অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বুট (শক্তিবৰ্ধক)

বুট এবিধ গ্ৰীষ্ম কালত হোৱা গুটি শস্য। মাৰ্চমাহত বুটৰ গছত ফুল হয় আৰু জুন মাহত ফল ধৰে। মানুহৰ সবলতা বৃদ্ধিৰ ক্ষেত্ৰত বুটৰ লক্ষণীয় প্ৰভাৱ আছে।

শক্তি বৃদ্ধিৰ বাবে বুট

২৫ গ্ৰাম দেশীয় বুট বাছি ধুই-পখালি পৰিষ্কাৰ কৰি লৈ ১২৫ মিলিলিটাৰ ভাল পানীত ৰাতি ভিজাই থওক। ৰাতিপুৱা মুখ-হাত ধুই ব্যায়াম, প্ৰাণায়াম আদি কৰাৰ অভ্যাস থাকিলে কৰিলে সেই বুট ভিজোৱা পানীত ১-২ চামুচ মৌ মিহলাই খাওক। বুটবিলাকো ভালকৈ চোবাই খাওক। বুটৰ পৰিমাণ ২৫ গ্ৰামৰ পৰা পাছলৈ বঢ়াই ৫০ গ্ৰাম পৰ্যন্ত কৰিব পাৰে। বুট খোৱাৰ পাছত যদি গাখীৰ খাব পাৰে ই বীৰ্যৰ পুষ্টি সাধন কৰিব। এই ধৰণে বুট ভিজাই খালে শৰীৰ সুস্থ আৰু সবল হয়। কিন্তু যদি হজম কৰিব নোৱাৰে, পেট ফুলি যায়, তেনেহ’লে নোখোৱাই ভাল।

গজালি মেলা বুট খালে বেছি সুফল পোৱা যায়। অংকুৰিত বুটে মাংসপেশী সুদৃঢ় কৰে, শৰীৰ সুস্থ আৰু সবল হয়। বুট চৰ্মৰোগ নাশক। বুটত প্ৰচুৰ ভিটামিন ‘এ’ থাকে। গতিকে বুট খালে ওজন বাঢ়ি যায়। নতুন তেজ তৈয়াৰ হয়, তেজ পৰিষ্কাৰ হয়। হাঁওফাঁওৰ শক্তি বঢ়ায় আৰু তেজৰ কলেষ্টেৰল কমায়। গতিকে হৃদৰোগ নিৰাময়ৰ সহায়ক হয়। গৰমৰ দিনত ১২ ঘণ্টা আৰু শীতৰ দিনত ১৮-২৪ ঘণ্টা বুট পানীত ভিজাই ৰাখি, পাছৰ দিনা আঁৰি থ’লে বুটে গজালি মেলে বা তাৰ পাছৰ দিনত গজালি মেলে।

গজালি মেলা বা ভিজোৱা বুটত বহুতে লোণ, জালুক, আদা, নেমুটেঙাৰ ৰস আদি দি খাব খোজে। কিন্তু একো নিদিয়াকৈ খালে বেছি ভাল।

বুট ঔষধ হিচাপেও ব্যৱহাৰ কৰিব পাৰি

মুখৰ ব্ৰণ আৰু ক’লা দাগ

বুট পানীত ভিজাই ৰাখি ৰাতি বটি মুখত ঘঁহিলে উপকাৰ হয়।

বদ হজম

যদি বুকু জ্বলা-পোৰা কৰে, বদহজম হয়, পায়খানা পৰিষ্কাৰ নহয় তেনেহ’লে ৪-৫ গ্ৰাম বুটৰ শাক বটি তাত বিট লোণ দি খালে উপকাৰ হয়।

ৰক্তপিত্ত

তেজ বমি বা নাকে মুখে তেজ যোৱা ৰোগত ৩০ গ্ৰাম পৰিমাণৰ বুট, ধুই পৰিষ্কাৰ কৰি লৈ, ভাল ৩-৪ কাপমান পানীত এৰাতি তিয়াই থওক। ৰাতিপুৱা সেই বুট সেই পানীত সিজাওক। যেতিয়া বুটবিলাক সিজি ফাটি যাব ছেকি লৈ সেই বুটৰ পানী দিনত ৩-৪ বাৰমান খাওক। উপশম হ’ব।

শ্বাসকষ্টত

খুব কাহ আৰু বুকুত বিষ হ’লে ১০-১২ গ্ৰাম বুট বাকলি সহ সিজাওক আৰু সেই পানী প্ৰতিদিনে ১ কাপকৈ খাওক। উপকাৰ হ’ব।

দাঁতৰ পাৰি ফুলিলে

বুট সিজাই সেই পানীৰে মুখ কুলি কুলি কৰিলে বিষ কমিব, আৰাম পাব।

তথ্য সংগ্ৰহ: ব্ৰজনাথ শৰ্মা

শেহতীয়া উন্নীতকৰণ: : 3/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate