অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শক্তিবৰ্ধক ফল-মূল আৰু শাক-পাচলি

ডালিম (শক্তিবৰ্ধক)

মিঠা সোৱাদ লগা ফল। বায়ুপিত্ত, কফ, তৃষ্ণা, দাহ, জ্বৰ, হৃদৰোগ, গলৰ ৰোগ, মুখৰ ৰোগনাশক আৰু শুক্ৰ বল আৰু মেধা (ধীশক্তি) বৰ্ধক।

অজীৰ্ণ ৰোগ

ডালিমৰ বাকলি ছাগলীৰ গাখীৰৰ লগত খালে অজীৰ্ণ ৰোগ দূৰ হয়।

কৃমি

ডালিম গছৰ শিপাৰ ছালৰ চূৰ্ণ, চূণৰ পানীৰ লগত ৩ গ্ৰাম খালে কৃমি নাশ হয়।

হাগনি

২ গ্ৰাম ডালিমৰ বাকলিৰ চূৰ্ণ ৫ মিলিলিটাৰ (১ চামুচ) মৌৰ লগত খালে হাগনি বন্ধ হয়।

আমাশয় বা শৌচত শাঁও পৰা অসুখঃ ডালিম আৰু কুটজ গছৰ ক্কাথ বনাই মৌৰ লগত খালে আমাশয় বন্ধ হয়।

গৰ্ভস্ৰাৱ

ডালিমৰ পাত, শ্বেত চন্দন (ঘঁহি উলিয়াই লোৱা) মৌ আৰু দৈ মিহলাই খালে গৰ্ভস্ৰাৱ নিবাৰণ হয়।

কলমৌ শাক (শক্তিবৰ্ধক)

কলমৌ শাক স্নিগ্ধকাৰক আৰু শুক্ৰবৰ্ধক। শুক্ৰ পনীয়া হোৱা ৰোগীক ২ চামুচ কলমৌ শাকৰ ৰস গাখীৰৰ লগত খুৱালে শুক্ৰৰ গাঢ়তা বাঢ়ে। স্বপ্নদোষ নিবাৰিত হয়।

প্ৰসূতিৰ স্তন দুগ্ধ কম হ’লে কলমৌ শাকৰ আঞ্জা আৰু জোল খুৱাব লাগে। কলমৌ শাকৰ ৰস ২-৩ চামুচ দিনে দুবাৰকৈ খুৱালেও স্তনৰ গাখীৰ বাঢ়ে।

ঘা, ফোঁহাত

যাৰ শৰীৰত ঘা বা ফোঁহা আছে তেওঁলোকে শাক খোৱা উচিত নহয়। পূজ বাঢ়িব পাৰে। কিন্তু ফোঁহা বা ঘা পকি আছে পূজ ওলাই নাহে তেতিয়া শাকৰ শিপা বা আগ বটি ঘা বা ফোঁহাত লগালে ফোঁহা পকিব। লগতে এই সময়ত কলমৌ শাকৰ ক্কাথ খাব পাৰে। হিষ্টিৰিয়া ৰোগী, মস্তিষ্কৰ বিকাৰগ্ৰস্ত ৰোগী আৰু আফিং সেৱীৰ বিষক্ৰিয়া নাশ কৰিবলৈ কলমৌ শাক সুপথ্য।

হেলেচী শাক

হেলেচী পিত্তনাশক, ৰুচিকাৰক আৰু ক্ষুধাবৰ্ধক। কিন্তু শোথ বা শৰীৰত পানী জমা হৈ ফুলা ৰোগত হেলেচী কুপথ্য। যাৰ শৰীৰত দাহ উত্পন্ন হয়, আবেলি হাত-ভৰি জ্বলে বা যকৃতৰ দোষ আছে তেওঁলোকে নিতৌ ৰাতিপুৱা হেলেচী শাকৰ ৰস ৩-৪ চামুচ অলপ গৰম কৰি খাব পাৰে। বিশেষ উপকাৰ হ’ব।

পূৰৈ শাক

পূৰৈ শাক বায়ু আৰু পিত্ত প্ৰশমক, শুক্ৰবৰ্ধক, ৰক্তপিত্ত নিবাৰক, বলকাৰক, নিদ্ৰাজনক কিন্তু কফবৰ্ধক আৰু গুৰুপাকী। পেটৰ অসুখ থকা, শাঁও পৰা অসুখ থকা, শোথ ৰোগী আৰু বাত বেমাৰৰ ৰোগীৰ বাবে ক্ষতিকাৰক। পূৰৈ শাকৰ লগত তিল খোৱা নিষেধ।

মূলা

মূলা শাকৰ কেঁচা পাত পাচক, ৰুচিকাৰক কিন্তু ভালকৈ নিসিজিলে কফ আৰু পিত্ত বঢ়ায় আৰু আমদোষ ঘটাব পাৰে। পকা মূলাৰ পাত খোৱা নিষেধ।

পদিনা

পদিনা অগ্নিদীপক, মুখৰ জড়তা নাশ কৰে, অৰুচি গুচায়। ই বলকাৰক, মূত্ৰকাৰক আৰু উত্তেজক শাক। জ্বৰৰ ৰোগীকো এই শাক খুৱাব পাৰি।

শাক সদায় খাব লাগে কিন্তু কম পৰিমাণত খাব লাগে। কেতিয়াও শাক একেলগে বেছিকৈ খাব নালাগে। তেতিয়া শৰীৰৰ অনিষ্ট হয়।

শতমূল (শক্তিবৰ্ধক)

শতমূলৰ ঔষধি গুণ বেছি। ইয়াৰ শাখাবোৰ বৰ সৰু সৰু। পাত সৰু আৰু গাত কাঁইট থাকে। ঔষধত ইয়াৰ মূল বা শিপা ব্যৱহাৰ হয়। ১০-২০ গ্ৰাম ব্যৱহাৰ হ’ব পাৰে।

পিত্তশূল

শুক্ৰ পনীয়া হ’লে ১০ গ্ৰাম শতমূল চূৰ্ণ, ১০ গ্ৰাম চেনি আৰু ২৫০ মিলিলিটাৰ গাখীৰ একেলগে খালে শুক্ৰ গাঢ় হয় আৰু পৰিমাণো বাঢ়ে।

শৰীৰৰ পুষ্টি সাধনত

১০ গ্ৰাম শতমূল চূৰ্ণ, ১০ গ্ৰাম চেনি আৰু ২৫০ মিলিলিটাৰ গাখীৰ একেলগে খালে (একেৰাহে কেইদিনমান) দেহৰ পুষ্টিসাধন হয়।

মূত্ৰৰোগ

কেঁচা শতমূল ১০ গ্ৰাম, গো ক্ষুৰ ১০ গ্ৰাম, ৩ কাপ পানী আৰু ১ কাপ গাখীৰ সকলোকে উতলাই আধা কাপ গাখীৰ বাকী থকা, জুইৰ পৰা নমাই খাব পৰা গৰম থাকোঁতে খালে যিকোনো ধৰণৰ মূত্ৰদোষ (ৰোগ) নিৰাময় হ’ব।

স্তন দুগ্ধ বৃদ্ধি কৰিবলৈ ১০ গ্ৰাম শতমূল চূৰ্ণ, ২০০ মিলিলিটাৰ গাখীৰৰ লগত দিনে এবাৰকৈ দুসপ্তাহ খালে মাতৃৰ স্তনৰ গাখীৰ বাঢ়িব।

উচ্চ ৰক্তচাপ

শতমূল, জটামাংসী, কুড়, যষ্টিমধু, শিলিখা, আমলখি, ভঁইৰা প্ৰত্যেকবিধৰে ৫ গ্ৰামকৈ লৈ চূৰ্ণ কৰক আৰু দুই-আঢ়ৈ গ্ৰামকৈ মিছিৰিৰ লগত খাওক, ৰক্তচাপ কমি যাব।

বেঙেনা

কেঁচা বেঙেনা বায়ুপিত্ত কফ প্ৰশমক আৰু শুক্ৰবৰ্ধক। পকা বেঙেনা ক্ষাৰ গুণযুক্ত গুৰু আৰু পিত্তজনক। কিন্তু বেঙেনা পোৰা অলপ পিত্তজনক হ’লেও ই অতি লঘু আহাৰ আৰু অগ্নি উদ্দীপক। কফ, বায়ু মেদ আম (শাঁও) দোষ নাশ কৰে। এবিধ সৰু সৰু বেঙেনা আছে খালে অৰ্শ ৰোগ ভাল হয়।

বেঙেনাৰ পাতে সৰ্বপ্ৰকাৰ বিষ নাশ কৰে। বেঙেনাৰ পাত থেতেলা কৰি ৰস উলিয়াই খুৱালে আফিঙৰ বিষ নাশ হয়। যক্ষ্মাৰ কাহত আৰু ৰক্ত উঠা, ৰক্তপিত্তাদি ৰোগীৰ তেজ ওলোৱা, বেঙেনাৰ পাতৰ ৰস খুৱালে বন্ধ হয়।

ব্ৰণ ওলাব খুজিলে ১ ভাগ বেঙেনাৰ ফুলৰ লগত আধা ভাগ জালুক বটি লগাই দিলে ব্ৰণ বহি যায়।

বেঙেনাৰ ৰস মৌৰ লগত খালে কাহ গুচে।

টোপনি নাহিলে (অনিদ্ৰা ৰোগত) বেঙেনা সিজোৱা পানী মৌৰ লগত খালে ভাল টোপনি আহে।

ফোঁহা বা কাষলতিৰ ফোঁহাত এটা বেঙেনা দুফাল কৰি এফালত জালুকৰ গুড়ি দি সেই ফোঁহা বা কোনো ফুলা ঠাইত বান্ধি থ’লে ভাল ফল পোৱা যায়।

আনাৰস বা মাটিকঁঠাল

সুমিষ্ট, তৃপ্তিদায়ক, কৃমিনাশক। কিন্তু গুৰুপাকী। আনাৰসৰ পাতৰ কোমল অংশ (থোৰ পাতৰ) ৰস উলিয়াই খালে শৌচ বমি বন্ধ হয় আৰু কৃমি নাশ হয়। কিন্তু গৰ্ভৱতী নাৰীয়ে আনাৰস খোৱা নিষেধ। গৰ্ভপাত হৈ যাব পাৰে।

অমিতা

অমিতাৰ সমান স্বাস্থ্য সহায়ক গুণযুক্ত ফল আৰু নাই। পকা অমিতা খালে পৰিপাক যন্ত্ৰবোৰ ঠিক হৈ থাকে। অমিতাৰ (কেঁচা) বাকলি পেলাই ভাল আচাৰ কৰিব পাৰি। কেঁচা অমিতা বেছি উপকাৰী। অমিতাতকৈ অমিতাৰ আঠা বেছি উপকাৰী।

শিশুৰ ৰোগত

যিবিলাক শিশুৰ স্বাস্থ্য ভাল নহয় শৰীৰ নাবাঢ়ে, প্ৰতিদিনেই কিবা নহয় কিবা এটা অসুখ লাগি থাকে তেওঁলোকক নিয়মিতভাৱে কেঁচা-পকা অমিতা খুৱাবলৈ লওক, সোনকালে সুস্থ হৈ আহিব।

যাৰ যকৃত, প্লীহা বেয়া (দুৰ্বল), অৰ্শ ৰোগত যিয়ে কষ্ট পাই আছে, অজীৰ্ণ ৰোগত ভোগে, কোষ্ঠকাঠিন্য থাকেই তেওঁলোকৰ বাবে কেঁচা বা পকা যিকোনো অমিতাই উপকাৰী। খাবলৈ লওক, সুস্থ হৈ আহিব। কেঁচা অমিতা এটুকুৰা চোবাই খাব পাৰে। তাৰ পৰা বেছি উপকাৰ হ’ব।

অমিতাৰ আচাৰ

কেঁচা অমিতা আনি বাকলি গুচাই সৰু সৰু টুকুৰা কৰি কাটি লওক। আয়নাৰ বহল মুখৰ বটলত পানীত তল যোৱাকৈ অমিতাখিনি ডুবাই ৰাখক। বেছি পানী নিদিব। টুকুৰাবোৰ তল গ’লেই হ’ল। তাৰ পাছত ৰ’দত দিয়ক। সদায় ৰ’দত দি থাকিব। এয়াই অমিতাৰ আচাৰ, একেবাৰে সহজ। জুতি লগাবলৈ মছলা, নিমখ একো নিদিব। প্ৰতিদিনে এই অমিতা ৭-৮ টুকুৰা ২-৩ বাৰকৈ খাওক। ২-৩ সপ্তাহৰ ভিতৰতে আপোনাৰ প্লীহা, যকৃত ভীষণ সবল হৈ উঠিব আৰু আপোনাৰ চেহেৰাই সলনি হৈ যাব।

আম

আম এবিধ সুমিষ্ট ফল। কিন্তু আধুনিক যুগৰ প্ৰভাৱত আম ভালকৈ মিঠাই নালাগে। আধুনিক যুগৰ প্ৰভাৱত, ফল পূৰঠ হ’লেও পকে কুমলীয়া হৈ থাকিলেও পকে। আম পূৰঠ হ’লেহে মিঠা হয়। গতিকে বজাৰৰ পকা আম কেনেকৈ মিঠা লাগিব! হয়তো এদিন বেজি মাৰি মিঠা লগাও কৰিব। যদি কাৰোবাৰ নিজা গছ আছে আৰু তাৰে ব্যৱসায় নকৰে তেনেহ’লে তেওঁলোকেহে প্ৰকৃত আমৰ সোৱাদ পাব।

আম প্ৰধানকৈ দুবিধ- এবিধ টেঙা আম পকিলে মিঠা হয়, সামান্য টেঙেচীয়া সোৱাদ থাকে। আনবিধ কেঁচাতেই টেঙা নালাগে। পকিলে অতি মিঠা হয়।

  • আম মৌৰ লগত খালে ক্ষয় ৰোগ, প্লীহাৰ ৰোগ আৰু বাত শ্লেষ্মা ৰোগ প্ৰশমিত হয়। আমৰ লগত ঘিউ দি খালে বাত পিত্ত প্ৰশমিত হয়।
  • আমৰ গুটিৰ শাহ, প্ৰস্ৰাৱ আৰু অতিসাৰ (বেছি পনীয়া শৌচ হোৱা) ৰোগ নাশ কৰে। আমৰ গুটিৰ শাহ ২৫ গ্ৰাম মৌৰ লগত খালে বমি বন্ধ হয়।
  • কেঁচা আম পুৰি খালে ‘লু’ৰ (উষ্ণ প্ৰবাহ) বাবে শৰীৰ বেয়া লাগিলে উপকাৰ (আৰোগ্য) হয়।
  • শিশুৰ আমাশয় বা শাঁও পৰা ৰোগ হ’লে আমৰ গুটিৰ সাহ বটি নাভিত প্ৰলেপ দিলে আৰাম পাব।

জাম

জাম এবিধ টেঙা, কেহা, মিঠা মিহলি সোৱাদৰ ফল। খাই ভাল লগাতকৈ ইয়াৰ ঔষধি গুণ বেছি। ঔষধত জাম গছৰ ছাল, জাম (ফল) জামৰ পাত আৰু জামৰ গুটি ব্যৱহাৰ হয়।

ব্যৱহাৰিক মাত্ৰা

বীজ চূৰ্ণ ১০ গ্ৰামৰ পৰা ২৫ গ্ৰাম, পাত আৰু ছালৰ ৰস ২৫ মিলিলিটাৰৰ পৰা ৩০ মিলিলিটাৰ আৰু জাম ফলৰ ৰস ৫০ মিলিলিটাৰ।

পনীয়া শৌচৰ পুৰণি ৰোগ

জামৰ পাত আৰু ছালৰ ৰস ১০ মিলিলিটাৰকৈ আবেলি অলপ চেনি লৈ খালে অতিসাৰ ৰোগ নিৰাময় হ’ব।

গ্ৰহণী ৰোগত

জামৰ ছালৰ ৰস ২৫ মিলিলিটাৰ ছাগলীৰ গাখীৰৰ লগত খালে গ্ৰহণী এৰা দিয়ে।

ৰক্ত আমাশয়

তেজশাঁও পৰা ৰোগত জাম, আম আৰু আমলখিৰ পাতৰ ৰস লগ লগাই মৌ আৰু ছাগলীৰ গাখীৰৰ লগত খালে ৰক্ত আমাশয় নিৰাময় হয়।

বমিত

কেঁচা জামৰ পাত আৰু আমৰ পাত পানীত সিজাই ক্কাথ কৰি (দিয়া পানীৰ উতলি উতলি এক চতুৰ্থাংশ থাকিলে ক্কাথ হয়) মৌৰ লগত খালে বমি বন্ধ হ’ব।

মুখৰ ৰোগত

২৫ গ্ৰাম জাম গছৰ ছাল, ১৫ গ্ৰাম দুবালতা একেলগে ১ লিটাৰ পানীত উতলাই সেই পানীৰে মুখ কুলি কৰিলে মুখৰ যিকোনো ৰোগ দূৰ হ’ব। পানী উতলাই উতলাই এক চতুৰ্থাংশ পৰিমাণ থকাত জুইৰ পৰা নমাব লাগিব।

দাঁতৰ পাৰিত ঘা

জামৰ পাত আৰু ছালৰ ক্কাথ কৰি মুখ কুলি কৰিলে, গল, মুখ, জিভাৰ ঘা, জিভা ফটা আৰু দাঁতৰ মাৰিৰ ঘা, মাৰিৰ পৰা তেজ পৰা আদি সকলো অসুখ দূৰ হ’ব।

বহুমূত্ৰ ৰোগত

১২ গ্ৰাম জামৰ গুটিৰ চূৰ্ণ ৰাতিপুৱা আৰু আবেলি খালে আৰোগ্য হ’ব।

তৃষ্ণা বা বৰ পিয়াহ লাগি থকা হ’লে

জামৰ গুটিৰ চূৰ্ণৰে চৰবত কৰি খালে তৃষ্ণা কমিব।

ৰক্তাতিসাৰ

পনীয়া শৌচৰ লগত তেজ গ’লে ২ গ্ৰাম জামৰ ছাল ভালকৈ বটি লৈ মৌ আৰু ছাগলীৰ গাখীৰৰ লগত খালে আৰোগ্য হ’ব।

পানীলাউ

পানীলাউ সাধাৰণতে তৰকাৰী হিচাপে ব্যৱহাৰ হয়। ভাৰতৰ প্ৰায় সকলো ঠাইতে পানীলাউৰ খেতি হয়। ই এবিধ লতা গছৰ ফল। পানীলাউ গছৰ পাত, ঠাৰি, ফল (লাউ), শিপা আৰু পানীলাউৰ গুটি ঔষধ হিচাপেও ব্যৱহাৰ হয়।

অৰ্শৰ ৰোগ

অৰ্শৰ ৰোগীৰ যদি শৌচ নহয়, শৌচ কৰিবলৈ বহিলে ৩-৪ টোপ তেজহে পৰে তেনেহ’লে পানীলাউ জুইত আধা পোৰা কৰি ৰস বাহিৰ কৰি চেনিৰ সৈতে খাবলৈ দিয়ক। উপকাৰ হ’ব।

মেচেতা বা মুখৰ দাগ

বহু সময়ত মুখত বা শৰীৰৰ অন্যান্য ঠাইতো ছালৰ ওপৰত দাগ পৰে। এই ৰোগ হ’লে পানীলাউ টুকুৰা টুকুৰ কৰি কাটি জুইত আধা পোৰা কৰি সেই দাগৰ ওপৰত প্ৰতিদিনে এবাৰ ঘঁহি ঘঁহি লগাওক। কেইদিনমান লগালে ছালৰ দাগ নোহোৱা হ’ব।

শ্বেতী বা ধৱল

ছালত বগা পৰা দেখিলেই বা ধৱল বুলি সন্দেহ হ’লেই চিকিত্সা কৰিব লাগে। পলম হ’লে ই দুৰাৰোগ্য হৈ পৰে। পানীলাউৰ ফুল মোহাৰি লৈ এই বগা বগা ছালৰ ওপৰত ঘঁহি ঘঁহি লগাব লাগে।

পিত্তজনিত জ্বৰ

পিত্তৰ বাবে হোৱা জ্বৰত শৰীৰত জ্বালা-যন্ত্ৰণা হয়, বমি বমি ভাব হয়। তেনে অৱস্থা হ’লে পানীলাউ জুইত পুৰি ৰস উলিয়াই ৩-৪ চামুচ মৌ আধা চামুচৰ লগত খাবলৈ দিয়ক। গাৰ জ্বলা আৰু বমি বমি ভাব দূৰ হ’ব।

তিতাকেৰেলা

ই এবিধ বাৰিষা হোৱা লতা গছ। পাতবিলাক এক-ডেৰ ইঞ্চিমান দীঘল হয়। ফুল হালধীয়া। কিছুমান তিতাকেৰেলাৰ গছ আপোনা-আপুনিয়ে হয়। তাৰ ফল (কেৰেলা) সৰু সৰু। কিন্তু বেছিকৈ লাগে। আজিকালি বসন্ত কালত তিতাকেৰেলাৰ খেতি লগায়। চ’ত-বহাগ মাহত গুটি সিঁচে। তিতাকেৰেলা, তিতা তৰকাৰী হিচাপে ভাজি বেছিকৈ খোৱা হয়।

তিতাকেৰেলাৰ পাত, শিপা, ফল (কেৰেলা) আৰু ফলৰ গুটি ঔষধ হিচাপেও ব্যৱহাৰ হয়।

সৰু সৰু কৃমিৰ ৰোগত

তিতাকেৰেলাৰ পাতৰ ৰস ডাঙৰে ২ চামুচ আৰু ল’ৰা-ছোৱালীয়ে আধা চামুচকৈ ৰাতিপুৱা আৰু আবেলি পানীৰ লগত খালে কৃমি নাশ হয়।

আদকপালি বিষ

তিতাকেৰেলাৰ পাত মোহাৰি কাপোৰৰ ভিতৰত লৈ নাক, যিফালে কপালত বিষাইছে, সেই নাকত এক টোপ দি নাকেৰে টানি ভিতৰলৈ ৰস নিলে আদকপালি বিষ লগে লগে কমিব।

প্লীহাৰ অসুখ

তিতাকেৰেলাৰ পাতৰ ৰস উলিয়াই ২ চামুচ পানীত (সামান্য) লৈ অলপ গৰম কৰি ৰাতিপুৱা আৰু গধূলি খালে উপকাৰ হয়।

ঘা শুকাই নাহিলে

তিতাকেৰেলাৰ মূলসহ লতা, পাত আনি গুড়ি কৰি (মিহিকৈ) সেই ঘাৰ ওপৰত দিলে, লগতে গছ পাত সিজোৱা পানীৰে, ঘা ধুই লৈ, এই চূৰ্ণ দিলে, কেইদিনমানৰ ভিতৰতে ঘা শুকাই যাব।

বাতৰ বিষত

তিতাকেৰেলাৰ পাতৰ ৰস ৩ চামুচ পানীৰ লগত অলপ গৰম কৰি ৰাতিপুৱা আৰু আবেলি খালে উপকাৰ হ’ব।

অৰুচি হ’লে

তিতাকেৰেলাৰ লতাৰ ৰস ১ চামুচ, ৰাতিপুৱা আৰু আবেলি দুবাৰকৈ খালে অৰুচি দূৰ হ’ব।

অৰ্শ, কৃমি, পিত্তৰ বিকাৰ, মূত্ৰৰোগ

সপ্তাহত এবাৰ মাত্ৰ তিতাকেৰেলাৰ শাকৰ আঞ্জা খালে অৰ্শ, কৃমি, প্ৰস্ৰাৱৰ অসুখ, পিত্তৰ বিকাৰ, জ্বৰ আদি ৰোগৰ পৰা বাচি থাকিব পাৰি।

এলাৰ্জি

তিতাকেৰেলাৰ পাতৰ ৰস ২ চামুচকৈ প্ৰতিদিনে দুবাৰ খালে উপকাৰ হ’ব।

কোমোৰা

কোমোৰা এবিধ লতাজাতীয় গছৰ ফল। সাধাৰণতে ই আহাৰৰ লগত খোৱা তৰকাৰী হিচাপেই ব্যৱহাৰ হয়। কিন্তু ইয়াৰ শাহ, গছ (লতা) আৰু গছৰ শিপা ঔষধ হিচাপেও ব্যৱহাৰ হয়।

প্ৰস্ৰাৱৰ দোষত

প্ৰস্ৰাৱ খোলোচা নহ’লে বা তাৰ বাবে পেট ফুলি থাকিলে, কোমোৰা থেতেলা কৰি, ৰস উলিয়াই পেটত ১০-১৫ মিনিট মালিছ কৰিলে প্ৰস্ৰাৱ হ’ব আৰু পেট ফুলা কমি যাব।

পেটৰ বিষ

পেটৰ বিষত কোমোৰাই ভাবিব নোৱাৰা কাম দিয়ে। কোমোৰাৰ শুঁঠি বনাই সেই শুঁঠি পুৰি পোৰা ছাই আধা গ্ৰাম (অলপমান) অলপ পানীত লৈ খালে যিকোনো ধৰণৰ পেটৰ বিষ নিৰাময় হ’ব।

কৃমিৰ অসুখ

কোমোৰাৰ গুটি বাকলি পেলাই ২ গ্ৰাম বটি পানীৰ লগত কেইদিনমান খালে কৃমি নাশ হ’ব।

শৌচ কচা

গৰম গাখীৰত ৪-৫ চামুচ কোমোৰাৰ ৰস খালে শৌচ খোলোচা হ’ব আৰু প্ৰস্ৰাৱো পৰিষ্কাৰ হ’ব।

ৰক্তপিত্ত

নাকে মুখে তেজ যোৱা হ’লে যদি পিত্তৰ দোষতে হোৱা বুলি জনা যায় অন্য কাৰণত নহয়, তেনেহ’লে পকা কোমোৰাৰ ৰস ৩-৪ চামুচ লৈ তাত সামান্য বাহকাৰ পাতৰ (বাসক পাত) ৰস আৰু অলপ চেনি দি খালে ৰোগীৰ অসুখ দূৰ হ’ব।

হৃত্পিণ্ডৰ ৰোগ

হৃত্পিণ্ড ডাঙৰ হৈ গ’লে (ফুলিলে) পকা কোমোৰাৰ হালুৱা বনাই খাবলৈ দিয়ক। পাৰিলে হালুৱাত গৰুৰ গাখীৰৰ পৰিৱৰ্তে ছাগলীৰ গাখীৰ দিব। ৰোগী হৃত্পিণ্ডৰ অসুখৰ পৰা আৰোগ্য হ’ব।

অমৰা

কেহা, টেঙা, মিঠা সোৱাদৰ এবিধ ফল। অমৰা গছৰ ছাল ঔষধ হিচাপে ব্যৱহাৰ হয়। অমৰা গছৰ ছালৰ একেবাৰে ওপৰৰ অংশ বাদ দি তাৰ তলত যি কোমল ছাল থাকে তাৰে ৫ গ্ৰাম লৈ বটি ভাল দৈৰ লগত দিনে ৩ বাৰ খালে ৭ দিনতে ৰক্ত আমাশয় নিৰাময় হয়।

অমৰা গছৰ শিপাৰ ছালৰ ৰস ২ চামুচকৈ অলপ চেনিৰ লগত খালে শুক্ৰৰ গাঢত্ব বাঢ়ে।

তেঁতেলি

তেঁতেলি গছ আমাৰ দেশত প্ৰায় সকলো ঠাইতে হয়। তেঁতেলি গছৰ ছাল, পাত, কেঁচা আৰু পকা ফলৰ গুটিৰ শাহ নানা ঔষধৰূপে ব্যৱহাৰ হয়। পকা তেঁতেলিয়ে ৰুচি আনে, অগ্নি (পাচক কৰ্ম) বৃদ্ধি কৰে। কেঁচা তেঁতেলি জুইত পুৰি বাত বিষৰ ঠাইত বা ফুলি উঠি বিষোৱা ঠাইত প্ৰলেপ দিলে বিষ দূৰ হয়। পকা তেঁতেলি থৈ দি পুৰণি হ’লে আমাশয় নাশ কৰে।

বাতৰ বেমাৰত

আঁঠু ফুলি গ’লে, চলি ফুৰিবলৈ অসুবিধা হ’লে তেঁতেলিৰ পাত তাৰিৰ ৰসত সিদ্ধ কৰি বটি লৈ অলপ গৰম কৰি প্ৰলেপ দিয়ক, উপকাৰ হ’ব।

আমবাত বা আৰ্টিকেৰিয়াত

তেঁতেলিৰ সাহ অলপ পানীৰে পাতল কৰি তামৰ পাত্ৰত ১০ মিনিট ঘঁহি আৰ্টিকেৰিয়াত মালিছ কৰিলে আমবাতৰ উপসৰ্গ কমিব।

হাত-ভৰিত গৰম লগা, জ্বলন কৰিলে

ৰাতি তেঁতেলি পানীত তিয়াই থওক। ৰাতিপুৱা তেঁতেলিখিনি আঁতৰাই কেৱল পানীখিনি খাওক। তেঁতেলি মোহাৰি দিব নালাগে, আঁতৰাই থ’লেই হ’ল। হাত-ভৰিৰ জ্বলন কমিব।

মুখৰ ঘা

অলপ কেইটামান তেঁতেলিৰ পাত ৪ কাপ পানীত সিজাওক। পানী আধামান শুহি গ’লে ছেকি লৈ সেই পানী মুখত কিছু সময় ৰাখি মুখ কুলি কৰিব। ১০-১৫ মিনিট দিনে এইভাৱে মুখ কুলি কৰিলে ৩-৪ দিনতে মুখৰ ঘা শুকাই যাব।

অৰ্শত

তেঁতেলিৰ পাত ৪ গ্ৰাম লৈ ২ কাপ পানীত উতলাওক। পানী যেতিয়া আধা কাপমান থাকে পানীখিনি ছেকি লওক। তাতে অলপ মিছিৰিৰ গুড়ি মিহলাই খালে অৰ্শৰোগ ভাল হ’ব। পুৰণি তেঁতেলি ৰাতি পানীত ভিজাই থৈ ৰাতিপুৱা সেই পানী মিছিৰিৰ লগত খালেও অৰ্শৰ উপশম হয়।

প্ৰস্ৰাৱৰ অসুখত

প্ৰস্ৰাৱৰ যন্ত্ৰণা, পিত্ত বিকাৰৰ বাবে গনোৰিয়াৰ দোষতো হ’ব পাৰে। যিয়েই নহওঁক তেঁতেলিৰ পাতৰ ৰস এক চামুচ অলপ মিছিৰিৰ সৈতে খালে উপকাৰ হয়। ৩-৪ দিন খালে ভাল পাব।

পুৰণি আমাশয় বা গ্ৰহণীত

তেঁতেলিৰ পাত ৫ গ্ৰাম ২ কাপ পানীত সিজাওক। একাপমান পানী থাকোঁতে অলপ চেঁচা হ’লে ছেকি লওক আৰু জীৰা, পাঁচফোৰণ দি ফোৰণ (তেলনি) মাৰক তাৰ পাছত পানীখিনি খাব পৰা ঠাণ্ডা হ’লে খাওক। ৩-৪ দিন একোবাৰ এই ধৰণে খালেই উপকাৰ পাব।

বাতৰ বেমাৰত কলা-মাহ বা খেচাৰি

বংগদেশ, বিহাৰ, উৰিষ্যা আৰু অসমত কলাৰ খেতি হয়। কলাৰ দাইল ঔষধৰূপেও ব্যৱহাৰ হয়।

শৌচ কচা ৰোগত

যিয়ে নিয়মিত শৌচ কচা ৰোগত ভোগে তেওঁলোকে, কিছুদিন কলাৰ দাইল সিজাই তাৰ পানীখিনিত অলপ নিমখ দি (অন্য একো নিদিব) খাওক। কোষ্ঠকাঠিন্য দূৰ হ’ব।

বমিত

৩-৪ গ্ৰাম কলাৰ দাইল গৰম পানীত ৰাতি তিয়াই ৰাখি পিছদিনা ৰাতিপুৱা আৰু আবেলি খালে বমি হোৱা অসুখ দূৰ হ’ব (দাইলৰ পানী গোটেই খাব দুবাৰত)।

নখকোণি বা নখৰ কোণৰ বিষ

কলাৰ দাইল অলপ কেইটামান লৈ বটি অলপ গৰম কৰি নখৰ কোণৰ বিষোৱা ঠাইত লগাই দিয়ক। আৰোগ্য হ’ব।

পাণ

ভাত খাই উঠি তামোল-পাণ খোৱাটো বেছিভাগ মানুহৰে অভ্যাস। কিন্তু খাদ্য সামগ্ৰীৰ ভিতৰত নপৰে। যেনেকৈ চাহ খোৱাটোও খাদ্য খোৱা নহয়। অৰ্থাত্ চাহে শৰীৰ গঠনত বিশেষ একো উপকাৰ নকৰে। নাখালেও কোনো ক্ষতি নহয়। তামোল-পাণ ৰুচিকাৰক আৰু বিৰসতানাশক। কিন্তু কেঁচা তামোলে দৃষ্টিশক্তি হ্ৰাস কৰে। পাণৰ ঔষধি গুণ কিছু আছে।

দাঁতৰ পাৰিত ৰোগ থাকিলে

দাঁতৰ পাৰিত দূষিত ঘা আদি থাকিলে পাণৰ ৰসত অলপ পানী মিহলাই মুখ কুলি কৰিলে দাঁতৰ পাৰিৰ ঘা আৰোগ্য হয়।

ফোঁহা

পাণত পুৰণি ঘি লগাই, ফোঁহাৰ ওপৰত বান্ধি ৰাখিলে, ফোঁহা পকি ফাটি যায়।

গৰ্ভ নিৰোধক

পাণৰ শিপা বটি খালে গৰ্ভধাৰণ নহয় বুলি মানুহে কয়।

মূৰৰ ওকণি

যিবিলাক পাণ চোবালে বৰকৈ ধৰে, তেনে পাণৰ ৰস উলিয়াই মূৰত সানিলে ওকণি নাথাকে।

চজিনা

চজিনা এবিধ চনকা গছ। দীঘল ছেই হৈ গুটি ধৰা গছ। ছেই পাতৰ সুস্বাদু তৰকাৰী হয়। পাতত নানা ৰকমৰ ভিটামিন থাকে। গছৰ ছাল, সৰু ঠাৰি, পাত আৰু গুটিৰ তেল ঔষধ হিচাপেও ব্যৱহাৰ হয়।

চৰ্দি জ্বৰ হ’লে

চজিনাৰ পাতৰ জোল কৰি খালে চৰ্দি জ্বৰ কমে।

চৰ্মৰোগ হ’লে

চজিনা গছৰ শিপাৰ ছাল বটি লগালে অলপ দিনৰ ভিতৰতে আৰোগ্য হয়। অথবা চজিনা গছৰ ছাল খুন্দি ৪ কাপমান পানীত সিজাই পানী আধাতকৈ কম হ’লে সেই পানীৰে চৰ্ম ৰোগাক্ৰান্ত ঠাই ধুলে চৰ্মৰোগ ভাল হয়। এই ঔষধ ২-৩ দিন পিছে পিছে ব্যৱহাৰ কৰিব।

অৰ্শ ৰোগত

অৰ্শৰ বলিত তিল তেল লগাব। চজিনাৰ পাত কিছুমান লৈ ৪ কাপমান পানীত সিজাওক। সিজাওঁতে পানী যেতিয়া একাপমান থাকিব জুইৰ পৰা নমাব। ই চজিনা পাতৰ ক্কাথ হ’ল। এই ক্কাথেৰে গুহ্যদ্বাৰ ভালকৈ ধুই পেলাব। কেইদিনমান এনেকৈ ধুই তেল লগালেই আৰোগ্য হ’ব।

চকুৰ অসুখ

চকুৰ পৰা ফেচকুৰি ওলালে, চকু কৰকৰ কৰিলে, চকুৰ পৰা পানী ওলাই থাকিলে চজিনাৰ পাত ৪ কাপ পানীত সিজাওক। পানী উতলি উতলি যেতিয়া ২ কাপমান থাকিব নমাই ছেকি লওক। এই পানী চকুত ছটিয়াই দিয়ক। এই ধৰণে ৪-৫ দিন কৰিলেই চকুৰ সকলো ধৰণৰ অসুখ দূৰ হ’ব।

কুষ্ঠ ৰোগত

চজিনাৰ গুটিৰে কুষ্ঠ ৰোগত প্ৰলেপ দিলে কুষ্ঠ ৰোগত উপকাৰ পোৱা যায়।

পানীফল

পানীত হোৱা এবিধ সৰু গছ। ইয়াৰ পাতত কৰতৰ দৰে ধাৰ থাকে আৰু ৩-৪ ইঞ্চিমান দীঘল হয়। ফলবোৰ ত্ৰিকোণাকৃতিৰ আৰু গাত কাঁইট থাকে। উৰিষ্যা, বংগদেশ, বিহাৰ আৰু অসমৰ ‘দ’ ঠাইবোৰত এইবোৰ হয়। ইয়াৰ ঔষধি গুণ ৰোগ আৰোগ্যৰ বাবে ব্যৱহাৰ হয়।

প্ৰস্ৰাৱ কম হ’লে

পেটত বায়ু জমা হ’লে, অজীৰ্ণ হ’লে অথবা অম্লৰস জমা হ’লে অনেক সময়ত প্ৰস্ৰাৱ নহয়। কেঁচা পানীফলৰ শাহ বটি যৌনাংগৰ ওপৰ ভাগত প্ৰলেপ দিয়ক। কেইদিনমান এইভাৱে দিলে প্ৰস্ৰাৱ ঠিকমতে হোৱা হ’ব।

এলাৰ্জি ৰোগত

পানীফল কেইটামান শুকাই গুড়ি কৰি লওক। বাকলি পেলাই শাহটোহে ৰাখিব। এতিয়া পানীফলৰ শাহৰ এই চূৰ্ণ আটা বা ময়দাত মিহলাই ৰুটি তৈয়াৰ কৰি খাওক। কেইদিনমান খালেই এলাৰ্জিৰ অশান্তি দূৰ হ’ব।

স্মৃতিশক্তি বঢ়াবলৈ

পানীফল ৰ’দত শুকাই বাকলি পেলাই শাহবোৰ খুন্দি, গুড়ি কৰি লওক আৰু এই গুড়ি, গাখীৰ আৰু চেনিৰ লগত কেইদিনমান হালুৱাৰ দৰে কৰি লৈ খাওক। স্মৃতিশক্তি স্বাভাৱিক হৈ উঠিব।

অশ্বগন্ধা (শক্তিবৰ্ধক)

অশ্বগন্ধা জুপুৰা গছ। পাতবোৰ বহল আৰু পাতত শুং থাকে। ফলবোৰ মটৰৰ দৰে কিন্তু ৰঙা। কেঁচা শিপা বা মূল ঘোঁৰাৰ মূতৰ দৰে গোন্ধায় বাবে ইয়াক অশ্বগন্ধা বোলে। কিন্তু শিপা শুকালে কোনো গোন্ধ নাথাকে। ইয়াৰ সোৱাদ তিতা। কিন্তু পৰম শক্তিবৰ্ধক বস্তু।

অশ্বগন্ধাৰ শিপা খুন্দি শুকাই চূৰ্ণ কৰি ল’ব লাগে। তাৰ পাছত সম পৰিমাণৰ মিছিৰি মিহলাই বটলত ভৰাই ৰাখিব লাগে। প্ৰতিদিনে ৰাতি শোৱাৰ আগে আগে ২ চামুচ এই মিশ্ৰিত চূৰ্ণ মুখত লৈ অলপ গাখীৰ খাব লাগে। ইয়াকে কৰিলে দুৰ্বল ব্যক্তিও সুস্বাস্থ্যৰ অধিকাৰী হ’ব। উচ্চতাও বাঢ়ে। যদি কোনো শিশু সময়ত উচিতমতে বঢ়া নাই এই অশ্বগন্ধা চূৰ্ণ খুৱালে ওখ হৈ আহিব। আনহাতে, ইয়াৰ ফলত শৰীৰত নতুন তেজৰ তৈয়াৰ হয়। ধাতুৰ তৰলতা দূৰ হ’ব, বীৰ্য পুষ্ট হয়। এই চূৰ্ণ খালে বা খুৱালে একেৰাহে ৪০ দিন ব্যৱহাৰ কৰিলে সম্পূৰ্ণ ফল পোৱা যায়। শীতৰ দিনত অশ্বগন্ধা চূৰ্ণ খালে বেছি ভাল হয়। অশ্বগন্ধাৰ শিপা যদি ধুই পৰিষ্কাৰ কৰি উতলা গাখীৰত দি সিজোৱা হয় আৰু পাছত শুকাই চূৰ্ণ কৰা হয় আৰু বেছি বলবৰ্ধক হয়।

গাঁঠিৰ বিষ, কঁকালৰ বিষ, হাত-ভৰিৰ বিষ, দুৰ্বলতা, জৰায়ুৰ দুৰ্বলতা, মূৰৰ বিষ হৈ থকা, বহমূত্ৰ, স্বপ্নদোষ, বুকু ধৰফৰ কৰা আদি বহু ৰোগ অশ্বগন্ধাৰ দ্বাৰা নিবাৰণ হয়।

ইয়াক স্নায়ৱিক টনিক বুলিও ক’ব পাৰি। জ্বৰৰ পাছত ৰোগীৰ যি অৱশ ভাব থাকে, নাৰ্ভাছ ব্ৰেকডাউন হয়, অশ্বগন্ধাৰ চূৰ্ণ, ওপৰত কোৱাৰ নিয়মেৰে খালে সকলো দূৰ হ’ব।

ই মৃগী, হিষ্টিৰিয়া ৰোগতো যথেষ্ট উপকাৰী।

অশ্বগন্ধা খালে টেঙা, তেলত ভজা, বেছি চৰ্বীযুক্ত খাদ্য খাব নালাগে। আমাশয় বা শাঁও পৰা অসুখ থাকিলে অশ্বগন্ধা চূৰ্ণ খোৱা নিষেধ।

বাদাম (মানসিক শক্তিবৰ্ধক)

বাদাম মাটিৰ তলত হোৱা শস্য। সোৱাদযুক্ত, শৰীৰৰ বাবে বহু উপকাৰী বস্তু। বিশেষকৈ ছাত্ৰ-ছাত্ৰী আৰু মানসিক পৰিশ্ৰমীৰ বাবে বিশেষ উপকাৰী খাদ্য।

বাদামৰ পৰা বিশেষ উপকাৰ পাবলৈ বাদামৰ গাখীৰ তৈয়াৰ কৰি লৈ খাব লাগে।

বাদামৰ গাখীৰ

৭ টা বাদাম পৰিষ্কাৰ কৰি লওক, ৭ টা জালুক, ২ টা সৰু এলাচি, শীতৰ দিনত ৩ গ্ৰাম গুৱা-মৰি আৰু গৰমৰ দিনত হ’লে ৩ গ্ৰাম ধনিয়া, ৰাতি কোনো আয়নাৰ পাত্ৰত তিয়াই থওক। ৰাতিপুৱা বাদাম আৰু এলাচিৰ বাকলি পেলাই লৈ জালুক আৰু গুৱা-মৰিৰ লগত লৈ গোটেই কেইটা বস্তু পটাত বটি লওক। ২৫০ মিলিলিটাৰ ভাল পানী মিহলাই ছেকি লওক। এই মিশ্ৰণত ২ চামুচ মিছিৰি বা ২ চামুচ মৌ মিহলাওক। এয়াই হ’ল বাদামৰ গাখীৰ। এই বাদামৰ গাখীৰে মস্তিষ্কৰ দুৰ্বলতা নাশ কৰে, চকুৰ জেউতি বঢ়ায়, শাৰীৰিক বল আৰু স্মৃতিশক্তি বঢ়ায়।

যিবোৰ শিশুৰ মাকৰ গাখীৰ সহ্য নহয়, খালে বমি কৰে বা উলিয়াই দিয়ে তেওঁলোকক বাদামৰ গাখীৰ দিব পাৰি। বিশেষজ্ঞসকলৰ মতে বাদাম, ফল আৰু গাখীৰ হৈছে উত্তম খাদ্য।

মিঠা আলু

মিঠা আলু এবিধ লতাজাতীয় উদ্ভিদ। মিঠা আলু দুবিধ, এবিধ ৰঙা আৰু আনবিধ বগা। গছ মাটিতে বগায় আৰু আলু মাটিৰ তলত হয়। বালিয়া মাটিত মিঠা আলুৰ খেতি ভাল হয়। কেঁচাই খোৱা আৰু শিপা ঔষধ হিচাপেও ব্যৱহাৰ হয়।

পুষ্টিহীনতাত

মিঠা আলু ধুই চাফ কৰি লৈ চকলিয়াই লওক। তাৰ পাছত ৰ’দত দি শুকাই খুন্দি অলপ ভাঙি লওক আৰু ভাল চূণৰ পানী (আগদিনা ৰাতি চূণত পানী দি সেই পানী পিছদিনা ল’ব) এই মিঠা আলুৰ গুড়িৰ লগত মিহলাওক। আকৌ শুকাওক আৰু শুকালে ভালকৈ গুড়ি কৰি চূৰ্ণ কৰি লওক। এই চূৰ্ণ প্ৰতিদিনে ১-২ চামুচ এবাৰ পানীৰ লগত খালে অপুষ্টিজনিত সমস্ত অসুখ-বিসুখ দূৰ হ’ব। একেৰাহে কিছুদিন খাব লাগে।

অতিপাত পিয়াহ লাগি থাকিলে

মিঠা আলুৰ শিপা, মূল ৮-১০ গ্ৰাম লওক আৰু খুন্দি ৰস বাহিৰ কৰক। একাপ পৰিমাণ পানীৰ লগত এই ৰসখিনি খাওক আৰু এনেভাৱে ১৫-২০ মিনিট অন্তৰে অন্তৰে খাওক। তৃষ্ণা দূৰ হ’ব।

অত্যধিক পনীয়া শৌচ হ’লে

মিঠা আলু অলপ, পানীৰ সৈতে থেতেলা কৰি ৰস উলিয়াই লওক আৰু এই ৰস ১ চামুচ অলপ পানীৰ লগত ১০-১৫ মিনিট অন্তৰে অন্তৰে কেইবাৰমান খুৱালে অতিসাৰ বন্ধ হ’ব।

তিঁয়হ

তিঁয়হ প্ৰায় সকলো ঠাইতে পোৱা যায়। ফল হিচাপে বা তৰকাৰী কৰি খোৱা এবিধ সুখাদ্য। ঔষধ হিচাপেও কোনো ৰোগৰ উপশম ঘটায়।

কেঁচা তিঁয়হ দাহ আৰু পিত্তনাশক। তিঁয়হৰ গুটি খুন্দি পানীৰ লগত খুৱালে বমি আৰু হিকটি বন্ধ হয়। তিঁয়হৰ গুটি পিত্তনাশক আৰু প্ৰস্ৰাৱৰ কষ্ট দূৰ কৰে। কিন্তু পকা তিঁয়হে পিত্ত বৃদ্ধি কৰে।

তাল

এবিধ ওখ গছ। নাৰিকলৰ গছৰ দৰে ওখ হয়। পাতবোৰ বহল আৰু গুৰিতে ঘূৰণীয়া। কিন্তু আগৰ ফালে জোঙাল সৰু সৰু বহু শাখা যুক্ত। নাৰিকলৰ দৰেই ফল ধৰে, কিন্তু নাৰিকলৰ ব্যৱহাৰ আৰু গুণৰ লগত ইয়াৰ কোনো তুলনা নহয়।

ঔষধ হিচাপে কেঁচা তালৰ পানী হিকটি ৰোগৰ বাবে অমোঘ ঔষধ, বাত, পিত্ত ৰোগৰ বাবে হিতকৰ। পকা তাল অজীৰ্ণকাৰক। তালৰ মাজৰ শাহ শীতল, মূত্ৰ বৃদ্ধিকাৰক, কফনাশক কিন্তু হজম সহজে নহয়। অজীৰ্ণ ৰোগীয়ে খোৱা অনুচিত। তেজ বমি আৰু শৌচৰ লগত তেজ গ’লে তালৰ সাৰ ভাগৰ ৰস উলিয়াই খুৱালে উপকাৰ হয়।

পুনৰ্ণবা শাক

পুনৰ্ণবা শাকত যথেষ্ট ঔষধি গুণ থাকে। শোথ ৰোগ, পানী জমাই ফুলা ৰোগত এটুকুৰা পুনৰ্ণবা শাকৰ শিপা আৰু ৭-৮ টাকৈ জালুক বটি ৭ দিন খালে শোথ ৰোগ দূৰ হ’ব।

ৰক্তপ্ৰদৰ

মহিলাৰ মাহেকীয়াত বেছি স্ৰাৱ হ’লে এক কাপ পুনৰ্ণবাৰ ৰসৰ লগত ২ চামুচ মৌ মিহলাই প্ৰতিদিনে ৰাতিপুৱা একোবাৰ খালে ১৫ দিনত এই ৰোগ আৰোগ্য হ’ব।

পাণ্ডু ৰোগ

গা বগা পৰা বা ধৱল হ’লে এক কাপ পুনৰ্ণবা শাকৰ ৰসত ২ চামুচ মৌ মিহলাই প্ৰতিদিনে একোবাৰ ৰাতিপুৱা ১৫ দিন খালে ধৱল ৰোগৰ পৰা উপশম পাব।

বেৰিবেৰি ৰোগ (সিংহলশব্ধ)

একপ্ৰকাৰ শোথ বা পানী জমি ফুলা ৰোগ। পুনৰ্ণবাই ভাল ফল দিয়ে। প্ৰতিদিনে এক কাপ পুনৰ্ণবাৰ ৰস খালে ২০ দিনত বেৰিবেৰি ৰোগ দূৰ হ’ব।

কালমেঘ

এবিধ ঔষধি গছ। ইয়াৰ পৰা যকৃতৰ বাবে উত্তম ঔষধ তৈয়াৰ হয়।

লিভাৰৰ দোষত

যকৃতৰ দোষত প্ৰতিদিনে ৰাতিপুৱা খালী পেটত কালমেঘৰ পাতৰ ৰস ২ চামুচকৈ এমাহ খালে যকৃতৰ দোষ নিৰ্মূল হ’ব।

শিশুৰ কৃমি আৰু শৌচ কচা হ’লে

প্ৰতিদিনে খালী পেটত ২ চামুচ কালমেঘৰ পাতৰ ৰসৰ লগত ১ চামুচ মৌ মিহলাই খালে কৃমি আৰু শৌচ কচা ভাব দূৰ হ’ব।

মেলেৰিয়া জ্বৰ

৪ কাপ পানীত ২৫ গ্ৰাম কালমেঘৰ পাত সিজাওক আৰু ১ চামুচ পানী থাকোঁতে জুইৰ পৰা নমাই অলপ চেঁচা হ’লে ৰাতিপুৱা আৰু গধূলি দিনে দুবাৰকৈ ১৫ দিন খাওক, মেলেৰিয়া জ্বৰে এৰা দিব।

আকণ গছ

পাত চিঙিলে বগা ৰঙৰ আঠা ওলোৱা এবিধ সৰু গছ। ইয়াৰ ঔষধি গুণো যথেষ্ট আছে।

ফুলিলে

গাৰ কোনো ঠাইত ফুলিলে সি যি কাৰণতে নহওক কিয় সেই ঠাইত আকণ গছৰ পাত বান্ধি ৰাখিলে ফুলা কমি যাব।

দাঁতৰ ক্ষয় ৰোগ

ক্ষয় ৰোগ হোৱা দাঁতৰ ঠাইত (যিটো সাধাৰণতে মানুহে পোকে ধৰা বুলি কয়) আকণৰ আঠা লগাই দিলে দাঁতৰ ক্ষয় বন্ধ হ’ব।

গাৰ শূল বেদনা

গাৰ কোনো ঠাইত হুলে বিন্ধিলে তাত আকণৰ পাতৰ মিহি ফালত সামান্য সৰিয়হৰ তেল লগাই অলপ গৰম কৰি বান্ধি দিয়ক। শূল বেদনা কমি যাব।

গাঁঠিৰ বিষ

বাতৰ বিষৰ ঠাইত আকণৰ পাত বান্ধি ৰাখিলে বিষ কমে।

শোথ ৰোগত

পানী জমি গা ফুলা ৰোগ হ’লে ৫-৬ টা আকণৰ পাত ১ কাপ পানীত সিজাই প্ৰতিদিনে একোবাৰ এই পানী খালে ২০ দিনত শোথ ৰোগ গুচিব।

মধুৰিআম

এবিধ উপকাৰী ফল। কেঁচা মধুৰিআমে পিত্ত কফ বৃদ্ধি কৰে। পকা মধুৰিআম ৰেচক কিন্তু কফ বৃদ্ধি কৰে। শুকান মধুৰিআম তৃষ্ণা আৰু দাহনাশক, বল বৃদ্ধি কৰে, ভোক লগায়।

তৰমুজ বা তৰমুজা

বাৰিষাৰ খেতিত হোৱা এবিধ লতা আৰু তাৰ ফল। পকিলে বৰ শীতল, ৰসাল আৰু মিঠা হয়। তৰমুজ পিত্তকাৰক আৰু বায়ুনাশক। প্ৰস্ৰাৱ কম হ’লে তৰমুজৰ গুটি বাকলি পেলাই ৫-৬ গ্ৰাম বটি চেঁচা পানীত অলপ চেনি লৈ খালে প্ৰস্ৰাৱ স্বাভাৱিক হয়।

নাচপতি

এবিধ টেঙা, মিঠা, স্নিগ্ধ, তৃষ্ণা নিবাৰক আৰু যকৃতৰ বাবে ক্ৰিয়াবৰ্ধক উপকাৰী ফল।

সৰিয়হৰ শাক

এই শাক ত্ৰিদোষনাশক আৰু সকলো শাকৰ ভিতৰতে নিকৃষ্টতম শাক।

মটৰ শাক

মটৰ শাক ৰেচক কিন্তু গুৰুপাচ্য। অজীৰ্ণৰোগত থকা লোকে এই শাক খোৱা উচিত নহয়।

থুলকুৰি বা মানিমুনি শাক

মাটি বগাই ফুৰা লতা শাক। ইয়াৰ ঔষধি গুণ যথেষ্ট আছে।

আমাশয়ত

শাঁও পৰা ৰোগত ৪-৫ টা মানিমুনিৰ পাত চোবাই খাওক বা মানিমুনিৰ পাত বটা ভাতৰ লগত খাওক। ৭ দিনত আমাশয় দূৰ হ’ব।

তেজৰ দোষত

প্ৰতিদিনে ৰাতিপুৱা খালী পেটত আধাকাপ মানিমুনি পাতৰ ৰসৰ (১০০ মিলিলিটাৰ) লগত ১ চামুচ মৌ মিহলাই ১৫ দিন খালে ৰক্তদোষ নিবাৰিত হ’ব।

মেহৰোগত

মুতোঁতে পোৰণি থকা বা পূজ ওলোৱা অসুখ থাকিলে প্ৰতিদিনে ৪ চামুচ থুলকুৰিৰ পাতৰ ৰসৰ লগত ২ চামুচ মৌ মিহলাই খাওক, ৭ দিন খাওক, মেহৰোগ আৰোগ্য হ’ব।

কাহত

প্ৰতিদিনে ৪ চামুচ থুলকুৰি পাতৰ ৰসৰ লগত ২ চামুচ মৌ মিহলাই খাওক। ৭ দিনত কাহ দূৰ হ’ব।

বকফুল

বকফুলৰ আয়ুৰ্বেদীয় নাম অগস্ত্যপুষ্প। ভাদ মাহৰ শেষৰ ফালে এই ফুল ফুলিবলৈ আৰম্ভ কৰে। বকফুল ষড়দল আৰু তিক্তৰস যুক্ত। ইয়াৰ ঔষধি গুণ যথেষ্ট আছে।

অলপ, কিন্তু সদায় হোৱা জ্বৰত

বকফুলৰ গছৰ ছাল ৩-৪ গ্ৰাম এটা শিলিখা মিহলাই ৪ কাপ পানীত সিজাওক। পানী যেতিয়া একাপমান থাকিব, খাব পৰা ঠাণ্ডা হ’লে দিনে এবাৰকৈ খাওক। জ্বৰ এৰা দিব।

শুকান কাহত

২-৩ টা বকফুল ঘিউত ভাজি প্ৰতিদিনে কেইদিনমান খালে শুকান কাহ গুচিব।

গাৰ বিষ-বেদনাত

আধা ফুলা বকফুল আনি থেতেলাই ৩ চামুচ ৰস দিনে ২-৩ বাৰ খালে উপকাৰ পাব।

মাহেকীয়া স্ৰাৱ কম হ’লে

শকত-আৱত মহিলা, কঁকালৰ বিষ, ধাতু স্ৰাৱ খুব কম, এই অৱস্থাত বকফুল থেতেলাই ৰস বাহিৰ কৰি ২-৩ চামুচ ৰস প্ৰতিদিনে ৰাতিপুৱা বা গধূলি এবাৰকৈ খালে উপকাৰ পাব।

মৃগীৰোগ

বকফুলৰ পাত থেতেলাই ৰস বাহিৰ কৰি তাৰ লগত অকণমান জালুকৰ গুড়ি মিহলি কৰি ৪ চামুচকৈ দিনে ৰাতিপুৱা বা আবেলি এবাৰ খালে ভাল পাব।

গোলাপ ফুল

গোলাপ ফুল সকলোৱে চিনি পায়। ইয়াৰ ঔষধি গুণো আছে আৰু ফুল ঔষধ হিচাপেও ব্যৱহাৰ হয়।

অৰুচি হ’লে

১০ গ্ৰামমান কেঁচা গোলাপৰ পাহি বটি ২ চামুচমান মৌ মিহলাই চৰবতৰ নিচিনাকৈ খালে ৰুচি আহিব।

অপুষ্টিয়ে দেখা দিলে

অপুষ্টিৰ অসুখত গোলাপ খুব উপকাৰী। কেঁচা গোলাপৰ পাহি কিছু আৰু সম পৰিমাণৰ চেনি মিহলাই, ভালকৈ মোহাৰি ১ সপ্তাহ ৰ’দত শুকাওক। পাছত এই গোলাপৰ মণ্ডখিনিৰে হালুৱা বনাই খাওক, পুষ্টি লাভ হ’ব।

পিত্তৰ বমিত

আধাফুলা গোলাপ ফুল আনি বটি লৈ অলপ চেনি মিহলাই প্ৰতিদিনে এবাৰ খালে পিত্ত বমি দূৰ হ’ব।

সিজু (মনসা) গছ

বঙ্গদেশত এই গছক দেৱী ৰূপে পূজা কৰে। ভাৰতৰ বিভিন্ন স্থানত আৰু ওচৰৰ দেশবোৰতো এই গছ দেখিবলৈ পোৱা যায়। এই গছৰ পাতবোৰ টেনিছ খেলৰ বেটখনৰ দৰে। পাতত সৰু কিন্তু দীঘল দীঘল কাঁইট থাকে। এই গছৰ অন্য ব্যৱহাৰ কম যদিও ইয়াৰ ঔষধি গুণ যথেষ্ট আছে।

প্ৰস্ৰাৱৰ কষ্টৰ ৰোগ বা প্ৰমেহত

বাতাচাত লগাই সিজু গছৰ আঠা, দিনে এবাৰকৈ ২-৩ সপ্তাহ খালে প্ৰমেহ ৰোগ দূৰ হয়।

একজিমা ৰোগত

ছালৰ একজিমা হ’লে সিজুৰ পাত ঠাৰিৰ কেইটুকুৰামান লৈ ৪ কাপ পানীত সিজাব লাগে। পানী শুহি গৈ একাপমান থাকিলে পানীখিনি ছেকি ল’ব লাগে। ইয়াৰ পাছত অলপ সৰিয়হৰ তেল এই পানীত দি আকৌ গৰম কৰি একজিমা হোৱা ঠাইত লগালে একজিমা আৰোগ্য হয়।

ছোৱালীৰ মূৰৰ চুলি ৰঙা হ’লে

সিজু গছৰ আঠাৰে তেল তৈয়াৰ কৰি দুদিনৰ মূৰে মূৰে ঘঁহিলে উপকাৰ হয়।

মূৰ তপা হোৱাৰ উপক্ৰম হ’লে

সিজু গছৰ আঠাৰে তেল তৈয়াৰ কৰি তপাস্থানত ঘঁহিলে তপা দূৰ হয়।

সিজুৰ আঠাৰ পৰা তেল তৈয়াৰ কৰাৰ নিয়ম

২৫-৩০ মিলিলিটাৰ নাৰিকলৰ তেল এটা সৰু লোৰ কেৰাহিত (পাত্ৰত) গৰম কৰি তাত সম পৰিমাণৰ সিজুৰ আঠা মিহলাই উতলাওক। যেতিয়া ঘন হৈ যাব তেতিয়া নমাই চেঁচা কৰি বটলত ভৰাই থওক আৰু আৱশ্যকবোধে ওপৰত কোৱা ধৰণে (৩-৪) এই তেল ব্যৱহাৰ কৰিব পাৰি।

লাজুকীবন (লজ্জাৱতী)

ই এবিধ গুল্ম জাতীয় উদ্ভিদ। বছৰৰ প্ৰায় সকলো সময়তেই এই গছৰ ফুল হয় আৰু ফল ধৰে। ইয়াৰ মূলৰ (শিপা) পৰা আৰম্ভ কৰি সকলো অংশই ঔষধ হিচাপে ব্যৱহাৰ হয়।

অৰ্শ ৰোগত

লাজুকীবনৰ শিপাই মূলে ডালে পাতে সকলোটি একেলগে ১০-১৫ গ্ৰাম লৈ ৩ কাপমান পানীত ১ কাপ গাখীৰ দি ভালকৈ সিজাওক। লতাবোৰ থেতেলাই ল’ব পাৰে। পানী গাখীৰ যেতিয়া একাপমান থাকিব, ছেকি লওক। প্ৰতিদিনে ৰাতিপুৱা আৰু আবেলি এই ক্কাথ খালে অৰ্শই এৰা দিব।

পুৰণি আমাশয়ত

শাঁও পৰা অসুখ বহু পুৰণি হলে লাজুকীবন ১০-১৫ গ্ৰাম লৈ ৪ কাপ পানীত সিজাওক। পানী একাপমান থাকিলে ছেকি লওক। এই পানী সমানে দুভাগ কৰি ৰাতিপুৱা আৰু আবেলি খালে পুৰণি আমাশয়ত উপকাৰ পাব।

ৰক্তপিত্ত হ’লে

নাক বা মুখেৰে পিত্তৰ বিকাৰত তেজ গ’লে লাজুকীবন ১২-১৫ গ্ৰাম লৈ ৪ কাপ পানীত সিজাই পানী একাপমান থাকিলে সেই পানী ছেকি লৈ দুভাগ কৰি ৰাতিপুৱা আৰু আবেলি খালে পিত্তৰ বিকাৰ উপশম হ’ব।

দাঁতৰ গুড়িত ঘা

লাজুকীবন ১৫ গ্ৰাম লৈ ৫ কাপ পানীত ভালকৈ সিদ্ধ কৰি পানী একাপমান থাকোঁতে ছেকি লৈ সেই পানীৰে মুখ কুলি কৰিলে দাঁতৰ পাৰিৰ ক্ষয় সম্পূৰ্ণৰূপে আৰোগ্য হ’ব।

কান্ধৰ তল, কাষলতিৰ গোন্ধ আৰু শৰীৰৰ দাগ থাকিলে

২৫ গ্ৰাম লাজুকীবন ৫ কাপ পানীত সিজাই পানী দুই কাপমান থকাত সেই পানী ছেকি লৈ কাষলতি আৰু গোটেই শৰীৰত ঘঁহিলে উপকাৰ পাব।

মহিলাৰ নাড়ী (জৰায়ু) লৰিলে

বহু সময়ত মহিলাৰ জৰায়ুৰ পজিছন লৰি যায়। বাহিৰ ওলাব খোজে। তেনে অৱস্থাত লাজুকীবন ১০ গ্ৰাম লৈ ৪ কাপ পানীত সিজাই সেই পানী একাপমান থাকিলে সেই পানী ছেকি লৈ প্ৰতিদিনে একোবাৰ এই পানীৰে ‘ডুচ’ (ধোৱা কাম) কৰিলে ভাল হ’ব।

কাণত পূজ হ’লে

লাজুকীবনৰ ক্কাথ কৰি সেই ক্কাথৰ লগত সৰিয়হৰ তেল অলপ মিহলি কৰি আকৌ গৰম কৰিব লাগে। তাৰ পাছত সেই তেল কাণত টোপ টোপকৈ দিলে পূজ ওলোৱা বন্ধ হ’ব।

বেত

বেত লতা গছ। ইয়াৰ পৰা চকী, মেজ, ফাৰ্নিচাৰ বনোৱা হয়। ইয়াৰো ঔষধি গুণ আছে।

বেতৰ আগৰ ভিতৰৰ কোমল শাহ অংশ সিজাই খালে খোৱাৰ ৰুচি বাঢ়ে, ভোক লগায় আৰু পিত্ত নিবাৰণ কৰে।

ঘৃতকুমাৰী

ঘৃতকুমাৰীৰ গছৰ পাত প্ৰায় মাটিকঁঠালৰ পাতৰ দৰে। পাতবিলাক দীঘল আৰু কাষত কাঁইট থাকে। পাতবিলাক আনাৰসৰ পাততকৈ অলপ বহল, চুটি আৰু ডাঠ। ঘৃতকুমাৰীৰ পাত ভাঙিলে পাতৰ ভিতৰৰ শাহ থকাৰ দৰে কোমল বস্তু থাকে আৰু ঔষধ হিচাপে ব্যৱহাৰ হয়।

ঘৃতকুমাৰী ৰসায়ন, পুষ্টিকাৰক, বলকাৰক, শুক্ৰবৰ্ধক, ভেদক আৰু চৰ্মৰোগনাশক।

পেটত বায়ু জমিলে

পেটত বায়ু জমা হৈ পেট ফুলিলে ১২ গ্ৰাম ঘৃতকুমাৰীৰ শাহ খালে বায়ু প্ৰশমিত হ’ব আৰু পেটৰ অশান্তি দূৰ হ’ব।

প্লীহাৰ ৰোগত

ঘৃতকুমাৰীৰ ৰস ১২ মিলিলিটাৰ হালধিৰ গুড়ি মিহলি কৰি খালে উপকাৰ হয়।

যকৃতৰ ৰোগত

ঘৃতকুমাৰীৰ শাহ প্ৰতিদিনে ১২ গ্ৰাম কৈ কিছুদিন খালে উপকাৰ হ’ব।

ৰক্তপিত্ত ৰোগত

পিত্তবিকাৰ হৈ মুখ বা নাকেৰে তেজ ওলালে ঘৃতকুমাৰীৰ শাহ ১২ গ্ৰাম মিছিৰিৰ গুড়িৰ লগত খালে উপকাৰ পাব।

চৰ্মৰোগত

ঘৃতকুমাৰীৰ শাহ ১২ গ্ৰামকৈ খাই ৰোগাক্ৰান্ত ঠাইত ইয়াৰ ৰস প্ৰলেপ দিলে চৰ্মৰোগ ভাল হয়।

কফ হ’লে

ঘৃতকুমাৰীৰ শাহ মৌৰ লগত খালে কফৰোগত আৰাম পোৱা যাব।

পুৰিলে

শৰীৰৰ কোনো ঠাইত পুৰিলে ঘৃতকুমাৰীৰ পাতৰ শাহ পোৰা ঠাইত বটি লগালে জ্বালা-যন্ত্ৰণা কমিব। পোৰা ঘা আৰোগ্য হ’ব।

শৰীৰৰ কোনো ঠাইত বিষ-বেদনা হ’লে

ঘৃতকুমাৰীৰ আৰক (সিজোৱা পানী) প্ৰলেপ দিলে আৰাম পাব।

মূৰৰ বিষত

ঘৃতকুমাৰীৰ শাহ বটি মূৰত প্ৰলেপ দিলে আৰু দুই কুমত ঘঁহি দিলে মূৰৰ বিষ গুচিব, মূৰৰ যন্ত্ৰণা নোহোৱা হ’ব।

অনন্তমূল

এবিধ গুল্ম উদ্ভিদ। ঔষধত ব্যৱহাৰ হয়। মংগল গ্ৰহৰ শান্তিৰ বাবে গ্ৰহৰ প্ৰতিকাৰতো ব্যৱহাৰ হয়।

আমবাত বা বাতপিত্তত

১০ গ্ৰাম অনন্তমূল ২ কাপ পানীত সিজাই দিনে এবাৰকৈ ৭ দিন খালে আমবাত গুচিব।

আমাশয়

শাঁও পৰা অসুখত ৫ গ্ৰাম অনন্তমূল বটি লৈ মৌৰ লগত ৭ দিন খালে আমাশয় দূৰ হ’ব।

পাথৰি ৰোগত

যিকোনো পাথৰি ৰোগত ৫ গ্ৰাম অনন্তমূল গৰুৰ গাখীৰৰ লগত দিনে এবাৰকৈ ৭ দিন খালে পাথৰি ৰোগ ভাল হ’ব।

ফোঁহা হ’লে

৩ গ্ৰাম অনন্তমূল বটি ফোঁহাত লগাই দিলে ফোঁহা ফাটি যাব।

জিভাৰ ঘাত

৫ গ্ৰাম অনন্তমূল ভেৰাৰ গাখীৰেৰে বটি জিভাৰ ঘাত ৩ দিন লগালে ঘা শুকাই যাব।

ৰক্তপ্ৰদৰ

তিৰোতাৰ মাহেকীয়া স্ৰাৱৰ দোষত অনন্তমূল বটি ১ চামুচ মৌ লৈ ৭ দিন খালে ৰক্তপ্ৰদৰ ৰোগ নিৰাময় হ’ব।

ধাতু দুৰ্বলতাত

৫ গ্ৰাম অনন্তমূল বটি ২ চামুচ মৌৰ লগত ৰাতিপুৱা খোৱাৰ পাছত ১০ দিন খালে ধাতু দুৰ্বলতা দূৰ হ’ব।

প্ৰসূতিৰ স্তন-দুগ্ধ বঢ়াবলৈ

৫ গ্ৰাম অনন্তমূল ২ কাপ পানীত সিজাই সেই পানী ৫-৬ দিন খালে স্তনত গাখীৰ বাঢ়িব।

শিমলু গছ (শাল্মলি বৃক্ষ)

এবিধ প্ৰকাণ্ড গছ। ইয়াৰ গুটি ফাটি তুলা ওলায়। ঔষধ হিচাপেও যথেষ্ট গুণ আছে।

ব্ৰণ ৰোগত

গাৰ ছালত ওলোৱা সৰু গুটি বা ডাঙৰ ফোঁহা আদি ৰোগত শিমলুৰ শিপাৰ ছাল বটি লগাই দিলে ব্ৰণ বহি যায়।

ৰক্তপিত্ত

পিত্তাধিক্য হৈ মুখ বা নাকেৰে তেজ ওলোৱা আদি অসুখ হ’লে শিমলুৰ ফুল শুকাই গুড়ি কৰি তাৰ ১ চামুচ লৈ ১ চামুচ মৌৰ লগত খালে ৰক্তপিত্ত নাশ হ’ব। দিনে ১ বাৰকৈ ১০ দিন খাব লাগিব পাৰে।

মেহ বা প্ৰস্ৰাৱৰ অসুখত

শিমলুৰ শিপাৰ দিনে এবাৰকৈ ৭ দিন চোবাই খালে মেহৰোগ দূৰ হ’ব। দিনে ১০ গ্ৰামকৈ খাব।

শুক্ৰৰ ক্ষয় হ’লে

শুক্ৰ পাতল হৈ নানাভাৱে ক্ষয় হ’ব ধৰিলে (স্বপ্নদোষ হৈ, প্ৰস্ৰাৱত বা এনেয়ে সামান্য যোনি চিন্তা আহিলেই শুক্ৰ গ’লে) ২ গ্ৰাম শিমলুৰ শিপা বটি ১ চামুচ মৌৰ লগত খালে (দিনে এবাৰ ১ মাহ) শুক্ৰ ক্ষয় বন্ধ হ’ব।

চিৰতা

হিমালয় পৰ্বতৰ ৪,০০০-ৰ পৰা ১০,০০০ ফুট উচ্চতাত চিৰতা হয়। আনহাতে কাশ্মীৰৰ পৰা ভূটান আৰু খাচীয়া পাহাৰৰ ৪-৫ হাজাৰ ফুট উচ্চতাতো পোৱা যায়। ই এবিধ পোন গুল্ম জাতীয় উদ্ভিদ। ২-ৰ পৰা ৫ ফুট ওখ হয়। চিৰতাৰ ঔষধি গুণ যথেষ্ট আছে। চিৰতা তিতা স্বাদযুক্ত। লঘু, শীতল আৰু ৰেচক গুণযুক্ত দ্ৰব্য। সন্নিপাত জ্বৰ, কাহ, কফ, দাহ, শ্বাস-প্ৰশ্বাস, শোথ. ব্ৰণ, কৃমি, ৰক্তৰ দোষ আদি ৰোগত ভাল কাম দিয়ে। চিৰতা ক্ষুধাবৰ্ধক, হজমকাৰক, পেট ফুলা নিবাৰক আৰু অম্লপিত্তনাশক ঔষধ। যকৃতৰ দোষ, গ্ৰহণীৰ দোষ দূৰ কৰে।

শৰীৰৰ পিত্ত বাঢ়ি গ’লে গোটেই দেহতে জ্বলন অনুভৱ হয়। কিন্তু চিৰতাৰ শীতলতা গুণৰ বাবে শৰীৰলৈ শান্তি আনি দিয়ে। চিৰতাই কোষ্ঠকাঠিন্য দূৰ কৰে, পেট পৰিষ্কাৰ কৰি ৰাখে, পৰিপাক প্ৰণালীৰ যন্ত্ৰবোৰৰ শক্তি বঢ়ায়।

ৰক্তপিত্তৰ ৰোগত

চন্দন আৰু চিৰতাৰ ক্কাথ বনাই অথবা এই দুবিধৰ চূৰ্ণ বনাই লৈ পানীৰ লগত খালে ৰক্তপিত্ত নাশ হয়।

পুৰণি জ্বৰত

চিৰতাৰ ক্কাথ (সিজোৱা পানী) প্ৰতিদিনে ৰাতিপুৱা খালে জ্বৰ এৰে, কৃমি থাকিলে সিও নাশ হয়।

চৰ্মৰোগত

নিতৌ ৰাতিপুৱা চিৰতা ভিজোৱা পানী খালে ৰক্ত পৰিষ্কাৰ হয়। যকৃত আৰু প্লীহাৰ শক্তি বাঢ়ে। সকলো চৰ্মৰোগ নিৰাময় হয়।

গৰ্ভৱতীৰ বমি

১৫ গ্ৰাম চেনিৰ লগত ১০ গ্ৰাম চিৰতা চূৰ্ণ মিহলাই বটি মৌৰ লগত খালে গৰ্ভৱতীৰ বমি হোৱা বন্ধ হ’ব।

স্তনৰ কোনো দোষ থাকিলে

প্ৰসূতিৰ স্তনৰ কোনো দোষ থাকিলে চিৰতাৰ ক্কাথ খালে ভাল হয়।

দূবৰিবন

ই দুই প্ৰকাৰৰ এবিধ সৰু আৰু য’তে ত’তে হয়। আনবিধ অলপ ডাঙৰ দীঘল লতাৰ দৰে মাটিত পৰি থাকে। কিন্তু লতাৰ দৰে দীঘল নহয়। দুবৰিৰ দ্বাৰা বহু ৰোগ আৰোগ্য হয়। দূবৰিৰ ৰস ১০-২৪ মিলিলিটাৰ ২-৪ চামুচ ব্যৱহাৰ হয় আৰু দূবৰিৰ পাচন ব্যৱহাৰ কৰিলে ৬০-১২০ মিলিলিটাৰ প্ৰয়োগ কৰা হয়।

বমিত

বমি হ’ব খোজে কিন্তু নহয়, ওক আহি থাকে। এনে অৱস্থাত ১২ মিলিলিটাৰ দূবৰিৰ ৰসৰ লগত ১২ গ্ৰাম চেনি মিহলাই অলপ অলপকৈ চেলেকি চেলেকি খাবলৈ দিয়ক, বমিৰ ভাব বন্ধ হ’ব।

ৰক্তপিত্ত ৰোগত

পিত্তবিকাৰ হৈ মুখেৰে বা গুহ্যদ্বাৰেৰে বা শৰীৰৰ অন্য কোনো বাটেদি তেজ ওলালে বা যদি নাকেৰে তেজ ওলায়, দূবৰিবন থেতেলাই কাপোৰেৰে ছেকি নাকত টোপ পেলাই দিলে, বা নাকেৰে টানিলে তেজ পৰা বন্ধ হ’ব।

অন্য প্ৰকাৰে তেজ গ’লে ১২ মিলিলিটাৰ দূবৰিৰ ৰসৰ লগত সামান্য চেনি মিহলাই খালে ৰক্ত বন্ধ হ’ব। দিনত ৩ বাৰমান খাব লাগিব পাৰে। মহিলাৰ যোনিৰে তেজ ওলালেও এনে ব্যৱস্থা ল’ব।

কাটি তেজ ওলালে

তেজ বন্ধ কৰাৰ মহৌষধ হ’ল দূবৰিবন। যদি কোনো ঠাইত (গাৰ) কাটি তেজ ওলাই থাকে তেনেহ’লে দূবৰিবন বটি বা চোবাই মিহি কৰি কটা স্থানত বান্ধি ২৪ ঘণ্টা ৰাখক, তেজ ওলোৱা বন্ধ হ’ব, ঘা জোৰা লাগি যাব।

মাহেকীয়াৰ বিকাৰত

বহুক্ষেত্ৰত দেখা যায়, ছোৱালীৰ বহু বয়সলৈ মাহেকীয়া স্ৰাৱ হোৱা নাই। আকৌ কিছুমানৰ ঋতু দৰ্শন হৈছিল কিন্তু মাহেকীয়া স্ৰাৱ হোৱা নাই। কাৰো হয়তো মাহেকীয়া স্ৰাৱ পৰিষ্কাৰ (স্বাভাৱিক) নহয়। এনেধৰণৰ গোলমাল হ’লে ৫ গ্ৰাম দূবৰিৰ গুড়িৰ লগত ২৫ গ্ৰাম চাউলৰ গুড়ি মিহলাই সেই পিঠাগুড়িৰে পিঠা বনাই প্ৰতিদিনে এখন বা দুখন পিঠা ৭ দিন খাবলৈ দিয়ক। ঋতুস্ৰাৱ সম্পৰ্কীয় সকলো ৰোগ নিৰাময় হ’ব।

চৰ্মৰোগ

২৫০ মিলিলিটাৰ সৰিয়হৰ তেল বা তিলৰ তেলৰ লগত ৬০ মিলিলিটাৰ দূবৰিৰ ৰস ভালকৈ মিহলাই সেই তেল ১০-১২ দিন ৰ’দত দিয়ক। তাৰ পাছত সেই তেল চৰ্মৰোগ আক্ৰান্ত স্থানত লগাওক। যিকোনো ধৰণৰ চৰ্মৰোগ নিৰাময় হ’ব।

প্ৰস্ৰাৱ বন্ধ হ’লে

মূত্ৰাঘাত ৰোগত ১০০ গ্ৰাম দূবৰিবন মূল সহ ২ লিটাৰ পানীত উতলাই পানী যেতিয়া আধা লিটাৰমান থাকে জুইৰ পৰা নমাই তাৰ লগত চেনি বা মৌ মিহলাই খাবলৈ দিয়ক। প্ৰস্ৰাৱৰ কষ্ট দূৰ হ’ব। কেতিয়াবা দেখা যায় যে মূত্ৰস্থলীত প্ৰস্ৰাৱ আছে কিন্তু বাহিৰ হৈ অহা নাই তেনে ক্ষেত্ৰতো নিৰাময় হ’ব।

ধঁতুৰা

ধঁতুৰা গছ সাধাৰণতে দুই প্ৰকাৰৰ। বগা ধঁতুৰা আৰু ক’লা ধতুৰা। বগা ধঁতুৰাৰ ফুলৰ বাহিৰ ফালটো দেখাত অলপ বেগুনীয়া হয়। ভিতৰৰ ফালটো কেঁচা সোণৰ দৰে। ক’লা ধঁতুৰাৰ ফুল বেগুনীয়া ৰঙৰ। ক’লা ধঁতুৰাৰ ফুলৰ মাজত আৰু এটা ফুল সোমাই থোৱাৰ দৰে দেখায়। ধঁতুৰাৰ ঠাৰিত কোমল কাঁইট থাকে। ধঁতুৰাৰ ফুল আৰু গুটি পৱিত্ৰ বস্তু হিচাপে গণ্য হয়। দেবাদিদেৱ মহাদেৱ সদাশিৱৰ পূজাত ধঁতুৰাৰ ফুল আৰু ফল ব্যৱহাৰ হয়। ধঁতুৰাৰ ফল ধৰে। এই ফলৰ ভিতৰত বীজ থাকে। ফলৰ গাত কাঁইট থাকে। ধঁতুৰাৰ ঔষধি গুণ যথেষ্ট আছে। ধঁতুৰাৰ পাতৰ ৰস ৫-৬ টোপ, বীজ চূৰ্ণ ৩-৫ ৰতি (প্ৰায় এক তৃতীয়াংশ গ্ৰাম) আৰু শিপাৰ চূৰ্ণ ৩-৪ গ্ৰাম ব্যৱহাৰ হয়।

গাৰ ফুলা (যিকোনো ঠাইত)

ধঁতুৰাৰ পাতৰ ৰস মহৌষধ। ফুলা বা বিষোৱা ঠাইত ধঁতুৰাৰ পাতৰ ৰস প্ৰলেপ দিয়ক আৰাম পাব।

ফোঁহাত

ধঁতুৰাৰ পাতৰ ৰসত সামান্য গৰুৰ ঘি মিহলাই ফোঁহাত লগালে ফোঁহা পকে আৰু বিষ-বেদনা কমে।

শ্বাসৰোগত

ধঁতুৰাৰ ঠাৰি আৰু পাত শুকাই চূৰ্ণ কৰি লৈ বড়ি বনাই ধোঁৱা টানিলে শ্বাস কষ্ট প্ৰশমিত হয়।

অজীৰ্ণত

ধঁতুৰা পাতৰ ৰস ৪-৫ টোপ দৈৰ ঘোলৰ লগত খালে অজীৰ্ণ দূৰ হয়।

স্তনৰ বেদনাত

ধঁতুৰাৰ পাতৰ ৰস, হালধি আৰু চূণ মিহলাই স্তনত প্ৰলেপ দিলে ভাল পাব।

উন্মাদ ৰোগ

ধঁতুৰাৰ শিপাৰ ছাল ৫ গ্ৰাম, গছৰ ছাল ৭৫ গ্ৰাম, ২ লিটাৰ পানী আৰু ৩ গিলাচ গাখীৰ মিহলাই গৰম কৰক। তাৰ পাছত ডেৰ লিটাৰ গৰুৰ গাখীৰ, ৫০ গ্ৰাম গৰুৰ ঘিউ আৰু ১৫০ গ্ৰাম মিছিৰি মিহলাই পায়স বনাই ৰোগীক খাবলৈ দিয়ক, উন্মাদ ৰোগ নিৰাময় হ’ব।

গুলঞ্চি লতা (শগুণী লতা)

গুলঞ্চি লতা এবিধ ডাঙৰ লতা গছ। পুৰণি হ’লে ই লাঠিৰ দৰে ডাঙৰ হয়। ই অন্য গছক আশ্ৰয় কৰি ওপৰলৈ উঠে আৰু ডাঙৰ হয়। ইয়াক প্ৰায় অমৰ গছ বুলি ক’ব পাৰি। ইয়াৰ যিকোনো অংশৰ এটি টুকুৰা কাটি মাটিৰ ওপৰত পেলাই থ’লেও গজি উঠে। আনকি মাটিৰ পৰা অলপ আঁতৰত থ’লেও তাৰ পৰা শিপা ওলাই মাটিলৈ নামি যায় আৰু গছ টুকুৰাৰ পৰা পোখা ওলাই ডাঙৰ হ’বলৈ ধৰে। গছৰ গাত, ডালত চুটি চুটি কাঁইট থাকে। পাতবোৰ কিছুমান পাণৰ দৰে বহল কিন্তু পাণৰ দৰে ডাঠ নহয়, কোমল। ইয়াৰ আন এটি নাম শ গুণী লতা অৰ্থাত্ এশমান ঔষধি গুণ আছে। লতাৰ গা গছ আৰু ডাল ঔষধৰ কামত ব্যৱহাৰ হয়। গছৰ (ডালৰ) ৰস ১০-২৫ মিলিলিটাৰ সিজাই লোৱা ক্কাথ (সিজাওঁতে পানী এক চতুৰ্থাংশ ভাগ ৰলে ক্কাথ বা পাচন হয়) ৫০-১০০ মিলিলিটাৰ আৰু লতাৰ ডালৰ চূৰ্ণ ২-৪ গ্ৰাম ব্যৱহাৰ হয়।

বমি হ’লে

গুলঞ্চি লতা থেতেলা কৰি অলপ চেঁচা পানীত ভিজাই থওক। তিনি ঘণ্টাৰ পাছত তাত সামান্য মৌ মিহলাই খুৱাই দিয়ক। বমি বন্ধ হৈ যাব।

জ্বৰত

গুলঞ্চিৰ ৰস ৩-৪ চামুচ মৌৰ লগত খুৱালে জ্বৰ এৰিব।

পুৰণি জ্বৰত

৫০ মিলিলিটাৰ গুলঞ্চিৰ ক্কাথৰ লগত পিপলি গুড়ি আৰু মৌ মিহলাই খুৱালে পুৰণি জ্বৰে এৰা দিব।

দুৰ্বলতাত

গুলঞ্চিৰ ৰস বা ক্কাথ ওপৰত কোৱা জোখ মতে এমাহমান খালে দুৰ্বলতা আঁতৰিব।

বাত আৰু বাতৰ দোষত হোৱা ৰক্তক্ষৰণত

গুলঞ্চিৰ ৰস খালে এই ৰোগ দূৰ হ’ব।

জণ্ডিচ

৪-৫ টোপকৈ গুলঞ্চিৰ ৰস খুৱালে ৰোগ নিৰাময় হ’ব।

প্ৰমেহ ৰোগত

যি ৰোগীৰ পূজৰ দৰে ধাতু নিৰ্গত হয়, প্ৰতিদিনে ৪ চামুচকৈ গুলঞ্চিৰ ক্কাথেৰে নিতৌ লিংগ ধুই গুলঞ্চিৰ ক্কাথ ৫০ মিলিলিটাৰকৈ নিতৌ খালে বিশেষ উপকাৰ পাব।

গৰ্মী ৰোগ

লিংগত যেতিয়া ঘা হয়, গুলঞ্চিৰ ক্কাথেৰে নিতৌ লিংগ ধুই গুলঞ্চিৰ ক্কাথ ৫০ মিলিলিটাৰকৈ নিতৌ খালে বিশেষ উপকাৰ পাব।

বাহক (বাহকা)

বাহক দীঘলীয়া পাতৰ এবিধ সৰু গছ। ই দুবিধ। এবিধ বগা আৰু আনবিধ তামবৰণীয়া। বগা বাহক কফৰ ঔষধৰ বাবে জনাজাত। তামবৰণীয়া বাহকৰ ফুলৰ আঞ্জা খায়। তামবৰণীয়া বিধক সাধাৰণতে ৰঙা বাহক বুলিয়ে জনা যায়। ইয়াৰ বাহিৰেও অন্য এবিধ আছে তাক ৰাম বাহক বা সিংহ পুচ্ছ বুলি জনা যায়। শুক্ৰগ্ৰহৰ শান্তিৰ বাবে ই তৃণমূল হিচাপে ব্যৱহাৰ হয়।

ঔষধ হিচাপে বাহকৰ পাত ১৫-২৫ গ্ৰাম, পাতৰ চূৰ্ণ ১৫-৬০ গ্ৰাম আৰু ক্কাথ (সিজোৱা আৰক) ৮০-১৪০ মিলিলিটাৰ পৰ্যন্ত ব্যৱহাৰ হয়।

চৰ্দি, কাহত

১০-১৫ বাহকৰ পাত পানীত সিজাই ক্কাথ কৰি তাত অলপ মিছিৰি আৰু জালুকৰ গুড়ি মিহলাই খালে চৰ্দি কাহ সকলো আৰোগ্য হ’ব।

শ্বাস কষ্ট আৰু কাহত

২ গ্ৰাম বাহকৰ ছাল খুন্দি গুড়ি কৰি মৌৰ লগত প্ৰতিদিনে ৰাতিপুৱা এমাহ খালে শ্বাস কষ্ট আৰু কাহ দূৰ হ’ব।

কেৱল কাহ হ’লে

২০-২৫ বাহকৰ পাত, ৫ গ্ৰাম কণ্টকাৰীৰ পাত, ৫-৬ টা জালুক আৰু ৫০ গ্ৰাম মিছিৰি মিহলাই ১ লিটাৰ পানীত সিজাওক। পানী শুকাই ২৫০ মিলিলিটাৰমান থাকিলে, খাব পৰা হ’লে ২ চামুচ মৌ মিহলাই, দিনে ১ বাৰকৈ ৭ দিন খাওক, কাহ এৰা দিব।

মেহ আৰু প্ৰস্ৰাৱৰ কষ্টৰ ৰোগত

২ গ্ৰাম বাহকৰ ছাল খুন্দি গুড়ি কৰি মৌৰ লগত প্ৰতিদিনে এবাৰকৈ ২০-২৫ দিন খালে মেহ ৰোগ আৰোগ্য হ’ব।

অম্লপিত্ত, বুকু জ্বলা

৪-৫ চামুচ বাহকৰ পাতৰ বা ফুলৰ ৰস চেনি বা মৌৰ লগত খালে বুকু জ্বলা কমিব।

শেৱালি ফুল

শেৱালি ফুলৰ গছ ৫-১৫ ফুটমান ওখ হয়। পাতবোৰ কৰ্কশ। কাষবোৰ (পাতৰ) খাঁজ কটা আৰু পাতৰ ঠাৰিৰ বিপৰীত দিশ অলপ দীঘলকৈ নেজৰ দৰে বাঢ়ি থকা। ফুলবোৰ বগা কিন্তু ফুলৰ ঠাৰিত ভিতৰফালে অলপ গেৰুৱা ৰঙেৰে বোলোৱা থাকে। এই ফুল ৰাতি ফুলে আৰু সূৰ্যোদয়ৰ লগে লগে সৰি যায়। শৰতকালতেই এই ফুল ফুলে। ইয়াৰ সোৱাদ (পাতৰো) তিতা। ইয়াৰ পাত, গুটি আৰু শিপা ঔষধ হিচাপে ব্যৱহাৰ হয়।

পিত্তজ্বৰ, পিত্তবৃদ্ধিত

শেৱালিৰ পাতৰ ৰস ২ চামুচ মৌৰ লগত খালে জ্বৰ এৰে। প্ৰতিদিনে ৰাতিপুৱা খাব লাগে। পাত ভাজি খালে পিত্তৰ বৃদ্ধি বা বিকাৰত উপশম হয়।

গাঁঠিৰ বিষত

২০-২৫ টামান শেৱালিৰ পাত ৮ কাপ পানীত উতলাই পানী ২ কাপমান থাকিলে খাব পৰা চেঁচা হ’লে ছেকি খালে গাঁঠিৰ বিষ কমে।

শ্লেষ্মা বৃদ্ধি

শেৱালিৰ শিপাৰ ছাল গুড়ি কৰি ৫ গ্ৰেন (এক তৃতীয়াংশ গ্ৰাম) পাণৰ লগত খালে শ্লেষ্মা পাতল হৈ ওলাই আহে।

মূৰৰ উফি হ’লে

শেৱালিৰ গুটি গুড়ি কৰি মূৰত ঘঁহি মূৰ ধুলে উফি যায়।

কিছুমান খাদ্যবস্তুৰ আৱশ্যকীয় গুণ

কেঁচা কল

ৰক্তপিত্ত নাশক, বায়ু নাশক, তৃষ্ণা, দাহ আৰু ক্ষয় ৰোধ কৰে।

পকা কল: চকুৰ ৰোগ নাশক, তৃষ্ণা আৰু প্ৰমেহ নাশক, শুক্ৰ বৃদ্ধিকাৰক আৰু শীতল।

কেঁচা আম: ত্ৰিদোষ নাশক।

কুঁহি আমঃ ৰুচিকাৰক কিন্তু পিত্তবৰ্ধক।

পকা আমঃ পুষ্টিকাৰক, বায়ুপিত্ত নাশক, বলকাৰক, বীৰ্যবৰ্ধক।

জামঃ শ্বাস, ব্ৰণ, শোথ, পিত্ত আৰু ৰক্তদোষ নাশক।

পকা কঁঠালঃ কফ কাৰক, বায়ুপিত্ত, ক্ষত ব্ৰণ আৰু ৰক্তপিত্ত নাশক।

নাৰিকলঃ ডাবৰ পানী পিত্ত নাশক, বাৰ্যবৰ্ধক, তৃষ্ণা নাশক, গুহ্যদোষ নিবাৰক, ক্ষুধাবৰ্ধক।

পকা নাৰিকল (শাহ)

ৰক্তদোষ নাশক, দাহ, বাত প্ৰশমক, পিত্তবৰ্ধক। শুকান বা পূৰঠ নাৰিকলৰ পানী পুষ্টিকাৰক, কৃমিনাশক আৰু শীতল (পেট ঠাণ্ডা কৰে)।

বেল

কেঁচা আৰু কুঁহি বেল কফ বায়ুনাশক, ক্ষুধা বৃদ্ধিকাৰক। পকা বেল আমৰোগ নিবাৰক কিন্তু মলৰোধক।

খেজুৰী

পুষ্টিকৰ কিন্তু পিত্ত বৃদ্ধিকাৰক, ক্ষুধা বৃদ্ধিকাৰক, বাত নাশক।

তালঃ পিত্ত আৰু বাত নাশক কিন্তু কফ বঢ়ায়।

কমলাঃ শোথ, বমি, অৰুচি, তৃষ্ণা, বায়ু-পিত্ত-ৰক্তদোষ নাশক।

তৰমুজাঃ কেঁচা তৰমুজা শুক্ৰ আৰু দৃষ্টি শক্তিবৰ্ধক। পিত্ত নাশক। পকা তৰমুজা কফ আৰু বায়ুনাশক কিন্তু পিত্ত বৃদ্ধিকাৰক।

কিচমিচঃ পুষ্টিকৰ, পিত্ত নাশক।

আঙুৰঃ জীৰ্ণজ্বৰ, ৰক্তপিত্ত আৰু ক্ষয় নাশক।

বাদামঃ বায়ুপিত্ত নাশক, বল, শুক্ৰ বৃদ্ধিকাৰক।

আমলখিঃ শ্বেতপ্ৰদৰ, পিত্তশূল আৰু বমি নিবাৰক। হিকটি নাশক। চৰ্বীৰ দোষ নিবাৰক।

শিলিখাঃ অৰ্শ, শোথ, পিত্তশূল আৰু হাঁপানি নাশক।

হালধিঃ কৃমি, কুষ্ঠ ৰক্তদোষ নাশক আৰু মলৰোধক।

পটলঃ জ্বৰ, কাহ, কৃমি আৰু ৰক্তদোষ নাশক।

পানীফলঃ বলকাৰক, ৰক্তজনক আৰু পিত্তনাশক।

আদাঃ বাত, কফ, পিত্তনাশক।

মূলাঃ ত্ৰিদোষ নাশক।

লংঃ বমি, ক্ষয়ৰোগ নিবাৰক।

পানীলাউঃ পিত্ত শ্লেষ্মা নাশক আৰু ধাতু পুষ্টিকাৰক।

ভাতঃ সকলোতকৈ উপকাৰী খাদ্য। লঘুপাচক, ৰুচিকাৰক, হজমশক্তি বৃদ্ধিকাৰক।

ৰুটিঃ ৰুচিকৰ, গুৰুপাকী, বায়ুনাশক, ধাতু আৰু বল বৃদ্ধিকাৰক।

লুচিঃ অত্যন্ত পুষ্টিকাৰক, ৰুচিকাৰক, মিষ্টৰস যুক্ত, বায়ুপিত্ত, কফ নাশক, শুক্ৰবৰ্ধক। কিন্তু মলৰোধক।

পাপৰঃ অগ্নি উদ্দীপক আৰু ৰুক্ষ খাদ্য। কিন্তু সাধাৰণভাৱে গুৰুপাকী।

আখৈঃ বলবৰ্ধক আৰু পেট খোলোচা কৰে।

গুৰ

নতুন গুৰঃ শ্বাস, কাহ, কৃমি, কফবৰ্ধক। কিন্তু হজমশক্তি বৃদ্ধি কৰে।

পুৰণি গুৰঃ হিতকৰ আৰু লঘুপাচ্য। পুষ্টিকাৰক, বায়ুপিত্ত নাশক আৰু শুক্ৰবৰ্ধক। শুঁঠৰ লগত খালে বাত দূৰ হয়, শিলিখাৰ লগত খালে পিত্ত দমন হয়, নাশ হয় আৰু আদাৰ লগত খালে কফ দূৰ হয়।

চেনিঃ মধুৰ স্বাদযুক্ত। ৰক্তপিত্ত নাশক, দাহ, মূৰ্ছা, জ্বৰ আৰু বমন নাশক।

মিছিৰিঃ লঘুপাচক, বায়ুপিত্ত কফ নাশক আৰু শীতল।

মৌ, মৌ মাখিৰ মৌঃ কাহ, অৰ্শ, শ্বাস কষ্ট, ক্ষয় ৰোগ, চকুৰ ৰোগ নিৰাময় কাৰক।

বৰ মৌৰ মৌঃ গুৰুপাক, শীতল আৰু প্ৰস্ৰাৱৰোধক আৰু ৰক্তপিত্ত নিবাৰক।

সৰিয়হৰ তেলঃ বেদনা নাশক, অম্ল বৃদ্ধিকাৰক।

গৰুৰ ঘিউঃ শুক্ৰবৰ্ধক, চকুৰ হিতকাৰক, অগ্নিবৰ্ধক, পিত্তনাশক, লাৱণ্য বৃদ্ধিকাৰক, কফ নাশক, মেধা বৃদ্ধিকাৰক কিন্তু বৰ সোনকালে হজম নহয়।

ম’হৰ ঘিউঃ ৰক্তপিত্ত নাশক, বায়ু নাশক, বীৰ্যবৰ্ধক, কফকাৰক আৰু গুৰুপাক।

সৈন্ধৱ লোণঃ ত্ৰিদোষ নাশক, বলকাৰক আৰু চকুৰ বাবে হিতকৰ।

মাছ

ডাঙৰ মাছঃ শুক্ৰবৰ্ধক আৰু গুৰুপাক।

সৰু মাছঃ মল বৃদ্ধিকাৰক, গ্ৰহণী নিবাৰক, লঘু পাচ্য আৰু বহু উপকাৰী।

ৰৌ মাছঃ মাছৰ ভিতৰত শ্ৰেষ্ঠ মাছ। সোৱাদযুক্ত কিন্তু পিত্তকাৰক, শুক্ৰবৰ্ধক, বাত নাশক আৰু অৰ্জিত ৰোগ নাশক।

পুঠি মাছঃ চকুৰ ৰোগ নাশক, শুক্ৰ বৃদ্ধিকাৰক, মল বৃদ্ধিকাৰক।

ইলিচ মাছঃ বায়ু নাশক।

কাছৰ মাংসঃ বল শক্তি বৃদ্ধিকাৰক আৰু চকুৰ বাবে হিতকাৰী।

ছাগলীৰ মাংসঃ মেদ আৰু চৰ্বীবৰ্ধক।

আলুঃ বলকাৰক, মলমূত্ৰ নিঃসাৰক, বীৰ্যবৰ্ধক, স্তনৰ গাখীৰ বৃদ্ধিকাৰক। সৰু আলু মূত্ৰকৃচ্ছ, শোথ আৰু দাহজনক। ৰঙা আলু বলকাৰক আৰু কফ নিবাৰক।

গাজৰঃ শ্লেষ্মা আৰু অৰ্শনাশক।

মহানিমঃ জ্বৰ, ৰক্তদোষ, কুষ্ঠৰোগ নাশক আৰু মলৰোধক।

ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতা

শৰীৰ সুস্থকৈ ৰাখিবলৈ হ’লে ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অতি আৱশ্যক। ব্যক্তিগত পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ অৰ্থই কেৱল পিন্ধা কাপোৰ-কানি পৰিষ্কাৰ হৈ থকাটোকে নুবুজায়। শৰীৰৰ মল-মূত্ৰ নিষ্কাষণ, থকা-খোৱাৰ পৰিবেশ সকলোতেই পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ আৱশ্যক। আমি তৃতীয় অধ্যায়ত, আহাৰ খোৱাৰ সময় আলোচনা কৰোঁতে কফ সময়ৰ কথা উল্লেখ কৰিছোঁ। গোটেই ৰাতি শৰীৰৰ পাচক যন্ত্ৰবোৰে হজমৰ প্ৰক্ৰিয়া শেষ কৰি সূৰ্যোদয়ৰ মুহূৰ্তৰ পৰা হজম নহৈ ৰোৱা বস্তুবোৰ মলস্থলীলৈ ঠেলি পঠায়। তেতিয়া মলস্থলীয়ে সেইবোৰ বাহিৰ কৰি দিবলৈ কামত লাগি যায় আৰু সেই কাম ৰাতিপুৱা ৮ বজালৈ শীৰ্ষ পৰ্যায়ত থাকে আৰু ৰাতিপুৱা ১০ বজালৈ তীব্ৰতা কমি কমি লাহে লাহে চলি থাকে। গতিকে ৰাতিপুৱা ৮ বজাৰ ভিতৰত শৌচ কৰি পেট খালী কৰাটো অতি আৱশ্যকীয় কথা। এই নিয়ম প্ৰাকৃতিক প্ৰক্ৰিয়াৰ সহযোগী হয়, শৰীৰ ভালে থাকে। কিন্তু আমি যদি জোৰকৈ শৌচ বন্ধ কৰি ৰাখি নিজৰ সুবিধামতে ৰাতিপুৱা ৮ বজাৰ পাছত বা তাৰ পাছত যেতিয়াই তেতিয়াই পায়খানালৈ যোৱাৰ অভ্যাস কৰোঁ তাৰ পৰা শৰীৰৰ ক্ষতি হয়। শৌচ কচাদি ৰোগ আৰম্ভ হ’ব। গতিকে ৰাতিপুৱা ৮ বজাৰ ভিতৰত শৌচ কৰাৰ অভ্যাস কৰিব লাগে। এই ক্ষেত্ৰত মহিলাসকল কিছু অসুবিধাত পৰে। কাৰণ তেওঁলোকে বিচনাৰ পৰা উঠিয়ে সৰু ল’ৰা-ছোৱালী থাকিলে সিহঁতৰ তদাৰক কৰাৰ উপৰিও পুৰুষসকলকো চাহ-পানী দিয়াত ব্যস্ত হৈ পৰে আৰু নিজে পায়খানালৈ যোৱাটো বন্ধ কৰি আনক সন্তুষ্ট কৰিবলৈ কামত লাগি যায়। কিন্তু তাকে কৰিবলৈ যাওঁতে তেওঁ ৰাতিপুৱা ৮ বজাৰ ভিতৰততো সময় নাপায়েই কেতিয়া সময় ওলায় তাৰ একো ঠিক নোহোৱা হয় আৰু যিদিনাই যেতিয়াই সময় ওলায় শৌচ কৰিবলৈ যায়। ফল স্বৰূপে শৌচৰ গতি জোৰকৈ বন্ধ কৰি ৰখাৰ ফলত কোষ্ঠকাঠিন্য আৰম্ভ হয়। শৰীৰৰ বিস্তৰ ক্ষতিৰ ৰোগ হোৱাৰ সম্ভাৱনা সূচিত হয়। ফলস্বৰূপে সেই সময়ত পৰিয়ালৰ লোকক ভাল লগাবলৈ যাওঁতে পাছলৈ গৈ তেওঁ সকলোৰে বাবে আপদ স্বৰূপ হৈ পৰে ৰুগীয়া আৰু দুৰ্বল হৈ পৰাৰ বাবে। গতিকে কোনো পৰিস্থিতিতে শৌচাচাৰ সমাপন নোহোৱাকৈ আন কামত লাগিব নালাগে। তাৰ বাবে খুব সোনকালে বিচনা এৰিব লাগে আৰু প্ৰকৃতিক ফ’ৰ্ছ থকা (কফৰ) সময় ৬ বজাৰ পৰা ৮ বজাৰ ভিতৰত শৌচাচাৰ সমাপন কৰিব লাগে। অন্যথা ডেকা বয়সত বিশেষ একো নহ’লেও পাছলৈ শৰীৰৰ বিস্তৰ ক্ষতি হ’ব পাৰে। শৌচ কৰাৰ পাছত হাত সদায় চাবোনেৰে ধুব লাগে। নখ চুটিকৈ কাটি থাকিব লাগে যাতে নখৰ ভিতৰ ফালে ময়লা জমা নহয়।

দিনটোত কে’বাবাৰো বিশুদ্ধ পানীৰে চকু, মুখ, দাঁত ধুব লাগে। দাঁতত যদি কিবা অসুখ থাকে, সঘনে মুখ, দাঁত ধুই থাকিব লাগে। অন্যথা দাঁতৰ পৰা বীজাণু পেটৰ ভিতৰলৈ গৈ থাকে খাদ্য হজম হোৱাত ব্যাঘাত জন্মায়, অন্ত্ৰৰো ৰোগ জন্মায়। টিফিন বা খাদ্য খোৱাৰ পাছত দাঁতৰ মাজত সোমোৱা টুকুৰা খুচৰি উলিয়াই মুখ ধুব লাগে। তামোল-পাণৰ চূণে, চাদাৰ লগত খোৱা চূণে দাঁতৰ আলু আগুৰি থকা মাংসপেশীৰ ক্ষতি কৰে। তাৰোপৰি চূণে জিভা, তালু আৰু গালৰ ভিতৰফালে থকা ছালৰ ক্ষতি কৰে। গতিকে এইবোৰ অভ্যাস ৰাখিব নালাগে।

ৰাতিপুৱা সদায় গা ধুব লাগে আৰু পৰাপক্ষত দুপৰীয়া ১২ বজাৰ আগতে গা ধুব লাগে। গৰম দিনত দুবাৰ আৰু খুব গৰম পৰিলে তিনিবাৰো গা ধুব পাৰি। গা ধোওঁতে পুৰুষে যৌনাংগ লুটিয়াই আৰু মহিলাই আঙুলি সোমাই ধুব আৰু সদায় পৰিষ্কাৰকৈ ৰাখিব। পিন্ধা কানি-কাপোৰ বিশেষকৈ আণ্ডাৰ গাৰমেণ্ট, গেঞ্জী, আণ্ডাৰপেণ্ট সদায় ধোৱা পিন্ধিব লাগে। তেনেকৈ বিচনা চাদৰ, লেপৰ ওৱাৰ, গাৰুৰ ওৱাৰ, আঠুৱাও সঘনে ধোৱা ব্যৱহাৰ কৰিব লাগে। খাদ্য খোৱাৰ আগতে হাত চাবোনেৰে ধুব লাগে। মুখো অখালিব লাগে। খাদ্য খোৱা বাচন-বৰ্তন, কাঁহী-বাটি-গিলাচ, খাদ্যবস্তু ৰন্ধা বাচন-বৰ্তনবোৰ সদায় ধুই চাফ-চিকুণকৈ ৰাখিব লাগে। সদায় নতুনকৈ বনোৱা খাদ্য খাব লাগে, বাহী খাদ্য নাখাব। হজম সহজে নহয়। খাদ্য খাব বা দিবৰ সময়ত মাখি খাদ্যত বা বাচন-বৰ্তনতো পৰিবলৈ দিব নালাগে। মাখিয়ে বিভিন্ন ঠাইত পৰি ভৰিৰে ৰোগৰ বীজাণু কঢ়িয়াই আনে। পায়খানা সদায় ছেনিটাৰী লেট্ৰিন ব্যৱহাৰ কৰিব লাগে। খালী ভৰিৰে লোকে শৌচ কৰা মুকলি ঠাইত খোজ কাঢ়ি ফুৰিব নালাগে। হাঁচি, কাহ মাৰিলে সকলোৱে মুখত কাপোৰ লোৱা অভ্যাস কৰিব লাগে।

খাদ্যৰ বিচাৰ

প্ৰতিদিনে ৮-১০ গিলাচ পানী খাব লাগে। ৰাতিপুৱা খালী পেটত কমেও ২ গিলাচ পানী খাব লাগে। আহাৰ খাওঁতে বেছি পানী খাব নালাগে। হজম হোৱাত বাধা হয়। আহাৰ খোৱাৰ ১ ঘণ্টাৰ পাছত পানী খাব লাগে। পেটৰ কোনো অসুখ থাকিলে অলপ গৰম পানী খাব। সদায় উতলাই বিশুদ্ব কৰা পানী খাব। পেট ভৰাই আহাৰ খাব নালাগে। পেটৰ আনুমানিক চাৰি ভাগৰ এভাগ সদায় খালী ৰাখি আহাৰ খাব লাগে। এইবোৰ কথা আমি আৱশ্যকীয় স্থলত উল্লেখ কৰি আহিছোঁ। বয়স বাঢ়ি আহিলে আহাৰৰ পৰিমাণো কমাই আনিব লাগে।

কিছুমান খাদ্যবস্তু কিছুমান দিনত (তিথিত) খোৱা স্বাস্থ্যৰ বাবে হানিকাৰক। যেনে মাছ, মাংস পূৰ্ণিমা আৰু অমাৱস্যা তিথিত খোৱা অনুচিত। এবাৰ কবিৰাজ অমৰকৃষ্ণ মজুমদাৰে এই কথা ডাক্তৰ এজনক কওঁতে তেওঁ হাঁহি উৰুৱাই দি কৈছিল যে এইবোৰ বাধা-নিষেধ কৰি থাকিলে শৰীৰৰ গঠন কেনেকৈ হ’ব ? পাছলৈ তেওঁ অণুবীক্ষণ যন্ত্ৰৰে পৰীক্ষা কৰি চাই দেখিলে যে অমাৱস্যাত মাছ-মাংসত অতি ক্ষুদ্ৰ অসংখ্য পোক জন্মে আৰু মৰে। ঠিক তেনেকৈ পূৰ্ণিমাতো ক্ষুদ্ৰাতিক্ষুদ্ৰ অসংখ্য পোক জন্মে আৰু মৰে। এইবোৰে মানুহৰ শৰীৰৰ ক্ষতিসাধন কৰে। ৰোগ হয়। হিন্দুশাস্ত্ৰত তিথ্যানুসাৰে খাদ্যৰ নিষেধবোৰ তলত দিয়া ধৰণে আছে।

তিথি

খাদ্যবস্তু

ৰোগ

প্ৰতিপদত

কোমোৰা

ব্ৰণ

দ্বিতীয়াত

বৃহতী বা সৰু সৰু গোল গোল বেঙেনা

অৰ্বুদ (ছালৰ ৰোগ)

তৃতীয়াত

পটল

বাতৰক্ত

চতুৰ্থীত

মূলা

আমবাত, বাতপিত্ত

পঞ্চমীত

বেল

পিত্তৰোগ

ষষ্ঠীত

নিম

গলগণ্ড বা ঘেগ্

সপ্তমীত

নাৰিকল

অজীৰ্ণ

অষ্টমীত

কল

শ্লেষ্মা

নৱমীত

লাউ

বাতশ্লেষ্মা

দশমীত

কলমৌ শাক

অম্লপিত্ত

একাদশীত

উৰহী

জ্বৰ

দ্বাদশীত

পূৰৈশাক

যক্ষ্মা

ত্ৰয়োদশীত

বেঙেনা

খজুৱতি

চতুৰ্দশীত

মাটিমাহ

উদৰাময়

অমাৱস্যা আৰু পূৰ্ণিমাত

মাছ, মাংস

ৰোগ হয়, মহাপাপ হয়।

এই ধৰণে নিষেধ কৰা তিথিত নিষিদ্ধ বস্তু খালে, শৰীৰৰ কম-বেছি পৰিমাণে দুৰ্বলতা অনুভৱ হয়।

হিতকৰ খাদ্য নিৰ্বাচন

(১) যি মাছৰ বাকলি নাই সেই মাছ ৰাতি নাখাব।

(২) ইলিচ মাছ একেৰাহে তিনিদিন নাখাব।

(৩) যাৰ প্ৰস্ৰাৱত দুৰ্গন্ধ ওলায়, যথেষ্ট পানী খাব বা পানীৰ লগত নেমুটেঙাৰ ৰস মিহলাই খাব।

(৪) পকা বেল গুটি সহিত খালে দেহৰ ক্ষয় পূৰণ হয়। যদি কেঁচা বেল মহিলাসকলে পুৰি খায়, বহু ৰোগৰ পৰা মুক্ত হ’ব পাৰে। বেল আঠাৰে খালে পুৰুষৰ সহবাসৰ অক্ষমতা দূৰ হয়।

(৫) উৰহী আৰু কণী পেটৰ অসুখ থকা লোকে নাখাব।

(৬) ৰাতিপুৱা চিৰা ভজাৰ সৈতে পানী খালে আৰু সূৰ্যোদয়ৰ আগতে গা ধুলে প্ৰস্ৰাৱৰ ৰোগ গুচে, মধুমেহ ৰোগো নিৰাময় হয়।

(৭) অলপ গৰম পানীত নেমুটেঙাৰ ৰস খালে উপকাৰ হয়।

(৮) ভাত খোৱাৰ পাছত যিয়ে পায়খানালৈ যায় বা শৌচৰ আৱেগ আহে তেওঁলোকে সদায় ৰাতিপুৱা পানী খাই উঠি শৌচ কৰিবলৈ গ’লে এই স্বভাৱ দূৰ হ’ব আৰু স্বাস্থ্যৰ বাবেও ভাল।

(৯) যাৰ টেঙা পানী আহে তেওঁলোকে কুঁহিয়াৰৰ গুৰ আৰু বিট লোণৰ চৰবত খাব।

(১০) গা ধোৱাৰ আগতে নাভিত তেল দিলে গা, ওঁঠ, গোৰোহা বা শৰীৰৰ কোনো ঠাইয়ে নাফাটে। ভৰিৰ আঙুলি, নখ, ভৰিৰ তলুৱাত তেল দিলে চকুৰ উপকাৰ হয়। নাক, কাণ গুহ্যদ্বাৰত তেল দিলে উপকাৰ হয়।

(১১) দিনত কোনেও শোৱা উচিত (সুস্থ মানুহে) নহয়। ৰাতি শোৱাৰ আগতে অলপ খোজ কাঢ়িলে ভাল। ৰাতি ১০ বজাৰ ভিতৰত শুব লাগে।

চল্লিশ বছৰৰ ওপৰৰ লোকৰ বাবে বিশেষ সতৰ্কতাঃ

(১) চল্লিশ বছৰ পাৰ হ’লে ইলিচ মাছ, নিচলা মাছ, বৰালী মাছ, কেঁচা নিমখ, দাইল বড়া, কণী আৰু নিমখীয়া পানীৰ (সাগৰীয় পানীৰ) মাছ নাখাব।

(২) কেৱল দাইল ৰান্ধি কেতিয়াও নাখাব। কেঁচা কল, অমিতা, পটল, জিকা, লাউ, মূলা, চজিনা যি পায় কিবা দাইলত দি ৰান্ধি খাব। যদি একো নাপায়, ১-২ কোঁহ নহৰু দিব বা এটা কেঁচা জলকীয়া দি হ’লেও ৰান্ধিব।

(৩) কেঁচা কল (পুৰাকল), ডিমৰু, চজিনা, কচুৰ ঠোৰ, কোমোৰা, পিঁয়াজ, টেঙা দৈ, মানকচু, ওল, আম, কল-পচলা, কলাফুল, পদুম ফুল, ভেঁটফুল আৰু গৰুৰ গাখীৰৰ ছানা খাব।

(৪) ৰাতি শোৱাৰ আগত ১ চামুচ মৌ খাব।

(৫) সামিষ আহাৰৰ ভিতৰত কেঁচা কণী, সৰু মাছ, কাৱৈ, শিঙি, মাগুৰ খাব। কলাৰ দাইল নাখাব বা কম খাব।

(৬) যাৰ ব্লাড ছুগাৰ আছে তেওঁলোকে ৰাতিপুৱাই খালী পেটত খোজকাঢ়ি ফুৰিব। ১০-১২ টা চাউল আৰু ১০-১২ টা তুলসীৰ পাত খোজ কাঢ়ি আহি খাব। ৰাতি বুট ভিজাই থোৱা পানীও খাব পাৰে। মিথি ভিজোৱা পানী উপকাৰী। চয়াবিন সিজোৱা পানী, চয়াবিন গাখীৰ খাব। অংকুৰিত চয়াবিন খাব।

(৭) চাকি আটাহে খাব, মিহি আটা নাখাব, সাতদিনৰ মূৰে মূৰে গাখীৰ আৰু আখৈ খাব। কুঁহিয়াৰৰ গুৰ উপকাৰী। ৰুটিৰ লগত গাখীৰ আৰু গুৰ খাব।

(৮) যিসকল ল’ৰালিকালৰ পৰাই ক্ষীণাই গৈ থাকে তেওঁলোকে এই বয়সত প্ৰতিদিনে বিলাহী, মূলা শাক, কেঁচাকল (পুৰাকল) টেঙা দৈ আদি খাব পাৰে। দেহৰ ক্ষয় ৰোধ হ’ব।

(৯) যাৰ অৰ্শ ৰোগ আছে টান ভাত নাখাব। পানী থকা ঢিলা ভাত খাব। মলদ্বাৰত এৰাৰ তেল বা নাৰিকলৰ তেল দিব।

(১০) ল’ প্ৰেছাৰ থকা লোকে বিশ্ৰাম ল’ব। কিন্তু দিনত নুশুব। আৰু ৰাতি খোৱাৰ পাছত আধা ঘণ্টা ঘূৰা ঘূৰি (ঘৰৰ ভিতৰতে) কৰিব। ভজা, শুকান বস্তু নাখাব।

(১১) হাইপ্ৰেছাৰ থাকিলে আবেলি খোজ কাঢ়িব আৰু পাৰিলে পানীত ডুব মাৰি গা ধুব।

(১২) বাত বেমাৰ থাকিলে কণী নাখাব। সদায় পুৱা, গধূলি ৪ কিল’মিটাৰমান খোজ কাঢ়িব। বিষ থকা ঠাইত তেল মাচিছ কৰিব।

(১৩) দিনত ভাত আৰু ৰুটি মিহলাই খাব। ৰাতি কেৱল ৰুটিয়ে খাব। ভাত-ৰুটি অলপ খাব। শাক-তৰকাৰী অনুপাত মতে অলপ বেছি খাব।

সকলোৰে বাবে উপদেশ

এযোৰ কাপোৰ, ছাৰ্ট-পেণ্ট ২-৩ দিনৰ বেছি নিপিন্ধিব। ধুই, ইষ্ট্ৰি কৰি আকৌ পিন্ধিব। অতিপাত গৰমৰ দিনত আৰু ৰাতি (গাত লাগি থকা কাপোৰ) সদায় সূতাৰহে পিন্ধিব।

দিনত বিশ্ৰাম ল’লে (বাগৰ দিলে) বাঁও নাকেৰে উশাহ-নিশাহ ল’ব। ৰাতি শোওঁতে সোঁ নাকেৰে উশাহ-নিশাহ ল’ব। সোঁ ফালে তল কৰি শুলে বাঁও নাকেৰে উশাহ-নিশাহ চলে আৰু বাঁও ফাল তল কৰি শুলে সোঁ নাকেৰে উশাহ-নিশাহৰ গতি প্ৰবাহিত হয়। সোঁ নাকেৰে উশাহ ল’লে শৰীৰৰ উষ্ণতা বাঢ়ে। বাঁও নাকেৰে উশাহ ল’লে শৰীৰ শীতল হয়। এই অভ্যাস কৰিলে দীৰ্ঘায়ু লাভ হয়।

শুবলৈ গ’লে (বাগৰ দিলেও) চিত হৈ শুই (প্ৰথমতে) ৮ বাৰ উশাহ-নিশাহ ল’ব। তাৰ পাছত সোঁ ফাল তল কৰি ১৬ বাৰ উশাহ-নিশাহ ল’ব। তাৰ পাছত বাঁও ফাল তল কৰি ৩২ বাৰ উশাহ-নিশাহ ল’ব। তাকে কৰিলে খাদ্যৰ লগত বায়ু পেটত সোমালে মুখেৰে বা মলদ্বাৰেৰে ওলাই যাব। খোৱাবস্তু ভালকৈ হজম হ’ব। তাৰ পাছত নিয়মমতে শুব।

তথ্য সংগ্ৰহ: ব্ৰজনাথ শৰ্মা

 

শেহতীয়া উন্নীতকৰণ: : 3/8/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate