মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / অকাল মৃত্যুৰ পৰা হাত সাৰিবলৈ ডেৰ মিনিট:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অকাল মৃত্যুৰ পৰা হাত সাৰিবলৈ ডেৰ মিনিট:

অকাল মৃত্যুৰ পৰা হাত সাৰিবলৈ ডেৰ মিনিট

 

প্ৰায়ে মানুহৰ মুখত শুনা যায় যে যোৱা নিশা ভাত খাই উঠি মোৰ সৈতে সুন্দৰভাৱে কথা পাতি মানুহজন/মানুহজনী শুইছিল। কি হ’ল জানো, নিশা প্ৰস্ৰাৱ কৰিবলৈ বিছনাৰ পৰা উঠি বাথৰুমলৈ যোৱাৰ লগে লগে হঠাৎ ঢলি পৰি মানুহজন/মানুহজনী ঢুকাই থাকিল। হয়, প্ৰায়ে এনেকুৱা হোৱা দেখা যায়। সম্পূৰ্ণভাৱে সুস্থ যেন দেখা মানুহজন/মানুহজনী নিশা প্ৰস্ৰাৱ কৰাৰ বাবে খৰধৰকৈ বিছনাৰ পৰা উঠি বাথৰুমলৈ যোৱাতে বাথৰুমত হঠাৎ ঢলি পৰি হয়তো ষ্ট্ৰোক হৈ, মূৰত আঘাত পাই ব্ৰেইন হিম’ৰেজ হৈ অথবা হাৰ্ট ফেইলাৰ হৈ অকালতে মৃত্যুমুখত পৰিব পাৰে।

সাধাৰণতে নিশা নিদ্ৰাৰত অৱস্থাত মানুহৰ হৃদযন্ত্ৰৰ ধপধপনি কমি যায়। সম্পূৰ্ণ জিৰণিত থকাৰ বাবে নিদ্ৰাৰত অৱস্থাত মানুহৰ অংগ-প্ৰত্যংগবোৰক কমকৈ অক্সিজেন আৰু পৰিপুষ্টি লাগে। ফলত মানৱ শৰীৰত কমকৈ ৰক্তপ্ৰবাহিত হ’লেও হয়। এইকাৰণে নিশা শুই থাকোতে মানুহৰ হৃদযন্ত্ৰ কমকৈ কাৰ্যক্ষম হৈ থাকে। কিন্তু নিশা অথবা পুৱা প্ৰস্ৰাৱ কৰাৰ বাবে বিছনাৰ পৰা হুৰমূৰকৈ উঠিয়েই বাথৰুমুলৈ খোজ দিলে আমাৰ মস্তিষ্কই হাইপ’ক্সিয়াত ভোগে, কাৰণ তাৎক্ষণিকভাৱে শুই থাকোতে কম কাৰ্যক্ষয় হৈ থকা হৃদযন্ত্ৰই মস্তিষ্কক সৰহকৈ ৰক্ত প্ৰবাহিত কৰি পৰ্যাপ্ত অক্সিজেন যোগান ধৰিব নোৱাৰে। ফলত মস্তিষ্কৰ হাইপ’ক্সিয়া হৈ মূৰ ঘূৰাই পৰি যাব পাৰে। হঠাৎ পৰি গ’লে মূৰত আঘাত পাই ব্ৰেইন হিম’ৰেজ হৈ মানুহৰ অকাল মৃত্যু হ’ব পাৰে। তদুপৰি ষ্ট্ৰোক হ’ব পাৰে। মানুহজন/মানুহজনী যদি হৃদৰোগী হয়, তেন্তে ঘপহকৈ বিছনাৰ পৰা উঠি খোজ দিবলৈ যোৱাৰ লগে লগে শুই থাকোতে কম কাৰ্যক্ষম হৈ থকা হৃদযন্ত্ৰই হঠাৎ অধিক কাম কৰিব লগা হোৱা বাবে হাৰ্ট ফেইলাৰ হ’ব পাৰে। আনহাতে মানুহজন/মানুহজনী যদি উচ্চ ৰক্তচাপত ভুগি উথাকে, তেন্তে ঘপহকৈ বিছনাৰ পৰা উঠাৰ লগে লগে ৰক্তচাপ ঘপহকৈ বাঢ়ি গৈও ষ্ট্ৰোক অথবা হাৰ্ট ফেইলাৰ হৈ অকাল মৃত্যু হ’ব পাৰে। সাধাৰণতে এনে দুৰ্ঘটনাবোৰ শীতকালত পুৱতি নিশা অথবা ৰাতিপুওৱাৰ লগে লগে প্ৰস্ৰাৱ কৰিবলৈ ঘপহকৈ উঠি গ’লেই অধিক হোৱা দেখা যায় যদিও গৰমকালিও এনে ঘটনা ঘটে। শীতকালত এনে ঘটনা অধিক ঘটাৰ কাৰণ হ’ল নিশা বিছনাত গৰম কাপোৰৰ উম লৈ ভালকৈ শুই থকা যায়। হঠাৎ লেপ বা কম্বল এৰি ঠাণ্ডালৈ ওলাই অহাৰ লগে লগে ঠাণ্ডা লাগি শৰীৰৰ ছিম্পেথেটিক স্নায়ুতন্ত্ৰ অধিক সক্ৰিয় হৈ উঠি কেটেক’লেমাইন অধিক নি:সৰণ কৰি ৰক্তচাপ হঠাৎ অধিক বঢ়াই দি ৰক্তনলিকা ফটাই ষ্ট্ৰোক কৰে। তদুপৰি আমাৰ শৰীৰৰ ওলাই থকা হাত আৰু ভৰিত ঠাণ্ডা লগা বাবে ৰেনাউণ্ডছ ফেন’মেনন অনুসৰি হাত-ভৰিৰ ৰক্তবাহী নলিকাবোৰ সংকুচিত হৈ ৰক্তচাপ বঢ়োৱাৰ লগতে উহাত-ভৰি জঠৰ কৰি পৰি যাব পৰা অৱস্থাৰ সৃষ্টি কৰিব পাৰে। নিয়মিতভাৱে হৃদৰোগ বা উচ্চ ৰক্তচাপৰ ঔষধ খাই থকাৰ পিছতো অসাৱধান হ’লে এনেকুৱা হ’ব পাৰে।

অলপ সাৱধান হৈ তলত কোৱা ধৰণে গ্ৰীষ্ম বা জাৰকালি সকলো পৰিৱেশতে মাথোঁ ডেৰ মিনিট খৰচ কৰিলেই সমাজত এনে দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যু হোৱা ঘটনা বহুতো কমাই ৰাখিব পাৰি। নীৰোগী লোকে এনে কৰিলে এনে দুৰ্ঘটনাৰ পৰা এশ শতাংশ বাচি থকাৰ লগতে হৃদৰোগ বা উচ্চ ৰক্তচাপৰ ৰোগীয়ে নিয়মিত ঔষধ গ্ৰহণ কৰি এনে কৰিলে এনে দুৰ্ঘটনা বহুতো কমাই ৰাখিব পাৰি। যিকোনো ব্যক্তিয়ে কোনো অৱস্থাতে নিশা অথবা পুৱতি নিশা প্ৰস্ৰাৱ কৰাৰ বাবে বিছনাৰ পৰা ঘপহকৈ উঠি নামি যাব নালাগে। নামি যোৱাৰ আগতে ডেৰ মিনিট ধৈৰ্য ধৰি তলত দিয়া কামখিনি কৰিব। প্ৰস্ৰাৱ কৰিবলৈ ঘপহকৈ বিছনাৰ পৰা নুঠিব। আধা মিনিট বিছনাতে থাকি ইকাটি-সিকাটি লৰচৰ কৰিব আৰু দীঘলকৈ উশাহ-নিশাহ ল’ব। ইয়াৰ পিচত আধা মিনিট বিছনাতে বহি থাকি গা-মূৰ লৰাই, হাত-ভৰি মেলি দি দীঘলকৈ উশাহ-নিশাহ ল’ব। ইয়াৰ পিচত আধা মিনিট সময় ভৰি মজিয়াত লগাই বিছনাৰ কাষত বহি লৈ দীঘলকৈ উশাহ-নিশাহ ল’ব। ইয়াৰ পিচতহে বিছনাৰ পৰা নামি লাহে লাহে খোজ দি বাথৰুমলৈ প্ৰস্ৰাৱ কৰিবলৈ যাব। এনেদৰে মুঠ ডেৰ মিনিট খৰচ কৰিলেই ব্যক্তি এজনৰ হৃদযন্ত্ৰই নৰ্মেলভাৱে কাম কৰিবলৈ আৰম্ভ কৰি মস্তিষ্কৰ প্ৰয়োজনীয় ৰক্ত যোগান ধৰি অক্সিজেন দি ব্ৰেইন হাইপ’ক্সিয়া নোহোৱা কৰিব। তদুপৰি হৃদযন্ত্ৰই নৰ্মেলভাৱে কাম কৰিবলৈ প্ৰয়োজনীয় সময় পাব। ফলত মূৰ ঘূৰাই পৰি গৈ ষ্ট্ৰোক হোৱা, মূৰত আঘাত পাই ব্ৰেইন হিম’ৰেজ হোৱা অথবা হাৰ্ট ফেইলাৰ হোৱা আদিৰ পৰা বাচি থাকি অকাল মৃত্যুৰ পৰা হাত সাৰি থাকিব পাৰে।

কি নকৰিব:

  • যিকোনো অৱস্থাতে নিশা অথবা পুৱতি নিশা প্ৰস্ৰাৱ কৰাৰ বাবে বিছনাৰ পৰা ঘপহকৈ উঠি নামি নাযাব।
  • বেমাৰী আৰু বয়সিয়াল লোকে নিশা অকলে উঠি বাথৰুমলৈ প্ৰস্ৰাৱ কৰিবলৈ যাব নালাগে। পৰিয়ালৰ কোনোবা ডেকা এজনক জগাই লগত লৈ যাব।
  • শোৱাৰুমৰ মজিয়া আৰু বাথৰুমৰ মজিয়াত পানী পৰি থাকিবলৈ নিদিব। মজিয়া শুকান কৰি ৰাখিব। পানী পৰি থাকিলে মজিয়া পিছল হৈ থকা বাবে পিছলি পৰী এনে দুৰ্ঘটনা পতিত হ’ব পাৰে।
  • একেবাৰে অসুস্থ আৰু বৃদ্ধ লোকে নিশা প্ৰস্ৰাৱ কৰি ভৰি ঠাণ্ডা পানীৰে ধুব নালাগে। এনে কৰিলে হঠাৎ ঠাণ্ডা লাগি এনে দুৰ্ঘটনা হ’ব পাৰে।
  • নিশা সৰহকৈ পানী নাখাব। নিশা বেছি পানী খালে সঘনাই প্ৰস্ৰাৱ কৰিব লাগে। পুৱা শুই উঠি আৰু দিনত সঘনাই পানী খাব।

অনিদ্ৰাৰ বনৌষধ:

  • মানসিক উত্তেজনাবশত: বা মানসিক চিন্তাৰ কাৰণে টোপনি নাহিলে সুষুণি শাকৰ(পানী চেঙেৰী) ৰস বা ক্কাথ কৰি খালে সুনিদ্ৰা হয়।(দুই চামুচ)।
  • গুড়ৰ লগত পিপলিৰ গুড়ি মিহলাই নিশা শোৱাৰ সময়ত খালে ভাল টোপনি হয়।
  • ত্ৰিফলাৰ ক্কাথ দুই চামুচত এক চামুচ মৌ মিহলাই শোৱাৰ আগতে খালে সুনিদ্ৰা হয়।
  • জটামাংসী নিশা তিয়াই ৰখা পানী একাপত জাতি জালুক চূৰ্ণ এক গ্ৰাম মিহলাই খালে ভাল টোপনি হয়।
  • কাঁটা খুতৰাৰ ৰস বা বনসটৰ ৰস নাইবা সৰু মানিমুনিৰ ৰস তিনি চামুচ শোৱাৰ আগতে খালে ভাল টোপনি হয়।
  • মানসিক উত্তেজনাত টোপনি নাহিলে পাতেগজাৰ পাত বটি মূৰত ভৰণ দিলে টোপনি হয়।
  • উন্মাদ, ৰক্তচাপ বা মানসিক উত্তেজনাৰ কাৰণে টোপনি নাহিলে সৰ্পগন্ধাৰ ৰস দুই চামুচ নাইবা সৰ্পগন্ধা ৰিষ্ট দিনে দুবাৰকৈ খালে টুপনি হয়।
  • অশ্বগন্ধাৰ চূৰ্ণ ৫ গ্ৰাম আৰু মৌ বা চেনি এক চামুচ মিহলাই বা গাখীৰ একাপৰ লগত নিশা শোৱাৰ সময়ত খালে ভাল টোপনি হয়।
  • পানীলাউৰ তৰকাৰী কৰি ভাতৰ লগত খালে ভাল টোপনি হয়। ইয়াৰ গুটিও উপকাৰী।
  • গাজৰৰ ৰস ৩/৪ চামুচৰ লগত জটামাংসীৰ ৰস দুই চামুচ মিহলাই নিশা শোৱাৰ সময়ত খালে ভাল টোপনি হয়।
  • গোলনেমুৰ ৰসত সমপৰিমাণে সৰিয়হৰ তেল মিহলাই মূৰ আৰু ভৰিৰ তলুৱাত মালিচ কৰিলে টোপনি হয়।

 

লেখক:ডা: ধৰ্মকান্ত কুম্ভকাৰ(সম্ভাৰ)

 

2.93103448276
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top