মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / অমিতা পাতৰ চাহে কেন্সাৰ নিৰাময় কৰিব পাৰে:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অমিতা পাতৰ চাহে কেন্সাৰ নিৰাময় কৰিব পাৰে:

 

অমিতাৰ পাতৰ চাহ সেৱন কৰি যিকোনো ষ্টেজত থকা কেন্সাৰ ৰোগ মাত্ৰ ৬০ দিনৰ পৰা ৯০ দিনৰ ভিতৰত সম্পূৰ্ণৰূপে নিৰাময় কৰিব পাৰি। তৃতীয় আৰু চতুৰ্থ ষ্টেজত থকা কেন্সাৰ ৰোগ মাত্ৰ ১৫ দিনৰ পৰা ৯০ দিনৰ ভিতৰতে অমিতা পাতৰ চাহ খাই থাকিলে সম্পূৰ্ণ নিৰাময় হয় বুলি শেহতীয়া এক গৱেষণাত প্ৰমাণ পোৱা গৈছে।

এতিয়ালৈকে মানুহে মহিতাৰ পাত তেনেই সীমিত পৰিমাণতহে ব্যৱহাৰ কৰি আহিছে। বিশেষকৈ ডেংগু ৰোগত শৰীৰৰ প্লেটলেট কমি যোৱাটো প্ৰতিৰোধ কৰিবৰ বাবে আৰু ছালৰ সৰু-সুৰা ৰোগতহে অমিতাৰ পাত ব্যৱহাৰ কৰা হয়। কিন্তু আজি আমি দেখাত সাধাৰণ যেন লগা অমিতাৰ পাতৰ ফলপ্ৰসূ ব্যৱহাৰৰ বিষয়ে কিছু কথা বৰ্ণনা কৰিবলৈ ওলাইছো। অমিতা পাতৰ আচৰিত ঔষধি গুণৰ বিষয়ে জানি আপুনিও নিশ্চয় যথেষ্ট উপকৃত হ’ব। আপুনি এই গছৰ পাত ব্যৱহাৰ কৰি মাত্ৰ পাঁচ সপ্তাহৰ ভিতৰতে কেন্সাৰৰ দৰে মাৰাত্মক ৰোগো সম্পূৰ্ণকৈ আৰোগ্য কৰিব পাৰিব।

অমিতা পাতৰ লগতে অমিতাৰ ফুল, ফল, পাতৰ ঠাৰি, পাত, বীজ আৰু শিপাৰো কেন্সাৰ কোষ নষ্ট কৰিব পৰা গুণৰ লগতে কেন্সাৰ কোষৰ বৃদ্ধি প্ৰতিৰোধ কৰাৰ ক্ষমতা আছে বুলি বিশ্বৰ বিভিন্ন ঠাইত চলা অধ্যয়ন আৰু গৱেষণাত প্ৰমাণ পোৱা গৈছে। বিশেষভাৱে অমিতাৰ পাতৰ মাজত কেন্সাৰ কোষ ধ্বংস কৰিব পৰা আৰু কেন্সাৰ কোষৰ বৃদ্ধি প্ৰতিৰোধ কৰিব পৰা গুণ অত্যধিক মাত্ৰাত থকা বুলি গৱেষকসকলে প্ৰমাণ পাইছে।

ফ্লৰিডা বিশ্ববিদ্যালয় আৰু যুক্তৰাষ্ট্ৰ আৰু জাপানৰ আন্তঃৰাষ্ট্ৰীয় চিকিৎসক আৰু গৱেষকসকলে কৰা গৱেষণাৰ পৰা জানিব পৰা গৈছে যে, অমিতাৰ পাতত কেন্সাৰৰ কোষ ধ্বংস কৰাৰ ক্ষমতা আছে। নাম দং নামৰ বিশেষজ্ঞ চিকিৎসক গৱেষকজনে বিভিন্ন পৰীক্ষা-নিৰীক্ষাৰ পৰা প্ৰমাণ পাইছে যে, অমিতাৰ পাতে পোনপটীয়াকৈ কেন্সাৰ ধ্বংস কৰিব পাৰে। এই দহবিধ কেন্সাৰ ৰোগৰ ভিতৰত স্তন কেন্সাৰ, হাওঁফাওঁৰ কেন্সাৰ, লিভাৰ কেন্সাৰ, অগ্নাশয়ৰ কেন্সাৰ আৰু জৰায়ু গ্ৰীবাৰ কেন্সাৰেই প্ৰধান। এইবিলাক কেন্সাৰৰ চিকিৎসাত যিমান বেছি পৰিমাণে অমিতাৰ পাত প্ৰয়োগ কৰিব পাৰি, সিমানেই ইয়াৰ ফলাফল খৰতকীয়া আৰু সুকলমে পাব পাৰি। যদি অমিতাৰ পাতে কেন্সাৰ কোষবোৰ ধ্বংস কৰিব নোৱাৰে, তেনেহ’লে কেন্সাৰ ৰোগৰ অগ্ৰগতি নিশ্চিতভাৱে ৰখাই দিব পাৰে।

অমিতাৰ পাতে কেনেকৈ কাম কৰে?

  • অমিতাৰ পাতৰ ৰসে কেন্সাৰ প্ৰতিৰোধী অনু Th1 Cytokines ৰ উৎপাদন বৃদ্ধি কৰে আৰু ইয়াৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে। ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিৰ লগে লগে কেন্সাৰ কোষ ধ্বংস কৰাৰ বাবে শৰীৰে শক্তি পায়।
  • অমিতা পাততি ‘পেপেইন’(Papain) নামৰ এবিধ প্ৰোটিন ভাঙিব পৰা এনজাইমে কেন্সাৰ কোষৰ ওপৰত থকা প্ৰোটিনৰ আৱৰণ ভেদ কৰিবক পাৰে আৰু ইয়াৰ ফলত কেন্সাৰ কোষবিলাক শৰীৰত বাচি থকাটো কঠিন হৈ পৰে। ‘পেপেইন’ এনজাইমবিধ তেজলৈ গৈ ‘মেক্ৰোফেজ’(Macrophase) উত্তেজিত কৰে আৰু ইয়াৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতাক উত্তেজিত কৰি কেন্সাৰ কোষবিলাক নষ্ট কৰিবলৈ আৰম্ভ কৰে।

কেমোথেৰাপি, ৰেডিঅ’থেৰাপি(ৰশ্মি প্ৰয়োগ) আৰু অমিতাৰ পাতৰ দ্বাৰা কৰা চিকিৎসাৰ মাজত প্ৰভেদ হ’ল-

কেমোথেৰাপিত শৰীৰৰ ৰোগ প্ৰতিৰোধ তন্ত্ৰক নিষ্ক্ৰিয় কৰি পেলোৱা হয়, কিন্তু অমিতা পাতৰ প্ৰয়োগে ৰোগ প্ৰতিৰোধ ক্ষমতাক উত্তেজিত কৰে। কেমোথেৰাপি আৰু ৰেডিঅ’থেৰাপিয়ে স্বাভাৱিক কোষবিলাককো প্ৰভাৱিত কৰে। কিন্তু অমিতাৰ পাতে কেৱল কেন্সাৰ কোষবিলাকহে নষ্ট কৰে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল- কেন্সাৰৰ চিকিৎসাত অমিতা পাতৰ প্ৰয়োগৰ কোনো পাৰ্শ্বক্ৰিয়া নেথাকে।

কেন্সাৰ ৰোগত অমিতা পাত সেৱনৰ বিধি:

কেন্সাৰ ৰোগত আটাইতকৈ উত্তম প্ৰয়োগ হ’ল- অমিতা পাতেৰে প্ৰ্স্তুত কৰা চাহ। এই চাহ দিনটোত তিনি-চাৰি বাৰ সেৱন কৰক। এই চাহ আপোনাৰ কাৰণে যথেষ্ট উপকাৰী। এতিয়া আপুনি শিকি লওক অমিতা পাতৰ পৰা চাহ কেনেকৈ বনাব।

  • প্ৰথমে পাঁচ-সাত খিলা অমিতাৰ পাত সংগ্ৰহ কৰি ভালদৰে পানীৰে ধুই লওক আৰু পাতকেইখিলা ৰ’দত দুই-তিনি দিন ভালদৰে শুকুৱাই লওক। এতিয়া এই শুকান পাতখিনি সৰু সৰু টুকুৰা কৰি ছিঙি লওক। এতিয়া আপুনি ৫০০ মিঃলিঃ পানীত দুচামুচ শুকান পাতৰ টুকুৰা লৈ ভালদৰে উতলাই লওক। পানী যেতিয়া আধামান থাকিবগৈ, তেতিয়া জুইৰ পৰা নমাই চেকনিৰে চেকি পানী সমানে দুভাগ কৰি লওক। ইয়াৰে এভাগ(প্ৰায় ১২৫ মিঃলিঃ) আগবেলা আৰু বাকীভাগ পিছবেতলা খাওক। এনেদৰে প্ৰস্তুত কৰা চাহ দিনটোত তিনি-চাৰিবাৰো খাব পাৰে। ইয়াৰ পিছত থাকি যোৱা চাহ ভালদৰে পাত্ৰ এটাত লৈ ঢাকোন মাৰি ফ্ৰীজত ভৰাই ৰাখিব পাৰে। পিছত গৰম নকৰাকৈ সেই চাহ সেৱন কৰিব পাৰে।
  • অমিতাৰ সাত খিলা কেঁচা সতেজ পাত সংগ্ৰহ কৰি ভালদৰে পানীৰে ধুই লৈ পাতকেইখিলা সৰু সৰুকৈ ছিঙি হাতেৰে মোহাৰি লওক। এতিয়া ইয়াৰ এক লিটাৰ পানীত লৈ উতলাওক। পানী শুকাই যেতিয়া ২৫০ মিঃলিঃ থাকিব, তেতিয়া সেই ৰস চেকি লৈ ১২৫ মিঃলিঃ পৰিমাণত দিনে পুৱা-গধূলি সেৱন কৰক। দিনটোত তিনি-চাৰিবাৰো খাব পাৰে।
  • এই চাহ খোৱাৰ আধা ঘন্টাৰ পৰা এঘন্টালৈকে আপুনি একো নাখাব। এই চাহ সেৱন একেৰাহে পাঁচ সপ্তাহ ধৰি কৰিলে কেত্ন্সাৰ ৰোগৰ তীব্ৰতা বৃদ্ধি বহুখিনি কমি যায়। তথাপি আমি আপোনাক তিনি মাহলৈকে এই চাহ সেৱন কৰিবলৈ পৰামৰ্শ দিব পাৰো। যিসকল ৰোগীৰ কেন্সাৰ ৰোগ তৃতীয় বা চতুৰ্থ ষ্টেজত আছে, তেওঁলোকে একেৰাহে তিনি মাহলৈ এই চাহ সেৱন কৰি থাকিলে উপকৃত হ’ব।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

2.96
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top