মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / অলিভ এইবিধ তেনেই কম চৰ্বিযুক্ত ফলৰ আশ্বৰ্যজনক গুণ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অলিভ এইবিধ তেনেই কম চৰ্বিযুক্ত ফলৰ আশ্বৰ্যজনক গুণ :

অলিভ ফলৰ আশ্বৰ্যজনক গুণৰ বিষয়ে লিখা হৈছে ।

আলজিমাৰ্ছ, ডায়েবেটিচ আৰু শৰীৰৰ মেদ কমোৱাত সহায় কৰিব পৰাকৈ এই ফলত তেনেই কম মাত্ৰাত কাৰ্বোহাইড্ৰেট থাকে আৰু আপোনৰ জীৱন ৰক্ষা কৰিব পাৰে। আলজিমাৰ্ছ প্ৰতিৰোধ কৰি ৰাখিব পাৰে, শৰীৰৰ ওজন কমাব পাৰে আৰু আপোনাক কম বয়সীয়া কৰি তুলিব পাৰে।

আপোনালোকে হয়তো দেখিছে- প্ৰায় সকলো ৰাজকীয় আহাৰৰ প্লেটত, সুন্দৰকৈ সজাই পৰিবেশন কৰা আহাৰৰ লগত, চালাড আদিৰ লগতে ইটালিয়ন আৰু গ্ৰীক খাদ্যৰ প্লেটত এইবিধ ফল সুন্দৰকৈ সজাই পৰিৱেশন কৰা হয়। সেউজীয়া আৰু ক’লা, দুই ৰঙৰ অলিভ ফল আজিকালি পৃথিৱীৰ প্ৰায় সকলো ঠাইতে পোৱা যায়। ইয়াৰ তেলৰ প্ৰতি আজিকালি সকলো সমাজতে আদৰ বাঢ়িছে। অলিভ গুটি উলিয়াই সাহখিনিৰে প্ৰস্তুত কৰা আচাৰো সকলোতে পোৱা যায়।

অলিভ সৰু ফলত বিশেষ কি ঔষধি গুণ আছে?

অলিভ অয়লত থকা সকলো স্বাস্থ্যসন্মত চৰ্বি এই ফলটোতো পোৱা যায়। প্ৰকৃততে অলিভত থকা ৮০ শতাংশ অলেয়িক এচিড এই গুটিটোত সংপৃক্ত ফেটি এচিডৰ ৰূপত পোৱা যায়। সেই একে পৰিমাণৰ অলেয়িক এচিড অলিভ অয়লতো পোৱা যায়। এই ম’ন’ আনচেছুৰেটেড(অসংপৃক্ত) চৰ্বিৰো শৰীৰৰ বিষ যন্ত্ৰণা কমাব পৰা গুণ আছে আৰু ই তেনেই কম মাত্ৰাতহে শৰ্কৰা যোগান ধৰিব পাৰে। ফলত এইবিধ তেল অতিশয় স্বাস্থ্য সন্মত আৰু কম কাৰ্বোহাইড্ৰেট দ্ৰব্য ৰূপে জনপ্ৰিয়। অলিভত প্ৰচুৰ মাত্ৰাত এন্টিঅক্সিডেন্ট থাকে বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰে, কিন্তু এই গুণটোৰ বাবে ই কেন্সাৰ ৰোগ প্ৰতিৰোধ, হৃদৰোগ আৰু মেদবহুলতা, ডায়েবেটিচ আৰু বয়সৰ প্ৰতিকূল প্ৰভাৱ প্ৰতিৰোধ কৰাত যথেষ্ট অৰিহণা যোগায়। অলিভে বয়স বৃদ্ধি প্ৰতিৰোধক উপাদান গ্লুটাথিয়নলৈ ৰক্তৰ পৰিমাণ বৃদ্ধি কৰাত সহায় কৰে। গ্লুটাথিয়নে শৰীৰত এন্টিঅক্সিডেন্ট পুনৰ সঞ্চালন কৰাব পাৰে বাবে ইয়াক আটাইতকৈ গুৰুত্বপূৰ্ণ এন্টিঅক্সিডেন্ট পুষ্টি দ্ৰব্য বুলি গণ্য কৰা হয়। আৰু এইকেইবিধ উপাদানেই সম্পূৰ্ণ নিখুঁট কিট’/কম গ্লাইচেমিক আহাৰ।

খাদ্য দ্ৰব্যৰ বজাৰত অলিভ বাৰত আপুনি অসংখ্য জাতৰ অলিভ দেখা পাব আৰু সেইবিলাকত এন্টিঅক্সিডেন্টৰ পৰিমাণো ভিন ভিন থাকে। কিন্তু এই আটাইবোৰ অলিভেই স্বাস্থ্যৰ কাৰণে অতি ভাল।

যিসকল লোকে নিয়মীয়াকৈ অলিভ অইল সেৱন কৰে, বিশেষকৈ অন্য তেল বা চৰ্বিৰ বিকল্পৰূপে এইবিধ তেল ব্যৱহাৰ কৰা লোকৰ মাজত হৃদৰোগত আক্ৰান্ত হোৱা লোকৰ সংখ্যা যথেষ্ট কম। তেওঁলোকৰ মাজত এথেৰোচক্লেৰোছিচ, ডায়েবেটিচ, কলন কেন্সাৰ(বৃহদান্ত্ৰৰ কেন্সাৰ) আৰু হাঁপানিত ভোগা লোকৰ সংখ্যা কম। অলিভ অয়লৰ এইবিলাক গুণ অলিভ ফলতো সমানে পোৱা যায়।

অলিভৰ অতি উত্তম স্বাস্থ্যৰ উপকাৰী গুণবোৰ -

অলিভ ফল বা অয়লে এল ডি এল কলেষ্টৰলৰ অক্সিডেচন প্ৰতিৰোধ কৰে। অলিভ অয়ল আৰু এথেৰোচক্লেৰোছিচৰ সম্পৰ্কৰ বিষয়ে কৰা অধ্যয়নত প্ৰকাশ পাইছে যে শৰীৰত থকা এল ডি এল কলেষ্টেৰলৰ(বেয়া কলেষ্টেৰল) কণিকাত ম’ন’ আন ছেচুৰেটেড(ম’ন’ অসংপৃক্ত) চৰ্বি অক্সিডাইজ হোৱাৰ সম্ভাৱনা খুব কমেই থাকে। যিহেতু এল ডি এল এবিধ অক্সিডাইজ হৈ থকা কলেষ্টেৰল আৰু এইবিধ কলেষ্টেৰল ক্ষতিকাৰক ৰক্তবাহী নলীৰ ভিতৰৰ বেৰত এইবিধ কলেষ্টেৰল লাগি ধৰে। কিন্তু অক্সিডেচন প্ৰক্ৰিয়াটোৰ পৰা আমি হাতে সাৰি থাকিবলৈ বিচাৰো।

লিপিড পেনেল উন্নত কৰে -

‘মেডিকেল চায়েন্স মনিটৰ’ৰ এটা সংখ্যাত প্ৰকাশ পোৱা এক প্ৰতিবেদনত কোৱা হৈছে যে প্ৰতিদিনে ডাঙৰ চামুচেৰে দুচামুচ পৰিমাণত অলিভ অয়ল ২৮ জন বহিৰ্বিভাগৰ ৰোগীক(যাৰ বয়স আছিল ৬৪ৰ পৰা ৭১ বছৰ) খুৱাই থকা হৈছিল। পিছত দেখা গ’ল যে এই ৰোগীসকলৰ লিপিডৰ অস্বাভাৱিকতা বহুখিনি কমি গ’ল আৰু এল ডি এল কলেষ্টেৰলো কমি আহিল। তাৰোপৰি তেওঁলোকৰ এইচ.ডি.এল.ৰ প্ৰতিৰক্ষাকাৰী পৰিমাণো বহুখিনি বৃদ্ধি পালে।

অলিভ আৰু অলিভ অয়লত হৃদযন্ত্ৰ নিৰোগী কৰি ৰাখিব পৰা এন্টিঅক্সিডেন্ট থাকে। সেইবিলাক হ’ল- ক্ল’ৰ’ফিল, কেৰ’টিনয়ড আৰু অন্য যৌগ, যেনে- টাইৰোচল, হাইড্ৰ’টাইৰ’চল আৰু অ’লেউৰ’পিন আদি।

ৰক্তবাহী নলীৰ প্ৰদান কম কৰে আৰু ৰক্তচাপ কমায় -

কলেষ্টেৰললৈ মুক্ত মূলকে কলেষ্টেৰল ক্ষতি কৰা আৰু প্ৰদাহ এই দুয়োটাকে কমাই অলিভে আমাৰ ৰক্তবাহী নলীৰ ভিতৰৰ আৱৰণক সুৰক্ষা প্ৰদান কৰে। ফলত ৰক্তবাহী নলীৰ সংকোচন আৰু প্ৰসাৰণৰ সক্ষমতা অটুট থাকে আৰু উচ্চ ৰক্তচপ প্ৰতিৰোধ হয়।

আলজিমাৰ্ছ ৰোগ প্ৰতিৰোধ হয় -

এটি নতুন আৰু অতি গুৰুত্বপূৰ্ণ অধ্যয়নৰ সবিশেষ যোৱা ২০১৭ চনৰ জুন মাহত ‘দ্য এনেলছ অব ক্লিনিকেল এণ্ড ট্ৰেনশ্লেচনেল নিউৰ’লজি’ নামৰ জাৰ্ণেলখনত প্ৰকাশ পাইছিল। এই প্ৰতিবেদনত গৱেষকসকলে দেখুৱাইছে যে এক্সট্ৰা ভাৰ্জিন অলিভ অয়লে প্ৰকৃততে স্মৃতিশক্তি আৰু শিকাৰ অৰ্হতা সুৰক্ষা দি ৰাখে আৰু ‘এমিলয়ড বিটা প্লেক’ আৰু মজবুত নিউৰোফিব্ৰিলেৰী টেংগল’ গঠন হ্ৰাস কৰে আৰু এইবিলাকেই আলজিমাৰ্ছ ৰোগৰ মুখ্য কাৰণ। নিয়মীয়া খাদ্য খাই জীয়াই থকা নিগনি এটা যিটোৱে নিয়মীয়াকৈ অলিভ অয়ল খাই আছিল, সিহঁতৰ মগজুত নাৰ্ভচেলৰ অটোফগী এক্টিভেছনো বাঢ়ি যায়।

ব্ৰেষ্ট কেন্সাৰ প্ৰতিৰোধ কৰে -

ভূমধ্য সাগৰীয় অঞ্চলৰ মানুহৰ মাজত ব্ৰেষ্ট কেন্সাৰ ৰোগীৰ সংখ্যা তেনেই কম। ইয়াৰ কাৰণ হ’ব পাৰে ‘অলিভ অয়েল’। এনেলছ’ অব অনক’ল’জি নামৰ জাৰ্ণেল এখনত প্ৰকাশিত প্ৰতিবেদনত প্ৰকাশ পাইছে যে অলিভ অয়লত থকা অলিয়িক এচিড আৰু প্ৰধান ম’ন’ অসংপৃক্ত ফেটি এচিডে ব্ৰেষ্ট টিউমাৰৰ অপ্ৰতিৰোধ্য বৃদ্ধিত সহযোগ কৰা Her-2/ অনক’জিনৰ সক্ৰিয়তা হ্ৰাস কৰে। প্ৰতি পাঁচগৰাকী ব্ৰেষ্ট কেন্সাৰ ৰোগীৰ ভিতৰৰে এগৰাকী মহিলাৰ শৰীৰত উচ্চ মাত্ৰাত Her-2/Neu পোৱা যায়। ব্ৰেষ্ট কেন্সাৰৰ চিকিৎসাত ব্যৱহাৰ কৰা ঔষধ Herceptin আৰু অ’লেয়িক এচিড একেলগে প্ৰয়োগ কৰিলে অ’লেয়িক এচিডে ঔষধৰ ক্ৰিয়া বৃদ্ধি কৰে। সেয়ে এনে ৰোগীয়ে আলেয়িক এচিড থকা অলিভ অয়ল খাই থাকিব লাগে।

ডায়েবেটিচ প্ৰতিৰোধ কৰে, ৰক্ত শৰ্কৰা নিয়ন্ত্ৰণ কৰে -

ডায়েবেটিচ ৰোগীৰ ওপৰত অধ্যয়ন চলাই দেখা পোৱা গৈছে যে অলিভ ফল বা অলিভ অয়লে ৰোগীৰ শৰীৰত ৰক্ত শৰ্কৰাৰ(Blood Glucose) মাত্ৰা কমাই ৰখাত সহায় কৰে। অলিভ বা অলিভ অয়ল মিশ্ৰিত আহাৰেও ডায়েবেটিচ ৰোগীৰ ‘ট্ৰাইগ্লিচাৰয়ডছ’ৰ মাত্ৰা হ্ৰাস কৰাতো সহায় কৰে। ট্ৰাইগ্লিচাৰয়ডছ হৃদৰোগৰ অন্যতম কাৰক। পেটত জমা হোৱা চৰ্বিয়ে ইনচুলিনৰ কাৰ্যক্ষমতা প্ৰতিৰোধ কৰে, ফলত শৰীৰৰ ওজন বৃদ্ধি পায় আৰু লগে লগে টাইপ-২ শ্ৰেণীৰ ডায়েবেটিচ আৰম্ভ হয়। একমাত্ৰ অলিভ অয়লেই এনে ধৰণৰ বিসংগতিবোৰ প্ৰতিৰোধ কৰিব পাৰে বুলি সময়ে সময়ে কৰি থকা অধ্যয়নবিলাকে প্ৰমাণ কৰিছে।

ডায়েবেটিচৰ পূৰ্ব অৱস্থাত(Pre-Diabetes) থকা ৮০ শতাংশ লোকেই নেজানে যে এওঁলোক এটা ভয়ংকৰ অৱস্থাৰ দুৱাৰমুখত ৰৈ আছে। পৃথিৱীৰ প্ৰায় সকলো দেশতেই ‘প্ৰি-ডায়েবেটিচ’ থকা লোক বহুত আছে। এই লোকসকলে এনে অৱস্থাত একো চিকিৎসা নকৰিলে বা প্ৰতিৰোধৰ ব্যৱস্থা নল’লে কম সময়ৰ ভিতৰতে এওঁলোকো ডায়েবেটিচৰ ৰোগীত পৰিণত হ’ব পাৰে। যদি কোনো ব্যক্তি প্ৰি-ডায়েবেটিচ অৱস্থাত আছে বা টাইপ-২ ডায়েবেটিচত ভুগিবলৈ আৰম্ভ কৰিছে, তেনেহ’লে আপুনি এই প্ৰবন্ধত উল্লেখ কৰা দিহাবোৰ মানি চলিলে ৰোগটোৰ পৰা ১০০ শতাংশই মুক্ত হ’ব পাৰিব লগতে পেটৰ বৰ্ধিত চৰ্বিও কমি যাব।

প্ৰদাহ প্ৰতিৰোধক -

অলিভ অয়লৰ নিয়মীয়া ব্যৱহাৰে হাপানি ৰোগৰ প্ৰাদুৰ্ভাৱ কম কৰে। এইবিধ তেল নিয়মীয়াকৈ ব্যৱহাৰ কৰিলে ৰিউমেটয়ড আৰ্থ্ৰাইটিচৰ(বাতবিষ) লক্ষণ তীব্ৰ হোৱাৰ পৰা ৰক্ষা কৰে আৰু তাৰ লগে লগে হাপানিৰ তীব্ৰতাও প্ৰতিৰোধ কৰে অথবা যন্ত্ৰণা হ্ৰাস কৰে।

অলিভ অয়লৰ ফেনলে অস্থি ক্ষয় ৰোধ কৰে -

অলিভ অয়লত থকা পলিফেনলছৰ ওপৰত কৰা অধ্যয়নত এটা কথা প্ৰমাণিত হৈছে যে এইবিধ উপাদানে মানুহৰ হাড়ত হোৱা অষ্টিওপৰোছিছ প্ৰতিৰোধ কৰিব পাৰে। সেয়ে এতিয়া এটা নতুন বেলজিয়ান কোম্পানীয়ে অষ্টিওপৰোছিছ প্ৰতিৰোধ কৰাৰ কাৰণে অলিভ পলিফেনল সেৱন কৰিবলৈ পৰামৰ্শ দিছে। বয়সস্থ লোকৰ মাজত আটাইতকৈ বেছিকৈ দেখা দিয়া এই অষ্টিওপোৰছিছ ৰোগটোক বিশ্ব স্বাস্থ্য সংস্থাই আটাইতকৈ বেছি বিয়পি পৰা স্বাস্থ্য সমস্যা বুলি অভিহিত কৰিছে।

হেলিকোবেক্টাৰ পাইল’ৰি প্ৰতিৰোধ কৰে -

মানুহৰ অন্ত্ৰৰ বেৰত থকা গেষ্ট্ৰিক আৱৰণত বিন্ধা কৰি পেপাটিক আলচাৰ আৰু গেষ্ট্ৰিক কেন্সাৰৰ দৰে ভয়ানক ৰোগ সৃষ্টি কৰা ‘হেলিকোবেক্টাৰ পাইল’ৰি নামৰ বেক্টেৰিয়াবিধ অতি দ্ৰুত গতিত এন্টিবায়োটিক ঔষধ প্ৰতিৰোধী হৈ উঠিছে। অলিভ ফলত যেনেদৰে পোৱা যায়, তেনে ধৰণৰ ৰিফাইন নকৰা অলিভ অয়লত অতি উচ্চ স্তৰৰ এন্টিমাইক্ৰ’বিয়েল কাম কৰিব পৰা ক্ষমতা থাকে আৰু এইবিধ তেলে খাদ্যৰ যোগেদি মানুহৰ শৰীৰত প্ৰৱেশ কৰা জীৱাণুৰ(বেক্টেৰিয়া আদি) বিৰুদ্ধে যুঁজ দিব পাৰে আৰু ইয়াৰ ফলত খাদ্যৰ বিষক্ৰিয়া প্ৰতিৰোধ কৰাৰ লগতে হেলিকোবেক্টাৰ পাইল’ৰি নামৰ বেক্টেৰিয়াবিধো ধ্বংস কৰে।

চৰ্বি খৰচ কৰিব পৰা খাদ্য -

অলিভ ফল বা অলিভ অয়ল নিয়মীয়াকৈ খাই থাকিলে ইয়াত থকা ম’ন’ আনচেচুৰেটেড চৰ্বি বা MUFA ই শৰীৰৰ অধিক ওজন বা চৰ্বি ক্ষয় কৰিব আৰু এই প্ৰক্ৰিয়া চলি থাকোতে খাই থকা খাদ্যৰ কোনো ধৰণৰ পৰিৱৰ্তন কৰিব লগা নহ’ব বা আপোনাৰ শাৰীৰিক শ্ৰমৰ পৰিমাণো বৃদ্ধি কৰিব লগা নহ’ব। এই তথ্য প্ৰকাশ কৰিছে বৃটিছ জাৰ্ণেল অব নিউট্ৰিচনে।

আপুনি এতিয়া পতিয়ন গৈছেনে?

যিহেতু অলিভ বা কেঁচা অলিভ খাবলৈ বৰ বেছি তিতা সোৱাদযুক্ত হয় আৰু অলিভ অয়লতকৈ তাত বেছি মাত্ৰাত ছডিয়াম লৱণ থাকে, সেয়ে সাধাৰনতে অলিভ ফল আচাৰ কৰি বা লুণীয়া পানীত ডুবাই লৈ সংৰক্ষণ কৰা হয়। তথাপি অলিভত আঁহ, ভিটামিন ‘ই’, ভিটামিন ‘এ’, ক’পাৰ আৰু কেলচিয়াম থাকে।

অলিভ ফলত অলিভ অয়লতকৈ সামান্য উপকাৰী পলিফেনল কম থাকে। কিন্তু অলিভ ফলত যথেষ্ট পৰিমাণে পলিফেনল থাকে।

যদি আপুনি ক’ৰবাত কেতিয়াবা কোনো ভোজ বা পাৰ্টিত অংশগ্ৰহণৰ সুযোগ পায়, তেনেহ’লে উচ্চ মাত্ৰাৰ কাৰ্বোহাইড্ৰেট যুক্ত ষ্টাৰ্চযুক্ত, শৰ্কৰাযুক্ত ৰাজসিক খাদ্যৰ সলনি অলিভযুক্ত আহাৰ খাওক।

লেখক: ডাঃ দেৱজিত বৰগোহাঁই(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

3.08333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top