অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

বিশ্ব ধপাতবিহীন দিৱস

বিশ্ব ধপাতবিহীন দিৱসৰ বিষয়ে লিখা হৈছে

‘বিশ্ব ধপাতবিহীন দিৱস’ বিশ্ব স্বাস্থ্য সংস্থাৰ উদ্যোগত অনুষ্ঠিত হয়। এই দিৱস পালনৰ লক্ষ্য হৈছে সর্বসাধাৰণক ধপাত সেৱনৰ পৰা হ’ব পৰা বিপদ আৰু ধপাত কোম্পানীসমূহৰ ব্যৱসায়িক মানসিকতাৰ বিষয়ে জনোৱা। ইয়াৰ লগতে বিশ্ব ধপাতবিহীন দিৱসে সাধাৰণ জনতাক বিশ্ব স্বাস্থ্য সংস্থাই গোলকীয় ধপাত মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াটোও লক্ষ্য কৰি লৈছে।

মন কৰিবলগীয়া যে ধপাত কোম্পানীসমূহে প্রত্যেক বছৰে ধপাত সেৱন কৰা লোকসকলক ‘কুল’, ‘গ্লেমাৰাছ’, পেশীবহুল আৰু অন্য বহুতো গুণৰ অধিকাৰী হিচাপে উপস্থাপন কৰি আহিছে। পিছে প্রকৃতাৰ্থত চিগাৰেট হৈছে সম্পূর্ণৰূপে নিচাশক্তিৰ বাবে প্রস্তুত কৰা বস্তু আৰু ইয়াৰ ফলত সেৱন কৰোঁতাৰ শ্বাসতন্ত্ৰজনিত ৰোগ আৰু কেন্সাৰৰ ফলত মৃত্যু হয়। ধপাতত থকা নিকোটিনৰ উপস্থিতিয়ে চিগাৰেট সেৱন এক এৰাব নোৱাৰ আসক্তিলৈ পৰিণত কৰে। পিছে বৃহৎ ধপাত কোম্পানীসমূহৰ বিষয়াসকলে বছৰ বছৰ ধৰি এই কথাৰ সত্যতা অস্বীকাৰ কৰি আহিছে।

উদ্বেগৰ বিষয় যে, ধপাত কোম্পানীসমূহে তেওঁলোকৰ উৎপাদিত সামগ্রীবিলাকৰ জনপ্রিয়তা বঢ়াবলৈ বহুতো লোভনীয় বিজ্ঞাপন প্ৰচাৰ কৰি আহিছে| বিজ্ঞাপন প্ৰচাৰ কৰা সন্দৰ্ভত আমেৰিকাৰ দৰে উন্নত দেশসমূহত যথেষ্ট বাধ্যবাধকতা আছে যদিও বিশ্বৰ আন দেশসমূহৰ লোকসকল এতিয়াও ধপাতজাত সামগ্ৰীৰ বিপথগামী বিজ্ঞাপনৰ চিকাৰ হৈ আছে। ফলত ধপাতৰ আন্তঃৰাষ্ট্রীয় ব্যৱসায় অবাধে চলি অহা দেখা গৈছে।

প্রতি বছৰে ৩১ মে’ত ‘বিশ্ব স্বাস্থ্য সংস্থা’ আৰু ইয়াৰ সহযোগীসকলে বিশ্ব ধপাতবিহীন দিৱস পালন কৰি ধপাত ব্যৱহাৰৰ সৈতে জড়িত স্বাস্থ্য আৰু আনুসংগিক সমস্যাসমূহত আলোকপাত কৰে আৰু ধপাত সেৱনৰ পৰিমাণ হ্রাস কৰিবলৈ ভালেমান কাৰ্যসূচী ৰূপায়ন কৰে। ২০১৭ বৰ্ষৰ ধপাতবিহীন দিৱসৰ বিষয়বস্তু হৈছে-

‘ধপাত-উন্নয়নৰ প্ৰতি এক ভাবুকি’।

বিশ্ব ধপাতবিহীন দিৱসে সকলো দেশৰে নাগৰিকৰ সুস্বাস্থ্য আৰু অৰ্থনৈতিক উন্নয়নৰ দিশত বিশেষ অৰিহনা যোগাই আহিছে। এই দিৱসে চৰকাৰ আৰু ৰাইজে গোলকীয় ধপাত সমস্যাৰ সৈতে যুঁজ দিবলৈ প্রয়োজনীয় পদক্ষেপসমূহৰ প্ৰস্তাৱ দিয়ে। ধপাত নিয়ন্ত্রণে স্বাস্থ্য আৰু উন্নয়নতো অৰিহনা যোগায়। উল্লেখ্য যে, বিশ্ব স্বাস্থ্য সংস্থাই ২০৩০ চনৰ বাবে স্থিৰ কৰা বহনক্ষম উন্নয়নৰ অংশস্বৰূপে ধপাত নিয়ন্ত্ৰণৰ প্রচেষ্টাত জোৰ দিবলৈ ৰাষ্ট্রসমূহক আহবান জনায়। ধপাত নিয়ন্ত্রণে সকলো দেশকে অর্থনৈতিকভাৱে সহায় কৰে৷ বহনক্ষম উন্নয়ন কার্যসূচী আৰু ইয়াৰ ১৭টা গোলকীয় লক্ষ্যৰ উদ্দেশ্য হৈছে-‘কাকো এৰি যোৱা নহয়’।

বহনক্ষম উন্নয়ন কাৰ্যসূচীত ধপাত নিয়ন্ত্ৰণৰ বিষয়টোক বিশেষভাৱে গুৰুত্ব দিয়া হৈছে। কাৰণ ধপাত নিয়ন্ত্রণে জীৱন ৰক্ষাৰ লগতে ধপাত আৰু ধপাতজাত সামগ্ৰীৰ উৎপাদন, বাণিজ্য আৰু সেৱনৰ ফলত পৰিৱেশত হোৱা ক্ষতিও ৰোধ কৰিব পাৰে। ধপাত নিয়ন্ত্রণে দৰিদ্রতা কিছু পৰিমাণে হ্ৰাস কৰিব পাৰে, বহনক্ষম কৃষি আৰু অৰ্থনৈতিক উন্নয়নৰ প্ৰচাৰ কৰে আৰু বতৰ পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজ দিয়ে।

ধপাতজাত সামগ্ৰীৰ ওপৰত অধিক কৰি আৰোপ কৰি এই ধন বিশ্ব স্বাস্থ্য ৰক্ষা আৰু চৰকাৰৰ অন্যান্য উন্নয়নমূলক কাৰ্যসূচীৰ বাবে ব্যৱহাৰ কৰিব পাৰি। তদুপৰি, কেৱল চৰকাৰেই নহয়, সাধাৰণ মানুহেও ব্যক্তিগত প্রচেষ্টাৰে এখন ধপাতমুক্ত পৃথিৱী গঢ়ি তুলিব পাৰে। মানুহে কেতিয়াও ধপাত সেৱন নকৰো বুলি শপত ল’ব পাৰে। যিসকলে ধপাত ব্যৱহাৰ কৰে, তেওঁলোকে এই অভ্যাস ত্যাগ কৰিব পৰা এই অভ্যাস ত্যাগ কৰিব বা এই অভ্যাস ত্যাগ কৰিবলৈ আনৰ সহায় বিচাৰিব পাৰে, যিয়ে তেওঁলোকৰ স্বাস্থ্য সুৰক্ষিত কৰিব পাৰে। ধপাতযুক্ত সামগ্ৰী সেৱন পৰিত্যাগৰ আহবানে ধুম্ৰপায়ীৰ পৰিয়ালৰ সদস্য, শিশু, বন্ধু আদিৰো এই বদ অভ্যাস গঢ়ি উঠাত বাধা দিব পাৰে।

ধপাত নিয়ন্ত্ৰণ আৰু উন্নয়নৰ লক্ষ্য

 

প্ৰতি বছৰে বিশ্বত প্ৰায় ছয় নিযুত লোকৰ ধপাত সেৱনৰ ফলত মৃত্যু হয়। শীঘ্ৰে ব্যৱস্থা ৮ নিযুতলৈ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। ধপাতৰ ব্যৱহাৰ লিংগ, বয়স, বর্ণ, সংস্কৃতি বা শৈক্ষিক অৰ্হতা নিৰ্বিশেষে সকলো লোকৰ বাবে সমানেই বিপজ্জনক। ইয়াক সেৱনৰ ফলত কষ্ট, ৰোগ, মৃত্যু, পৰিয়াল আৰু ৰাষ্ট্ৰীয় অর্থনীতিৰ দুৰ্বলতা আদি হ’ব পাৰে। ধপাত ব্যৱহাৰ বৃদ্ধি পোৱাৰ ফলত এখন দেশৰ স্বাস্থ্য সেৱাৰ ব্যয় বৃদ্ধি পায় আৰু উৎপাদন ক্ষমতা হ্রাস হয়, যাৰ ফলত অর্থনীতি প্রভাৱিত হয়। নিম্ন আৰু মধ্যমীয়া আয়ৰ দেশসমূহত ধপাতৰ ফলত প্রায় ৮০ শতাংশ লোকৰ অকাল মৃত্যু ঘটে। ইয়াৰ ফলত দেশসমূহে উন্নয়নৰ লক্ষ্যত উপনীত হোৱাটো দুৰূহ হৈ পৰে। তদুপৰি ধপাত উৎপাদনৰ বাবে প্ৰচুৰ পৰিমাণৰ কীটনাশক আৰু সাৰ ব্যৱহৃত হয়, যি বিষাক্ত হোৱাৰ লগতে জলপ্ৰদূষণ সৃষ্টিকাৰী হ’ব পাৰে। ধপাত উৎপাদনৰ বাবে প্রতি বছৰে ৪.৩ নিযুত হেক্টৰ ভূমি ব্যৱহৃত হয়। কেৱল সেয়াই নহয় ধপাত উৎপাদন প্রক্রিয়াত দুই নিযুত টনৰো অধিক গোটা জাৱৰৰ সৃষ্টি হয়।

ধূম্ৰপান আৰু হৃদযন্ত্র

 

ধূম্ৰপানে সকলো বয়সৰ লোকৰ হৃদযন্ত্ৰৰ প্রতি ভাবুকিৰ সৃষ্টি কৰে যদিও ইয়াৰ দ্বাৰা ৫০ বছৰ বয়সৰ অনুৰ্ধৰ লোকসকল অধিক ক্ষতিগ্রস্ত হয়। “হার্ট শীর্ষক এখন ব্ৰিটিছ অধ্যয়নপত্ৰত প্রকাশ পোৱা মতে সমবয়সৰ প্রাক্তন ধূম্ৰপায়ী আৰু অধুম্ৰপায়ীসকলৰ তুলনাত ৫০ বছৰতকৈ কম বয়সৰ ধূম্ৰপায়ীসকলৰ হার্ট এটেকৰ সম্ভাৱনা ৮.৫ গুণ বেছি। এই অধ্যয়নটোৰ ফলাফল STEMI নামৰ হার্ট একেটকত আক্রান্ত ১,৭২৭ জন প্রাপ্তবয়স্কৰ চিকিৎসাৰ তথ্যৰ ভিত্তিত যুগুত কৰা হৈছিল। উল্লেখ্য যে, হৃদযন্ত্ৰৰ গুৰুত্বপূর্ণ ধমনী সম্পূৰ্ণৰূপে বন্ধ হৈ যোৱাৰ ফলত STEMI শীৰ্ষক হৃদৰোগৰ সৃষ্টি হয়। এই ৰোগত ভোগা ৪৮.৫ শতাংশ ৰোগীয়ে ধূম্ৰপায়ী, ২৭.২ শতাংশ প্রাক্তন ধূম্ৰপায়ী আৰু ২৪.৩ শতাংশ ধূম্ৰপান নকৰা লোক।

সামগ্ৰিকভাৱে ধূম্ৰপায়ীসকলৰ হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা ধূম্ৰপান নকৰাসকল আৰু ধূম্ৰপান এৰি দিয়াসকলৰ যুটীয়া সংখ্যাতকৈ তিনিগুণ বেছি। ইফালে ধূম্ৰপান নকৰাসকলতকৈ ক’ৰ’নেৰী আৰ্টাৰী ৰোগ হোৱাৰ সম্ভাৱনা দুগুণ আৰু পেৰিফেৰেল আৰ্টাৰী ৰোগ হোৱাৰ সম্ভাৱনা তিনিগুণ বেছি। উল্লেখ্য যে পেৰিফেৰেল আৰ্টাৰী ৰোগত বন্ধ হোৱা ৰক্ত সিৰাই ভৰিলৈ ৰক্তপ্ৰবাহ হোৱাত বাধা দিয়ে।

ধূম্ৰপানৰ অভ্যাসৰ ফলত হাৰ্ট এটেক হোৱাৰ নিম্ন বয়স ১০-১১ বছৰ। আনসকলতকৈ ৫০-৬৫ বছৰ বয়সৰ ধূম্ৰপায়ীৰ হাৰ্ট এটেকৰ সম্ভাৱনা পাঁচ গুণ আৰু ৬৫ বছৰ বয়সৰ উৰ্ধৰ ধূম্ৰপায়ীসকলৰ হাৰ্ট এটেকৰ সম্ভাৱনা তিনিগুণ বেছি। কম বয়সীয়া ধূম্ৰপায়ীসকলৰ দৰে হৃদৰোগৰ কাৰক, যেনে— উচ্চ ৰক্তচাপ, উচ্চ কলেষ্টেৰল আৰু মধুমেহ হোৱাৰ সম্ভাৱন কম আৰু হাৰ্ট এটেকৰ সম্ভাৱনা বেছি।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

2.95238095238
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top