মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / অযথা বিষৰ ঔষধৰ ব্যৱহাৰে বিপদ মাতি আনে
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অযথা বিষৰ ঔষধৰ ব্যৱহাৰে বিপদ মাতি আনে

অযথা বিষৰ ঔষধৰ ব্যৱহাৰে বিপদ মাতি আনে

সামান্য বিষ যন্ত্ৰণা হ’লে মানুহে সাধাৰণতে চিকিৎসকৰ ওচৰলৈ যাবলৈ টান পায়। ডাক্তৰৰ পৰামৰ্শ অবিহনে তেনে সৰু সুৰা বিষ যন্ত্ৰণাত ঔষধৰ দোকানলৈ গৈ নিজেই ঔষধ কিনি খায়। অধিকাংশ দোকানীয়ে অনামী কোম্পানীৰ বিষৰ ঔষধ বিক্ৰী কৰি ধনী হয়। বিষ হ’লেই পেইন কিলাৰ কিনি খোৱাটো মানুহৰ অভ্যাসগত পৰিণত হৈ পৰে। এই অভ্যাসে দেহত কেনে ধৰণৰ বিপদ মাতি আনিব পাৰে সেই সম্পৰ্কে সাধাৰণ লোকৰ কোনো ধাৰণা নাই।

আমাৰ শৰীৰত দুই ধৰণৰ বিষ-বেদনা হয়। শৰীৰৰ বহি:অংগৰ বিষ বা চুপাৰ ফিচিয়েল পেইন আৰু আভ্যন্তৰীণ অংগৰ বিষ বা ভিচাৰেল পেইন। দুই ধৰণৰ বিষৰে অনুভূতিৰ কেন্দ্ৰ এটাই। সেইটো হ’ল মস্তিস্ক। মস্তিস্কৰ ওপৰ অংশত থকা চেৰিব্ৰেল কৰ্টেস্ক অঞ্চলটোৱে সচৰাচৰ বিষ-বেদনাৰ অনুভূতি জগায়। বেছিভাগ ৰোগৰে এটা প্ৰাথমিক উপসৰ্গ হৈছে বিষ। কিন্তু বেছিভাগ লোকে বিষ যন্ত্ৰণাক প্ৰথম পৰ্য্যায়ত গুৰুত্ব নিদিয়ে আৰু তাৰ কাৰণ বিচাৰিবলৈকো চেষ্টা নকৰে। চিকিৎসকৰ পৰামৰ্শ অবিহনে জধে মধে বিষৰ ঔষধ খোৱাৰ ফলত শৰীৰত এলাৰ্জিক ৰিয়েকচন, শ্বাসকষ্ট, আলচাৰ, হজমৰ গণ্ডগোল, আনকি কিড্‌নি নষ্ট হোৱাৰ সমস্যাই দেখা দিব পাৰে। বিষৰ ঔষধ দুই ধৰণৰ হয়-পাতল আৰু কাঢ়া। কেনে ধৰণৰ ঔষধ কিমান দিনলৈ খাব লাগে সেই তথ্য কেৱল চিকিৎসকেহে জানে।

ঔষধী শাস্ত্ৰমতে, এচিটাইল চেলিচাইলিক এচিড অৰ্থাৎ এচপিৰিন, ডিচপ্ৰিন আদি ঔষধ এজন প্ৰাপ্তবয়স্ক মানুহে তিনিশৰ পৰা ছশ মিলিগ্ৰাম চাৰিৰ পৰা ছয়গ্ৰাম খোৱা উচিত। শিশুসকলৰ ক্ষেত্ৰত গোটেই দিনটোত প্ৰতি কেজি ওজনত এই মাত্ৰা পয়ষষ্ঠি মিলিগ্ৰাম। যদি ইয়াৰ পৰিমাণ বেছি হয় বা খালী পেটত খোৱা হয় তেন্তে বুকু জ্বলা পোৰা কৰে। এচপিৰিন, ডিচপ্ৰিনৰ পিছত পেৰাচিটামল জ্বৰ আৰু বিষ কমোৱাৰ ঔষধ হিচাপে বেছিকৈ ব্যৱহাৰ কৰা হয়। ইয়াক ক্ৰচিন, কেলপল, ডিচপ্ৰিন প্লাচ আদি নামেৰে বজাৰত পোৱা যায়। জ্বৰ আৰু বিষ কমাবলৈ যদিও ঔষধ কোম্পানীবোৰে এইবিধ ঔষধক নিৰাপদ বুলি ঘোষণা কৰে, তথাপি ইয়াৰ পাৰ্শ্বক্ৰিয়া নোহোৱা নহয়। উদাহৰণস্বৰূপে-দাঁতৰ বিষৰ পৰা ৰেহাই পাবলৈ কোনোৱে যদি পাঁচশ মিলিগ্ৰাম পেৰাচিটামল ঔষধ খায় তেন্তে দুঘন্টাৰ ভিতৰত হয়তো বিষ নাইকিয়া হয় ঠিকেই, কিন্তু তাৰ পিছত কঁপি কঁপি জ্বৰ উঠিব পাৰে।

আমাৰ তেজৰ দুটা ভাগ। এটা ৰক্তৰস আৰু আনটো ৰক্তকণিকা। এই ৰক্তকণিকা আকৌ তিনি ধৰণৰ-লোহিত ৰক্তকণিকা, শ্বেত ৰক্তকণিকা আৰু অনুচক্ৰিকা। শ্বেত ৰক্তকণিকা আকৌ গঠন অনুযায়ী দানাকৃতি বা গ্ৰেনুলোচাইট আৰু দানাহীন বা এগ্ৰানুলোচাইট অংশত বিভক্ত। দানাকৃতিৰ অংশত নিউট্ৰোফিন নামৰ এক ধৰণৰ শ্বেতকণিকা আছে যিটো পেৰাচিটামল খোৱাৰ ফলত কমি যাব পাৰে। তাৰোপৰি অনুচক্ৰিকা বা থ্ৰম্বোচাইটো কমি যাব পাৰে, যাৰ ফলত শৰীৰটো বিভিন্ন ক্ষতিৰ সন্মুখীন হয়।

পেৰাচিটামলৰ বাবে ৰক্তাল্পতাই দেখা দিব পাৰে। মানুহৰ দেহত গ্লুকোজ চিক্সফচফেট ডিহাইড্ৰেজিনেচ নামৰ এক ধৰণৰ উৎসেচক থাকে। মানুহৰ হাতৰ পাঁচোটা আঙুলি যেনেদৰে সমান নহয় ঠিক তেনেদৰে সকলো ব্যক্তিৰ শৰীৰৰ অন্তৰ্গঠনো সমান নহয়। কিছুমানৰ শৰীৰত এইবিধ উৎসেচক কম পৰিমাণে থাকে। এনে ব্যক্তিয়ে পেৰাচিটামল খালে সহজে ৰক্তাল্পতাৰ চিকাৰ হয়। তেনেদৰে বেছি দিনলৈকে এই ঔষধ ব্যৱহাৰ কৰিলে লিভাৰৰো ক্ষতি হয়। পেটৰ বিষৰ বাবে ব্যৱহাৰ কৰা বেৰালগনাত বিষনাশক আছে আৰু এই বিষনাশকে ৰক্তদোষ বা এগ্ৰানুলোচাইটিচ ঘটাব পাৰে। যাৰ বাবে উন্নত দেশত ইয়াক নিষিদ্ধ কৰা হৈছে। পেৰাচিটামলৰ বাহিৰেও ফিনাইলবুটাজ’ন, এনালজিন, ইণ্ডেনামথাচিন, ডাইকোফ্লেনাক, আইবুপ্ৰ’ফেন, মেফেনামিক এচিড, পাইৰ’ক্সিফেম আদি বিভিন্ন ধৰণৰ বেদনাশকেৰে বজাৰ উভৈনদী হৈ আছে। এইবোৰৰ ব্যৱহাৰত যথেষ্ট সাৱধান হোৱা উচিত।

আমাৰ দেহত অস্থিমজ্জাত তেজ উৎপন্ন হয়। শৰীৰৰ কোনো কোনো অৱস্থাত এই ৰক্ত প্ৰস্তুতকাৰক কোষবোৰ শুকাই যায়। অৰ্থাৎ পুনৰ যথেষ্ট পৰিমাণৰ তেজ উৎপন্ন নহয়। ইয়াক বোলা হয় ব’ন মেৰো এপ্লাচিয়া। শুকাই যোৱা অস্থিমজ্জাৰ পৰা কম পৰিমাণৰ যি তেজ তৈয়াৰ হয় তাত হিমগ্ল’বিনৰ মাত্ৰা কম থাকে। ইয়াকে বোলা হয় এপ্লাষ্টিক এনিমিয়া। ফিনাইলবুটাজ’ন, ডাইফ্লোফেনাক আৰু ইণ্ডোমেথাচিনে এপ্লাষ্টিক এনিমিয়া বৃদ্ধি কৰে। সেয়ে ৰোগীৰ শৰীৰৰ তেজৰ তথ্য পৰীক্ষা-নিৰীক্ষা নকৰাকৈ এনেবোৰ ঔষধৰ ব্যৱহাৰে বিপদ মাতি আনিব পাৰে। ঠিক তেনেকৈ বিষ জ্বৰ কমাবলৈ ব্যৱহাৰ কৰা মেগাডল নামৰ ঔষধবিধেও এপ্লাষ্টিক এনিমিয়া বৃদ্ধি কৰিব পাৰে। কোৱা বাহুল্য যে, এই ধৰণৰ এনিমিয়াত সচৰাচৰ ব্যৱহাৰ কৰা আয়ৰণ টনিক, ভিটামিন আদিয়ে ৰক্তাল্পতা দূৰ কৰাত সহাত নকৰে। তাৰোপৰি এপ্লাষ্টিক এনিমিয়া এবাৰ হ’লে এশজনৰ ভিতৰত ৫০ জনেই মৃত্যুমুখত পৰে। অৰ্থাৎ এই ৰোগত মৃত্যুহাৰ পঞ্চাছ শতাংশ।

পেইন কিলাৰৰ বাবে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হয় পাকস্থলী আৰু কিড্‌নি। অহৰহ এনে ঔষধ সেৱনৰ ফলত পাকস্থলীৰ ভিতৰৰ পাতল বাই কাৰ্বনেট স্তৰ, যিটোৱে অতিৰিক্ত এচিড নি:সৰণৰ ফলত হ’ব পৰা ক্ষতিৰ পৰা পাকস্থলীক ৰক্ষা কৰে (যাৰ ফলত পাকস্থলীলৈ অহা অন্য খাদ্যবস্তু হজম হ’লেও পাকস্থলী নিজে হজম হৈ নাযায়); পাকস্থলীৰ পৰা নি:সৃত হাইড্ৰোক্লোৰিক এচিড আৰু পেপচিনে এই আৱৰণীক ক্ষতিগ্ৰস্ত কৰে। ইয়াৰ পৰা পাকস্থলীৰ দেৱালৰ আৱৰণীৰ ৰক্তনলী ক্ষতিগ্ৰস্ত হৈ মলত্যাগৰ লগত ৰক্তপাত হোৱা দেখা যায়। আনকি নিয়মিত পেইন কিলাৰ সেৱনে পাকস্থলী ফুটা পৰ্য্যন্ত কৰিব পাৰে। শৰীৰৰ অবাঞ্চিত বৰ্জ্য পদাৰ্থ যেনে- ইউৰিয়া, ক্ৰিয়েটিনিন আদিক মূত্ৰ পথেৰে নিষ্কাষণ কৰে কিড্‌নিয়ে। বহুদিন কোনো ৰোগত ভুগি নিয়মিত বিষনাশক সেৱনত অভ্যস্ত হৈ লোকৰ কিডনি ক্ষতিগ্ৰস্তু হয়। ইয়াকে বোলা হয় এনালজেচিক নেফ্ৰোপেথি। এই ৰোগ ত্ৰিশোৰ্ধ মহিলাৰ বেছিকৈ হোৱা দেখা যায়। প্ৰতি এক লাখ লোকৰ ভিতৰত চাৰিজনৰ এনে ধৰণৰ ৰোগ হয় যদিও সচেতনতা বৃদ্ধি আৰু ফেনাচেষ্টিনৰ ব্যৱহাৰ কম হোৱাৰ লগে লগে আগতকৈ ইয়াৰ প্ৰকোপ কমিছে। সাধাৰণতে প্ৰথমতে ক্ষতি হয় কিড্‌নিৰ অন্তৰ্ৱতী গঠন। তাৰ পৰৱৰ্তী পৰ্য্যায়ত প্ৰাথমিক বা ‘ক্ৰনিক ৰেনাল ফেইলৰ’লৈ ই পৰ্যবসিত হয়। এনে অৱস্থাত কিড্‌নিৰ তন্তুবোৰ প্ৰস্ৰাৱৰ লগত ওলাই যায় অথবা প্ৰস্ৰাৱত তেজ-পুঁজ আদি পৰে। সম্প্ৰতি আমেৰিকান ছোচাইটি অব নেফ্ৰ’লজিৰ বাৰ্ষিক সভাতো এই কথা আলোচনা হৈছে যে কেইবিধমান পেইন কিলাৰৰ বেছি ব্যৱহাৰে কিড্‌নি যি ক্ষতি গ্ৰস্ত কৰে। এচপিৰিন বা এচিটামিনোফেন ঔষধৰ মাত্ৰাধিক ব্যৱহাৰে কিড্‌নিৰ যি ক্ষতি কৰে তাৰ নাম হৈছে ‘চিক’। এই ‘চিক’ ধৰা পৰে চি টি স্কেনৰ মাধ্যমেৰে।

কিড্‌নিৰ অসুস্থতাৰ লক্ষণ হ’ল দুৰ্বলতা, অৱদাস, সঘন মূত্ৰত্যাগ, মাজে মাজে বিষ, কম পৰিমাণৰ প্ৰস্ৰাৱ, তন্দ্ৰাচ্ছন্নতা, কটাছিঙা বা ৰক্তপাত হোৱাৰ প্ৰৱণতা, ফুলা ভাব আদি। অৱশ্যে কোনো কোনো লোকৰ ক্ষেত্ৰত এনেধৰণৰ কোনো লক্ষণ দেখা নিদিবও পাৰে। বিভিন্ন পৰীক্ষাৰ দ্বাৰা কিড্‌নিৰ অসুস্থতা ধৰা পেলাব পাৰি। প্ৰস্ৰাৱত ৰঙা বা বগা কোষৰ উপস্থিতি, ৰক্তাল্পতা আৰু তেজত লোহিত ৰক্তকণিকাৰ সংখ্যা হ্ৰাস, প্ৰস্ৰাৱত মৃত পেপিলাৰী টিচুৰ উপস্থিতি, ইউৰিন টক্সিকোলজি স্ক্ৰিন চেলিচাইলেট ধনাত্মক হোৱা আদিয়ে অসুস্থতা নিৰ্দেশ কৰে। এই ৰোগৰ চিকিৎসাৰ লক্ষ্য হ’ল ক্ষতিগ্ৰস্ত কিড্‌নিৰ ক্ষতিৰ গতি ৰোধ কৰি সন্দেহজনক সমগ্ৰ বিষনাশক বন্ধ কৰা। তাৰ পিছত উপযুক্ত ঔষধ আৰু খাদ্যতালিকাৰে মূল চিকিৎসা আৰম্ভ কৰা হয়। বিষ নিয়ন্ত্ৰণ কৰিব পৰাৰ কৌশল সম্বন্ধেও ৰোগীৰ লগত আলাপ আলোচনা কৰা হয়। মুঠতে কিড্‌নিৰ যিখিনি ক্ষতি হৈছে তাক তাতেই ৰোধ কৰি বাকী অংশত সুচল ৰখাই এই চিকিৎসাৰ উদ্দেশ্য।

বিষনাশকৰ পৰা হব পৰা এটি বিপদজনক চৰ্মৰোগ হ’ল TEN বা টক্সিক এপিডাৰ্মেল নেক্ৰোলাইচিচ’। এই ৰোগ সৃষ্টিত মুখ্য ভূমিকা লোৱা বিষনাশক হ’ল-চেলিচাইলেট ফেনাইল বুটাজোন অথবা গাউটৰ বাবে ব্যৱহাৰ কৰা এলোপিউৰিনেল। এই ৰোগত শৰীৰৰ ছাল জ্বলি পুৰি এৰাই যোৱাৰ সম্ভাৱনাও থাকে। গাত হোৱা বিভিন্ন ক’লা, ৰঙা দাগ, চকাৰ দৰে গোল চিহ্ন আদিও হকে বিহকে পেইন কিলাৰ খোৱা অভ্যাসৰ ফলত দেখা দিব পাৰে।

পেইন কিলাৰে অকল ৰোগ সৃষ্টি নকৰে, আন ধৰণেৰেও শৰীৰৰ সমস্যা বঢ়ায়। কাণ বা দাঁত বা চকুৰ বিষৰ কাৰণে বিষনাশক খাবলগীয়া হয়। এই বিষবোৰৰ অন্তৰালত কাৰণ বিভিন্ন হব পাৰে। উদাহৰণ স্বৰূপে দাঁতৰ বিষৰ কথা কব পাৰি। কথাতে কয় দাঁতৰ যন্ত্ৰণা প্ৰসৱ যন্ত্ৰণাতকৈও তীব্ৰ। দাঁতৰ যত্ন নহ’লে ইনফেকচন বা সংক্ৰমণ হ’ব পাৰে। তেতিয়া দাঁতৰ গুৰি ফুলি তেজ-পূঁজ জমা হৈ সংকটৰ সৃষ্টি হয়। দাঁতৰ বিষ হ’লেই বিষনাশক খাই বিষ দূৰ কৰা হয় সঁচা, কিন্তু সংক্ৰমণ থাকি যায়। এই সংক্ৰমণ প্ৰথমতে দাঁত, দাঁতৰ আলু আৰু পিছলৈ হাড়লৈ দ্ৰুতগতিত বিয়পি পৰে আৰু হাড়ৰ ভিতৰত পচন ধৰে আৰু এনেকৈয়ে ৰোগ গভীৰতালৈ বিয়পি পৰে। ঠিক তেনেকৈ বাত বিষৰ বাবে পেইন কিলাৰৰ বহুতে খায়। আঁঠু, কান্ধ, কঁকালৰ বিষ আদিৰ বাবে খোজকঢ়া, বহা উঠা আদি নিৰ্দিষ্ট নিয়ম পালন কৰি পেইন কিলাৰৰ বাহিৰে অন্য উপায়েৰেও ইয়াক বহুদূৰ নিৰসন কৰিব পাৰি। বিষৰ মলম, ঠাণ্ডা সেঁক আৰু চিকিৎসকৰ নিৰ্দেশত ব্যায়াম আদি কৰি বিষনাশক খোৱাৰ পৰা বিৰত থাকিব পাৰি। তাৰোপৰি পেইন কিলাৰে হয়তো সাময়িকভাৱে বিষ নাইকিয়া কৰিব পাৰে ঠিকেই কিন্তু ইয়াৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱা অংশৰ কোনো ক্ষতিপূৰণ নহয়। বৰঞ্চ বিষ কমি যোৱাৰ বাবে লৰা-ধপৰা, খোজকঢ়া আদি বেছি হৈ ক্ষতিৰ পৰিমাণ বৃদ্ধিহে কৰে।

বিষৰ ঔষধ খোৱাটো বহুতৰ বাবে একধৰণৰ নিচাও। প্ৰসংগত কব পাৰি যে, সাধাৰণতে মানুহে তিনিটা কাৰণত বিষৰ ঔষধ খায়।

প্ৰথমতে, বিষৰ বাবে চিকিৎসকে এটা নিৰ্দিষ্ট দিনৰ বাবে ঔষধ খাবলৈ দিয়ে আৰু ৰোগীয়ে ঔষধ খাই উপকাৰ পায়। তাৰ পিছত ৰোগীয়ে চিকিৎসকৰ পৰামৰ্শ লোৱাৰ প্ৰয়োজন অনুভৱ নকৰে। দিনৰ পিছত দিন সেই একোটা ঔষধকে খাই থাকে। ফলত ইয়াৰ মাধ্যমেৰে বিষৰ ঔষধ খোৱাটো এটা নিচাত পৰিণত হয়।

দ্বিতীয়তে, কিছুমান পেইন কিলাৰত নিচাযুক্ত দ্ৰব্য সংপৃক্ত কৰা থাকে যাৰ বাবে কোনো কোনোৱে কেৱল নিচাৰ বাবে এই দৰৱ সেৱন কৰে।

তৃতীয়তে, এদল লোক আছে যিসকলৰ কোনো ৰোগ নাই কিন্তু ৰোগ ব্যাতিকগ্ৰস্ত এনে ধৰণৰ লোকে শৰীৰৰ অ’ত ত’ত বিষ অনুভৱ কৰে। বিষৰ ঔষধ নাখালে বিষৰ উপশম নহয়। এনেদৰে ঔষধ খোৱাটো এটা অভ্যাস বা নিচাত পৰিণত হয়। মনোৰোগ বিশেষজ্ঞৰ মতে, মানুহৰ বিষ যন্ত্ৰণাৰ আশী শতাংশ কাৰণেই হ’ল মানসিক।

গৰ্ভৱৰ্তী মহিলাৰ বাবে বিষনাশক অতি ক্ষতিকাৰক। আগতে উল্লেখ কৰা হৈছে যে এনে ঔষধত থকা এনালজেচিক উপাদানে পাকস্থলীৰ আৱৰণ ক্ষতিগ্ৰস্ত কৰে, যাৰ প্ৰভাৱ গৰ্ভশ ভ্ৰূণৰ ওপৰত পৰে। গৰ্ভাৱস্থাৰ প্ৰথম কেইমাহত গৰ্ভৱতী মহিলাৰ বমি আৰু গাৰ বিষ হয়। বহুদিন আগতে বমি আৰু বিষ কমাবৰ বাবে ঔষধ দিয়া হৈছিল। তাৰ ফলত গৰ্ভস্থ শিশু ফোকোমেলিয়া নামৰ ৰোগত আক্ৰান্ত হোৱা দেখা গৈছিল। যাৰ বাবে আজিকালি পৰাপক্ষত গৰ্ভৱতী মহিলাক কোনো ধৰণৰ বিষৰ ঔষধ দিয়া নহয়। অগত্যা দিব লগা হ’লেও চিকিৎসকে কেইবাটাও দিশ চালি-জাৰি চাইহে দিয়ে। ঠিক তেনেদৰে শিশুকো পৰাপক্ষত বিষনাশক দিয়া উচিত নহয়। অগত্যা বিষনাশক খাব লগা হ’লেও তৰল ঔষধ খুওৱাহে যুগুত।

বিষৰ ঔষধৰ কুফল যিমানেই নাথাকক কিয়, বিষ-বেদনাত কাহিল হৈ পৰিলে ঔষধ নোখোৱাকৈও থাকিব নোৱাৰি। ফলত বিপদ ঘনীভূত হয়। সেয়ে খাব যেতিয়া লাগেই তেন্তে নিৰ্দিষ্ট নিয়ম কিছুমান মানি চলিলে ক্ষতিৰ পৰিমাণ কম হ’ব।

  • চিকিৎসকৰ পৰামৰ্শ নোহোৱাকৈ বিষৰ ঔষধ সেৱন নকৰিব।
  • বিষনাশক নেখাই এন্টি স্পাজমোডিক ড্ৰাগ যেনে- Drotin DS, Buscopan আদি প্ৰয়োজনত খাব পাৰি। ইয়াতো সুফল পোৱা যায়।
  • খালী পেটত নহয়, ভৰা পেটত ঔষধ খাব লাগে যাতে ক্ষতিৰ পৰিমাণ কম হয়।
  • বিষনাশক ঔষধৰ লগত এন্টাচিড টেবলেট বা লিকুইড অথবা PPI জাতীয় ঔষধ খোৱা উচিত।
  • বিষৰ টেবলেট খোৱাৰ পিছত বেছিকৈ পানী খাব লাগে। ইয়ে ঔষধক পাকস্থলীত বেছি সময় থাকিবলৈ নিদিয়ে। ই দ্ৰুতভাৱে তৰলীকৃত হৈ শোষিত হ’ব আৰু পাকস্থলীত অপকাৰ কৰিবলৈ সুযোগ নেপাব।

লিখক: ডা: দেৱাশিষ বৰগোঁহাই, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।

2.86046511628
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top