অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নাক, মুখ, দাঁত, ডিঙি আদিৰ ৰোগৰ বিষয়ে

নাকৰ অসুখ

নাকেৰে তেজ ওলোৱা ৰোগ

চিকিৎসা

মূৰত পানী ঢালিলে নাকেৰে তেজ পৰা লগে লগে বন্ধ হ’ব।

৩ গ্ৰাম সুৱগাৰ চূৰ্ণ সামান্য পানীত গুলি নাকত পেলাই দিলে নাকেদি তেজ পৰা বন্ধ হ’ব। বেছিকৈ, হৰ হৰকৈ নাকেৰে তেজ ওলালেও বন্ধ হ’ব। দিনত একাধিকবাৰ নাকেৰে তেজ পৰিলেও সুৱগা পানী নাকত দিলে তেজ পৰা বন্ধ হ’ব।

মিঠা আলুৰ ৰস নাকেৰে ভিতৰলৈ টানিলে এই ৰোগ তত্ক্ষাণাত্ ভাল হয়।

দূবৰিবন পিহি নাকেৰে শুঙিলে তেজ পৰা বন্ধ হয়।

পিঁয়াজ খুন্দি নাকেৰে শুঙিলে তেজ পৰা বন্ধ হয়।

কিচমিচ পানীত সিজাই সেই পানীৰ লগত চেনি মিহলাই নাকেৰে উজালে নাকেৰে তেজ পৰা বন্ধ হয়।

দূবৰিবনৰ ৰস ৫ চামুচ মৌৰ সৈতে মিহলাই দিনে ৩-৪ বাৰ খালে নাকেৰে তেজ পৰা বন্ধ হয়।

নাকৰ মঙহ বাঢ়িলে

মণিছালৰ বাকলি চোবাই খাব লাগে। মণিছাল মানে হাইঠা গুটিৰ ছাল। এই গুটিৰ বাকলি চোবাই খালে উপকাৰ হয়। অস্ত্ৰোপচাৰ বা অপাৰেছন কৰি বঢ়া মাংস গুচাই দিয়া হয়।

নাকৰ ভিতৰত হোৱা টিউমাৰ

দোৰোণ ফুলৰ (দ্ৰোণ পুষ্প) গছৰ ৰস নাকেৰে উজালে (টানিলে) ভাল হয়।

এৱাঁ ভঙা

বীজাণু দ্বাৰা আক্ৰান্ত হৈ, নাকত আঘাত লাগি লিউক’মিয়া, হিম’ফিলিয়া, পাৰপুৰা আদি তেজৰ বেমাৰৰ বাবে এই ৰোগ হয়। বংশগত কাৰণতো হ’ব পাৰে।

ৰোগৰ লক্ষণ

যেতিয়াই তেতিয়াই নাকেৰে তেজ ওলায় আৰু নাকত বিষ হয়।

চিকিৎসা

মিঠা আলুৰ ৰস নাকেৰে ভিতৰলৈ টানিলে এই ৰোগ তত্ক্ষাণাত্ ভাল হয়।

দূবৰিবন পিহি নাকেৰে শুঙিলে তেজ পৰা বন্ধ হয়।

পিঁয়াজ খুন্দি নাকেৰে শুঙিলে তেজ পৰা বন্ধ হয়।

কিচমিচ পানীত সিজাই সেই পানীৰ লগত চেনি মিহলাই নাকেৰে উজালে নাকেৰে তেজ পৰা বন্ধ হয়।

দূবৰিবনৰ ৰস ৫ চামুচ মৌৰ সৈতে মিহলাই দিনে ৩-৪ বাৰ খালে নাকেৰে তেজ পৰা বন্ধ হয়।

নাকৰ ছাইনুছাইটিছ ৰোগ

ছাইনাছ হৈছে হাড়ৰ মাজৰ ফাকেৰে সুৰুঙা, বিশেষকৈ মূৰৰ লাওখোলাত আৰু তাৰ ভিতৰত থকা খোৰোঙৰ দৰে ঠাই। নাকৰ ওপৰ ভাগত তেনে ছাইনাছ আছে আৰু এই ছাইনাছবোৰত প্ৰদাহৰ সৃষ্টি হয় আৰু তাত মিউকাছৰ (শ্লেষ্মাজাতীয় বস্তু) চামনিয়ে লাগি ধৰে। বীজাণুৰ দ্বাৰা আক্ৰান্ত হৈও এইবোৰ হয়, বিজলুৱা বস্তু জমা হয়।

ৰোগৰ ৰক্ষণ

মূৰ বিষায়, নাকৰ ওপৰ ভাগত অসুবিধা লাগে আৰু সেই খোৰোঙৰ ঠাইত বিজলুৱা মলি জমা হয় আৰু সেইবোৰ মাজে মাজে নাকেৰে ওলাই আহে। কাৰোবাৰ কেতিয়াবা অসুখ দীৰ্ঘস্থায়ী হৈ থাকে।

চিকিৎসা

মূৰৰ বিষত নাকেৰে নহৰুৰ ৰস টানিলে মূৰৰ বিষ নোহোৱা হ’ব। এগিলাচ গৰম পানীত ১ চামুচ নেমুটেঙাৰ ৰস, ১ চামুচ আদাৰ ৰস, ১ চামুচ মৌ মিহলাই অলপ অলপকৈ খালে যি কোনো মূৰৰ বিষ যাব।

অসুখ দীৰ্ঘদিনীয়া হোৱা যেন দেখিলে শল্য চিকিত্সকৰ সহায়ত ওৱাছ কৰি মলিবোৰ আঁতৰালে ভাল হয়।

মুখৰ অসুখ

মুখৰ দুৰ্গন্ধ

কিছুমান মানুহৰ মুখেৰে দুৰ্গন্ধ ওলায়। আচলতে এই দুৰ্গন্ধ পেটৰ পচা গোন্ধ। খোৱা বস্তু হজম নহয়, পায়খানা পৰিষ্কাৰ নহয় আৰু মুখেৰে তাৰ দুৰ্গন্ধ ওলায়। পানী লগা অসুখ হ’লেও কেতিয়াবা কাৰোবাৰ মুখ গোন্ধায়। মুখত ঘা থাকিলেও মুখৰ গোন্ধ ওলায়। দাঁতৰ ৰোগ, পায়’ৰিয়া থাকিলে মুখৰ গোন্ধ ওলায়। মুখ-দাঁত পৰিষ্কাৰ নাথাকিলেও মুখৰ গোন্ধ ওলায় কিন্তু ইয়াৰ তীব্ৰতা কিছু কম। তেনেকৈ বুঢ়া মানুহৰ বুকুত কফ জমি থাকিলেও মুখ গোন্ধায়। কিন্তু মুখৰ দুৰ্গন্ধ থাকিলে ই মানুহৰ ব্যক্তিত্বৰ ওপৰতো অশুভ প্ৰভাৱ পেলায়। আপোন-পৰ সকলো মানুহেই আঁতৰি থাকিব খোজে। মানুহৰ সহানুভূতি লাভত বাধাৰ পৰিৱেশ সৃষ্টি কৰিব পাৰে।

চিকিৎসা

মুখৰ দুৰ্গন্ধ গুচাবলৈ বেদানাৰ বাকলি পানীত উতলাই সেই পানী মুখত কিছু সময় ৰাখিলে মুখৰ দুৰ্গন্ধ দূৰ হ’ব। মুখত কোনো ধৰণৰ ঘা থাকিলে শুকাই আহিব।

এগিলাচ অলপ কুহুমীয়া গৰম পানীত এক চামুচ আদাৰ ৰস আৰু এক চামুচ নেমুটেঙাৰ ৰস মিহলাই মুখ কুলি কৰিলেও দুৰ্গন্ধ দূৰ হ’ব।

বেদানাৰ বাকলিৰ অভাৱত ডালিমৰ বাকলি ছায়াত শুকাই গুড়ি কৰি তাৰ চূৰ্ণ ৩ গ্ৰাম (আধা চামুচ) প্ৰতিদিনে ৰাতিপুৱা আৰু গধূলি অলপ পানীৰে খালে আৰু বাকলি (বেদানাৰ) পানীত উতলাই মুখ কুলি কৰিলে মুখৰ দুৰ্গন্ধ দূৰ হ’ব।

খোৱাৰ (আহাৰৰ) পাছত গুৱা-মৰি চোবালে মুখৰ দুৰ্গন্ধ দূৰ হয়।

তুলসীৰ পাত বা গমৰ পাত মুখত লৈ চোবালেও মুখৰ গোন্ধ  নোহোৱা হয়।

সৰু এলাচি চোবালেও মুখৰ গোন্ধ নাশ হয়।

পটাছিয়াম পাৰমাংগানেটৰ কেইটামান টুকুৰা এগিলাচ পানীত ভালকৈ গুলি সেই পানীৰে মুখ কুলি কৰিলে মুখৰ দুৰ্গন্ধ আৰু লগতে মুখৰ অন্যান্য কোনো ৰোগ থাকিলেও দূৰ হ’ব।

মুখৰ গোন্ধ যদি পেটৰ অসুখ, অম্লপিত্ত, গেছ, শৌচ কচা আদি ৰোগৰ বাবে হয় তেনেহ’লে প্ৰথমতে পেট পৰিষ্কাৰ কৰাৰ বাবে চিকিত্সা কৰি এই অসুখবোৰ দূৰ কৰিব লাগিব। যিসকলে গোটেই বছৰ ধৰি শৌচ কচা ৰোগত ভোগে তেওঁলোকৰ মুখেৰে ময়লাৰ গোন্ধ বাহিৰ হয়।

এনে ক্ষেত্ৰত, হজমৰ গণ্ডগোল হোৱাৰ বাবে মুখৰ দুৰ্গন্ধ হ’লে আহাৰ খোৱাৰ পাছত দুই বেলাই আধা চামুচকৈ গুৱা-মৰি চোবাই খাব লাগে। হজমশক্তি বাঢ়িব, মুখৰ দুৰ্গন্ধও যাব। গলত সুৰসুৰ কৰা, মাত বহি যোৱা আদি অসুখতো উপকাৰ হয়।

এটাকৈ লং খোৱাৰ পাছত মুখত লৈ অলপ চোবাই, অলপ চুহি তেনেকৈ খাই থাকিলে মুখৰ দুৰ্গন্ধ নাশ হ’ব। লগতে গাৰ দুৰ্গন্ধ থাকিলে, কফ্ আদিৰ গোন্ধ থাকিলেও আঁতৰিব। দাঁতৰ অসুখ থাকিলেও দূৰ হয়। নিয়মিত লং চুহি থাকিলে হজমশক্তি বাঢ়ে, এচিডিটি থাকিলে নাশ হয়, অম্লপিত্ত দূৰ হয়, দাঁত মজবুত হয় আৰু গাঁঠিৰ বিষ আদি থাকিলেও আৰোগ্য হয়। গতিকে ভাত খাই উঠি তামোল নাখাই এটা লং চোহা অভ্যাস কৰিলে শৰীৰৰ বিশেষ উপকাৰ হ’ব। এখন তামোলতকৈ এটা বা দুটা লঙৰ খৰচো কম।

মুখৰ বা জিভাৰ ঘা

চিকিৎসা

সৰু শিলিখা এটা গুড়ি কৰি মুখ বা জিভাৰ ঘাত লগালে ৰোগ নিৰাময় হয়। যিবোৰ ঘাত নানা ঔষধ লগায়ো ফল পোৱা নাযায় তেনে ঘা শিলিখাৰ দ্বাৰা আৰোগ্য হয়। দিনে ২-৩ বাৰ একেৰাহে ২-৩ দিন লগাব লাগিব পাৰে।

প্ৰতিদিনে ৰাতি আহাৰ খাই উঠি, শোৱাৰ আগতে এটা সৰু শিলিখা চুহি থাকক। ইয়াৰ ফলত মুখৰ, জিভাৰ যিকোনো ধৰণৰ ঘা দূৰ হ’ব। পাকস্থলী আৰু অন্ত্ৰৰ কোনো ৰোগ থাকিলে সিও ভাল হৈ যাব আৰু পাচক যন্ত্ৰ সবল হৈ উঠে।

তুলসীৰ পাত ৪-৫ টা ৰাতিপুৱা আৰু গধূলি চোবাই খাই অলপ পানী খালে মুখৰ ঘা আৰু মুখৰ দুৰ্গন্ধ দূৰ হয়। ৪-৭ দিন খাব লাগে।

২ গ্ৰাম সুৱগা আখৈ কৰি গুড়ি কৰি ১৫ গ্ৰাম গ্লিচাৰিনৰ সৈতে মিহলাই জিভাৰ ঘাত দিনে ২-৩ বাৰ লগালে জিভাৰ ঘা সোনকালে শুকাই যাব।

সুৱগাৰ আখৈ চূৰ্ণৰ লগত মৌ মিহলাই জিভাৰ ঘাত লগাই দি জিভাখন বাহিৰৰ (মুখৰ) ফালে ৰাখক। আঙুলিৰে ঘঁহি ঘঁহি লগাওক। জিভাৰে লালটি জৰজৰকৈ পৰিবলৈ ধৰিব। জিভাৰ ঘাৰ বাবে ই মহৌষধ, মাত্ৰ এদিনতে (২-৩ বাৰ লগালে) আৰোগ্য হ’ব।

বাৰে বাৰে মুখ বা জিভাত ঘা হৈ থকা হ’লে যথেষ্ট পৰিমাণে বিলাহী খাব লাগে। প্ৰতিদিনে বিলাহী খালে উপকাৰ হয়।

পৰিষ্কাৰ পানীত বিলাহীৰ ৰস মিহলাই মুখত লৈ কুলি কৰিলে, মুখ, ওঁঠ, জিভাৰ ঘা নিৰ্মূল হয়।

মধুৰিআমৰ কুঁহিপাতৰ আগ তিনিটা বটি লগালে জিভাত হোৱা গুটি, ফোঁহা, ঘা তত্ক্ষাণাত্ ভাল হয়।

৪ গ্ৰাম আখৈ ফুটুৱা সুৱগা, ৬ গ্ৰেন (০.৩৭৫ মিলিগ্ৰাম- ১০০০ মিলিগ্ৰামত ১ গ্ৰাম) কৰ্পূৰ, ১২ গ্ৰাম গ্লিচাৰিন মিহলাই মুখৰ ঘাত লগালে ঘা অতি সোনকালে শুকায়। মুখৰ ঘা, জিভাৰ ঘা, ওঁঠৰ ঘা সকলো নিৰাময় হয়।

সৰু ল’ৰা-ছোৱালীৰ মুখৰ ঘাত মিছিৰি ৪ ভাগ আৰু কৰ্পূৰ ১ ভাগ মিহলাই লগালে মুখৰ ঘা, জিভাৰ ঘা শুকাই যায়।

মুখৰ সোৱাদ নষ্ট হোৱা অৱস্থা

মুখেৰে একো খাবলৈ ভাল নলগা হোৱাটোও এটা অসুখ। কেতিয়াবা তিতা তিতাও লাগিব পাৰে।

চিকিৎসা এটা নেমুটেঙা দুফাল কৰি এফালত অলপ বিট লোণ বা সৈন্ধৱ লোণ দিয়ক, অলপ জালুকৰ গুড়িও ছটিয়াই দিয়ক। তাৰ পাছত এখন তাৱা বা কেৰাহিত নেমু টুকুৰা অলপ গৰম কৰি চুহিবলৈ দিয়ক। মুখৰ ৰুচি ঘূৰি আহিব। মুখত তিতা তিতা ভাব থাকিলে দূৰ হ’ব। পেটৰ কোনো গোলমালৰ বাবে এনে অৱস্থা হ’লেও ভাল পাব।

মুখৰ ৰুচি অনাৰ বাবে লং এটা চুহি থাকিলেও ভাল ফল দিয়ে। মুখৰ কোনো বীজাণুৰ আক্ৰমণো বিনাশ কৰে।

দুটা জালুক মুখত লৈ চোবালেও মুখৰ ৰুচি হয়। যিয়ে হঠাতে কথা ক’ব লগা হ’লে মুখ খুলিব নোখোজে, জালুক মুখত লৈ চোবালে মুখ পাতল হয়, উচ্চাৰণ স্পষ্ট হয়।

মুখত ব্ৰণ আৰু ক’লা চোম

চিকিৎসা

গোলাপ জল আৰু নেমুটেঙাৰ ৰস সমপৰিমাণে মিহলাই লওক আৰু মুখৰ ব্ৰণ বা ক’লা চোমত পিহি পিহি লগাই দিয়ক। ঘঁহি-পিহি লগাওক। আধা ঘণ্টা পাছত পৰিষ্কাৰ পানীৰে ধুই পেলাওক। ১০-১৫ দিন এই ধৰণে ঘঁহিলে ব্ৰণ বা ক’লা চোম নোহোৱা হ’ব। ইয়াৰ বাহিৰে নেমুটেঙাৰ বাকলিৰে সদায় গা ধোৱাৰ আগে আগে ঘঁহিলে উপকাৰ হয়। পাছত কুহুমীয়া গৰম পানীৰে ধুই পেলাব লাগে। তাৰ পাছত গা ধুব লাগে। কেইদিনমানৰ পাছতেই ক’লা চোম, ব্ৰণ, শালমইনা, অন্য কিবা দাগ থাকিলে দূৰ হ’ব।

ব্ৰণ নখেৰে ভাঙিব নুখুজিব। তেনেকৈ শালমইনাও ভাঙি নিদিব। এইবোৰ কৰিলে ব্ৰণ, শালমইনা আদি বাঢ়ি যায়। এইবোৰৰ স্থায়ী দাগ ৰৈ যায়।

শৌচ কচা থাকিলে মুখত নানা ধৰণৰ গুটি, শালমইনা বা দাগৰ উত্পত্তি হয়। শৌচ খোলোচা কৰিবলৈ যত্ন কৰিব। ৰাতিপুৱা খালী পেটতে এৰাৰ তেল ৪ চামুচ (বেছি কচা অৱস্থাৰ লোক হ’লে ৫ চামুচ) অলপ গৰম পানীত লৈ খাব। শৌচ নোহোৱালৈকে একো নাখাব। শৌচ খোলোচা হ’ব। মাজে মাজে খাই পেট পৰিষ্কাৰকৈ ৰাখিব।

মুখমণ্ডলৰ শ্ৰীবৃদ্ধি

মুখখন দেখাত শুৱনিকৈ ৰাখিবলৈ হ’লে যত্ন লোৱাৰ আৱশ্যক হয়।

চিকিৎসা

নেমুটেঙাৰ ৰস ২ চামুচ, গ্লিচাৰিন ২ চামুচ আৰু গোলাপ জল ২ চামুচ মিহলাই ৰাতি মুখত সানি শুই থাকিব লাগে। হাতেৰে লাহে লাহে ঘঁহি-পিহি শুকাই যাবলৈ দিব লাগে। মুখ উজ্জল হৈ উঠিব, নৰম আৰু নিমজ হৈ পৰিব। তাৰ উপৰিও মুখৰ দাগ, ক’লা চোম, চকুৰ তলত ক’লা পৰা আদি দূৰ হৈ মুখমণ্ডল উজ্জ্বল হৈ উঠিব। ১৫ দিন, এমাহ কৰিলেই সুফল পাব।

যদি গ্লিচাৰিন নাথাকেও নেমুৰ ৰস আৰু গোলাপ জল ব্যৱহাৰ কৰিলেও উপকাৰ পাব।

গাজৰৰ ৰস ৩ ভাগ, বিলাহীৰ ৰস ২ ভাগ আৰু বিটৰ ৰস ১ ভাগ মিহলি কৰি প্ৰতিদিনে আধা গিলাচ ১৫-২০ দিন খালে মুখৰ ক’লা চোম, দাগ, ক’লা ক’লা ভাব দূৰ হয়, মুখ চাফা আৰু সুন্দৰ হয়।

গাল ফুলা ৰোগ

বীজাণুৰ দ্বাৰা আক্ৰান্ত হৈ এই ৰোগ হয়। ই সংক্ৰামক ৰোগ। সাধাৰণতে ৫-ৰ পৰা ১৫ বছৰৰ ল’ৰা-ছোৱালীৰ বেছিকৈ হয়। বীজাণুৰ দ্বাৰা আক্ৰান্ত হোৱাৰ ২-৩ সপ্তাহৰ পাছত ৰোগৰ লক্ষণ দেখা দিয়ে। ইয়াক পিঠাখোৱা ৰোগো বোলে।

ৰোগৰ লক্ষণ

কাণৰ তলৰ পেৰ’টিড্ ছেলাইভাৰী গ্লেণ্ড্ প্ৰথমতে এফালে আৰু পাছত সিফালে, অৰ্থাত্ দুয়োফালে ফুলিবও পাৰে। কিন্তু সাধাৰণতে এফাল হোৱাই দেখা যায়। আক্ৰান্ত হোৱা ফালৰ গালখন ফুলি উঠে। গাল ফুলা ৩ দিনমান থাকে, তাৰ পাছত আপোনা আপুনি ভাল হয়। কিন্তু বীজাণুৰ সংক্ৰমণ এটাৰ পাছত আনটো ছেলাইভাৰী গ্লেণ্ড্, তাৰ পাছত অগ্ন্যাশয়, মগজু আৰু অণ্ডকোষলৈ বিয়পিব পাৰে। পুৰুষ লোকৰ (ডাঙৰৰ) হ’লে বন্ধ্যাত্বপ্ৰাপ্ত হ’ব পাৰে। সাধাৰণতে এবাৰ মাম্পছ্ বা পিঠাখোৱা ৰোগ হ’লে জীৱনত আৰু নহয় বা ইমিউনিটি প্ৰাপ্ত হয়। এই ৰোগৰ মেডিকেল নাম ইনফেকছাছ পেৰ’টিটিছ। গাল ফুলিলে বিষাবও পাৰে আৰু জ্বৰো হ’ব পাৰে বা সাধাৰণতে জ্বৰ জ্বৰ লাগে।

চিকিৎসা

চজিনাৰ শিপাৰ ছাল আৰু সম পৰিমাণৰ সৰিয়হ বটি ফুলা ঠাইত প্ৰলেপ দিলে ভাল হয়।

চোৰাত গছৰ শিপা খুন্দি গাল ফুলা ঠাইত লগালে আৰাম পায়।

তৰুৱা কদমৰ পাত ১০ গ্ৰাম আৰু খয়েৰ ২ গ্ৰাম মিহলি কৰি গাল ফুলা ঠাইত লগালে উপকাৰ হয়।

মৰাণ আদা খুন্দি, বটি, ফুলা ঠাইত প্ৰলেপ দিব পাৰি।

খোলাচাপৰি পিঠা পুৰি গৰমে গৰমে, গালত সেক দিলে আৰাম পোৱা যায়। (তেনেকৈ গাল সেকি সেকি সেই পিঠা খাইছিল বাবে ইয়াক পিঠাখোৱা বেমাৰো বোলে)।

পথ্যাপথ্য

লঘুপাকী খাদ্য খাব লাগে। পটল, চজিনা, মগুদাইল সুপথ্য। মাছ, পূৰৈ শাক, মাটিমাহৰ দাইল, কফ সৃষ্টিকাৰক বস্তু খাব নালাগে। মাদকদ্ৰব্য আৰু ধূমপান নিষেধ।

দাঁতৰ অসুখ

দাঁতৰ পায়’ৰিয়া ৰোগ

ৰোগৰ কাৰণ

মুখ ভালকৈ পৰিষ্কাৰকৈ নাৰাখিলে প্ৰধানকৈ এই ৰোগ হয়। তাৰ উপৰিও খোৱা-লোৱাৰ অনিয়ম বা পুষ্টিহীনতাৰ বাবেও হ’ব পাৰে। পেটৰ গণ্ডগোল, ভলকৈ হজম নোহোৱাৰ বাবেও হ’ব পাৰে। এই ৰোগ সাধাৰণতে বয়সিয়াল লোকৰ হয়।

ৰোগৰ লক্ষণ

দাঁতৰ আলু ফুলে, দাঁত বিষায়। উখহা ঠাই পকে আৰু পূজ ওলায়। মুখেৰে দুৰ্গন্ধ ওলায়।

চিকিৎসা

ৰাতিপুৱা আৰু গধূলি এৰাৰ তেলত কৰ্পূৰ মিহলাই দাঁতৰ গুৰি, পকা ঠাই, ফুলা ঠাইত ভালকৈ মালিছ কৰক। কৰ্পূৰৰ ৮ টা টুকুৰা আৰু ২-৩ চামুচ এৰাৰ তেল সামান্য গৰম কৰি মিহলাওক। কৰ্পূৰ সম্পূৰ্ণ নিশ্চিহ্ন হ’লে সেই তেলেৰে দাঁতৰ গুৰি মালিছ কৰিব।

বকুল গছৰ ছাল বা বকুল ফল বটি তাৰ ৰসেৰে মুখ কুলকুলিয়ালে এই ৰোগ আৰোগ্য হয়।

মহানিমৰ ছাল জুইত পুৰি তাৰ ছাইৰে দাঁত মাজিলে দাঁতৰ বিষ কমে আৰু দাঁতৰ গুৰিয়েদি তেজ, পূজ ওলোৱা বন্ধ হয়।

পায়’ৰিয়াৰ যদি ভীষণ বিষ হয়, তেনেহ’লে গৰুৰ ঘিউত কৰ্পূৰ (১ চামুচ ঘিউ, ৪ টুকুৰা কৰ্পূৰ) মিহলাই ৰাতিপুৱা আৰু গধূলি দাঁতৰ আলুত মালিছ কৰিলে বিষ কমি যাব। মালিছ কৰোঁতে লালটি বৰকৈ ওলাব আৰু বিষ কমি যাব।

নেমুটেঙাৰ ৰস দাঁতৰ আলুত ঘঁহি দিলে পায়’ৰিয়াৰ তেজ পৰা বন্ধ হ’ব। তিলৰ তেল মুখত ১৫-২০ মিনিট ৰাখি কুলি কৰিলেও পায়’ৰিয়া ৰোগ নিৰ্মূল হয়। ইয়াৰ ফলত লৰা দাঁতো বহি যায় আৰু দাঁত মজবুত হয়।

দাঁতৰ সাধাৰণ আলু ফুলা অসুখ

দাঁতৰ আলু সাধাৰণভাৱেও ফুলে আৰু দাঁত বিষায়। ইয়াত দাঁতৰ গুৰিৰে পূজ নোলায়। এই ৰোগ সাধাৰণতে সৰু ল’ৰা-ছোৱালীৰ মাজত বেছিকৈ দেখা যায়। ইয়াক জিঞ্জিভাইটিছ ৰোগ বোলে।

চিকিৎসা

আধা ফাল নেমুৰ ৰস এগিলাচ অলপ গৰম পানীত মিহলাই তাৰে মুখ কুলি কৰিলে আৰাম পাব।

গৰম পানীত (উতলা) ১ চামুচ যনী আৰু অলপ নিমখ দি অলপ উতলাই পানী জুইৰ পৰা নমাই, সহিব পৰা গৰম থাকোঁতে মুখ কুলু কৰিলে উপকাৰ হয়।

জেতুকাৰ পাত ৫-৭ গ্ৰাম অলপ পৰিষ্কাৰ পানীত ৪-৫ ঘণ্টা তিয়াই থৈ সেই পানীৰে মুখ গাৰ্গল কৰিলে মুখৰ ঘা, দাঁতৰ আলুৰ ঘা, গলৰ ঘা আদি আৰোগ্য হয়।

দাঁতৰ আলু ফুলাৰ বাবে দাঁতৰ বিষ আদিত এক চামুচ আমলখিৰ ৰসত ১-২ টুকুৰা কৰ্পূৰ মিহলাই দাঁত আৰু আলুত লগালে আৰাম পোৱা যায়।

কেইটামান লং মিহি কৰি বটি তাৰ লগত অলপ নেমুটেঙাৰ ৰস মিহলাই সেই লং বটাৰে দাঁত আৰু দাঁতৰ আলু মালিছ কৰিলে বিশেষ উপকাৰ পোৱা যায়।

দাঁতৰ বিষ

চিকিৎসা

যদি হঠাত্ দাঁতৰ বিষ অনুভৱ হয়, আদা এটুকুৰা বাকলি গুচাই ডাঠকৈ চকলিয়াই সেই বিষোৱা দাঁতেৰে চোবাব লাগে। এনেকৈ চোবাব লাগে যাতে আদাৰ ৰস সেই দাঁতৰে (তলৰ পাৰিৰ হ’লে) বাগৰি তললৈ যায় অথবা (ওপৰৰ পাৰিৰ হ’লে) চোবাওঁতে ওলোৱা ৰস সেই দাঁতত লাগে। ২-৩ বাৰমান আদা চোবালে যিকোনো ধৰণৰ দাঁতৰ বিষ নিৰাময় হয়।

দাঁত ক্ষয় বা দাঁত পোকে খোৱা

ৰোগৰ লক্ষণ

আচলতে দাঁত কোনো পোকে নাখায়। খাদ্যবস্তুৰ কণা দাঁতত লাগি ধৰে, দাঁত ঠিকমতে পৰিষ্কাৰ নোহোৱাৰ ফলত সেই খাদ্য কণাত অম্লতা উত্পন্ন হয় আৰু দাঁত সেই ঠাইত ক্ষয় যাবলৈ ধৰে। ক’লা দাগ পৰি দাঁতৰ এনামেল নষ্ট হয়, দাঁতৰ (হাড়ৰ) বস্তুবোৰ খুব সৰু সৰুকৈ ভাঙি এৰাই যায়। আকাৰত প্ৰথমতে ঘূৰণীয়া দেখায়, দাঁতত গাত বা কেভিটিৰ সৃষ্টি হয়। সেইবাবে মানুহে দাঁত পোকে খোৱা বোলে। পাছলৈ দাঁত ডাঙৰ টুকুৰা হৈ ভাঙিও যাব পাৰে। ইয়াক ডেণ্টাল কেৰিজ ৰোগ বোলে কাৰণ- সাধাৰণতে ল’ৰা-ছোৱালীৰ এই ৰোগ হয় আৰু ৩০ বছৰমান বয়সৰ পাছত আৰু নহয়। ইয়াৰ প্ৰকৃত কাৰণ এতিয়াও ধৰিব পৰা হোৱা নাই যদিও মিঠা বস্তু খালে হোৱাৰ সম্ভাৱনা বেছি বুলি ঠাৱৰ কৰিব পৰা হৈছে। এই ৰোগ হ’লে দাঁতৰ চিকিত্সা সোনকালে কৰিব লাগে। নহ’লে দাঁতৰ গুৰিৰ আলুত ৰোগৰ উত্পত্তি হয়, পূজ হয়। দাঁতৰ নানা কষ্টই আগুৰি ধৰে।

চিকিৎসা

দাঁতৰ আক্ৰান্ত ঠাইত বা তাৰ কাষৰ দাঁতৰ ফাকত হিং লগালে বা পানীত হিং দি উতলাই সেই পানীৰে মুখ কুলি কৰিলে বীজাণু মৰি যায় আৰু দাঁতৰ কষ্ট দূৰ হয়।

পেয়েৰা বা পিয়াৰা (বঙলা- আমসুপাৰি) এবিধ গুটিধৰা ঔষধি গছৰ পাত আৰু গুটি কেইটামান লৈ পানীত উতলাব লাগে। সেইবোৰ সিজিলে পানী গাখীৰৰ দৰে ঘন হৈ যায়। সেই পানীৰে মুখ কুলি কৰিলে দাঁতৰ ভীষণ পীড়াও নিবাৰণ হয়। পাত আৰু গুটি চোবালেও বিষ, যন্ত্ৰণা কমে।

দাঁত লৰা অসুখ

দন্তক্ষয় ৰোগ, পায়’ৰিয়া আদি ৰোগ হোৱাৰ ফলত কম বয়সতে (বুঢ়া নহ’লেও) মানুহৰ দাঁত লৰিবলৈ ধৰে আৰু সৰি যায়। বুঢ়া হ’লে দাঁত সৰি যোৱাটো প্ৰকৃতিৰে বিধান। দাঁতত আঘাত লাগিলেও কেতিয়াবা দাঁত লৰে। কিন্তু যত্ন ল’লে দাঁত অকালতে সৰা বন্ধ কৰিব পাৰি।

চিকিৎসা

দাঁতত আঘাত লাগি দাঁত লৰিলে দন্ত চিকিত্সকৰ সহায় লৈ চিকিত্সা কৰাব লাগে। আৱশ্যক হ’লে দাঁত সৰাই কৃত্ৰিম দাতৰ ব্যৱস্থা কৰিব পাৰে।

অন্য কোনো অসুখৰ বাবে দাঁত লৰিলেঃ শুঁঠ (শুকান আদা), লং, জালুক প্ৰতিবিধৰে ২০ গ্ৰামকৈ লৈ চুপাৰি (শুকান পুৰণি তামোল) ২৫ গ্ৰাম আৰু ধঁপাতৰ পাত ২৫ গ্ৰাম, সৈন্ধৱ লোণ ২০০ গ্ৰাম, গেৰু (পাহাৰৰ গাৰ ৰঙা মাটি) ২৫০ গ্ৰাম সকলোটি মিহলি কৰি দাঁতৰ মাজন তৈয়াৰ কৰি নিয়মিত দাঁত মাজিলে দাঁত মজবুত হয়।

সৈন্ধৱ লোণ আৰু বগা সৰিয়হৰ তেল লৈ ৰাতিপুৱা আৰু ৰাতি খোৱাৰ পাছত দাঁত মাজিলে দাঁত লৰা গুচে, দাঁত বহি যায়।

১০ গ্ৰাম লং আৰু ১ গ্ৰাম সৈন্ধৱ লোণ মিহলাই দাঁত মাজিলে (বটি, মাজন কৰিলে) দাঁত লৰা বন্ধ হয়।

খোৱা চৌদা আৰু হালধিৰ গুড়ি মিহলি কৰি দাঁত মাজিলেও দাঁত লৰা বন্ধ হয়।

সৈন্ধৱ লোণ, জিৰা আৰু পিপলি সকলোৰে ১০ গ্ৰামকৈ লৈ, বটি মিহি কৰি লৈ, কাপোৰেৰে ছেকি চূৰ্ণ তৈয়াৰ কৰি তাৰে নিয়মিত দাঁত মাজিলে লৰা দাঁত টান হৈ বহে, নলৰা হয়। দিনত দুবাৰকৈ দাঁত মাজিব পাৰিলে সোনকালে কাম দিয়ে।

বকুলৰ গুটি ২-৩ টা চোবালে দাঁত লৰা বন্ধ হয়।

কুমলীয়া এচাৰি জুইত অলপ সেক্ দি লৰা দাঁতেৰে কামুৰি ধৰি (কিছুসময়) থাকিলে লৰা দাঁত আকৌ টান হৈ বহিব পাৰে। কে’বাবাৰো তেনে কৰিব লাগে। কেঁচা নিমৰ ঠাৰিৰে দাঁত মাজিলে দাঁতৰ উপকাৰ হয়।

ভীমকলৰ পাতৰ কেঁচা ঠাৰি, যিমান সময় পাৰি লৰা দাঁতেৰে চোবালে লৰা দাঁত টান হৈ বহে।

দাঁত মানুহৰ আপুৰুগীয়া সম্পদ। ই দেহৰ সৌন্দৰ্য বঢ়াই ৰখাৰ উপৰিও হজমৰ কামত পূৰ্ণ সহযোগিতা কৰি শৰীৰটো সুস্থকৈ ৰখাত সহায় কৰে। যৌৱন আৰু সৌন্দৰ্য যেতিয়াই লাগে তেতিয়াই শৰীৰলৈ দাঁত আহে আৰু এইবোৰৰ আৱশ্যকতা নাথাকিলে দাঁতো নাথাকে। কিন্তু পৰিতাপৰ কথা হৈছে বেছিভাগ মানুহে দাঁত অকালতেই হেৰুৱায়। কিন্তু প্ৰকৃতভাৱে দাঁতৰ যত্ন ল’লে অকালতে দাঁত সৰা বন্ধ কৰিব পাৰি।

দাঁত আৰু দাঁতৰ যতন

আমি খোৱা খাদ্যবোৰ মুখৰ ভিতৰত সোমাই দিয়াৰ পাছত দাঁতেৰে গুড়ি কৰি লওঁ আৰু তাৰ পাছতহে গিলি পেটৰ ভিতৰলৈ পঠিয়াওঁ। গতিকে খাদ্যবস্তু পেটত হজম হওঁতে দাঁতে সহায় কৰি দিয়ে। খোৱাবস্তু হজম নহ’লে নানা ৰোগত ভুগিব লাগে আৰু তেনে লোকে সুস্বাস্থ্যৰে জীৱন-যাপন কৰাটো আশা কৰিব নোৱাৰে। এতিয়া যদি দাঁতবোৰ সবল বা সুস্থ অৱস্থাত নাথাকে মানুহে খাদ্যবস্তু ভালকৈ চোবাব নোৱাৰে। ফলত খাদ্যবস্তু তেওঁৰ ভালকৈ হজম নহয়। ইফালে বৃদ্ধাৱস্থাত দাঁতৰ গুৰিবোৰৰ বল-শক্তি কমি যায় আৰু দাঁতৰ গুৰিত পূজ জমা হ’ব খোজে। সেই পূজ যেতিয়া খাদ্যৰ লগত পেটলৈ যায় বদহজম হয় আৰু গেছ উত্পন্ন হয়। তাতোকৈ দুৰ্ভাগ্যৰ কথা যে বেছিভাগ মানুহেই উচিত বয়সৰ আগতেই দাঁত হেৰুৱায়। আজিকালি কৃত্ৰিম দাঁত ওলাইছে যদিও এইবোৰে প্ৰায় ১৬ শতাংশ মানহে কাম দিয়ে। আনকি কৃত্ৰিম দাঁতেৰে বস্তুৰ প্ৰকৃত সোৱাদে পোৱা নাযায়। এতিয়া প্ৰশ্ন হৈছে কিয় বেছিভাগ মানুহেই উচিত বয়স হোৱাৰ আগতে দাঁত হেৰুৱায় ?

অলপতে হৈ যোৱা সৰ্বভাৰতীয় দন্ত চিকিত্সকৰ এখন সভাত এই বিষয়ে, বিশদ আলোচনা হোৱাৰ পাছত ডাক্তৰসকলে প্ৰকাশ কৰিছিল যে দাঁতৰ যত্ন নোলোৱাৰ বাবেই বহুলোকেই অসময়তে দাঁত হেৰুৱায়। নিয়মমতে দাঁত, খোৱাৰ পাছত দিনত দুবাৰকৈ, ৰাতিপুৱা আৰু ৰাতি চাফ কৰিব লাগে। খাদ্যবস্তুৰ সৰু সৰু টুকুৰা দাঁতৰ মাজত থাকিলে, পচিবলৈ আৰম্ভ কৰে আৰু এইবোৰে দাঁতৰ গুৰিৰ মাংসপেশীবোৰৰ বৰ ক্ষতি সাধন কৰে। এইবোৰত বেক্টেৰিয়াৰ উত্পত্তি হয় আৰু পায়’ৰিয়া আদি ৰোগৰ সৃষ্টি কৰি দাঁত ধৰি থকা দাঁতৰ গুৰিৰ ভেটিটো নষ্ট কৰি দিয়ে। দাঁতৰ গুৰিৰ মাংসপেশী ফুলি উঠে, দাঁতৰ গুৰিৰে সহজতে তেজ ওলায়। মধ্য বয়সৰ বা বয়সিয়াল লোকৰ দাঁত সৰাৰ এইটোৱে প্ৰধান লক্ষণ। সেইকাৰণে গোটা খাদ্য খোৱাৰ পাছত মুখ ভালকৈ ধুব লাগে। দাঁতৰ মাজৰ ফাকত খৰিকা সুমুৱাই খাদ্যৰ টুকুৰাবোৰ উলিয়াই দিব লাগে। ইয়াৰ উপৰিও খাদ্য নোখোৱা অৱস্থাতো পৰিষ্কাৰ পানীৰে দিনটোৰ ভিতৰত কে’বাবাৰো মুখ ধুব লাগে।

আজিকালি দাঁত চাফ কৰিবৰ বাবে বীজাণুনাশক বহু ধৰণৰ টুথপেষ্ট বা টুথ পাউডাৰ বজাৰত ওলাইছে আৰু এইবোৰ মানুহে ব্যৱহাৰ কৰিবও ধৰিছে। অকালতে দাঁত সৰাটো, হয়তো এইবোৰে কিছু পৰিমাণে বন্ধ কৰিবলৈ সক্ষম হ’ব। কিন্তু সম্পূৰ্ণ সুফল পাবলৈ হ’লে দাঁত ঘঁহাৰ পদ্ধতি বা কৌশলৰ প্ৰতিও মন কৰিবলগীয়া কথা আছে। ৰাতিপুৱা আপুনি বহু ডেকা-গাভৰু দেখিবলৈ পাব তেওঁলোকে টুথব্ৰাছডাল যেনিবা হস্ততাঁত শিপিনীৰ এটা মাকোহে, তেনেকৈ সোঁ হাত বাঁও হাতকৈ অনা-নিয়া কৰিছে। লগতে এটা সৰু শব্দও উত্পন্ন হৈছে যাৰ ফলত দাঁত মাজোতাই আৰু উত্সাহিত হৈ ব্ৰাছ চলাই আছে। দৰাচলতে কিন্তু এইটো এটা ক্ষতিকাৰক অভ্যাস। আপুনি দাঁতৰ গুৰিত দেখিবলৈ পাব কোমল মাংসৰ অংশবিশেষ দুই দাঁতৰ মাজলৈ, কিছু ওপৰলৈ উঠি আহিছে। দাঁতৰ গুৰিৰ মাংসপেশীবোৰে তেনেকৈ দাঁতবোৰক খামুচি ধৰি মজবুতকৈ ৰাখিব বিচাৰিছে। এই উঠি অহা মাংসপেশীবোৰ যিমান ওপৰলৈ আহিছে, সিমানে সৰু হৈ আহিছে। ব্ৰাছডাল পথালিকৈ লৈ জোৰকৈ তেনেকৈ দাঁত ঘহিলে এই সৰু মাংসপেশীৰ অংশটোৰ ওপৰত অনৰ্থক আঘাত লাগে। হয়তো ব্ৰাছত লগাই লোৱা বীজাণুনাশক টুথ পাউডাৰ বা পেষ্ট লোৱাৰ ফলত বীজাণুবোৰ মৰিছে। কিন্তু এই সৰু সৰু মাংসপেশীবোৰে অনৰ্থক হেঁচা-খুন্দাবোৰ খাইছে। ফলস্বৰূপে বয়সৰ লগে লগে এই মাংসপেশীবোৰ দুৰ্বল হোৱাৰ ফলত দাঁতৰ পৰা এৰা দিবলৈ ধৰে, সৰুকৈ ফাক হয়, খাদ্যবস্তুৰ চামনি ভিতৰলৈ সোমাই যায়, দাঁতৰ অসুখ আৰম্ভ হয়।

সেয়েহে দাঁত মজাৰ শুদ্ধ পদ্ধতি মই তলত উল্লেখ কৰিছোঁ। কলকাতাৰ অল ইণ্ডিয়া ইনষ্টিটিউট্ অব হাইজিন এণ্ড্ পাব্লিক হেল্থৰ স্বাস্থ্য শিক্ষা বিভাগৰ অধ্যাপকজনৰ কথা মোৰ আজিও মনত পৰে। তেওঁ যেন কথাবোৰ মোক ক্লাছত আজিও কৈ আছে, তেনে যেন লাগে। ১৯৬৭-৬৮ ইং চনত মই তাত স্বাস্থ্যশিক্ষা প্ৰশিক্ষকৰ ডিপ্ল’মা কৰ্ছ পঢ়িছিলোঁ। অধ্যাপকজনে দাঁত মজা পদ্ধতিৰ ওপৰত ইমান গুৰুত্ব দি, মডেলৰ সহায় লৈ বুজাইছিল যে মনত পৰিলে আজিও (মাৰ্চ ২০০৩) মোৰ ক্লাছত বহি তেওঁক চাই থকা যেন লাগে। জল্-জল্ পট্-পট্ কৈ তেওঁৰ কথাৰ গুৰুত্ব আৰু ভঙ্গিমাবোৰ মনত পৰি যায়। তেওঁ কৈছিল কথাটো দেখাত সাধাৰণ কিন্তু ফলাফল অতি গুৰুতৰ, সোলা মুখ নিবিচাৰিলে দাঁতৰ যত্ন ভালকৈ ল’ব লাগিব। দাঁত মজাৰ শুদ্ধ পদ্ধতিটো সেইবাবে তলত দিয়া হ’ল।

তলৰ পাৰি দাঁতৰ বাবে ব্ৰাছত টুথ পাউডাৰ বা পেষ্ট যি ভাল পায় লওক আৰু এটা দাঁতৰ গুৰিৰ মাংসপেশীত ব্ৰাছডাল লগাই লওক। এতিয়া ব্ৰাছডাল লাহে লাহে ওপৰলৈ ঠেলি দি দাঁতটোত ঘঁহি দিয়ক। এই ধৰণে কে’বাবাৰো ঘঁহক। তাৰ পাছত দাঁতটোৰ ভিতৰ ফালেও তেনেকৈ চাফ কৰক। ইয়াৰ পাছত কাষৰ দাঁতবোৰ এটাৰ পাছত এটাকৈ একে ধৰণে মাজক আৰু দাঁতৰ পাৰিটো সম্পূৰ্ণ কৰক। এইবাৰ ব্ৰাছডালত পেষ্ট বা পাউডাৰ লৈ দাঁতবোৰৰ ওপৰত (আলুৰ বিপৰীত ফালে) ঘঁহি দিয়ক। তেনেকৈ ওপৰ পাৰি দাঁতৰ বাবে ব্ৰাছত পাউডাৰ বা পেষ্ট লওক। দাঁত এটাৰ গুৰিৰ মাংসপেশীতে ব্ৰাছডাল লগাই লওক আৰু লাহে লাহে তললৈ দাঁতৰ আগটোৰ ফালে ঠেলি দি দাঁতটোত ঘঁহি দিয়ক। এই ধৰণে কেইবাৰমান মাজক। তাৰ পাছত দাঁতটোৰ ভিতৰফালেও মাজক। ইয়াৰ পাছত, তলৰ পাৰিৰ দৰে, এটাৰ পাছত এটাকৈ সকলো দাঁত চাফ কৰক। তাৰ পাছত দাঁতৰ মূৰবোৰ ঘঁহি দি মাজক। দাঁত ঘঁহোতে কিন্তু ওলোটা দিশত নঘহিব। অৰ্থাত্ তলৰ পাৰি দাঁতত যেতিয়া এটা দাঁতৰ ওপৰ ফালে ব্ৰাছডাল ঘঁহাই দিয়ে তাৰ পৰা আকৌ তলৰ ফালে ঠেলি নঘঁহিব। হেঁচাটো প্ৰতিবাৰে ওপৰলৈ হৈ থাকিব। তেনেকৈ ওপৰ পাৰি দাঁতৰ ক্ষেত্ৰত হেঁচাবোৰ প্ৰতিবাৰে কেৱল তললৈ হ’ব, ওপৰ মুৱাকৈ নিদিব। ইয়াৰ কাৰণো আপুনি ইতিমধ্যে বুজি পাইছেই- দাঁতৰ গুৰিৰ মাংসপেশীৰ সুৰক্ষাৰ বাবে মাংসপেশীয়ে দাঁতবোৰক ধৰি থকা শেষৰ পাতল কোমল অংশত খুন্দা লগাব নালাগে, সোনকালে এৰা দিব পাৰে। কিন্তু মাংসপেশীৰ ডাঠ অংশৰ পৰা হেচুকি ঘঁহি আনিলে ঘৰ্ষণৰ ফলত মাংসপেশীবোৰ সবলহে হয়।

ঘৰ্ষণৰ সুফল লাভৰ বাবে দাঁত ব্ৰাছ কৰাৰ আগতে তৰ্জনীত (বুঢ়া আঙুলিৰ কাষৰ আঙুলিটো) টুথপেষ্ট বা পাউডাৰ অলপ লগাই লওক আৰু দাঁতবোৰ এটা এটাকৈ বাহিৰে, ভিতৰে, গুৰিৰ মাংসপেশীবোৰত মৃদু হেঁচা দি পিহি পিহি মালিছ কৰক। গোটেইবোৰ দাঁত আঙুলিৰে মালিছ কৰা হ’লে (আৱশ্যকবোধে বুঢ়া আঙুলিও কামত লগাব) ওপৰত কোৱা ধৰণে দাঁত ব্ৰাছ কৰিব। এই ধৰণে দাঁতৰ যত্ন ল’লে দাঁত জিন জিন কৰা, দাঁতৰ গুৰিৰে তেজ ওলোৱা, দাঁতৰ পায়’ৰিয়া আদি অসুখ নহয়, থাকিলে বন্ধ বা আৰোগ্য হ’ব আৰু অকালতে দাঁত সৰাৰ সম্ভাৱনা নোহোৱা হ’ব। কোনো ইনফেকছনৰ সম্ভাৱনাই নাথাকে, দাঁত ৰোগমুক্ত হৈ থাকিব। কিন্তু যদি দাঁত ইতিমধ্যে এই ধৰণৰ যত্ন লোৱাৰ আগতেই লৰিছে বা ডেণ্টেল কেৰিজ ৰোগত আক্ৰান্ত, তেতিয়াহ’লে দন্ত চিকিত্সকৰ সহায়ৰ আৱশ্যক। সাধাৰণভাৱে লৰিলেও দাঁত কিন্তু বহি যায়- এইটো মোৰ ব্যক্তিগত অভিজ্ঞতা।

গলৰ ৰোগ

গলৰ বিষ

ৰোগৰ লক্ষণ

গল বিষায়, গল অলপ ফুলিবও পাৰে, গলত ঘন কফ উঠাৰ দৰে লাগে। গলত অস্বস্তি লাগে।

চিকিৎসা

ফিটকিৰি ২ গ্ৰাম (আধা চামুচ আখৈ কৰি লোৱা) ১২৫ মিলিলিটাৰ বা আধাগিলাচ পানীত দিনে ২-৩ বাৰ গাৰ্গল কৰিলে, গলৰ বিষ, গল ফুলা দূৰ হয়। কেৱল লোণ আধা চামুচ তেনেকৈ আধাগিলাচ পানীত লৈ গাৰ্গল কৰিলেও আৰাম পোৱা যায়।

ময়দা বা মিঠাই আদি খাবলৈ অসুবিধা লগা, আনকি টনচিলৰ ফুলা বা গলৰ যিকোনো ঘা হ’লেও ফিটকিৰি পানী বা নিমখ পানীৰে গাৰ্গল কৰিলে আৰাম পাব।

২ চামুচ (১০ গ্ৰাম) যনী, ৫০০ মিলিলিটাৰ পানীত ১৫ মিনিট উতলাই তাত অলপ নিমখ দি দিনে ২ বাৰ ৰাতিপুৱা আৰু ৰাতি শোৱাৰ আগত গাৰ্গল কৰিলে গলৰ বিষ, ফুলা দূৰ হ’ব। গলত কফ বেছি উঠি আমনি কৰিলে ২ চামুচ যনী শোৱাৰ আগত চোবাই খাই অলপ পানী খাই দিলে আৰাম হয়, কফ্ নোহোৱা হয়।

শুকান ধনিয়া আৰু মিছিৰি সমমাত্ৰাত লৈ গুড়ি কৰি ৰাখিব লাগে আৰু দিনে ১ চামুচকৈ দুবাৰ খালে আৰাম হয়। ২-৩ দিন খালেই গলৰ অসুখ দূৰ হ’ব।

গল খিচ্-খিচ্ কৰা অসুখ

চিকিৎসা

এগিলাচ গৰম পানীত ১ চামুচ নিমখ দি, দিনে ৩ বাৰ গাৰ্গল কৰিলে গলৰ খিচ্-খিচ কৰা, কাঁইটে বিন্ধাৰ দৰে খচখচনি লগা দূৰ হ’ব।

২৫০ মিলিলিটাৰ গাখীৰত আধা চামুচ (২ গ্ৰাম) হালধিৰ গুড়ি (ঘৰত কৰি লোৱা গুড়ি হ’লে ভাল হয়, ভেজাল নাথাকে) ২-৩ বাৰ উতলি উঠাকৈ গৰম কৰি, খাব পৰাৰ নিচিনা গৰম থকাত ডেৰ চামুচ মিছিৰি বা চেনি মিহলাই ৰাতি ২-৩ দিন খালে এইবোৰ গলৰ অসুখ নোহোৱা হৈ যাব। ই অত্যন্ত ফলপ্ৰদ ঔষধ।

গলৰ খুচখুচ কৰাৰ উপৰিও চৰ্দি, কাহ, ঠাণ্ডা লাগি ‘ফ্লু’ হোৱা, ইনফ্লুৱেঞ্জা আদি অসুখত মাত্ৰ এবাৰ খালেই ৪ ঘণ্টামানৰ ভিতৰতে আৰাম পোৱা যায়।

আলজিভাৰ বৃদ্ধি

ওপৰৰ হালধি গাখীৰত যদি এক চতুৰ্থাংশ পৰিমাণ চামুচ শুঁঠৰ (শুকান আদা) গুড়ি মিহলোৱা হয়, আলজিভা বাঢ়ি গল সুৰসুৰ কৰি থকা অসুখ হ’লেও ভাল হয়। আলজিভা বাঢ়িলে জিভাত লাগে আৰু খোৱাবস্তু গিলাতো অসুবিধা হয়। এই ঔষধ খালে আলজিভা শুকাই আগৰ ঠাইলৈ যায় আৰু অসুখবোৰ দূৰ হয়। সৰু ল’ৰা-ছোৱালীক আধা মাত্ৰাত খুৱাব।

টনচিলৰ ৰোগ

টনচিলৰ ৰোগ এটা বৰ আমনিদায়ক অসুখ আৰু বহু মানুহ ইয়াৰ দ্বাৰা আক্ৰান্ত হয়। ল’ৰা-ছোৱালীবোৰ বিশেষভাৱে আক্ৰান্ত হয়। মুখৰ তলফালে গলৰ ওপৰ অংশত, কাণৰ তলত দুয়োফালে (জিভাৰ গুৰি, তালুৰ গলৰ সংলগ্নস্থলত আৰু ফেৰিংছৰ ওচৰত) কিছুমান গ্ৰন্থি আছে। এইবোৰক পেলাটিন টনচিল, লিংগুৱেল টনচিল আৰু ফাৰিংজিয়েল টনচিল বোলে। এই গ্ৰন্থিবোৰ বেক্টেৰিয়া বা ভাইৰাছৰ দ্বাৰা ঠাণ্ডা লাগি আক্ৰান্ত হ’লে টনচিলৰ প্ৰদাহ হয়।

ৰোগৰ লক্ষণ

গল ফৰফৰাই বা চেৰচেৰাই যায়, জ্বৰো হ’ব পাৰে আৰু খোৱাবস্তু গিলিবলৈ অসুবিধা লাগে বা বিষায়। যদি ট্ৰেপট’কক্কাছ বেক্টেৰিয়াৰ দ্বাৰা আক্ৰান্ত হয় আৰু এণ্টিবায়’টিক ঔষধৰ দ্বাৰা ভালকৈ চিকিত্সা কৰা নহয় ই কিডনিৰ নেফ্ৰাইটিছ ৰোগৰো সৃষ্টি কৰিব পাৰে। টনচিল পকে আৰু মুখৰ পৰা দুৰ্গন্ধও ওলায়।

ঘৰুৱা চিকিৎসা টনচিলৰ অসুখত গাজৰৰ ৰস বৰ উপকাৰী। প্ৰতিদিনে আবেলি ১২৫ মিলিলিটাৰ বা সৰু গিলাচৰ আধা গিলাচ গাজৰৰ ৰস ২-৩ মাহ খালে টনচিলৰ অসুখ ভাল হয়।

টনচিল ফুলিলে ২০০ মিলিলিটাৰ গৰম পানীত আধা চামুচ নিমখ লৈ গাৰ্গল কৰিলে অসুখ কমি যায়। দিনে ২-৩ বাৰ কৰিব লাগে। ৰাতি শোৱাৰ আগত সততে কৰিব লাগে।

টনচিলৰ অসুখত কাপোৰ জুইত সেকি অলপ কৰি টনচিলত সেক দিলেও আৰাম পোৱা যায়।

শিশু গছৰ (টান কাঠৰ এবিধ গছ) ৫-৬ টা পাত খুন্দি তাৰ ৰস মিছিৰিৰে খালে উপকাৰ হয়।

মাটিকঁঠালৰ (আনাৰস) কুমলীয়া ফল জুইত পুৰি, পিছদিনা, তাৰ ৰস মিছিৰিৰে সৈতে খালে বিশেষ উপকাৰ হয়।

টনচিলৰ অসুখত দ্ৰোণপুষ্প (দোৰোণ) শাকৰ আঞ্জা উপকাৰী। দোৰোণ শাক পাতত দিও খাব পাৰি। বেছি ভাল হয়।

পথ্যাপথ্য

মহানিমৰ পাত, মৌ, সুমথিৰা টেঙা, নেমুটেঙা উপকাৰী। চাহ, কফি, চেনি, আটা, ময়দা অপকাৰী। গাত, গলত ঠাণ্ডা লগাব নালাগে।

গলগণ্ড বা গইটাৰ ৰোগ

ৰোগৰ কাৰণ

শৰীৰত আয়’ডিনৰ অভাৱ হ’লে গইটাৰ হয়। গলত থকা থাইৰ’য়েড গ্ৰন্থিয়ে শৰীৰৰ বাবে থাইৰ’য়েড হৰম’ন তৈয়াৰ কৰে। তাৰ বাবে আয়’ডিনৰ আৱশ্যক। শৰীৰত আয়’ডিন কম হ’লে থাইৰ’য়েড গ্ৰন্থিয়ে হৰম’ন বা ৰস উত্পাদন কৰিবলৈ অধিক চেষ্টা কৰাৰ ফলত নিজে ফুলি যায়। আৰু এয়ে গইটাৰ বা গলগণ্ড বা ঘেগ বা গৰল ৰোগ।

চিকিৎসা

দিনে ৭৫ গ্ৰাম পিঁয়াজ বা নহৰু একেৰাহে এমাহ খালে ৰোগ আৰোগ্য হয়।

বগা অপৰাজিতাৰ শিপাৰ ৰস ৬ গ্ৰাম আৰু গৰুৰ ঘিউ ৬ গ্ৰাম মিহলি কৰি দৈনিক দুবাৰকৈ একেৰাহে এমাহমান খালে গইটাৰ আৰোগ্য হয়।

অন্যান্য চিকিত্সাত বিশেষ কাম নহ’লে শল্য চিকিত্সকে অস্ত্ৰোপচাৰ কৰি গইটাৰ দূৰ কৰে।

আয়’ডিন সমৃদ্ধ খাদ্য খালে গইটাৰ নহয়। আমাৰ দেশৰ হিমালয় পৰ্বতমালৰ নিম্ন ভাগত এই ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি বাবে বৰ্তমান সময়ত খোৱা লোণৰ সৈতে আয়’ডিন মিহলাই বিক্ৰী কৰি থকা হৈছে।

মাত ভঙা অসুখ

কেতিয়াবা ঠাণ্ডা লাগি অথবা গৰম কিবা খোৱাৰ পাছতে আকৌ ঠাণ্ডা পানীয় আদি খোৱাৰ ফলত গলত কিবা সোপা লগাৰ দৰে হয় বা গল বহি যায় বা মাত ভাঙি যায়।

চিকিৎসা

যদি ঠাণ্ডা লাগি মাত নোলোৱা হয় বা বহি যায়, ৰাতি শোৱাৰ আগতে ৭ টা জালুক আৰু ৭ টা বাতাচা চোবাই খাওক। ৰাতিপুৱা দেখিব সকলো ঠিক হৈ গৈছে। ঠাণ্ডা লাগি চৰ্দি লাগিলেও এয়া খালে উপকাৰ হয়। বাতাচাৰ পৰিৱৰ্তে মিছিৰি খালে আৰু সোনকালে ভাল হয়। জালুক আৰু বাতাচা ১০ টা, ১০ টা কৈও খাব পাৰি।

যদি চিঞৰ-বাখৰ কৰাৰ বাবে, বা ডাঙৰ ডাঙৰকৈ ভাষণ দিয়াৰ কাৰণে মাত বহি যায় বা মাত ভাঙে, ৰাতি শোৱাৰ আগতে ১ গ্ৰাম মুলহাটিৰ চূৰ্ণ মুখত লৈ অলপ অলপকৈ চেলেকি খালে ৰাতিপুৱালৈ গল (মাত) ঠিক হৈ থাকে।

বগৰি গছৰ পাত ২০-২৫ টা অলপ সৈন্ধৱ লোণ দি ঘিউত ভাজি খালে মাত ভগা ৰোগ ভাল হয়।

কেঁচা হালধিৰ ৰস ২-৩ চামুচ চেনিৰে খালে উপকাৰ হয়।

৫০ গ্ৰাম হালধিৰ গুড়ি চেনিৰ লগত মিহলাই খালেও উপকাৰ হয়। লগত সামান্য পানী দিব লাগে (যাতে খাব পাৰি) আৰু দিনত ২ বাৰকৈ ১-২ দিন খালে উপকাৰ হয়।

কণ্ঠমালা ৰোগ

কফ বা শৰীৰৰ চৰ্বীৰ বিকাৰৰ বাবে কেতিয়াবা মানুহৰ কলাফুল (জংঘা), তপিনা (নিতম্ব), কঁকাল আৰু গলত ডাঙৰ গুটি গুটি ওলায়। এইবোৰক কণ্ঠমালা বা গণ্ডমালা বোলে। এইবোৰ আকৌ পকে আৰু পকি থাকে, শুকাই থাকে ওলাই থাকে আৰু পকি থাকে। এইভাৱে দীৰ্ঘদিন ধৰি কষ্ট দিয়ে। গুটি ওলাই, আক্ৰান্ত ঠাই মালাৰ দৰে আগুৰিও পেলায়।

চিকিৎসা

পিঁয়াজ ঘিউত ভাজি পুলটিচ বান্ধিলে ২-৩ দিনৰ ভিতৰতে গণ্ডমালা ভাল হয়।

জালুক বটি ঘোলৰ লগত মিহলাই প্ৰলেপ দিলেও গণ্ডমালা আৰোগ্য হয়।

৩-৪ দিনৰ বাহি ঘোলৰ চামনিৰ লগত কুঁহিয়াৰ (আক বা মাদাৰ বা ইক্ষু গছ- কবিৰাজি নাম) গছৰ শিপা বটি মিহলাই কণ্ঠমালাত প্ৰলেপ দিলে ভিতৰৰ দূষিত তেজ বা কফবোৰ গলাই বাহিৰ কৰি দিয়ে। কণ্ঠমালা ৰোগ আৰোগ্য হয়।

তথ্য সংগ্ৰহ: ব্ৰজনাথ শৰ্মা।

শেহতীয়া উন্নীতকৰণ: : 3/14/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate