন্ত্ৰৰ বিভিন্ন বিকাৰ, পেটৰ কিছুমান সমস্যাৰ কাৰণে শৰীৰতত্ত্বৰ অন্তৰ্নিহিত কাৰণবোৰৰ লগতে মাত্ৰাধিক মানসিক চাপ আৰু উদ্বিগ্নতাকো লেখত ল’ব পাৰি। এই ৰোগসমুহ প্ৰথমতে  ৰোগৰ সামান্য উপসৰ্গ হিচাপেহে দেখা দিয়ে, লাহে লাহে ইটোৱে সিটোৰ উপস্থিতিৰ সমস্যাত সংপৃক্ত হৈ চিৰদিনলৈ নিৰ্মুল কৰিব নোৱাৰা অনেক ব্যাধি শৰীৰলৈ কঢ়িয়াই আনে। উদাহৰণৰ কাৰণে কোৱা ৰোগ তিনিবিধৰ বাহিৰেও আন অনেক ৰোগৰ কথা চিকিৎসা-বিজ্ঞানীসকলে প্ৰমাণ কৰি দেখুৱাইছে, যিবোৰৰ প্ৰাৰম্ভিক কাৰণ আছিল মাত্ৰ মনৰ নিৰান্দময় আৰু উৎসাহহীনতাৰ চাপমুক্ত অৱস্থা।

যিকোনো ৰোগৰ চিকিৎসা প্ৰক্ৰিয়াতো ঔষধৰ সমানে ৰোগীৰ মানসিক শক্তি, মনৰ উদ্যম-উৎসাহ সমানে অপৰিহাৰ্য। মই আৰোগ্য হ’ম বুলি ৰোগীয়ে নিজৰ মনত দৃঢ়বিশ্বাসৰ জন্ম দিব নোৱাৰালৈকে চিকিৎসাৰ সময়ছোৱাত আশানুৰুপ ফল পোৱা নাযায়।

‘Our beliefs about healing are crucial to all aspects of wellness. Our entire molecular system is mediated by hormones the molecules of emotion triggred by our thoughts and behiefs. Our brains are hard wired based on our beliefs. Which change our neurotransmitter balance.

এই কথাখিনি ছিলভা পদ্ধতিৰ প্ৰতিষ্ঠাপক মনোবিজ্ঞানী জ’চ ছিলভৰ। আমাৰ নিজৰ বা আত্মীয় কাৰোবাৰ চিকিৎসাৰ সময়ত চিকিৎসকৰ সৈতে মুখামুখি হোৱাৰ পৰত তেখেতৰ কথাকেইষাৰৰ সত্যতা বাৰুকৈ উপলব্ধি কৰো। চিকিৎসকে চাই চিতি সকলো ঠিকেই আছে, চিন্তাৰ বা ভয়ৰ কোনো কাৰণ নাই বুলি কোৱাৰ লগে লগেই সম্ভৱত: সকলো ৰোগীয়ে শৰীৰৰ আধাখিনি অসুবিধা কমি যোৱা যেন অনুভৱ কৰে। কেতিয়াবা হয় তাৰ ঠিক ওলোটাটো। ৰোগীৰ ৰোগ সম্পৰ্কে চিকিৎসকে যদি নামমাত্ৰ সন্দেহ প্ৰকাশ কৰে ৰোগীজনে হঠাতে নিজকে আগতকৈ বহুত দুৰ্বল যেন অনুভৱ কৰে।

এইবোৰ কাৰণতে মানৱ সেৱাত জীৱন উৎসৰ্গা কৰা মানৱদৰদী চিকিৎসকসকলে কেৱল যান্ত্ৰিকভাৱে ৰোগবিধৰ চিকিৎসা নকৰে, তেওঁলোকে আন্তৰিকতাৰে চিকিৎসা কৰে ৰোগ হোৱা ৰোগীগৰাকীৰ। দুয়ো ক্ষেত্ৰতে কি বিশাল পাৰ্থক্য।

শৰীৰত যিকোনো ৰোগ চিনাক্ত হোৱাৰ পিছত উন্নত চিকিৎসাৰ কথা ভবাতকৈ আমি চিন্তা কৰিব লাগে। কেনেকৈ আমাৰ শৰীৰটোক নিৰোগী কৰি ৰাখিব পাৰো, এই কথাটোহে। জিন, বংশগতি শাৰীৰিক গঠনৰ বিসংগতি, সংক্ৰমণ, বেক্টেৰিয়া ভাইৰাছ আদিৰ প্ৰভাৱত হোৱা ৰোগসমুহ নহ’লেও অন্তত: মনৰ খ্ং, ক্ষোভ আৰু হতাশাই জন্ম দিয়া ৰোগ-ব্যাধিসমুহক ইছা কৰিলে কিছুমান সু-অভ্যাসেৰেই আমি প্ৰতিহত কৰাৰ চেষ্টা কৰিব পাৰো।

আজিকালি আধুনিক চিকিৎসা-বিজ্ঞানেও ৰোগীক পাৰ্শ্বক্ৰিয়াবিহীন বিকল্প ঔষধৰ পৰামৰ্শ দিয়ে। উত্‌সাহ আমাৰ সমগ্ৰ জীৱনৰ বাবে তেনে এক মহৌষধ। কেতিয়া কাৰ জীৱনত কি ঘটিব বা নঘটিব এই বিয়ে কোনেও আগতীয়াকৈ নিশ্চিতি দিব নোৱাৰে। ভৱিষৎ নিৰাপদ কৰিবলৈ আমি যেনেকৈ উপাৰ্জনৰ এটা অংশ প্ৰতিদিন ৰাহি কৰি বেংকত সঞ্চয় কৰো, ঠিক তেনেকৈ যিকোনো মুহুৰ্তত জীৱনে মুখামুখি হোৱা যিকোনো প্ৰত্যাহ্বান সাহসেৰে গ্ৰহণ কৰিবলৈ প্ৰতিদিনে হৃদয়ত উৎসাহক জীৱন দি থ’ব লাগে।

পৃথিৱীত উৎসাহ-অনুপ্ৰেৰণাৰ কোনো নিৰ্দিষ্ট ঠিকনা নাই। ফুলি থকা ফুল এপাহ, আন্তৰিকাপুৰ্ণ এষাৰ মাত, বৈ থকা নৈখন, শিশুৰ সৰল হাঁহি, প্ৰকৃতিৰ প্ৰতিটো সম্পদ, হৃদয়ৰ অম্লান ইচ্ছাবোৰ , পৃথিৱীৰ সমস্ত সুন্দৰতা, জীৱনৰ আনন্দ-বিষদ এই সকলোবোৰ আমাৰ উৎসাহৰ অনন্ত উৎস হ’ব পাৰে।

আমাৰ মনোদৈহিক প্ৰয়োজন আৰু অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি আমি জীৱনৰ উৎসাহ-অনুপ্ৰেৰণাৰ সন্ধান কৰো। আমি প্ৰত্যেকেই ইজনে সিজনতকৈ ভিন্ন, সেইবাবেই প্ৰতিটো বিষয়বস্তুৰ প্ৰতি আমাৰ আগ্ৰহ, দৃষ্টিভংগী বেলেগ বেৱলেগ হয়। মই গোটেই জীৱনলৈ অনুপ্ৰাণিত হৈ থকা কথাটোৱে আন কাৰোবাৰ জীৱনত সামান্যতম প্ৰভাৱো নেপেলাব পাৰে। কিন্তু আমাৰ প্ৰত্যেকৰে উৎসাহৰ কেন্দ্ৰবিন্দু একেটাই। আমাৰ হৃদয়, আমাৰ মনটো। আমাৰ হৃদয়ত যদি আভ্যন্তৰীণ অনুপ্ৰেৰণা (inner urge) ৰ অভাৱ অনুভুত হয়, তেতিয়া হাজাৰবাৰ চেষ্টা কৰিলেও পৃথিৱীৰ কোনো কথাই আমাক অনুপ্ৰাণিত কৰিব নোৱাৰে।

সদা উৎসাহী মনটো মানুহৰ ইচ্ছাশক্তিৰ দীৰ্ঘদিনীয়া অনুশীলনৰ ফল। ইচ্ছাশক্তি ধনাত্মক চিন্তাৰ ফচল। ধনাত্মক চিন্তাইহে জীৱনৰ প্ৰতিটো ঋতুতে আমাৰ শৰীৰ আৰু মনৰ পৰিপুষ্টি সাধন কৰিব পাৰে। স্বাস্থ্যৰ যত্ন লোৱা কথাষাৰৰ প্ৰকৃত অৰ্থ হ’ল আমাৰ চিন্তাৰ যত্ন লোৱা। এনেকৈ ভাবিব পাৰিলেই মনৰ পৰা ইতিবাচক চিন্তা-চেতনাৰ পথ প্ৰশস্ত হয়।

আমাৰ জীৱনত আমি ভবা মতেই সকলো হ’ব বুলি আশা কৰা অনুচিত। অকল ‘ভাল’ লৈ অপেক্ষা কৰি থকাৰ প্ৰৱণতাই আমাৰ চৰিত্ৰৰ দুৰ্বল দিশক সুচায়। জীৱনৰ চৰম বিপৰ্যয়ৰ সময়তো অসীম ধৈৰ্যৰে পৰিস্থিতিৰ সৈতে যুঁজিব পৰাকৈ ইতিবাচক চিন্তাৰে অনুপ্ৰাণিত হ’ব পৰাজনেহে জীৱনক জয়ী কৰিব পাৰে। ধনাত্মক চিন্তাই আমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ সমস্যাটোকে সুযোগত পৰিণত কৰে। উত্তৰ প্ৰদেশৰ এখন ভিতৰুৱা গাঁৱৰ এগৰাকী অসাধাৰণ ছোৱালীৰ উদাহৰণ দিওঁ। এদিন ট্ৰেইনৰে এফালে গৈ থাকোতে ডিঙিৰ চেইনডাল কোনোবাই কাঢ়ি, চলন্ত ট্ৰেইনৰ পৰা ঠেলা মাৰি পেলাই দিছিল সেই দুৰ্ভগীয়া ছোৱালীজনীক। গোটেই নিশাটো ছোৱালীজনী ৰে’ললাইনতে পৰি থাকিল। গাৰ ওপৰেৰে উকি মাৰি মাৰি পাৰ হৈ গ’ল কেইবাখনো ট্ৰেইন। ৰাতিপুৱা চকু মেলিয়েই চিকিৎসালয়ত ছোৱালীজনীয়ে নিজকে আৱিষ্কাৰ কৰিলে। ইমনতে এই ছোৱালীজনীৰ কাহিনীৰ অন্ত পৰা নাই, ইয়াৰ পিছৰখিনি ইতিহাস। কৃত্ৰিম ভৰিৰে এভাৰেষ্ট শৃংগ আৰোহণ কৰা ভাৰতৰ প্ৰথমগৰাকী দিব্যাংগ মহিলা পদ্মশ্ৰী অৰুণিমা সিনহা আজি প্ৰতিজন ভাৰতীয়ৰ বাবে সংগ্ৰাম আৰু আত্মবিশ্বাসৰ অন্য নাম। তেওঁৰ অসাধাৰণ জীৱন আৰু ইতিবাচক চিন্তা-চেতনা প্ৰতিজন মানুহৰ বাবে অমল অনুপ্ৰেৰণা।

আমাৰ মনৰ পৰা, জীৱনৰ পৰা উৎসাহ-উদ্দীপনা হেৰাই যোৱাৰ কাৰণবোৰ, সময়, বেলেগ বেলেগ যদিও এনে সময়ছোৱাত প্ৰায়ভাগেই একে আচৰণেই প্ৰদৰ্শন কৰে। অতীতৰ দুখ-দুৰ্দশাৰ স্মৰণেৰে বৰ্তমানক স্থবিৰ কৰি, দু:সময়ৰ ম্যাদ বৃদ্ধি কৰি ভৱিষ্যতলৈও আমি আমাৰ অজানিতে একে দুখ –যন্ত্ৰণাকে সংবহন কৰি গৈ থাকো।

উৎসাহৰ পুনৰ উধাৰৰ বাট আমি প্ৰত্যেকেই নিজেই বিচাৰি ল’বলগীয়া হয়। প্ৰতিদিনে ৰাতিপুৱা আমালৈ এটা নতুন জীৱনৰ সম্ভাৱনাৰ সুযোগ লৈ আহে। সময় সলনি হ’বলৈ সময় নালাগে। প্ৰয়োজন মাথোঁ আমাৰ সদিচ্ছাৰ ।

নিজৰ ব্যক্তিগত দুখ-যন্ত্ৰণাৰ কাৰুণ্য উপেক্ষা কৰি, মহাজীৱনৰ সন্ধান কৰা, সৰু-বৰ যিকোনো কামেৰে জীৱনক নতুন ৰুপত প্ৰতিষ্ঠা কৰা পৃথিৱীৰ প্ৰতিজন মানুহৰ কৰ্ম আৰু জীৱন মোৰ বাবে অনুপ্ৰেৰণা। তেনে বিৰল ব্যক্তিত্বৰ মানুহৰ পৰা মই তিনিটা বিশেষ কথা অনুকৰণীয় বুলি উপলব্ধি কৰো।

১) তেওঁলোকে নিজৰ বৰ্তমানটোত বিচৰণ কৰি নতুন জীৱনৰ সন্ধান কৰে।

২) নিজকে সুখী কৰি ৰখাতকৈ, তেওঁলোক ব্যস্ত হৈ থাকে প্ৰতিদিনে নিজকে কৰ্মব্যস্ত কৰি ৰখাত।

৩) প্ৰতিদিনে তেওঁলোকে নিত্য-নৈমিত্তিক কামৰ লগতে নিজৰ আত্মাক সন্তুষ্ট কৰিব পৰা কিবা নহয় কিবা এটা শুভ কামত জড়িত হয়।

আমাৰ হৃদয়ৰ আভ্যন্তৰীণ অনুপ্ৰেৰণাক চিৰজাগৰুক কৰি ৰাখিবলৈ আমিও এই তিনিটা কামৰ অনুশীলন দৈনন্দিন জীৱনশৈলীত অন্তৰ্ভুক্ত কৰিব নোৱাৰোনে?

লেখিকা: অৰুণিমা চৌধুৰী বৰা (জি এনআৰচি স্বাস্থ্য)

2.78947368421
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top