মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / অভাৰৱেট, অভাৰফেট আৰু ওবেচিটি কোনটো বেছি বিপজ্জনক ?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অভাৰৱেট, অভাৰফেট আৰু ওবেচিটি কোনটো বেছি বিপজ্জনক ?

অভাৰৱেট, অভাৰফেট আৰু ওবেচিটি কোনটো বেছি বিপজ্জনক ?

 

ওজন বাঢ়িলে বিপদ। কিন্তু চৰ্বি(মেদ) নকমোৱাকৈ ওজন কমোৱাৰ চেষ্টা বিপজ্জনক। কাৰণ চৰ্বি-মেদৰ মাজতেই সকলো বেমাৰ লুকাই থাকে। সেয়ে অভাৰৱেট,অভাৰফেট আৰু ওবেচিটি সম্পর্কে স্পষ্ট ধাৰণা থকাটো জৰুৰী।

দেহৰ গঠন ও উচ্চতা অনুযায়ী ওজন হব লাগে। সেই তুলনাত যদি ওজন বেছি হয় তেতিয়া তাক অভাৰৱেট বুলি কোৱা হয় । শৰীৰত যদি চৰ্বি-মেদ জমা হৈ গৈ থাকে তেতিয়া দেহৰ গঠন আৰু উচ্চতাৰ মাজত সামঞ্জস্য নাথাকে।

ওজন খুব বেছি নাবাঢ়িলেও যদি চৰ্বিৰ পৰিমাণ অস্বাভাবিকভাৱে বাঢ়ি থাকে তেতিয়া সেয়া হয় অভাৰফেট। শৰীৰত এই অতিৰিক্ত ফেটৰ পৰিমাণ যদি অস্বাভাবিক হয় তেতিয়া তাকেই ওবেচিটি বোলে। ওবেচিটিৰ বাবেই একাধিক ৰোগৰ আশ্ৰয়থলী হৈ পৰে মানৱ শৰীৰ।

ওজন আৰু উচ্চতাৰ অনুপাত জোখা হয় বডি মাচ ইণ্ডেক্সৰ সহায়ত(BMI)। কোনো ব্যক্তিৰ ওজন ও উচ্চতা জোখা হয় কিলোগ্রাম ও মিটাৰৰ সহায়ত। এই ওজনক উচ্চতাৰ বর্গফলৰ সহায়ত হৰণ কৰিলে যি ভাগফল পোৱা যাব সেয়াই হল বডি মাচ ইণ্ডেক্স(BMI)।

চিকিৎসা বিশেষজ্ঞৰ মতে, বডি মাচ ইন্ডেক্স ১৮.৫ ৰ কম হলে আন্ডাৰওৱেট। ২৫ ৰ মাজত হলে স্বাভাৱিক ওজন। ২৫ ৰ বেছি হলে অভাৰওয়েট। বডি মাস ইন্ডেক্স ৩০ বা তাতকৈ অধিক হলে ওবেচিটি হয়। এই অত্যধিক চৰ্বি বা মেদে মানুহ এজনৰ মৃত্যুৰ কাৰণো হব পাৰে।

ওবেচিটিৰ ফলত কার্ডিওভাচকুলাৰ ৰোগ, ডায়াবেটিচ, ইনচ'মনিয়া, আর্থ্রাইটিছ, স্ট্রোক, যৌন সমস্যা, কেঞ্চাৰ, ডিমেনচিয়া, ডিপ্রেশন আদিৰ দৰে ৰোগে শৰীৰত বাস লব পাৰে।

আমেৰিকান কেঞ্চাৰ চচাইটিৰ গৱেষণা মতে অতিৰিক্ত মেদৰ পৰা স্তন কেঞ্চাৰ,জৰায়ুত কেঞ্চাৰ,অন্ত্রনলী, খাদ্যনলী অগ্ন্যাশয়, কিডনি, লিভাৰ ও প্রস্টেট কেঞ্চাৰ হব পাৰে। শৰীৰত মেদ বঢ়াৰ লগে লগে ৰক্তকণিকাত প্ৰজেচষ্টেৰণ, টেষ্ট'ৰণ, ইনচুলিন আদি হৰম'নৰ মাত্ৰা বাঢ়ি যায়। এইবোৰৰ পৰাই কেঞ্চাৰ উদ্দীপক হিচাবে ক্ৰিয়া কৰি থাকে।


মেদ বা চৰ্বি কম কৰিবলৈ হলে প্রতিদিনে অন্তত আধঘণ্টা সময় ব্যায়াম কৰিবইই লাগিব। ৬ ঘণ্টাতকৈ বেছি টোপনি অনুচিত। কেচা শাক-পাচলিৰ লগতে অলপ টেঙা জাতীয় ফলমূল নিতৌ খাব লাগিব। চর্বি ও তেল জাতীয় খাদ্যৰ পৰা সম্পূৰ্ণৰূপে বিৰত থাকিব লাগিব।

প্রতিদিন কমেও ৩ লিটাৰ পানী খোৱাৰ অভ্যাস গঢ়ি তোলক। ৰাতি টোপনি যোৱাৰ আগত ১০ মিনিটমান সময় খোজকাঢ়িলে খুবেই ভাল। ফাষ্টফুড, সফ‍্ট ড্রিঙ্কচ আদিক এৰাই চলক। প্রতিদিনে খাদ্য তালিকায় আঁহ জাতীয় খাদ্য ৰাখক। কাহিলীপুৱাতে উঠি কমেও আধাঘণ্টা সময় খোজকাঢ়ি প্ৰচুৰ পৰিমাণে পানী খাওক! দৈনন্দিন জীৱনত এনেবোৰ নিয়ম সঠিকভাৱে পালন কৰি থাকিলে মেদ সমস্যাৰ পৰা আপুনি নিঃচিন্ত থাকিব পাৰিব!

লেখক: ডাঃ শ্বাহিদুল প্ৰীতম

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং: 9707738197

 

3.44444444444
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top