অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সুৰাত মগন ভয়াল ৰাতি প্ৰীতিঃ

সুৰাৰ প্ৰ্তি থকা আসক্তিৰ বিষয়ে লিখা হৈছে

সুৰাপানৰ প্ৰতি দুৰ্বাৰ আসক্তি-


সুৰাপানৰ প্ৰতি দুৰ্বাৰ আসক্তিৰ সৃষ্টি হৈছে আবাল-বৃদ্ধ-বণিতা সমন্বিতে সমাজৰ এক বুজনসংখ্যক মানুহৰে। বিগত শতিকাৰ সত্তৰ দশকৰ মাজ ভাগমানত আমি স্কুলীয়া ছাত্ৰ হৈ থকা অৱস্থাতে দৃষ্টি নামৰ চলচিত্ৰখনৰ জয়ন্ত হাজৰিকাৰ সুৰত নিগৰিত এটা গীতৰ প্ৰথম কলিটোৰ অনুকৰণত নিবন্ধটিৰ শিৰোনাম প্ৰদান কৰা হৈছে যদিও প্ৰকৃততে মদ্যাসক্তিৰ কাৰকৰ বিষয়েহে দুআষাৰ আলচিম।

এইটো এটা সৰ্বজনস্বীকৃত সত্য যে ব্যক্তিভেদে মদ্যাসক্তিৰ ভিন্নতা আছে। একাংশ মানুহে এটা বা দুটা পেগ গিলিলেই সুৰাপানৰ আনন্দ লভে বা আন কিছুমানে আকৌ মাহেকে-পষেকে বন্ধু-বান্ধৱৰ সৈতে হোৱা পাৰ্টীৰ সময়তহে ড্ৰিংকছ কৰে যাক নেকি ‘ছচিয়েল ড্ৰিংকিং’ বুলি কোৱা হয়। বিপৰীতক্ৰমে আন কিছুমান এনে ব্যক্তি আছে যিসকলে আবেলি বা সন্ধিয়াৰ পৰা দোভাগ নিশালৈকে এনেদৰে আকুণ্ঠ মদ্যপান কৰে যেন পৰৱৰ্তী দিনটোৰ পৰা পৃথিৱীৰ সকলোবোৰ মদৰ বিপণী চিৰদিনৰ বাবে বন্ধ হৈ যাব।

সুৰাপানৰ প্ৰতি দুৰ্বাৰ আসক্তিৰ কাৰণ-

এতিয়া নিশ্চয়কৈ প্ৰশ্ন উঠিব পাৰে যে সুৰাপানৰ মাত্ৰাৰ এনে ধৰণৰ ভিন্নতাৰ কাৰণ কি ? চিকিৎসা বিজ্ঞানীসকলে এই সন্দৰ্ভত চলোৱা গৱেষণাৰ ফলত উৰহী গছৰ ওৰ বিচাৰি পাইছে। বিজ্ঞানীসকলে মগজু আৰু লিভাৰৰ মাজত সমন্বয় ৰক্ষাকাৰী এনে কেতবোৰ জেনেটিক প্ৰক্ৰিয়াৰ সম্ভেদ লভিছে- (যিবোৰ নেকি এতিয়ালৈকে অজ্ঞাত আছিল) যিয়ে নেকি ব্যক্তিভেদে সুৰাপ্ৰীতিৰ তাৰতম্যতাৰ কাৰণ সম্বন্ধে আভাস দিব পাৰে। এনেধৰণৰ নতুন গৱেষণা চলাই আছে বিজ্ঞানীসকলৰ এটি আন্তৰ্জাতিক দলে আৰু তেওঁলোকে কেইবাটাও সমীক্ষা চলাই এই বিষয়ে অৱগত হৈছে যে মদ্যপানৰ আচাৰ-প্ৰকৃতিৰ ওপৰত প্ৰভাৱ বিস্তাৰকাৰী জিনবিধৰ নাম হৈছে বিটা-ক্লথ (কে এল বি)।

দৰাচলতে ইউৰোপীয় মূলৰ প্ৰায় ১০,০০০ জন ব্যক্তিৰ ওপৰত বিজ্ঞানীসকলে বংশগতি তত্ত্ব সম্বন্ধীয় সমীক্ষা চলাই লক্ষ্য কৰিছিল যে উপৰিউক্ত কে এল বি জিনৰ স্বাভাৱিক গাঁথনিৰ কিছু বিজুতি ঘটিলেই আক্ৰান্ত ব্যক্তিগৰাকীৰ সুৰাসক্তিৰ অস্বাভাৱিকতাৰ সৃষ্টি হয়। যিসকলৰ শৰীৰতএই জেনেটিক তাৰতম্য নাথাকে তেওঁলোকৰ তুলনাত এইসকলে বেছিকৈ মদ্যপান কৰে। তদুপৰি বিজ্ঞানীসকলে পৰীক্ষাগাৰত পৰ্যবেক্ষণ কৰিছিল যে অক্ষত অৱস্থাত কে এল বি জিনযুক্ত নিগনিবোৰৰ তুলনাত বিকৃত অৱস্থাত কে এল বি জিনযুক্ত নিগনিবোৰৰ সুৰাপানৰ ক্ষমতা বহু বেছি হয়।

আজি কিছুদিনৰ পূৰ্বে ‘প্ৰচিডিঙছ অব নেচাৰেল একাডেমী অব ছায়েন্সছ’ শীৰ্ষক আমেৰিকা যুক্তৰাষ্ট্ৰৰ সুবিখ্যাত বিজ্ঞান সম্বন্ধীয় আলোচনীখনত এই সম্বন্ধে এটি নিবন্ধ প্ৰকাশ হৈছিল আৰু তাত উল্লেখ কৰা হৈছিল যে লিভাৰ আৰু মগজু সংলগ্নকাৰী শৰীৰতাত্ত্বিক পথৰ অস্তিত্বৰ সম্ভাৱনা অতি উজ্জ্বল আৰু ইয়ে ব্যক্তিবিশেষৰ আচৰণৰ ওপৰতো প্ৰভাৱ পেলায়। লণ্ডনৰ সুবিখ্যাত কিংছ কলেজৰ জৈৱিক মনস্তত্ত্ব বিজ্ঞান বিভাগৰ অধ্যাপক গানথাৰ স্কুমেনে এই সন্দৰ্ভত এনেদৰে উল্লেখ কৰে- ‘লিভাৰত উৎপত্তি হোৱা এটা জিন মগজুলৈ পৰিবাহিত হৈ ব্যক্তিবিশেষৰ সুৰাপানৰ অভ্যাসৰ ওপৰত প্ৰভাৱ পেলোৱা এইধৰণৰ পৰিঘটনা এতিয়ালৈকে বিজ্ঞানী মহলত চৰ্চাৰ মাজলৈ অহা নাই’।

কেইবাটাও দশকৰ পূৰ্বৰে পৰাই বিজ্ঞানীসকল অৱগত আছিল যে সুৰাপান হৈছে এক জটিল ধৰণৰ মানৱীয় আচৰণ আৰু জিনৰ ইয়াৰ ওপৰত প্ৰভাৱ আছে। পিছে সুনিৰ্দিষ্ট কেতবোৰ জিনে মগজুৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰি মদ্যপানৰ অভ্যাস কেনেদৰে গঢ় দিয়ে সেই বিষয়ে বিজ্ঞানীসকলে এতিয়ালৈকে থিৰাংকৈ নিৰ্ণয় কৰিব পৰা নাই। ইয়াৰ কাৰণ হৈছে যে এডাল নিচেই ক্ষুদ্ৰাতিক্ষুদ্ৰ জিনৰ কাৰ্যৰ পৰিসৰ তেনেই সীমিত আৰু অন্যান্য কেইবাডালো জিনৰ সৈতে একত্ৰিতভাৱেহে একোটা মানৱীয় আচৰণৰ ওপৰত এইবোৰৰ প্ৰভাৱ পৰিস্ফূট হয়। এলকহল বা মদৰ শৰীৰত ঘটা ৰাসায়নিক ভাঙোন বিক্ৰিয়াৰ ওপৰত ভিত্তি কৰিয়েই পূৰ্বতে কৰা বৈজ্ঞানিক সমীক্ষাবোৰৰ জৰিয়তে একোটা সুনিৰ্দিষ্ট জিনৰ মদ্যপানৰ ওপৰত নিৰ্ভৰশীলতাৰ ক্ষেত্ৰত থকা প্ৰভাৱৰ বিষয়ে অৱগত হোৱাৰ প্ৰয়াস কৰা হৈছিল। কোনো ধৰণৰ পূৰ্বানুমান নকৰাকৈয়েই অধ্যাপক স্কুমানৰ নেতৃত্বাধীন গৱেষকৰ দলটোৱে চলোৱা বৈজ্ঞানিক সমীক্ষাত পূৰ্বৰ তুলনাত অভূতপূৰ্ব সংখ্যক ব্যক্তিৰ অন্তৰ্ভুক্ত কৰা হৈছিল আৰু এইসকলৰ ক্ষেত্ৰত চিকিৎসা বিজ্ঞানে নকৈ সম্ভেদ লভা জিনবোৰৰ মদ্যপানৰ অভ্যাসৰ ওপৰত থকা প্ৰভাৱৰ ওপৰতো গৱেষণা চলোৱা হৈছিল।

অৱশ্যে এটা কথা সত্য বুলিবই লাগিব যে মদ্যপানৰ অভ্যাসৰ ওপৰত কে এল বি নামৰ জিনবিধে কেনেদৰে প্ৰভাৱ বিস্তাৰ কৰে সেই বিষয়টি বিজ্ঞানীসকলে থিৰাংকৈ নিৰ্ণয় কৰিব পৰা নাই। স্কুমানে এটা তত্ত্ব আগবঢ়াইছে যে সুৰা আৰু অন্যান্য যিবোৰ দ্ৰব্যই শৰীৰত উত্তেজনাৰ সৃষ্টি কৰে- তেনেবোৰ উপাদান ভক্ষণৰ হেতুকে মগজুৰ একোটা নিৰ্দিষ্ট অংশ সক্ৰিয় হয় আৰু ফলত জিনৰ কাম-কাজৰ ওপৰত প্ৰভাৱ পেলায়। অৱধাৰিতভাৱেই ক’ব পাৰি যে কে এল বি জিন আৰু অত্যধিক মাত্ৰাযুক্ত সুৰাপানৰ মাজত থকা সম্পৰ্কৰ বিষয়ে এতিয়াও সঠিকভাৱে জানিব পৰা হোৱা নাই। পিছে শেহতীয়া গৱেষণালব্ধ তথ্যৰ জৰিয়তে এটা সম্ভাৱনীয়তাৰ দিশ উন্মোচিত হৈছে। কে এল বি জিন আৰু ইয়াৰ লিভাৰ-মগজুৰ সম্পৰ্কৰ এক ভেষজ বিজ্ঞানজনিত দিশ আছে। এই দিশটোৰ ওপৰত গৱেষণাৰ জৰিয়তে আলোকপাত কৰিলে মদ্যপানৰ মাত্ৰা হ্ৰাসকাৰক দৰবৰ উদ্ভাৱনৰ সম্ভাৱনা অতি উজ্জ্বল।

ডাঃ স্কুমানৰ মতে এই দিশত সম্ভাৱনীয়তাৰ এক নৱ দিগন্ত উন্মোচিত হৈছে যদিও মদ্যপানৰ পৰা এগৰাকী ব্যক্তিক বিৰত ৰাখিবলৈ ইতিমধ্যে বহুকেইটা দৰব ব্যৱহাৰ কৰা হয়। পিছে এনেবোৰ দৰবৰ কাৰ্যপদ্ধতি কিছু হ’লেও সুকীয়া, বিশেষভাৱে মগজু আৰু লিভাৰৰ সংযোজক বাটৰ ওপৰত প্ৰভাৱ বিস্তাৰকাৰী দৰব এইবিধেই প্ৰথম হ’ব বুলি আশা কৰা হৈছে। ইয়াৰ ফলত এইবিধ দৰবৰ কাৰ্যকাৰিতা পূৰ্বৰে পৰা প্ৰচলিত দৰববোৰৰ তুলনাত বেছি হ’ব বুলি ভবা হৈছে।

পাশ্চাত্যৰ ভালেকেইখন দেশৰ প্ৰায় ১২০ জন জ্যেষ্ঠ বিজ্ঞানী এই গৱেষণা প্ৰকল্পটিৰ সৈতে জড়িত হৈ আছে। ইয়াৰে ভিতৰত আমেৰিকা, ইংলেণ্ড, ফিনলেণ্ড, জাৰ্মানী আৰু অষ্ট্ৰিয়াৰ বিজ্ঞানীসকলো আছে। ডালাছত অৱস্থিত টেক্সাছ বিশ্ববিদ্যালয়ৰ লেব’ৰেটৰীত বিভিন্ন সংশ্লিষ্ট সম্পৰীক্ষা চলোৱা হৈছিল।

বিজ্ঞানীসকলৰ মতে মদ্যাসক্তিৰ সৈতে জড়িত জিন সম্বন্ধীয় সমীক্ষা অভূতপূৰ্ব ধৰণৰ আৰু সমগ্ৰ প্ৰক্ৰিয়াটিৰ বিষয়ে ন ন তথ্য লভাৰ ক্ষেত্ৰত ই হৈছে এক অতিকৈ কাৰ্যকৰী কৌশল। শেহত কওঁ যে অত্যধিক তথা মাত্ৰাধিক সুৰাসক্তি হৈছে মানৱ স্বাস্থ্যৰ বাবে এক বৃহৎ প্ৰত্যাহ্বান। শিৰোনামত উল্লিখিত ধৰণে সময় অতিবাহিত কৰা ব্যক্তিসকলৰ স্বাস্থ্যৰ অৱনতি ঘটা ধুৰূপ। গতিকে এনে পৰিস্থিতিত বিজ্ঞানৰ নৱতম অৱদানৰ জৰিয়তে স্বাস্থ্য ৰক্ষাৰ প্ৰয়াস নিশ্চয়কৈ আদৰণীয়।

(উৎসঃ অসমীয়া খবৰ, ডাঃ মিহিৰ কুমাৰ গোস্বামী)।

2.92592592593
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top