অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

খাদ্য, এক নিৰ্দিষ্ট সময়ত খোৱাৰ অভ্যাস কৰক

খাদ্য, এক নিৰ্দিষ্ট সময়ত খোৱাৰ অভ্যাস কৰক

আমি শৰীৰটো চলাই থাকিবলৈ আৰু ইয়াৰ শ্ৰীবৃদ্ধিৰ বাবে প্ৰতিদিনে কিমান খাদ্য খাব লাগে সেই বিষয়ে সুষম আহাৰৰ বিষয়ে আলোচনা কৰোঁতে উল্লেখ কৰা হৈছে। সাধাৰণতে সময়মতে নিৰ্ধাৰিত পৰিমাণত খাদ্য খাই থাকিলে অসুখ হ’ব নালাগে। কিন্তু খোৱা-লোৱাৰ সময়ৰ যদি কোনো বিচাৰ নাথাকে, যেতিয়াই তেতিয়াই খাবলৈ লয়, তেতিয়াও কোনেও সুস্বাস্থ্যৰ অধিকাৰী হ’ব নোৱাৰে। পেটটো এটা ‘ওৱেষ্ট পেপাৰ বক্স’ৰ দৰে এটা বস্তু নহয় যে, যেতিয়াই তেতিয়াই যি ইচ্ছা কৰে তাকেই, যিমান মন যায় তাকেই ভৰাই দিব পাৰি। মানুহৰ শৰীৰটোৱে ২৪ ঘণ্টাৰ ভিতৰত মাত্ৰ দুসাজহে খাই হজম কৰিব পাৰে। তেনে অভিপ্ৰায়ৰেহে সৃষ্ট মানৱ শৰীৰ। তাকো প্ৰাকৃতিক নিয়ম মতে এক নিৰ্দিষ্ট সময়ত খাব লাগে। সৌৰশক্তিৰ প্ৰভাৱতে মানুহৰ জন্ম আৰু শৰীৰৰ হজম কৰা প্ৰক্ৰিয়াৰ সৈতে সৌৰশক্তিৰ সম্বন্ধও আছে।

আহাৰ খোৱাৰ সময়

খাদ্য খোৱাৰ সময়টো বৰ চিন্তনীয় বিষয়। সূৰ্য উদয়ৰ প্ৰথম তিনি ঘণ্টাৰ ভিতৰত পেটলৈ কোনো গোটা আহাৰ যাব নালাগে। ৰাতিপুৱা ৯ বজাৰ পৰা ১২ বজালৈ এইখিনি গোটা আহাৰ খোৱাৰ বাবে উপযুক্ত সময়, সেই খাদ্য সম্পূৰ্ণৰূপে হজম হ’ব আৰু বস্তুবোৰ দৈহিক উপাদানৰ সৈতে মিলি যাব। দুপৰীয়া ১২ বজাৰ পাছত আহাৰ হিচাপে খোৱা খাদ্যই বায়ু উত্পন্ন কৰে আৰু হজম হোৱাত বাধা হয়। যদি ১২ বজাৰ পাছত আহাৰ খোৱাৰ নিয়ম কাৰোবাৰ থাকে ই আত্মঘাতী হোৱাৰহে নিয়ম। এই অভ্যাসৰ ফলত উচ্চ ৰক্তচাপ ৰোগ হয় আৰু থ্ৰম্ব’ছিছৰ দৰে ৰোগত মৃত্যু হ’ব পাৰে। দীৰ্ঘায়ু কোনেও আশা কৰিব নোৱাৰে। ৰাতিৰ সাঁজ আহাৰ সোনকালে খাব লাগে আৰু ৰাতি ১০ বজাৰ পাছত খাব নালাগে। এই দুসাঁজ আহাৰৰ মাজত আৰু কোনো গোটা খাদ্য খাব নালাগে। যদি কোনোবাই ভোক লগা যেন পায় তথাপি খাব নালাগে। কোনো গোটা আহাৰ(ভাত, ৰুটি) খোৱাতকৈ ফল খাব পাৰে। সাধাৰণতে এই দুই সাঁজৰ মাজত, কাৰো ভোক নালাগে, যদি দুসাঁজ খোৱাৰ অভ্যাস কৰে। কিন্তু ইংৰাজীত এষাৰ কথা আছে ‘হ্যাবিট ইজ্ দ্যা ছেকেণ্ড নেচাৰ’ অৰ্থাত্ অভ্যাস কৰিলে স্বভাৱত পৰিণত হয়। সেয়েহে যদি কোনোবাই অমিতাচাৰ অভ্যাস কৰে ভোক লগা যেন লাগিবও পাৰে। কিন্তু সেয়া আচল ভোক নহয়। পানী খালেই সেই ভোক নোহোৱা হ’ব আৰু এই অসময়ৰ ভোকে শৰীৰৰ কোনো উপকাৰো নকৰে।

আয়ুৰ্বেদশাস্ত্ৰই ত্ৰিদোষ সময়ৰ কথা কৈছে। এই বিধিমতে ৰাতিপুৱা ৬ বজালৈ ‘কফ’ সময়। এই সময়ছোৱাত শৰীৰৰ নলীবোৰৰ শ্লেষ্মাবোৰ কাজুৱা হৈ উঠে। এই বিজলুৱা বস্তবোৰ শৰীৰৰ অপৱিত্ৰ আৰু অদৰকাৰী বস্তুবোৰ শৰীৰৰ পৰা বাহিৰ কৰি দিয়া কামত লাগে। এই ‘কফ’ সময় ৰাতিপুৱা ৬ বজাত আৰম্ভ হয় আৰু ৰাতিপুৱা ৮ বজাত শীৰ্ষ পৰ্যায়লৈ উঠে আৰু ৰাতিপুৱা ১০ বজাত ‘কফ’ সময় শেষ হয়। ৰাতিপুৱা ১০ বজাৰ পৰা আবেলি ২ বজালৈ পিত্ত সময় অৰ্থাত্ হজম কৰাৰ সময়। এই সময়ত আগ্নেয়শক্তি কাজুৱা হৈ উঠে। এই সময় ৰাতিপুৱা ১০ বজাত আৰম্ভ হয় আৰু দুপৰীয়া ১২ বজাত উচ্চ শিখৰত উঠে আৰু আবেলি ২ বজাৰ পাছত নোহোৱা হয়। আহাৰ সেইবাবে ৰাতিপুৱা ১০ বজাৰ পৰা দুপৰীয়া বাৰ বজাৰ ভিতৰত খাব লাগে। আবেলি ২ বজাৰ পৰা সন্ধ্যা ৬ বজালৈ ‘বায়ু’ সময়। ই আবেলি ২ বজাত আৰম্ভ হয়, আবেলি ৪ বজাত ‘পিকটাইম’ আৰু সন্ধ্যা ৬ বজাত শেষ হয়। ‘বায়ু’ সময়ত শৰীৰৰ ভিতৰৰ খালি ঠাইবোৰ আৰু নলীবোৰৰ ভিতৰত বায়ুৱে চাফাই কাম কৰে। তাত থকা যিকোনো প্ৰতিবন্ধক আঁতৰ কৰি দিয়ে। পাকস্থলীক খালি কৰি লোৱাৰ কাম কৰে। এই সময়তে যদি আকৌ খাদ্য খোৱা হয় তেনেহ’লে শৰীৰৰ কৰ্ম সম্পাদনত খেলিমেলি লগাই দিয়া হয়। এইবোৰ হৈছে প্ৰকৃতিৰ নিয়ম আৰু এইবোৰ মহাশক্তিমান সূৰ্য্যই পৰিচালনা কৰে। সূৰ্য্যই হৈছে পৃথিৱীৰ সকলো শক্তিৰে উত্স। প্ৰকৃতিৰ এই নিয়মবোৰ উলংঘা কৰিলে আমি কষ্ট ভোগ কৰিব লাগিব। হজমশক্তি জাগ্ৰত সময়ৰ (পিত্ত সময়) আগতে বা পাছত খাদ্য খালে (প্ৰধান আহাৰ খালে) পাকস্থলীৰ ঘা, ডুঅ’ডেনামৰ ঘা, হাঁপানি, থ্ৰম্ব’ছিছ আৰু বহুমূত্ৰ আদি ৰোগ হোৱাৰ আশংকা উপজে। তেনেকৈ বায়ুৰ সময়ত খোৱা খাদ্যৰ ফলত অনিষ্টকৰ ফোঁহা বা টিউমাৰ আৰু অদৰকাৰী কোষ বৃদ্ধি আদি ৰোগ হয়। প্ৰকৃতিৰ নিয়ম অমান্য কৰি মানুহে অতীততো কষ্ট পাইছিল আৰু এতিয়াও কষ্ট পাই আছে। সেই কাৰণে উচিত সময়ত আৰু সদায় একে সময়তে খাদ্য খোৱাটো অতি আৱশ্যকীয় কথা আৰু প্ৰত্যেকজন লোকেই এই বিষয়ে সতৰ্ক হোৱা উচিত।

দুই মুখ্য আহাৰ খোৱাৰ মাজত আধা জুলীয়া, পাতল, সহজে হজম হোৱা খাদ্য, জলপান হিচাপে খাব পাৰি। আমি ভাৰতীয়সকলে চাহ, মনটো ভাল লগাবলৈ পানীয় বস্তু হিচাপে খাওঁ। কিন্তু চাহ আমি যেতিয়াই তেতিয়াই খাওঁ আৰু কিছুমানে দিনটোত কিমান কাপ চাহ খায় তাৰ হিচাপেই নাই। এইটো বৰ ক্ষতিকাৰক অভ্যাস। আহাৰ খাবৰ সময়ত কোনেও চাহ খাব নালাগে। ভোকত চাহ খাই দিলে ডিছপেপছিয়া নামৰ অসুখ হয়। ভোক নলগা হয়, হজম শক্তি কমি যায়। দিনটোত ২-৩ কাপ চাহ খাব পাৰি আৰু কোনো গুৰু আহাৰ খোৱাৰ পাছত খালে ই বিশেষ ক্ষতি নকৰে। ফলবোৰো সুখাদ্য। ইয়াত কাৰ্বহাইড্ৰেট, ভিটামিন আৰু খনিজ লোণ থাকে। খোৱাৰ পাছত দৈ খোৱাটো ভাল অভ্যাস। ই খাদ্য হজম কৰায়। স্বাস্থ্য ৰক্ষাত সহায় কৰে।

পৰস্পৰ বিৰুদ্ধ খাদ্য নাখাব

(১)দৈ আৰু গৰম খাদ্য।

(২)খিচিৰি আৰু মৌ।

(৩)তৰমুজ আৰু গাখীৰ।

(৪)পানী আৰু তেল বা ঘিউ।

(৫)ঘিউ আৰু তেল।

(৬)মৌ আৰু ঘোল।

(৭)মৌ আৰু ঘিউ সমান পৰিমাণত।

(৮)মৌ আৰু গৰম খাদ্য।

(৯)মৌ আৰু মূলা।

(১০)আম, আচাৰ আৰু দৈ।

(১১)টেঙা, তিতা, খাৰ একেলগে নাখাব।

শৌচৰ গতি ৰোধ নকৰিব

আমাৰ মাজত কথিত কথা এফাকি আছিল- ‘হাগি খায়, খাই হাগে, তাক আৰু বৈদ্য নালাগে।’ অৰ্থাত্ ৰাতিপুৱা পায়খানা নোহোৱালৈ গোটা বস্তু একো খাব নালাগে। হাগি উঠিহে খাব লাগে। আকৌ দুপৰীয়া খোৱাৰ পাছত আবেলি/গধুলি পায়খানা হ’ব লাগে। তেতিয়া সেই ব্যক্তিক আৰু ৰোগে ধৰিব নোৱাৰে, তেওঁৰ কাৰণে চিকিত্সকৰ আৱশ্যক নাই। অৰ্থাত্ পেট খোলোচা হৈ থাকিলে মানুহ সুস্থ হৈয়ে থাকে।

গতিকে শৌচ ৰাতিপুৱা ৮ বজাৰ ভিতৰত হ’লে শৰীৰ ভালে থাকে। প্ৰাতঃৰাশ আদি খোৱা-লোৱাতো কোনো বাধা নহয়। কিন্তু বহু লোকৰ ক্ষেত্ৰত দেখা যায় খোৱাতো আগ শৌচ পিছতো হ’ব- এয়াই মনৰ ভাৱ। ই নীতি বিৰুদ্ধ কথা।

আকৌ কোনো কোনো সময়ত শৌচ কৰাৰ ভাব আহিলেও অসুবিধাত পৰি মানুহে শৌচ বন্ধ কৰি ৰাখিবলগা হয়। কিন্তু ই অভ্যাসত পৰিণত হ’ব নালাগে। যিকোনো সৰু-সুৰা কাৰণতে হেলা কৰি শৌচ বন্ধ কৰি ৰাখিবলৈ ধৰিলে শৌচ কচা হয়। বহ সময়ত সৰু ল’ৰা-ছোৱালীয়ে তেনেকৈ শৌচ বন্ধ কৰি ৰাখোঁতে ৰাখোঁতে পাছলৈ শৌচ কচা অসুখত ভোগে। সেইবাবে অলপতে উল্লেখ কৰা আলোচনা অনুযায়ী ৰাতিপুৱা কফ সময়ৰ ৬ বজাৰ পৰা ৮ বজাৰ ভিতৰত শৌচ কৰিবলৈ যোৱাৰ নিৰ্ধাৰিত সময় কৰি ল’ব লাগে। ল’ৰা-ছোৱালীয়ে এই সময়ৰ ভিতৰত যাতে পায়খানালৈ যায় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে। কাৰণ আমি আগতে কৈয়ে আহিছোঁ যে ‘হ্যাবিট ইজ্ দ্যা ছেকেণ্ড নেচাৰ’ অৰ্থাত্ অভ্যাস কৰিলে স্বভাৱত পৰিণত হয়। শৌচ কৰিবলৈ হেলা কৰিলে, কেতিয়া শৌচৰ বেগ আহে একো ঠিকেই নোহোৱা হ’ব, শৌচ কচা হ’ব। নিয়মিতভাৱে এটা সময়ত শৌচ কৰিবলৈ ল’লে প্ৰায় সেই সময়তেই সদায় শৌচৰ বেগ আহিব। শৌচ নহ’লে বল দি নাথাকিব বা বল দি শৌচ কৰা অভ্যাস নকৰিব।

কেইটিমান যোগাসনৰ অভ্যাস কৰক

যোগাসনৰ নিয়লিক্ৰিয়া শৌচ কচা নিবাৰণৰ এক ফলপ্ৰদ উপায়। নিয়লিৰ বাহিৰে অন্যান্য শৌচ কচা নিবাৰক ভুজংগাসন, শলভাসন, পশ্চিমোক্তাসন, সৰ্বাঙ্গাসন আৰু শৱাসন। দিনত দুবাৰ কতি (গুহ্যদ্বাৰ সহিত কঁকালৰ অংশ) স্নান কৰালে উপকাৰ হয়।

পেট জ্বলা বা বুকু জ্বলা

বুকু জ্বলা বা হাৰ্টবাৰ্ন বুলিয়ে বিশেষভাৱে জনা যায়। বাওঁফালৰ বুকুৰ হাড়ৰ তলত পোৰণিৰ অনুভৱ। কেতিয়াবা তলপেটৰ মাজভাগৰ পৰা উঠি অহা যেন লাগে আৰু গলত জ্বলন হয় বা পোৰণি উঠে, মুখত টেঙা বা তিতা ৰসৰ স্বাদ অনুভৱ হ’ব পাৰে। আচলতে খাদ্যবস্তু ভালকৈ হজম নোহোৱাৰ বাবেই এই জ্বলন অনুভৱ হয়। সেইবোৰ এচিড। পানী খাই দিলে কমি যায়।

চিকিত্সা

যনী আৰু লোণ গুড়ি কৰি লৈ শুকানে শুকানে মুখত লৈ খালে জ্বলন বন্ধ হ’ব।

ধনিয়া ১০ গ্ৰাম, জিৰা ১০ গ্ৰাম আধাআধি গুড়ি কৰি ২৫০ মিলিলিটাৰ পানীত ৰাতি ভিজাই ৰাখি, ৰাতিপুৱা ভালকৈ গুলি, চেকি লৈ, অলপ চেনি দি ৪-৭ দিন খালে বুকু জ্বলন বন্ধ হ’ব।

ধনিয়া আৰু চেনিৰ চৰবত খালেও বুকু জ্বলা বন্ধ হয়। যনী এচামুচ ভাজি গুড়ি কৰি ১ চামুচ সৈন্ধব লোণৰ লগত, অলপ গৰম পানীত যনি লোণ চূৰ্ণ ৩ গ্ৰাম (আধা চামুচ) মিহলাই খালেও বুকু জ্বলা বন্ধ হয়।

কাষলতিৰ বিষ-বেদনা

এই বেদনা সাধাৰণতে কোনো বস্তু অধিককৈ খোৱাৰ ফলত হয়। যেতিয়ালৈ হজম নহয় ৰোগীক ভাত-ৰুটি খাব দিব নালাগে।

চিকিত্সা

খাটি হিং ২ গ্ৰেন গুটি গুচোৱা মনাক্কাৰ (আঙুৰ/কিচমিচ) ভিতৰত লৈ এক ঢোক পানীৰ সৈতে খালে লগে লগে বিষ কমিব। যদি অলপ বিষ থাকে ১ ঘণ্টা পাছত আৰু এক ড’জ খালে ব্যথা দূৰ হ’ব। এই বনৌষধি খালে পেটৰ সকলো বিষ-বেদনা, হিকটি আদি অসুখ, পেটৰ গেছৰ বাবে বুকুত চাপৰ সৃষ্টি কৰিলে আৰোগ্য লাভ হয়।

গুৱা-মৰি ৬ গ্ৰাম (মিহি গুড়ি, ডেৰ চামুচ) ৰাতিপুৱা ঠাণ্ডা পানীৰ সৈতে এবাৰ খালেই কাষলতিৰ বিষ নোহোৱা হ’ব।

কৃমিৰ ৰোগ

কৃমি কেইবাবিধো আছে। ঘূৰণীয়া বা কেঁচুপেলু, সূতাপেলু, ফিতাপেলু, হাকোটা পেলু আৰু গিনি ওৱাৰ্ম। সাধাৰণতে বেছিকৈ দেখা পেলুৰ অসুখবোৰ হৈছে (আমাৰ অসমত) মাটিত থকা কেঁচুৰ আকাৰৰ দীঘল কেঁচুপেলু, সূতাপেলু আৰু হাকোটা পেলুৰ অসুখ। পেলুৰ দ্বাৰা সাধাৰণতে ল’ৰা-ছোৱালী বেছিকৈ আক্ৰান্ত হয় যদিও ডাঙৰ মানুহৰো হ’ব পাৰে। কেঁচুপেলুৰ ৰং বগা, বেছি হ’লে কেতিয়াবা শৌচৰ লগত ওলাই আহে।

ৰোগৰ লক্ষণ

কেঁচুপেলু হ’লে ল’ৰা-ছোৱালীৰ পেট ওলায়। হাত-ভৰি ক্ষীণ হয় আৰু শৰীৰত তেজ নোহোৱা হয়। টোপনিত দাঁত কামোৰে, কথা বকে, শৌচ পনীয়া হৈ থাকে বা পেটচলা ৰোগ হয়। সকলো কৃমিৰ অসুখতে শৰীৰৰ তেজ নোহোৱা হয়। হাত-ভৰি ক্ষীণাই যায়। হাকোটা পেলুই ৰোগীৰ তেজ বৰকৈ খায়। ৰোগী ৰক্তহীনতা ৰোগত ভোগে।

পেলু অন্ত্ৰত থাকে। মাইকী পেলুৱে তাত কণী পাৰে। তেজৰ লগত কণীবোৰ শৰীৰৰ নানা অংগ-প্ৰত্যংগলৈ যায় আৰু পেলু হৈ অন্ত্ৰলৈ আহে। কণী পাৰে। সূতা পেলু ৰাতি গুহ্যদ্বাৰলৈ আহে আৰু তাতো কণী পাৰে। গতিকে ল’ৰা-ছোৱালীৰ গুহ্যদ্বাৰ খজুৱায়, নাক খজুৱায় (ডাঙৰৰো)। হাকোটা পেলুৰ কণী মানুহৰ শৌচৰ লগত বাহিৰ ওলাই আহে। মাটিৰ সংস্পৰ্শত ফাটি লাৰ্ভা (পেলুৰ পোৱালি) ৰূপ লয় আৰু মানুহে পুনৰ সেই ঠাই গছকিলে, ভৰিত লাগি ধৰে আৰু ছালৰ ফুটাৰে শৰীৰৰ ভিতৰলৈ গৈ, ডাঙৰ হৈ অন্ত্ৰত কণী পাৰেগৈ। কৃমিৰ ৰোগ এবিধ সংক্ৰামক ৰোগ আৰু জীৱন ধাৰণৰ মানদণ্ডৰ সৈতে সম্পৰ্কিত ৰোগ। ‘ষ্টেণ্ডাৰ্ড অব লিভিং’ উন্নত হ’লে এই ৰোগৰ পৰা হাত সাৰিব পাৰি।

কাৰণ

ই বীজাণুৰ দ্বাৰা হোৱা ৰোগ। খোৱা খাদ্য, পানী, গাখীৰ আদি ইয়াৰ দ্বাৰা দূষিত হ’লে এই ৰোগ হয়।

চিকিত্সা

৮-১০টা অমিতাৰ গুটি (পূৰঠ) খুন্দি অলপ পানীত মিহলাই একেৰাহে ১৫ দিন খালে সকলো কৃমি নাশ হ’ব।

দিনে ৪ চামুচকৈ আমলখিৰ ৰস ৪-৫ দিন খালে সকলো কৃমি মৰে।

নেমুটেঙাৰ গুটি ৫ টা খুন্দি পানীৰ সৈতে খালী পেটত খালে কৃমি মৰে।

আমৰ গুটিৰ গুড়ি ২ চামুচ, গৰম পানী আৰু দৈ (অলপ, অলপ) মিহলি কৰি ৰাতিপুৱা আৰু ৰাতি শোৱাৰ আগত খালে কৃমি নাশ হয়।

আনাৰসৰ কুঁহি ঠোৰ পিহি তাৰ ৰস ১২ মিলিলিটাৰ (৩ চামুচ) ৰাতিপুৱা খালী পেটত ৩ দিন খালে কৃমি নাশ হয়।

তিনি-পাঁচবছৰীয়া ল’ৰা-ছোৱালীক আধা গ্ৰাম যনী চূৰ্ণ সমপৰিমাণৰ গুড়ৰ লগত দিনে ৩ বাৰকৈ খুৱালে সকলো ধৰণৰ কৃমি নাশ হয়।

ৰাতিপুৱা উঠি ল’ৰা-ছোৱালীক ১০ গ্ৰাম আৰু বয়সস্থ লোকক (নাৰী-পুৰুষ উভয়কে) ২০ গ্ৰাম গুৰ খাবলৈ দিয়ক। ১০-১৫ মিনিট অপেক্ষা কৰক। সকলো কৃমি অন্ত্ৰলৈ আহি এঠাইত গোট খাব। তেতিয়া ল’ৰা-ছোৱালীক আধা গ্ৰাম আৰু ডাঙৰক ১-২ গ্ৰাম যনী চূৰ্ণ পানীৰ লগত একেবাৰতে খাবলৈ দিয়ক। কৃমিবোৰ মৰি শৌচৰ লগত ওলাই আহিব।

ল’ৰা-ছোৱালীক আধা গ্ৰাম যনী চূৰ্ণ, ৬০ মিলিলিটাৰ ঘোলৰ সৈতে আৰু ডাঙৰক ২ গ্ৰাম যনী চূৰ্ণ ১২৫ মিলিলিটাৰ ঘোলৰ (দৈৰ) সৈতে খুৱালে পেটৰ কৃমি নষ্ট হয় আৰু শৌচৰ সৈতে বাহিৰ হৈ যায়। ৩-৭ দিন খালে কৃমি নিঃশেষ হৈ যাব। ই এটি উত্তম কৃমি নাশক সৰল চিকিত্সা।

সাৱধানতা

য’ৰে তৰে বস্তু পোনে পোনে মুখলৈ সোমাই নিদিব। লেতেৰা মানুহে হাতেৰে চুই-মেলি থকা খাদ্য নাখাব। মাটিত পৰা বস্তু নোধোৱাকৈ নাখাব। মিঠা বস্তু বেছিকৈ নাখাব যিটো দাঁতৰ বাবেও ক্ষতিকৰ।

জলোদৰ বা পেটৰ শোথ ৰোগ

পেটত অধিক পানী জমা হ’লে এই ৰোগ হয়। যকৃতৰ বিকাৰ, প্লীহাবৃদ্ধি, হৃত্পিণ্ড, যক্ষ্মা আদি ৰোগৰ বাবে এই ৰোগ হ’ব পাৰে।

ৰোগৰ লক্ষণ

পেট ডাঙৰ হয়, হাত-ভৰি ফুলে, প্ৰস্ৰাৱ কম হয়, শৌচ কঠিন হ’ব পাৰে, পেট বিষায় আৰু উশাহ লওঁতে কষ্ট পোৱা হয়।

চিকিত্সা

বেলৰ পাতৰ ৰস ২৫ মিলিলিটাৰত ৮ গ্ৰাম জালুক আৰু ৮ গ্ৰাম মৌ মিহলি কৰি কেইদিনমান খালে সকলো ধৰণৰ শোথ ৰোগ ভাল হয়।

মহিলাৰ প্ৰসৱৰ সময়ত জৰায়ুত পানী জমা হ’লে দিনে ৩-৪ টা নাচপতি খালে ভাল হয়।

আমলখি, পিপলিৰ চূৰ্ণ আৰু পুৰণি গুৰ সকলোৰে ৫ গ্ৰামকৈ লৈ দিনত এবাৰ কেইদিনমানকৈ খালে শোথ ৰোগ ভাল হয়।

৩ চামুচ বেলৰ পাতৰ ৰস, এচামুচ মৌ আৰু অলপ জালুকৰ গুড়ি মিহলি কৰি দিনত দুবাৰকৈ কেইদিনমান খালে জলোদৰ ৰোগ আৰোগ্য হয়।

২৫ মিলিলিটাৰ কেৰালাৰ (তিতাকেৰেলাৰ) ৰসত (পাঁচ চামুচ) অলপ পানী মিহলি কৰি দিনে তিনিবাৰকৈ খালে ৰোগ আৰোগ্য হয়।

কেঁচা পিঁয়াজ দিনত দুটাকৈ খালে প্ৰস্ৰাৱ বাঢ়ে আৰু পেটত জমা হোৱা পানী ওলাই যায়। এচামুচকৈ নহৰুৰ ৰস এগিলাচ পানী মিহলাই দিনত এবাৰকৈ কেইদিনমান খালেও উপকাৰ হয়।

পথ্য-অপথ্য

ভেদাইলতা, কালজিৰা, মৌ, চজিনা, ভীমকল, মহানিমৰ পাত, মূলা, পালেং শাক খাব। দৈ, খিচিৰি, নিমখ, পিঠা, ভোল, মাহ, আচাৰ, তেঁতেলি, নতুন চাউলৰ ভাত, চজিনাৰ ফুল, মছলা দিয়া খাদ্য নাখাব।

পেটৰ যিকোনো অসুখত পথ্যাপথ্য

পেটৰ অসুখৰ সময়ত কেৱল সহজতে হজম কৰিব পৰা খাদ্য খাব। অধিক প্ৰোটিনযুক্ত খাদ্য, কঠিন, শুকান খাদ্য নাখাব। তেল-ঘিউত ভজা, জলা, মছলা দিয়া খাদ্য নাখাব। ভোক নালাগিলে একো নাখাব। লঘোন দিব। লঘোনে থাকিলে কেৱল পানী খাব। এসাঁজ, দুসাঁজ, তিনিসাঁজ লঘোন দিব- দেখিব ভোক লগা হৈছে, কষ্ট দূৰ হ’ব।

গুহ্যদ্বাৰৰ (পায়ু) ৰোগ

গুহ্য বা মলদ্বাৰৰ অসুখবোৰ কোষ্ঠকাঠিন্য ৰোগৰ সৈতে সম্পৰ্কিত অসুখ। শৌচ কচা হ’লে ইচ্ছা কৰিয়েই হওক বা অনিচ্ছাকৃতভাৱেই হওক, পায়খানালৈ গলে গুহ্যদ্বাৰৰ মাংসপেশীবোৰৰ ওপৰত বাহিৰলৈ ঠেলি হেঁচা দি থকা হয় বা হেঁচা দি থকা অভ্যাসত পৰিণত হয়। শৌচ কচা ৰোগ স্থায়ী হ’লে বা বেছিদিন চলি থাকিলে গুহ্যদ্বাৰৰ ওপৰত জোৰ পৰে। এনেয়ে মানুহৰ গুহ্যদ্বাৰ তলমুৱা আৰু মাধ্যাকৰ্ষণ শক্তিৰ প্ৰভাৱত তলতৈ হেঁচা খাই থাকে। গতিকে মানুহৰ গুহ্যদ্বাৰত অৰ্শ, ভগন্দৰ, আৰু ফাট ৰোগ হয়। অতি বেছি হ’লে গুহ্যদ্বাৰৰ অন্তৰ্ভাগ বাহিৰ ওলাই আহিব খোজা হয়। ই অতি অসহনীয় কষ্টদায়ক বেমাৰ। কিন্তু চাৰিঠেঙীয়া জন্তুবোৰৰ মলদ্বাৰ তলমুৱা নহয় বাবে সিবোৰৰ অৰ্শ, ভগন্দৰ (ঘা) আদি ৰোগ নহয়।

অৰ্শ

গুহ্যদ্বাৰ দুভাগত বিভক্ত। বৰ্হিভাগক এনাছ আৰু ভিতৰৰ ভাগক (বৃহত্ অন্ত্ৰৰ মূৰটোক) ৰেক্টাম বোলে। শৰীৰৰ ওপৰফালৰ পৰা অহা ৰক্তবাহিকা সিৰা-উপসিৰাবোৰ এই ৰেক্টাম আৰু এনাছৰ মাংসপেশীবোৰত শেষ হৈছে। ৰক্তসঞ্চালন প্ৰক্ৰিয়াৰ বাবে এইবোৰলৈ তেজ আহে আৰু গুচি যায়। কিন্তু অস্বাভাৱিক পৰিবেশৰ সৃষ্টি হ’লে তেজ এই ৰক্তবাহিকা ধমনী আৰু উপসিৰৰ মূৰত ৰৈ যাব খোজে। ৰৈ গ’লে সেই উপসিৰৰ মূৰ থোপা বান্ধিব ধৰে আৰু এইটোৱে অৰ্শ ৰোগ। ফলস্বৰূপে অৰ্শ এনাছ আৰু ৰেক্টাম দুয়ো ঠাইতে হ’ব পাৰে। আকৌ অৰ্শৰ বলি (মূৰ) এটা বা বহুতো হ’ব পাৰে।

শৌচ কচা অসুখ থকাৰ বাবেই প্ৰধানকৈ অৰ্শ ৰোগ হয় যদিও অন্যান্য কাৰণতো অৰ্শ ৰোগ হ’ব পাৰে। আমাৰ খাদ্যবস্তুৰ পৰা পোৱা প্ৰয়োজনীয় পুষ্টিৰ অভাৱ হ’লে ৰেক্টাম, এনাছ আদিৰ মাংসপেশীৰও পুষ্টিৰ অভাৱত দুৰ্বল হয়। মলৰ স্থলীত জমা হোৱা বিষ্ঠা ঠেলি বাহিৰ কৰিব নোৱাৰে। গতিকে মলদ্বাৰৰ ধমনীত হেঁচা পৰে। ফলত অৰ্শৰোগ হয়। গৰ্ভৱতীয়ে সন্তান প্ৰসৱৰ বাবে  কৰা হেঁচা প্ৰয়োগৰ ফলতো কেতিয়াবা অৰ্শ ৰোগ হয়। বৰ শকত মানুহৰো কেতিয়াবা অৰ্শ ৰোগ হোৱা দেখা যায়।

এনাছৰ অৰ্শ বাহিৰৰ পৰা চালে দেখা যাব পাৰে। লাৰি চালে অনুভৱ হয়েই। ই আকাৰত বিভন্ন ধৰণৰ হ’ব পাৰে। এটা বা দুটা পাইল্ছ থাকিব পাৰে বা বহুকেইটা একেলগে থোপা বন্ধা হ’ব পাৰে। যেতিয়া কোনো সিৰ বা উপসিৰে হেঁচা পায়, ই বহল হৈ যায়, আৰু ধমনীৰ তেজ তাত জমা হৈ যায়। সেই উপসিৰৰ মূৰ ডাঙৰ হয়, টান হয়। শৌচদ্বাৰৰ বাহিৰফালে ফুলা ফুলা যেন লাগে। শৌচ কৰাৰ সময়ত বিষায়। এই অৰ্শৰ পৰা তেজ নপৰিবও পাৰে। ইয়াক ব্লাইণ্ড পাইল্ছ বোলে। কিন্তু বিষ-বেদনা থাকে। বেছি সময় থিয় হৈ থকা কষ্টকৰ হয়।

সেই একে ধৰণে অৰ্শ গুহ্যদ্বাৰৰ ভিতৰ ভাগত ৰেক্টামতো হ’ব পাৰে। তাত গৰম অনুভৱ হয়। শৌচ কৰাৰ সময়ত বিষায় আৰু তেজ পৰে। শৌচ কৰাৰ সময়ত (শৌচ কচাৰ বাবে) বল দিয়াৰ অভ্যাসৰ ফলত ৰেক্টামৰ মাংসপিণ্ড বাহিৰলৈ নামি অহাৰ দৰেও হয়। কঁকাল সহিতে বিষ-বেদনা হ’ব পাৰে।

চিকিত্সা

এটা শুকান ডিমৰু আগদিনা আবেলি সৰু গিলাচ বা কাপত, পানীত তিয়াই থওক আৰু ৰাতিপুৱা খালী পেটত খাবলৈ দিয়ক। তেনেকৈ ৰাতিপুৱা এটা ডিমৰু পানীত ভিজাই থৈ আবেলি ৪-৫ মান বজাত খাবলৈ দিয়ক। ডিমৰু খোৱাৰ ১ ঘণ্টা আগৰ পৰা ৩ ঘণ্টা পাছলৈ যিকোনো বস্তু খোৱা নিষেধ। তেনেকৈ দিনত দুটাকৈ ডিমৰু ১০ দিন খালে তেজ পৰা বা নপৰা, যিকোনো ধৰণৰ অৰ্শ নিৰাময় হয়।

ডাঙৰ গিলাচত দৈৰ ঘোল ডেৰ গ্ৰাম (৪ ভাগৰ ১ চামুচ) যনীৰ গুড়া আৰু আধাগ্ৰাম সৈন্ধৱ লোণ মিহলাই দুপৰীয়া আহাৰ খোৱাৰ পাছতে কেইদিনমান খালে অৰ্শ নাশ হয় আৰু পাছলৈ হোৱাৰো সম্ভাৱনা নাথাকে।

পিঁয়াজ, ঘিউ, চেনি ২৫ গ্ৰামকৈ মিহলি কৰি একেৰাহে কেইদিনমান খালে অৰ্শৰ তেজ পৰা বন্ধ হয়।

মেথি গুটি ১০ গ্ৰাম খুন্দি আধা গিলাচ গাখীৰত খালে অৰ্শৰ তেজ পৰা বন্ধ হয়।

মাটিমাহ সিজাই গৰমে গৰমে খালে অৰ্শৰ তেজ পৰা বন্ধ হয়।

৬০ গ্ৰাম তিল খুন্দি গুড়ি কৰি অলপ দৈ মিহলি কৰি খালে তেজ পৰা বন্ধ হয়।

পদুম ফুলৰ কেঁচা পাতৰ ৰস ১৫-২০ মিলিলিটাৰ (৩-৪ চামুচ) কেইদিনমান খালে অৰ্শ ভাল হয়। পদুমৰ এটা পাত বটি গৰম ভাতৰ লগত খালেও অৰ্শৰ তেজ পৰা বন্ধ হয়।

গেন্ধাই ফুলৰ পাতৰ ৰস, দূবৰি বনৰ ৰস, কেঁচা হালধিৰ ৰস আৰু হালধিৰ গুড়ি সকলোৰে ৪ চামুচকৈ মিহলাই সদায় পুৱা আৰু গধূলি ২ চামুচকৈ দুবাৰ খালে অৰ্শ ভাল হয়।

ওলকচু, তেঁতেলিৰ পাত মিহলাই সিজাই খালেও অৰ্শ নিৰাময় হয়।

কচুৰ পাতৰ ঠোৰ, কণ জলকীয়াৰ সৈতে পাতত দি খালে অৰ্শ ৰোগ ভাল হয়।

নাহৰৰ ছালৰ ৰস ৮ চামুচকৈ দিনত তিনিবাৰ একেৰাহে তিনিদিন খালে অৰ্শ ৰোগ ভাল হয়।

গুহ্যদ্বাৰৰ বৰ্হিগমন

টেঙেচিটেঙাৰ পাত ১০০ গ্ৰামকৈ দিনে দুবাৰকৈ কিছুদিন খালে উপকাৰ পাব। গুহ্যদ্বাৰৰ ভিতৰৰ অংশ ওলাই অহা যেন হ’লে বা আহিলে, এৰা গুটিৰ তেল প্ৰায় এমাহ একেৰাহে গুহ্যদ্বাৰত অৰ্শত লগালে, অৰ্শ শুকাই যায়, গুহ্যদ্বাৰৰ অসুখ কমে, বিষ-বেদনা নোহোৱা হয়। এমাহ, দুমাহ, তিনিমাহমান একেৰাহে ব্যৱহাৰ কৰিলে সম্পূৰ্ণ আৰোগ্য হয়।

ধঁতুৰাৰ পাত খুন্দি গুহ্যদ্বাৰত প্ৰলেপ দিলে গুহ্যদ্বাৰৰ বৰ্হিগমনত উপকাৰ হয়।

অশ্বিনী মুদ্ৰা অভ্যাস কৰিলে গুহ্যদ্বাৰৰ বৰ্হিগমন বন্ধ হয়। অৰ্শতো উপকাৰ হয়।

কৰ্পূৰ ৮ টুকুৰা অলপ গৰম কৰা ২ চামুচ এৰাৰ তেলত মিহলাই এটা বটল বা পাত্ৰত ৰাখক। শৌচ কৰাৰ পাছত অৰ্শৰ মূৰবোৰ, ফুলা ফুলা ঠাইবোৰ (থাকিলে), পানীৰে ভালকৈ ধুই মচি লৈ এই এৰাৰ তেল লাহে লাহে লগাওক, পিহি পিহি লগাওক। পিহোঁতে পিহোঁতে তেল শুকাই যোৱা যেন হ’ব দিব লাগে। এনেধৰণে মালিছ কৰিলে, বিষ-বেদনা নাথাকে। নিয়মিতভাৱে কিছুদিন লগালে, ফুলি উঠা মাংসপেশী, অৰ্শৰ বলি ঢিলা হৈ মিলি যায়। কেতিয়াবা মাংসপিণ্ড ফুলি শৌচদ্বাৰৰ পৰা আঙুৰৰ দৰে হৈ ওলাই আহে। তেনে অৱস্থাতো এই তেল লগালে মাংসপিণ্ড নৰম হৈ ভিতৰলৈ সোমাই যায়, বিষ-বেদনা নোহোৱা হয়।

নাৰিকলৰ বাকলিৰ ভষ্ম

শুকান নাৰিকলৰ বাকলি ভালকৈ পৰিষ্কাৰ কৰি লৈ পুৰি তাৰ ছাই ২-৩ গ্ৰাম (আধা চামুচ) এক বা ডেৰ কাপ দৈ বা ঘোলৰ সৈতে পেট খালী থকা অৱস্থাত দিনত ৩ বাৰ, মাত্ৰ এদিন, খাবলৈ দিলে যিকোনো ধৰণৰ অৰ্শ নিৰাময় হয়। পাছলৈ আৰু খোৱাৰ আৱশ্যক নহয়। প্ৰয়োজন বুলি ভাবিলে আৰু এক মাত্ৰা দিব পাৰে। এই ঔষধো মহাৰাষ্ট্ৰৰ এজন বৃদ্ধ কবিৰাজে উদ্ভাৱন কৰিছিল। ইয়াৰ দ্বাৰা সকলো ধৰণৰ অৰ্শ নিৰাময় হয়। অৰ্শৰ বাহিৰেও মহিলাসকলৰ বগা স্ৰাৱ হ’লে বা ৰক্তস্ৰাৱ অধিক হ’লে, যিমানেই বেছি নহওক কিয় আৰোগ্য লাভ হয়।

হিকটি, বমি, হাগনি (পনীয়া শৌচ) আদি ৰোগতো নাৰিকলৰ বাকলিৰ ভষ্ম অব্যৰ্থ ঔষধ। এই ক্ষেত্ৰত এক চামুচ ভষ্ম এঢোক পানীৰ সৈতে খাব লাগে। শৰীৰৰ ভিতৰৰ, বাহিৰৰ যিকোনো ৰক্তস্ৰাৱ, ৰক্ত বমি, ৰক্ত পায়খানা, কাহত তেজ ওলোৱা আদি অসুখত ই ভাবিব নোৱাৰা ধৰণৰ ফল দিয়ে।

ই অতি সহজলভ্য বস্তু আৰু তৈয়াৰ কৰোঁতেও বিশেষ কোনো নিয়ম বা বিধিৰ আৱশ্যক নাই আৰু মাত্ৰ এদিনৰ চিকিত্সাৰ ঔষধ।

জলচিকিত্সা

অৰ্শৰ পৰা যদি তেজ নপৰে ৰোগীয়ে দিনত দুবাৰ গৰম পানীত কটি (গুহ্যদ্বাৰ সহিত কঁকালৰ অংশ) স্নান কৰাব। মাংসপেশী কোমল হৈ থাকিব। বেদনা কম হ’ব। ৰাতি শোৱাৰ আগত কটি স্নান আৰামদায়ক হয়। এনাছৰ পাইল্ছত বিশেষ উপকাৰ হয়।

যদি অৰ্শৰ পৰা তেজ ওলায় চেঁচা পানীত কটিস্নান কৰাব দিনত দুবাৰ। ‘টাববাথ’ বৰ উপকাৰী। গৰম পানীত নকৰিব।

ভগন্দৰ

গুহ্যদ্বাৰৰ চাৰিওফালে প্ৰায় এক-ডেৰ ইঞ্চি ঠাইৰ ভিতৰত পীড়া যুক্ত ফোহা, ঘা হয়। তাক ভগন্দৰ বোলে। কিন্তু মলদ্বাৰৰ ওচৰত কম বা যাৰ সাধাৰণ ফুলা ধৰণৰ মাংসপিণ্ড থাকিব পাৰে তাক ভগন্দৰ বুলি ভুল কৰিব নালাগে। এনে কিছুমান উখহা মাংসপেশী এনেয়ে ভাল হৈ যায়। কিন্তু আচল ভগন্দৰৰ ফোহাৰ গভীৰ মূল থাকে, ফোহাবোৰ ওখ আৰু গোল গোল আকাৰৰ। অত্যন্ত পীড়াদায়ক। শেষত ফোহা ফাটিলে ফিচটুলাৰ ৰূপ লয়। ৰঙা স্ৰাৱ নিৰ্গত হয়। তীব্ৰ বেদনা অনুভৱ হয়। ই এটি অতি ভয়ংকৰ আৰু বিৰক্তিকৰ ৰোগ।

ৰোগৰ কাৰণ

দীৰ্ঘদিন অৰ্শ ৰোগ থাকিলে, দীৰ্ঘদীন ধৰি কোষ্ঠকাঠিন্য থাকিলে, যকৃতৰ দুৰ্বলতা থাকিলে আৰু শৰীৰৰ কেলছিয়াম কম ক’ম হলে এই ৰোগ হয়।

চিকিত্সা

ত্ৰিফলা (আমলখি, শিলিখা, ভঁইৰা) ৩৬ গ্ৰামৰ লগত (৭ চামুচমান), ১২ গ্ৰাম পিপলি (আঢ়ৈ-তিনি চামুচ) মিহি কৰি বটি দিনে এবাৰকৈ ৮-১০ দিন খালেই ভগন্দৰ ৰোগ আৰোগ্য হয়।

ত্ৰিফলা-ক্কাথ (সিজাই উলিওৱা ৰস) প্ৰতিদিনে খালে ভগন্দৰ ৰোগত উপকাৰ হয়। আমলখি, শিলিখা, ভোমোৰা এই তিনিবিধ ঔষধি গুণযুক্ত ফলক একেলগে ত্ৰিফলা বোলে।

শামুক বা শংখৰ মাংস এমাহমান একেলগে খালে ভগন্দৰৰ উপশম হয়।

লগোৱা ঔষধ

মহানিমৰ পাত পানীত সিজাই সেই পানীৰে যন্ত্ৰণাৰ ঠাইবোৰ দিনত দুবাৰকৈ ধুলে বেদনা কমিব।

এৰা গুটিৰ তেল সানিব পাৰি। উপশম হ’ব।

তিল, শিলিখা, কূটজ (গিৰিমল্লিকা ফুল), মহানিমৰ পাত, হালধি, বচ গছৰ শিপা এই সকলো বস্তু সম পৰিমাণত লৈ বটি মিহি কৰি গুহ্যদ্বাৰত লেপ দিলে ভগন্দৰ ৰোগ ভাল হয়।

সিজু গছৰ আঠা, আকণ গছৰ আঠা আৰু আচু কাঠৰ (দাৰু হৰিদ্ৰা) গুড়ি সমান পৰিমাণত মিহলাই লগালে ভগন্দৰ ৰোগ ভাল হয়।

লেখকঃ ডাঃ ব্ৰজনাথ শৰ্মা

শেহতীয়া উন্নীতকৰণ: : 9/12/2018



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate