অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হৃৎপিণ্ডৰ ৰোগ

হৃৎপিণ্ডৰ প্ৰধান অসুখ হ’ল কৰ’নেৰি থ্ৰম্ব’ছিছ, হাৰ্ট এটেক বা হাৰ্ট ষ্ট্ৰ’ক আৰু হাৰ্ট ফেইলিঅ’ৰ।

কৰ’নেৰি থ্ৰম্ব’ছিছ

মানুহৰ তেজত প্লেটলেট নামৰ কাঁহীৰ আকাৰৰ ৰক্ত কণিকা থাকে। এইবোৰে তেজ গোট মৰাৰ কাম কৰে। ক’ৰবাত কটা-ছিঙা হ’লে অলপ পাছত (জখম বেছি নহ’লে) সেইবাবে তেজ যোৱা বন্ধ হৈ যায়। কাৰণ তাত তেজ গোট মাৰে। কিন্তু কোনো পৰিৱেশত কেতিয়াবা ৰক্তবাহিকা নাড়ীৰ ভিতৰতে তেজ গোট মাৰে আৰু সেই পিনে তেজ চলাচল বন্ধ হৈ যায় আৰু সেই ঠাইৰ পাছৰ ফালৰ অংগ-প্ৰত্যংগই তেজ নাপায়। এই ব্লাড্ ক্লটবোৰ হৃৎপিণ্ডতে বেছিকৈ হয় (মগজুতো হয়)। এনে হ’লে থ্ৰম্ব’ছিছ ৰোগ হয়। হৃৎপিণ্ডই তেজ নাপালে স্পন্দন অনিয়মিত হয়। হৃদস্পন্দন অনিয়মীয়া হ’লে হৃৎপিণ্ডত খুন্দা মাৰে, হৃৎপিণ্ডৰ অসুখ আৰম্ভ হয়। ইয়াক এংগিনা পেকট’ৰিজ বোলে। ই হৃৎপিণ্ডৰ মাংসপেশীবোৰে তেজ বিচাৰি দিয়া চিঞৰ। ইহঁতে তেজ নাপালে কৰ’নেৰি থ্ৰম্ব’ছিছ আৰম্ভ হয়। হাৰ্ট বা হৃৎপিণ্ডৰ অসুখৰ এইটোৱে প্ৰধান কাৰণ। কৰ’নেৰি আৰ্টেৰী নামৰ নাড়ী এডালে হৃৎপিণ্ডৰ ওপৰভাগত মুকুটৰ দৰে থাকে আৰু হাৰ্টৰ ওপৰ অংশত তেজৰ যোগান ধৰে। হাৰ্টৰ ওপৰ ফালত তোজৰ যোগান ধৰা আৰ্টেৰীডাল হাৰ্টৰ ওপৰত মুকুটৰ দৰে থাকে বাবে ইয়াৰ নাম কৰ’নেৰি আৰ্টেৰী আৰু ইয়াত তেজত মখা বান্ধ খাই হোৱা অসুখক কৰ’নেৰি থ্ৰম্ব’ছিছ বোলে। কৰ’নেৰি থ্ৰম্ব’ছিছ হ’লে হঠাত্ মৃত্যু হয়।

হাৰ্টৰ মাংসপেশীবোৰ সবল হৈ থাকিলে, হাৰ্ট সুস্থ হৈ থাকিলে, উচ্চ ৰক্তচাপ নাথাকিলে এই ৰোগ নহয়।

হাৰ্ট এটেক

হৃৎপিণ্ডলৈ তেজৰ প্ৰৱাহ কেতিয়াবা কম বা অনিয়মিত অথবা বন্ধ হৈ যাব পাৰে। খাদ্যৰ চৰ্বী শৰীৰৰ পৰা বাহিৰ হৈ নাযায়। ই শৰীৰত জমা হৈ থাকে। ফল স্বৰূপে মানুহ শকত হৈ পৰে। ইয়াৰ উপৰিও চৰ্বীৰ পৰা আঠালতীয়া চামনিৰ উৎপন্ন হয়। ইয়াক কলেষ্টেৰল বোলে। এই কলেষ্টেৰলে ৰক্তবাহিকা নাড়ীৰ ভিতৰ ফালৰ বেৰত পাতল ছালৰ দৰে লাগি ধৰে। ফলত নাড়ীৰ ফুটা সৰু হৈ পৰে আৰু নাড়ীবোৰ ডাঠ আৰু কঠিন হ’বলৈ ধৰে, আৰু তেজ চলাচলৰ পথ সৰু হয়। হৃদযন্ত্ৰই সাধাৰণ অৱস্থাতকৈ জোৰ দি পাম্প কৰি তেজ পঠিয়াব লগা হয়। ব্লাডপ্ৰেছাৰ বাঢ়ি যায়। হৃৎপিণ্ডৰো শ্ৰম বাঢ়ে। তেনেকৈ কলেষ্টেৰল জমি জমি কোনো ঠাইত তেজ চলাচলৰ পথ বন্ধ হোৱাৰ উপক্ৰমো হ’ব পাৰে। হৃৎপিণ্ড ভাগৰি পৰিব ধৰে। হৃৎপিণ্ডলৈও তেজৰ যোগান কমি যাব পাৰে। হৃদযন্ত্ৰই নিয়মিত কাম কৰি যাবলৈ ইয়াৰ মাংসপেশীক অম্লজান যুক্ত শুদ্ধ তেজৰ আৱশ্যক। কিন্তু তেজ চলাচল বিঘ্নিত হ’লে হৃৎপিণ্ড দুৰ্বল হয়। হৃৎপিণ্ডত ৰোগৰ লক্ষণে দেখা দিয়ে। ব্লাড ক্লট বা তেজ মখা বান্ধি তেজ চলাচল বন্ধ হোৱাতো হঠাত্ হয়। কিন্তু এই ধৰণৰ হাৰ্টৰ অসুখ ক্ৰমান্বয়ে বাঢ়ে। প্ৰথমতে বুকুত বিষ অনুভৱ হয়। ইয়াক এংগিনা পেকট’ৰিজ বোলে। ই হৃৎপিণ্ডই তেজ বিচাৰি দিয়া চিঞৰ।

প্ৰথমতে ৰোগীয়ে তেনে কোনো অসুবিধা অনুভৱ নকৰে। বিশেষকৈ আৰাম বা বিশ্ৰামত থকা মানুহে অসুবিধা বিশেষ নাপায়। কিন্তু অলপ পৰিশ্ৰম কৰিলে, কিছু দূৰলৈ খোজ কাঢ়িলে বা চিৰি বগাই ওপৰলৈ উঠিলে তেতিয়াই বুকুৰ ব্যথা, বিষ-বেদনা আৰম্ভ হয়, বিষ কান্ধ, পিঠি লৈ যায়। উশাহ বন্ধ হ’ব খোজে, বুকুত হেঁচা মাৰি ধৰা আদি কষ্ট অনুভৱ হয়। কাৰণ বেছি পৰিশ্ৰমৰ কাৰণে হৃৎপিণ্ডক পোৱাতকৈ বেছি তেজৰ আৱশ্যক হৈছে। এই কষ্টৰ নামেই এংগিনা পেকট’ৰিজ বা হৃদয়শূল।

ৰক্ত চলাচল বাধাগ্ৰস্ত হৈ হৃৎপিণ্ডই যেতিয়া হাঁওফাঁওৰ পৰা অহা অক্সিজেনপূৰ্ণ নতুন তেজৰ যোগান নাপায়, ৰক্তপ্ৰবাহ হঠাত্ আবদ্ধ হয় আৰু বুকুত তীব্ৰ যন্ত্ৰণা আৰম্ভ হয়, হৃতযন্ত্ৰ আঘাত প্ৰাপ্ত হয়। এনে অৱস্থাত কেতিয়াবা বিশ্ৰাম ল’লেই বেদনা কমে। অথবা ছৰ্বিট্ৰেট, নাইট্ৰো গ্লিচাৰিন আদি খুৱালে অসুখ কমি যায়। বিশ্ৰাম ল’লে যদি অসুখ নকমে তেনেহ’লে হাৰ্ট এটেক বা হাৰ্ট ষ্ট্ৰ’কৰ লক্ষণ বুলি বুজিব লাগিব আৰু ততাতৈয়াকৈ হৃৎপিণ্ডৰ ৰোগৰ বিশেষজ্ঞৰ সহায় লৈ চিকিৎসা কৰিব লাগিব। কেতিয়াবা এবাৰ হাৰ্ট এটেক হ’লেই মানুহৰ মৃত্যু হয়। কিন্তু বহু সময়ত বাচি যায়। তৃতীয়বাৰ হাৰ্ট এটেক বা ষ্ট্ৰ’ক হ’লে প্ৰায়ে মানুহৰ মৃত্যু হয়। হাৰ্ট এটেকৰ শেষ পৰিণতিয়েই হাৰ্ট ফেইলিঅ’ৰ- মৃত্যু।

হৃদৰোগৰ লক্ষণ

হৃৎপিণ্ডৰ অসুখ হ’লে হৃদযন্ত্ৰৰ আভ্যন্তৰীণ যি অৱস্থাৰ সৃষ্টি হয় আমি তাক আগৰ পাঠত উল্লেখ কৰিছোঁ। তাৰ ফল স্বৰূপেই ৰোগীৰ গাত যিবোৰ লক্ষণ দেখা দিয়ে অথবা ৰোগীয়ে যিবোৰ কষ্ট অনুভৱ কৰে সেইবোৰ তলত দিয়া ধৰণে উল্লেখ কৰিব পাৰি।

(১)ৰোগীয়ে বুকুত ভীষণ যন্ত্ৰণা অনুভৱ কৰে।

(২)খুব ঘাম ওলায়।

(৩)মূৰ ঘূৰায়।

(৪)ভীষণ দুৰ্বলতা অনুভৱ কৰে।

(৫)উশাহ ল’বলৈ কষ্ট হয়।

(৬)বমি বমি ভাব হয়।

(৭)নাড়ীৰ গতি দুৰ্বল হ’ব পাৰে।

(৮)অজ্ঞান হৈ পৰিব পাৰে।

হৃদৰোগৰ কাৰণঃ

(১)চৰ্বী আৰু কলেষ্টেৰল যুক্ত খাদ্য, ঘিউ, মাখন, তেল আদি বেছিকৈ খোৱা।

(২)উচ্চ ৰক্তচাপ ৰোগ।

(৩)বহি বহি কটোৱা আৰু পৰিশ্ৰম বিমুখ জীৱন।

(৪)শৰীৰত লাগি থকা ৰোগ বহুমূত্ৰ, বাতবিষ আদি।

(৫)শৰীৰৰ ওজন বাঢ়ি যোৱা।

(৬)অত্যধিক ৰতি সম্ভোগ।

(৭)চিগাৰেট খোৱা অভ্যাস।

(৮)হাৰ্টৰ মানসিক ৰোগ লক্ষণ আৰু

(৯)বংশত যদি হৃদৰোগ থাকে, হৃদৰোগ হয়।

হৃৎপিণ্ড মনৰ আৱেগৰ স্থল

হৃৎপিণ্ড হৈছে হৃদয়, যিয়ে মানুহক সুখ-দুখ, দয়া-মৰম উপলব্ধি কৰাৰ ক্ষমতা দিয়ে। বহুদিন আগতেই জীৱবিজ্ঞানীসকলে হৃৎপিণ্ডৰ কাৰ্যাৱলীৰ বিশ্লেষণ কৰি উপলব্ধি কৰিব পাৰিছিল যে হৃৎপিণ্ড মানুহৰ আৱেগ-অনুভূতিৰ স্থল। কাৰণ মানুহৰ উত্তেজনাৰ সময়ত, খং উঠিলে আৰু ভয় খালে হৃৎপিণ্ডৰ স্পন্দনৰ গতি বাঢ়ি যায়। এইটোও দেখা যায় যে বিদাৰিত প্ৰেমিক বা প্ৰেমিকা, শোকাকুল পিতা-মাতা, হতাশ হোৱা শিল্পী আৰু দেশান্তৰ হোৱা দেশপ্ৰেমিকসকলে কেতিয়াবা হাৰ্ট এটেক হৈ মৃত্যুৰ মুখত পৰে। ইয়াৰ উপৰিও আমি হিংসুক লোক এজনক কঠোৰ হৃদয়ৰ বা হৃদয়হীন বুলি কওঁ, দয়ালু লোকক, কোমল হৃদয়ৰ, সাহসী লোকক সবল হৃদয়ৰ আৰু কাপুৰুষ এজনক ‘চিকেন হাৰ্টেড্’ বুলি কওঁ। সেই হিচাপে, আৱেগ-অনুভূতি আৰু দুশ্চিন্তা বা উত্কণ্ঠিত অৱস্থাই হাৰ্টৰ ওপৰত বিশেষ প্ৰভাৱ পেলায়। এইবোৰ বেছিকৈ হৈ থাকিলে ৰক্তচাপ বৃদ্ধি হয়, ফলত হৃৎপিণ্ড অকৰ্মণ্য হৈ পৰে আৰু তাকে মানুহে হাৰ্ট ফেইল হোৱা বুলি কয়।

চিকিৎসা

হাৰ্টৰ বিশেষজ্ঞৰ দ্বাৰা পৰীক্ষা কৰাই ততাতৈয়াকৈ চিকিৎসা কৰোৱা নিতান্ত আৱশ্যক। ঘৰুৱা সহায়ক চিকিৎসা হিচাপে তলৰ ব্যৱস্থাবোৰ সুবিধামতে গ্ৰহণ কৰিব পাৰে।

ৰোগৰ প্ৰবলতা কম থাকিলে হৃদৰোগৰ পৰা আৰোগ্য লাভ হ’ব।

আমলখিৰ ৰস ১০ মিলিলিটাৰকৈ ২৫০ মিলিলিটাৰ গৰুৰ গাখীৰৰ সৈতে মিহলাই দিনত এবাৰকৈ হ’লেও খালে হৃদৰোগ ভাল হয়।

১৫ মিলিলিটাৰ নহৰুৰ ৰস, ২৫০ মিলিলিটাৰ গৰুৰ গাখীৰৰ সৈতে খালে যথেষ্ট উপকাৰ হয়।

মৌ পুৱা আৰু গধূলি ২০ গ্ৰামকৈ খালে হৃদৰোগ ভাল হয়।

প্ৰতিদিনে এবাৰ ৫ চামুচ মৌ আৰু ১০০ মিলিলিটাৰ বিলাহীৰ ৰস মিহলাই খালে হৃৎপিণ্ডৰ দুৰ্বলতা দূৰ হ’ব।

চজিনা প্ৰতিসাজত অন্ততঃ ৫০ গ্ৰামকৈ খালে হৃদৰোগ আৰোগ্য হয়।

অশ্বগন্ধাৰ গুড়ি ৩০ গ্ৰাম, গৰুৰ গাখীৰ ১২৫ মিলিলিটাৰত মিহলি কৰি, অলপ গৰম কৰি, দিনত দুবাৰকৈ খালে হৃদৰোগ ভাল হয়।

বেলৰ পাত ১০ টা কৈ একেৰাহে ১৫ দিন খালে উপকাৰ হয়।

ৰুদ্ৰাক্ষ ধাৰণ কৰিলে হৃদৰোগ দমন হয়।

মাটি কঁঠাল (আনাৰস), আমলখি আৰু আঙুৰ হৃদৰোগীৰ কাৰণে উপকাৰী।

শুকান আমলখি (গুটি আঁতৰাই) সমপৰিমাণৰ মিছিৰিৰ লগত লৈ প্ৰতিদিনে পুৱা খালী পেটত ৬ গ্ৰাম বা ২ চামুচ চোবাই খাই অলপ পানী খালে উপকাৰ হয়। কেইদিনমান খালে হৃৎপিণ্ডৰ ৰোগ দূৰ হয়। হৃৎপিণ্ডৰ দুৰ্বলতা, বুকু ধৰফৰ কৰা, অজ্ঞান হৈ পৰা আদি অসুখ নাথাকে। উচ্চ ৰক্তচাপতো ভাল কাম কৰে, হৃৎপিণ্ডৰ শক্তি বঢ়ায়। চ’ত আৰু আহিন মাহত প্ৰতিদিনে এটাকৈ আমলখি ২১ দিন বা এমাহ খালে শৰীৰৰ বাবে বিশেষ উপকাৰ হয়।

নিয়মিতভাৱে (সদায়) কিছুদিন আমলখি একোটাকৈ খালে ৰক্তবাহিকা নাড়ী কোমল আৰু নমনীয় হয়। কলেষ্টেৰল বান্ধ খাই নাড়ীক কঠিন কৰিব নোৱাৰে। নাড়ীৰ মাজৰ তেজ চলাচলৰ পথ (ফুটা) সৰু হৈ নাযায়। ফলত উচ্চ ৰক্তচাপৰ পৰা মানুহে মুক্তি পায়। ৰক্তসঞ্চালন স্বাভাৱিক হয়। ব্লাড্ ক্লট নহয়, হৃৎপিণ্ড নাবাঢ়ে। হাৰ্টৰ অসুখত আমলখি খোৱা অভ্যাস কৰিলে লগত নিমখ নাখাব। আমলখি খোৱাটো হাৰ্টৰ ৰোগ আৰু উচ্চ ৰক্তচাপ প্ৰতিৰোধৰ বাবে এক উত্তম উপায়।

হাৰ্ট এটেক হ’লে আমলখি ক্কাথ (ক্কাথ- সিজোৱা আৰক) পুৱা আৰু ৰাতি দিনত দুবাৰকৈ খালে বিশেষ উপকাৰ হয়। ই হৃৎপিণ্ডৰ শক্তিবৰ্ধক টনিক।

অৰ্জুন গছৰ কেঁচা ছাল কাটি আনি ছাঁত শুকাই খুন্দি গুড়ি কৰক। ২৫০ মিলিলিটাৰ গাখীৰ আৰু একে পৰিমাণৰ পানীত এই অৰ্জুনৰ ছালৰ গুড়ি ৩ গ্ৰাম বা ১ চামুচ মিহলাই উতলাওক। গাখীৰ পানী যেতিয়া আধা হ’বগৈ জুইৰ পৰা নমাই খাব পৰা হ’লে গৰমে গৰমে খাবলৈ দিয়ক। নিয়মিতভাৱে খালে হাৰ্ট এটেক হোৱাৰ ভয় নাথাকে। প্ৰথমতে এমাহ পুৱাই খালী পেটতে প্ৰতিদিনে এবাৰ খাবলৈ দিয়ক। এই ঔষধ খোৱাৰ দুই ঘণ্টালৈ একো খাবলৈ নিদিব। অথবা প্ৰতিদিনে, দিনে ৩ বাৰকৈ, ৩ দিন খুৱাওক। এই ঔষধ খোৱাৰ পাছত আৰু হাৰ্ট এটেক নহয়।

অৰ্জুন গছৰ ছালৰ গুড়াই ইঞ্জেকছনৰ দৰে কাম কৰে। অৰ্জুন গছৰ ছাল, ছাঁত শুকাই, গুড়ি কৰি, কাপোৰেৰে ছেকি ল’ব লাগে। এই মিহি চূৰ্ণ জিভাত লাগিলেই ই কাম আৰম্ভ কৰি দিয়ে। ইয়াক ছৰ্বিট্ৰেট টেবলেটৰ পৰিৱৰ্তেও ব্যৱহাৰ কৰিব পাৰি। অত্যন্ত বুকু ধৰফৰণি হ’লে, নাড়ীৰ গতি বৰ দুৰ্বল হ’লে এই চূৰ্ণ জিভাত লগাই দিয়াৰ লগে লগেই অৱস্থাৰ উন্নতি হ’বলৈ আৰম্ভ কৰিব। আনহাতে ইয়াৰ পৰা কোনো অপকাৰ নহয়, পাৰ্শ্ব প্ৰতিক্ৰিয়াও নকৰে। উচ্চ ৰক্তচাপৰ বাবে হৃৎপিণ্ড ফুলিলে বা শোথ হ’লে সেইবোৰ দূৰ হয়। কিডনিৰ অসুখ হ’লেও, প্ৰস্ৰাৱ বন্ধ হ’ব খুজিলে অৰ্জুন চূৰ্ণই প্ৰস্ৰাৱ মুকলি কৰি দিয়ে, প্ৰস্ৰাৱৰ পৰিমাণ বাঢ়ে।

এই অৰ্জুনৰ চূৰ্ণ ২ চামুচকৈ ভাতৰ লগত ঘিউ অলপ লৈ খালেও হৃদৰোগত উপকাৰ হয়। কিন্তু নিমখ দিব নালাগে।

হৃদৰোগ নিয়ন্ত্ৰণ আৰু নিবাৰণৰ অন্যান্য উপায়ঃ এছপিৰিন নামৰ এল’পেথিক ঔষধ খালে তেজৰ মখাবন্ধা নিবাৰণ হয়, ফলত হাৰ্ট এটেক আৰু হাৰ্ট ষ্ট্ৰ’ক হোৱাৰ সম্ভাৱনা কম হয়। হোমিওপেথিক ঔষধ ক্ৰেটাগাছ মাদাৰ টিনচাৰে হৃৎপিণ্ডৰ পেশীৰ ওপৰত ভাল কাম কৰে আৰু ই হাৰ্টৰ টনিক স্বৰূপ। ১০-১৫ টোপা দিনে কিছুদিন খালে ভাল ফল পোৱা যায়। কুহুমীয়া গৰম পানীত মিহলাই খাব লাগে। ছৰ্বিট্ৰেট আৰু আইছোপ্টিন মিহলাই দিনত ৩ বাৰকৈ খালেও হাৰ্ট এটেক নিবাৰণ হয়। ছৰ্বিট্ৰেটে কলেষ্টেৰল জমা হোৱাটোও ৰোধ কৰে আৰু তেজ মখা বান্ধিবও নিদিয়ে। কিন্তু এই ঔষধবোৰ চিকিত্সকৰ তত্ত্বাৱধানতহে খাব লাগে। মহিলাৰ ক্ষেত্ৰত তেজ মখা বন্ধা লক্ষণ কম হোৱা দেখা যায়। সেয়েহে পুৰুষৰ তুলনাত মহিলা বেছিদিন জীয়াই থাকে। মহিলাৰ জৰায়ু উঠাই দিয়াৰ পাছত এই সুবিধাজনক অৱস্থা আৰু নাথাকে কাৰণ জৰায়ুৰ পৰা নিষ্ক্ৰান্ত হৰম’নৰ কাৰণেই তেজত মখা নাবান্ধে।

গুজৰাট আৰু ৰাজস্থানত হোৱা এবিধ জোপোহা গছ, কমিফোৰা মুকুলৰ পৰা গুগুল, ধূনাৰ দৰে বস্তু উৎপন্ন হয়। আয়ুৰ্বেদ মতে তাৰ পৰা চন্দ্ৰপ্ৰভা বটিকা তৈয়াৰ কৰা হয়। ইয়ো কলেষ্টেৰল নাশ কৰে। এই বটিকাৰে বিষ, বাতবিষতো চিকিৎসা কৰা হয়।

বেছি চৰ্বীযুক্ত আহাৰ খালে পিঁয়াজ আৰু নহৰু খাব লাগে। পিঁয়াজ আৰু নহৰুৰ ৰস কলেষ্টেৰল নাশক, তেজ মখা বান্ধি কৰা থ্ৰম্বছিছ আৰু হাৰ্ট এটেক নিবাৰক। ছৰ্বিট্ৰেটে লগে লগে কাম দিয়ে। ই ৰোগৰ চিকিৎসাত আৰু প্ৰতিৰোধক হিচাপেও কাম কৰে। হাৰ্টৰ ৰোগীয়ে ছৰ্বিট্ৰেটৰ টেবলেট লগত ৰাখিব পাৰে আৰু অসুখ আৰম্ভ হোৱা যেন অনুমান হোৱাৰ লগে লগে এফাল বড়ি জিভাৰ তলত সুমুৱাই দিলে ই লগে লগে কাম কৰিব, হাৰ্ট এটেক হ’ব নিদিয়ে। অৱশ্যে চিকিত্সকৰ তত্ত্বাৱধানতে ঔষধ ব্যৱহাৰ কৰিব লাগে। ডাঃ কে.কে. ডাটে (উইণ্ডচন্ মুম্বাই- ৪০০০০১) এজন খ্যাতনামা হৃদৰোগ চিকিৎসা বিশেষজ্ঞ। ধন্বন্তৰি পুৰষ্কাৰেৰে বিভূষিত চিকিত্সক। তেখেতে কৈছে, “যদি কোনো লোকে আসন কৰে তেওঁ ৰক্তবাহিকা নাড়ী চাফ কৰা ঔষধবোৰ নোখোৱাকৈও থাকিব পাৰে। মৃত্যুৰ সংখ্যাও কমি যাব। যিয়ে যোগাসন নিয়মমতে সদায় কৰে তেওঁৰ অসুখ নহয় আৰু শৰীৰ সবল হৈ থকাটো নিশ্চিত।“ আসন বোলোতে হাৰ্টৰ অসুখত শৱাসনেই কৰিব লাগে। তাৰ আগতে অৱশ্যে প্ৰাণায়াম কৰিব লাগে। আমি প্ৰথমতে উল্লেখ কৰিছোঁ যে শকত হৈ পৰা, কলেষ্টেৰল বেছি হোৱা, চিগাৰেট খোৱা, বংশত পূৰ্বপুৰুষৰ কাৰোবাৰ হাৰ্টৰ অসুখ থাকিলে, শাৰীৰিক পৰিশ্ৰম নাথাকিলে আৰু বহুমুত্ৰ ৰোগাক্ৰান্ত হ’লে হাৰ্টৰ ৰোগ আৰু হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা থাকে। গতিকে চিগাৰেট খোৱা ত্যাগ কৰিব লাগে আৰু শাৰীৰিক পৰিশ্ৰম কৰিব লাগে। ইয়াৰ সৈতে প্ৰাণায়াম আৰু যোগাসন কৰাৰ অভ্যাস কৰিলে হাৰ্টৰ অসুখ কোনোদিনেই নহ’ব।

হঠযোগৰ প্ৰাণায়াম কৰিলে উন্নত ধৰণে উশাহ-নিশাহ লোৱা হয়। তেজ পৰিষ্কাৰ হয় আৰু তেজৰ যোগান উন্নত হয় বা বাঢ়ে। ফলত হৃৎপিণ্ডত প্ৰাণায়ামে ভাল প্ৰভাৱ পেলায়। সাধাৰণভাৱে থকা হাৰ্টৰ অসুখত পবনমুক্তাসন, উত্তানপদাসন, সূৰ্য নমস্কাৰ আৰু মুখ্যভাৱে শৱাসন কৰিব পাৰি। হাৰ্টৰ অসুখ আৰোগ্য হ’ব। হাৰ্টৰ অসুখ বেছি থাকিলে প্ৰাণায়ামৰ সৈতে, কেৱল শৱাসনহে কৰিব লাগে।

খাদ্য আৰু অখাদ্যৰ কথা কওঁতে মুখ্যতঃ যিবোৰ খাদ্যবস্তুৰ পৰা শৰীৰত কলেষ্টেৰল জমা হয় তেনে বস্তু বাদ দিব লাগে। যেনে ধৰক ঘিউ, গাখীৰ, মাখন, ছানা, (গাখীৰৰ) ক্ৰিম, মাংস, কণী, এইবোৰত যথেষ্ট পৰিমাণে কলেষ্টেৰল থাকে। কিন্তু দৈয়ে কলেষ্টেৰল কমাই দিয়ে। আয়ুৰ্বেদ চিকিৎসাৰ প্ৰসিদ্ধ চিকিত্সক চৰকে কৈছে- দৈ সোৱাদযুক্ত, উজ্জলকাৰী, শাৰীৰিক মানসিক শক্তিদায়ক, শৰীৰৰ আৱশ্যকীয় অংগ-প্ৰত্যংগৰ পিছলকাৰক, বলদায়ক, অম্লপিত্তনাশক, উত্তাপদায়ক, পেটফুলা নিবাৰক, জীৱনীশক্তিবৰ্ধক আৰু নানাভাৱে শৰীৰৰ উপকাৰী বস্তু। মাখন বাহিৰ কৰা গাখীৰক আয়ুৰ্বেদত বহু প্ৰশংসা কৰিছে। এই গাখীৰৰ পৰা শৰীৰত কোনো ধৰণৰ অসুখ-বিসুখ নহয়। ই মানুহ আৰু দেৱতা সকলোৰে বাবে মৃত্যুঞ্জয়ী পানীয় খাদ্য। সূৰ্যমুখী ফুলৰ গুটিৰ তেল, চয়াবিনৰ তেল, কপাহৰ গুটিৰ তেল আদিত যথেষ্ট পৰিমাণে লিনলেইক নামৰ এবিধ এচিড থাকে। এইবোৰ খালে শৰীৰৰ কলেষ্টেৰল কমাই দিয়ে। পিঁয়াজ আৰু নহৰুৱে চৰ্বীজাতীয় খাদ্যৰ কলেষ্টেৰল কমায়। কঠিন শাৰীৰিক পৰিশ্ৰম আৰু টান কচৰতৰ ফলতো শৰীৰৰ কলেষ্টেৰল কমি যায়। অৱশ্য এইটো কথাও আমি মনত ৰাখিব লাগিব যে চৰ্বী নহ’লে আমি জীয়াই থাকিবও নোৱাৰোঁ। ফেট বা চৰ্বী আমাক লাগিবই, কিন্তু বেছি হ’ব নালাগে। কাৰণ বেছি হ’লে আন বস্তুৰ দৰে, ই শৰীৰৰ পৰা ওলাই নাযায়, শৰীৰত জমা হৈ থাকে। ফলত শৰীৰৰ কলেষ্টেৰল বাঢ়ি যায় আৰু হাৰ্টৰ অসুখৰ সৃষ্টি কৰে। গতিকে খাদ্য খাওঁতে আমি কলেষ্টেৰল সমতা ৰক্ষা কৰা কথাটো চিন্তা কৰিব লাগিব। অৱশ্যে কলেষ্টেৰল বঢ়াৰ কাৰণ, কেৱল খাদ্যবস্তুই নহয়। খাদ্যবস্তুৰ পৰা কিছু পৰিমাণে কলেষ্টেৰলহে উৎপন্ন হয়। মানসিক, আবেগিক ব্যাকুলতাৰ ফলতো মানুহৰ কলেষ্টেৰল লেভেল বাঢ়ি যায়। হাৰ্টৰ ৰোগীয়ে কেতিয়াও বেছিকৈ নাখাব। বৰকৈ গোৰোৱা বস্তু নাখাব, সতেজ ফল, শাক-পাচলি যথেষ্ট পৰিমাণে খাব। সকলো মানুহেই খাদ্যত নিমখ কমকৈ খোৱা ভাল। কেঁচা নিমখ খাদ্যৰ লগত কেতিয়াও নাখাব।

হৃদৰোগত অহিতকৰ বস্তু (অপথ্য)ঃ মাংসাহাৰ, মদ্যপান, চাহ, কফি, ধূমপান, অতি বেছি মছলা দিয়া খাদ্য, তেলত ভজা খাদ্য, আজি কালিৰ চাওমিন, মোগলাই পৰঠা, ৰোল আদি, চকলেট, কে’ক, আইচক্ৰিম, চৰ্বীযুক্ত খাদ্য, মাখন, ঘিউ, গাখীৰৰ খাদ্য- ক্ষীৰ, ক্ষীৰৰ মিঠাই, মলাই, ৰাবৰি, প্ৰচেছড্ ফুড্, প্ৰিজাৰ্ভড্ ফুড্ আদি ক্ষতিকাৰক খাদ্য।

অনিয়মিত আৰু অসংযত খোৱা-লোৱা আৰু অসংযত জীৱন-ধাৰণেই হৃদৰোগৰ মূল কাৰণ।

হৃদৰোগত উপকাৰী পথ্য

আমলখি, আমলখিৰ মোৰব্বা, আপেল, আপেলৰ মোৰব্বা, আঙুৰ, নেমুটেঙাৰ ৰস, সাধাৰণ গৰম গাখীৰ (গৰুৰ), গাজৰ, পালেং শাক, নহৰু, দৈ, কেঁচা পিঁয়াজ, সৰু জাতৰ শিলিখা, বাৰ্লি, ডাবৰ পানী, গুৱা-মৰি, মেথি গুটি, কিচমিচ আদি সুখাদ্য। ঢেঁকীৰ চাউল, চাকি আটা, সেউজীয়া শাক-পাচলি আৰু সতেজ ফল উপকাৰী খাদ্য। অৰ্জুন গছৰ ছালৰ চাহ খাওক। চাহ বনাওঁতে চাহপাতৰ সলনি ওপৰত কোৱা ধৰণে অৰ্জুন গছৰ ছালৰ চূৰ্ণ বনাই ৰাখি আৰু সেই চূৰ্ণ দি চাহ বনাই খালে বহু উপকাৰ হয়। এই চাহত গাখীৰ, চেনি বা মিছিৰি সকলো মিহলাব পাৰি আৰু চাহৰ দৰে সোৱাদ লগা হয়। প্ৰতিদিনে এবাৰকৈ হ’লেও এই চাহ খালে হৃদৰোগীয়ে প্ৰভূত উপকাৰ পাব। খোৱাৰ পাছত বজ্ৰাসন কৰিব।

ৰক্তচাপ

ৰক্তচাপৰ অৰ্থ হৈছে তেজে ৰক্তবাহিকা নাড়ীৰ বেৰত দিয়া হেঁচা বা চাপ। হৃৎপিণ্ডই প্ৰতি মুহূৰ্তত এক নিৰ্দিষ্ট তালত শৰীৰৰ তেজ পাম্প কৰি থাকে। তাৰ বাবে তেজ চলাচলৰ গতিত এক চাপ উৎপন্ন হয়। এই চাপ জিৰণিৰ সময়ত কম আৰু গুৰু পৰিশ্ৰম কৰি থাকিলে বাঢ়ি যায়। মানসিক উদ্বিগ্নতাৰ সময়তো বাঢ়ে। গতিকে ৰক্তচাপ প্ৰতিদিনে আনকি প্ৰতি মুহূৰ্ততে অলপ-চলপ কম বেছি হৈয়ে থাকে আৰু এই বঢ়া-টুটা সামান্য পাৰ্থক্যৰে হয়। কিন্তু শৰীৰৰ তেজ চলাচল কৰা পথৰ (ৰক্তবাহিকা নাড়ীৰ মাজেৰে থকা ফুটাৰ) কোনো পৰিৱৰ্তন সূচিত হ’লে ৰক্তচাপৰ লক্ষণীয়ভাৱে বিশেষ পৰিৱৰ্তন হয়। ইয়াৰ কাৰণবোৰৰ বিষয়ে হৃৎপিণ্ডৰ অসুখৰ বিষয়ে কওঁতে, ইয়াৰ আগৰ পাঠত, আমি বিশদভাৱে আলোচনা কৰি আহিছোঁ। সেই মতে ৰক্ত চলাচল পথত কলেষ্টেৰলৰ চামনি জমা হৈ ৰক্তবাহিকা নাড়ীৰ ফুটা সৰু বা বহু সৰু বা একেবাৰে বন্ধও হৈ যাব পাৰে। সেই মতে তেজৰ চাপো বাঢ়িব বা বেছি বাঢ়ি যাব। আকৌ শৰীৰত লগাতকৈ তেজৰ পৰিমাণ কম হ’লে তেজৰ ওপৰত হেঁচাটো কমকৈ পৰে। গতিকে তেতিয়া ৰক্তচাপ কম হয়। সেই হিচাপে ৰক্তচাপ তিনি প্ৰকাৰে মানুহৰ শৰীৰত প্ৰদৰ্শিত হয়। নিয়মিত বা নৰ্মেল ৰক্তচাপ, উচ্চ ৰক্তচাপ আৰু নিম্ন ৰক্তচাপ। চাপৰ আকৌ দুটা ধৰণ আছে। উচ্চ পৰ্যায়ৰ চাপ আৰু নিম্ন পৰ্যায়ৰ চাপ। হৃৎপিণ্ডৰ সংকোচন ঘটালে তেজবোৰ হৃৎপিণ্ডৰ পৰা ওলাই যায় আৰু আৰ্টেৰীৰ বেৰত ঠেলা মাৰে। তেজৰ প্ৰেছাৰ মাৰকিউৰী মিলিমিটাৰ জোখত হিচাপ কৰা হয়। সেই সময়ত ব্লাড প্ৰেছাৰ চোৱা যন্ত্ৰেৰে চালে মিটাৰ ১০০-১২০-১৩০ কৈ ওপৰলৈ উঠি থাকে। ইয়াক ছিষ্ট’লিক প্ৰেছাৰ বোলে, ই উচ্চ পৰ্যায়ৰ প্ৰেছাৰ। যেতিয়া হৃৎপিণ্ডৰ সংকোচন নোহোৱা হয় ব্লাড প্ৰেছাৰ তললৈ নামি যায় ১০০-৮০-৭০। ইয়াক ডায়’ষ্টলিক প্ৰেছাৰ বোলে, ই নিম্ন পৰ্যায়ৰ ৰক্তচাপ। সাধাৰণতে প্ৰাপ্তবয়স্ক লোক এজনৰ ১২০/৮০ মিলিমিটাৰ নিয়মিত বা নৰ্মেল ব্লাড প্ৰেছাৰ বুলি ধৰা হয়। কিন্তু মানুহৰ দেহৰ গঠন অনুসৰি, বয়স অনুসৰি প্ৰেছাৰ সামান্য কম-বেছি হ’লেও নৰ্মেল প্ৰেছাৰৰ দৰেই চলি থাকে। মানুহৰ বাহুৰ ডাঙৰ ৰক্তবাহিকা নাড়ী আৰু হৃৎপিণ্ডৰ ভেণ্ট্ৰিকোলত পৰা ৰক্তচাপ একে হোৱা বাবে বাহুৰ পৰা ৰক্তচাপৰ হিচাপ লোৱা হয়। এতিয়া ৰক্তচাপ ২৩০/৯০-ৰ ওপৰ ফালে থাকিলে উচ্চ ৰক্তচাপৰ গতি বুলি ভবা হয়। তেনেকৈ ১২০/৮০-ৰ তলত হ’লে নিম্ন চাপ বুলি ধৰা হয়। অৱশ্যে মানুহৰ বয়সৰ ওপৰত ৰক্তচাপৰ নিৰিখ বিশেষভাৱে পৰিৱৰ্তিত হয়। বয়স ৪৫ বছৰৰ ওপৰ হ’লে ১৬০/১০০ ৰক্তচাপো বহুক্ষেত্ৰত নৰ্মেল বুলিয়ে পৰিগণিত হয়। ৰক্তচাপ ১৭০/১১৫-ৰ বেছি হ’লে উচ্চ ৰক্তচাপ ৰোগ বুলি বয়সিয়াল লোকৰ ক্ষেত্ৰতো বিবেচনা কৰিব লাগিব।

উচ্চ ৰক্তচাপ

ৰক্তচাপৰ বিষয়ে আলোচনা কৰোঁতে আমি ৰক্তচাপ বৃদ্ধি হোৱাৰ কাৰণবোৰ ব্যাখ্যা কৰি আহিছোঁ। ৰক্তবাহিকা নাড়ীৰ বেৰত (ফুটাৰ কাষ) চৰ্বীজাতীয় খাদ্যৰ কলেষ্টেৰলৰ চামনি লাগি ধৰি ৰক্ত চলাচলৰ পথ (নাড়ীৰ ফুটা) ঠেক কৰি দিয়াৰ ফলতেই, মুখ্যভাৱে, ৰক্তচাপ বৃদ্ধি হয় আৰু উচ্চ ৰক্তচাপ ৰোগত পৰিণত হয়। হৃদৰোগৰ অন্যান্য কাৰণবোৰো উচ্চ ৰক্তচাপ ৰোগৰো কাৰক হয়।

ৰোগৰ লক্ষণ

মূৰৰ বিষ, মূৰৰ কামোৰণি হয়। শৰীৰ দুৰ্বল হয়, বুকুৰ বিষ হ’ব পাৰে। চকুৰে জলক-তবক দেখিব পাৰে। টোপনি কম হয় বা নহয়। কাণেৰে কম শুনে, গা জিনজিনায়। সাধাৰণ কথাতে খং উঠে। প্ৰস্ৰাৱ বেছি হয়। স্মৰণশক্তি কমি যায় আৰু মনৰ উত্তেজনা আৰু উদ্বেগ বেছি হয়। এইবোৰৰ কোনো লক্ষণৰ সৈতে ব্লাড প্ৰেছাৰো উচ্চ ভাগত থাকিলে উচ্চ ৰক্তচাপ ৰোগ হোৱা বুলি বুজিব লাগিব।

চিকিৎসা

দৈনিক দুটাকৈ কেঁচা নহৰুৰ কোঁহ ভাতত দি একেৰাহে এক, ডেৰমাহমান খালে উচ্চ ৰক্তচাপ নিৰাময় হ’ব।

কলা তুলসীৰ ৫০ মিলিলিটাৰ ৰসত (১০ চামুচ) ৮ চামুচ কেঁচা হালধিৰ ৰস মিহলাই দিনত দুবাৰকৈ কিছুদিন খালে ৰক্তচাপ নিয়মীয়া হ’ব।

মৌজোল আৰু পিঁয়াজৰ ৰস সম পৰিমাণত মিহলাই দিনত ২ চামুচকৈ এবাৰ খালে উচ্চ ৰক্তচাপ ভাল হয়। পিঁয়াজে তেজৰ কলেষ্টেৰল কমায়। পিঁয়াজ স্নায়ুমণ্ডলীৰ বাবে টনিক স্বৰূপ। ই তেজ পৰিষ্কাৰ কৰে, হজম হোৱাত সহায় কৰে, হৃৎপিণ্ডৰ কামত সহায়ক হয়, অনিদ্ৰা দূৰ কৰে। মৌজোলে শৰীৰলৈ শীতলতা আনে, ৰক্তবাহিকা নাড়ীৰ উত্তেজনা নাশ কৰে, ৰক্তচাপ বৃদ্ধিৰ সম্ভাৱনা কমায়, শৰীৰ সবল আৰু পুষ্ট কৰে। গতিকে দুয়োটাৰ সংমিশ্ৰণে উচ্চ ৰক্তচাপ ৰোগ নিবাৰণ কৰে। সম পৰিমাণৰ মিশ্ৰণ দিনত ২ চামুচকৈ এবাৰ ৫-৭ দিন খালেই সুফল দেখিবলৈ পোৱা যায়। আৱশ্যকবোধে আৰু কেইদিনমান বেছি খালেও কোনো ক্ষতি নাই।

৩ গ্ৰাম বা ১ চামুচ মেথি গুটি চূৰ্ণ পুৱা এবাৰ আৰু ৰাতি এবাৰ মুখত দি অলপ পানীৰে ১০-১৫ দিন খালে উচ্চ ৰক্তচাপ প্ৰশমিত হয়। মধুমেহ থাকিলেও মেথি চূৰ্ণত উপকাৰ হয়।

খোৱাৰ পাছত কেঁচা নহৰু ২ কোঁহ চোবাই পানীৰ লগত খালে অথবা মনাক্কা (কিচমিচ বা আঙুৰ) এটা বা দুটাৰ সৈতে খালে উচ্চ ৰক্তচাপ নিৰাময় হয়। নহৰু উচ্চ ৰক্তচাপত বৰ উপকাৰী। কেঁচা নহৰু চোবাই খাই থাকিলে (সঘনে) বাঢ়ি থকা ৰক্তচাপ নিয়মিত হ’বলৈ ধৰে। এই ক্ষেত্ৰত এক কোঁহীয়া নহৰু বেছি উপকাৰী। কেঁচা নহৰু চোবাই খাবলৈ অসুবিধা পালে নহৰুৰ কোঁহ সৰু সৰু টুকুৰাকৈ কাটি আধা কাপমান পানীত লৈ গিলি থ’বও পাৰি। তেতিয়া মুখত গোন্ধ নাথাকে।

নিয়মিতভাৱে সদায় কিছুদিন দিনে একোটাকৈ কেঁচা বা শুকান আমলখি খালে ৰক্তবাহিকা নাড়ীৰ মাজৰ তেজ চলাচল কৰা ফুটা কোনোভাৱে বাধাগ্ৰস্ত নহয় আৰু মানুহক উচ্চ ৰক্তচাপ ৰোগৰ পৰা মুক্ত কৰি ৰাখে। উচ্চ ৰক্তচাপ বেছি হৈ থাকিলে ৭-৮ টা মান আমলখি খুন্দি মিছিৰিৰ সৈতে অলপ অলপকৈ খাই থাকিলে ৰক্তচাপ স্বাভাৱিক হয়।

পথ্যাপথ্যঃ গাখীৰ, মাখন বা ঘিউত ভজা, তেলত ভজা বস্তু নাখাব। বিড়ি, চিগাৰেট নাখাব। মদ, টেঙা, লোণ, বেঙেনা, আলু, কঁঠাল, দাইল, ময়দা, মিঠাই, গুৰ, তেল, জলা, মছলা, বৰ বগা চেনি, চাহ, কফি, আধাপকা কল নাখাব। গৰু, ছাগলী, গাহৰিৰ মাংস, কণী, মাছ নাখাব।

বহু সময় থিয় হৈ নাথাকিব, বহু সময় একে ঠাইতে বহি নাথাকিব। বেগাই ছিৰিৰ ওপৰলৈ বা তললৈ উঠা-নমা নকৰিব। অতি ভয়, অতি ক্ৰোধ, অতি আনন্দত নিমজ্জিত নহ’ব। বৰ খৰ-ধৰ নকৰিব। শোক, ব্যাকুলতা, মানসিক উদ্বেগ, উত্তেজনা এৰাই চলিব।

আমলখি, নেমুটেঙা, অমিতা, আপেল, তৰমুজ, মৌচম্বী সুখাদ্য। পালেংশাক, নহৰু, পিঁয়াজ, পানীলাউ, কোমোৰা, বিলাহী, গাজৰ, গাজৰৰ চালাদ, পাত শাক ভাল পাচলি। পুৰণি চাউলৰ ভাত, গৰম ৰুটি কম পৰিমাণে খাব পাৰি। দৈ সুখাদ্য, দৈত গ্লুক’জ মিহলাই খাব পাৰি। প্ৰতি গৰাহ খাদ্য ভালকৈ চোবাই খাব লাগে। ভাত খাওঁতে পানী নাখাব (ভাত গিলিবলৈ লাগিলে, সামান্যভাৱে খাব কিন্তু পানী খাওঁ বুলি বেছিকৈ নাখাব)। আঞ্জাত নিমখ, ৰোগৰ তীব্ৰতা বেছি থাকিলে নাখাব, সাধাৰণ অৱস্থাত খুব কমকৈ খাব। নিমখ এৰিব পাৰিলে বেছি ভাল।

শৱাসন নিয়মমতে (বিধিমতে) কৰিলে উচ্চ ৰক্তচাপ প্ৰশমিত হয়। পদ্মাসন, ভুজংগাসন, সুপ্তবজ্ৰাসন, পৰ্বতাসন আদি যোগাসনে উচ্চ ৰক্তচাপ শান্ত কৰে। কিন্তু ৰোগৰ তীব্ৰতাৰ বাবে ঔষধ খাই থাকিলে শৱাসনত বাহিৰে কোনো আসন নকৰিব।

নিম্ন ৰক্তচাপ

শৰীৰত পুষ্টিকৰ খাদ্যৰ অভাৱ হ’লে নিম্ন ৰক্তচাপ হয়। তেজৰ পৰিমাণ লগাতকৈ কম হ’লেও নিম্ন ৰক্তচাপ হয় বুলি আমি উল্লেখ কৰিছোঁ। শৰীৰত তেজ কম থাকিলে ৰক্তবাহিকা নাড়ীত পৰা হেঁচা বা চাপ কম হয়। ই বংশগত লক্ষণো হ’ব পাৰে।

ৰোগৰ লক্ষণ

শৰীৰ দুৰ্বল হয়, দৃষ্টি ক্ষীণ হ’ব পাৰে। শৰীৰৰ উত্তাপ কমি যায়। সাধাৰণভাৱে মূৰ ঘূৰোৱা অসুখ হ’ব পাৰে। অসুখ বেছি হ’লে কেতিয়াবা অজ্ঞান হ’বও পাৰে। কিন্তু উচ্চ ৰক্তচাপৰ তুলনাত ই অতি সাধাৰণ ৰোগ আৰু খোৱা-লোৱাত যত্ন ল’লেই অৱস্থাৰ উন্নতি হয়।

চিকিৎসা ৩২ টা কিচমিচ এটা কাপত বা কোনো পাত্ৰত ১০০ মিলিলিটাৰ পানীত ১২ ঘণ্টা তিয়াই ৰাখিব লাগে আগৰাতি। পিছ দিনা পুৱা খালী পেটতে এই কিচমিচ এটা এটাকৈ ভালকৈ চোবাই এমাহ খালে নিম্ন ৰক্তচাপ নিবাৰিত হ’ব। এই কিচমিচ লৌহজাতীয় পদাৰ্থৰে ভৰপূৰ। গতিকে শৰীৰৰ লোৰ অভাৱ পূৰণ কৰি তেজ বঢ়াব আৰু শৰীৰ সুস্থ হৈ উঠিব।

ৰোগী যদি সংজ্ঞাহীন হৈ পৰাৰ অৱস্থাৰ উদয় হয় তেতিয়া কেঁচা আমলখিৰ ৰস দুই চামুচ আৰু কিচমিচ দুই চামুচ মিহলাই খাবলৈ দিয়ক। জ্ঞান ঘূৰাই পাব আৰু অৱস্থাৰ উন্নতি সাধন হ’ব।

প্ৰতিদিনে ৭ টাকৈ বাদাম ৰাতি পানীত ভিজাই থৈ পুৱা মিহিকৈ বটি গাখীৰৰ লগত কেইদিনমান একোবাৰকৈ খাবলৈ দিয়ক। নিম্ন ৰক্তচাপ দূৰ হ’ব।

নিম্ন ৰক্তচাপৰ বাবে মূৰ ঘূৰালে, কথা-বতৰা বন্ধ কৰি, বাঁওফাল তল কৰি কিছু সময় শুবলৈ দিয়ক। সুস্থ হৈ উঠিব।

আধা লিটাৰ গাখীৰত কেই টুকুৰামান গাজৰ (পাতলকৈ কাটি) দি উতলাই গৰম কৰি কেইদিনমান (একোবাৰকৈ) খালে শৰীৰৰ লৌহজাতীয় খাদ্যৰ অভাৱ দূৰ হয়।

আহাৰৰ লগত দিনে দুটাকৈ কেঁচা পিঁয়াজ খালে উপকাৰ পাব।

পথ্যাপথ্য

কণী, মাংস, পিঁয়াজ, কেঁচা ফল-মূল সুখাদ্য। কাটিলে যিবোৰ বস্তুৰ পৰা ক’লা, নীলা দাগ লাগে সেইবোৰ বস্তু (কেঁচা কল আদি) লৌহজাতীয় খাদ্যৰে সমৃদ্ধ। সেইবোৰ খাদ্য উপকাৰী। খেজুৰ, বাদাম, আপেল, আঙুৰ উপকাৰী ফলাহাৰ।

টান, নিৰস, শুকান বস্তু, বিড়ি, চিগাৰেট নাখাব। অধিক শাৰীৰিক আৰু মানসিক পৰিশ্ৰম অপকাৰী। চিন্তা, দুখ, বেজাৰ আদিয়ে অশুভ প্ৰভাৱ পেলায়।

মূত্ৰাশয়ৰ ৰোগ

মূত্ৰাশয়ৰ ৰোগ হ’লে প্ৰস্ৰাৱ কৰোঁতে জ্বালা-যন্ত্ৰণা হয়। ৰাতি টোপনি ক্ষতি কৰি থকা, মদ খোৱা, উগ্ৰ ঔষধ বা ড্ৰাগছ্ খোৱা আদিৰ বাবে এই ৰোগ হয়।

ৰোগৰ লক্ষণ

অণ্ডকোষ ৰঙা পৰিব পাৰে। প্ৰস্ৰাৱ কৰোঁতে জ্বালা-যন্ত্ৰণা হয়। প্ৰস্ৰাৱ অলপ অলপকৈ পৰে। জ্বৰ হয়, বমি থাকিব পাৰে, ৰাজহাড় বিষায়, কঁকালৰ বিষ হয় আৰু প্ৰস্ৰাৱত তেজ যাব পাৰে।

চিকিৎসা ৪ চামুচ কেঁচা আমলখিৰ ৰস, ২ চামু কেঁচা হালধিৰ ৰস আৰু ২ চামুচ মৌ মিহলাই প্ৰতিদিনে খালী পেটত পুৱা ১৫ দিনমান খালে এই ৰোগ নিৰাময় হ’ব।

শুকান ধনিয়া গুড়ি কৰক, তুঁহবিলাক আঁতৰ কৰক, অৰ্থাত্ ধনিয়াৰ ভিতৰৰ নৰম অংশ ৩০০ গ্ৰাম লওক। তাৰ লগত ৩০০ গ্ৰাম মিছিৰি বা চেনি মিহলি কৰি আকৌ গুড়ি কৰক। এই মিশ্ৰণ গুড়ি পুৱা খালী পেটত ৬ গ্ৰাম মুখত লওক আৰু অলপ সময় মুখত ৰাখি অলপ পানী লৈ খাওক। এই ঔষধ খোৱাৰ পাছত ১-২ ঘণ্টা একো নাখাব। তেনেকৈ আবেলিও পেট খালী হ’লে ৬ গ্ৰাম এই চূৰ্ণ খাওক। ইয়াৰ পাছত ২ ঘণ্টা একো নাখাব। এই ঔষধে মূত্ৰাশয়ৰ জ্বালা-যন্ত্ৰণা নাশ কৰিব। ৩-২০ দিন মান আৱশ্যক অনুযায়ী খাব।

এই ঔষধে মূত্ৰাশয়ৰ অসুখৰ উপৰিও অস্বাভাৱিক বীৰ্যৰ উত্তেজনা নাশ কৰে। স্বপ্নদোষত দিনত দুবাৰ খাব লাগে, মাত্ৰা একেই। যদি শৌচ পনীয়া হয় তেনেহলে ৰাতি শুৱাৰ আগতে এই ঔষধ দিনত মাত্ৰ এবাৰ খালেই হয়। শৌচ কচা হ’লে দুবাৰেই (আগতে কোৱাৰ দৰে) খাব। এই ঔষধ নিয়ম মতে খালে চকুৰ দৃষ্টিহীনতা, মূৰ ঘূৰোৱা, অনিদ্ৰা আদি অসুখো উপশম হয়। ইয়াৰ বাহিৰেও ভুজংগাসন কৰিলে স্বপ্নদোষ নিবাৰণ হয়।

১০ গ্ৰাম ধনীয়া ৰাতি পানীত ভিজাই থওক। পুৱা পটাত বটি পাতল কাপোৰেৰে ছেকি মিছিৰি মিহলাই খালী পেটতে ৩-৪ দিন খাওক। প্ৰস্ৰাৱৰ জ্বালা নিৰাময় হ’ব।

প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা কৰিলে ৪-৫ টা তুলসীৰ পাত দিনত দুবাৰকৈ খালী পেটত খাব লাগে, লগত দুই-তিনিঢোক পানী খাব পাৰে। ৩-৪ দিন খালেই আৰাম পাব।

১০-১২ টা বেলপাত মিহিকৈ বটি লৈ ২৫০ মিলিলিটাৰ পানীত মিহলাই পুৱা আৰু আবেলি দিনত দুবাৰ খাওক। ৩-৪ দিন খালেই প্ৰস্ৰাৱৰ জ্বালা দূৰ হ’ব। ১৫ দিন খালে স্বপ্নদোষ নাথাকে।

মূত্ৰকৃচ্ছ বা প্ৰস্ৰাৱত কষ্ট হোৱা ৰোগ

ৰোগৰ কাৰণঃ অধিককৈ শুকান আৰু টান বস্তু খোৱা, চাইকেল চলোৱা, ঘোঁৰা দৌৰালে, অতিৰিক্ত ব্যায়াম কৰিলে এই ৰোগ হ’ব পাৰে। লিংগত আঘাত লাগিলে, প্ৰস্ৰাৱ কমিলে হ’ব পাৰে। পুং মৈথুন কৰিলে গুহ্যদ্বাৰৰ চেপা লাগিও মূত্ৰকৃচ্ছ হ’ব পাৰে। আকৌ পুৰুষৰ প্ৰষ্টেট গ্ৰন্থি বৃদ্ধি হ’ব ধৰিলে প্ৰস্ৰাৱ কৰিলে কষ্ট হ’ব পাৰে। বিড়ি, চিগাৰেট বেছি খালেও প্ৰস্ৰাৱ কম হয়।

ৰোগৰ লক্ষণ

প্ৰস্ৰাৱ টোপ টোপকৈ পৰে। প্ৰস্ৰাৱ কৰোঁতে কষ্ট, জ্বালা-যন্ত্ৰণা হয়। প্ৰস্ৰাৱৰ ৰং হালধীয়া বা ৰঙা হয়।

চিকিৎসা মূলাৰ ৰস ১৫ মিলিলিটাৰকৈ (তিনি চামুচ) দিনে দুবাৰকৈ খালে প্ৰস্ৰাৱৰ জ্বলা-পোৰা কম হয়।

কেঁচা হালধি ৬ গ্ৰাম পিহি গৰম গাখীৰৰ লগত দিনে তিনি বাৰকৈ খালে আৰোগ্য লাভ হয়।

নাৰিকলৰ পানী মিছিৰিৰ সৈতে খালে প্ৰস্ৰাৱৰ জ্বলা-পোৰা কমে।

আমলখি, শিলিখা আৰু ভঁইৰা প্ৰতিটোৰে তিনিটাকৈ লৈ ৰস উলিয়াই দিনে ৩ বাৰকৈ খালে উপকাৰ হয়।

দুটা সৰু এলাচি গুড়ি কৰি মুখত দি অলপ পানী খালে প্ৰস্ৰাৱ হয় আৰু জ্বলা-পোৰা বন্ধ হয়।

পথ্যাপথ্য

অমিতা, মাটিকঁঠাল, ডালিম, মানিমুনি শাক, তুলসী, ভেকুৰি তিতা, শিলিখা, খেজুৰি, ডাব-নাৰিকলৰ পানী, কিচমিচ, আঙুৰ, মুগৰ দাইলৰ জোল, নহৰু, চজিনা, আদা, সৰু এলাচি, শতমূল আদি উপকাৰী। পানী কমেও আঠ গিলাচ দিনটোৰ ভিতৰত খাব লাগে। পানী বেছিকৈ খালে প্ৰস্ৰাৱৰ ৰোগ বা কষ্ট নহয়। মাছ, মাংস, কণী, তেলত বনোৱা বস্তু, মাটিমাহ, ৰঙালাউ, নিমখ, শুকান আৰু টান বস্তু, জ্বলা সেৱন, ড্ৰাগছ্ খোৱা অত্যন্ত ক্ষতিকাৰক। চাইকেল চলোৱা, ঘোঁৰাত উঠা, শাৰীৰিক পৰিশ্ৰম বেছিকৈ কৰা অনুচিত।

প্ৰস্ৰাৱ বন্ধ অৱস্থা

মূত্ৰকৃচ্ছৰ পাছৰ পৰ্যায়ত প্ৰস্ৰাৱ বন্ধ হৈ যাব পাৰে। ৰোগৰ কাৰণবোৰো একেই। বৃক্কত পাথৰ হ’লে বা মূত্ৰাশয়ত পাথৰ হ’লেও প্ৰস্ৰাৱ বন্ধ হৈ যাব পাৰে।

ৰোগৰ লক্ষণ

মূত্ৰ বন্ধ হৈ গ’লে বৃক্ক গ্ৰন্থিত বা মূত্ৰাশয়ত ভীষণ জ্বালা-যন্ত্ৰণা হয়। তলপেট ফুলি যায়। বমি হয়, জ্বৰ হ’ব পাৰে।

চিকিৎসা ২ গ্ৰাম জিৰা আৰু ২ গ্ৰাম মিছিৰি দুয়োটাকে গুড়ি কৰি, মুখত দি শীতল পানী অলপ লৈ খালে বন্ধ হৈ থকা প্ৰস্ৰাৱ ওলাই আহিব। জ্বালা-যন্ত্ৰণা কমিব। যদি বৃক্কৰ ৰোগৰ কাৰণে প্ৰস্ৰাৱ বন্ধ হয় বা প্ৰস্ৰাৱৰ অসুখ হয় তেনেহ’লে মূলা আৰু মূলাৰ পাতৰ ৰস ৬০ মিলিলিটাৰ (১২ চামুচ) খুৱালে প্ৰস্ৰাৱ স্বাভাৱিক হয় আৰু প্ৰস্ৰাৱৰ জ্বালা-যন্ত্ৰণাও উপশম হয়।

পাতেগজাৰ পাত (দুপৰীয়া টেঙাৰ পাত) ৫-৬ টা মান খুন্দি ৰস বাহিৰ কৰি খালে প্ৰস্ৰাৱ হয়। এই পাত বটি নাভিত প্ৰলেপ দিলেও উপকাৰ হয়।

যিকোনো কাৰণত প্ৰস্ৰাৱ নহ’লে এৰাৰ তেল বা কেষ্টৰ অইল ২৫-৩০ মিলিলিটাৰ (৫-৬ চামুচ) খুৱাওক, প্ৰস্ৰাৱ স্বাভাৱিক হ’ব আৰু প্ৰস্ৰাৱৰ জ্বালা-যন্ত্ৰণাও নাথাকিব।

ডাঙৰ দুই চামুচ (টেবুল চামুচ) বা ৬ চামুচ (চাহ চামুচ) ধনিয়া, পানীত ৰাতি ভিজাই থওক। পুৱা পিহি (বটি) পানীখিনি ছেকি তাত অলপ মিছিৰি দি খাবলৈ দিয়ক। উপকাৰ হ’ব।

৬ চামুচ পিঁয়াজৰ ৰসত ১ চামুচ মৌ মিহলাই দিনত ৩ বাৰ খালে প্ৰস্ৰাৱ হ’ব।

এটা অশোক ফুলৰ গুটি খুন্দি পানীৰে খালে প্ৰস্ৰাৱ স্বাভাৱিক হয়।

এক্সৰে কৰি কিডনিত বা মূত্ৰাশয়ত পাথৰ পালে শল্য চিকিৎসাৰ সহায় লৈ অস্ত্ৰোপচাৰ কৰোৱাৰ ব্যৱস্থা কৰিব লাগে।

পথ্যাপথ্য

অমিতা, মাটিকঁঠাল, ডালিম, মানিমুনি শাক, তুলসী, ভেকুৰি তিতা, শিলিখা, খেজুৰি, ডাব-নাৰিকলৰ পানী, কিচমিচ, আঙুৰ, মুগৰ দাইলৰ জোল, নহৰু, চজিনা, আদা, সৰু এলাচি, শতমূল আদি উপকাৰী। পানী কমেও আঠ গিলাচ দিনটোৰ ভিতৰত খাব লাগে। পানী বেছিকৈ খালে প্ৰস্ৰাৱৰ ৰোগ বা কষ্ট নহয়। মাছ, মাংস, কণী, তেলত বনোৱা বস্তু, মাটিমাহ, ৰঙালাউ, নিমখ, শুকান আৰু টান বস্তু, জ্বলা সেৱন, ড্ৰাগছ্ খোৱা অত্যন্ত ক্ষতিকাৰক। চাইকেল চলোৱা, ঘোঁৰাত উঠা, শাৰীৰিক পৰিশ্ৰম বেছিকৈ কৰা অনুচিত।

প্ৰষ্টেট গ্ৰন্থিৰ বৃদ্ধি

পুৰুষ লোকৰ মূত্ৰাশয়ৰ গল সদৃশ স্থানত থকা মূত্ৰগ্ৰন্থি মঙহৰ সৰু থোপাৰ দৰে এটা গ্ৰন্থি। আমি পাই আহিছোঁ যে বৃক্ক বা কিডনিত প্ৰস্ৰাৱ তৈয়াৰ হয় অৰ্থাত্ শৰীৰৰ বৰ্জ্য বস্তুবোৰ জমা হয় আৰু তাৰ পৰা দুয়োটা কিডনীৰ পৰা দুডাল সিৰেৰে পুৰুষাংগৰ ওপৰ ভাগত থকা মূত্ৰাশয়ত এই বৰ্জ্য বস্তুবোৰ পনীয়া আকাৰত জমা হয়। পানী হৈছে বাহক। গতিকে শৰীৰৰ ভিতৰৰ গতিশীল বস্তুবোৰ পনীয়া ভাবত থাকে। মূত্ৰাশয়ৰ তললৈ কৰি থকা মুখখনৰ শেষ ভাগ, ইউৰেথ্ৰা নাড়ী আৰু ইয়েই বাহিৰলৈ প্ৰস্ৰাৱ ওলাই যোৱাৰ পথ। বৰ্হিভাগত ই পুৰুষৰ লিংগ বা যৌনাংগ। ইয়াৰ দুটা কাম। মূত্ৰাশয়ত প্ৰস্ৰাৱ জমা হ’লে, প্ৰস্ৰাৱৰ বেগ আহে আৰু ইয়াৰে ওলাই যায়। আকৌ ৰতিক্ৰিয়াৰ সময়ত যি বীৰ্যস্খলন হয় সিও এই ইউৰেথ্ৰা নাড়ীৰ মাজেৰেই ওলাই আহি স্ত্ৰী যোনিত নিক্ষেপিত হয়। পুৰুষৰ অণ্ডকোষ দুয়োটাৰে পৰা দুডাল সিৰ আহি এই প্ৰষ্টেট গ্ৰন্থিত সংযোজিত হৈছে। অণ্ডকোষত শুক্ৰকীট উৎপন্ন হয় আৰু এই সিৰেৰে প্ৰষ্টেট গ্লেণ্ডলৈ আহে। প্ৰষ্টেটত শুক্ৰকীটবোৰৰ বাহক হিচাপে জুলীয়া পদাৰ্থ (বীৰ্য) তৈয়াৰ হয় আৰু স্ত্ৰী সংগমৰ শেষত শুক্ৰকীটবোৰ এই বীৰ্যৰে সৈতে ইউৰেথ্ৰাৰে (লিংগৰে) ওলাই গৈ যোনিত পৰে। প্ৰষ্টেট গ্ৰন্থিৰ পৰা হোৱা বীৰ্যই শুক্ৰকীটক ভহাই লৈ নাহিলে শুক্ৰকীট অকৰ্মণ্য হৈ থাকে, ওলাই আহিব নোৱাৰে।

এই প্ৰষ্টেট গ্ৰন্থিয়ে মূত্ৰাশয়ৰ মুখখন আঙঠিৰ দৰে মেৰাই ধৰি থাকে। এই গ্ৰন্থি দীঘলে প্ৰায় ১ ইঞ্চি (২৫.৪ মিলিমিটাৰ) আৰু বহলে প্ৰায় ডেৰ ইঞ্চি (৩৮.১০ মিলিমিটাৰ)। আৱশ্যক বোধে মূত্ৰদ্বাৰ খোলা বা বন্ধ কৰা আৰু বীৰ্যৰ দ্বাৰ খোলা বা বন্ধ কৰাৰ ব্যৱস্থা ইয়াত আছে।

বয়স বাঢ়ি অহাৰ লগে লগে, প্ৰৌঢ় কালত এই প্ৰষ্টেট গ্ৰন্থিও অলপ অলপকৈ ডাঙৰ হৈ আহিব খোজে। ডাঙৰ হোৱাৰ ফলত ই আগুৰি থকা ইউৰেথ্ৰা নাড়ীৰ ওপৰত হেঁচা পৰে। বেছি ডাঙৰ হ’লে ইউৰেথ্ৰাৰ মূত্ৰাশয়লৈ থকা মুখখন বন্ধ হৈ যাব পাৰে। তেতিয়া প্ৰস্ৰাৱ মূত্ৰাশয়ত জমা হৈ থাকে আৰু প্ৰস্ৰাৱ তললৈ যাব নোৱাৰি বিপৰীত ফালে খুন্দা মাৰি থাকে। মূত্ৰাশয়ৰ বেৰবোৰ, প্ৰস্ৰাৱবোৰ ধৰি ৰাখিবলৈ কঠিন হ’বলৈ ধৰে। ফলত মূত্ৰাশয়, কিডনিত জোৰ পৰে। হাৰ্টৰ অসুখ, উচ্চ ৰক্তচাপ আৰু অৰ্শাদি গুহ্যদ্বাৰৰ অসুখ আৰম্ভ হয়। প্ৰস্ৰাৱ হয়তো টোপ টোপকৈ বৰ কষ্টেৰে হয় অথবা একেবাৰে ওলাই নহাই হয়। প্ৰতি আধা ঘণ্টাৰ মূৰে মূৰে প্ৰস্ৰাৱৰ বেগ আহে। এনে অৱস্থাত ৰোগীয়ে প্ৰস্ৰাৱ কৰিব নোৱাৰে আৰু ‘কেথেটাৰ’ৰ সহায়ত প্ৰস্ৰাৱ কৰাব লগা হয়।

প্ৰষ্টেট গ্ৰন্থিৰ বৃদ্ধি বৰ লাহে লাহে হয়। প্ৰথম অৱস্থাত ৰোগীয়ে কোনো অসুবিধা অনুভৱ নকৰে আৰু তেনেকৈয়ে বহুদিন পাৰ হ’ব পাৰে। কিছুমানে প্ৰস্ৰাৱত অলপ জ্বলা-পোৰা অনুভৱ কৰে আৰু কিছুমানে হয়তো প্ৰস্ৰাৱ কৰিবলৈ গৈ ৰৈ থাকিব লগা হয়। প্ৰস্ৰাৱ সোনকালে ওলাই নাহে। তাৰ পাছত প্ৰস্ৰাৱ ভালকৈয়ে হয়। কাৰণ মূত্ৰাশয়ৰ মুখত প্ৰষ্টেট গ্ৰন্থিয়ে সামান্যভাৱে হেঁচা দি থকাৰ বাবে সোনকালে প্ৰস্ৰাৱ নহয়। প্ৰস্ৰাৱ ওলাব ধৰিলে প্ৰস্ৰাৱ হয়। দ্বিতীয় পৰ্যায়ত অসুখবোৰ অলপ বাঢ়ে। ৰাতি প্ৰস্ৰাৱ কেবাবাৰো কৰিব লগা হ’ব পাৰে। ৬-৭ বাৰো হ’ব পাৰে। মূত্ৰাশয়ৰ ঠাইত ফুলে আৰু বিষায়। এই বিষ সঘনাই হ’বলৈ ধৰে। কেতিয়াবা প্ৰস্ৰাৱ কৰাৰ পাছতো বিষায়। তাৰ কাৰণ প্ৰস্ৰাৱ খোলোচা নহয়। প্ৰস্ৰাৱ, মূত্ৰস্থলীত ৰৈ যায়। মূত্ৰগ্ৰন্থিয়ে ডাঠ হৈ ধৰি থকাৰ বাবে প্ৰস্ৰাৱ ওলাই আহিব নোৱাৰে। তেনেকৈও বহুদিন পাৰ হৈ যাব পাৰে বা ৰোগৰ লক্ষণ ক্ষিপ্ৰ গতিৰো হ’ব পাৰে। সাধাৰণতে ৫০-৫৫ বছৰৰ মানুহ এজনে দিনত ৩-৫ বাৰ প্ৰস্ৰাৱ কৰে। এই অৱস্থাত ৬-৭ বাৰলৈ বৃদ্ধি হ’ব পাৰে। ভাল মানুহৰ প্ৰস্ৰাৱ, প্ৰস্ৰাৱ কৰোঁতে আগলৈ কিছু দূৰত পৰে। প্ৰষ্টেটৰ অসুখ হ’লে প্ৰস্ৰাৱ, পুৰুষাংগৰ পৰা মাধ্যাকৰ্ষণ শক্তিৰ বাবে, পোনে পোনে তললৈ মাটিত পৰে। আগলৈ দূৰত পৰাৰ বল প্ৰস্ৰাৱৰ গতিত নাথাকে। তৃতীয় অৱস্থাত প্ৰষ্টেট বাঢ়ি মূত্ৰাশয়ৰ মুখ চাৰিওফালৰ পৰা আগুৰি ধৰে আৰু ইউৰেথ্ৰাৰ মুখত চেপি ধৰে। চেপা-খোৱাৰ বল অনুসাৰে ৰোগৰ লক্ষণে দেখা দিয়ে। প্ৰস্ৰাৱ কমি যায়, প্ৰস্ৰাৱৰ ৰোগ বাঢ়ি যায়, বেগ আধা ঘণ্টা মানৰ মূৰে মূৰে আহিব পাৰে, প্ৰস্ৰাৱ টোপ টোপ কৈ পৰিব পাৰে আৰু একেবাৰে প্ৰস্ৰাৱ নোলাবও পাৰে। ৰোগীৰ অসহ্য যন্ত্ৰণা হয়।

প্ৰষ্টেট গ্ৰন্থি বঢ়াটো এটা প্ৰাকৃতিক লক্ষণ। বয়সৰ ফলস্বৰূপেই এই ৰোগ হয়। যেতিয়াৰ পৰা যৌনশক্তি কমি যায় তেতিয়াই প্ৰষ্টেট গ্ৰন্থি বাঢ়িবলৈ ধৰিব পাৰে। মহিলাসকলৰো যেতিয়া সন্তান গৰ্ভস্থ হোৱাৰ কাম বন্ধ হয়, জৰায়ুত টিউমাৰ হ’ব পাৰে। যেতিয়ালৈ পুৰুষ আৰু মহিলাৰ যৌন ক্ৰিয়া সবল হৈ থাকে, পুৰুষৰ প্ৰষ্টেট গ্ৰন্থিৰ বৃদ্ধি আৰু মহিলাৰ জৰায়ুত টিউমাৰ নহয় আৰু এই অংগবোৰৰ প্ৰাকৃতিক কামবোৰ চলি থকাৰ পাছত বন্ধ হ’লে এই ৰোগবোৰ হোৱা দেখা যায়। কিন্তু সকলোৰে যে হ’ব তেনে কথা নাই। ৰোগক বাধা দিয়া শক্তি সকলোৰে বেলেগ বেলেগ।

প্ৰষ্টেট গ্ৰন্থি বৃদ্ধি হ’লে যিবোৰ ৰোগৰ লক্ষণ দেখা যায় সেই লক্ষণবোৰৰ নিৰাময়ৰ বাবে আমি ওপৰত চিকিৎসা আৰু পথ্যাপথ্যৰ বিষয়ে কৈ আহিছোঁ। মূত্ৰকৃচ্ছ আৰু মূত্ৰাঘাত বা প্ৰস্ৰাৱ কম হোৱা বা প্ৰস্ৰাৱ বন্ধ হোৱাত যিবোৰ ঔষধ ব্যৱহাৰ কৰিবলৈ কোৱা হৈছে সেইবোৰ ঔষধ ব্যৱহাৰ কৰিলেই এই ৰোগৰ পৰাও মুক্তি লাভ কৰিব। প্ৰষ্টেট গ্ৰন্থিৰ বৃদ্ধিত বাধা হ’ব, ৰোগ নিৰাময় হ’ব। প্ৰষ্টেটৰ অসুখৰ পৰা আৰোগ্য লাভৰ বাবে কিছুমান সাধাৰণ কচৰত আৰু যোগাসন কৰিলে সোনকালে আৰোগ্য হয়। আকৌ এই কচৰতবোৰ বয়স হোৱাত এনেয়ে কৰি থাকিলে, এই ৰোগেই নহয়। সেইবাবেই কোৱা হৈছে আপোনাৰ স্বাস্থ্য আপোনাৰ হাতত।

প্ৰষ্টেট বৃদ্ধি নিয়ন্ত্ৰণ আৰু নিবাৰণৰ প্ৰাকৃতিক উপায়ঃ গুহ্যদ্বাৰৰ ওচৰৰ পৰা অণ্ডকোষৰ তললৈ এটা চিলাই মৰাৰ দৰে লাইন আছে। ইয়াক পেৰিনিয়াম বোলে। ইয়াৰ তলত (ভিতৰফালে) প্ৰষ্টেট গ্ৰন্থিৰ কিছু অংশ আছে। গুহ্যদ্বাৰেৰে আঙুলি সোমাই এই গ্ৰন্থিৰ অৱস্থিতি জানিব পাৰি। প্ৰষ্টেট বৃদ্ধি হ’লে ইয়াত আঙুলি লাগিলে বিষায়। এতিয়া এই ৰোগ নিবাৰণৰ বাবে কৰিব লগা কচৰত হৈছে সংকোচন আৰু শিথিলকৰণৰ দ্বাৰা ঘৰ্ষণৰ সৃষ্টি কৰা। কচৰত কৰিলে শৰীৰৰ অলাগতিয়াল বস্তুবোৰ বাহিৰ হৈ যায় আৰু অংগচালন সংঘটিত ঠাইলৈ তেজৰ যোগান বৃদ্ধি হয়। প্ৰষ্টেটৰ বৃদ্ধি নিবাৰণৰ বাবে যোগাসনৰ সিদ্ধাসনৰ সৈতে আৰু কেইটামান কচৰত যোগ কৰিলে বেছি ভাল ফল পোৱা যায়।

সিদ্ধাসনঃ আমি ইতিমধ্যে প্ৰষ্টেট গ্ৰন্থি, পুৰুষৰ লিংগ আৰু গুহ্যদ্বাৰৰ মাজৰ ঠাইখিনিৰ (পেৰিনিয়ামৰ) তলত মূত্ৰাশয় আৰু প্ৰস্ৰাৱৰ নলীৰ (লিংগৰ গুৰিৰ অংশত) মাজত থকা বুলি আলোচনা কৰি আহিছোঁ। এতিয়া কচৰত কৰিলে সেই পেৰিনিয়ামৰ অঞ্চলত যাতে ঘৰ্ষণৰ সৃষ্টি হয় তেনেধৰণৰ কচৰত কৰিব লাগে। যাতে যোগাসন, কচৰত আদিৰ ফলত তাত ঘৰ্ষণৰ উত্পত্তি হয়, ৰক্তসঞ্চালন বাঢ়ে, প্ৰষ্টেটৰ বেৰবোৰ কঠিন হৈ পৰিব নোৱাৰে আৰু প্ৰষ্টেটৰ গাটো বাঢ়ি ডাঙৰ নহয়। সিদ্ধাসন তেনে এটা আসন। ই প্ৰায় পদ্মাসনৰ দৰে। সিদ্ধাসনৰ বাবে মাটিত (মাটিত লাগি থকা সকলো বস্তুকে মাটি বুলি ধৰি ল’ব) কম্বল আদি ডাঠ কাপোৰ পাৰি লৈ বহক। বাঁওভৰিৰ পতাখন পেৰিনিয়ামত হেঁচা দি ধৰি বহক। সোঁ ভৰিৰ গোৰোহাটো লিংগৰ গুৰিত লগাই থওক। নোৱাৰিলে য’তে পাৰে তাতে থওক। এতিয়া প্ৰাণায়াম কৰক। এইটোৱে সিদ্ধাসন। এই আসনত প্ৰষ্টেটৰ ওপৰত সম্পূৰ্ণকৈ কচৰত নহয়। গতিকে প্ৰাণায়াম শেষ হলে শৰীৰৰ ওপৰৰ অংশ (গা-মূৰ) এবাৰ আগলৈ এবাৰ পাছলৈ হাত মাটিত থৈ, তাৰ ওপৰত ভৰ দি হেন্দোলাওক। চাব যাতে পেৰিনিয়ামত মাটিৰ (প্ৰষ্টেট গ্ৰন্থি) ঘঁহনি লাগে। এই কচৰতটো ২০ বাৰ কৰক। এই কচৰত আৰু আসনৰ দ্বাৰা প্ৰষ্টেট গ্ৰন্থিৰ বৃদ্ধি নিবাৰণহে কৰিব পাৰি। মূত্ৰনলী বা ইউৰেথ্ৰাৰ ফালৰ পৰা প্ৰষ্টেটলৈ প্ৰভাৱ পেলাই এই কচৰতবোৰ কৰা হ’ল। কিন্তু প্ৰষ্টেটলৈ সম্পূৰ্ণ প্ৰভাৱ বিস্তাৰ কৰিবলৈ ওপৰৰ মূত্ৰাশয় বা ব্লাডাৰৰ ফালৰ পৰাও কচৰত কৰাৰ আৱশ্যক হয়। তাৰ বাবে তলৰ কচৰতটো কৰক।

পুৰুষাংগৰ গুৰিৰ ওপৰত আৰু নাভিৰ তলত য’ত তলপেটৰ মাংসপেশী শেষ হৈছে তাত এডাল হাড় আছে। এই হাড়ডালৰ ওপৰ ফালে হেঁচা দিলে ইয়াৰ তলত থকা মূত্ৰাশয়ৰ মুখত হেঁচা পৰে। প্ৰস্ৰাৱ খোলোচা হৈ ওলাই নগ’লে এই ঠাইখিনি গধুৰ গধুৰ লাগে। এই ঠাইখিনিত হেঁচা লগাই কচৰত কৰিব লাগে। তাৰ বাবে ভৰি দুখন আঁঠুত ভাঁজ লগাই জংঘা আৰু ভৰিৰ ওপৰত কৰঙণ আৰু তপিনা ৰাখি, আঁঠু দুটা অলপ আঁতৰকৈ লৈ বহক। এতিয়া হাতৰ আঙুলি মুঠি মাৰি লওক আৰু নাভিৰ তলৰ লিংগৰ ওপৰৰ কোমল অংশত লাহে লাহে হেঁচি দিয়ক। ১০ বাৰমান হেঁচা খুৱাই মূত্ৰাশয়ৰ মুখৰ অংশত ঘঁহনি লগাব। প্ৰষ্টেট গ্ৰন্থিৰ ওপৰ ভাগতো প্ৰভাৱ পেলাব, কচৰত হব। ইয়াৰ ফলত মূত্ৰ গ্ৰন্থিৰ বৃদ্ধি ৰোধ কৰিব, মূত্ৰাশয় সবল হৈ থাকিব। লগতে নিয়লিক্ৰিয়া কৰক। কিন্তু মূত্ৰগ্ৰন্থি ফুলি যোৱাৰ পাছত কোনো কচৰত নকৰিব। এইবোৰ প্ৰতিৰোধক ব্যৱস্থাহে।

নিয়লিক্ৰিয়া হৈছে তলপেটৰ কচৰত। ইয়াৰ ফলত অন্ত্ৰবোৰৰো উপকাৰ হ’ব। প্ৰষ্টেট গ্ৰন্থিৰো কামত লাগে। গাৰ কাপোৰ খুলি লওক। পোন হৈ থিয় হওক। হাতৰ তলুৱা দুখন কৰঙণৰ ওপৰত থওক আৰু অলপ আগলৈ হালক। নিশাহ এৰক আৰু লাহে লাহে পেটৰ মাংসপেশীবোৰ ভিতৰলৈ নি ৰাজহাড়ত লগোৱাৰ দৰে কৰক, যৌনাংগৰ ওপৰৰ পৰা বুকুৰ কঢ়িলৈ পেটৰ ছাল, মঙহ ভিতৰলৈ সোমাই যাব। তাৰ পাছত পেটৰ মাংসপেশীবোৰ উশাহ লৈ লৈ বাহিৰলৈ যিমান পাৰে উলিয়াই দিয়ক। এনেকৈ তল ওপৰ তল ওপৰ কে’বাবাৰো কৰক। এতিয়া পুৰুষাংগৰ ওপৰ ভাগত হাতেৰে হেঁচুকি দি পেটৰ মাংসবোৰ এবাৰ সোঁফালে এবাৰ বাঁওফালে ঠেলক। কে’বাবাৰো এই কচৰত কৰক। ই তলপেটৰ ভিতৰৰ সকলো অংগ-প্ৰত্যংগৰে উপকাৰ সাধন কৰিব। প্ৰষ্টেট গ্ৰন্থি আৰু মূত্ৰাশয়ৰো ৰোগ নিবাৰণ কৰিব আৰু মাংসপেশীত ঘৰ্ষণৰ সৃষ্টি হোৱাৰ ফলত ৰক্তসঞ্চালন বৃদ্ধি হ’ব। মূত্ৰগ্ৰন্থি, মূত্ৰাশয় নৰম হৈ পৰিব। প্ৰস্ৰাৱ ধৰি থকা বল নোহোৱা হ’ব। প্ৰস্ৰাৱ হ’বলৈ ধৰিব আৰু কিছুদিনৰ পাছত প্ৰস্ৰাৱৰ গতি স্বাভাৱিক হ’ব। প্ৰষ্টেট বৃদ্ধি হ’লে শীতল পানীত কটিস্নান কৰাব।

সঘনে প্ৰস্ৰাৱ হোৱা অসুখ (বহুমূত্ৰ)

কাৰণঃ মূত্ৰাশয়ৰ প্ৰস্ৰাৱ ধৰি ৰখা শক্তি কমি গ’লে ঘনে ঘনে প্ৰস্ৰাৱ কৰা লাগে। শাৰীৰিক দুৰ্বলতা বা কোনো ৰোগৰ লক্ষণ হিচাপেও মূত্ৰাশয়ৰ এই দুৰ্বলতা হয়।

যাৰ বাৰে বাৰে প্ৰস্ৰাৱ কৰা লাগে আৰু অধিক মাত্ৰাত প্ৰস্ৰাৱ হয় আৰু প্ৰস্ৰাৱ কৰোঁতে জ্বলা-পোৰা অনুভৱ কৰে তেওঁ দুপৰীয়া খোৱাৰ পাছত কিছুদিন পকাকল দুটাকৈ খালে এই অসূখ দূৰ হ’ব। মিঠা আঙুৰ নিয়মিত (সদায় এবাৰ) কিছুদিন খালে বহুমূত্ৰ ৰোগত উপকাৰ হয়।

যাৰ ৰাতি বেছি প্ৰস্ৰাৱ কৰিব লগা হয়, তেওঁলোকে ৰাতিৰ আহাৰত পালেং শাক কিছুদিন খালে উপকাৰ পাব।

বহুমূত্ৰ ৰোগত তিলৰ লাৰুৱে বৰ ভাল ফল দিয়ে। তিলৰ লাৰু ২০ গ্ৰাম ওজনৰ, লাৰু গুৰেৰে বনাব লাগে, প্ৰতিদিনে ৰাতিপুৱা আৰু আবেলি একোটাকৈ ৪-৫ দিন বা এসপ্তাহ খালে বেছিকৈ (ঘনে ঘনে) প্ৰস্ৰাৱ কৰা অসুখ কমিব।

প্ৰতিদিনে মেথি শাক, ১-২ সপ্তাহ খালে বাৰে বাৰে অহা প্ৰস্ৰাৱৰ আবেগ বন্ধ হয়। মেথি শাকত শাঁও পৰা ৰোগো ভাল হয়।

বিছনাত মূতা ৰোগ

একেই কাৰণতে মূত্ৰাশয়ৰ প্ৰস্ৰাৱ ধৰি ৰখা শক্তি কম হ’লে ল’ৰা-ছোৱালীয়ে, কেতিয়াবা ডেকা ল’ৰা-ছোৱালীয়েও বিছনাত প্ৰস্ৰাৱ কৰিব পাৰে।

চিকিৎসা এমাহলৈ শোৱাৰ আগতে মৌ চেলেকি (১ চামুচমান) খাবলৈ দিয়ক। অসুখ কমিব।

তিনি চামুচ তিল, ১ চামুচ গুৱা-মৰি আৰু ২ চামুচ গুৰ মিহলাই লাৰু বনাওক আৰু প্ৰতিদিনে ২ বাৰকৈ একোটা লাৰু খাবলৈ দিয়ক। মূত্ৰাশয় বলবান হ’ব। মূত্ৰধাৰণ ক্ষমতা বাঢ়িব, অসুখ নোহোৱা হ’ব।

প্ৰতিদিনে এটা সময়ত কেইটামান কিচমিচ আৰু এটা বা দুটা আখৰোট ফল খাব দিয়ক। মূত্ৰাশয়ৰ বলবৃদ্ধি হ’ব। প্ৰস্ৰাৱ ধৰি ৰখা ক্ষমতা বাঢ়িব। ৰোগীয়ে বিছনাত প্ৰস্ৰাৱ কৰিবলৈ এৰিব।

প্ৰস্ৰাৱ নিয়ন্ত্ৰণৰ বাবে গৰম পানীত কটিস্নান কৰাব। অথবা এবাৰ গৰম পানী আৰু তাৰ পাছতে ঠাণ্ডা পানীৰে তেনেকৈ কেবাবাৰো কটিস্নান কৰাব। আৰাম অনুভৱ কৰিব।

মধুমেহ ৰোগ

সাধাৰণ কাৰণত হোৱা বহুমূত্ৰ বা ঘন ঘন প্ৰস্ৰাৱৰ বিষয়ে আমি ওপৰত আলোচনা কৰিলোঁ। মধুমেহ ৰোগো বহুমূত্ৰৰ লক্ষণ লৈয়ে আৰম্ভ হয়। কিন্তু ৰক্তত চেনিৰ ক্ৰমাগত বৃদ্ধিৰ লক্ষণৰ বাবেই এই ৰোগে গুৰুতৰ সমস্যাৰ সৃষ্টি কৰে আৰু ইয়াৰ প্ৰকৃত নাম মধুমেহ আৰু ইংৰাজীত ডায়েবিটিজ। এই ৰোগ দুই প্ৰকাৰৰ। এবিধ ডায়েবিটিজ ইনচিপিডাছ আৰু আনবিধ ডায়েবিটিজ মেলিটাছ। কিন্তু ডায়েবিটিজ বুলিলে ডায়েবিটিজ মেলিটাছকে বুজায়। ইংৰাজীত ডায়েবিটিজ মেলিটাছৰ অৰ্থ হৈছে প্ৰস্ৰাৱত মৌ যোৱা লক্ষণৰ ৰোগ। মধুমেহ। এই মধুমেহ ৰোগৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। কিন্তু শৰীৰ শকত হৈ পৰা, কায়িক পৰিশ্ৰম নকৰা, মানসিক শ্ৰম বেছি কৰা, বিলাসপূৰ্ণ জীৱন-যাপন কৰা, খোৱা-লোৱাত মিঠাই বেছি খোৱাৰ অভ্যাসৰ ফলতেই এই ৰোগ হয় বুলি ঠাৱৰ কৰা হৈছে। বংশগত ৰোগৰ লক্ষণ থাকিলে ই প্ৰধান কাৰণ হিচাপে গণ্য হয়। মাটিত ভৰি একেবাৰে নলগা পৰিবেশতো এই ৰোগ হ’ব পাৰে।

ই দৈহিক উপাদান কাৰ্ব’হাইড্ৰেটৰ ৰাসায়নিক পৰিৱৰ্তন প্ৰক্ৰিয়াৰ সৈতে জড়িত এবিধ ৰোগ। শৰীৰৰ এনড’ক্ৰাইন গ্ৰন্থি, অগ্ন্যাশয়ৰ কৰ্মক্ষমতা কম হোৱাৰ ফলত ইনছুলিন বা তিক্ত ৰসৰ উত্পাদন কম হয় আৰু তাৰ ফলত কাৰ্ব’হাইড্ৰেটৰ গ্লুক’জবোৰ (চেনি) সম্পূৰ্ণৰূপে অম্লজান মিশ্ৰিত নহয় আৰু মাংসপেশীয়ে চেনিবোৰ গ্ৰহণ কৰিব নোৱাৰে যাৰ বাবে শৰীৰৰ তেজত চেনি (গ্লুক’জ) বাঢ়ি যায়। প্ৰস্ৰাৱত চেনি ওলায় আৰু শৰীৰৰ ওজন কমি যাবলৈ ধৰে। শতকৰা ৯০%  ভাগ ৰোগীৰ তোজ পৰীক্ষা কৰিয়ে ৰোগ নিৰ্ণয় কৰা হয়। বাকী কিছুমানৰ কাৰণে গ্লুক’জ টলাৰেণ্স টেষ্ট কৰিব লগা হয়। এই ৰোগৰ আৰম্ভণিতে বা অসুখ সাধাৰণ হৈ থাকিলে ব্লাড ছুগাৰ নিয়মিত (প্ৰতি ১০০ মিলিলিটাৰ তেজত ৭০-১০০ মিলিগ্ৰাম) হৈ থাকিবও পাৰে। সাধাৰণতে খোৱাৰ আগত ৮০-১০০ মিলিগ্ৰাম হোৱাৰ দৰকাৰ। খোৱাৰ ডেৰ দুই ঘণ্টা পাছত ১০০ মিলিলিটাৰ তেজত ১০০-১৪০ মিলিগ্ৰাম শৰ্কৰা থাকিব পাৰে। তাতকৈ বেছি হ’লে ডায়েবেটিজ ৰোগৰ লক্ষণ বুলি ধৰিব লাগে। কেতিয়াবা ব্লাড ছুগাৰ লেভেল তাতকৈ ৪০০-৫০০ পৰ্যন্ত উঠে, তেতিয়া ৰোগীৰ অৱস্থা সংকটজনক হয়।

বহুমূত্ৰ ৰোগীৰ প্ৰস্ৰাৱতো চেনি যায়। ৰোগৰ আৰম্ভণিতে ছুগাৰ লেভেল শতকৰা ০.৪% হ’ব পাৰে। পাছলৈ বাঢ়ি ২-১০% লৈ উঠে। মানুহৰ প্ৰস্ৰাৱৰ আপেক্ষিক ঘনত্ব ১.০০৩ কিন্তু বহুমূত্ৰ ৰোগীৰ ক্ষেত্ৰত ই বাঢ়ি ১.০২৫ বা ১.০৪৫ ও হ’ব পাৰে। ই এটা জটিল ৰোগ আৰু নিয়ন্ত্ৰণত ৰাখিব নোৱাৰিলে শৰীৰৰ সকলো গঠন প্ৰণালীৰ ক্ষতি সাধন কৰে। শৰীৰৰ মাংসপেশীবোৰে গ্লুক’জবোৰ (চেনি) ভাঙি শক্তি আহৰণ কৰে, মানুহে বল শক্তি পায়। কিন্তু গ্লুক’জবোৰ ইনছুলিনৰ অভাৱত মাংসপেশীবোৰে কামত লগাব নোৱাৰাৰ বাবে মানুহ ক্ষীণাই যায়, শৰীৰত বল-শক্তি কমি যায়। সাধাৰণতে মধুমেহ মানুহৰ ৪০ বছৰৰ পাছতে হয়। কিন্তু তাৰ আগতো হয়, সৰু ল’ৰা-ছোৱালীৰ হোৱাৰ উদাহৰণো আছে। এনে কম বয়সতে, বংশগত কাৰণতে হয়।

ৰোগৰ লক্ষণঃ বৰকৈ পিয়াহ লগা আৰু ঘন ঘন কৈ পৰিমাণতো বেছিকৈ প্ৰস্ৰাৱ কৰিব লগা হোৱাটোৱে এই ৰোগৰ প্ৰথম লক্ষণ। ভোক বেছি হয় কিন্তু খালেও গাত নালাগে (স্বাস্থ্যৰ কামত নাহে)। দিনে দিনে শৰীৰ শুকাই যায়। শৰীৰৰ ওজন কমি যায়। গা খজুৱাব পাৰে। প্ৰস্ৰাৱ হালধীয়া হ’ব পাৰে। প্ৰস্ৰাৱৰ পৰা মিঠা গোন্ধ ওলায়। প্ৰস্ৰাৱত পিপৰা জমা হয়। প্ৰস্ৰাৱ স্বাভৱিকতকৈ ৩-১০ গুণ বাঢ়িব পাৰে। গাত গুটি গুটি দানা ওলাব পাৰে। প্ৰায়ে টোপনি লাগি থকাৰ দৰে হয়। যৌন ক্ষমতা, যৌন আকাংক্ষা কমি যায়। হাত-ভৰি জিনজিনাই থাকে। পেটৰ বিষ আৰু বমি হ’ব পাৰে। শেষত কিডনি আৰু চকু অচল কৰে। লগতে হাৰ্টৰ বেমাৰো হয়।

চিকিৎসা জামৰ গছৰ ছালৰ ৰস ১০ মিলিলিটাৰকৈ (২ চামুচ) দিনে এবাৰকৈ ১৫-২০ দিন খালে বহুমূত্ৰ ৰোগ ভাল হয়।

দিনত ২-৪ টা আপেল খালে প্ৰস্ৰাৱ কম হয়।

বহুমূত্ৰ ৰোগত বৰকৈ পিয়াহ লাগি থাকিলে, প্ৰস্ৰাৱ বাৰে বাৰে হলে ৮ গ্ৰাম হালধি পিহি পানীৰ লগত (আধা কাপ) মিহলি কৰি তাত আধা চামুচ মৌ দি খালে পিয়াহ দূৰ হ’ব আৰু প্ৰস্ৰাৱ কমকৈ হ’ব।

১০-১২ টা আমলখিৰ ৰস মৌৰ সৈতে খালে বহুমূত্ৰ আৰোগ্য হয়। ৩-৪ টা এনেয়ে চোবাই খালে উপকাৰ হয়।

৪-৫ টা বিলাহী কেঁচাই খাব পাৰিলে যথেষ্ট উপকাৰ হয়।

৩ টা তিতাকেৰেলাৰ ৰস প্ৰতিদিনে এবাৰকৈ এসপ্তাহ খালে এই ৰোগ আৰোগ্য হয়। তিতাকেৰেলা মধুমেহ ৰোগৰ মহৌষধি। তৰকাৰী খালেও উপকাৰ হ’ব। ব্লাড ছুগাৰ কমি যাব।

ৰোগৰ আৰম্ভণিতে, প্ৰতিদিনে ৪-৫ টা জামৰ কোমল পাত চোবাই খালে, ৩-৪ দিনৰ ভিতৰতে এই ৰোগ আৰোগ্য হয়।

জামৰ গুটিৰ ভিতৰৰ অংশ, ছাঁত শুকাই গুড়ি কৰি লৈ প্ৰতিদিনে পুৱা আৰু আবেলি ৩ গ্ৰাম (১ চামুচ) চূৰ্ণ মুখত দি, অলপ পানীৰে ২০-২৫ দিন খালে মধুমেহ দূৰ হয়।

ভাল কোমল জামৰ পাত ৪-৫ টা ভালকৈ বটি, ৬০ মিলিলিটাৰ (১২ চামুচ) পানীত মিহলাই দিনত এবাৰকৈ ১০ দিন খাওক। প্ৰস্ৰাৱৰ ছুগাৰ কমিব। দুই মাহৰ মূৰে মূৰে একেৰাহে ১০ দিনকৈ খালে মধুমেহ ৰোগৰ পৰা আৰোগ্য হ’ব। জামৰ পৰিৱৰ্তে আমৰ পাতো ব্যৱহাৰ কৰিব পাৰি।

জামৰ বতৰত ৬০ গ্ৰাম পকা জাম ৩০০ মিলিলিটাৰ গৰম পানীত পেলাই কিছুসময় ঢাকনি মাৰি ৰাখক। পানী উতলি গৰম হ’ব লাগিব। আধা ঘণ্টা পাছত জামবোৰ এই পানীত মোহাৰি গুটিবোৰ ছেকি বাহিৰ কৰক। সেই ছেকি উলিওৱা পানী ৩ ভাগ কৰি, দিনত ৩ বাৰ পুৱা, দুপৰীয়া গধূলি খাওক। ব্লাড ছুগাৰ লক্ষণীয়ভাৱে কমি যাব। জামৰ বতৰত এইভাৱে কিছুদিন খালে মধুমেহ দূৰ হ’ব।

কিছুদিন নয়নতৰা পাতৰ ৰস ৪ চামুচ দিনত দুবাৰ খালে ৰোগ আৰোগ্য হয়।

খাদ্যৰ দ্বাৰা চিকিৎসা খাদ্যৰ বিচাৰেই মধুমেহ ৰোগৰ আৰোগ্যৰ প্ৰধান উপায়। ৰোগৰ আৰম্ভণিতে কেঁচা কল (পুৰা কল), তৰি-তৰকাৰী, ফলৰ ৰস আদি দিব পাৰি। পুষ্টিকৰ আহাৰ দিব। খুব কঠোৰভাৱে খোৱা বস্তুৰ নিয়ন্ত্ৰণ কৰিলে ৭ দিনতে ৰোগক জব্দ কৰা যায় বুলি ভবা হয়।

পুৱা চাহৰ পৰিৱৰ্তে এক গিলাচ অলপ গৰম পানী এটা নেমুটাঙাৰ ৰস মিহলাই খাব লাগে।

ব্ৰেকফাষ্টৰ সময়ত এক প্লেট চালাদ খাওক। ৪-৫ চামুচ কেৰেলাৰ (তিতা) ৰস আৰু বিলাহীৰ ৰস খাওক। পানীলাউ সিজাই কেই টুকুৰামান খাওক। পালেং শাক খাবলৈ দিয়ক।

আগৰাতি ৫০ গ্ৰাম মেথি আধা গিলাচ পানীত তিয়াই থৈ সেই পানী খাব। মিথিবিলাক গজালি মেলিলে পাছত প্ৰতিদিনে খাব। শৰীৰৰ পৰা নাক, প্ৰস্ৰাৱ আদিৰে তেজ যোৱা কোনো অসুখ থাকিলে মেথি নাখাব। পানীহে খাব।

দুপৰীয়াৰ প্ৰধান খাদ্যৰ সময়ত এবাটি সিজোৱা তৰকাৰী, ২ খন বা ৩ খন ৰুটি, এবাটি চালাদ, গজালি মেলা মুগ, চয়াবিন আৰু এবাটি দৈ খাব পাৰে।

আবেলি চাহৰ সময়ত এক গ্লাচ ঘোল বা দৈ খাওক। পাৰিলে জামৰ গুটিৰ চূৰ্ণ কৰি লৈ তাৰে এচামুচ মিহলাওক আৰু খাওক।

গধূলি মৌচম্বী ফলৰ ৰস, টেঙা ফলৰ (কৰদৈ আদি) ৰস বেছিকৈ খাওক। লগতে অন্যান্য ফল আৰু এবাটি দৈ খাবলৈ দিয়ক। চয়াবিনৰ গাখীৰ তৈয়াৰ কৰি খাওক।

এই হ’ল এসপ্তাহৰ নিৰামিষ খাদ্যৰে চিকিৎসা। ব্লাড ছুগাৰ নিয়ন্ত্ৰণ হৈ স্বাভাৱিক হ’ব বা নিম্নগামী হ’ব। ইয়াৰ পাছত খাদ্যৰ বাছ-বিচাৰ কৰি খাবলৈ ধৰিলে মধুমেহৰ পৰা আৰোগ্য লাভ কৰিব।

পথ্যাপথ্য

তিতাকেৰেলা অতি উপকাৰী। ই তেজ আৰু প্ৰস্ৰাৱৰ চেনিৰ পৰিমাণ কমাই দিয়ে। আকৌ ইনছুলিনত যি পদাৰ্থ থাকে কেৰেলাতো সেই পদাৰ্থ থাকে। সতেজ শাক-পাচলিত ছুগাৰক সহন (মৰিষণ) কৰিব পৰা ক্ষমতা থাকে। মছলাৰ ভিতৰত ডালচেনি খাব পাৰি। ইয়াৰ ভিতৰত ইনছুলিন থাকে। নেমুৰ ৰস, বিলাহী, কলাজাম, অমিতা, ফুলকবি, কমলাটেঙা, কলডিল, বন্ধাকবি, চেঙেৰীটেঙা, মহানিমৰ পাত আৰু বাকলিৰ ৰস, সৰিয়হৰ শাক, তিয়ঁহ, ধনিয়া, পালেং আদি সকলো পাতশাক উপকাৰী খাদ্য। পিঁয়াজ, নহৰু, আদা খাব পাৰে। যদি কেৱল দৈ, ফল আৰু শাক-পাচলি খায়ে ২-৩ সপ্তাহ থাকিব পাৰে ব্লাড ছুগাৰ আধালৈ নামিব। গতিকে ৰুটি বা পুৰণি চাউলৰ ভাত, সামান্য পৰিমাণে আৰু তাৰ চাৰি গুণমান তৰকাৰী খাব পাৰে।

মাটিৰ তলৰ কোনো বস্তু, আলু, কচু আদি নাখাব। দিনত ভাত আৰু ৰাতি ৰুটি খাব। চেনি, গুৰ, ময়দা, মিঠাই, চাহ, কফি, ঘিউ, কল, কৃত্ৰিম খাদ্য, ঠাণ্ডা পানীয় আদি খোৱা নিষেধ।

দৈহিক শ্ৰমৰ আৱশ্যক। গাত কিছু বল থকা অৱস্থা হ’লে যোগাসন কেইটামান নিতৌ কৰিব পাৰে। পদ্মাসন, মত্স্যাসন, সূৰ্য নমস্কাৰ, গুপ্ত বজ্ৰাসন, ধনুৰাসন, সৰ্বাংগাসন আদিৰ ছয়-সাতটামান কৰিলে শৰীৰ সুস্থ হৈ উঠিব। একো কৰিব নোৱাৰিলে পুৱা আৰু গধূলি খোজ কাঢ়িব। অহা-যোৱা চাৰি কিলমিটাৰমান খোজ কাঢ়িলে বহু উপকাৰ হয়। কুকুৰ দৌৰ দিব পাৰিলে, চাৰি কিলমিটাৰমান নিতৌ দৌৰিব পাৰিলে ঔষধ নোখোৱাকৈয়ে ব্লাড ছুগাৰ নোহোৱা হ’ব। বহুমূত্ৰৰ ৰোগীয়ে মাটিত অলপ-অচৰপ খোজ কাঢ়িব লাগে। নিতৌ দুই ঘণ্টামান খালী ভৰিৰে মাটি গছকি থাকিব লাগে। ব্লাড ছুগাৰ শোষণ হয়। শাৰীৰিক পৰিশ্ৰমৰ ইমানেই আৱশ্যক যে যদি ৰোগীয়ে বিশেষ লৰ-চৰ কৰিব নোৱৰা হয় আনে গাৰ এফালৰ পৰা সকলো অংগকে মালিছ কৰি দিলেও উপকাৰ হয়।

উশাহ-নিশাহ লোৱা প্ৰণালীৰ অংগ-প্ৰত্যংগৰ ৰোগ

উশাহ-নিশাহ বা শ্বাস-প্ৰশ্বাসৰ সৈতে জড়িত মুখ্য অংগ হৈছে হাঁওফাঁও বা শ্বাস যন্ত্ৰ বা শ্বাসনলী। এইবোৰ বিভিন্ন ধৰণে ৰোগৰ দ্বাৰা আক্ৰান্ত হয় আৰু মানুহে সেই দেহ কষ্টত ভোগে।

ঠাণ্ডা লাগি চৰ্দি, পানী লগা অসুখ

এই ৰোগৰ বীজাণু নাক আৰু মুখেদি মানুহৰ দেহলৈ প্ৰৱেশ কৰে। ঠাণ্ডা লাগিলে, বৰষুণত তিতিলে, নাকত ধূলি সোমালে সাধাৰণতে এই ৰোগ হয়। ষ্ট্ৰেপটোকক্কাছ, ষ্টাফিলোকক্কাছ, ইনফ্লুয়েঞ্জা ভাইৰাছ, নিউমোনিয়া আদি বীজাণুৰ পৰাও এই ৰোগ হয়।

ৰোগৰ লক্ষণ

নাকেদি পানী ওলায়, হাঁচি আহে, গা বিষায়। জ্বৰ জ্বৰ ভাব বা জ্বৰ থাকিবও পাৰে।

চিকিৎসা সুৱগা, লোৰ কেৰাহি বা তাৱাত ভাজক। এইবোৰ ফুলি উঠিব, পানী হৈ যাব, আকৌ পানী শুকাই আখৈৰ দৰে হ’ব। জুইৰ পৰা নমাই থওক। ঠাণ্ডা হ’লে এই আখৈবোৰ গুড়ি কৰি এটা ভাল পাত্ৰত (বন্ধ পাত্ৰত) থৈ দিয়ক। পানী লগা অসুখ হ’লে ইয়াৰে আধাগ্ৰাম ডাঙৰ আৰু সৰু ল’ৰা-ছোৱালীক চাৰি ভাগৰ এক গ্ৰাম খাবলৈ দিয়ক। প্ৰথম বা দ্বিতীয় দিনাই চৰ্দি কমি যাব। ই পৰীক্ষিত, ক্ষতি ৰহিত অব্যৰ্থ ফলদায়ী ঔষধ।

ক’লা তিল আৰু সামান্য গুৰ মিহলাই ৰাতি শুৱাৰ আগতে খাই থলে পানী লগা অসুখ প্ৰতিৰোধ হ’ব।

মৌৰ লগত ৪-৫ টা মান লং পিহি খালে পানী লগা অসুখ ভাল হয়।

ৰাতি শোৱাৰ আগতে পানী নাখাই এটা ডাব নাৰিকলৰ পানী খাব লাগে। গোটেই পানী একে শোহাই খাব লাগে। তাৰ পাছত ৩-৪ ঘণ্টা পাছলৈ পানী খাব নালাগে। পানী লগা অসুখ সহজতে আৰোগ্য হ’ব।

চৰ্দিৰ লগত জ্বৰ থাকিলে, মূৰত বিষ থাকিলে ৭ টা তুলসীৰ পাত, ৭ টা জালুক, ৭ টা বাতাচা (চেনিৰ মিঠাই) ২৫০ মিলিলিটাৰ পানীত উতলাই পানী খাব পৰা হ’লে গৰমে গৰমে খাবলৈ দিয়ক। পানী উতলাওঁতে, জালুককেইটা অলপ খুন্দি লৈ পানীত পেলাই দি পানী গৰম হ’লে বাতাচাকেইটা দিয়ক, পানী উতলিবলৈ ধৰিলে তুলসীৰ পাতকেইটা দিয়ক, তাৰ পাছত পানী শুকাই এক চতুৰ্থাংশ মান হ’লে, খাব পৰা হ’লে, পাত আৰু জালুকৰ গুড়িসহ খাব। দিনত দুবাৰকৈ দুদিন খাব। জ্বৰ এৰিব, গা সুস্থিৰ হৈ উঠিব। জ্বৰ নাথাকিলে তুলসীৰ পাত দিব নালাগে। কেৱল জালুক বাতাচাই সুস্থিৰকৈ আনিব। গাত ঠাণ্ডা নলগাব। কানি-কাপোৰ লৈ শৰীৰ সম্পূৰ্ণৰূপে ঢাকি লৈ ১০ মিনিটমান, এই ঔষধ খোৱাৰ পাছত শুই থাকিব।

তুলসীৰ পাতৰ চাহ, পানী লগাত উপকাৰী। ৭ টা মান তুলসীৰ পাত, ১ গ্ৰাম বা এক চতুৰ্থাংশ চামুচ কেঁচা থেতেলোৱা আদা আৰু এক গ্ৰাম মান জালুকৰ গুড়ি, ২০০ মিলিলিটাৰমান উতলা পানীত পেলাই ২ মিনিট মান উতলাওক। তাৰ পাছত ছেকি লৈ, ভাল পালে, গাখীৰ ১০০ মিলিলিটাৰমান দিয়ক বা নিদিলেও হয়, অলপ চেনি বা মিছিৰি (সোৱাদ লগাকৈ) মিহলাই খাবলৈ দিয়ক। এই চাহ খাই ১০-১৫ মিনিট গায়ে মূৰে কাপোৰ লৈ শুবলৈ দিয়ক। পানী লগা, মূৰৰ বিষ, গাৰ বিষ-বেদনা, নাকেৰে পানী ওলোৱা, সাধাৰণ জ্বৰ, শ্বাসনলীৰ ব্যথা, বদহজম আনকি মেলেৰিয়া জ্বৰ পৰ্যন্ত দূৰ হ’ব। দিনে ২ বাৰ এই চাহ খাব পাৰে, আৱশ্যক হ’লে ২-৩ দিন খাব। ল’ৰা-ছোৱালীৰ বাবে চাহ আধা পৰিমাণত দিব।

গলৰ ৰোগ, শ্বাস-প্ৰশ্বাসৰ শ্লেষ্মা, বুকুত জমা হোৱা কফ আদিত তুলসী বৰ উপকাৰী। কফ শ্লেষ্মা আদি বাহিৰ কৰি দিয়ে।

পথ্যাপথ্যঃ লঘু আহাৰ খাব পাৰিলে ভাল, নহ’লে উপবাসে থাকিব। অন্ততঃ ৰাতিৰ সাজ ত্যাগ কৰিব। গৰম পানী ব্যৱহাৰ কৰিব। ঠাণ্ডা বস্তু নাখাব, গাত ঠাণ্ডা নলগাব।

কাহ

ষ্ট্ৰেপ্টাকক্কাছ, ষ্টাফিলকক্কাছ, ইনফ্লুয়েঞ্জা ভাইৰাছ আদি ৰোগৰ বীজাণুৰ কাৰণে কাহ হয়। এই ৰোগৰ বীজাণু মানুহৰ নাকেদি বা মুখেৰে শৰীৰৰ ভিতৰলৈ সোমায় আৰু আক্ৰমণ কৰে।

ৰোগৰ লক্ষণঃ ডিঙি সুৰ-সুৰায়, ডিঙি চেঙচেঙায়, হাঁচি আহিবও পাৰে। অথবা শুকান কাহো হ’ব পাৰে বা কাহত শ্লেষ্মা ওলাবও পাৰে।

চিকিৎসা ফিটকিৰি গুড়া কৰি লৈ লোহাৰ কেৰাহি বা তাৱাত দি গৰম কৰক। ফিটকিৰিবোৰ পানী হৈ যাবলৈ ধৰিব, জুই কমাই দিয়ক, ফিটকিৰিবোৰ তলৰ ফালৰ পৰা শুকাবলৈ ধৰিব। এতিয়া চামুচৰ নাল বা কটাৰীৰে ফিটকিৰি ডোখৰ লুটিয়াই দিয়ক। জুই অলপ বঢ়াই দিয়ক। এই ফালেও পানী উঠিব। জুই কমাই দিয়ক। ফিটকিৰি শুকাবলৈ ধৰিব। জুই নমাই দিয়ক বা তাৱা জুইৰ পৰা আঁতৰাই আনক। এই আখৈ ফুটা ফিটকিৰি গুড়া কৰি এটা ভাল বাচনত থৈ দিয়ক।

এই আখৈ কৰা ফিটকিৰি ১০ গ্ৰাম আৰু মিছিৰি সমান পৰিমাণৰ লৈ গুড়ি কৰি সমানে ১৪ ভাগ কৰক আৰু পুৰিয়া বনাই ৰাখক। শুকান কাহ হ’লে ১২৫ মিলিলিটাৰ গাখীৰৰ লগত ১ পুৰিয়া ফিটকিৰিৰ গুড়া ৰাতি শোৱাৰ আগত খাবলৈ দিয়ক। কাহ দূৰ হ’ব। শ্লেষ্মাযুক্ত কাহ হ’লে গৰম পানীৰ (গাখীৰ নিদিব) লগত একেধৰণে ৰাতি খাবলৈ দিয়ক, কাহ দূৰ হ’ব। কাহ যিমান পুৰণিয়ে নহওক কিয় ২ সপ্তাহৰ পাছত ভাল হ’বই। হাঁপানিও ভাল হয়। ই গৰমৰ দিনৰ কাহতো খাব পাৰি আৰু নিৰাপদ ঔষধ।

জালুক আৰু মিছিৰি সমান সমান মাত্ৰাত লৈ গুড়ি কৰি লওক। গুলি বনাবৰ কাৰণে যি পৰিমাণৰ ঘিউ লাগে মিহলাওক। এতিয়া আধা গ্ৰাম ওজন গুলি কৰি লওক। একোটা গুলি দিনত ৪ বাৰ চুহি খালে যিকোনো ধৰণৰ কাহ দূৰ হ’ব। প্ৰথম গুলি খোৱাৰ পাছতে আৰাম অনুভৱ কৰিব। কাহৰ উপৰিও গলৰ সুৰ-সুৰণি, মাত বহি যোৱা, ব্ৰংকাইটিছ আদি ৰোগো আৰোগ্য হয়। জালুকৰ গুড়ি গুৰৰ লগত মিহলি কৰি গুলি বনাই ৩-৪ টা গুলি দিনে চুহি চুহি খালেও কাহ নিৰাময় হয়।

আঙুৰৰ গুটি বাহিৰ কৰি তাত জালুকৰ গুড়ি দি চোবাই চোবাই খালেও উপকাৰ হয়। ৰাতি মুখত লৈ শুই থাকিলে কাহ নাহে। ৫-৭ দিনৰ ভিতৰতে কাহ দূৰ হ’ব।

যদি কাহত শ্লেষ্মা থাকে- আদাৰ ৰস (থেতেলাই কাপোৰেৰে ছেকি) উলিয়াই সমান পৰিমাণৰ মৌৰ লগত মিহলাই তাৰ পৰা ১ চামুচ অলপ গৰম কৰি জিভাত লৈ দিনে ৩-৪ বাৰ চেলেকি খালে শ্লেষ্মা কাহ নিৰাময় হ’ব। সৰু ল’ৰা-ছোৱালীক দুটা আঙুলিৰ আগত যি লাগি আহে সেইখিনিকে দিনে ২-৩ বাৰ চেলেকিবলৈ দিব লাগে, ২-৩ দিনৰ ভিতৰতে কাহ দূৰ হ’ব। পানী লগা কাহ, হাঁপানি, নাকেৰে পানী পৰা আদি সকলোতে ই আশ্বৰ্যজনকভাৱে কাম দিয়ে। হাঁপানি থকা বা বয়সিয়াল লোকৰ কাহৰ ক্ষেত্ৰত এই মিশ্ৰণ অলপ গৰম কৰি খুৱাব।

৮-১০ দিনৰ ভিতৰত হাঁপানি, কাহ দূৰ হ’ব। মাত বহি গলে মাত ওলাব।

কেৱল ১-২ চামুচ যনী চোৱাই খাই অলপ গৰম পানী খালেও কাহত বিশেষ উপকাৰ হয়। যনী হাঁওফাঁওৰ ৰোগত বৰ উপকাৰী। কফ শ্লেষ্মা কমি যায়। বুকুৰ ব্যথা কমি যায়। যনী খালে হাঁওফাঁও বলবান হয়।

পুৰণি কাহত এচামুচ হালধিৰ ৰসৰ লগত ২ চামুচ মৌ মিহলাই দিনে ৩ বাৰকৈ খালে আৰাম পাব।

২০ টোপ নহৰুৰ ৰসত মাটিকঁঠালৰ ৰস মিহলাই চৰবত কৰি খালে সকলো প্ৰকাৰৰ কাহ ভাল হয়।

বিড়ি-চিগাৰেট খোৱাৰ কাৰণে কাহ হ’লে (শুকান কাহ) মৰাণ আদা এডোখৰ চোবাই খালে সেই কাহ আৰোগ্য হয়।

পথ্যাপথ্যঃ তুলসী, জালুক, পিপলি, পুৰাকল, নহৰু, মৰাণ আদা, মহানিম, মৌ, শিলিখা, আমলখি, লং, নেমুটেঙা, তিতাভেকুঁৰী, কেঁচা হালধি সুপথ্য। মিঠা বস্তু, কচু, পকাকল, লাও, পূৰৈশাক, ভেণ্ডি, কলমৌ, গাখীৰ, মাখন, বেঙেনা, ধঁপাত, বিড়ি, চিগাৰেট নাখাব।

বুকুৰ কামিহাড়ৰ তলৰ বিষ

কফ জমি বুকুৰ বিষ হ’লে, কামিহাড়ৰ তলত বিষ-বেদনা অনুভৱ কৰিলে ২৫০ মিলিলিটাৰ পানীত যনী এক চামুচ উতলাওক। পানী উতলি উতলি যেতিয়া এক চতুৰ্থাংশ পৰিমাণ থাকিব তেতিয়া ছেকি লৈ পানীখিনি গৰমে গৰমে ৰাতি শুৱাৰ আগতে খাই কানি-কাপোৰেৰে গোটেই গা ঢাকি লৈ শুবলৈ দিয়ক। এইভাৱে ৫-৭ দিন খালে বুকুৰ ব্যথা নোহোৱা হ’ব। যদি কামিহাড়ৰ তলত বেছি বিষ থাকে যনী ২ চামুচ উতলাব আৰু দিনে ২ বাৰ খুৱাব। ১-২ সপ্তাহ খালে আৰোগ্য হ’ব।

৬-ৰ পৰা ১২ বছৰৰ ল’ৰা-ছোৱালীৰ ঠাণ্ডা লাগি বুকু বিষালে, বুকুত কফ বহি গ’লে, কামিহাড়ৰ তলত বিষালে আধা কাপ পানীত ১০-১২ টা যনী গুটি সিজাব। পানী আধা হৈ গ’লে সেই পানী, অসুখ খুব বেছি নহ’লে, ৰাতি শুৱাৰ সময়ত ১ বাৰ আৰু অসুখ বেছি থাকিলে দিনে দুবাৰ (সেই একেখিনি পানী দুবাৰ নহয়, সেই জোখত দুবাৰ বনাই) খাবলৈ দিয়ক। বিশেষ উপকাৰ লাভ কৰিব। যনীৰ ক্কাথ অকল বুকুৰ ব্যথাতেই নহয় চৰ্দি, কাহ, লিভাৰ, প্লীহাৰ অসুখ, হিকটি, বমি, টেঙাপানীৰ উগাৰ অহা, পেট গুৰ গুৰ কৰা, প্ৰস্ৰাৱৰ গোলমাল আৰু পাথৰী ৰোগতো উপকাৰী।

কিন্তু প্ৰস্ৰাৱ কম কম কৈ হ’লে বা প্ৰস্ৰাৱ বন্ধ হ’লে, প্ৰস্ৰাৱৰ দোষত যনীৰ ক্কাথ খুৱাব নালাগে।

১২৫ মিলিলিটাৰ পানীত ১ টা লং ৫ মিনিট সিজাওক। তাৰ পাছত সেই পানী খাব পৰা হ’লে দিনে একোবাৰকৈ খাবলৈ দিয়ক। কাহ, হাঁপানি, চৰ্দি, নিউমোনিয়া, বুকুৰ ব্যথা সকলো নাইকিয়া হ’ব।

পথ্যাপথ্যঃ তুলসী, জালুক, পিপলি, পুৰাকল, নহৰু, মৰাণ আদা, মহানিম, মৌ, শিলিখা, আমলখি, লং, নেমুটেঙা, তিতাভেকুঁৰী, কেঁচা হালধি সুপথ্য। মিঠা বস্তু, কচু, পকাকল, লাও, পূৰৈশাক, ভেণ্ডি, কলমৌ, গাখীৰ, মাখন, বেঙেনা, ধঁপাত, বিড়ি, চিগাৰেট নাখাব।

নিউমোনিয়া

বিভিন্ন প্ৰকাৰ বীজাণুৰ পৰা এই ৰোগ হয়। ইয়াৰ ভিতৰত প্ৰধান বীজাণু হৈছে নিউমোকক্কাছ।

ৰোগৰ লক্ষণঃ হঠাত্ ঠাণ্ডা লাগি জ্বৰ হয়। বুকুৰ বিষ হয় আৰু কাহ থাকে। প্ৰথমতে শুকান কাহ। কাহোঁতে কাহোঁতে বুকু বিষাই যায়। জ্বৰ ১০৩ ডিগ্ৰী-১০৪ ডিগ্ৰী ফাৰেনহাইটলৈ উঠিব পাৰে। দিন পলম হ’লে কাহৰ খেকাৰৰ ৰং ঈষত্ হালধীয়া হয়। উশাহ-নিশাহ ঘন হৈ আহে। প্ৰতি মিনিটত নিয়মিত ১৮-২০ বাৰৰ পৰা ৩০-৪০ বাৰলৈ উঠে। মুখৰ পৰা দুৰ্গন্ধ ওলায়। মুখৰ দুয়ো কোৱাৰিত ঘা হ’ব পাৰে। জিভা বগা হয় আৰু মুখৰ ভিতৰত ছাল ছিগে। শৰীৰ চেঁচা আৰু দুৰ্বল হৈ পৰে।

চিকিৎসা দ্ৰোণ শাকৰ ৰস ২৫ মিলিলিটাৰকৈ দিনে তিনি বাৰকৈ খালে উপকাৰ পাব। সেই ৰসেৰে বুকুত মালিছ কৰিবও পাৰি, উপকাৰ হয়।

এক চামুচ নহৰুৰ ৰসৰ লগত সামান্য গৰম পানী মিহলাই খাওক, আৰাম পাব।

ৰোগ নেৰালৈকে নিতৌ এক কাপ শেৱালি (শিউলি বা শেফালিকা) ফুলৰ গছৰ পাতৰ ৰস, পুৱাই খালে উপকাৰ পাব।

পথ্যাপথ্য

লঘুপাকী খাদ্য খাব। প্ৰথম অৱস্থাত পুৱাই একোটা মুৰ্গীৰ কণী, খালী পেটত পাঁচদিন কেঁচাই খাওক। বগা বাহকৰ পাত উপকাৰী। বৰা চাউল, টেঙা বস্তু, বেঙেনা, জলা আৰু ভজা, পোৰা বস্তু নাখাব। মদ, ভাং, মছলা, মাছ, মাংস, বিড়ি, চিগাৰেট, ধঁপাত খোৱা নিষেধ। ঠাণ্ডা লগাব নালাগে।

হাঁপানি ৰোগ

শ্বাসযন্ত্ৰৰ কোনো অংশত বীজাণুৱে আক্ৰমণ কৰিলে, এলাৰ্জি হ’লে এই ৰোগ হয়। এই ৰোগ বংশগতও হ’ব পাৰে। ধূলি-বালি, পানী লাগিলে, ঠাণ্ডা ঠাইত থাকি ঠাণ্ডা লাগিলে এই ৰোগ হ’ব পাৰে। হঠাত্ উত্তেজিত হৈ পৰা আৰু ভয়াতুৰ লোকৰ এই ৰোগ হয় বুলিও ভবা হয়।

ৰোগৰ লক্ষণ

উশাহ-নিশাহ লোৱাত কষ্ট হয়। উশাহ-নিশাহ লওঁতে ঘেৰঘেৰণি শব্দও হ’ব পাৰে। শেষ ৰাতি শুব নোৱৰা হয়। ৰোগী উঠি বহি থাকিব লগা হয়। ৰোগীৰ অৱস্থা শোচনীয় হৈ যায়।

চিকিৎসা সাধাৰণ হাঁপানি অৱস্থাত সুৱগাৰ আখৈ আৰু ‘মুলহঠি’ (এবিধ ঔষধি বস্তু) ভজা বেলেগে বেলেগে গুড়ি কৰি কাপোৰেৰে ছেকি লওক। ময়দাৰ দৰে মিহি হ’লে দুয়োটাকে মিহলাই এটা বটলত ভৰাই থওক। ই শ্বাস-প্ৰশ্বাসৰ অসুখৰ বাবে মহৌষধি। দিল্লীৰ এজন বিশিষ্ট কবিৰাজে এই ঔষধটি আৱিষ্কাৰ কৰিছিল। আধা গ্ৰাম বা এক গ্ৰাম এই ঔষধ দিনে ২-৩ বাৰ মৌৰ সৈতে লৈ চেলেকি খালে বা গৰম পানী অলপৰ সৈতে খালে ৰোগীয়ে বিশেষ উপকাৰ অনুভৱ কৰিব। সৰু ল’ৰা-ছোৱালীয়ে এক অষ্টমাংশ গ্ৰাম বা ১ ৰতি খাব। বয়স অনুসৰি মাত্ৰা অলপ বঢ়াবও পাৰিব। হাঁওফাঁও, পেট, নাক, গল আদি সাধাৰণ আৰু পুৰণি সকলো অসুখৰ বাবে মহৌষধ। ইয়াৰ কোনো ক্ষতিকাৰক প্ৰতিক্ৰিয়া নাই। যিসকলে দীৰ্ঘদিন ধৰি শ্লেষ্মাৰ কষ্টত ভুগিছে, যাৰ বুকুত কফ বহি গৈছে, যাৰ পকা খেকাৰ ওলায়, যিয়ে কাহি কাহি কফ নোলোৱালৈ শান্তি নোপোৱা অৱস্থা হয় তেওঁলোকে ৰাতি দুগুণ মাত্ৰাত ঔষধ খাই শুলে ৰাতি আৰাম অনুভৱ কৰিব। ৩-৪ সপ্তাহ খালে হাঁপানিৰ পৰা আৰোগ্য হ’ব। যাৰ কেঁচা কফ আৰু পিকৰ নিচিনাকৈ বাৰে বাৰে ওলায় তেওঁলোকে ঔষধৰ পৰিমাণ কমকৈ (দুটা আঙুলিৰ আগেৰে টিপামাৰি অনাৰ পৰিমাণ) আনি মুখত পেলাই চুহি খাব। প্ৰয়োজন হ’লে এক ঢোক পানী (ঠাণ্ডা বা সামান্য গৰম) খাব। কফৰ বিকাৰ শান্ত হ’ব। শিশুৰ দাঁত উঠাৰ সময়ত পলম হ’লে, এই ঔষধ দাঁতৰ মাৰিত ঘঁহিলে দাঁত সোনকালে ওলাই আহিব।

শিশুৰ হাঁপানিৰ অন্য ঔষধঃ এবছৰতকৈ অলপ ডাঙৰ শিশুৰ হাঁপানিত ৫ টা তুলসীৰ পাত মিহিকৈ বটি অলপ মৌৰ লগত প্ৰতিদিনে পুৱা আৰু ৰাতি দুবাৰ, ৩-৪ সপ্তাহ খুৱাওক, হাঁপানিৰ পৰা আৰোগ্য হ’ব। বয়স এবছৰৰ কম হ’লে ২ ফোট পৰিমাণৰ তুলসীৰ ৰস সামান্য মৌৰ লগত একে নিয়মে খাবলৈ দিয়ক। শিশু হাঁপানিৰ পৰা আৰোগ্য হ’ব। তুলসীৰ পাত ভালকৈ পৰিষ্কাৰ কৰি ল’ব। ৰস উলিয়াওতে পাতল পৰিষ্কাৰ কাপোৰেৰে ছেকি ৰস উলিয়াব। কেৱল হাঁপানিয়ে নহয়, সকলো ধৰণৰ শ্বাস কষ্টৰ পৰা আৰোগ্য লাভ কৰিব।

সূৰ্য-স্বৰ বিধি

সোঁ নাকৰ ছিদ্ৰৰে শ্বাস লৈ প্ৰচণ্ড হাপ ধৰা হাঁপানিও বিনা ঔষধে আৰোগ্য কৰিব পাৰি। যেতিয়া উশাহ ল’বলৈ টান হয়, হাতৰ তলুৱাত নিশাহ এৰি চাব লাগে, কোন নাকেৰে উশাহ-নিশাহ চলিছে। যিটো নাকৰ ফুটাৰে বতাহ চলিছে বা বেছি বতাহ চলিছে তাক বন্ধ কৰি অন্যটো নাকেৰে শ্বাস-প্ৰশ্বাস ল’ব লাগে। এনেকৈ ১০-১৫ মিনিট উশাহ লৈ থাকিলে হাঁপানিৰ হাপ বা উশাহ লোৱা কষ্টৰ ওৰ পৰিব। হাঁপানিৰ সময়ত এই ব্যৱস্থা অত্যন্ত কাৰ্যকৰী।

ৰোগীয়ে যিমান পাৰে দিন-ৰাতিৰ ভিতৰত সোঁ নাকেৰে উশাহ-নিশাহ লোৱাৰ যত্ন কৰিব লাগিব। বিশেষকৈ পুৱা বিছনা এৰাৰ সময়ত, খাবলৈ লোৱাৰ সময়ত, খাই উঠি আৰু ৰাতি শোৱাৰ সময়ত এই ব্যৱস্থা ল’ব লাগে। ইয়াক সূৰ্য-স্বৰ বোলে। ই কফ শান্ত কৰাৰ বাবে উত্তম ব্যৱস্থা। ইয়াৰ লগতে খোৱা-লোৱাত সাৱধান হ’লে হাঁপানিৰ পৰা আৰোগ্য লাভ হয়।

সূৰ্য-স্বৰে কেৱল হাঁপানিতে নহয়, অজীৰ্ণ, অক্ষুধা, দুৰ্বল হজম শক্তি আদিও বিনাশ কৰে। সূৰ্য-স্বৰ পিত্তবৰ্ধক। ইয়াৰ ফলত জঠৰাগ্নি বলপ্ৰাপ্ত হয়। গতিকে খোৱাৰ আগত আৰু পাছত ১০-১৫ মিনিট সোঁ নাকেৰে উশাহ-নিশাহ ল’লে জঠৰাগ্নি বাঢ়ে, খুব সহজেই খোৱা বস্তু হজম হয়। হজমৰ কোনো ব্যতিক্ৰম হ’লেই এই ব্যৱস্থা ল’ব লাগে। সূৰ্য-স্বৰৰ অৰ্থ সোঁ নাকেৰে উশাহ লোৱা। সোঁ নাকেৰে উশাহ-নিশাহ ল’লে পেটৰ বহু ৰোগ নিৰ্মূল হয়।

বাঁও নাকেৰে উশাহ-নিশাহ চলিলে শৰীৰ শীতল হয় আৰু সোঁ নাকেৰে চলিলে শৰীৰৰ উষ্ণতা বাঢ়ে। গতিকে শীতৰ ৰোগত (চৰ্দি, কাহ) সোঁ নাকেৰে উশাহ ল’ব লাগে। শৰীৰ বেছি গৰম গৰম লাগিলে, পেট গৰম গৰম লাগিলে বাঁও নাকেৰে উশাহ ল’ব লাগে। নাকৰ উশাহ পৰিৱৰ্তন কৰা সহজ। অলপ সময় সোঁ ফাল তলকৈ থলে বাঁও নাকেৰে উশাহ চলাচল কৰিব খুজে আৰু বাগৰ সলাই বাঁওফাল তল কৰি থলে সোঁ নাকেৰে উশাহ চলাচল কৰিব। বহি থকা অৱস্থাত শ্বাস-প্ৰশ্বাসৰ চলাচল সলনি কৰিব খুজিলে হাতৰ আঙুলৰে যিটো নাক বন্ধ কৰিব খুজে, অলপ চেপি ধৰক, অলপ সময়ৰ পাছতে অন্য নাকটোৰে উশাহ-নিশাহ আৰম্ভ হৈ যাব।

৮-১০ টা মান বগা বাহকৰ পাত খুন্দি দিনে দুবাৰকৈ একেৰাহে এমাহলৈ খালে হাঁপানি ৰোগত ভাল পাব।

১০-১৫ টা তিতাভেকুঁৰি গুটি দৈনিক কিছুদিন চোবাই খালে পুৰণি হাঁপানি ৰোগো ভাল হয়।

মৌ ৫০ মিলিলিটাৰ, কৰ্পূৰ ৩ টুকুৰা (খোৱা কৰ্পূৰ), মৰাণ আদা ৫০ গ্ৰাম, গুৰ ৫০ গ্ৰাম, মিঠাতেল ৫০ মিলিলিটাৰ, জালুক ৫০ গ্ৰাম ভালদৰে বটি আধা লিটাৰ পানীত সিজাওক। পানী উতলি উতলি যেতিয়া ২০০ মিলিলিটাৰমান থাকিব তাৰে ৫০ মিলিলিটাৰ কুহুমীয়া গৰম অৱস্থাত বা কুহুমীয়া গৰম কৰি তিনিদিন খুৱাওক। হাঁওফাঁও ৰোগ আৰোগ্য হ’ব। এই ঔষধ খোৱাৰ সময়ত পুঠি মাছ নাখাব।

পথ্যাপথ্য

ঠাণ্ডা বা বাহি খাদ্য নাখাব। কল, দৈ, টেঙা আৰু শ্লেষ্মা বঢ়ায় তেনে কোনো বস্তু নাখাব। তেল, গুৰ, মদ, মাংস, তৰমুজ নাখাব। বিড়ি, চিগাৰেট, ভাং, ধঁপাত সম্পূৰ্ণ নিষিদ্ধ। ৰাতি উজাগৰে থকাও উচিত নহয়। সকলো পাতশাক খাব পাৰি। মিঠা ফল, আম, বেদানা, কমলা, পকা অমিতা, মৌচম্বী, নেমুটেঙা, নহৰু খাব। গৰম পানী ব্যৱহাৰ কৰিব। বাকলি নোহোৱা মাছ, চুকা শাক নোখোৱাই ভাল।

যক্ষ্মা বা ক্ষয় ৰোগ

বীজাণুৰ দ্বাৰা এই ৰোগ হয়। যক্ষ্মা ৰোগীৰ কফ, খেকাৰ, হাঁচিৰ চিটিকনি আৰু জোৰেৰে কথা ক’লে ৰোগৰ বীজাণু বাহিৰলৈ ওলায় আৰু বতাহত মিহলি হয়। এই জীৱাণু নাক আৰু মুখেদি আন মানুহৰ শৰীৰলৈ সোমায় আৰু দেহত প্ৰৱেশ কৰাৰ ১ মাহৰ পৰা ১ বছৰৰ ভিতৰত এই ৰোগৰ লক্ষণে দেখা দিয়ে। বীজাণুবোৰ দেহত সোমায় আৰু হাঁওফাঁও আক্ৰান্ত কৰে। দৰিদ্ৰতাজনিত কাৰণত অস্বাস্থ্যকৰ পৰিৱেশত, ঘন বসতিপূৰ্ণ ঠাইত এই ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি হয়।

ৰোগৰ লক্ষণঃ গাত পাতল জ্বৰ থাকিব পাৰে। শুকান কাহ হয়। কাহৰ কফত কেতিয়াবা তেজ ওলায়। বুকু বিষায়, উশাহ লওতে কেতিয়াবা কষ্ট পায়। শৰীৰ শুকাই-ক্ষীণাই যায়, দুৰ্বল হয়। নাড়ীৰ গতি বাঢ়ে আৰু পাছলৈ সন্ধ্যা সময়ত প্ৰায়ে জ্বৰ উঠা হয়। শ্বাস-প্ৰশ্বাস খৰতকীয়া হয়।

চিকিৎসা হাঁওফাঁওৰ ক্ষয় ৰোগত এপোৱা (২৫০ মিলিলিটাৰ) গাখীৰত নহৰু দুটা কোঁহ থেতেলাই দি গাখীৰখিনি উতলাওক। গাখীৰ যেতিয়া ঘন হৈ অলপ থপথপীয়া হ’ব জুইৰ পৰা নমাই থওক আৰু খাব পৰা হ’লে ৰোগীক খাবলৈ দিয়ক। তেনেকৈ দিনত এবাৰ, বিশেষকৈ ৰাতি শোৱাৰ আগত খালে ভাল বা ৰাতি এবাৰকৈ ১-২ মাহ খালে যক্ষ্মা ৰোগৰ পৰা আৰোগ্য হ’ব পাৰি।

এই ক্ষীৰ খালে ক্ষয় ৰোগৰ উপৰিও উচ্চ ৰক্তচাপ অসুখো ভাল হয়।

২৫০ মিলিলিটাৰ গাখীৰত এটা খেজুৰ মিঠাই ভিজাই থওক। ৰাতি শোৱাৰ আগত গাখীৰখিনি উতলাওক। খেজুৰ মিঠাই সিদ্ধ হ’লে জুইৰ পৰা নমাওক আৰু খাব পৰা হ’লে গুটিটো পেলাই মিঠাইখিনি আৰু গাখীৰখিনি ৰোগীক খাবলৈ দিয়ক। তেনেকৈ পুৱা আৰু গধূলি খেজুৰ সিদ্ধ দুগ্ধ কিছুদিন খালে ক্ষয় ৰোগীৰ হাঁওফাঁও সবল হৈ উঠিব। ৰোগী আৰোগ্য হ’ব।

এই খেজুৰ দুগ্ধই ৰোগীৰ দুৰ্বলতা সোনকালে দূৰ কৰে। বুঢ়া মানুহ কাহত কষ্ট পাই দুৰ্বল হৈ পৰিলে এই খেজুৰ দুগ্ধ খালে কাহৰ পৰা আৰোগ্য হ’ব। দুৰ্বল শৰীৰৰ যিকোনো মানুহেই এই খেজুৰ দুগ্ধ খালে সবল হৈ উঠিব, শৰীৰৰ ওজনো বাঢ়িব।

কলপাতৰ ৰস ১০ মিলিলিটাৰ আৰু মৌ ১০ মিলিলিটাৰকৈ মিহলি কৰি খালে ক্ষয় ৰোগৰ বীজাণু নাশ হয়।

দিনে ২ টা পিঁয়াজ নিমখৰ লগত খালে যক্ষ্মা ৰোগৰ বীজাণু নাশ হয়।

নহৰুৱে যক্ষ্মা ৰোগ প্ৰতিৰোধ কৰে। ২০ মিলিলিটাৰ গাখীৰৰ লগত ১ টা নহৰু (এক কোঁহিয়া) খুন্দি দিনে এবাৰকৈ ১৫-২০ দিন একেৰাহে খালে যক্ষ্মা ৰোগৰ পৰা আৰোগ্য হ’ব।

আজিকালি নিশ্চিত আৰোগ্য লাভৰ এল’পেথিক ঔষধ আছে। চৰকাৰী হাস্পতালবোৰত বিনামূলীয়াকৈও বিতৰণ কৰা হয়। এই সুযোগ গ্ৰহণ কৰি ৰোগ মুক্ত হ’ব পাৰি।

পথ্যাপথ্য

অমিতা, কমলা টেঙা, চজিনা, খুতুৰা, শাক, আমলখি, চয়াবিন, নাৰিকল, পাতশাক (সেউজীয়া), আপেল, পিঁয়াজ, নহৰু, ভীমকলৰ পচলা সুপথ্য। মিঠা দৈ, মদ, ভাং, চাহ, ধঁপাত, বিড়ি, চিগাৰেট নাখাব। বৰ শাৰীৰিক পৰিশ্ৰম নকৰিব অৰ্থাত্ বেছিকৈ ভাগৰ নলগাব।

তথ্য সংগ্ৰহ: ব্ৰজনাথ শৰ্মা।

শেহতীয়া উন্নীতকৰণ: : 3/14/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate