মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / অম্লপিত্ত গেষ্ট্ৰাইটিছ এচিডিটি পৰিত্ৰাণৰ আয়ুৰ্বেদিক উপায়
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অম্লপিত্ত গেষ্ট্ৰাইটিছ এচিডিটি পৰিত্ৰাণৰ আয়ুৰ্বেদিক উপায়

অম্লপিত্ত গেষ্ট্ৰাইটিছ এচিডিটি পৰিত্ৰাণৰ আয়ুৰ্বেদিক উপায়ৰ বিষয়ে লিখা হৈছে ।

অম্লপিত্তক আয়ুৰ্বেদত অন্নবহ স্ৰোতত হোৱা এবিধ ৰোগ হিচাপে বৰ্ণনা কৰা হৈছে। সাধাৰণ ভাষাত কবলৈ হলে যেতিয়া শৰীৰৰ পাচক ৰস(পিত্ত) টেঙা হৈ পৰে আৰু তাৰফলত যেতিয়া খাদ্য সঠিকভাৱে হজম নহয়, ভোক নলগা হয়, মুখৰ ভিতৰত তিতা বা টেঙা অনুভৱেৰে বমিৰ ভাৱ হয়, ডিঙি আৰু বুকুত জ্বলা পোৰা অনুভৱ হয়, কোনো পৰিশ্ৰম নকৰাকৈ ভাগৰ লাগে, শৰীৰ গধুৰ অনুভৱ হয়; তেতিয়া অম্লপিত্ত ৰোগত আক্ৰান্ত হোৱা বুলি গণ্য কৰা হয়।

আয়ুৰ্বেদত বৰ্ণিত এই ৰোগটোৰ লগত পোনপটীয়াকৈ আধুনিক চিকিৎসা বিজ্ঞানৰ কোনো এটা ৰোগক তুলনা কৰিব নোৱাৰি যদিও-

  • গেষ্ট্র এছফেজেল ৰীফলেক্স ডিজিছ (GERD),
  • গেষ্ট্ৰাইটিছ, হাইপাৰ এচিডিটি,
  • এচিড পেপ্তিক ডিছৰ্দাৰ, ডিছপেপচিয়া আদি ৰোগৰ লক্ষণৰ বহু সাদৃশ্য দেখা যায়।

আয়ুৰ্বেদৰ মতে প্ৰধানকৈ বিভিন্ন কাৰণত হোৱা মানসিক চাপ তথা অস্থিৰতা আৰু অহিতকৰ আহাৰ বিহাৰৰ ফলত শৰীৰৰ ত্ৰিদোষ দূষিত হৈ পাচক অগ্নিৰ কাম বাধা প্ৰাপ্ত হয়। ফলস্বৰূপে অম্লপিত্ত ৰোগৰ উৎপত্তি হয়।

সাধাৰণ লক্ষণ সমূহ -

বুকু জ্বলা পুৰা কৰা,

  • টেঙা বা তিতা উগাৰ অহা,
  • ডিঙি জ্বলা অনুভৱ কৰা,
  • বমিৰ ভাৱ অহা,
  • খাদ্য বস্তু আৰু টেঙা পদাৰ্থ বমিৰ দৰে ওলাই অহা,
  • পেট গধুৰ লগা,
  • পেট ফুলি যোৱা আদি।

অম্লপিত্তক আয়ুৰ্বেদত প্ৰধানকৈ দুই ধৰণৰ বুলি গণ্য কৰা হৈছে। তদনুসৰি ইয়াৰ লক্ষণ সমূহ হল:

অধোগত(downward) অম্লপিত্ত -

  • বেছি পিয়াঁহ লগা,
  • শৰীৰত জ্বলা-পোৰা অনুভৱ কৰা,
  • মূৰ ঘূৰোৱা আৰু কেতিয়াবা পৰি যোৱা,
  • হজম কম হোৱা,
  • পাতল পায়খানা হোৱা,
  • মাজে মাজে গাৰ নোম শিয়ঁৰি উঠা,
  • ঘামিব ধৰা আদি।

উৰ্ধগ(upward) অম্লপিত্ত -

  • হালধীয়া, সেউজীয়া বা সামান্য ৰঙচুৱা ৰঙৰ টেঙা বা তিতা লগা বমি হোৱা;
  • সাধাৰণতে খাদ্য হজম হোৱাৰ সময়ত বা কেতিয়াবা খালি পেটত এনেধৰণৰ বমি হোৱা,
  • টেঙা বা তিতা লগা উগাৰ অহা,
  • ডিঙি বুকু আৰু পেটৰ উপৰ ভাগত জ্বলা পুৰা কৰা,
  • হাতৰ তলুৱা আৰু ভৰিৰ পতা জ্বলা পোৰা কৰা,
  • শৰীৰত গৰম অনুভৱ কৰা,
  • ভোক নলগা আদি।

কাৰণ সমূহ -

  • বিৰুদ্ধ আহাৰ(সাধাৰণ ভাষাত এটা আনটোৰ বিপৰীত আহাৰ একেলগে গ্ৰহণ কৰিলে) তথা দূষিত আহাৰ গ্ৰহণ কৰা।
  • অত্যধিক টেঙা, জ্বলা, মছলাযুক্ত, নিমখীয়া আৰু পিত্ত বৰ্ধক খাদ্য গ্ৰহণ কৰা।
  • ফাষ্ট ফুড, বেছি তেলত ভজা খাদ্য খোৱা।
  • অতি উষ্ণ অৱস্থাত গোটা বা পনীয়া খাদ্য গ্ৰহণ কৰা।
  • বেছিকৈ চাহ, কফি আদি খোৱা।
  • খাদ্য গ্ৰহণৰ সঠিক নিয়ম সমূহ পালন নকৰা। উদাহৰণ স্বৰূপে আগৰ খাদ্য হজম নহওতেই পুনৰ খাদ্য গ্ৰহণ কৰা।

প্ৰয়োজনতকৈ বেছি খোৱা, সময়মতে নোখোৱা, মাজে মাজে খাদ্য নোখোৱাকৈ খালি পেটে থকা।আয়ুৰ্বেদত বৰ্ণিত বিৰুদ্ধ আহাৰ গ্ৰহণ কৰা(যেনে গাখীৰ আৰু নিমখ একেলগে খোৱা)। ৰাতি দেৰিকৈ খাদ্য খোৱা ইত্যাদি।

  • পানী, শুকান ফল(dry fruit) সঠিক পৰিমানে নোখোৱা।
  • জিৰণি কম লোৱা, অতি ব্যস্ততা পূৰ্ণ জীৱন যাপন কৰা।
  • নিশা কমকৈ টোপনি যোৱা।
  • খাদ্য খোৱাৰ থিক পিছতে শুই যোৱা।
  • আধাৰণীয় বেগ যেনে শৌচ, প্ৰস্বাৱ আদি ধাৰণ কৰা।
  • ৰদ বা জুইৰ ওচৰত বেছি সময় থকা।
  • অত্যধিক মানসিক চাপ, উদ্বেগ, শোক, ভয়, খঙ আদি।
  • শৰৎ কালত পিত্ত বৰ্ধক খাদ্য গ্ৰহণ কৰা।
  • মদ্যপান, চাধা জাতীয় দ্ৰৱ্য গ্ৰহণ, ধূমপান আদি।
  • বহুদিন ধৰি বিষনাশক ঔষধ সেৱন কৰা।
  • হেলিকবেক্টৰ পাইলৰি সংক্ৰমণ আদি।

আয়ুৰ্বেদত উল্লেখিত চিকিৎসা -

  • নিদান পৰিবর্জন অর্থাৎ অম্লপিত্ত ৰোগৰ কাৰণসমূহ যিমান পাৰি এৰাই চলা।
  • ইয়াক বাধা দিব পৰা পথ্য অথবা লাভকাৰক দ্ৰৱ্যসমূহ খাদ্য হিচাপে গ্ৰহণ কৰা। লগতে ইয়াক প্ৰতিৰোধ কৰিব পৰা জীৱনশৈলী অনুসৰণ কৰা।
  • প্ৰয়োজনত দূষিত হোৱা বাত পিত্ত আদি দোষ নিৰ্মূলৰ বাবে বমন, বিৰেচন বা বস্তি চিকিৎসা অভিজ্ঞ চিকিৎসকৰ দ্বাৰা গ্ৰহণ কৰা।
  • পোনপটীয়াকৈ অম্লপিত্ত নাশ কৰিব পৰা শমন চিকিৎসা গ্ৰহণ কৰা। এনে চিকিৎসাৰ বাবে সাধাৰণতে ঔষধি দ্ৰৱ্যযুক্ত চূৰ্ণ, অৱলেহ, ঘী, ক্বাথ আদি প্ৰয়োগ কৰা হয়।

অৱিপত্তিকৰ চূৰ্ণ, পঞ্চনিম্ব চূৰ্ণ, পতোলাদি ক্বাথ, দ্ৰাক্ষাদি অৱলেহ, জীৰকাদ্য ঘৃত আদি এনে কিছুমান উদাহৰণ। কিছুমান ক্ষেত্ৰত ৰস ঔষধি আৰু ভস্ম আদিৰ প্ৰয়োগো কৰা হয়।

এতিয়া আহোঁ এই ৰোগৰ পৰা বাছি থাকিবলৈ আমি কি কৰা উচিত(পথ্য) আৰু কি কৰা অনুচিত(অপথ্য)-

পথ্য:

  • খোৱাৰ সময় মানি চলা।
  • লঘু খাদ্য, শীতল গুণযুক্ত খাদ্য, ডাব নাৰিকলৰ পানী খোৱা।
  • মুগ দালি, মৌ, গাখীৰ, পটল, কেৰেলা, কোমোৰা, তিয়ঁহ, শতাৱৰী, পেঠা(কোমোৰাৰ পৰা তৈয়াৰী), ডালিম, কলা আঙুৰ, আমলখি, মৌচুমী টেঙা, খিছমিছ, অঞ্জীৰ(fig)আদি খাদ্য খোৱা।
  • সঠিক পৰিমানে জুলীয়া দ্ৰৱ্য যেনে ডালিম, মৌচুমী, আমলখি আদিৰ ৰস খোৱা।
  • দুই তিনি ঘণ্টাৰ মূৰে মূৰে এক কাপ কুহুমীয়া গাখীৰ খোৱা।
  • গৰম গাখীৰ খালে তাত এক চামুচ ঘী মিহলাই খোৱা।
  • পৰ্যাপ্ত পৰিমাণৰ টোপনি আৰু জিৰণি লোৱা।
  • নিয়মিত যোগ, প্রানায়াম, ধ্যান আৰু ব্যায়াম আদি অভ্যাস কৰা।

অপথ্য:

  • গুৰু আৰু বিদাহী অন্ন, মছলা আৰু অতি তেলযুক্ত খাদ্য, অধিক নিমখ, চাহ, কফি, ময়দাৰে বনোৱা খাদ্য, ফাষ্ট ফুড, বেঙেনা, বেছন, আলু আদি খোৱা।
  • অনিয়মীয়া আৰু অসময়ত খাদ্য খোৱাৰ অভ্যাস।
  • বহু সময় লঘোনে থকা।
  • পৰিমানতকৈ বেছি খোৱা।
  • খাদ্য খাই উঠিয়ে শুই থকা আৰু দিনত শোৱা অভ্যাস।
  • মদ, ধূমপান, এচপিৰিন জাতীয় ঔষধ আদি সেৱন কৰা।
  • অতি বেছি মানসিক চাপ, দুঃচিন্তা আদি।

অম্লপিত্তৰ লক্ষণ দেখিলে কৰিব পৰা দুটামান ঘৰুৱা উপায়:

  • গোটা ধনিয়া গুটি 2 চামুচ ৰাতি ভিজাই থৈ ৰাতিপুৱা চেকি পানীখিনি খাব লাগে। ইয়াৰ লগত অলপ মিছৰী মিহলায়ো লব পাৰে।
  • 3 ৰ পৰা 5 গ্ৰাম আমলখি পাউদাৰ দিনে দুবাৰকৈ পানীৰে কিছুদিন খাব।
  • 1 চামুচ চৌফ(sauf, fennel seed) গুড়ি অলপ চেনিৰ লগত পানীত মিহলাই দিনে দুবাৰ এসপ্তাহ মান খাব।
  • যষ্টিমধু চূৰ্ণ 3গ্ৰাম দিনে দুবাৰকৈ এসপ্তাহ খাব।
  • শতাৱৰী চূৰ্ণ 3গ্ৰাম দিনে দুবাৰকৈ এসপ্তাহ খাব।

আমি বহুতে ভাবো, খোৱা বোৱা আদিত সকলো সাৱধানতা লোৱা সত্বেও এনে ৰোগে কিয় আমনি কৰে।

আচলতে উপৰোক্ত নিয়ম বা উপায়বোৰ অম্লপিত্ত ৰোগৰ পৰা বাছি থাকিবলৈ বা ইয়াক প্ৰতিৰোধ কৰিবলৈ বেছি উপযোগী।

কিন্তু যদি ইতিমধ্যে দোষ প্ৰকোপিত হৈ ৰোগ আৰম্ভ হৈছে, তেতিয়া কিন্তু সমান্তৰাল ভাৱে চিকিৎসকৰ পৰামৰ্শ অনুসৰি চিকিৎসাৰ প্ৰয়োজন হয়।

সাম্প্ৰতিক সময়ত অম্লপিত্তৰ কাৰক হিচাপে চিহ্নিত কাৰণবোৰে প্ৰায়ে মানুহৰ জীৱনত প্ৰভাৱ বিস্তাৰ কৰিবলৈ লৈছে।

সেয়েহে ই এটা অতি পৰিচিত কষ্টদায়ক ৰোগ হিচাপে পৰিগণিত হৈছে। কাৰণসমূহক গুৰুত্ব দি সঠিক সময়ত উপযুক্ত চিকিৎসা কৰিলে ইয়াক প্ৰতিহত কৰিব নিশ্চয় পাৰি।

লেখক: ডাঃ মৃণাল বৈশ্য

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

2.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top