মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / অনিয়মীয়া ঋতুস্ৰাৱত বন দৰব :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অনিয়মীয়া ঋতুস্ৰাৱত বন দৰব :

অনিয়মীয়া ঋতুস্ৰাৱত বন দৰবৰ বিষয়ে লিখা হৈছে ।

 

১) তেজমূৰি গছৰ ছালৰ ৰস তিনি চামুচত মৌ এচামুচ মিহলাই দিনে দুবাৰকৈ ঋতু হোৱাৰ আগতে খালে অসহ্য বিষ হোৱা ভাল হয় ।

২) অশোক ছালৰ ৰস তিনি চামুচ চেঁচা পানীৰ লগত দিনে দুবাৰকৈ খালে ঋতুস্ৰাৱ নিয়মীয়া হয় আৰু জৰায়ুৰ দোষ থাকিলেও ভাল হয় ।

৩) হাড়জোৰা লতাৰ ৰস তিনি চামুচ দিনে দুবাৰকৈ দুই সপ্তাহ খালে ঋতুস্ৰাৱ নিয়মীয়া হয় ।

৪) বহুত দিন ঋতুস্ৰাৱ নহ’লে ৰঙা জবাফুলৰ কলি চাৰি-পাঁচটা পানীৰে বটি পুৰণি গুড় মিহলাই দুই-তিনি চামুচ দিনে দুবাৰকৈ এক সপ্তাহ খালে ঋতুস্ৰাৱ হয় অথবা ইয়াৰ পাতৰ ৰস দুই-তিনি চামুচকৈ খালে উপকাৰ হয় ।

৫) পমা গছৰ ফুলৰ ৰস তিনি চামুচত অলপ চেনি মিহলাই দিনে দুবাৰকৈ খালে মাহেকীয়া ঋতুস্ৰাৱ নিয়মীয়া হয় । ঋতু বন্ধ থাকিলে অশোক ছালৰ ক্কাথ তৈয়াৰ কৰি তিনি চামুচকৈ দিনে দুবাৰকৈ খালে ঋতুস্ৰাৱ হয় ।

৬) তিল গছৰ পাত গৰম পানীত তিয়াই থৈ খচি সেই পানীৰে গা ধুলে ঋতুস্ৰাৱ হয় । অনন্তমূলৰ ৰস তিনি চামুচ দিনে দুবাৰকৈ দুই সপ্তাহ গাখীৰ বা পানীৰ লগত খালে ঋতুস্ৰাৱ নিয়মীয়া হয় ।

৭) ক’লা তুলসী পাতৰ ৰস চাৰি-ছয় চামুচ দিনে দুবাৰকৈ খালে পেটত হোৱা বিষ নিৰাময় হয় । একেদৰে এৰা গছৰ কুমলীয়া পাতৰ ৰস তিনি চামুচ দিনে দুবাৰকৈ খালে বিষ-বেদনা নাইকিয়া হৈ ঋতুস্ৰাৱ নিয়মীয়া হয় ।

৮) ঋতু কষ্টত ওলট কম্বলৰ (গৰখীয়া কৰৈ) ৰস দুই-তিনি চামুচত ছয়-সাতটা জাতি জালুক বটি একেলগে মিহলাই দিনে দুবাৰকৈ ঋতুৰ তিনি দিন পিচত একেৰাহে সাত দিন খালে তল পেটত হোৱা বিষ নোহোৱা হয় ।

৯) মাংস ভালকৈ সিজাই খাব লাগে । ভালকৈ সিজাই খালে এই ৰোগৰ বীজাণুসমূহ মৰি যায় ।

১০) শাক-পাচলি ভালকৈ ধুই, পৰিষ্কাৰ কৰি খাব লাগে ।

১১) কেঁচা-মাংস থোৱা পাত্ৰ ভালকৈ ধুই পৰিষ্কাৰ কৰি ৰাখিব লাগে ।

১২) মেকুৰীৰ বিষ্ঠা পেলাবলৈ বা পৰিষ্কাৰ কৰিবলৈ ৰাবাৰৰ হাত মোজা (গ্ল’ভছ) ব্যৱহাৰ কৰিব লাগে ।

১৩) ঘৰৰ ভিতৰত মেকুৰী নৰখাই ভাল ।

১৪) আধা সিজা, আধা পোৰা মাংস খাব নালাগে ।

উৎস :- দেওবৰীয়া সম্ভাৰ

সুস্থ হৈ থকাৰ মন্ত্ৰ -

১) এটা সুস্থ আৰু সুন্দৰ শৰীৰৰ বাবে ব্যায়াম আৰু আহাৰ দুয়োটাই অতি গুৰুত্বপূৰ্ণ । অৰ্থাৎ ৫০ শতাংশ আহাৰৰ ওপৰত নিৰ্ভৰ কৰে এটা সুস্থ আৰু সুন্দৰ শৰীৰ । অৱশ্যে বিশেষ কিছুমান ক্ষেত্ৰত এই অনুপাত ৭০ শতাংশ আহাৰ আৰু ৩০ শতাংশ ব্যায়ামৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে ।

২) পুৱা শুই উঠি কুহুমীয়া গৰম পানী খোৱাটো ভাল অভ্যাস । কাৰণ নিশা আমি আঠ, ন ঘণ্টা শুই থকাৰ বাবে পুৱা শুই উঠি আমাৰ শৰীৰটো ডিহাইড্ৰেচন হৈ যায় ।ডিহাইড্ৰেচন অৱস্থাত আমাৰ শৰীৰৰ অংগবোৰে সঠিকভাৱে কাম কৰিব নোৱাৰে আৰু আমাৰ শৰীৰটো এচিডিক হৈ থাকে । এচিডিক লেবেল নিয়ন্ত্ৰন কৰিবলৈ ব্যক্তিভেদে ভিন্ন ভিন্ন পদ্ধতি অৱলম্বন কৰে । যেনে-নেমুপানী, এল’ভেৰা, আমলখিৰ ৰস ইত্যাদি । আমাৰ এটা ভুল ধাৰণা আছে যে নেমু পানী খালে গেছ হয় । কিন্তু বৈজ্ঞানিকভাৱে চালে নেমু ৰসত যদিও Ph ভেলু ২ ৰ পৰা ৩ থাকে, কিন্তু খোৱাৰ পিচত Ph ভেলু হয় । অৰ্থাৎ নিউট্ৰেল হয় ।অৱশ্যে শৰীৰত বিশেষ কোনো সমস্যা থাকিলে চিকিৎসকৰ পৰামৰ্শ লৈহে পানীয়সমূহ গ্ৰহণ কৰিব লাগে । পানীয়সমূহ গ্ৰহণ কৰি দিনটোৰ বাবে শৰীৰটো সুস্থ অৱস্থালৈ অনাৰ পিচত বিশেষকৈ বিভিন্ন ধৰণৰ ফল-মূল, যেনে- আপেল, অমিতা, কিবি আদি খাই এটা সুন্দৰ দিনৰ আৰম্ভণি কৰো । আচলতে আমাৰ এটা ভুল ধাৰণা আছে যে ভৰা পেটতহে ফল-মূল খাব লাগে । কিন্তু বৈজ্ঞানিকভাৱে যদি আমি চাওঁ তেন্তে দেখিম যে-টেঙা ফল-মূলৰ বাহিৰে অন্য ফল-মূল সদায় খালী পেটত খাব লাগে । আমি সাধাৰণতে পুৱা আহাৰ গ্ৰহণ কৰাৰ অতি কমেও ২০ মিনিটৰ আগতে ফল-মূল খাব লাগে । কেতিয়াও আহাৰ গ্ৰহণ কৰাৰ পিচত ফল-মূল খাব নালাগে । আহাৰ গ্ৰহণ কৰাৰ ঠিক পিচত ফল-মূল খালে বিভিন্ন ধৰণৰ অসুবিধা, যেনে- হজম হোৱাত বহু সময় লাগে । ফল-মূল খাওঁতে বিশেষকৈ মন কৰিব লগা কথাটো হ’ল ফল-মূল কেতিয়াও এবিধ খাব নালাগে । আমি বিভিন্ন প্ৰকাৰৰ ফল-মূল একেলগে খাব লাগে । কল, আঙৰ, আম আদি ফলসমূহ আমি নিৰ্দিষ্ট সীমাৰ ভিতৰতহে খাব লাগে । কাৰণ এই ফল-মূলসমূহত কেলৰি বহু বেছি পৰিমাণে থাকে ।

৩) ফলমূল খোৱাৰ পিচত সহজে হজম হোৱা প্ৰ’টিন (কণীৰ বগা অংশ, প্ৰ’টিন পাউদাৰ) খাব লাগে । তাৰ পিচত কাৰ্বহাইড্ৰেট, ফেট, শাক-পাচলি আদি খাব লাগে । সাধাৰণতে খীণ হ’ব বিচৰা বা ফেট কমাব বিচৰা লোকসকলে যথেষ্ট কম খায় । কিন্তু প্ৰকৃততে কম খালেই খীণ হ’ব নোৱাৰি । প্ৰতিজন ব্যক্তিয়েই ফেট, কাৰ্বহাইড্ৰেট, প্ৰ’টিন, শাক-পাচলি আদি সকলো খাব লাগে । কিন্তু খোৱাৰ সমন্বয়টো জানিব লাগে । যেনে- (কাৰ্ব- হাইড্ৰেট + ফেট = Instan ফেট ) হয় । গতিকে কাৰ্ব-হাইড্ৰেট আৰু ফেট একেলগে কেতিয়াও খাব নালাগে । কাৰণ কাৰ্ব-হাইড্ৰেট আৰু ফেট একেলগে খালে Instan ফেট হয় । গতিকে ব্যক্তিসকলে সকলো প্ৰকাৰৰ খাদ্য খাব লাগে । কিন্তু খাদ্য খোৱাৰ সমন্বয়টো জানিহে খাদ্য গ্ৰহণ কৰিব লাগে ।

৪) নিশা শোৱাৰ আগত অতিমাত্ৰা খাব নালাগে । কিন্তু সাধাৰণ লোকে বা কৰ্মব্যস্ত লোকসকলে দিনটো ব্যস্ততাত বিশেষ আহাৰ গ্ৰহণ নকৰি নিশা বহু বেছিকৈ খাই শুই থাকে । কিন্তু এই অভ্যাস ত্যাগ কৰিব লাগে । শোৱাৰ আগত প্ৰধানকৈ প্ৰ’টিন, শাক-পাচলি আৰু ফেট খাব লাগে । শোৱাৰ আগত কাৰ্ব-হাইড্ৰেট খোৱাৰ অভ্যাস সম্পূৰ্ণৰুপে ত্যাগ কৰিব লাগে ।

৫) সদায় মনত ৰাখিব নিশা শোৱাৰ আগত আৰু পুৱা শুই উঠি গ্ৰহণ কৰা আহাৰেই প্ৰধানকৈ সুস্থ, সুন্দৰ শৰীৰ এটাৰ গৰাকী হোৱাত আমাক বহু পৰিমাণে সহায় কৰে ।

লেখিকা :- বনানী শৰ্মা

উৎস :- দেওবৰীয়া সম্ভাৰ

1.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top