মূল পৃষ্ঠা / স্বাস্থ্য / আপোনাৰ স্বাস্থ্য-সুখ আপোনাৰ হাতত / বিভিন্ন ছাল আৰু চুলিৰ ৰোগৰ বিষয়ে
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিভিন্ন ছাল আৰু চুলিৰ ৰোগৰ বিষয়ে

বিভিন্ন ছাল আৰু চুলিৰ ৰোগৰ বিষয়ে

ছালৰ ৰোগ

ছালে আমাৰ শৰীৰটো আৱৰি ৰাখে। শৰীৰৰ বাবে বাহিৰৰ পৰা অহা যিকোনো হেঁচাৰ পৰা ছালে ৰক্ষা কৰে। ইয়াৰ উপৰিও আৰু দুটা প্ৰধান কাম ছালে কৰে যাৰ বাবে শৰীৰটো সুস্থ হৈ থকাত বিশেষভাৱে সহায়ক হয়। ছালত কোটি কোটি ফুটা আছে। এইবোৰেৰে শৰীৰৰ ভিতৰৰ অনাৱশ্যকীয় বেয়া বস্তু ঘামৰ মাধ্যমেৰে শৰীৰৰ পৰা বাহিৰ হৈ যোৱাৰ বাট হিচাপে কাম কৰে। ছালত আৰু কোটি কোটি গ্ৰন্থি আছে যিবোৰে কিছুমান ৰস উত্পাদন কৰি শৰীৰৰ ভিতৰৰ আৱশ্যকীয় অংগ বা ঠাইবোৰ মিহি বা পিছল কৰি ৰাখে। এই দুবিধ কাম ছালে ঠিক মতে কৰি থাকিলে মানুহৰ হজমশক্তি ঠিক হৈ থাকে, অন্ত্ৰবোৰ আৰু বৃক্ক গ্ৰন্থি সুস্থ হৈ থাকে।

পৃথিৱীত মানুহ বহুধৰণৰ আছে- ওখ, চুটি-চাপৰ, শকত বা ক্ষীণ, দীঘল নাকৰ, চুটি নাকৰ, কোৱা ভাষা আৰু জাতিৰ হিচাপ নাই। কিন্তু ছাল মাত্ৰ দুইধৰণৰ- বগা আৰু ক’লা। বগা ছালৰ মানুহে অতি গৰম বা অতি শীত বেছিকৈ সহিব নোৱাৰে। কিন্তু ছালৰ ৰোগ, ক’লা ছালৰ মানুহৰ বেছি হোৱা দেখা যায়।

সি যি কি নহওক মানুহৰ ছালত বিভিন্ন ধৰণৰ ৰোগ হয় আৰু মানুহৰ কষ্ট ভোগ হয়।

গাৰ খজুৱতি

গাৰ খজুৱতি অসুখ, সাধাৰণ অসুখ কিন্তু বৰ বিৰক্তিকৰ। য’তে ত’তে যেতিয়াই তেতিয়াই খজুৱতি উঠে আৰু খজুৱাই দিব নোৱাৰিলে শান্তি নোহোৱা হয়। মানুহৰ মাজত থাকি কেতিয়াবা লুকাই-চুৰকৈও খজুৱাবলগীয়া হয়।

চিকিৎসা

১০০ গ্ৰাম নাৰিকলৰ তেলত ৫ গ্ৰাম কৰ্পূৰ মিহলাওক। অলপ ৰ’দত দিলে কৰ্পূৰ ভাঙি মিহলি হৈ যায়। বটলত ভৰাই ভালকৈ লৰাই-চৰাই দিলেও কৰ্পূৰ মিহলি হৈ যায়। প্ৰতিদিনে গা ধোৱাৰ আগতে এই তেল মালিছ কৰক। সাধাৰণ খজুৱতি (স্কেবিজ নহ’লে) নোহোৱা হ’ব।

গাত এলাৰ্জি জাতীয় গুটি গুটি ওলালেও উপকাৰ হয়। গুটি গুটি ওলালে গা ধুবলৈ লোৱা পানীৰ বাল্টিত ৮-১০ টোপ এই কৰ্পূৰ মিহলোৱা তেল দিব লাগে আৰু কেইদিনমান একেৰাহে গা ধুব লাগে। খজুৱতি ভাল হ’ব। চৰ্মৰোগত কৰ্পূৰ অব্যৰ্থ ঔষধ। খজুৱতিত এৰাৰ তেল এক চতুৰ্থাংশ পৰিমাণ চামুচ প্ৰতিদিনে কেইদিনমান খালেও উপকাৰ হয়। ল’ৰা-ছোৱালীক ইয়াৰ আধা মাত্ৰা দিব লাগে।

খুজতীয়া বা স্কেবিজ ৰোগ

তেজৰ দোষত বা লেতেৰা অৱস্থাৰ বাবে এই ৰোগে আক্ৰমণ কৰে। ই বীজাণুৰ পৰা হোৱা ৰোগ আৰু বৰ সংক্ৰামক।

ৰোগৰ লক্ষণ

গাৰ যিকোনো অংগত ঘামচিৰ দৰে সৰু সৰু গুটি ওলায়। এইবোৰে জ্বালা কৰে আৰু খজুৱায়। কেতিয়াবা এই গুটিবোৰৰ পৰা ৰস ওলায় আৰু এঠাইৰ পৰা আন ঠাইলৈ বিয়পে। সাধাৰণতে সৰু ল’ৰা-ছোৱালীৰ মাজত এই ৰোগ বেছিকৈ হোৱা দেখা যায় আৰু হাতৰ আঙুলিৰ মাজত বেছিকৈ ওলায়। ডাঙৰৰো হয়।

চিকিৎসা

নাৰিকলৰ তেলৰ লগত কৰ্পূৰ (পৰিমাণ ১০০ মিলিলিটাৰ নাৰিকলৰ তেলত ৫ গ্ৰাম কৰ্পূৰ) মিহলাই খুজতীয়া হোৱা ঠাইত প্ৰলেপ দিব লাগে। দিনত এবাৰ, মাত্ৰ ৰাতি শোৱাৰ আগতে দিলেই কেইদিনমানৰ ভিতৰতে ৰোগ নিৰাময় হ’ব।

পানী, চাবোন লাগি হাতৰ আঙুলিৰ ক্ষতি হ’লে, ছাল এৰি গ’লে, যাক পানীয়ে খোৱা বুলি সাধাৰণতে কোৱা হয়, সিও ভাল হৈ যায়। তিৰোতা আৰু ছোৱালীসকলৰ (পানীৰ কাম বেছি কৰে বাবে) এই ৰোগ হোৱা দেখা যায়।

গৰুৰ ঘিউ ১০ গ্ৰাম আৰু জালুকৰ গুড়ি ১ গ্ৰাম মিহলাই খালে যিকোনো ধৰণৰ খজুৱতি দূৰ হয়। ইয়াৰ ফলত খুজতীয়া (বা চমৰীয়া) ৰোগৰ বিষৰ প্ৰভাৱো নাশ হ’ব। প্ৰতিদিনে ৰাতিপুৱা খালী পেটত এবাৰ খাব লাগে আৰু তিনি সপ্তাহমানৰ ভিতৰত ৰোগ নিৰ্মূল হৈ যাব। ঔষধটো খোৱাৰ ২ ঘণ্টা পিছলৈ কোনো বস্তু (পানীও) খোৱা নিষেধ।

ত্ৰিফলা চূৰ্ণ নিয়মিত এচামুচকৈ খালেও এই ৰোগ দূৰ হয়। কিন্তু আৰোগ্য নোহোৱালৈকে খাই থাকিব লাগে। ৰোগ আৰোগ্য হ’বই।

মহানিমৰ পাত ভাজি ৰাতিপুৱা খালী পেটতে ১০ গ্ৰামকৈ খালে এই ৰোগ আৰোগ্য হয়। লগতে মহানিমৰ পাত সিজোৱা পানীৰে গা ধুব লাগে।

গাজৰ খুন্দি খুজতীয়া হোৱা ঠাইত লগাব লাগে আৰু গাজৰ খাব লাগে, উপকাৰ হয়।

নহৰু খুন্দি খুজতীয়া হোৱা ঠাইত লগাব লাগে।

এচামুচ হালধিৰ ৰস একাপ গৰম গাখীৰ আৰু আধা চামুচ গৰুৰ ঘিউ মিহলাই ৰাতিপুৱা গধূলি খালে উপকাৰ হয়।

জালুক ৪-৫ টা বটি গৰুৰ ঘিউৰ সৈতে মিহলাই লগালে সকলো ধৰণৰ খজুৱতিয়ে নাইকিয়া হয়।

খুদ জলকীয়া বটি খজুৱতী হোৱা ঠাইত লগালে খজুৱতি কমে।

তুলসীৰ পাত মোহাৰি বা বটি লোণ অলপ মিহলাই খজুৱতি হোৱা ঠাইত লগালে খুজতীয়া ৰোগে এৰা দিয়ে।

মুখৰ শালমইনা

মুখৰ গালত সৰু সৰু গুটি গুটি ঘামচিৰ দৰে ওলায়। এইবোৰ কিন্তু ঘামচিৰ দৰে ঢিলা নহয়, টান। ওলাবৰ কোইদিনমান হ’লে কোনো কোনোটোৰ পৰা চেপি দিলে খুদকণৰ দৰে টান বস্তু ওলায়। অথবা ভাঙি নিদিলেও এনেয়ে শুকাই যায় আৰু তাত এটা ক’লা দাগ পৰি লাহে লাহে ৰং পাতল হৈ থাকে। এইবিলাকক ব্ৰণ বুলিও কোৱা হয়। এইবোৰে ল’ৰা আৰু ছোৱালীবোৰৰ মুখমণ্ডলৰ শ্ৰী নষ্ট কৰে। কোষ্ঠকাঠিন্য থাকিলে এইবোৰ ওলায়। ডেকা ল’ৰা-ছোৱালীয়ে সেই বয়সত মুখৰ ৰূপ মোহনীয়কৈ ৰাখিব বিচাৰে কিন্তু শালমইনা ওলাই বিৰক্তি দিয়ে। সেইবাবে মুখৰ চেহেৰা ভালকৈ ৰাখিবলৈ বিচাৰিলে শৌচ যাতে কচা নহয়, পেট খোলোচা থাকে তালৈ লক্ষ্য ৰাখি সহজে হজম হোৱা খাদ্য খাব লাগে।

চিকিৎসা

২ চামুচ যনী মিহি কৰি বটি বা গুড়ি কৰি তাৰ লগত অলপ দৈ মিহলাই পেষ্টৰ দৰে কৰি ল’ব লাগে আৰু ৰাতি শোৱাৰ আগে আগে সামান্য গৰম কৰি গাল মুখত ঘঁহিব লাগে। তাৰ আগতে কিন্তু মুখমণ্ডল ভালকৈ ধুই ল’ব লাগে।

কেইটামান তুলসীৰ পাত উতলা পানীত দি কিছু সময় (৫ মিনিটমান) উতলাই সেই পানীৰে মুখ কেইদিনমান ধুলেও শালমইনা ভাল হয়।

শংখৰ গুড়ি আৰু চন্দনৰ গুড়ি মিহলাই মলমৰ নিচিনা কৰি ব্ৰণ বা শালমইনাত লগালে ব্ৰণ নোহোৱা হয়। ১ চামুচ মহানিমৰ পাতৰ ৰস, ১ চামুচ কেঁচা হালধিৰ ৰস আৰু ১ চামুচ চেনি মিহলাই ৰাতিপুৱা খালী পেটতে এমাহ খালে ব্ৰণ নোলায়।

ফোঁহা

নানা কাৰণত শৰীৰত সৰু-ডাঙৰ ফোঁহা ওলায়। যিকোনো বয়সৰ লোকৰেই হয়। কিন্তু ল’ৰা-ছোৱালীৰ বেছিকৈ হয়। ফোঁহা যেতিয়া পকে, বিষ-যন্ত্ৰণা বেছি হয় আৰু ফাটি পূজবোৰ ওলাই গ’লে বেদনা কমে, আৰাম হয়। গৰমৰ দিনত এই অসুখ বেছিকৈ হয়।

চিকিৎসা

৫০ গ্ৰাম মহানিমৰ পাত বটি একোটা টেবলেট বা বড়িৰ দৰে কৰি লৈ ফোঁহাৰ ওপৰত পুলটিচ বান্ধিলে ফোঁহা দূৰ হয়। ফোঁহা যদি পকি যায় নিমৰ পাতৰ গুড়ি বা বটা আৰু সমপৰিমাণৰ জালুকৰ গুড়ি মিহলি কৰি ফোঁহাত লগালে ফোঁহা সোনকালে শুকাই যাব।

নতুন ফোঁহা উঠি বিষালে দুপৰীয়া টেঙাৰ (পাতে গজা) পাত বটি প্ৰলেপ দিলে ফোঁহা বহি যায়।

পচতীয়াৰ পাত ৪-৫ টা মান বটি ফোঁহাত প্ৰলেপ দিলে ফোঁহা সহজে পকি পূজ বাহিৰ হৈ শুকাই যায়।

২-৩ টা বেলৰ পাত আৰু জালুক ২ টা বটি ফোঁহাত প্ৰলেপ দিলে ফোঁহা বহি যায়।

ফোঁহা পকিলে পূজ বাহিৰ কৰি মহানিমৰ পাত পানীত সিজাই সেই পানীৰে ফোঁহা ধুলে সোনকালে শুকায়। লগতে মহানিমৰ পাত বটি ফোঁহাত প্ৰলেপ দিব লাগে।

সিজু গছৰ ঠাৰি থেতেলাই ফোঁহাত প্ৰলেপ দিলে ফোঁহা বহি বা ফাটি যায় আৰু বিষ আদিও নোহোৱা হয়।

১০০ গ্ৰাম মহানিমৰ নিখুঁত পাত ৬০০ মিলিলিটাৰ পানীত ৫ মিনিট উতলাওক। অলপ গৰম থাকোঁতেই ছেকি ল’লে, ঘা ধোৱা, ফোঁহা ধোৱা আদি সকলো ধৰণৰ ক্ষত ধোৱাৰ বাবে উত্তম পানী হয়।

একজিমা বা বেচু

তেজ আৰু পেট অপৰিষ্কাৰ হ’লে এই ৰোগ হয়। গাৰ ছাল চকলা বন্ধা আৰু মানসিক ৰোগ বা উদ্বেগৰ বাবেও একজিমা হ’ব পাৰে।

ৰোগৰ লক্ষণ

গাৰ ছাল ৰঙা পৰে আৰু তাত ফোঁহা হয় বা উখহি উঠে। ফোঁহা ফাটি ৰস বাহিৰ হয় অথবা উখহা ঠাই খজুৱায়। খজুৱালে ছাল এৰি যায়, জ্বালা কৰে, পকে, পকিলে পানীৰ দৰে পাতল পূজ ওলায়। সাধাৰণতে বেচু দুবিধ। এবিধ শুকান আৰু আনবিধ পানী বেচু অৰ্থাত্ তাৰ পৰা পূজ-পানী নিগৰে।

চিকিৎসা

ঘা হোৱা (একজিমা) ঠাইত অলিভ অইল লগাব পাৰে আৰু পুনৰ্মথাৰিষ্ট আয়ুৰ্বেদিক ঔষধ খাব পাৰে।

এটা এৰাৰ পাত খুন্দি বেচু হোৱা ঠাইত প্ৰলেপ দিলে ভাল হয়।

ধঁতুৰাৰ পাত খুন্দি বেচু হোৱা ঠাইত লগাই বান্ধি ৰাখিলেও উপকাৰ হয়।

কটা খুটুৰাৰ গছ খুন্দি বেচু হোৱা ঠাইত প্ৰলেপ দিলে ভাল হয়।

টেঙেচিটেঙা খুন্দি বেচু হোৱা ঠাইত লগালে উপকাৰ হয়।

২৫০ মিলিলিটাৰ খাটি সৰিয়হৰ তেল এটা লোৰ পাত্ৰত জুইত তুলি দিয়ক। তেল যেতিয়া গৰম হ’ব তেতিয়া মহানিমৰ পাত বা মহানিমৰ কোমল আগ ৫০ গ্ৰাম সেই তেলত দিয়ক। মহানিমৰ পাত যেতিয়া ক’লা পৰিব, লগে লগে জুইৰ পৰা নমাই থওক। নহ’লে চৰুৰ ভিতৰত জুই উঠিবগৈ। তাৰ পাছত সেই তেল ছেকি বটলত ভৰাই থওক। দিনে ৩-৪ বাৰকৈ এই তেল একজিমাত লগাওক। একজিমা ভাল হৈ যাব। কেইমাহমান বা এবছৰমান লগালে তাত আৰু একজিমা নহয়।

৪ গ্ৰাম চিৰতা আৰু ৪ গ্ৰাম কুটকি (ঔষধি দ্ৰব্য) এটা আইনাৰ বা চীনামাটিৰ পাত্ৰত ১২৫ মিলিলিটাৰ পানীত ৰাতি তিয়াই থ’ব লাগে। ৰাতিপুৱা ছেকি লৈ এই পানী ৰাতি খাব লাগে। এইভাৱে একেৰাহে ৪ দিন খাব লাগে। তাৰ পাছৰ ৪ দিন বাদ দি আকৌ আগৰ দৰে চিৰতা আৰু কুটকি পানী নতুন নতুনকৈ ভিজাই একেৰাহে ৪ দিন খাব লাগে। তেনেকৈ ৪ দিনৰ মূৰে মূৰে, ৪ দিন একেৰাহে ২-৪ সপ্তাহ খালে, একজিমা, ঘা, ফোঁহা আদি সকলো চৰ্মৰোগ বিনাশ হ’ব। একেৰাহে খাবলৈ অসুবিধা পালে সপ্তাহত ২-৩ দিন খালেও হয়।

ছোৰিয়াছিছ

ছোৰিয়াছিছ ছালৰ এবিধ দুৰাৰোগ্য বেমাৰ। এই ৰোগত শৰীৰৰ কোনো কোনো অংশত (ছালত) ৰঙা পৰি উঠে। পাছত শুকাই যায় আৰু সেই ঠাইখিনি কঠিন বা টান হৈ উঠে। দেখাত মাছৰ বাকলিৰ দৰে হয়। তাত গাৰ ছালৰ নোম নোহোৱা হয়।

চিকিৎসা

একজিমাত উল্লেখ কৰা চিৰতা-কুটকি পানী নিয়মিতভাৱে খালে এই ছোৰিয়াছিছ ৰোগো ভাল হয়। মাছৰ বাকলিৰ দৰে ঠাই স্বাভাৱিক হৈ যায়, তাত নোম গজে। চিৰতা-কুটকি পানী সদায় একেৰাহে খাবলৈ অসুবিধা পালে সপ্তাহত ২-৩ দিন খালেও হয়। কাৰণ ই বৰ তিতা, সদায় খাবলৈ কষ্টও হয়।

চিৰতা-কুটকি পানী খালে টি.বি., ব’ন টি.বি. আদিও আৰোগ্য হয়। কেৱল ৰোগ অনুসৰি ১-২ মাহ পৰ্যন্ত খোৱাৰ আৱশ্যক হয়।

আমবাত বা বাতপিত্ত ৰোগ

ৰোগৰ লক্ষণ

এই ৰোগত ছালৰ ওপৰত চকা বান্ধি উখহি উঠে ভীষণ খজুৱায়। ছালৰ য’তে ত’তে হ’ব পাৰে। ছালত ৰঙা দাগ পৰে, চকলা বান্ধি উঠি খজুৱায়। কেতিয়াবা কিটিং কৈ কামোৰ মৰা দিও খজুৱায়। খজুৱালে ভাল লাগে, জোৰ দি খজুৱাবলৈ ইচ্ছা হয় আৰু ছাল এৰি যায়। তেতিয়া চেকচেকায় বা ফৰফৰায়। পোৰণি ধৰে। নতুন অৱস্থাত চকলাবোৰ একেদিনেই নোহোৱা হয়, আকৌ পিছৰ দিনা ওলায় আৰু তেনেকৈ ওলাই থাকে। ইয়াক আমবাত, এলাৰ্জি, শীতপিত্ত বা বাতপিত্ত নামেও জনা যায়। কিছুমান ক্ষেত্ৰত কোনো ঋতুৰ সৈতে সম্পৰ্ক থকা দেখা যায় আৰু সেই ঋতুতেই হয় আৰু কিছুমানৰ মাজে সময়ে ওলাইয়ে থাকে। চকলাবোৰ কোনো ঠাইত বা গোটেই শৰীৰতে বিয়পি পৰিব পাৰে।

চিকিৎসা

যনী ৫০ গ্ৰাম ভালকৈ গুড়ি কৰি লৈ তাৰ লগত ৫০ গ্ৰাম গুৰ মিহলাই ৬ গ্ৰাম পৰিমাণৰ বড়ি বনাব লাগে। ১৫-১৬ টা মান বড়ি (টেবলেট) হ’ব। ৰাতিপুৱা আৰু গধূলি একোটাকৈ এই বড়ি খালে আমবাত বা আৰ্টিকেৰিয়া নোহোৱা হয়। গোটেই শৰীৰত বিয়পি পৰা চকলা-চকলিবোৰ ১ সপ্তাহৰ ভিতৰত নোহোৱা হ’ব।

পদিনা (কোমল ঠাৰি আৰু পাত) ৬ গ্ৰাম বটি পানীত গুলি ছেকি লৈ লগত ১০ গ্ৰাম মিছিৰি মিহলাই ৰাতিপুৱা আৰু গধূলি দিনে দুবাৰকৈ খালে বাৰে বাৰে আমবাত হোৱা বন্ধ হৈ যায়।

আদাৰ ৰস ২০ মিলিলিটাৰ (৪ চামুচ) ২-৩ বছৰীয়া পুৰণি গুৰৰ লগত খালে উপকাৰ হয়।

একোঁহ নহৰু বটি তাত ভেদাইলতাৰ পাতৰ ৰস ৬ চামুচ মিহলাই খালে সুফল দিয়ে।

দূবৰিবন আৰু কেঁচা হালধিৰ ৰস ৫ চামুচকৈ মিহলাই খালে যথেষ্ট উপকাৰ হয়। চকলা-চকলিবোৰত সানি দিবও পাৰি।

কেঁচা হালধি নিতৌ ৫০ গ্ৰামকৈ ১০-১৫ দিন খালে উপকাৰ হয়।

তাত্ক্ষণিক চিকিৎসা

তুলা বা কাপোৰত তিলৰ তেল লগাই গুহ্যদ্বাৰত চেপি ধৰিলে আমবাত বা আৰ্টিকেৰিয়া লগে লগেই তল পৰি যাব।

খোৱা চৌদা ৪ গ্ৰাম (১ চামুচ) ৫০০ মিলিলিটাৰ পানীত গুলি গাত সানিলে আমবাত তত্ক্ষাণাত্ নোহোৱা হয়। তাৰোপৰি অন্য চৰ্মৰোগ, খজুৱতি, ছালৰ শোথ, চমৰীয়া আৰু অন্যান্য ছালত ওলোৱা গুটি গুটি উদ্ভেদ, যিবোৰে বৰকৈ খজুৱায়, সকলো নিৰাময় হয়।

অন্যধৰণৰ এলাৰ্জি

কিছুমান বস্তু কিছুমান মানুহৰ শৰীৰে সহ্য কৰিব নোৱাৰে। তেনে বস্তু যেনে বৰালী মাছ, নিচলা মাছ, ইলিছ মাছ, কণী, পাৰ চৰাইৰ মাংস, বেঙেনা, নহৰু, পিঁয়াজ আদি এইবোৰৰ কোনোবিধ বস্তু মানুহে খালে শৰীৰে সহ্য কৰিব নোৱাৰে আৰু তাৰ প্ৰকাশ ছালৰ ওপৰত দেখা দিয়ে। ছাল উখহি উঠে, খুব খজুৱায়। কিন্তু উখহা ঠাই আমবাতৰ দৰে চকলা-চকলি নহ’বও পাৰে। বাকী লক্ষণবোৰ একেধৰণৰ হয়। ছাল ৰঙা পৰিব, গুটি গুটি উদ্ভেদ ওলাব বা উখহি উঠিব আৰু খজুৱাব। এইবোৰকো এলাৰ্জি বোলে।

ইয়াৰ চিকিৎসাও আমবাত এলাৰ্জিৰ দৰেই। সেইবোৰ ঔষধেই কাম দিব। তাৰ উপৰিও তলৰ ঔষধবিধো ব্যৱহাৰ কৰিব পাৰি।

কেঁচা হালধি শুকাই গুড়ি কৰক। নিমপাত (মহানিম) শুকাই গুড়ি কৰি লওক আৰু আমলখি শুকাইয়ো গুড়ি কৰি লওক। হালধিৰ গুড়ি ১০০ গ্ৰাম, মহানিমৰ পাতৰ গুড়ি ৫০ গ্ৰাম আৰু আমলখিৰ গুড়ি ৫০ গ্ৰামকৈ লৈ মিহলাওক। ইয়াৰ পৰা প্ৰতিদিনে ৫ গ্ৰাম বা  ১ চামুচ কৈ ৭ দিন খাওক। এলাৰ্জি আৰু নহয়।

কাষলতিৰ ফোঁহা

বঙালীত ইয়াক গিল্টি বোলে। মানুহৰ কেতিয়াবা বাহু আৰু কান্ধৰ সংযোগস্থলৰ তলফালে খোৰোঙৰ দৰে ঠাইখিনিত ফোঁহাৰ দৰে টান মাংসপিণ্ড গঠিত হয়। তেনেকৈ কৰঙণৰ তলপেটৰ সন্ধিস্থলতো টেমুনা ওলায়। ই আচলতে সেই স্থানত থকা লচিকা গ্ৰন্থিৰ প্ৰদাহ। লচিকা গ্ৰন্থি ফুলি উঠে আৰু কেতিয়াবা পকি পূজ ওলায়। কেতিয়াবা বহুদিনলৈ টান হৈ থাকে, বিষায়।

এই ৰোগৰ কাৰণ

ছিফিলিজ, গনোৰিয়া হ’লে, অত্যধিক সহবাস বা সম্ভোগৰ অৱশতাৰ বাবে অথবা অত্যধিক পৰিশ্ৰম, বেছিকৈ চাইকেল চলাই থকা, বৰকৈ জঁপিয়াই থকা কাম, বৰকৈ ৰিক্সা চলোৱা আদিৰ বাবে এই লচিকা গ্ৰন্থিত প্ৰদাহ হয়।

চিকিৎসা

বুটৰ গুড়ি বা বেচনৰ লগত অলপ হালধি বটা আৰু গুগ্গুল বটা অলপ মিহলাই বা তিনিওবিধ একেলগে বটি কান্ধৰ তলৰ কাষলতি বা কৰঙণৰ সন্ধিস্থলৰ কাষলতিৰ টেমুনাত প্ৰলেপ দিলে টেমুনা বহি যায়।

ডিমৰু বটি অলপ গৰম কৰি প্ৰলেপ দিলে, দুই ঘণ্টাৰ মূৰে মূৰে নতুন প্ৰলেপ লগালে, টেমুনা একেদিনেই পকি যায়। টেমুনা পকিবৰ হ’লেহে এই প্ৰলেপ লগাব লাগে।

শৰীৰৰ অত্যধিক ঘামৰ অশান্তি

গৰমৰ দিনত ঘাম ওলোৱাটো স্বাভাৱিক কথা। কিন্তু কিছুমানৰ অত্যধিক ঘাম ওলায়। ফলত গাত কাপোৰ ৰাখিলে তিতি যায়, অসুবিধা লাগে। কিছুমানৰ আকৌ শীতৰ দিনতো কোনো পৰিশ্ৰম কৰিলে ঘাম ওলায়। ইয়াৰ ফলত শৰীৰ সকলো সময়তে ভিজিয়ে থাকে। ই স্বাভাৱিক অৱস্থা নহয়, ই এটা ৰোগ।

ৰোগৰ কাৰণ

পেটৰ অন্ত্ৰৰ দুৰ্বলতা, স্মৰণশক্তিৰ দুৰ্বলতা, ধাতু ক্ষীণতা, সাধাৰণ দুৰ্বলতা, খাদ্যত অৰুচি অথবা কিছুমান ৰোগ, ৰক্ত দূষিত হোৱা, তেজত পূজ হোৱা, অস্থিৰ (হাড়ৰ) দুৰ্বলতা আদি কাৰণত বৰ বেছিকৈ ঘাম ওলায়। পৰিশ্ৰম নকৰিলেও ঘাম ওলায়।

চিকিৎসা

বেদানা বা ডালিমৰ পাতৰ ৰস উলিয়াই গা ধোৱা পানীত মিহলাই স্নান কৰিলে ঘামৰ প্ৰকোপ কমে।

শুদ্ধ ধঁতুৰাৰ গুটি পুৰি তাৰ ছাই ১ গ্ৰামকৈ সাত দিন একেৰাহে খালে, হাত ভৰি ঘামি থকা অৱস্থা দূৰ হয়।

তেঁতেলিৰ গুটি আৰু তেঁতেলিৰ ফুল বটি অলপ পানী মিহলাই গাত সানিলে অতিপাত ঘাম আৰু তাৰ বাবে হোৱা গাৰ দুৰ্গন্ধ দূৰ হয়।

আজিকালি ভাল গা ধোৱা চাবোন পোৱা যায়। তাৰে নিতৌ গা ধুব লাগে আৰু গা ধোৱাৰ পাছত ভাল বডি পাউডাৰ গাত সানিব লাগে।

পেটৰ হজমশক্তি বঢ়াবলৈ যত্ন কৰিব আৰু গুৰুপাকী খাদ্য, তেল থকা ঘিউৰ খাদ্য কমকৈ খাব লাগে।

ওকণি আৰু ছাল ওকণি

ওকণি দুবিধ- গাৰ ছালত থকা ছাল ওকণি আৰু মূৰৰ চুলিত থকা ওকণি। দুয়োবিধেই ছালত লাগি থাকি মানুহৰ শৰীৰৰ পৰা তেজ শুহি খায়। ওকণি থাকিলে ছালত খহু হয় আৰু ছাল খজুৱায়। ওকণিৰ বাবে টাইফাছ ৰোগ হয়।

প্ৰতিকাৰ

তিনিটামান (বা মূৰত সানিবলৈ যিমানখিনি লাগিব বুলি ভাবে কাৰণ চুলি কম বা বেছি থাকে) পিঁয়াজ বটি লওক। এই পিঁয়াজ বটা এতিয়া আক্ৰান্ত ঠাই আৰু মূৰত সানক। মূৰৰ ছালৰ সকলো অংশতে লগাকৈ সানক (গাৰ ছালত যদি ওকণি আছে তাতো) আৰু ৩-৪ ঘণ্টা সময় তেনেকৈ ৰাখক। তাৰ পাছত চাবোন বা চেম্পুৰে ধুই পেলাওক। এইভাৱে ৩-৪ দিন পিঁয়াজৰ ৰস লগালে ওকণি মৰি শেষ হ’ব।

নহৰু কেইটামান (মূৰত ল’বলৈ অঁটাকৈ আন্দাজ মতে) বটি তাতে আধা বা এটা নেমুটেঙাৰ ৰস মিহলাই মূৰত (ওকণি থকা গাৰ ছালতো) সানক ৰাতি শোৱাৰ আগে আগে। ৰাতিপুৱা শুই উঠি মূৰ ধুই পেলাওক। এই ধৰণে ৪-৫ দিন নহৰুৰ ৰস আৰু নেমুৰ ৰস লগালে ওকণি শেষ হৈ যাব।

নাৰিকলৰ তেলত অলপ কৰ্পূৰ মিহলাই ৰাতি মূৰত (ওকণি থাকিলে গাতো) সানি শুই থাকক। ৰাতিপুৱা মূৰ ধুই পেলাওক। ওকণিৰ বংশ ধ্বংস হ’ব।

নাৰিকলৰ তেলত কৰ্পূৰ পাতলকৈ দি মূৰত তেল ঘঁহাৰ সময়ত ল’লেও ওকণি বিনাশ হয়। আমলখি আৰু গোল নেমুৰ ৰস সম-পৰিমাণৰ লৈ মূৰ ধুলেও ওকণি মৰে।

ধঁতুৰা পাতৰ ৰস মূৰত সানিলেও ওকণি মৰে।

মহানিমৰ পাত খুন্দি তাৰে মূৰ ধুলেও ওকণি মৰি যায়।

হাত-ভৰিৰ ছাল ফটা ৰোগ

ভৰিৰ গোৰোহাত দীঘল দীঘল ফাট মেলে। কেতিয়াবা ভৰিৰ তলুৱাতো সৰু সৰু ফাট মেলে আৰু এইবোৰৰ বাবে বিষ-বেদনা হয়। ভৰিৰ ছাল পৰিষ্কাৰকৈ, কোমলকৈ নৰখা, বাৰিষাৰ গৰমৰ পাছতে ঠাণ্ডা পৰিলে নিয়ৰ বা ঠাণ্ডা পৰিৱেশত খালী ভৰিৰে ঘূৰি ফুৰা আদি কাৰণত ভৰিৰ ছাল ফাটে। তেনেকৈ হাততো ফাটিব পাৰে।

চিকিৎসা

১০ গ্ৰাম ঘিউ কেৰাহিত গৰম কৰক। ভালকৈ গৰম হ’লে তাতে মম ১০ গ্ৰাম পেলাই দিয়ক। দুয়োটা যেতিয়া মিহলি হৈ যাব তেতিয়া ১০ গ্ৰাম ধূপ তাতে মিহলাওক। এই মলম ৰাতি ভৰি ধুই, ফাটত লগাওক। ফাট ভাল হৈ যাব।

গৰুৰ ঘিউ গৰম কৰি তাত অলপ লোণ দিয়ক। অলপ গৰম থাকোঁতে (গাত দিব পৰা গৰম থাকোঁতে) ফাটত দিয়ক। অলপ জ্বলিব পাৰে। কিন্তু ৪-৫ দিন একেৰাহে দিলে ফাট নোহোৱা হ’ব। ই বৰ ফলপ্ৰসূ ঔষধ।

কেঁচা পিঁয়াজ বটি ফটা ঠাইত লগাই বান্ধি থ’লে ভৰি ফটা ৰোগ অতি সোনকালে আৰু চিৰদিনৰ বাবেই আৰোগ্য হয়।

ছাল জ্বলি গ’লে

কোনো দুৰ্ঘটনাৰ বাবে মানুহৰ গাৰ ছাল বহু সময়ত জ্বলি যোৱা দেখা যায়।

চিকিৎসা

ঘৰত যদি চূণৰ ‘ভুৰুকা’ (বাচন) থাকে, তাত যদি পানী আছে, তাৰ পানী (নতুনকৈ কৰা পানীৰে নহয়) আৰু সম পৰিমাণৰ নাৰিকলৰ তেল মিহলাই জ্বলি যোৱা ঠাইত লাহে লাহে লগাই দিয়ক, ঢৌ নুফুটে। যন্ত্ৰণা কমি যাব।

পোৰা ঠাইত লগে লগে গ্লিচাৰিন লগালেও ঢৌ নুফুটে, জ্বালা-যন্ত্ৰণা নাথাকে।

স্বমূত্ৰ পোৰা ঠাইত ল’গালেও উপকাৰ হয়। গৰম পানী, গৰম চাহ পৰি ছাল জ্বলি গ’লে, ঢৌ ফুটি উঠিলে বা জুইয়ে পুৰি ক’লা হৈ গ’লে নিজৰ প্ৰস্ৰাৱ ঢালি দিব লাগে অথবা প্ৰস্ৰাৱৰ পুলটিচ বান্ধিলে আৰাম হয়।

বেদানা বা ডালিমৰ পাত বটি পোৰা ঠাইত লগালেও যন্ত্ৰণা প্ৰশমিত হয়।

তাৰপিন তেল আৰু কৰ্পূৰ সমমাত্ৰাত মিহলাই লগালে আৰাম পোৱা যাব।

আলু বটি (থেতেলাই) লগালেও উপকাৰ হয়।

দৈৰ লগত গুড়ি কৰা চূণ মিহলাই পোৰা ঠাইত লগালে ঢৌ নুফুটে, জ্বালা-যন্ত্ৰণা নাথাকে আৰু ঘা সোনকালে শুকাই যায়।

মৌৰ লগত লং বটি মিহলাই পোৰা ঠাইত লগালে জ্বালা-যন্ত্ৰণা লগে-লগে কমি যায়। ঘাও নহয়।

জ্বলি যোৱা ঠাই শুকাই উঠাত যদি বগা দাগ পৰি থাকে, তুলাত মৌ সানি সেই তুলা বগা পৰা ঠাইত বান্ধি থ’লে, কেইদিনমানৰ পাছতেই বগা দাগ নোহোৱা হয়। ছালৰ ৰং স্বাভাৱিক হ’ব। তুলা শুকাই গ’লে নতুনকৈ লগাই দিব।

এন্দুৰীয়া ঘা বা নালি ঘা

ৰোগৰ কাৰণ

যিকোনো ৰোগৰ দোষতে এই ৰোগ হ’ব পাৰে। কোনো ঘা, ফোঁহা হ’লে, তাৰ পূজ সময়মতে শৰীৰৰ পৰা বাহিৰ হৈ নগ’লে, শৰীৰৰ তেজ দূষিত হৈ পৰে আৰু এই ৰোগৰ সৃষ্টি হয়। কোঁনো কাঁইট বা হুল শৰীৰত থাকি গ’লেও নালী ঘা হ’ব পাৰে অথবা কফ দূষিত হ’লেও হয়।

ৰোগৰ লক্ষণ

এন্দুৰৰ গাঁতৰ দৰে ঘা দ হৈ যায় বাবে ইয়াক এন্দুৰীয়া ৰোগ বোলে। শৰীৰৰ যিকোনো ঠাইতে এই ৰোগ হ’ব পাৰে। জ্বৰ উঠে। ৰাতি বেছিকৈ ঘাৰ পৰা পূজ-পানী ওলায়। ভিতৰত কাঁইট থাকিলে সেই ঠাইত বিষ হয়, বিষ-পানী আৰু তেজ ওলায়।

চিকিৎসা

হুল, কাঁইট আদি থকাৰ সন্দেহ হ’লে এক্সৰে ফটো লৈ শল্য চিকিত্সকৰ সহায়ত অস্ত্ৰোপচাৰ কৰি তাক বাহিৰ কৰিব লাগিব। তেতিয়াহে আৰোগ্য হ’ব।

অন্যান্য কাৰণত হ’লে-

বনসটৰ গুটি আৰু সৈন্ধৱ লোণ বটি নালী ঘাত লগালে ভাল হয়।

মানিমুনিৰ পাত ১৫-২০ টা বটি ঘাত লগালেও ভাল হয়।

মহানিমৰ পাত সিজোৱা পানীৰে ঘা সদায় ধুব লাগে আৰু মহানিমৰ পাতৰ গুড়ি গৰুৰ ঘিউত মিহলাই ঘাত লগাব লাগে। ঘা শুকাই যায়।

মৌ আৰু সৈন্ধৱ লোণ একেলগে পানীত উতলাই পানী গাঢ় ঘন কৰি ঘাত লগাব লাগে। উপকাৰ পোৱা যায়।

ম’হৰ দৈৰ সৈতে জহা চাউলৰ ভাত কিছুদিন খালে নালী ঘা ভাল হয়।

বগা এৰা গছৰ ৰস আৰু খয়েৰ সম পৰিমাণত লৈ ভালদৰে বটি ঘাত লগালে ঘা ভাল হয়।

পথ্যাপথ্য

টেঙা খোৱা নিষেধ।

কুষ্ঠ ৰোগ

ৰোগৰ কাৰণ

‘মাইক’-বেক্টেৰিয়াম লেপ্ৰা’ নামৰ এবিধ বীজাণুৰ আক্ৰমণৰ বাবে এই ৰোগ হয়। বয়সিয়াল লোকৰে বেছিকৈ হয়। শিশুৰ কমকৈ হোৱা দেখা যায়। ই সংক্ৰামক ৰোগ আৰু ৰোগীৰ লগত বৰকৈ মিলা-মিছা কৰিলে আনৰো হ’ব পাৰে। ই বংশগত ৰোগ নহয় আৰু পূৰ্বজন্মৰ কৰ্মফলৰ বাবেও নহয়। ই বীজাণুৰ পৰা হোৱা ৰোগ আৰু ভালকৈ চিকিৎসা কৰিলে আৰোগ্য হয়।

ৰোগৰ লক্ষণ

প্ৰথমতে হাত বা ভৰিত অকণমান বগা বা ৰঙা বা শেঁতা পৰি উঠে। পাছত সেই ঠাইত তত নোহোৱা হয় আৰু তাতে ঘা হয়। ঘা উখহি থাকে আৰু তাৰ পৰা তেজ ওলায়। প্ৰধানকৈ এই ৰোগ হাত বা ভৰিত হয় যদিও মুখ, কাণ, নাক বা শৰীৰৰ যিকোনো অংগতে হ’ব পাৰে। ৰোগ বেছি হ’লে ঘা হৈ হৈ শৰীৰৰ অংগ নাক, কাণ, আঙুলি আদি উখহি যায়। ৰোগীৰ জ্বৰ থাকে আৰু অসম্ভৱ দুৰ্বল হয়।

চিকিৎসা

আজিকালি এল’পেথিক ভাল চিকিৎসা ওলাইছে। ৰোগীক কুষ্ঠ ৰোগীৰ বাবে সুকীয়া আশ্ৰয়স্থল (স্থায়ী শিবিৰ) পাতি চিকিৎসা দিয়াৰ ব্যৱস্থা কৰিছে। তাতে ভাল হৈ ঘৰলৈ ঘূৰি যোৱা ৰোগী আৰু চিকিৎসাধীন হৈ থকা, বকোৰ শিবিৰত থকা, কুষ্ঠৰোগীক মই কে’বাবাৰো লগ পাইছোঁ। তেওঁলোকো আৰোগ্যৰ পথত আছিল। আজি গোটেই দেশতে ইয়াৰ সুচিকিৎসাৰ ব্যৱস্থা আছে। ৰোগীয়ে মাত্ৰ সেই সুবিধা গ্ৰহণ কৰিব লাগে।

পৰিয়ালৰ লোকলৈ অনুৰোধ তেওঁলোকক হেয় প্ৰতিপন্নভাৱে চাব নালাগে। ভালহৈ অহাৰ পাছত তেওঁলোকৰ গাত বীজাণু নাথাকে আৰু তেওঁলোকৰ পৰা ৰোগৰ সংক্ৰমণ নহয়। অথবা তেওঁলোকে কোনো পাপ কামৰ বাবে এই ৰোগত ভোগা নাছিল। ৰোগ, ৰোগৰ বীজাণুৰ আক্ৰমণৰ বাবেই হৈছিল। এতিয়া তেওঁলোক বীজাণুমুক্ত।

অন্য কোনো ঘৰুৱা চিকিৎসাৰ বাবে মই উত্সাহিত কৰিব খোজা নাই। কিন্তু সন্দেহ (ৰোগৰ) হ’লে লগে লগে মহানিমৰ পাত, শিপা, ছাল, ফুল সকলোটি মিহলাই অলপ খুন্দি পানীত সিজাই ক্কাথ কৰি অসুখ হোৱা ঠাই ধুব লাগে। উপকাৰ হ’ব। বেছি বাঢ়িব নোৱাৰে।

ৰাতিপুৱা সদায় গৰুৰ মূত ৫০ মিলিলিটাৰ খাব পাৰিলে উপকাৰ হয়।

কেঁচা হালধি খুন্দি ভীমকলৰ বাকলিৰ খাৰৰ লগত মিহলাই কুষ্ঠৰ ঘাত দিলে কুষ্ঠ ৰোগ ভাল হয়।

নহৰু বটি ঘাত সানিব লাগে আৰু নিতৌ কেঁচা নহৰু ১০-১২ ফোঁটা খাব লাগে। নহৰু চোবাই খাব নোৱাৰিলে সৰু সৰুকৈ কুটি আধা কাপ পানীত লৈ খাব পাৰে।

খৰ

ৰোগৰ কাৰণ

টিনিয়া নামৰ এক প্ৰকাৰ ভেঁকুৰৰ পৰা এই ৰোগ হয়। দেহত খাদ্যপ্ৰাণৰ অভাৱ হ’লে, ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ত্ৰুটি-বিচ্যুতি হ’লেও এই ৰোগ হয়।

ৰোগৰ লক্ষণ

ছালৰ যিকোনো ঠাইতেই হ’ব পাৰে। বাৰিষাকালত বেছি হয়। প্ৰথমতে ছালৰ ওপৰ ভাগত এটা ৰঙা বা কজলা ৰঙৰ চকলা বান্ধি উঠে আৰু চকলাৰ চাৰিও দিশত সৰু সৰু গুটি গুটি ওলাই বৃত্তৰ পৰিধিৰ আকাৰত মালাৰ দৰে থাকে। তাৰ পাছত এই গুটি গুটি হৈ উঠা ঘামচিৰ দৰে উদ্ভেদবোৰত খজুৱতি উঠে। খজুৱালে পানী বাহিৰ হয়। আঠাযুক্ত পানী পিন্ধা কাপোৰত লাগি ধৰে আৰু অন্য যিকোনো ঠাইত লাগিলে তাতো খৰ হ’ব পাৰে। খৰডোখৰ ক্ৰমাত্ বাঢ়ি গৈ থাকে।

চিকিৎসা

কেঁচা হালধি বটি দিনে তিনি বাৰ আৰু ৰাতি শোৱাৰ আগত এবাৰ এই খৰত ঘঁহি লগালে খৰ ভাল হৈ যায়।

ক’লা তুলসীৰ পাত কেইটামান মোহাৰি খৰ হোৱা ঠাইত ঘঁহি দিলে খৰ ভাল হয়। দিনত ২ বাৰ লগাব লাগে আৰু লগত অলপ লোণ দিব লাগে।

অমিতাৰ আঠা খৰ হোৱা ঠাইত লগালে খৰ শুকাই যায়।

নহৰু ৪-৫ কোঁহ খুন্দি খৰ হোৱা ঠাইত লগালে খৰ সহজে ভাল হয়।

হাতীখৰ

শুকান ছালত ডাঙৰ ডাঙৰ চকলাৰে হোৱা খৰক হাতীখৰ বোলে। ই ৰিং ওৱাৰ্ম নহয়। এই খৰো নহৰু খুন্দি লগালে আৰোগ্য হয়।

ঘামচি

ছাল খহটা হ’লে এই ৰোগ হয়। ঘামচি গৰমৰ দিনতে ওলায় আৰু সৰু ল’ৰা-ছোৱালীৰ বেছিকৈ হয়। ছাল অপৰিষ্কাৰ আৰু বহু সময় ঘামি থাকিলেও ঘামচি ওলাব পাৰে।

ৰোগৰ লক্ষণ

গাৰ ছালত সৰু সৰু গুটি ওলায়। মুখত সামান্য পানীও হয়গৈ। ভাঙি দিলে কেতিয়াবা পৰপৰ শব্দও হয়। খুব খজুৱায়। পাছলৈ ছাল মৰি যোৱা যেন দেখা হয়।

চিকিৎসা

হেলেচি শাক খুন্দি লৈ গাত ঘঁহিব লাগে। ঘামচি ওলোৱা বন্ধ হ’ব।

কেঁচা হালধি খুন্দি দূবৰি বনৰ ৰসৰ লগত মিহলাই ঘামচি ওলোৱা ঠাইত লগালে ঘামচি মৰি যায়।

গোলনেমু ফালি ঘামচিত ঘঁহি দিলেও ঘামচি নাইকিয়া হয়।

মহানিমৰ পাত সিজাই সেই পানীৰে গা ধুলে ঘামচি নাইকিয়া হয়।

ৰঙা চন্দন গুড়ি কৰি ঘামচি হোৱা ঠাইত কিছুসময় প্ৰলেপ দিব লাগে। ১ ঘণ্টামান পাছত ধুই পেলাব পাৰি। ঘামচি আৰোগ্য হয়।

গাৰ ছাল শোটোৰা পৰা

শৰীৰত খাদ্ৰপ্ৰাণ ‘গ’-ৰ অভাৱ হ’লে গাৰ ছাল শোটোৰা পৰে। ই সাধাৰণতে বয়সিয়াল লোকৰেই লক্ষণ। বয়স হৈ আহিলে গাল-মুখ শোটোৰা পৰি আহে। গলৰ ছাল তললৈ ওলমি পৰিবলৈ ধৰে। খাদ্যপ্ৰাণ ‘গ’ৰ- অভাৱ হ’লে সৰু ল’ৰা-ছোৱালীৰো গাৰ ছাল শোটোৰা পৰে।

ৰোগৰ লক্ষণ

গাৰ ছালৰ উজ্জ্বলতা নোহোৱা হয়। ছাল কোঁচ খাই যায়, শোটোৰা-শোটোৰ হয়।

ভিটামিন যুক্ত আহাৰ (খাদ্য) খালে ডেকা বয়সৰ লোকৰ ছালৰ শোটোৰা কমিব। বুঢ়া বয়সৰ লোকৰ চকুত লগাকৈ নিৰাময় হোৱাটো সম্ভৱ নহয়।

কম বয়সৰ লোকে তলত উল্লেখ কৰা বস্তুবোৰ ব্যৱহাৰ কৰিলে উপকাৰ পাব।

কেঁচা হালধি খুন্দি গাত ঘঁহিব পাৰে। লগতে কেঁচা হালধিৰ ৰস ৪ চামুচকৈ ৰাতিপুৱা কিছুদিন খালে ছালৰ ৰং উন্নত হ’ব। শোটোৰা পৰা কিছু কমিব।

সুমথিৰা টেঙাৰ ৰস ৪ চামুচ অথবা গোল নেমুৰ ৰস ৪ চামুচকৈ নিতৌ কিছুদিন খালে বিশেষ ফল পাব।

কেঁচা আমলখি ৮-১০ টা বটি গা, মূৰ, হাত, ভৰি আদিত ঘঁহি আমলখিৰ ৰস মিহলোৱা পানীৰে গা ধুলে ছাল নিমজ হয়। একেৰাহে কিছুদিন ব্যৱহাৰ কৰিব লাগে।

বয়সিয়াল লোকৰ ছাল শোটোৰা পৰা হ’লেঃ কিন্তু মানুহৰ বয়স বৃদ্ধি হৈ গৈ থকাৰ ফলত মানুহৰ ছালখন বিভিন্ন পৰিৱেশ, বিভিন্ন জলবায়ু, ৰোগকাৰক বীজাণুৰ সংস্পৰ্শলৈ আহে আৰু খজুৱতি, ফোঁহা, একজিমা আদি নানা ৰোগৰ দ্বাৰা আক্ৰান্ত হয়। তাৰ উপৰিও বৃদ্ধ কালত ছাল শোটোৰা পৰে, ছালত ভাঁজ ধৰে আৰু ঠায়ে ঠায়ে ছাল ওলমি পৰে। বিশেষকৈ মুখমণ্ডলৰ ছাল, চকুৰ তল, থুঁতৰিৰ তলত আৰু গলৰ ছালত এইবোৰ দেখা দি মানুহক অশোভনীয় কৰি পেলায়। আনকি ছালৰ ৰঙো বিনষ্ট হয়।

আমি জানো যে আমাৰ শৰীৰটো ৰক্তবাহী সিৰ-উপসিৰে আৱৰি আছে। ডাঙৰ সিৰবোৰ ভাগ ভাগ হৈ হৈ সৰু হৈ গৈ থাকে আৰু ক্ৰমান্বয়ে সৰু হৈ গৈ শেষত চুলিৰ দৰে সৰু হৈ পৰে, এইবোৰক উপসিৰ আৰু ইংৰাজীত স্বাস্থ্য বিজ্ঞান মতে কেপিলাৰিজ বোলে। এই কেপিলাৰিজবোৰে আমাৰ ছালৰ তলৰ ভাগত অৰ্থাত্ তল ছালত বিয়পি থাকে। আমাৰ ছালৰ আকৌ দুটা তৰপ আছে। ওপৰতে দেখা ছালখন প্ৰথম তৰপ বা ‘এপিডাৰমিজ্’। ইয়াৰ তলত দ্বিতীয় তৰপ আছে, তাক ‘ডাৰমিজ্’ বোলে। কেপিলাৰিজবোৰে এই ডাৰমিজলৈ আহে আৰু বিয়পি থাকে। এপিডাৰমিজত এইবোৰ নাথাকে। সেয়েহে সাধাৰণভাৱে ছাল গলে তেজ নোলায় বা বৰকৈ দুখো নাপায়। এপিডাৰমিজখনে দ্বিতীয় তৰপৰ ছালখনক (ডাৰমিজ্) সততে ৰক্ষা কৰে। আচলতে এপিডাৰমিজখনক তলৰ আচল ছালখনৰ এটা উপৰুৱা অংশ বুলিয়ে ক’ব পাৰি। অন্যহাতে ডাৰমিজখনলৈ তেজৰ প্ৰবাহ চলে আৰু ই ছালৰ কামবোৰ সম্পাদন কৰে। যেতিয়ালৈ কেপিলাৰিজবোৰে ডাৰমিজলৈ তেজৰ যোগান ঠিক মতে ধৰি থাকে, ছাল সবল হৈ থাকে, সকলো কাম নিয়াৰিকৈ চলাই থাকে আৰু যৌৱন সদৃশ কৰ্মক্ষমতা আৰু ছালৰ আভা অটুট ৰাখে। কিন্তু মানুহ বুঢ়া হ’লে ৰক্তবাহী সিৰ-উপসিৰবোৰত অলাগতিয়াল চামনি পৰিবলৈ ধৰে আৰু তেজ সঞ্চালনত বাধা দি ছালত আমনিদায়ক অসুখ-বিসুখ উত্পন্ন কৰিবলৈ ধৰে। সকলোৱে সকলো ধৰণৰ ৰোগত নোভোগে যদিও যিকোনো ৰোগত ভোগে বা ভোগাৰ সম্ভাৱনা থাকে।

ছালৰ ৰোগ বা সমস্যাবোৰ নোহোৱাকৈ ৰাখিব পাৰিনেঃ সকলো লোকেই, মুখৰ অৱয়ৱ দেখিবলৈ যেনেকুৱাই নহওক লাগে, দেখাত শুৱনি হৈ থাকিবলৈ বিচাৰে আৰু বিশেষকৈ মুখৰ ছালৰ যত্ন লয়। ছালৰ সৌন্দৰ্য ৰক্ষা কৰাৰ বিজ্ঞাপন দি কোম্পানীবোৰে বজাৰত বিভিন্ন ধৰণৰ পাউডাৰ, ক্ৰিম আদি উলিয়াই দিছে। আজিকালি টেলিভিছনটো খুলিবই নোৱাৰি লগে লগেই ‘ত্বচা’ৰ (ছাল) যত্ন লোৱাৰ সামগ্ৰী আৰু তাৰ চিত্তাকৰ্ষক গুণবোৰৰ ব্যাখ্যা আৰম্ভ হ’বলৈ ধৰে। পুৰুষ-মহিলা সকলোৱে এইবোৰ ব্যৱহাৰ কৰে আৰু সামান্যভাৱে উপকৃতো হয়। মুখৰ ছালখন মিহি মিহি যেন লাগে। কিন্তু ছালখন সুন্দৰভাৱে ৰখাৰ চাবি-কাঠি হৈছে ছালৰ মালিছ, ওপৰত ঘৰ্ষণ সৃষ্টি কৰা। আমি আগতে উল্লেখ কৰিছোঁ যে তেজৰ যোগানেই ছালৰ শ্ৰীবৃদ্ধি কৰে, ৰোগ মুক্তকৈ ৰাখে আৰু দেখাতো ছালখন শুৱনিকৈ ৰাখে। অৱশ্যে এইটো সম্ভৱ নহয় যে, যত্ন লৈ ছালখন সদায় বা জীৱনব্যাপী দেখাত শুৱনিকৈ ৰাখিব পাৰি বা বাৰ্দ্ধক্যৰ প্ৰভাৱত হোৱা অৱনত অৱস্থাক বাধা দিব পাৰি। কিন্তু বাৰ্দ্ধক্যৰ আগমন লেহেম গতিৰ কৰিব পাৰি, বাৰ্দ্ধক্যৰ প্ৰভাৱ কম কৰিব পাৰি আৰু আটাইতকৈ সুখৰ কথা যে বহুবোৰ ছালৰ ৰোগ নোহোৱাকৈ ছালখন বচাই ৰাখিব পাৰি। ঔষধ আৰু কছমেটিক ব্যৱহাৰ কৰি যত্ন ল’লে যি ধৰণে খৰচান্ত হোৱা যায় তোনোকৈ ইয়াৰে ধন-পইচাৰ খৰচো নহয়। যেতিয়া ছালত ঘৰ্ষণৰ সৃষ্টি হয় ডাৰমিজলৈ তেজৰ প্ৰবাহ বৃদ্ধি হয়, ছাল সতেজ হৈ উঠে আৰু ছালৰ শ্ৰীবৃদ্ধি হয়।

ছালত ঘৰ্ষণ সৃষ্টি কৰাৰ উপায়

শৰীৰটো সুস্থকৈ ৰাখিবলৈ হ’লে, ছালখন নিৰোগীকৈ ৰাখিব খুজিলে, সৰ্বশৰীৰৰ ছাল কোমল ব্ৰাছ বা মোটা টাৱেলেৰে ঘঁহিব লাগে, গাৰ কাপোৰ খুলি লৈ ভালকৈ ঘঁহনি লগাকৈ মালিছ কৰিব লাগে। কাপোৰ ধুবলৈ ব্যৱহাৰ কৰা মিহি ব্ৰাছেৰেও মালিছ কৰিব পাৰি। কিন্তু ব্ৰাছ ব্যৱহাৰ কৰিলে যাতে ছালত আঘাত নালাগে তালৈ লক্ষ্য ৰাখি লাহে লাহে ঘঁহিব লাগে আৰু মোটা তাৱেলেৰে ছাল ঘঁহিলে অলপ জোৰকৈ ঘহিব লাগে যাতে ডাৰমিজত ইয়াৰ ঘঁহনি অনুভূত হয়। ছাল ঘঁহাটো এটি নিয়ম কৰি লৈ বিশেষকৈ গা ধোৱাৰ আগত, সদায় এটা সময়ত ছাল ঘঁহিব লাগে। মূৰৰ ছালৰ পৰা আৰম্ভ কৰি ভৰিৰ তলুৱালৈকে, ছালত ঘঁহনি দিব লাগে। ছালৰ কচৰত কৰাৰ এটা সময়-সীমা ঠিক কৰি লোৱা ভাল। শৰীৰৰ কোমল অংগ-প্ৰত্যংগবোৰ ঘঁহোঁতে হাতৰ আঙুলিহে ব্যৱহাৰ কৰিব লাগে। বাকী অংশত টাৱেল আৰু অতি মোটা অংশ, ভৰিৰ তলুৱা আদিত ব্ৰাছ ব্যৱহাৰ কৰিব পাৰি।

ছালৰ অসুখবোৰ জটিল আৰু বহুবোৰ ৰোগ সংক্ৰামক। চিকিৎসা কৰি আৰোগ্য লাভ কৰিব পাৰিলেও বহুত সময় লয়। হোমিওপেথিক চিকিৎসা মতে ছালৰ অসুখ শৰীৰৰ আভ্যন্তৰীণ কোনো ৰোগৰেই প্ৰকাশ মাত্ৰ। ছালত ঔষধ লগাই ছালৰ ৰোগৰ উপশম দেখিলেও ই আচল উপশম নহয়। তাৰ পৰা শৰীৰত আন কঠিন ৰোগ হোৱাৰহে আশংকা থাকে। কিন্তু এল’পেথিক চিকিৎসা মতে ছালত ঔষধ জাতীয় ‘অইণ্টমেণ্ট’ লগাই আৰোগ্য হোৱা দেখা যায়। ছালৰ কচৰত কৰি আমি ছালৰ অসুখ হোৱাত বহু পৰিমাণে বাধা দিব পাৰোঁ। ছালৰ কচৰতবোৰ তলত দিয়া ধৰণে কৰিব পাৰি।

মূৰৰ ছালৰ ঘৰ্ষণ

মূৰৰ ছাল ৫-৭ মিনিটমান ঘঁহিব লাগে। মালিছ আৰম্ভ কৰাৰ আগতে মূৰত চুলিত ঘঁহা তেল ঘঁহিব পাৰে। মূৰৰ ছালত ঘঁহনি দিয়াৰ বাবে চুলি সোনকালে বগা হোৱা (পকা) আৰু চুলি সৰা বন্ধ হ’ব।

মুখমণ্ডলৰ ছালৰ ঘৰ্ষণ

অনিবাৰ্য কৰণীয়, কাৰণ ই মানুহক দেখাত শুৱনিকৈ ৰাখে। কপালখন, কুম দুটা, নাকটো, গাল দুখন, কাণ দুখন, থুঁতৰিটো আৰু টেটুঁটোৰ দুয়ো কাষ, মাজখণ্ড ভালকৈ মালিছ কৰিব লাগে। এইবোৰ ৫-৬ মিনিটমান সময় ধৰি ঘঁহি থাকিব লাগে। চকু আৰু ওঁঠত ব্ৰাছ ব্যৱহাৰ কৰিব নালাগে। হাতৰ আঙুলিৰে মালিছ কৰিলেই যথেষ্ট হয়। প্ৰতিটো অংগকে ২০-৩০-৫০ বাৰমান ঘঁহিব লাগে। নিজৰ বুদ্ধি খটাই এইবোৰ অংগ মালিছ কৰিব যাতে যথাযথভাৱে সকলোতে ঘঁহনি লাগে। হাতৰ আঙুলি আৰু হাতৰ তলুৱাৰে ঘঁহি ঘঁহি চকু, কাণ মালিছ কৰিব। হাতৰ তলুৱাৰে চকু মালিছ কৰিলে চকুৰ দৃষ্টিশক্তি বাঢ়ে, চকুত ছানি নপৰে। নাকৰ বিন্ধা দুটাত মালিছ কৰিলে নাকৰ ‘পালিপাছ’ আৰু ছাইন’ছাইটিছ ৰোগ নহয়। যদি কাৰোবাৰ সামান্যভাৱে থাকেও আৰোগ্য লাভ হয়। ইয়াৰ ফলত মূৰৰ বিষো নোহোৱা হ’ব। কাণৰ বিন্ধা দুটা আৰু কাণৰ পিছফালে মালিছ কৰক। কাণৰ ফুটা দুটাত হেঁচি হেঁচি দিয়ক। ই কাণৰ শ্ৰৱণশক্তি বঢ়াব। গাল দুখনত, চকু দুটাৰ তলত মালিছ কৰক। হাতৰ তলুৱা দুখন গাল দুখনত হেঁচি ধৰক, এতিয়া বৃত্তাকাৰে এবাৰ সোঁ ফালৰ পৰা আৰু এবাৰ বাঁও ফালৰ পৰা, ঘূৰাই ঘূৰাই মালিছ কৰক। এই ধৰণে ২০-৩০ বাৰমান মালিছ কৰক। ই গাল সংকোচন হোৱা, শোটোৰা পৰা, চকুৰ তলত ছাল ওলমি যোৱা আদি বন্ধ কৰিব। আৰম্ভ হ’লেও এইবোৰ নোহোৱা হৈ যাব। থুঁতৰিটোত ওপৰলৈ ঘঁহি ঘঁহি মালিছ কৰক, ই থুঁতৰিৰ ছাল তললৈ ওলমি পৰাটো বন্ধ কৰিব। টেটুঁটোৰ দুয়োকাষ ওপৰলৈ হেঁচুকি হেঁচুকি মালিছ কৰক। ই টনচিলাইটিজ হোৱাত বাধা দিব। সাধাৰণভাৱে থাকিলেও আৰোগ্য কৰিব। কপালখন, কুম দুটা আৰু মূৰৰ ছাল ঘঁহি ঘঁহি মালিছ কৰক। মূৰৰ বিষ থাকিলে আৰোগ্য লাভ হ’ব। মাজে মাজে হোৱা মূৰৰ বিষ বন্ধ হ’ব। মুখমণ্ডল মালিছ কৰোঁতে হাতৰ আঙুলি আৰু হাতৰ তলুৱাহে ব্যৱহাৰ কৰিব। সাধাৰণতে মানুহ বুঢ়া হৈ আহিলে মুখৰ ওপৰ ওঁঠ আৰু তলৰ ওঁঠৰ (দুয়োফালে) সংযোগ স্থলত ফুলি উঠাৰ দৰে দেখা হয়। এই ঠাইবোৰ দুয়ো হাতৰ তলুৱাৰে দুয়োফালে হেঁচুকি ধৰি ওপৰফালে ঠেলি ঠেলি মালিছ কৰিব লাগে। আৰম্ভ হ’লে, ৩০-ত কৈ যিমান পাৰে বেছি মালিছ কৰিব লাগে। মালিছ আৰম্ভ কৰাৰ আগতে মুখমণ্ডলত ব’ৰ’গ্লিচাৰিন ঘঁহিব পাৰি। অথবা নাথাকিলে, কুহুমীয়া গৰম পানীত হাত তিয়াই লৈ সেই আঙুলিৰেই মালিছ কৰিব পাৰি।

এইবোৰ কৰাৰ উপৰিও পাৰিলে গাজৰৰ ৰস আধা গিলাচ প্ৰতিদিনে খাওক (আবেলি)। লগত চেনি আদি কোনো বস্তু মিহলি নকৰিব। কেৱল গাজৰৰ ৰস খাওক।

গলৰ ছাল আৰু মাংসপেশীৰ ঘৰ্ষণ

মুখমণ্ডলৰ কচৰত কৰাৰ পাছত গলৰ অংশৰ মালিছ কৰিব লাগে। বৃদ্ধ কালত গলৰ মাংসপেশীবোৰ ঢিলা হৈ ওলমি পৰিবলৈ ধৰে। এইবোৰ তিনিটা ভাগত তললৈ ওলমি পৰে। সোঁকাষৰ ফালে, বাঁওকাষৰ ফালে আৰু সোঁমাজত। প্ৰথমতে মাজৰ অংশত ওপৰলৈ হেঁচুকি মালিছ কৰিব। হাতৰ আঙুলিকেইটা লগ লগাই লৈ ওপৰলৈ হেঁচুকি দিব। কাষলৈ সোঁফালে আৰু বাঁওফালে ঠেলি দিব। মাজৰ অংশটো মালিছ কৰা হোৱাৰ পাছত দুয়োখন হাতৰ তলুৱা দুয়ো কাষত (সোঁ হাতেৰে সোঁফালে, বাঁওহাতেৰে বাঁওফালে) হেঁচুকি ধৰি ওপৰফালে ঠেলি হাত ওপৰলৈ নিব আৰু কুমৰ ওপৰলৈ নিব। এই ধৰণে মালিছ কৰাৰ ফলত মাংসপেশী আৰু ছাল তললৈ ওলমি নপৰে আৰু ছাল শোটোৰা পৰাও বন্ধ হ’ব।

এই তিনিবিধ মাংসপেশীৰ বাহিৰেও লেৰিংছৰ বাঢ়ি থকা অংশ এটাও দেখা যায়। বয়স বঢ়াৰ লগে লগে বৃদ্ধকালত ই বেছিকৈ ওলাই আহে। ইয়াক ‘আদাম্ছ আপেল’ বুলিও জনা যায়। ইয়াক বেছিকৈ ওলোৱা যেন দেখাটো বন্ধ কৰিবলৈ হ’লে ইয়াক মাজত ৰাখি কাষৰ মাংসপেশীবোৰ মালিছ কৰিব লাগে। তেতিয়া মাংসপেশীবোৰ সবল হৈ উঠে, ওলমি নপৰে আৰু লেৰিংছৰ অংশটো তেনেকৈ ওলাই অহা যেন নেদেখাকৈ থাকে।

গলৰ মাংসপেশীৰ মালিছ কৰাৰ উপৰিও গলৰ আৰু কিছুমান কচৰত কৰিব পাৰি। এইবোৰ তলত দিয়া ধৰণে কৰিব লাগে।

পোনাই থিয় হওক। গলটো (মূৰটো) এবাৰ ওপৰলৈ আৰু এবাৰ তললৈ নিয়ক। তাৰ পাছত এবাৰ সোঁফালে আৰু এবাৰ বাঁওফালে হলাই দিয়ক। তাৰ পাছত অলপ হেলনীয়াকৈ লৈ সোঁ কান্ধৰ ওপৰৰ পৰা এবাৰ আগলৈ আৰু পাছলৈ ঠেলি দিয়ক। তেনেকৈ মূৰটো বাঁও কান্ধৰ ওপৰৰ পৰা লৈ এবাৰ আগলৈ আৰু এবাৰ পিছলৈ কৰক। তাৰ পাছত আকৌ মূৰটো ‘এণ্টিক্লকওৱাইজ’ আৰু এবাৰ ‘ক্লকওৱাইজ’ বৃত্তাকাৰে ঘূৰাওক। এই লৰ-চৰ কৰা কচৰতবোৰ ২০-৫০ যিমানবাৰ পাৰে কৰক।

এইবোৰ কচৰত আৰু মালিছ কৰিলে গলৰ ছালৰ ভাঁজ নধৰে, মাংসপেশীও ওলমি নাযায়। কিবা আৰম্ভ হ’লে নোহোৱা হৈ যাব। ১৬১৬ ইং চনৰ ১৬ মে’ত জন্ম হোৱা ফ্ৰাণ্সৰ এগৰাকী মহিলা- নাম, মাডাম্ ডি লানক্ল’জ নিন’ন, তেওঁ তেওঁৰ দিনতে এইবোৰ কচৰত অভ্যাস কৰিছিল। তেওঁ সত্তৰ বছৰ বয়সলৈ যুৱতীৰ দৰে ৰূপৱতী হৈ আছিল। তেওঁৰ ৯১ বছৰ বয়সত মৃত্যু হৈছিল আৰু মৃত্যুৰ সময়লৈকে তেওঁৰ বাৰ্দ্ধক্যৰ কোনো চিনমোকামে দেখা দিয়া নাছিল। ডাঃ সত্যব্ৰত সিদ্ধান্তলংকাৰ, প্ৰক্তন এম.পি. আৰু গুৰুকুল কাংগ্ৰী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য (নতুন দিল্লী) আৰু ‘ফ্ৰম ওল্ড এজ্ টু ইয়ুথ’ নামৰ কিতাপৰ লেখক, তেখেতেও ৮৬ বছৰ বয়সলৈ ছালৰ কোনো ধৰণৰ বাৰ্দ্ধক্যৰ চিনচাপ নোহোৱাকৈ আছিল। তেখেতে কিতাপখনত উল্লেখ কৰিছে, তেখেতৰ ছালৰ সংকোচন, ভাঁজ আদি হ’ব ধৰিছিল কিন্তু সেইবোৰ তেখেতে এই কচৰতৰ দ্বাৰা শুধৰাবলৈ সক্ষম হৈছিল।

শৰীৰৰ অন্যান্য অংগ যেনে হাত, বাহু, তলপেট, বুকু, ভৰি, ভৰিৰ পতা আৰু পিঠিৰ ছালৰ ঘৰ্ষণ কাৰ্য সহজ। ব্ৰাছ বা টাৱেলেৰে সহজে মালিছ কৰিলেই হয়। ব্ৰাছ ব্যৱহাৰ কৰিলে যাতে ছাল এৰি নাযায় তালৈ লক্ষ্য ৰাখিব। ছালৰ ওপৰত ঘৰ্ষণ কৰাৰ ফলত ছালৰ ফুটাবোৰ বহল হয় আৰু অধিক ঘাম ওলায় বুলি কিছুমানে আপত্তি দৰ্শাব খোজে। ঘৰ্ষণ অতি মাত্ৰাত হ’লে অৱশ্যে তেনে সম্ভাৱনা নোহোৱা নহয়। মাত্ৰাধিক হ’লে সকলো কথাই অশুভ হয় বা ছালৰ ঘনতা হ্ৰাস হয় আৰু ছাল খহটা হ’ব পাৰে। গতিকে ছালৰ মাত্ৰাধিক মালিছ অনাৱশ্যক। কিন্তু সাধাৰণতে মাত্ৰাধিক্যৰ ঘটনা নঘটে। দৰাচলতে ছালৰ মালিছ লগাতকৈ কমকৈ কৰাহে দেখা যায়। কিন্তু ছালৰ মালিছৰ পৰা পোৱা উপকাৰ বিশেষভাৱে লাভদায়কহে হয়। যেতিয়া শৰীৰৰ কোনো অংগত ঘঁহনি দিয়া হয় তেতিয়া সেই অংগক আৱৰি থকা ছালত আৰু সেই অংগত থকা কেপিলাৰিজবোৰত ঘৰ্ষণৰ সৃষ্টি হয়। ফলত সেইবোৰত ইউৰিক এচিড, কলেষ্টেৰল আদি থাকিলে এৰা দিয়ে। ঠিক যেনেকৈ কোনো পাত্ৰত মামৰ আদি থাকিলে ঘঁহি ঘঁহি এৰুৱাই দিয়া হয় তেনেকৈয়ে সিৰ-উপসিৰত বান্ধ খোৱা চামনিবোৰ এৰা দিয়ে, তেজৰ সোঁতৰ বাধাবোৰ আঁতৰ হয় আৰু ছাললৈ তেজৰ যোগান নিয়মিত হয়। আকৌ বাৰ্ধক্যৰ বাবে সিৰ-উপসিৰবোৰ দুৰ্বল হৈ ৰক্তসঞ্চালনত বাধা দিব খুজিলেও ঘৰ্ষণৰ ফলত ৰক্তবাহী সিৰ-উপসিৰবোৰৰ কোষবোৰ সজীৱ হৈ পৰে আৰু কৰ্মক্ষম হৈ পৰে আৰু কৰ্মক্ষম হৈ পৰাৰ ফলত তেজৰ যোগানৰ বাধা দূৰ হয়। ছালৰ ওপৰত দিয়া ঘঁহনিৰ ফলতেই ছালৰ তলৰ সেই অংগ বা প্ৰত্যংগতো ঘৰ্ষণৰ প্ৰভাৱ পৰে আৰু সেই অংগ-প্ৰত্যংগবোৰেও সঠিকভাৱে কাম কৰিবলৈ ধৰে। উদাহৰণ স্বৰূপে যেতিয়া তলপেটৰ ছালত মালিছ কৰা হয় ইয়াৰ অভ্যন্তৰত থকা অন্ত্ৰবোৰত ইয়াৰ প্ৰভাৱ পৰে, অন্ত্ৰৰ মাংসপেশীবোৰ সজীৱ হৈ উঠে আৰু অন্ত্ৰবোৰেও ঠিক মতে কাম কৰে। তেনেকৈ বুকুৰ ছালত ঘঁহনি দিলে হৃদযন্ত্ৰৰ মাংসপেশীবোৰো সবল হৈ উঠে। তেনেকৈ অন্যান্য অংগ-প্ৰত্যংগবোৰেও সঠিকভাৱে কাম কৰে। ছালখনে সুস্থভাৱে কাম কৰিলে গোটেই শৰীৰটোৱেই সুস্থ হৈ থকাৰ সম্ভাৱনা বেছি। শৰীৰত ৰোগ-ব্যাধি নাথাকে। আৰু এইটোৱেই হৈছে স্বাস্থ্য ৰক্ষাৰ গোপন কথা বা চাবি-কাঠি।

শৰীৰৰ বিভিন্ন অংগৰ ছালৰ কচৰত কৰাৰ সময়ত গোটেই শৰীৰত তেল মালিছ কৰিব লাগে। নাকৰ বিন্ধাত, কাণৰ বিন্ধা, নাভি, গুহ্যদ্বাৰ, হাত আৰু ভৰিৰ নখবোৰত তেল দিব লাগে। আগৰ দিনত মানুহে সৰিয়হৰ তেল গাৰ মালিছৰ কামত ব্যৱহাৰ কৰিছিল। আজিকালিৰ সৰিয়হৰ তেলত বহু ভেজাল হোৱাৰ সম্ভাৱনা থাকে। আগৰ মানুহৰ দৰে আজিৰ মানুহৰ সকলোৰে সততা নাই। গতিকে তেল ব্যৱহাৰ কৰিব নালাগে। ইয়াৰ উপৰিও মিঠাতেলৰ পৰা এটা গোন্ধ ওলায়। এই ক্ষেত্ৰত ‘অলিভ অইল’ ব্যৱহাৰ কৰিব পাৰি। ই শৰীৰৰ শুষ্কতা নাশ কৰে আৰু মাংসপেশীৰ বল বঢ়ায়। তেল মালিছ কৰাৰ ১৫ মিনিটমান পাছত গা ধুব লাগে।

যদি ছালৰ সাধাৰণভাৱে খজুৱতি, এলাৰ্জি, ফুলি উঠা, আঙুলিৰ গাঁঠিবোৰৰ বাহিৰ ফালে, খহটা বা ডাঠ হৈ অহা আদি লক্ষণ থাকে, গৰম পানীত অলপ নিমখ, খোৱাৰ পৰিমাণতকৈ বেছিকৈ দি, সেই পানীত কাপোৰ তিয়াই লৈ প্ৰতিদিনে কেইছেকেণ্ডমান সময়, কিছুদিনলৈ, কেইমাহমানলৈ সেই কাপোৰৰ টোপোলাৰে সেক দিলে এই ধৰণৰ অসুখবোৰ উপশম হৈ যাব। মহানিমৰ পাত সিজাই সেই পানী দৈনিক এগিলাচকৈ এসপ্তাহমান খাই, আক্ৰান্ত ঠাই কেইদিনমান ধুলেও এইবোৰ ৰোগৰ উপশম হয়। অৱশ্যে অসুখৰ প্ৰকাৰ গুৰুতৰ হ’লে চিকিত্সকৰ সাহাৰ্য্য লোৱা আৱশ্যক। শীতকালত গৰম পানীৰে গা ধোৱাটো উপকাৰী, বিশেষকৈ বৃদ্ধ লোকৰ বাবে ই অতি আৱশ্যক। শীতল পানীৰে গা ধোৱাটো যন্ত্ৰণাদায়ক হ’ব পাৰে। পানী লগা অসুখ থাকিলে গৰম পানীৰে গা ধুব। কিন্তু ভাল অৱস্থাত সদায় গৰম পানীৰে গা ধুলে, মাংসপেশী দুৰ্বল হয়।

ধবল বা শ্বেতী

ৰোগৰ কাৰণ

যকৃতৰ দোষৰ বাবে এই ৰোগ হয়।

ৰোগৰ লক্ষণ

গাৰ ছাল যিকোনো ঠাইত বগা হয়। গোটেই গাটোৱে বগা হ’বও পাৰে।

চিকিৎসা

৫ চামুচ এৰাৰ তেল আৰু ৫ চামুচ শেওড়া (বঙলা শব্দ) গছৰ তেল মিহলাই ধবল ওলোৱা ঠাইত সানিলে ধবল দূৰ হয়।

চুলিৰ ৰোগ

অকালতে চুলি পকা ৰোগ

বয়স হৈ আহিলে চুলি পকে। ই স্বাভাৱিক। কিন্তু কেতিয়াবা কোনো কোনো লোকৰ ২০-২৫-৩০ বছৰ বয়সতে দুই-এডালকৈ চুলি পকা আৰম্ভ হয়। ইয়াক চুলিৰ ৰোগ বুলিয়ে ধৰিব লাগিব আৰু চিকিৎসাৰ আৱশ্যক।

চিকিৎসা

এক চামুচ আমলখিৰ গুড়ি ৰাতি শোৱাৰ আগতে খাই শুই থাকিব লাগে। আমলখি খোৱাৰ পাছত আৰু একো খাব নালাগে। চুলি পকা বন্ধ হ’ব। লগতে চুলিৰ সৌন্দৰ্য, দেহৰ সৌন্দৰ্য ফিৰি আহিব। যদি গলৰ ঘৰঘৰণি শব্দও থাকে সিও দূৰ হ’ব।

আমলখি পানীৰে নিয়মিতভাৱে মূৰ ধুলে চুলি পকা বন্ধ হয়। ২৫ গ্ৰাম শুকান আমলখি টুকুৰা টুকুৰকৈ ভাঙি ৰাতি ২৫০ মিলিলিটাৰ পানীত তিয়াই থওক। ৰাতিপুৱা আমলখিখিনি পানীৰে ভালকৈ মোহাৰি মোহাৰি লৈ পানীখিনি ছেকি লওক আৰু মূৰৰ চুলিৰ গুৰিত এই পানী লাহে লাহে ঘঁহি-পিহি দিয়ক। তাৰ ১৫-২০ মিনিট পাছত কেৱল পানীৰে মূৰ ধুই দিয়ক। ঠৰঙা চুলি হ’লে সপ্তাহত এবাৰ আৰু মিহি চুলি হ’লে সপ্তাহত দুবাৰ এই ধৰণে মূৰত আমলখি পানী লগাওক, চুলি অকালতে নপকে।

আমলখি গুড়ি কৰি পানীৰে পেষ্টৰ দৰে বনাই লৈ মূৰত প্ৰলেপ দি থ’ব লাগে। ১০-১৫ মিনিট তেনেকৈ ৰাখি ধুই পেলাব লাগে। তেতিয়াও অকালতে চুলি পকা বন্ধ হয়। সপ্তাহত দুদিনকৈ তিনিমাহ এই ব্যৱস্থা ল’লে বিশেষ ফল পোৱা যায়।

ৰাতিপুৱা একেৰাহে কিছুদিন তিল ৫০ গ্ৰামকৈ খালে চুলি ক’লা হয়।

অকালতে চুলি সৰা ৰোগ

কোনো অসুখত বহুদিন ভুগিলে বা চুলিৰ কাৰণে আৱশ্যকীয় খাদ্যপ্ৰাণৰ অভাৱ হ’লে চুলি সৰিবলৈ ধৰে আৰু কম বয়সতে (বুঢ়া হোৱাৰ আগতে) চুলি সৰি মূৰৰ চুলি পাতল হ’লে দেখাত অশোভনীয় হয়। খাৰ জাতীয় চাবোনেৰে বেছিকৈ মূৰ ধুলেও চুলি সৰিব পাৰে। মূৰৰ চুলিৰ গুৰিৰ ডাৰমিজলৈ (প্ৰকৃত ছাললৈ- ওপৰতে উপছাল) তেজৰ চলাচল উপযুক্তভাৱে নহ’লে চুলিৰ গুৰিয়ে তেজৰ যোগান কমকৈ পাবলৈ ধৰিলে চুলি সৰিবলৈ ধৰে।

ৰোগৰ লক্ষণ

মূৰ ধুলে চুলি যায়। হাতে-পাতে লাগে আৰু পাছলৈ চুলি বৰ বেছিকৈ যায়। মূৰৰ চুলি পাতল হৈ যায়।

চিকিৎসা

আমলখি ৩-৪ টা থেতেলাই মূৰত ঘঁহি ঘঁহি ৰাতি বান্ধি থ’লে আৰু পিছদিনা মূৰ ধুই পেলালে চুলি সৰা বন্ধ হয়।

প্ৰতিদিনে ৰাতিপুৱা তিল ৫০ গ্ৰামকৈ খালে, চুলি সৰা বন্ধ হয়, চুলি ক’লা হয় আৰু চুলি অকালতে নপকে।

তুলসীৰ পাতৰ ৰস আৰু আমলখি ৩-৪ টা থেতেলিয়াই ১৫-২০ মিনিট মূৰত ঘঁহিলে অকালতে চুলি সৰা বন্ধ হ’ব। একেৰাহে কেইদিনমান ব্যৱহাৰ কৰিব লাগে।

২০০ গ্ৰাম তিতাকেৰেলাৰ শিপা খুন্দি আধা ঘণ্টা মূৰত প্ৰলেপ দিলে চুলি সৰা বন্ধ হয়।

তিতাভেঁকুৰী ৫০ টা খুন্দি অলপ মৌ মিহলি কৰি ৩-৪ ঘণ্টা মূৰত প্ৰলেপ দি থলে কীটাণুৰ বাবে চুলি সৰিলে বন্ধ হ’ব।

দুটা আমৰ গুটিৰ ভিতৰৰ সাহ খুন্দি তাক পানীত এৰাতি ভিজাই থ’ব লাগে। ৰাতিপুৱা ছেকি লৈ সেই পানীৰে মূৰ ধুলে উপকাৰ হয়।

এটা নেমুটেঙাৰ ৰসত দুগুণ নাৰিকলৰ তেল লৈ মূৰত ঘঁহি মূৰ ধুব লাগে। ধোৱাৰ আগত হাতৰ আঙুলিৰে চুলিৰ গুৰিত ভালকৈ ঘঁহিব লাগে। চুলি সৰা বন্ধ হ’ব, মূৰৰ উফিও দূৰ হ’ব।

মূৰৰ চুলি বঢ়াব খুজিলে

যদি দেখা যায় চুলি সৰি পাতল হৈছে কিন্তু ঔষধ-পাতি ব্যৱহাৰ কৰাৰ পাছতো মূৰৰ চুলি বঢ়া নাই তেনেহ’লে তলৰ ব্যৱস্থা লওক। বা এনেও যদি মূৰৰ চুলিৰ সংখ্যা বঢ়াব খোজে এইবোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

নেমুটেঙাৰ ৰস আৰু আমলখি চূৰ্ণ মিহলাই চুলিৰ গুৰিত সানক। নতুন চুলি গজিবলৈ সোনকালে আৰম্ভ কৰিব।

এভাগ মৌ আৰু দুগুণ নাৰিকলৰ তেল মিহলাই ৰাতি মূৰৰ চুলিৰ গুৰিত লগাওক আৰু ঘঁহি-পিহি মালিছ কৰি দিয়ক। তাৰ কেইঘণ্টামান পাছত মূৰ ধুই পেলাওক। চুলি বাঢ়ি ঘন হ’ব, দীঘল আৰু ক’লা হ’ব। চুলিৰ সমস্যা দূৰ হ’ব।

আমৰ গুটি (ভিতৰৰ সাহখিনি) আৰু আমলখি থেতেলাই, মিহলাই চুলিৰ গুৰিত লগাই কিছুসময় সানি পিহি দি ৰাতি কাপোৰেৰে বান্ধি শুই থাকক। ৰাতিপুৱা উঠি মূৰ ধুই পেলাব। চুলি ক’লা আৰু ৰেচমৰ দৰে মসৃণ আৰু দীঘল হ’ব, ঘনকৈ গজি উঠিব।

তপা মূৰ হ’লে

আমলখিৰ ব্যৱহাৰে তপা মূৰলৈও চুলি আনে। আমলখিযুক্ত ঔষধে আশাতীত ফল দিয়ে।

পকা বা শুকান আমলখি গুড়ি কৰি চূৰ্ণ কৰি ল’ব লাগে। এই চূৰ্ণ নাৰিকলৰ তেলত মিহলাই মূৰৰ তপা অংশত ভালকৈ মালিছ কৰিব লাগে। লগে লগে আমলখিৰ টুকুৰা চোবাই খাবও লাগে। এই ধৰণে কিছুদিন ব্যৱহাৰ কৰিলে মূৰলৈ চূলি আহিব। তপা হোৱাৰ সমস্যা দূৰ হ’ব।

কেঁচা ধনিয়াৰ পাত খুন্দি মূৰত সানিলে, কিছুদিনৰ পাছত মূৰলৈ চুলি আহে। চুলি ক’লা আৰু মসৃণ হয়, চুলি সৰাও বন্ধ হয়।

বেদানাৰ পাত আৰু বাকলি খুন্দি মণ্ডৰ দৰে কৰি সৰিয়হৰ তেল অলপ মিহলাই সামান্য গৰম কৰি ছেকি ল’ব লাগে। এই তেল দিনত ২-৩ বাৰ লগালে মূৰৰ তপা অংশটো চুলি আহিব।

মূৰৰ উফি

নাৰিকলৰ তেল ১০০ মিলিলিটাৰ, কৰ্পূৰ ৪ গ্ৰাম মিহলাই এটা বটলত ৰাখি, দিনত গা ধোৱাৰ পাছত চুলি শুকালে এবাৰ আৰু ৰাতি শোৱাৰ আগত এবাৰ মূৰৰ চুলিৰ গুৰিত ভালকৈ মালিছ কৰিব লাগে। লগোৱাৰ পাছৰ দিনাৰ পৰাই উফি কম হৈ আহিব। লগতে ওকণি থাকিলে সিও নাশ হ’ব।

চুলি সৰাৰ কাৰণ

চুলি, নখ আৰু হাড় একে ধৰণৰ পদাৰ্থৰেই গঠিত। এডাল চুলি এটা সৰু নলীৰ দৰে, মাজেৰে ফোঁপোলা থকা। অতি ক্ষুদ্ৰ ‘কেপিলাৰিজ’ৰ দ্বাৰা চুলিয়ে পুষ্টিৰ যোগান পায়। মানুহ যেনেকৈ বুঢ়া হয় চুলিও বুঢ়া হয়। চুলি এডালৰ জীৱনকাল দুইৰ পৰা ছয় বছৰ। মানুহৰ শৰীৰৰ কোষবোৰ যেনেকৈ মৰে আৰু নতুন কোষৰ জন্ম হয় তেনেকৈ চুলিও মৰে আৰু নতুন চুলিয়ে তাৰ ঠাই পূৰণ কৰে। গতিকে বুঢ়া হৈ সৰা চুলি মানে বগা চুলি নহয়। বগা চুলি মানুহ বুঢ়া হোৱাৰহে লক্ষণ। ল’ৰাকালতো চুলি বুঢ়া হৈ সৰে (মৰে আৰু সৰি ওলাই আহে)। চুলিৰ গুৰিবোৰক (ছালৰ তলত) হেয়াৰ ফলিকল বোলে। মৰা চুলি এই হেয়াৰ ফলিকলৰ পৰা এৰা দি আহে। কিন্তু এই হেয়াৰ ফলিকলবোৰ নমৰে। সেইবোৰেৰে আকৌ নতুন চুলি ওলাই আহে। এই হেয়াৰ ফলিকলবোৰ সিৰৰ একেবাৰে আগৰ অংশ কেপিলাৰিজবোৰৰ সৈতে সংযোজিত হৈ থাকে। যেতিয়া এই কেপিলাৰিজবোৰ দুৰ্বল হয়, হেয়াৰ ফলিকলবোৰলৈ তেজৰ যোগান কমি যায়। অথবা অন্যভাৱেও এইবোৰলৈ তেজৰ যোগান ব্যাহত হ’ব পাৰে। যদি ওকণি আদি পৰজীৱী যদি থাকে, উফি হয় বা তেনে টান শুকান ছাল মূৰৰ ছালৰ ওপৰত গঠিত হ’লে হেয়াৰ ফলিকলবোৰ মৰি যায় আৰু নতুন চুলিৰ জন্ম নহয়। ফল স্বৰূপে মূৰৰ চুলি পাতল বা সেৰেঙা হয় বা মানুহ তপামূৰা হয়। চুলি সৰাৰ তিনিটা প্ৰধান কাৰণ দেখা যায়।

(১)চুলিৰ গুৰিত (হেয়াৰ ফলিকলত) পৰিপুষ্টিৰ অভাৱ।

(২)চুলিৰ গুৰিৰ ক্ষতিসাধন কৰা ৰোগ ভোগ, যেনে মূৰত উফি থাকিলে, খজুৱতি থাকিলে, ওকণি আদি পৰজীৱী থাকিলে অথবা টাইফয়েড, ইনফ্লুয়েঞ্জা, ছিফিলিজ আদি ৰোগত ভুগিলে।

(৩)বংশগত অপুষ্টিৰ কাৰণ।

চুলি সৰা কেনেকৈ বন্ধ কৰিব পাৰি

চুলি সৰা বন্ধ কৰাৰ নিশ্চিত উপায় হৈছে মূৰৰ ছালত মালিছ কৰি ঘৰ্ষণৰ সৃষ্টি কৰা আৰু সেই ঘৰ্ষণৰ দ্বাৰা হেয়াৰ ফলিকলবোৰক, তেজৰ যোগান ধৰা, কেপিলাৰিজবোৰক সতেজ কৰি তোলা। ঘৰ্ষণৰ ফলত দুৰ্বল কেপিলাৰিজবোৰো সঞ্জীৱিত হৈ উঠে, হেয়াৰ ফলিকলবোৰলৈ তেজৰ যোগান বাঢ়ে আৰু তেতিয়া হেয়াৰ ফলিকলবোৰে নতুন চুলি গজাই সৰা চুলিৰ ঠাইবোৰ পূৰণ কৰে। তেজৰ যোগান বাঢ়িলে বা নিয়মিত হ’লে মূৰৰ ছালত শুকান স্তৰ গঠন হ’ব নোৱাৰে, সৰা চুলিৰ মূৰৰ পৰা নতুন চুলি ওলাই আহে। মূৰৰ ছালৰ মালিছ ব্ৰাছ বা হাতৰ আঙুলিৰে কৰিব পাৰি। মালিছ কৰোঁতে ব্ৰাছ বা হাতৰ আঙুলিবোৰ বৃত্তাকাৰে ঘঁহিব লাগে। ঘঁহোঁতে অলপ জোৰ দি হেঁচি দিব লাগে যাতে মূৰৰ ছালৰ তলৰ ছালত (ডাৰমিজ) ঘৰ্ষণ অনুভূত হৈ কেপিলাৰিজবোৰত ঘঁহনি লাগে। এই ধৰণৰ ঘঁহনি লগা মালিছ ২০-৩০-৫০-১০০ যিমানবাৰ পাৰি কৰিব লাগে। চুলি সৰিবলৈ ধৰিলে, মালিছৰ সংখ্যা বেছি হ’লে ভাল। ইয়াৰ উপৰিও ডাঃ কে. মুখাৰ্জিয়ে তেওঁৰ কিতাপ ‘ডমেষ্টিক ট্ৰিটমেণ্ট অব ক্ৰনিক ডিজিছ’-ত চুলিবোৰ আঙুলিৰে ওপৰলৈ উভালিব খোজাৰ দৰেকৈ টানিবলৈ উপদেশ দিছে। ইয়াৰ ফলত চুলিৰ গুৰিত ৰক্তসঞ্চালন বাঢ়িব। এই ধৰণে টনা কাৰ্য কেইছেকেণ্ডমানলৈ কৰিব আৰু প্ৰতিদিনে এবাৰ বা দুবাৰ কৰিব। টানোঁতে মূৰৰ ছাল টান খাই ওপৰলৈ উঠা যেন অনুভৱ হ’ব লাগিব। চুলি টনাৰ আগতে মূৰৰ ছাল ২০-৬০ বাৰ মান আগতে উল্লেখ কৰা ধৰণে মালিছ কৰিব।

মূৰৰ ছালত ঘঁহলি লগোৱা বা মূৰৰ ছালৰ মালিছ কৰিবলৈ আৰম্ভ কৰোঁতে প্ৰথমতে বহুত চুলি সৰি যোৱা দেখা পাব পাৰে। তাৰ বাবে হতাশ হোৱাৰ কাৰণ নাই। সেইবোৰ দুদিন পাছত সৰিলেইহেঁতেন। কিছুদিন মালিছ কৰাৰ পাছত চুলি একেবাৰে নসৰা হ’ব। মই নিজৰ ক্ষেত্ৰতে প্ৰমাণ পাইছোঁ। মোৰ ২০ বছৰমান বয়সত টাইফয়েড্ জ্বৰ হৈছিল, ইং ১৯৫২ চনত। পাছত মোৰ মূৰৰ চুলি কিছু সেৰেঙা হৈছিল। এতিয়া মই প্ৰৌঢ় অৱস্থাত পৰিলোঁ। চুলিবোৰ পকিবলৈ ধৰিলে। কিন্তু মই মালিছ আৰম্ভ কৰিলোঁ। বৰ্তমানেও মই মূৰৰ চুলি টানোঁ, চুলিবোৰ বগা কিন্তু হাতত লাগি চুলি সৰি নাহে। চুলিৰ কচৰত কৰোঁতে মনত ৰাখিব লাগে যাতে মূৰৰ ছালৰ সকলো ঠাইতে প্ৰভাৱ পৰে, কোনো ঠাই বা চুলি বাদ নপৰে।

চুলিৰ কচৰত কৰাৰ উপৰিও চুলি সৰা বন্ধ কৰিবলৈ হ’লে মূৰৰ ছাল সদায় পৰিষ্কাৰকৈ ৰাখিব লাগে। উফি হ’ব দিব নালাগে, ওকণি থাকিব দিব নালাগে। ভাল গা-ধোৱা চাবোন বা চেম্পু ব্যৱহাৰ কৰিব লাগে আৰু সপ্তাহত দুবাৰ, কমেও এবাৰ মূৰ ধুই চাফকৈ ৰাখিব লাগে। মূৰত ভাল তেল ঘঁহিব পাৰি, ই হেয়াৰ ফলিকলবোৰক সতেজকৈ ৰাখি শক্তি বঢ়ায়। হোমিঅ’ ঔষধ থুজা, ফছফৰাছ, কেলকেৰিয়া ফছ আদি লক্ষণভেদে ব্যৱহাৰ কৰা হয়। কিন্তু ইয়াত উল্লেখ কৰা ধৰণে যত্ন লৈয়ে চুলি সৰা বন্ধ কৰিব পাৰি। অৱশ্যে পৰিপুষ্টিৰ অভাৱ পূৰাবলৈ মাজে সময়ে ভিটামিন ‘এ’ আৰু ‘চি’ সমৃদ্ধি বস্তু বা ঔষধ খালে উপকাৰ হ’ব।

তথ্য সংগ্ৰহ: ব্ৰজনাথ শৰ্মা

2.91935483871
দীপক তাঁতী Jun 01, 2018 05:58 AM

মোৰ পতি বছৰত ছালৰ বেমাৰ হৈ থাকে
ইয়াৰ উপায় কি হব

দীপাংকৰ Dec 14, 2017 10:07 PM

মোৰ পত্নীৰ চুলি খিনিত মানে অলপ ঠাইত ঘাঁ হৈছিল হল দুবছৰ মান ৰাজস্থান গৈছিলোঁ তাৰ পৰা আহি এ হৈছে দেখালোঁ বহুত কিন্তু ভাল পোৱা নাই ।ঘাঁ খিনি উসীৰ ৰ দৰে গুচি ও যায় আকৌ হৈ সেইখিনি ঠাইত কিন্তু এতিয়া অলপ অলপ কে বাঢ়িব ধৰিছে ।

লয় Sep 08, 2017 08:55 AM

টকৌ খালে কি কৰিব পাৰি?

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top