মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / অনিদ্ৰাৰ কাৰণ লক্ষণ আৰু ঘৰুৱা বিধান
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অনিদ্ৰাৰ কাৰণ লক্ষণ আৰু ঘৰুৱা বিধান

অনিদ্ৰাৰ কাৰণ লক্ষণ আৰু ঘৰুৱা বিধানৰ বিষয়ে লিখা হৈছে ।

প্ৰাপ্তবয়স্ক মানুহ এজনে কমেও ছয় ঘণ্টা শুৱাটো জৰুৰী। টোপনি যিমান সময়েই নামাৰক কিয় তাৰ quality তো হে আচল, quantity নহয়। ইফাল সিফাল কাটি কৰি ৰাতিপুৱা ৮/৯ বজালৈকে শোৱাৰ একো লাভ নাই, বৰং ক্ষতিহে বেছি।আধুনিক, অত্যাধুনিক জীৱনশৈলীয়ে অনিদ্ৰা ৰোগ বৃদ্ধিত মুখ্য ভূমিকা লৈ আহিছে।আমাৰ ভাৰতবৰ্ষতকৈ ইউৰোপৰ দেশসমূহত অনিদ্ৰা ৰোগীৰ হাৰ বহুত বেছি।

অনিদ্ৰাৰ কাৰণ

 

  • অত্যধিক চিন্তা, অত্যধিক মানসিক চাপ, মানসিক অশান্তি।
  • অত্যধিক ভাগৰ, হজমৰ গণ্ডোগল, স্নায়ু দূৰ্বলতা।
  • টান বিচনা, লেতেৰা আৰু আমনিদায়ক সাজপাৰ।
  • দেহৰ যিকোনো ভাগ ৰোগগ্ৰস্থ হলে, অন্যান্য জটিল ৰোগ, শৰীৰত বাত বা বায়ু বৃদ্ধি।
  • উচ্চৰক্তচাপ, বাৰ্দ্ধক্যতা, অত্যধিক ধূমপান, অত্যধিক মদ্যপান আদি।

অনিদ্ৰাৰ লক্ষণ/ধৰণ

 

  • ৰাতি বিচনাত শুৱ গলেও কেইবাঘণ্টালৈ টোপনি নহা।
  • টোপনি আহে কিন্তু ৩/৪ ঘণ্টা পিছতেই সাৰ পাই উঠে আৰু সাৰ পোৱাৰ পিছত টোপনি নহা ।
  • টোপনি আহে কিন্তু বাৰে বাৰে সাৰ পাই উঠে।
  • অত্যধিক খং, মূৰৰ বিষ।
  • দিনৰ ভাগত যিকোনো সময়তে টোপনিয়াই থকা।
  • সৰু-সুৰা ব্যাঘাত পালেই টোপনি ভঙা।
  • প্ৰায়ে টোপনিত বেয়া সপোন দেখা আৰু ভয় খাই সাৰ পোৱা।
  • ডিপ্ৰেচন, স্মৃতিশক্তি হ্ৰাস।

নিৰাময়ৰ উপায়

 

  • ৰাতি শোৱাৰ আগতে গৰম পানীৰে ভালদৰে হাত-ভৰি ধুই সৰিয়হ তেলেৰে হাত-ভৰিত মালিচ কৰিব লাগে।
  • শোৱাৰ সময়ত নাকত বিশুদ্ধ সৰিয়হ তেল বা বিশুদ্ধ গৰুৰ ঘি দুটোপাল দি শুৱ লাগে। ( বেছি ভিতৰলৈ টানি নিনিব )।
  • বিচনাত শোৱাৰ সময়ত প্ৰাণায়াম কৰাৰ দৰে সোনাক বন্ধ কৰি ২/৩ মিনিট বাওনাকেৰে লাহে লাহে উশাহ লব আৰু এৰিব লাগে।।
  • পকা অমিতা উপকাৰী, কেচা অমিতাও তৰকাৰী কৰি খোৱা ভাল।
  • মানুমুনি, ব্ৰাহ্মী শাক নিয়মিত কিছুদিন খাব পাৰিলে যথেষ্ট উপকাৰ পোৱা যায়।
  • ৰাতি পাতল আহাৰ খাব লাগে।।
  • শোৱাৰ কমেও এঘণ্টা আগতে টিভি, মোবাইল চোৱা এৰিব লাগে।

লেখক :- হেমন্ত গোস্বামী

উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

2.5
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top