মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / অত্যধিক পানী খালে কিডনি বেয়া হ’ব পাৰে :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অত্যধিক পানী খালে কিডনি বেয়া হ’ব পাৰে :

অত্যধিক পানী খালে কিডনি বেয়া হ’ব পাৰে, ৰ বিষয়ে লিখা হৈছে ।

 

৭৫% পানীৰে গঠিত মানৱ শৰীৰ। জন্মতে এটি শিশুৰ দেহত সৰ্ব্বমূঠ ৭৫% শতাংশ পানী থাকে। লাহে লাহে যেতিয়া প্ৰাপ্ত বয়স্ক হয় তেতিয়া এজন সুস্থ ব্যক্তিৰ শৰীৰত পানীৰ পৰিমান ৬০% হয় গৈ। আৰু মহিলাৰ শৰীৰত ৫৫%।

এতিয়া আহো এই বৃহত পৰিমানৰ পানী আমাৰ শৰীৰৰ কত কত থাকে? -অলপ পানী আমাৰ কিডনীত থাকে, অলপ লিভাৰত থাকে আৰু পেট, মুত্ৰাশয়ত থাকে, কামিহাড়ত স্পাইনেল ফ্লুইডৰ ৰুপে জমা থাকে। আমাৰ হৃদপিণ্ড আৰু মগজু প্ৰায় ৭৫% পানীৰে গঠিত। হাওঁফাওঁত প্ৰায় ৮৩% পানী থাকে। আমাৰ সমগ্ৰ শৰীৰটোৰ কোষ সমূহত পানী জমা হৈ থাকে। আপোনি জানি আঁচৰিত হব যে আমাৰ হাড়সমূহ যিবোৰ দেখাত সম্পূৰ্ণ শুকান যেন লাগিলেও ইয়াত ৩১% পানী থাকে। এই সমূহ কথালৈ লক্ষ্য কৰিলে দেখা যায় যে আমাৰ শৰীৰত যিকোনো কামৰ বাবে পানীৰ যিকোনো প্ৰকাৰেই প্ৰয়োজন হয়। এজন ব্যক্তিয়ে খাদ্য নোখোৱাকৈ বহু সময় ধৰি জীয়াই থকাটো সম্ভৱ, কিন্তু পানীৰ অবিহনে মানুহ দীঘলিয়া সময় ধৰি জীয়াই থকাটো সম্ভৱ নহয়। গতিকে পানী আমাৰ শৰীৰৰ বাবে অতি আৱস্যক হোৱাৰ বাবেই আমি এই পানী খোৱাৰ নিয়ম পালন কৰাতু অতি আৱস্যক বুলি গণ্য কৰি অহা হৈছে। কাৰণ পানী খোৱাৰ নিয়ম, পানী খোৱাৰ সময় আৰু পানী খোৱাৰ মাত্ৰাই আমাৰ শৰীৰত ভাল আৰু বেয়া দুই ধৰনৰ প্ৰভাৱ পেলাব পাৰে। আমি দৈনিক কিমান পানী খাব লাগিব, আৰু কেনেকৈ খাব লাগিব কোন সময়ত আৰু কিমান কিমান খাব লাগিব এই সকলোবোৰ কথা আমি জনাৰ প্ৰয়োজন। কাৰণ পানী খোৱাৰ নিয়ম নজনাৰ বাবেই আমাৰ শৰীৰৰত বহু ক্ষতি সাধন হয়। গাঁঠিৰ বিষ, কুষ্ঠ কাঠিন্য, মাইগ্ৰেন, মুখত কলা দাগ, ব্লেগহেড আৰু শাল মইনা হোৱা, চুলি সৰা, ধাৰাবাহিক ভাৱে চুলি সৰা আৰু গেছৰ সমস্যা আদি বৃদ্ধি হব পাৰে। খাদ্য ভাল দৰে হজম নোহোৱা, শৰীৰৰ দূৰ্বল অনুভৱ কৰা, ৰাতি ভাল দৰে টোপনী নহা, কিডনী সমন্ধীয় বেমাৰ, ছাল শুকাই যোৱা, গেছ, ইউৰিক এচিড, শৰীৰৰ ওজন বৃদ্ধি হোৱা, শৰীৰৰ শিৰা সমূহ দূৰ্বল হোৱা আদি বহু বেমাৰ কেৱল পানী পাণ কৰাৰ অনিয়মৰ বাবেই হয়। আজিকালি বহু লোক এই সমস্যাত এই কাৰনেই ভোগে যে তেওঁলোকে কিবা নহয় কিবা কাৰণত এই পানী পাণ কৰা নিয়মৰ প্ৰতি গুৰুত্ব নিদিয়ে আৰু শৰীৰৰ হোৱা বেমাৰ বোৰৰ ভাল নোহোৱা মূল কাৰণ তওঁ লোকে কেতিয়াও জানিবলৈ সক্ষম নহয়। যি সকল লোকে জীৱন কালত পানী পাণ কৰা উত্তম উপায় অৱলম্বন কৰে তেনে ব্যক্তি সকলো সময়তে স্বাস্হ্যৱান আৰু নিৰোগী হৈ থাকে। বহু বয়সলৈকে চকু, হাড়, চুলি, আদি ঠিকে থাকে, পেট সদায় খুলোচা থাকে আৰু ছাল সদায় উজ্বল হৈ থাকে। কেৱল এইয়ে নহয়, বহু প্ৰকাৰৰ বেমাৰ কেৱল পানী খোৱাৰ নিয়ম পালন কৰাৰ বাবে সম্পূৰ্ণ ৰূপে ঠিক হোৱা উদাহৰণ আছে। কেৱল পানীৰ সহায়ত এক মাহতে সম্পূৰ্ণ ৫ কেজি লৈকে ওজন কমাব পৰা হয়। পানী পাণ কৰাৰ নিয়ম সমূহ তো অত্যন্ত সহজ হয়। কিন্তু ইয়াৰ ফল অদ্ভুত হয়।

আহক আমি জানো কেনেকৈ আৰু কিমান পৰিমানে পানী পাণ কৰিব লাগে, কেতিয়া আৰু কেনেকৈ পাণ কৰিব লাগিব, আৰু বিভিন্ন সমস্যা পৰা কেৱল পানী পাণ কৰি কেনেকৈ উপকাৰ পাব পাৰি।

দৈনিক পানী খোৱাৰ মাত্ৰা প্ৰতি জন ব্যক্তিৰ আকাৰ, ওজন বতৰ আৰু প্ৰতিজন ব্যক্তিৰ কাৰ্য প্ৰণালীৰ ওপৰত নিৰ্ভৰ কৰে। সদায় আমাৰ দেহত প্ৰস্বাৱ, মল আৰু ঘামৰ জৰিয়তে পানী ক্ৰমাগত ভাৱে কমি থাকে আৰু লগতে উশাহ নিশাহ লওঁতে শৰীৰৰ পানী বাষ্প হৈ বাহিৰ হৈ থাকে। এনেদৰে দৈনিক আমাৰ শৰীৰৰ পৰা পানী ২ ৰ পৰা ৩ লিটাৰ বাহিৰ হৈ থাকে।

এজন ব্যক্তিক দিনে ২.৫ ৰ পৰা ৩.৫ লিটাৰ পানী খোৱাৰ উপদেশ দিয়া হয়। আৰু মহীলা সকলে ২ ৰ পৰা ৩ লিটাৰ পানী খোৱাটো শৰীৰৰ বাবে উপকাৰি বুলি গণ্য কৰা হৈছে। যদি আপুনি সদায় ৰাতিপূৱা গধূলি শাৰীৰিক ব্যয়াম কৰে তেনেহলে পানীৰ মাত্ৰা অলপ বঢ়াই দিব লাগে। গৰম দিনত উল্লেখিত পৰিমাণতকৈ অলপ বেছি পানী খাব লাগে। পানী যথেষ্ট পৰিমানে পাণ কৰা আমাৰ শৰীৰৰ বাবে উপকাৰী বুলি গণ্য কৰা হৈছে। কিন্তু প্ৰয়োজনতকৈ অধিক পৰিমানে খোৱা আমাৰ কিডনিৰ বাবে হানিকাৰক হব পাৰে। আপোনি দিনত সঠিক পৰিমাণে পানী খাইছে নে নায় তাক প্ৰেস্বাৱৰ ৰঙৰ পৰাই চিনাক্ত কৰিব পৰা যায়। যদি আপোনাৰ প্ৰেস্বাৱৰ ৰঙ হালধীয়া হয় তেতিয়া হলে আপোনি বুজিব লাগিব যে আপোনাৰ শৰীৰৰ পানী পৰিমাণ কমিছে আৰু আপোনাৰ পানী খোৱাৰ আবশ্যক আছে। যদি আপোনাৰ প্ৰেস্বাৱৰ ৰঙ পানীৰ দৰে স্বচ্ছ হয় তেতিয়া হলে আপোনি বুজিব লাগিব যে আপোনাৰ শৰীৰৰ পানী পৰিমাণ সঠিক আছে।

আমি পানী কেতিয়া কেতিয়া খাবলাগিব সেই বিষয়টোতকৈ কেতিয়া আমি পানী খাব নালাগে সেই বিষয়টোহে বেছি গুৰুত্ব দিব লাগে। কিয়নো ভূল পদ্ধতি আৰু আনুপযুক্ত সময়ত পানী খালে আমাৰ শৰীৰত আটাইতকৈ বেয়া প্ৰভাৱ পৰে।

পূৱা শুই উঠাৰ পাছত বহু ব্যক্তিৰ এটা অভ্যাস আছে চাহ বা কফি খোৱাৰ। ভাল স্বাব্হ্য আৰু পানীৰ পৰা ভাল পোষন পাবৰ বাবে পূৱা চাহ আৰু কফিৰ পৰিৰ্ৱতে পানীৰে দিনটো আৰম্ভ কৰক। পানী পিয়াহ লাগকে বা নালাগক সদায় পূৱা উঠি ১ ৰ পৰা ২ গিলাছ অৰ্থ্যাৎ ৫০০ মিলি লিটাৰ পানী নিশ্চিত ভাৱে খাওঁক। খালী পেটত পানী খালে আমাৰ পেট আৰু অন্তঃ ভালদৰে পৰিষ্কাৰ হয়। আৰু লগতে গোটেই ৰাতি আমাৰ মুখত জমা হোৱা লেলাৱতি পেটৰ ভিতৰলৈ যায়।

যি আমাৰ শৰীৰৰ বাবে অত্যন্ত লাভ দায়ক। আৰ্য়ুবেদত পূৱা শুই উঠাৰ পাছত মুখত থকা লেলাৱতিক সোনতকৈও মহত্বপূৰ্ণ বুলি কোৱা হৈছে। কিয়নো পূৱা উৎপত্তি হোৱা লেলাৱতিত আমাৰ শৰীৰৰ বাবে গুৰুত্বপূৰ্ণ সকলো প্ৰকাৰৰ এনজাইম থাকে আৰু পূৱা পানী খালে এই লেলাৱতি আমাৰ শৰীৰত প্ৰৱেশ কৰে আৰু আমাৰ শৰীৰৰ উপকাৰ সাধন কৰে। এক গিলাছত প্ৰায় ২৫০ মিলি লিটাৰ পানী থাকে।

দিনটো ২.৫ ৰ পৰা ৩ লিটাৰ পানী খাব বাবে এনেদৰে ভাগ কৰি লব লাগে- পূৱা ২ গিলাছ অৰ্থাৎ ৫০০ মিলি লিটাৰ, ১ গিলাছ পূৱা আহাৰ খোৱাৰ পাছত ১, ১ গিলাছকৈ দিনটো খাদ্য খোৱা ৪০ মিনিটৰ আগত আৰু ৪০ মিনিটৰ পাছত। ২ গিলাছ পানী গধূলীৰ সময়ত ১ ঘন্টা মূৰে মূৰে খাব। ৰাতি খাদ্য খোৱা ৪০ মিনিট আগত ১ গিলাছ আৰু ৪০ মিনিটৰ পিছত ১ গিলাছ খাওঁক। যদি আপোনি দৈনিক জিম কৰে নাইবা শাৰীৰিক ব্যায়াম কৰে বা আপোনাৰ দৈনন্দিন কাম বাহিৰত ঘুৰা ফুৰাকৰা, বা শাৰীৰিক কাম কৰা তেনেহলে কামৰ মাজে মাজে আধা আধা গিলাছকৈ ২ গিলাছ পানী নিশ্চিত ভাৱে খাওঁক।

এতিয়া জানো আহক পানী আমি কেতিয়া খাব নালাগে:

কেতিয়াও খাদ্য খোৱাৰ আগে আগে আৰু খাদ্য খোৱাৰ পাছতেই পানী নাখাব। কাৰণ এনে কৰিলে খোৱা খাদ্য অন্তঃত বেছি পাতল হৈ যায় আৰু খাদ্য হজম নহয়। যেতিয়া আমি খাদ্য খাওঁ তাৰ পাছতেই খাদ্য হজম কৰিব বাবে পাচক ৰস সৃষ্টি হবলৈ আৰম্ভ কৰে। যেনেদৰে আমি কেচাঁ খাদ্যক গৰম কৰি খিজাও ঠিক তেনেদৰে পাছক ৰসে নিৰ্দিষ্ট উষ্ণতাত পেটত জমা হোৱা খাদ্য হজম কৰিবলৈ সক্ষম হয়।

খাদ্য খোৱাৰ লগে লগে পানী খালে খাদ্য ভালদৰে হজম নহয় গেছ হবলৈ ধৰে। যদি আপোনাৰ গোটেই দিন বহি থকাৰ কাম তেনেহলে খাদ্য খোৱা লগে লগে পানী খোৱাৰ বাবে হোৱা গেছ আমাৰ শৰীৰৰ বিভিন্ন অংগত জমা হৈ যাব পাৰে। যাৰ বাবে সময়ৰ লগে লগে পেট, বুকু আৰু অস্হিসন্ধি বিষ হোৱাৰ সমস্যা হবলৈ ধৰে। পেটৰ খাদ্য হজম নোহোৱাৰ বাবে আটাইতকৈ বেছিকৈ হোৱাৰ সমস্যাটো হল এছিডিটি। আৰু যি সকল ব্যক্তিয়ে সদায় খাদ্য খোৱাৰ লগে লগে পানী খাই লয় তেনে লোকে দিঘলীয়া সময় ধৰি পেটৰ জ্বলা পোৰা আৰু এছিডিটিৰ সমস্যা সন্মুখীন হব লগা হয়।

যদি বহুদিন ধৰি পেটত জমা হোৱা খাদ্য ভালদৰে হজম নহয় তেতিয়া শৰীৰত কলেষ্টৰেল বাঢ়িবলৈ ধৰে আৰু লগতে শৰীৰত ইউৰিক এচিড অধিক মাত্ৰাত বৃদ্ধি হয়। সেয়েহে খাদ্য খোৱাৰ আগত বা পাছত লগে লগে পানী খাব নালাগে। সদায় খাদ্য খোৱাৰ ৪০ মিনিট বা ১ ঘন্টা পিছতহে পানী খাওঁক। যদি আপোনি বহুত শুকাণ খাদ্য খায় তেন্তে খাদ্য খোৱাৰ লগে লগে ২-৩ ঘোট পানী খাব পাৰে। কিন্তু তথাপিও যদি আপোনাৰ বেছি পানী খাব মন যায় তেন্তে নেমু পানী বা ফলৰ ৰস খাব। লগতে ৰাতি খাদ্য খোৱাৰ পিছত পানীৰ ঠাইত গাখীৰ খাব পাৰে। যদি পূৱা পানী খায় তেনেহলে প্ৰস্ৰাৱ কৰা আগতেই খাওঁক।

তেনেদৰে দিনটো প্ৰস্ৰাৱ কৰি উঠাৰ লগে লগেই পানী কেতিয়াও নাখাব। কাৰণ এনে কৰিলে ঘনাই ঘনাই প্ৰস্ৰাৱ লগা আৰু পানী ভালদৰে হজম নোহোৱাৰ সমস্যা উতপন্ন হব পাৰে। আৰু পানী খোৱাৰ পিছতেই বাৰে বাৰে প্ৰস্ৰাৱ হব পাৰে। চাহ কফি আদি গৰম বস্তু খোৱাৰ লগে লগেই পানী নাখাব, কাৰন এনে কৰিলে আমাৰ ডিঙি আৰু টনচিল গন্থি ক্ষতি হব পাৰে। ঠিক তেনেদৰে ঠাণ্ডা ফল, ফ্ৰিৰ্জত ৰখা ফল-মূল, অত্যন্ত ৰস যুক্ত ফল খোৱাৰ পাছতেই পানী খোৱা বন্ধ কৰক।

কাৰণ পানী খোৱাৰ বাবে এই বোৰ আমাৰ পেটত হজম হব নোৱাৰে যাৰ বাবে চৰ্দি কাঁহ আৰু পেটৰ বেমাৰ হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। পানী সদায় লাহে লহে খাব পি লাগে যেনেদৰে আমি চাহ বা কফি খাওঁ।

পানী খোৱাৰ পিছত অলপ সময় মূখত ৰাখি থওঁক তাৰ পিছত গিলক। এইটোৱেই পানী খোৱাৰ উত্তম উপায়। আৰু যি সকল ব্যক্তিয়ে এই অভ্যাস কৰি লয় তেওঁলোকৰ শৰীৰত কোনো ধৰনৰ বেমাৰ সহজতে হবলৈ সুবিধা নাপায়। কাৰণ কম কমকৈ পানী খালে, পানী লগতে মুখৰ লেলাওতিও পেটলৈ যায়। এই নিয়ম পূৱাৰ সময়ত আটাইতকৈ উপযোগী হয়।

কেতিয়াও খৰধৰকৈ পানী নাখাব আৰু একেলগে বহুত পানী নাখাব কাৰণ আমাৰ শৰীৰত এবাৰত ১ গিলাছ অথবা ২০০ পৰা ২৫০ এম এল পানী হজম কৰিব পৰা ক্ষমতা আছে। যদি আপোনি বেছি পানী খোৱাৰ হেঁপাহত একেবাৰতে বহুত বেছি পানী পি লয় তেনেহলে এনে পানী আমাৰ শৰীৰে গ্ৰহণ কৰিব নোৱাৰে আৰু প্ৰস্ৰাৱৰ দ্বাৰা সোনকালে বাহিৰ হৈ যায়। সেইয়েহে প্ৰতি ৪০ মিনিট বা ১ ঘন্টাৰ ভিতৰত ২ গিলাচ পানী পি কৰি খাওক। আৰু গিলাচ বা বটলত মূখ লগাই খাওঁক। কেতিয়াও উপৰৰ পৰা খৰধৰকৈ বহুত বেছি পানী একে লগে নাখাব আৰু লগতে সদায় পানী বহি লৈ হে খাওঁক। থিয় হৈ বা খোজঁ কাঢ়ি গৈ থাকোতে পানী নাখাব। কাৰণ এনে কৰিলে পানী শৰীৰত ধীৰ গতিত প্ৰৱ্শে কৰে আৰু উপৰৰ পৰা খোৱাৰ বাবে ইয়াৰ লগতে বহুত গেছও শৰীৰলৈ যায়। যাৰ ফলত শৰীৰৰ অন্তঃত হেঁচা বা চাপ সৃষ্টি হয়।

লাহে লাহে পানী খালে আমাৰ শৰীৰৰ ph লেৱেল নিয়ন্ত্ৰনত থাকে আৰু পেটৰ এচিডিটিক নিয়ন্ত্ৰন কৰে। 
লগতে পানীৰ সৈতে মুখৰ লেলাৱতি পেটলৈ যোৱাৰ বাবে পাচন শক্তি ভাল হয় আৰু পেটত চৰ্বি জমা নহয়। যদি আপোনি খৰধৰকৈ আৰু থিয় হৈ পাণী খায় তেতিয়া আমাৰ অন্তঃ আৰু নাৰ্ভ কমযোৰ হয় আৰু শৰীৰত গেছৰ মাত্ৰা বৃদ্ধি হয়। যি পিছত গাঁঠিৰ বিষ উৎপন্ন কৰিবলৈ লয়।

যিমানেই গৰম নহওক কিয় কেতিয়াও ফ্ৰীৰ্জৰ পানী নাখাব সদায় সামান্য তাপ মাত্ৰাৰ পানী সেৱন কৰক।

বহু মানুহে ভাৱে যে ফ্ৰিৰ্জৰ ঠাণ্ডা পানীয়েহে শৰীৰতো ঠাণ্ডা কৰে। কিন্তু এনেকুৱা নহয়, ঠাণ্ডা বা বৰফৰ পানী যেতিয়া আমাৰ শৰীৰলৈ যায় তেতিয়া ই ঠাণ্ডা হয় সঁচা কিন্তু অলপ সময়ৰ পিছতেই ই বহু গৰম হৈ যায়। আৰু আমাৰ শৰীৰটো ঠাণ্ডা কৰা পৰিৱৰ্তে গৰম কৰিব লাগি যায়। ঠাণ্ডা পানী খোৱাৰ উপকাৰিতা একেবাৰে নগন্য হয়।

যিসকল লোকে সদায় ঠাণ্ডা পানী খোৱাটো পচন্দ কৰে তেওঁলোকৰ শৰীৰত পানীৰ লগতে খাদ্যও ভালদৰে হজম নহয়। আৰু লগতে বিষ, বদ হজম আৰু কুষ্ঠ কাঠিন্য আদি সমস্যা বেছিকৈ ঠাণ্ডা পানী পিয়াৰ বাবেও হব পাৰে।

সেয়েহে সদায় ঠাণ্ডা পানী খোৱাৰ পৰিৰ্ৱতে সামান্য তাপ মাত্ৰা পানী খাওঁক বা কুহুমীয়া গৰম পানী খাওঁক। ঠাণ্ডা আৰু বৰষুণৰ বতৰত গৰম পানী খালে্ আমাৰ শৰীৰত ভালেমান উপকাৰ হয়। কিয়নো গৰম পানী খোৱাৰ ফলত খাদ্য সহজে হজম হয়।

আৰু যিসকল লোকৰ কোষ্ঠ কাঠিন্য আৰু গাঁঠিৰ বিষ থাকে সেই সকলে সদায় কুহুমীয়া পানী খাব লাগে। গৰম পানী খোৱা চৰ্দি, জ্বৰ আৰু চাইনোচাইটিছৰ বাবেও বহু ফল দায়ক হয়। কিন্তু যিসকলৰ এচিডিটি আৰু উচ্ছ ৰক্ত চাপৰ মস্যা আছে তেওঁলোকে গৰম পানী নোখোৱাই ভাল।

লেখক: ডাঃ হৰিকান্ত দাস

ফোন নং-9954340102

 

4.0
Jyotiranjan Bez May 14, 2019 03:11 PM

ধন্যবাদ ছাৰ ৷ আপোনাৰ পৰামৰ্শৰ দ্বাৰা বহুতো কথা জনব পাৰিলো ৷

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top