অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নাৰিকল (শক্তিবৰ্ধক)

নাৰিকলৰ গছৰ পৰা নাৰিকলৰ বাকলিলৈ (জাবৰৰ বাকলি) সকলোবোৰেই কামত লাগে। ডাব আৰু শুকান নাৰিকল দুয়োটাই উত্তম খাদ্য। শুকান নাৰিকলত ভিটামিন ‘এ’ আৰু ‘বি’ থাকে। ডাবৰ কোমল শাহত ভিটামিন ‘বি’, ‘চি’ আৰু ‘ডি’ থাকে।

নাৰিকলৰ গাখীৰ যথেষ্ট পুষ্টিকাৰক খাদ্য। দাহ আৰু পিত্তনাশক, মূত্ৰকাৰক, কৃমিনাশক আৰু কিছু পৰিমাণে ৰেচকো।

নাৰিকলৰ ডাবৰ পানী পিত্ত বায়ু প্ৰশমক, দাহ আৰু তৃষ্ণা নিবাৰক, তৃপ্তিপ্ৰদ লঘু পানীয়। বেছি খালে কিছু পৰিমাণে ৰেচক, শুক্ৰ বৃদ্ধিকাৰক, পায়ু শোধক, হিকটি নিবাৰক আৰু অম্লনাশক।

নাৰিকলৰ তেল দুৰ্বলতানাশক, চৰ্মৰোগনাশক আৰু কেশবৰ্ধক।

নাৰিকলৰ মূল

পুষ্টিকৰ আৰু শীতল, কোমলতা আনে। নাৰিকলৰ পাতৰ ক্ষাৰ- দাঁতৰ ৰোগ নাশ কৰে।

শিশুৰ বাবে নাৰিকলৰ শক্তিবৰ্ধক খাদ্য

নাৰিকল ৰোকা ২ ভাগ, পৰিষ্কাৰ কৰি গুটি বাহিৰ কৰা খেজুৰী ১ ভাগ আৰু মিছিৰি ৩ ভাগ লগ লগাই শিশুক খাবলৈ দিয়ক। ইয়াৰে ২ চামুচ ৰাতিপুৱা পানী খাই উঠি খাবলৈ দিয়ক। ইয়াক খাই পানী খাব নিদিব, পানী খাই উঠিহে খাব। ইয়াতে শিশুৰ হজম শক্তি বাঢ়িব, দাঁতৰ ৰোগ নহয়, টনচিল নাবাঢ়ে। শীতকালত ই আৰু বেছি উপকাৰী। চক’লেট, টফি, চুইংগাম আদিতকৈ বহু আৱশ্যকীয় খাদ্য।

ৰোগ নিৰাময়ত নাৰিকল

কৃমিৰ ৰোগত

নাৰিকলৰ পানী মৌৰ লগত খুৱালে কৃমি নাশ হয়।

নাকেৰে তেজ গ’লে

নাৰিকলৰ বাকলিৰ জাবৰ পুৰি সেই ধোঁৱা নাকেৰে টানিলে তেজ ওলোৱা বন্ধ হয়।

মূত্ৰ পাথৰি

নাৰিকলৰ মূল (গজালি মেলিলে নাৰিকলৰ ভিতৰত, মুখৰ ফালে কোমল শাহৰ যি থোপা বান্ধে) দৈৰ লগত বটি খালে প্ৰস্ৰাৱ পাতল হয় (ঘন নহয়) আৰু পাতৰ হ’ব ধৰা বন্ধ হয়।

হিকটি

নাৰিকলৰ পানীত মুড়ি ভিজাই খালে হিকটি বন্ধ হয়।

অৰ্শ ৰোগত

শুকান নাৰিকলৰ বাকলিৰ (জাবৰৰ টান অংশ) ভালকৈ পৰিষ্কাৰ কৰি লৈ পুৰি তাৰ ছাই ২-৩ গ্ৰাম (আধা চামুচ) এক বা ডেৰ কাপ দৈ বা ঘোলৰ সৈতে পেট খালী থকা অৱস্থাত দিনে তিনিবাৰ মাত্ৰ এদিন খালে যিকোনো ধৰণৰ অৰ্শ নিৰাময় হয়, পাছলৈ আৰু খোৱাৰ আৱশ্যক নহয়। প্ৰয়োজন বুলি ভাবিলে আৰু এক মাত্ৰা দিব পাৰে। এই ঔষধটো মহাৰাষ্ট্ৰৰ এজন কবিৰাজে আৱিষ্কাৰ কৰিছিল। ইয়াৰ দ্বাৰা সকলো অৰ্শ আৰোগ্য হয়। ইয়াৰ উপৰিও মহিলাসকলৰ বগা স্ৰাৱ হ’লে, মাহেকীয়াত অধিক ৰক্তস্ৰাৱ হ’লে যিমানেই বেছি নহওক কিয় আৰোগ্য হয়।

মাহেকীয়াৰ বগা স্ৰাৱ, অধিক স্ৰাৱত ওপৰত কোৱাৰ নিয়মেৰে নাৰিকলৰ বাকলিৰ ভষ্ম খাওক।

তথ্য সংগ্ৰহ: ব্ৰজনাথ শৰ্মা

শেহতীয়া উন্নীতকৰণ: : 3/8/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate