অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পেটৰ ৰোগ

পেটৰ ৰোগ

পেটৰ বিষ বা বেদনা

লৰা-ছোৱালীয়ে পৰা আৰম্ভ কৰি বয়সিয়াল লোকলৈকে মানুহে হৎঠাতে পেটৰ বেদনাত কষ্ট পায়।পেট টান হয়,ফুলে আৰু গেছ হয়।সৰু লৰা-ছোৱালীৰ পেটৰ বিষ হৈ পিতা-মাতক সঘনেই আমনি কৰে।পেটৰ গেছ(flatulence)অক্ষুধা,অৰুচি,বদহজম মানুহৰ প্ৰায়ে হোৱা দেখা যায়।

চিকিৎসা

সৈন্ধ্বৱ লোন গুড়ি কৰি ১ ভাগ লওক তাৰ সৈতে ৬ভাগ যনীৰ(জইন;স্ংস্কৃত—যয়ানি,বঙালী—যোয়ান)গুড়ি মিহলাওক আৰু চূৰ্নৰ ২ গ্ৰাম বা আধা চামুচ অলপ গৰম পানীৰে খুৱাওক।বিষ কমি যাব।সৰু লৰা-ছোৱালীক ১ গ্ৰাম অৰ্থাৎ আগৰ জোখৰ আধা দিব।

অকল যনীৰ গুড়ীয়ে পেটঁৰ বিষ,পেটৰ গেছ,পেট গুৰ কৰা,শূলবেদনা ,বমি।ক্ৰিমি,অৰ্শ আদি নাশ কৰিব পাৰে।শাস্ত্ৰ্ত ‘একযয়ানী শতমন্নপাচিকা”বুলি কৈছে।

যাৰ পেটত গেছ হয়, তেওঁলোকে প্ৰ্তিদিনে ৰাতিপুৱা ২-৪ কোঁহ(ডাঙৰ-সৰু মতে)নহৰুৰ ৰস শীতল পানীত মিহলাই খাওকঁ। পেটৰ গেছ হোৱা অসুখ নোহোৱা হব।

১০ গ্ৰামকৈ(৫চামুচ)শিলিখা গুড়ি,আমলখিৰ গুড়ি,ভোমোৰাৰ(এবিধ গছৰ গুটি)গুড়ি,শুঠ আৰু সৈন্ধৱ লোনৰো গুড়ি মিহলাই বটলত ভৰাই ৰাখক।দুপৰীয়া খোৱাৰ পাছত ১ চামুচ আৰু ৰাতি খোৱাৰ পাছত ১ চামুচ এই ঔষধ খাওকঁ। খোৱাৰ পাছত ১ গিলাচ পানী খাৱ।৩ দিনৰ পাছত পেটৰ বেদনা,বিষ,ব্যাথা নোহোৱা হব।

যনীৰ গুড়ি চেচাঁ পানীত মিহলাই খালে বদহজম,অৰুচি আৰু আভোক দূৰ হয়(আধা চামুচ)

পেটত গেছ(flatulence)হ’লে খোৱাৰ পাছত ১২৫ মিলিলিটাৰ ঘোলাৰ লগত আধাচামুচ যনী গুড়ী আৰু যনী গুড়িৰ অধা সৈন্ধৱ লোন মিহলাই খালে বায়ু নিৰাময় হয়।পেটৰ গেছ,পেট ফুলা,শৌচ কচা সকলো দূৰ হব।পেটৰ গেছত লগে লগে ফল পাবৰ বাবে দুইকোহঁ নহৰু বাকলি গুচাই সম পৰিমানৰ কিচমিচ মুখত লৈ চোবাই খাওঁক।কম সময়ৰ ভিতৰত পেটৰ গেছ,বায়ু বাহিৰ হৈ যাব।ঠাণ্ডা লাগি গা বেয়া লাগিলেও এই নহৰু কিচমিচ খোৱাৰ পাছত গা ভাল উঠিৱ।

শিশুৰ পেটৰ ৰোগত ২৫ গ্ৰাম জিৰা,২৫ গ্ৰাম জায়ফল,২৫ গ্ৰাম মৌ,বৰ এলাচিৰ শুকান গুড়া,সকলোবোৰ গুড়া কৰি মিহলাই কালমেঘৰ পাতৰ ৰসত মিহলাই সৰু সৰু বড়ি কৰি এটা বড়ি মৌ এচামুচ সৈতে খুৱালে ভাল হব।

অক্ষুধা আৰু অৰুচি

অক্ষুধা আৰু অৰুচি হলে আদা ১ৰ পৰা ৩ গ্ৰামমান মিহিকৈ কাটি তাৰ লগত সৈন্ধ্বৱ লোণ(নাপালে সাধাৰন লোণ)মিহলাই খাওঁক।খোৱাৰ অধা ঘ্ণ্টা আগতে প্ৰ্তিদিনে এবাৰকৈ ৪-৭ দিন খালে হজম শক্তি বাঢ়িব অৰুচি নাশ হব,পেটৰ গেছ নিৰ্বাপিত হব।এই আদা খাদ্য খোৱাৰ আৰম্ভনিতে খালে অগ্নিউদ্দীপক,ৰুচিকাৰক আৰু জিভা কন্ঠ শোধক হয়।অতিচাৰ কোষ্ঠকাঠিন্যও নাথাকে।এই আদাৰ কুটনাত দুই এক ফোটাঁ নেমুটেঙাৰ ৰস মিহলাই খালে অজীৰ্ন নাশ হব,পেট ফুলা নাথাকে,পেটৰ বিষ-বেদনা নোহোৱা হয়।আমবাতো নিৰাময় হয়।

অমৃতধাৰা আৰু ইয়াৰ ব্যৱহাৰ:এটি ভাল কৰ্ক বা সোপা থকা বটলত(আয়নাৰ)ভাল কৰ্পূৰ(ভীমসেনা কৰ্পূৰ হলে ভাল)পিপাৰমেণ্ট(পদিনাৰ ফুল)আৰু যনী প্ৰ্তিটোত পাচগ্ৰামঁ পৰিমান মিহলাই দহ-পোন্ধৰ মিনিট লৰাই থাকিলে এটা সময়ত এইবোৰৰ তৰল হৈ যাব।এইটোবে অমৃতধাৰা ।এই অমৃতধাৰা দুই-তিনি ফোটাঁ বাতাচা বা মিছিৰি বা পানীত লৈ খালে পেটৰ বেদনা ভাল হয়।যদি প্ৰ্থম মাত্ৰাত সন্তোষজনক কাম নহয় আধা ঘ্ন্টাত পাছত আৰু এবাৰ খুৱালে নিশ্চিত্ভাৱে বেদনা নোহোৱা হব।দুই,তিনি চামুচ অমৃতধাৰা ঠাণ্ডা পানীত লৈ প্ৰতিদিনে ৰাতিপুৱা আৰু সন্ধ্যা খালে,পায়খানাত শাওঁ পৰা,পেট কামোৰা,খোৱাৰ পাছত বমি বা বমি ভাব আভোক,অজীৰ্ন,বদহজম আদি অসুখ দূৰ হয়।

অম্লপিত্ত

চিকিৎসা: অম্লপিত্ত লং এটা ভাল উপাদান।খোৱাৰ পাছত দুপৰীয়া আৰু ৰাতি এটাকৈ লং অলপ চোৱাই লৈ চুহি খালে অম্লপিত্ত আৰু অম্লপিত্তজনিত ৰোগত উপকাৰ পোৱা যায়।লঙে পাচনকাৰ্য লগে লগে কৰে আৰু ক্ষুধা বৃদ্ধি কৰে।খাব-লবৰ ইচ্ছা নথকা হলে লঙে দূৰ কৰে,ই ক্ৰিমিনাশক আৰু প্ৰ্স্ৰাৱ বঢ়ায়।

সদায় দুপৰীয়া আৰু ৰাতি খোৱাৰ পাছত গুৰৰ এটা টুকুৰা(১০গ্ৰাম মানৰ)মুখত লৈ চুহি খালে মুখলৈ টেঙাপানী অহা বন্ধ হয়,গেছ হলে বা খোৱাৰ পাছত গেছ হোৱাৰ সম্ভাৱনা থাকিলে খোৱাৰ পাছত গুৰি চুহি খালে উপকাৰ পাব।মুখত বা জিভাত ঘা হলেও ভাল হৈ যায়।হৃপিণ্ডৰ দুৰ্বলতা আৰু শৰীৰৰ ঢিলা (শিথিল)হলে এইবোৰ গুচায়।গুৰ এবছৰৰ পুৰনি হলে বেছি কাম দিয়ে।শিলিখাৰ গুড়ি ২ গ্ৰাম বা অধা বা চামুচ গুৰৰ সৈতে খাই পানী খালে অম্লপিত্ত দূৰ হয়।প্ৰ্তিদিনে ৰাতি খোৱাৰ আধাঘন্টা পাছত তিনিদিনমান খালেই অম্লপিত্ত নাশ হৈ যাব।

আমলখিৰ ৰস এই ৰোগত সৰ্বশ্ৰেষ্ঠ প্ৰাকৃতিক ঔষধ।২০ মিলিমিটাৰ(৪ চামুচ)আমলখিৰ ৰসত মৌ মিহলাই নিতৌ খালে ভাল পাব।

ৰাতি এক গিলাচ পানীত ৫ টুকুৰা আমলখি,৫ টুকুৰা ভোমোৰা গুটি,৫ টুকুৰা শিলিখা ভিজাই থৈ ৰাতিপুৱা খালি পেটত এই পানীখিনী চেকি লৈ,তেনেকৈ ৭ দিন খাওঁক,অম্লপিত্ত আৰু কেতিয়াও নহব।

ভাতৰ লগত আমলখি সিদ্ধ খালে অম্লপিত্ত নাশ হয়।যিমানদিন লাগে ভাল নোহোৱালৈ খাই থাকিব লাগে।

আমাশয় বা গ্ৰহনী (Dysentery)

চিকিৎসা

বাকলি নেপেলোৱাকৈ পুৰাকল(কাচকল)এটাৰ ৪-৫ টুকুৰা দুই কাপ পানীত ৰাতি ভিজাই থওঁক।ৰাতিপুৱা খালি পেটত এই পানীখিনি খাওঁক। তিনিদিন খালে আমাশয় ভাল হ'ব।

পৰিস্কাৰ কৰি লোৱা গুৱা-মৰি ৩০০ গ্ৰাম আৰু মিছিৰি ৩০০ গ্ৰাম লওঁক।গুৱা-মৰি দিভাগ কৰক।এভাগ ভাজি গুড়া কৰক আৰু বাকীভাগ কেচাঁই কেচাঁই খুন্দি এতিয়া এই চুৰ্ন ৬ গ্ৰাম বা ২ চামুচ মাত্ৰাত প্ৰ্তিদিনে ৪ বাৰকৈ খাওঁক।চূৰ্ন খাই দুই ঢোক পানী খাব।নতুন পুৰনি সকলো আমাশয়,পেটৰ কামোৰ যদি অলপ শাওঁও পৰে সকলো নাশ হৈ যাব।ই এটি অব্যৰ্থ ঔষধ।গুৱা-মৰি খালে গুহ্যদ্বাৰৰ শূল বা পীড়াদায়ক শাঁও পৰা নাশ হয়।দৈ ভাত মিছিৰি খালে শাঁও পৰা শৌচ,পেট কামোৰা ব্যথা শান্ত হৈ যায়।

মেথি শাক

প্ৰ্তিদিন মেথি শাক অথবা মেথি(গুটি)বটি বা গুড়া কৰি ৩ গ্ৰাম দৈৰ সৈতে খালে আম বা আমাশায় ৰোগ নিৰাময় হয়।

সৰু শিলিখা আৰু পিপলি চূৰ্ণ

সৰু জাতৰ শিলিখা দুই ভাগ পিপলি এক ভাগ পৰিমানত একেলগে গুড়া কৰি লওঁক।এক বা ডেৰ গ্ৰাম এই চূৰ্ণ গৰম পানীৰ লগত দিনে দুৱাৰ খাওঁক।তিনি দিন বা সাত দিন খালে শাওঁ পৰা আৰু বেদনাদায়ক শৌচ শান্ত হব।পুৰনি আমাশয়তো ভাল কাম কৰে।

বেলৰ শুকান গুড়ি ১০ গ্ৰাম আৰু মিছৰি ১০ গ্ৰাম মিহলাই গুড়ি কৰক আৰু এই মিহলি চূৰ্ণ ৫ গ্ৰাম পৰিমানৰ(১ চামুচ)চেচাঁ পানীত মিহলাই দিনত তিনিবাৰকৈ খাব দিলে অতি সোনকালে তেজ বন্ধ হব।

১২ গ্ৰাম(৩ চামুচ)শুকান ধনিয়া গুড়া কৰি তাৰ লগত ১২ গ্ৰাম মিছিৰি মিহলাই আধা কাপ পানীত গুলি দিনত ১ বাৰ বা দুৱাৰ খাওঁক।কেইদিনমান খাই থাকিলে তেজ পৰা বন্ধ হব।

২৫ গ্ৰাম তেলকুচাৰ(বিম্বীপাতৰ ৰসৰ ১৫ গ্ৰাম মিছিৰি মিহলাই ৰাতিপুৱা খালি পেটত ৭ দিন খালে ৰক্ত আমাশয় দূৰ হয়।

আমৰ কেচাঁ কুমলীয়া পাতৰ ৰস ৫ মিলিমিটাৰ(এচামুচ)১০ মিলিমিটাৰ(দুই চামুচ)ছাগলীৰ গাখীৰ আৰু এচামুচ মৌ মিহলাই দিনে ২-৩ বাৰ খালে ৰক্ত আমাশয় বা গ্ৰহনী আৰোগ্য হয়।

গোলনেমু এটাৰ ৰস গৰম পানী এবাটিত মিহলাই খালে গ্ৰহনীৰ পেটৰ কামোৰ নোহোৱা হয়।কলা তুলসী পাতৰ ৰসৰ ২ চামুচ অথবা চিৰতাৰ ৰস দুই চামুচ খালে উপকাৰ হয়।

গোলনেমুৰ গুটি ৪-৫ টা ভালকৈ পিহি লৈ (খুন্দি লৈ)অলপ পানীৰে খালে গ্ৰহনী নিৰাময় হয়।

পুৰনি কুঁজী থেকেৰা ২০ গ্ৰাম,১০০ মিলিমিটাৰ পানীত ৰাতি তিয়াই ৰাখি ৰাতিপুৱা খালি পেটত খালে গ্ৰ্হনী ৰোগ ভাল হয় ।

মানিমুনিৰ ২৫ মিলিমিটাৰ(৫-৬ চামুচ) ৰসৰ সামান্য চেনি বা মৌ দি একেবাৰে এমাহমান খালে পুৰনি গ্ৰহনীও এৰা দিয়ে।

দুবৰি বনৰ ৰস ২ চামুচত মৌ দি(সোৱাদ লগা পৰিমানৰ)খালে তেহগ্ৰহনী ভাল হয়।৩-৪ দিন মান খাব লাগে।

শুকান আমলখি আৰু বিট লোণ সমান পৰিমানত লওঁক। শুকান আমলখি পানীত মোহাৰী কোমল হলে তাৰ লগত নিমখ দি পটাত পিহি লওঁক।তাৰ পাছত মাহ বা কলাৰ(মাহতকৈ অলপ ডাঙৰ)সমান ডাঙৰ কৈ গুলি কৰি ৰদত শুকাওক।এই বড়ি ১ বা ২ টা দিনত খোৱাৰ আধাঘ্ণ্টা পাছত দুবাৰ কিছুদিন খালে পুৰনি আমাশয় দূৰ হব।পেটত যদি বিষ থাকে,গৰম পানী অলপ মুখত লৈ এটা বা দুটা বড়ি চুহি খালে আৰাম পাব।

দুটা পকা কল ১২৫ গ্ৰাম দৈৰ লগত কিছুদিন খালে (লগত ভাত নলব)অন্ত্ৰৰ সকলো অসুখ ভাল হয়। আমাশয় শাওঁ পৰা পনীয়া, শৌচ আদি সকলো ধৰণৰ পেটৰ অসুখ নিৰাময় হয়।

খোৱাৰ পাছতে শৌচ লগা অৱস্থা

খোৱাৰ পাছতে পায়খানাৰ বেগ অহা অৱস্থা কেতিয়াবা কোনো মানুহৰ থাকে।এইটো অশুভ স্ব্ভাৱ।তেনে অৱস্থা হলে ১০০ গ্ৰাম শুকান ধনিয়াৰ লগত ২৫ গ্ৰাম বিট লোণ মিহলাই গুড়ি কৰি খোৱাৰ পাছত ২ গ্ৰাম(অধা চামুচ পৰিমান)মুখত লৈ পানীৰে খালে এই শৌচত গতি ৰোধ হৈ যাব।এসপ্তাহ বা দুসপ্তাহ এই ধৰনে খালে আৰোগ্য হব।

খোৱাৰ পাছত ১ চামুচ পৰিমাণৰ ভজা গুৱা –মৰি আৰু জিৰাৰ গুড়ি মিহলোৱা(সমান পৰিমাণত)চূৰ্ণ,এগিলাচ গৰম পানীৰে খালে উপকাৰ  হয়।খোৱাৰ পাছত কেৱল গুৱা-মৰি পনীৰে খালেও উপকাৰ হয়।২-৩ সপ্তাহ নিয়মতভাৱে খাব লাগে।

উদৰাময় বা হাগনী

অতিসাৰ বা পনীয় শৌচ আদি অনিয়মিত আহাৰ, গুৰুপাক ভোজন আদিৰ ফলত হয়। গাত অতিপাত গৰম বা ঠাণ্ডা লাগিলেও হব পাৰে।বাৰে বাৰে পাতল পায়খানা হয়।

চিকিৎসা

Image result for sugar water

নিমখ আৰু চেনী মিহলোৱা পানী এক ঘ্ন্টাৰ মূৰে মূৰে এক চামুচকৈ খাওঁক।পাতল শৌচ বন্ধ হব।

আধাকাপ গৰম পানীত এক চামুচ আদাৰ ৰস দি খালে পেটচলা বন্ধ হয়।

আধা কাপ মিঠা আমৰ ৰসত ২৫ গ্ৰাম দৈ আৰু আদাৰ ৰস এচামুচ মিহলাই দিনে দুৱাৰকৈ খালে পেটচলা ৰোগ আৰোগ্য হয়।

গুৱা-মৰি আৰু বগা জিৰা সম পৰিমানত লৈ ভালকৈ ভাজক আৰু তাৰ পাছত খুব মিহিকৈ পিহি লওঁক।তাৰ পৰা ৩ গ্ৰাম(আধা চামুচতকৈ অলপ বেচি)চূৰ্ণ অলপ পানীত লৈ দিনত তিনিবাৰকৈ খাবলৈ দিয়ক।হাগনী প্ৰ্শমিত কৰাৰ ই ভাল ঔষধ।

পাকস্থলীৰ যিকোনো ৰোগত গুৱা-মৰি ১২ গ্ৰাম,জিৰা ৬ গ্ৰাম,আৰু মিছিৰি ১২ গ্ৰাম পৰিমান(আধা চামুচ আধা)শীতল পানীৰ(অলপ)লগত খাবলৈ দিয়ক।১০-১২ দিন খালে পাকস্থলী বা পাকাশয়ৰ পৰিপাক প্ৰনালী সম্পৰ্কীত ৰোগ,পেট ব্যথা,শূল,পেট ফুলা,পেটৰ বেদনা আদি সকলো ৰোগতে উপকাৰ হয়।

যিকোনো ধৰনৰ পনীয় শৌচতে শুকান আমলখিৰ গুড়া ১০ গ্ৰাম,কলা শিলিখা ৫ গ্ৰাম একেলগে কাতি লৈ,পিহি লৈ এই মিশ্ৰ্ন ৰাতিপুৱা আৰু গধুলি অলপ পানীৰ সৈতে খালে যিকোনো ধৰনৰ(ৰোগৰ)পনীয় শৌচ বন্ধ কৰিবলৈ সৰল আৰু অব্যৰ্থ ঔষধ।৩-৪ মাত্ৰা খোৱাৰ পাছতে ৰোগীয়ে আৰাম পাব।এই ঔষধৰ পৰা পাকস্থলীৰো বল বৃদ্ধি হয়।

একেবাৰে চাউল ধোৱা পানীৰ দৰে শৌচ বা পানীৰ দৰে শৌচ হলে-আধাকাপ উত্তপ্ত,খাব পৰা গৰম পানীত,১ চামুচ আদাৰ ৰস মিহলাই খাবলৈ দিয়ক আৰু প্ৰতিঘণ্টাত মূৰে মূৰে একো মাত্ৰা খুৱাই থাকক। পানীৰ দৰে শৌচ বন্ধ হৈ যাব ৰোগী সুস্থ হৈ উঠিব।

বমি

সময়মতে নোখোৱা, অৰ্জীনতা, বেচি খোৱা, নাকত দুৰ্গন্ধ সোমালে আৰু বেচি জ্বৰ হ'লেও বমি হয়।

চিকিৎসা

২৫ গ্ৰাম হালধিৰ সৈতে ১৫ গ্ৰাম গুলঞ্চী লতা(শগুনী লতা)১৫ গ্ৰাম পিপলি,১০ গ্ৰাম জালুক মিহলাই ভাল কৈ গুড়া কৰি বটলত ৰাখক। বমিৰ ভাব দেখিলেই ১ চামুচ কৰি দিনত দুৱাৰ খুৱাব।২-৩ দিন খালেই বমি বন্ধ হব।

১০০ মিলিমিটাৰ পানীত দুটা লং সিজাওক। পানী উতলি উতলি যেতিয়া আধামান থাকিব,চেকি লৈ,সোৱাদ লগাকৈ মিছিৰি মিহলাই সেই পানী খাবলৈ দিয়ক। ৪ঘণ্টা অন্তৰে অন্তৰে দিনত ৪ বাৰ খালে বমি বন্ধ হব। ৰোগীক কাতি হৈ শুই থাকিবলৈ দিব।

দুটা লং গুড়ি কৰি,৩০ মিলিমিটাৰ পানীত মিহলাই অলপ গৰম কৰি খুৱালে,পেট পাক দিয়া,বমি বমি ভাব নাথাকে।লঙৰ পানী খালে শুকান কাহ,হিকটি প্ৰ্শমিত হয়।এটা বা দুটা লং চোবাই ব চুহি খাই থাকিলেও বমি বমি ভাব নাশ হয়।মুখলৈ ৰুচি আহে।মূৰ ঘুৰুৱা,অৱসাদ প্ৰ্শমিত হয়।

গৰ্ভাৱস্থাত বমি হলে, দুটা লং মিছিৰৰ সৈতে গুড়ি কৰি আধাকাপ কুহুমীয়া গৰম পানীত মিহলাই খালে বমি বমি ভাব বন্ধ হব।

বাছত যাত্ৰা কৰিলে কিছুমানৰ বমি হয়।গা বমি বমি লাগে। দুটা লং মুখত লৈ চুহি থাকিলে বমি নহয়।

মুখৰ দুৰ্গন্ধ থাকিলে বা মুখৰ ৰুচি নাথাকিলে,মুখ শুদ্ধি হিচাপে বা মুখৰ বীজানু নাশ কৰিবলৈ দিনে এটি লং চুহি থাকিলে উপকাৰ হয়।

বৰ গৰমত বমি

বৰ গৰমৰ বাবে বমি হলে বা বমি বমি ভাব হলে ১২ গ্ৰাম(৩চামুচ)ধনিয়াৰ গুড়ি ২৫০ মিলিলিটাৰ পানীত এক ঘ্ণ্টা সময় ভিজাই ৰাখক। এঘ্ণ্টাৰ পাছত সেই পানী চেকী লওঁক আৰু এক চামুচ মিছিৰি মিহলাই সৰু লৰা-ছোৱালী হলে এঘণ্টাৰ মূৰে মূৰে এক চামুচ আৰু ডাঙৰ মানুহক ২৮-৩০ গ্ৰাম(৬-৭ চামুচ)কৈ খুৱাই থাকক।বমি প্ৰ্শমিত হব।গৰমৰ বাবে মূৰ ঘূৰালে,বমি বমি ভাব হলে বা বুকুৰ ধৰফৰ কৰিলেও বন্ধ হব।গৰ্ভৱতীৰ বমিতো উপকাৰ পাব।শুকান ধনিয়াৰ গুড়ি,মিছিৰি মিহলাই খালেও বমি বন্ধ হয়।

গা বমিৰ ভাব

এটা কাগজি নেমুটেঙা দুফাল কৰি তাতে সৈন্ধৱ লোণ আৰু জালুকৰ গুড়ি ছতিয়াই ৰোগীক লাহে লাহে চেলেকী থাকিবলৈ দিয়ক,গা বমি বা বমি হওঁ হওঁ অৱস্থা দূৰ হৈ যাব।বমি হলেও মূৰ ঘূৰালেও ভাল পাব।

তেজ বমি

জিৰা ৩ গ্ৰাম,মিছিৰি ৬ গ্ৰাম মিহলাই গুড়ি কৰি মুখত লৈ অলপ পানীৰে খালে তেজ বমি বন্ধ হব।

বমিৰ বাবে চূনৰ পানীও ভাল ঔষধ।১ চামুচ চূনৰ চূনৰ পানী,১২৫ মিলিলিটাৰ এৱা গাখীৰত মিহলাই খুৱালে ভাল পায়।দিনত দুৱাৰ খুৱাব লাগে।কিন্ত চূন তলত বহি থকা,ফটফটীয়া পৰিস্কাৰ পানী লাগে ঘোলা পানী নহয়।নতুনকৈ গোলা চূনৰ পানী ১৪ ঘ্ণ্টাৰ পাছত ললে প্ৰকৃত চূনৰ পানী হয়।

বদহজম আৰু বমি

৫টা লং আৰু মিছিৰি ১০ গ্ৰাম(২ চামুচ)একেলগে বটি মিহি কৰি ৩০ মিলিলিটাৰ পানীত(৬-৭চামুচ)মিহলাই খালে বদহজম আৰু বমি বমি ভাব বা বমি দূৰ হব।                      কলেৰা

ভিব্ৰিও কলেৰি নামৰ এবিধ বেচিলাছ বীজানুৰ দ্বাৰা আক্ৰান্ত হৈ হোৱা ৰোগ।ৰোগীৰ গাত সোমোৱাৰ ১২ ঘণ্টাৰ পৰা ৩ দিনৰ ভিতৰত ৰোগৰ লক্ষনে দেখা দিয়ে।অতিপাত শৌচ,বমি হয়,গাৰ পানী নোহোৱা কৰে আৰু ৰোগীৰ মৃত্যু হয়।বৰ্তমান এই ৰোগ নিৰ্মূল হৈছে।

অতিতৃষ্ণা, হিকটি, বমি

অতিপাত পানীৰ পিয়াহ,পিত্তজ্বৰ,মেলেৰীয়া জ্বৰ আদিত হব পাৰে।বাৰে বাৰে পানী খালেও ওঠঁ শুকাই যায়।জ্বৰ বা কলেৰাতো পানীৰ পিয়াহ বেছি হয়।

চিকিৎসা

২৫ গ্ৰাম গুৱা-মৰি ২৫০ মিলিলিটাৰ পানীত ভিজাওক।১ ঘ্ণ্টা পাছত এই পানী আনি এঢোক,এঢোককৈ খালে পানীৰ পিয়াহ কমি যাব।তীব্ৰ জ্বৰতো এই গুৱা-মৰি ভিজোৱা পানী(অলপ গৰম কৰি দিব নহলে গা জাকি মাৰি উঠিব)খালে পানীৰ পিয়াহ,জ্বৰৰ কাৰনে হোৱা শৰীৰ অন্তৰ্দাহৰ তীব্ৰ্তা প্ৰাশমিত হব।ভিতৰৰ জ্বালা-যন্ত্ৰনা কমি যাব।

অতিপাত পিয়াহৰ উপৰিও ভীষন কষ্টদায়ক হিকটি,জ্ব্ৰৰৰ বমি বমি ভাব দূৰ হব।যদি প্ৰস্ৰাৱ কম হয়(জ্বৰত)বা প্ৰস্ৰাৱ নহয় তেতিয়াও এই গুৱা-মৰি পানী খালে উপকাৰ হব।

ইয়াৰ বাহিৰেও জ্ব্ৰৰৰ কাৰনে যদি পিয়াহ লাগি থাকে মিছিৰি মুখত লৈ চুহি খাই থাকিলে পিয়াহ কমিব।

পিয়াহ যি কাৰনতে নহকও নেমুটেঙা চুহি থাকিলেও লগে লগে তৃষ্ণা কমি যায়।

জ্বৰ বা পনীয় শৌচ হৈ

পিয়াহ লাগি থাকিলে দুটা লং ২৫০ মিলিলিটাৰ পানীত ১০ মিনিটমান উতলাওক।পানী অলপ চেঁচা হলে ৬০ মিলিলিটাৰমান(এবাৰত)দিনত দুই-তিনিবাৰ অথবা ১০-১৫ মিনিটৰ পাছে পাছে এঢোক এঢোককৈ খুৱাই থাকক। তৃষ্ণা কমি যাব।নিউমোনিয়াতো ভাল ফল পোৱা যায়।

নাভিত বিষ বেদনা

চিকিৎসা

নাভি বিষালে বা নাভি লৰিলে ৩০ গ্ৰাম গুৱা-মৰি,মিহিকৈ বাটি লৈ,সমান পৰিমাণৰ গুৰৰ লগত ৰাতিপুৱা খালি পেটতে খালে অসুৰ দূৰ হব।

শৌচ কচা বা কোষ্ঠকাঠিন্য

কোষ্ঠকাঠিন্য মানুহৰ বাবে এক অভিশাপ স্বৰুপ। অসুখ গুৰুতৰ যেন নালাগিলেওঁ অতি আমনিদায়ক আৰু বহু কঠিন ৰোগৰ স্থিতিৰ বাবে পৰিৱেশ সৃষ্টি কৰি আহ্বায়ক স্বৰুপ হয়।

খোৱা খাদ্য কেনেকৈ শৰীৰে গ্ৰহন কৰে আৰু বাকী অৱশিষ্ট ভাগ মলয়া বা বিষ্ঠা শৰীৰৰ পৰা কেনেকৈ নিৰ্গত হয় কৈ আহিছোঁ। খোৱাবস্তৰ এই অৱশিষ্ট ময়লা, কঠিন হৈ পেট্ৰ পৰা কম পৰিমানত ওলাই অহা বা ওলাই আহিব নোখোজা বা কষ্টদায়ক শৌচ হোৱা আদি অৱস্থাই কোষ্ঠকাঠিন্য।গড় হিচাপত প্ৰ্তিজন পূৰ্নবয়স্ক মানুহে দিনত এবাৰ শৌচ কৰে।কিছুমানে এদিনত দুবাৰো শৌচ কৰিব পাৰে।কিন্ত শৌচ কচা ৰোগ হলে,শৌচ বা ময়লা পৰিমানত কম হয়।কেতিয়াবা “গু”বৰ টান হয়।ছাগলীৰ লাদৰ দৰে হব পাৰে।আকৌ দিনটোৰ ভিতৰত শৌচ কচা কৰাৰ কোনোভাবেই নহব পাৰে,হলেও জোৰ নাথাকিব পাৰে,গলেও হয়,নগলেওঁ নাযাব পাৰি।শৰীৰত ময়লাবোৰ বেছি সময় থকাৰ ফলত অন্ত্ৰৰ শোষন পদ্ধতিৰ বাবে ময়লাৰ বিষাক্ত বস্তবোৰ তেজৰ লগত শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগলৈ যায় আৰু সেইবোৰ কৰ্মপদ্ধতিত বিজুতিৰ সৃষ্টি কৰাৰ ফলত ৰোগ আৰম্ভ হবলৈ ধৰে।

শৌচ কচা হোৱাৰ মূল কাৰন হৈছে খাদ্যবস্ত ঠিকমতে হজম নোহোৱাকৈ থকা।খাদ্য ঠিকমতে হজম হৈ থাকিলে শৌচ কচা নহয়।অৱশ্যে পাকস্থলি,অন্ত্ৰ আদিত কোনো অসুখ থাকিলে,অন্ত্ৰৰ নি:সৃত ৰস কম হলে,অন্ত্ৰৰ বিষ্ঠা ঠেলি উলিয়াই দিয়া জোৰ কম হলে,বা কোনো ৰোগৰ বাবে অন্ত্ৰত,গুহ্যদ্বাৰত শৌচ ওলাই যোৱাত বাধা হলেও শৌচ বন্ধ হৈ,শৌচ কচা হোৱাত পৰিনত হব পাৰে।বহু ক্ষেত্ৰত ভাল অৱস্থাতো,মানুহে শৌচৰ গতিবেগ বন্ধ কৰি ৰখা স্বভাৱৰ বাবে শেষত গৈ শৌচ কচা হয়।সি যি কি নহকওঁ শৌচ কচা হোৱাটো শৰীৰৰ বাবে অতি ক্ষতিক্ষাৰক।শৌচ যাতে কচা নহয় তাৰ বাবে,স্বাভাবিক অৱস্থাতো যত্নপৰ হব লাগে আৰু শৌচ খোলোচা নহলে,পেট পৰিস্কাৰ কৰিবলৈ ততাতৈয়াকে যত্ন লব লাগে।

শৌচ কচা হলে ভাগৰ লগা,ৰক্তহীনতা,অনিদ্ৰা,মুৰ ঘূৰোৱা,চকুত ব্যাথা,চকুৰ তল কলা পৰা,কামলৈ এলাহ,একাগ্ৰ্তাহীনতা,বিভিন্ন চৰ্মৰোগ ব্ৰ্ন,খজুৱতি আদি ৰোগ হয়।যিমানেই ৰোগ পুৰনি হয় সিমানেই ৰোগী দুৰ্বল হয়।ক্ষুধা কমি যায়,মুখ গোন্ধায়,মুখত ঘা হয় আৰু পেটত গেছ হয়।মেক্সিমৰ মেডিকেল কলেজৰে(এসময়ৰ)অধ্যাপক আদিলেছে কৈছে যে কৰ্কট ৰোগীৰ শতকৰা ৯৯ জনেই শৌচ কচা সুত্ৰপাত হব পাৰে।বিশেষভাৱে দেখা দিয়া ৰোগ হৈছে অৰ্শ,ভগন্দৰ আদি গুহ্যদ্বাৰৰ ৰোগ।

শৌচ কচা নিৰাময়ৰ বাবে বিভিন্ন চিকিৎসা পদ্ধতি সমৰ্থিত উপায় কিছুমান তলত দিয়া হল।

চিকিৎসা

সাধাৰন শৌচ কচা অসুখত ৰাতি এক গিলাচ গৰম গাখীৰৰ সৈতে দুই চামুচ ইচবগুলৰ ভূচি আৰু দুই চামুচ চেনি মিহলাই খালে শৌচ খোলোচা হয়।

এটা কেচাঁ অমিতা তৰকাৰী কৰি দিনত দুৱাৰ খালে সাধাৰন শৌচ কচাত ভাল ফল দিয়ে।

সৰু লৰা-ছোৱালীয়ে শৌচ নহলে পাণৰ ঠাৰিৰ এৰা গছৰ গুটিৰ তেল লগাই গুহ্যদ্বাৰত সোমাই ধৰি থাকিলে শৌচ হয়।

তিন, চাউল, আৰু মচুৰ দাইলৰ খিচিৰি বনাই খালে শৌচ খোলোচা হয়।(তিলৰ ২ গুন চাউল, চাউলৰ ২ গুন ডাঙৰ মচুৰ)

ত্ৰিফলা(আমলখি,শিলিখা,ভইৰাঁ বা ভোমোৰা)১৫ গ্ৰাম(৩-৪ চামুচ)এগিলাচ পানীত গুলি ৰাতি শোৱাৰ আগত আৰু ৰাতিপুৱা খালি পেটত খালে কোষ্ঠকাঠিন্য দূৰ হয়।

এৰাৰ তেল ১২ গ্ৰাম(৩ চামুচ)গৰম পানী বা গৰম গাখীৰত ৰাতিপুৱা খালি পেটত খালেও শৌচ হয়।সাধাৰনতে ডাঙৰক ২=৪ চামুচ আৰু সৰু লৰা-ছোৱালীক ১ চামুচ খুৱাব লাগে।ৰাতি শোৱাৰ সময়তো খাই থাকিব পাৰি,ৰাতিপুৱা ভাল শৌচ হয়।গাখীৰ বা পানীত অলপ লৈ খাব।

পুৰনি বা কঠিন শৌচ কচা অৱস্থাত ডাঙৰ মানুহে ৪ চামুচ খাব পাৰে।সাধাৰনতে ২৫-৩০ টোপ এৰাৰ তেল খালেই কাম হয়।

এৰাৰ তেল নিৰাপদ হানিৰহিত জুলাপ।কণ কণ শিশুকো খুৱাব পাৰি।মাকৰ গাখীৰ খাই যদি শিশুৰ পেট ব্যাথা হয়,বমি হয়,তেনেহলে এৰাৰো তেল ৩-৫ টোপাল খুৱাব পাৰি।ইয়াৰ পৰা অন্ত্ৰ অথবা পাকস্থলীৰ কোনো ক্ষতি নহয়।এৰাৰ তেল ব্যৱহাৰৰ ফলত অৰ্শ,আম বা শাওঁ পৰা দূৰ হয়,চকু আৰু ছালৰ খুজুৱতি আদি ৰোগো ভাল  হয়। গতিকে কোনো দ্বিধাবোধ নোহোৱাকৈ এৰাৰ তেল জুলাপ হিচাপে ব্যৱহাৰ ক্কৰিব পাৰি।

পেটৰ ৰোগত শক্তিশালী ফলপ্ৰদ এবিধ ঔষধ।

সৰু জাতৰ শিলিখা(হৰীতকী)

১০০ গ্ৰাম গৰুৰ ঘিউত ভাজি লওঁক।ভাজোতে ফুলি উঠি ধোঁৱা ওলাবলৈ ধৰিলে নমাই থওঁক। ১০০ গ্ৰাম গুৱা-মৰি দুভাগ কৰক।এভাগ আগৰ দৰে ঘিউত ভাজক।বাকী ভাগ খুন্দি গুড়া কৰক।এতিয়া ভজা শিলিখা আৰু ভজা গুৱা মৰি খুন্দি কৰক।আধা গুড়ি হলেও হব।শিলিখা,গুৱা-মৰি ভজা আৰু কেচাঁ সকলো মিহলাওঁক।এতিয়া ২০০ গ্ৰাম গৰুৰ ঘিউ(হজম শক্তি বৰ কম হলে ঘিউৰ পৰিমানো কম কৰি)শিলিখা গুৱা-মৰিৰ চূৰ্নবোৰৰ সৈতে মিহলাই এটা বটলত ভৰাই থওঁক।এইটোৱেই পেটৰ ৰোগৰ ফলপ্ৰ্দ ঔষধ।

এই ঔষধ ১০ মিলিলিটাৰ (দুই চামুচ)প্ৰ্তিদিন ৰাতিপুৱা আৰু গধূলি গৰম গাখীৰৰ লগত খালে খুব উপকাৰ হয়।পুৰনি শৌচ কচা ৰোগত এই ঔষধ নিয়মিত্ভাৱে কিছুদিন খালে দূৰ হ্য়।ঔষধ খোৱাৰ ২ ঘ্ন্টা আগত আৰু পাছত একো খাব নালাগে। ১৫ দিনৰ মূৰে মূৰে খাই থাকিলে পেট পৰিস্কাৰ হৈ থাকে।শৌচ কচাৰ উপৰিও পেটৰ গেছ,আমাশয় আদিতো ভাল কাম কৰে। ক্ৰিমি নাশ কৰে। ইয়াৰ উপৰিও ই হৃৎপিণ্ডৰ বলবৰ্দ্ধক আৰু চকুৰো জ্যোতি বৃদ্ধি কৰে।এই ঔষধ বছৰৰ সকলো ঋতুতে খাব পাৰি।

দুটা কমলাটেঙাৰ ৰস ৰাতিপুৱা খালি পেটত ৮-১০ দিনমান খালে পুৰনি বা কঠিন ধৰনৰ শৌচ কচা অসুখো একেবাৰে নোহোৱা হয়।এই ৰসত নিমখ,মছলা আদি একো দিব নালেগে আৰু খোৱাৰ পাছত ১-২ ঘন্টা একো খাব নালাগে।

আমলখিৰ মোৰব্বা খালে শৌচ কচা দূৰ হয়।১০ গ্ৰাম আমলখি মৌৰ সৈতে ৰাতিপুৱা খালেও শৌচ কচা নাথাকে।

শৌচ কচা হলে বা শৌচ বন্ধ হলে কেনেকৈ সহজতে পেট পৰিস্কাৰ কৰিব পাৰি,সেই বিষয়ে সহজতে পাব পৰা ঔষধ কিছুমানৰ কথা আমি ওপৰত উল্লেখ কৰিলোঁ।হঠযোগ শাস্ত্ৰৰ বস্তিক্ৰিয়া এটি উত্ত্ম কব্জহাৰ।ইয়াৰ দ্বাৰা শৌচ পূৰ্নভাৱে নিৰ্গত হোৱাৰ উপৰিও পৰিপাক প্ৰ্নালীৰ পাকস্থলীৰ পৰা গুহ্যস্থলীলৈ অন্ত্ৰাদি সকলো অংগকে ধুই চাফ কৰি সকলো ৰোগৰ পৰা মুক্ত কৰে।আমাশয়,পিত্তশূল,নতুন-পুৰনি গ্ৰহনী আদি সমস্ত পেটৰ বিতাৰিত হয়।পেটৰ সকলো শূল-বেদনাৰ পৰা মুক্ত কৰিব।তলত কোষ্ঠকাঠিন্য ৰোগ মুক্তিৰ বাবে প্ৰাকৃতিক চিকিৎসা আৰু যোগাসনৰ কেইটিমান আৱশ্যকীয় কথাৰো উল্লেখ কৰা হল।

শৌচ কচা ৰোগৰ পৰা মুক্তি লাভৰ বাবে যোগাসন আৰু প্ৰাকৃতিক চিকিৎসাৰ ওপৰতো সম্পূৰ্ন নিৰ্ভৰ কৰিব পাৰি।আমাৰ ভাৰতবৰ্ষত,যোগীসকলৰ মাজত বৃহদন্ত্ৰৰ কলন(গুহ্যস্থলী) খালি কৰিবৰ বাবে গনেশক্ৰিয়া কৰাৰ নিয়ম প্ৰ্চলিত হৈ আহিছে।যদি কোনোৱে শৌচ কৰাৰ পাছত পেট খালি হোৱা যেন অনুভৱ নকৰে,শৌচ ৰৈ থকা যেন অনুভৱ কৰে,তেনেহলে তেওঁ বাওঁহাতৰ ৰ্তজ্জনী আঙুলিটো গুহ্যদ্বাৰাৰে সম্পূৰ্নকৈ ভিতৰলৈ সোমাই দি কিছুসময় ধৰি থাকিব পাৰে।তাকে কৰিলে অন্ত্ৰৰ মাংশপেশীৰ কণ্ট্ৰাকছন এণ্ড ৰিলাক্সেছন আৰম্ভ হব, চুঙাৰ মাজৰ ঢৌ উঠাৰ দৰে হৈ গতিশক্তিৰ সৃষ্টি কৰিব আৰু বৃহৎ অন্ত্ৰৰ পৰা ময়লাবোৰ ঠেলি বাহিৰলৈ উলিয়াই দিব।ইয়াৰ নামেই গনেশক্ৰিয়া।যদি গনেশক্ৰিয়া কৰিবলৈ ভাল নেপায় তেতিয়া এনিমা কৰিব পাৰে।ইয়াত হাতৰ আঙুলি লেতেৰা নহয়। এনিমা হৈছে কুহুমীয়া গৰম পানী পাম্প কৰি গুহ্যদ্বাৰেৰে ভিতৰলৈ সোমাই দিয়া কাম।পানী সোমাই দিয়াৰ কেই ছেকেণ্ডমানৰ ভিতৰতে শৌচৰ গতি উদ্বুদ্ধ হৈ ময়লা আৰু সোমাই দিয়া পানী ওলাই আহে।কেইবাৰমান এই ধৰনৰ ক্ৰিয়া কৰিলে কলন পৰিস্কাৰ হৈ পৰে।ইয়াৰ বাবে ৰবৰৰ এবিধ আহিলা ‘এনিমা ছিৰিঞ্জ’ছাৰ্জিকেল বস্তৰ দোকানবোৰত কিনিবলৈ পোৱা যায়।ডা:ই।ইউ।এম।চি।কলেন ৰাতিপুৱা খালি পেটত,দুই গিলাচ গৰম পানীত চাহ চামুচেৰে দুই চামুচ নিমখ মিহলাই খাবলৈ কৈছে।তাকে কৰিলে শৌচ খোলোচা হব।মাজে সময়ে তেনেকৈ নিমখ পানী খাই পেট পৰিস্কাৰকৈ ৰাখিব পাৰি।গুৱাহাটীত কামাখ্যাৰ ওচৰৰ উমাচল যোগাশ্ৰ্ম আৰু যোগ হাস্পাতালৰ তত্বৱধায়ক স্বৰ্গীয় স্বামী শিবনন্দ সৰস্বতীয়ে,শৌচ নহলে এক লিটাৰ পানীত তিনি চামুচ নিমখ আৰু এটা নেমুটেঙাৰ ৰস মিহলাই ৰাতিপুৱা খালি পেটতে খাবলৈ কৈছে।পানী খাব পৰা ধৰনৰ গৰম হব লাগে।এই নিমখ মিশ্ৰিত পানী খোৱাৰ কেইমিনিটমান পাছতে শৌচ কৰাৰ ভাৱ হয়।শৌচ হলে তাৰ পাছত আৰু দুৱাৰমান কেৱল গৰম পানী খাব লাগে।প্ৰ্তিবাৰ খোৱাৰ পাছতে আকৌ শৌচ হয় আৰু পেট সম্পূৰ্নভাৱে পৰিস্কাৰ হয়।পেট খালি হৈ যোৱা যেন লাগে।শৌচৰ দ্বাৰাৰে কেৱল বগা পানী ওলাব ধৰিলে আৰু পানী খাই শৌচ কৰাৰ আৱশ্যক নকৰে।ইয়াতকৈ ভাল জুলাপ  মই আৰু একো পোৱা নাই।এই জুলাপ মই নিজে ব্যৱহাৰ কৰি উপকৃত হৈছোঁ।ই পেটৰ সকলো ৰোগকে নিৰ্মূল কৰে।ই পেটৰ সকলো ৰোগকে নিৰ্মুল কৰে।মিশ্ৰনত নিমখ তিনি চামুচৰ কম কৰিব নালাগে।তেতিয়া শৌচ নহবও পাৰে।পানী,নিমখ,নেমুৰ ৰস কোনোটোকেই কম কৰিব নালাগে।তেতিয়া শৌচ নহবও পাৰে।পানী,নিমখ,,নেমুৰ ৰস কোনোটোকেই কম কৰিব নালাগে।মিশ্ৰ্ণটো খোৱাৰ ১০-২০ মিনিটৰ ভিতৰতে শৌচ হব।নহলে আৰু আধা জোখৰ মিশ্ৰন পানী কৰি লৈ খাব লাগে।কেতীয়াবা শৰীৰত পানী কম থাকিলে পানী শৰীৰে শুহি লোৱাৰ ফলত বৃহৎ অন্ত্ৰত গৈ পানী কম হব পাৰে।ফলত শৌচ নহয়।শৌচ নোহোৱালৈকে গা ভাল নালাগে।তাৰ বাবে চিন্তাৰ কাৰন নাই,শৌচ হলে নতুন জীবন পোৱাৰ দৰে হয়।মিশ্ৰনটোৰ সোৱাদ উগ্ৰ টেঙা,হয়তো বহুতৰে খাবলৈ ভাল নালাগিব পাৰে।দাঁত টেঙাই যায়।সেইবাবে মিশ্ৰ্ন পানী খোৱাৰ পাছত কেৱল পানীৰে মুখখন ধুই পেলাব পাৰে।তেতিয়া আৰু এই সমস্যা নাথাকে।মিশ্ৰনৰ টেঙা লগা অসুবিধাতকৈ ইয়াৰ উপকাৰ বহুত বেছি।ই পেটৰ সকলো ধৰনৰ শূলৰোগ নিৰ্মূল কৰিব।আজিকালি বহুতৰে গ্ৰহনী ৰোগ ভাল হব।পেটৰ যিকোনো ৰোগ থাকিলে প্ৰথমতে সপ্তাহৰ এবাৰ বা দুবাৰ তিনিমাহমান খাব লাগে। তাৰ পাছত মাহত এবাৰকৈ খালেও হয়।ৰোগ আৰোগ্য হোৱাৰ পাছতো মাজে মাজে খাই পেট পৰিস্কাৰকৈ ৰাখিব লাগে।গুহ্যদ্বাৰৰ মুখৰ মাংসপেশীবোৰ এবাৰ স্ংকোচন আৰু এবাৰ শিথিল কৰি দিলেও বৃহৎ অন্ত্ৰৰ কলনত ঢৌ উৎপাদিত হয় আৰু গতি শক্তিৰ সৃষ্টি হয়।ফলত ময়লবোৰ বাহিৰ ওলাই আহে।সাধাৰন শৌচ কচা অৱস্থাত সেইধৰনে গুহ্যদ্বাৰাৰ মাংসপেশী কিছুসময়লৈ এবাৰ চেপি ধৰি এবাৰ এৰি দি থাকিলে শৌচ হব।ইয়াক অশ্বিনী মুদ্ৰা বোলে।ইচবগুল ১৫ মিলিগ্ৰাম ৰাতি শোৱাৰ সময়ত পানী বা গাখীৰত মিহলাই খালেও ৰাতিপুৱা শৌচ কৰাৰ সম্যত ময়লাবোৰ পিছলাই লৈ আহে। শৌচ কচা থকা মানুহে নিতৌ যোগাসনৰ নিয়লিক্ৰিয়া কৰা আৱশ্যক। যোগাসনৰ অন্যান্য শৌচ কচা নিবাৰক আসনবোৰ হৈছেউত্তানপদাসন,ভুজংগাসন,শলভাসন,পশ্চিমমোক্তাসন,শৱাসন আৰু সৰ্বাংগাসন।

“শিবাম্ভ:” বা স্বমুত্ৰ সেৱন শৌচ কচা নিবাৰনৰ এক ফলপ্ৰদ উপায়।এসময়ৰ ভাৰতৰ প্ৰ্ধানমন্ত্ৰী আৰু ভাৰতীয় সংস্কৃতিত পূৰ্ন বিশ্বাসী,মোৰাৰজীভাই দেছায়ে তেওঁৰ কঠিন শৌচ কচা অসুখ,এই ইউৰিন থেৰাপিৰে আৰোগ্য কৰিবলৈ সক্ষম হৈছিল।দিল্লীৰ কাংগ্ৰী বিশ্ববিদ্যালয়ৰ ত্ৎকালীন উপাচাৰ্য ডা:সত্যব্ৰত সিদ্ধান্তলংকাৰে এবাৰ ইউৰিন থেৰাপি বা স্বমূত্ৰ সেবন পদ্ধতিৰে বিষয়ে জানিবলৈ মোৰাৰজী ভাইলৈ চিঠি লিখিছিল—“I am taking it regularly for the last ten years with the result that it has cured me of the inveterate constipation of ten years.I take it every day and after evacuation and before taking bath.I massage with it the part where prostrate is situated.I wash my eyes with it morning and evening.I put some drops of it in  the ears for it prevent deafness.Ten years before I had the symptoms of oncoming cataract.Since I have started washing my eyes with it cataract has not progressed and consequently.I have no visual complaints.Early in the morning after leaving the bed I take 6 to 8 ounces(190 ml to 227 ml approximately)of urine.IF I feel restleness then second time also I take it in  the afternoon,or at night,but this seldom happens.—“মই যোৱা দহবছৰীয়া পুৰনি বদ্ধমূল শৌচ কচা অসুখৰ পৰা আৰোগ্য হবলৈ সক্ষম হৈছোঁ।মই সদায় ৰাতিপুৱা শৌচ কৰাৰ পাছত আৰু গা ধোৱাৰ আগতে খাওঁ।মই মূত্ৰগ্ৰন্থী থকা ঠাইখিনিও ইয়াৰে মালিছ কৰোঁ।মই ৰাতিপুৱা আৰু গধুলি ইয়াৰে চকু ধোওঁ।কেইটোপালমান মই মোৰ কানতো দিওঁ কাৰন ই বধিৰতা দূৰ কৰে।দহ চছৰ আগতে মোৰ চকুৰ ছানি আৰম্ভ হৈছিল।মই যেতিয়া ইয়াৰে চকু ধুবলৈ ধৰিলো,চকুৰ ছানিৰোগ আৰু নাবাঢ়িল।মোৰ এতিয়ালৈ আৰু দৃষ্টিশক্তিৰ কোনো সমস্যাৰো সৃষ্টি হোৱা নাই।ৰাতিপুৱা সোনকালে বিছনা এৰিয়েই মই ৬-৮ আউন্সমান(১৯০ মিলিলিটাৰৰ পৰা ২২৭ মিলিলিটাৰ)মোৰ প্ৰস্ব্ৰাৱ মই খাওঁ।কেতিয়াবা অস্থিৰতা অনুভৱ কৰিলে দ্বিতীয় বাৰলৈও আবেলি বা ৰাতি খাওঁ কিন্ত সেইটো কেতিয়াবাহে হয়।

মোৰাৰজী ভাই দেছাইৰ ভাষ্যৰ পৰা এইটো প্ৰ্মানিত হৈছে যে স্বমূত্ৰ সেৱনে নানাভাৱে শাৰীৰিক দিশত,মানুহৰ উপকাৰ সাধন কৰে। মোৰাৰজী দেছাই আমাৰ যোৰহাটৰ ওচৰত উৰাজাহাজৰ দুৰ্ঘটনাত পতিত হৈছিল।দুৰ্ঘটনাত তেওঁৰ বাহিৰে কোনো এজনো বাচি থকা নাছিল।

শৌচ কচা হোৱা ৰোগটো, শৰীৰটো খাদ্য খাই জীয়াই থকাৰ যি বিধি বিধান তাৰ সৈতে জড়িত হোৱা ৰোগ।গতিকে এবাৰ ঔষধ-পাতি খাই পেট পৰিস্কাৰ কৰিলেই সি পাছলৈও সদায় কাম দি নাথাকিব পাৰে।খোৱা খাদ্যৰ প্ৰ্তিও সচেতন হব লাগিব।খাদ্যবস্ত যাতে সহজতে হজম হয়,শৌচ কচা নকৰে তেনে খাদ্য বাছি বিচাৰি খাব পাৰিলে পেট সদায় পৰিস্কাৰ হৈ থাকিব।দেহ-সুখ,স্বাস্থ্য অটুট থাকিব।মই কব্জানাশক কেইটিমান অতি আৱশ্যকীয় কথা তলত উল্লেখ কৰিলোঁ।

শৌচ কচা কৰা খাদ্য যিমান পাৰি কম খাব

শৌচ কচা কৰা খাদ্য পাৰিলে নাখাব।নোৱাৰিলে সদায় নাখাব আৰু কমকৈ খাব।বেছি প্ৰোটিনযুক্ত খাদ্যই শৌচ কচা কৰে।জীৱ জন্তৰ পৰা পোৱা খাদ্যবোৰত প্ৰোটিন বেছি থাকে।গতিকে শৌচ কচা কৰে।মাংস,কনী মাছ আদিয়ে শৌচ কচা কৰে।আঠালেতিয়া বা মাৰ থকা খাদ্যবস্তই শৌচ কচা কৰে।ঘিও,ক্ৰিম,মাখন,ভাত,দালি ময়দা আদিয়েও শৌচ কচা কৰে।কমকৈ খাব।মছলা দিয়া তেলত ঘিউত ভজা খাদ্য,মদ,মিঠাই চাহ কফি,জালুক,জলকীয়া সহজতে হজম নহয় বাবে কমকৈ খাব লাগে।শৌচ কচা ৰোগ থাকিলে নোখোৱাই ভাল।কৃত্ৰিম খাদ্যবোৰ সহজে হজম নহয়।প্ৰাকৃতিক খাদ্যহে শৰীৰৰ বাবে উপকাৰী।

সহজতে হজম হয়, খালে শৌচ খোলোচা হয়,সেইবোৰ খাদ্য খাওঁক:সতেজ বা নতুনকৈ বনোৱা খাদ্য সহজে হজম হয়।সিদ্ধ খাদ্য সহজে হজম হয়।মছলা-পাতি নথকা সাধাৰ্ন খাদ্য সহজে হজম হয়।প্ৰকৃতিপ্ৰ্দত্ত প্ৰাকৃতিক খাদ্যহে শৰীৰৰ বাবে উপকাৰী,তেনে খাদ্য খাওঁক।সেউজীয়া শাক-পাচলী আহযুক্ত খাদ্য আৰু আৰু চালাদ খাদ্যই শৌচ খোলোচা হোৱাত সহায় কৰে।তেনে খাদ্য প্ৰ্তি সাজতেঁ খাওঁক।কিছুমান খাদ্যদ্ৰব্য ৰান্ধি তৰকাৰী কৰি খোৱাৰ বাহিৰেও কেচাঁই কেছাঁই খাব পাৰি।তিয়ঁহ,গাজৰ,মূলা,পিয়াজ,বন্ধাকবি ভিতৰ অংশ,তেনে খাদ্যবস্ত আৰু এইবোৰৰ পৰা চালাদ বনাই খাব পাৰি।ইণ্ডিয়ান ইনষ্টিটিউট অব যোগ-পাটনাৰ একালৰ সঞ্ছালক ডা:ফালগেণ্ডা সিনহাই প্ৰ্তিদিনে আমাৰ খাদ্যৰ সৈতে আধাকাপমান চালাদ ৰাখিবলৈ উপদেশ দিছে।দিন আৰু ৰাতিৰ খাদ্য ভাত বা ৰুটি খাবলৈ ধৰোতে প্ৰ্থমতেই চালাদ খাব লাগে।সেউজীয়া শাক আমাৰ শৰীৰৰ বাবে উপকাৰী খাদ্য।ইয়াত প্ৰোটিন,ভিটামিন,আইৰন আদি থাকে আৰু শৌচ খোলোচা কৰে।এই খিনিতে প্ৰ্চলিত কথা এফাকিলৈ মন কৰিব পাৰি।

মাংসত মাংস বাঢ়ে

ঘিউত বাঢ়ে বল।

গাখীৰত সূৰ্যৰ কান্তি

শাকত বাঢ়ে মল।

অৰ্থাৎ শাক খালে শৌচৰ পৰিমান বেছিকৈ ওলাই আহোতেঁ পেট পৰিস্কাৰ হৈ যায়।শাক-পাচলি কিন্ত ধোওঁতে-মিলোঁতে,ৰান্ধোতে ভিটামিনৰ বহুখিনি নষ্ট হয়।বিশেষকৈ ভিটামিন চি কমি যায়।কিছুমান বস্ত আকৌ ৰান্ধি খালে তাৰ গুনেই নাথাকে।ঊদাহৰন স্বৰুপে পকা বিলাহীৰ ৰস আমাৰ শৰীৰৰ বাবে লাগতিয়াল বস্ত।আমাৰ শৰীৰৰ তেজৰ যি পনীয়া ভাগ তাৰ সৈতে বিলাহীৰ ৰস একে পৰ্য্যায়ৰ বস্ত।পকা বিলাহী কেঁচাই কেচাঁই খালে এইবোৰ পোৱা যায়।কিন্ত বিলাহী ৰান্ধিলে তাৰ সকলো গুন নষ্ট হৈ চাইট্ৰিক এচিডটোহে থাকে।গতিকে বিলাহীৰ ৰন্ধা খালে সহজে হজম নহয়। পেটৰ অসুখ থকা মানুহে খালে অসুখ কৰে।সেইবাবে পকা বিলাহী চালাদ হিচাপেহে উত্ত্ম খাদ্য।পেট পৰিস্কাৰকৈ ৰখাৰ বাহিৰেও “চালাদ”বৃক্কগ্ৰন্থিক সবলকৈ ৰখাৰ এবিধ উত্ত্ম খাদ্য।

আমি আগতে কৈ আহিছোঁ যে গাখীৰৰ পৰা উৎপাদিত ক্ৰিম-মাখন,ঘিউ,বিভিন্ন মিঠাই আদি খাদ্যত শৌচ কচা হয়।কিন্ত তাৰ বিপৰীতে দৈ আৰু ঘোল খালে শৌচ খোলোচা হয়।তেনেকৈ তেলযুক্ত বিভিন্ন মাছৰ পৰাও সাধাৰনভাৱে শৌচ কচা হব পাৰে।কিন্ত সৰু সৰু মাছ তাৰ বিপৰীত।শৰীৰৰ বাবে হাড়ৰ বাবে উপকাৰী শৌচ খোলাচাও হয়।গতিকে এইবোৰ সঘনে খাওক।

পকা টেঙা মিঠ ফল উপকাৰী—পাৰ্যমানে খাওক:নেমুটঙা,কমলা,মাটিকঁঠাল,অনাৰস আদি যকৃতৰ বাবে টনিক।যকৃত ভালে থাকিলে খাদ্য হজম হোৱাত বাধা নাথাকে।শৌচো খোলোচা হৈ থাকে।পকা মিঠা ফল,শুকান ফল ৰস(মৌচম্বী)আদিয়ে ভিটামিন খনিজ লোণ আদি শৰীৰৰক যোগান ধৰাৰ উপৰিও শৌচ খোলোচা হোৱাত সহায় কৰে।অমিতা কেচাঁ বা পকা উভয় প্ৰকাৰেই উপকাৰী।পকা অমিতা ফল হিচাপে খাওঁক আৰি কেচাঁ অমিতা ৰান্ধি তৰকাৰী হিচাপে খাওঁক।শৌচ খোলোচা ৰাখিবলৈ অমিতা এবিধ উত্ত্ম খাদ্য।মাটিমাহৰ দাইলৰ খাৰৰ আঞ্জা খালেও শৌচ খোলোচা হয়।

খোৱা খাদ্য ভালকৈ চোৱাই খওক

খাদ্যবস্ত হজম হোৱাৰ প্ৰক্ৰিয়া মুখতেই আৰম্ভ হয়।ইয়াৰ পাছত পাক্স্থলীত আৰু তাৰ পাছত অন্ত্ৰবোৰত হজম হয়,শৰীৰে সাৰভাগ অন্ত্ৰবোৰত থকা শোষন প্ৰক্ৰিয়াৰ দ্বাৰা গ্ৰহন কৰে আৰু অৱশিষ্ট ভাগ ময়লা হৈ বৃহৎ অন্ত্ৰৰে কলনত জমা হৈ নিৰ্গত হয়।

মুখত দাতেৰেঁ খোৱা বস্তবোৰ ভাঙি গুড়ি কৰা হয়।দাতেৰেঁ চোবাই থাকোতেঁ মুখৰ পৰা লালটি ওলায় আৰু এই লালটিৰে খাদ্য হজম হোৱাত সহায় কৰে। গতিকে খাদ্যবস্ত ভালকৈ চোবাই খাব লাগে।চোবাই থাকিলে প্ৰ্তি গৰাহ খাদ্যৰ সোৱাদ বিশেষভাৱে ওলায় আৰু এই সোৱাদ আহি থকালৈকে চোবাই থাকিব লাগে।ই বেয়া অভ্যাস,পেটত দাঁত নাই,সেইবোৰ মিহি হৈ মগু হওতে পলম হয়।মুখৰ লালটিও পূৰ্নৰুপে নাপায়।বদহজম হয়।

আহাৰ পেট ভৰাই নাখাব

আহাৰ খাওঁতে অধা বা চাৰিভাগৰ তিনি ভাগ পেট ভৰাকৈ খাব। বাকী এভাগ প্ৰ্তিবাৰ খাদ্য খাওতে খালী ৰাখিব।পাকস্থলীত খাদ্যবস্তবোৰ সনা-পোটোকা হয়।পাকস্থলীৰ চাৰিওফালে বেৰবোৰৰ পৰা গেছট্ৰিক ৰস ওলাই খাদ্যত মিহলি হবলৈ বস্তবোৰ লৰ-চৰ কৰিবলৈ ধৰে।ঠাই খালি নাৰাখিলে লৰিব-চৰিব কেনেকৈ?পেট গোমোঠা মাৰি ধৰে।হজমত ব্যঘাত হয়।আমাৰ সমাজত প্ৰচলিত কথা এফাঁকি আছে—

“কম খালে বেচি খায়, ৱেছি খালে কম খায়”।অৰ্থাৎ প্ৰ্তিসাজ আহাৰ কমকৈ খালে বেছি দিনলৈ খায়-বা বেছি দিন জীয়াই থাকে আৰু বেছিকৈ খালে কম দিনলৈ খায় অৰ্থাৎ বেচিদিন জীয়াই নাথাকে বেমাৰ লাগে আৰু সোনকালে মৃত্যু হয়।অৱশ্যে ইয়েই মৃত্যু নিৰ্ধাৰন নকৰে।কিন্ত ৰোগ হয়।কমকৈ আহাৰ খোৱা অভ্যাস কৰিলে পেট খোলোচা হৈ থাকে।কনষ্টিপেছন বা শৌচ কচা হোৱাৰ সমস্যা কম হয়।

প্ৰ্তিদিনে ৮-১০ গিলাচ পানী খাওঁক

পানীয়ে নলী নৰ্দমাবোৰ যেনেকৈ চাফ কৰাত সহায় কৰে,তেনেকৈ শৰীৰৰ ভিতৰৰ সকলো অলাগতিয়াল বস্তবোৰ বিভিন্ন দুৱাৰেৰে বাহিৰলৈ উলিয়াই দিয়াত সহায় কৰে।পানী কম হলে এই অলাগতিয়াল বস্ত্ববোৰ ঠায়ে ঠয়ে বন্ধ হৈ থাকে।গতিকে বৃহৎ অন্ত্ৰত পনী কমিলে শৌচো কচা হয়।আমি আগতেও উল্লেখ কৈছো যে এবাৰ প্ৰ্স্ব্ৰাব কৰোতেঁ প্ৰায় ৫০০ মিলিলিটাৰলৈ প্ৰ্স্ৰাব ওলাই আহিব পাৰে।গতিকে প্ৰ্তিদিনে ৪-৫ লিটাৰ পানী খাব।আহাৰৰ লগত বেছি পানী নাখাব।হজম হোৱাত বাধা হয়।কাৰন পেটৰ গেছট্ৰিক “জুইচ”তৰল হৈ ক্ষমতা কমি যায়।খালী পেটত পানী যিমান পাৰে খাওঁক।আহাৰ খোৱাৰ এক ঘ্ণ্টাৰ ভিতৰত পানী নাখাব।তেতিয়া পাকস্থলীৰ কাম পূৰ্নগতিত আৰম্ভ হয়।

তথ্য সংগ্ৰহ: ব্ৰজনাথ শৰ্মা।
3.04761904762
জোন Jul 27, 2017 01:41 AM

দিনৰ ভাগত পেটতো অলপ বিষাই।
কিন্তু ৰাতি হ'লেই পেটতো অলপ অলপ কৈ ডাঙৰ হৈ টেকেলী এটাৰ দৰে হৈ যায় ।
লগতে ভৰ ও বিষ বেছি হয় ।
এইটো কি বেমাৰ ?

মাণিক গগৈ, কলিয়াপানী,নাহৰকটীয়া । Apr 29, 2017 08:32 PM

আমাশয় বা গ্ৰহনী Acidity বুলি লিখিছে প্ৰকৃততে Dysentery হব লাগে । ভুলতে লিখা বোৰ শুদ্ধৰাই দিলে ৰোগী সকলে ৰোগ চিনাক্ত কৰাত সুবিধা হব আৰু উচিত চিকিৎসা কৰি উপকৃত হব ।

মাণিক গগৈ Apr 29, 2017 08:20 PM

আমাশয় বা গ্ৰহনী মানে ইংৰাজীত Dysentery হব লাগে । ভুলতে Acidity বুলি লিখা হৈছে । Acidity মানে অম্লপিত্তহে ।ভুল টো শুদ্ধ কৰি দিলে ৰোগী সকলে বেমাৰ চিনি পোৱাত সহায়ক হব ।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top