অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অষ্টিঅ’পৰ’ছিছ :

অষ্টিঅ’পৰ’ছিছ :

 

অষ্টিঅ’পৰ’ছিছ শব্দটো লেটিন ভাষাৰ পৰা অহা। অষ্টিঅ’ মানে হাড় আৰু পৰ’ছিছ মানে ছিদ্ৰ। অৰ্থাৎ ছিদ্ৰিত হাড়। চালনি এখনত যিদৰে ছিদ্ৰ থাকে, ঠিক একে ধৰণে হাড়ডালো ছিদ্ৰিত হৈ পৰে। কিন্তু এই ছিদ্ৰসমুহ অণুবীক্ষণ যন্ত্ৰৰ দ্বাৰাহে চাব পৰা যায়। হাড়ৰ সক্ষমতা মানুহৰ কাৰণে বহুত প্ৰয়োজনীয়, কিয়নো হাড়ৰ অৱয়বটোৰ ওপৰত নিৰ্ভৰ কৰি আমাৰ শৰীৰটো সুস্থিৰ অৱস্থাতে থাকে। যদি হাড়ডালৰ নিজৰ সক্ষমতা নাথাকে তেন্তে আমাৰ শৰীৰটো সুস্থিৰ অৱস্থাত থকা সম্ভৱ নহয়। উদাহৰণস্বৰুপে হাড়ৰ সাময়িক গঠন এটা অট্টালিকাৰ লৌহ গঠনৰ লগত তুলনা কৰিব পাৰি। যদি অট্টালিকাৰ প্ৰাথমিক গঠন মজবুত হয় তেতিয়া আমি আৰু বেছি মহলা গাঁথিব পাৰো। ঠিক একেধৰণে মজবুত হাড়ৰ গঠনে আমাৰ শৰীৰৰ ওজন সুন্দৰভাৱে বহন কৰিব পাৰে।

জন্মৰ আগত আৰু জন্মতে হাড়ৰ ঠাইত এবিধ কোমল কিন্তু মজবুত স্থিতিস্থাপক গঠন থাকে, তাক আমি কাৰ্টিলেজ (Cartilage) বুলি কওঁ আৰু ই আমাৰ দেহৰ অৱয়ৱটো ধৰি ৰাখে। ক্ৰমাগত শিশুৰ বৃদ্ধি আৰু বিকাশৰ লগে লগে ওজন বাঢ়িব ধৰে আৰু কোমল আন্ত:গাঁথনিৰ কাৰ্টিলেজে দেহৰ অৱয়ব ধৰি ৰাখিব নোৱাৰা হয়। সেয়েহে কাৰ্টিলেজৰ ঠাইত হাড়ৰ গঠন আহিব পাৰে আৰু এই প্ৰক্ৰিয়াক অছিফিকেচন (Ossification) বুলি কোৱা হয়।  Ossi মানে হাড়, ১৬-১৮ বছৰ বয়স পৰ্যন্ত এই অছিফিকেচন প্ৰক্ৰিয়া পুৰ্ণগতিত চলে আৰু ২৫ বছৰৰ পিছত এই প্ৰক্ৰিয়া বন্ধ হৈ পৰে। ইয়াৰ পিছত হাড়বিলাক মজবুত হ’বলৈ ধৰে আৰু দেখা যায় ৩০-৩৫ বছৰ বয়সত হাড়বিলাক আটাইতকৈ বেছি মজবুত হয় আৰু ইয়াক শীৰ্ষ ভৰ আয়তন (Peak mass valume)বোলা হয়।Peak mass valume সুচ্যাংক Osteoporosis ৰ ক্ষেত্ৰত অতি দৰকাৰী, কিয়নো সেই আয়তনে হাড় মজবুত কৰাত সহায় কৰে। ৪৫ বছৰৰ পিছত মহিলা এগৰাকীৰ যেতিয়া ৰজোনিবৃত্তিৰ কাল আৰম্ভ হয়, তেতিয়া হাড়ৰ ক্ষয় ত্বৰান্বিত হয়। কিয়নো, হাড়ৰ মজবুতিৰ লগত হৰ’মনৰ ওতপ্ৰোত সম্পৰ্ক থাকে। ৰজোনিবৃত্তিৰ সময়ত যেতিয়া ইষ্ট্ৰ’জেন হৰম’নৰ মাত্ৰা হ্ৰাস পায়, তেতিয়া ইয়াৰ বিৰুপ প্ৰভাৱ হাড়ৰ ওপৰত পৰে।ৰজোনিবৃত্তি কালত অষ্টিঅ’পৰ’ছিছ হোৱাৰ পিছত যদি যথা সময়ত চিকিৎসা লোৱা নহয়, তেনেক্ষেত্ৰত বয়স বৃদ্ধিৰ লগে লগে হাড়বিলাক নি:শেষ হৈ আহে, তেতিয়া সেই অৱস্থাটোক ছেনাইল অষ্টিঅ’পৰ’ছিছ (Senile Osteoporosis) বোলা হয়। ৰজোনিবৃত্তি কালৰ অষ্টিঅ’পৰছিছ এক এৰাব নোৱাৰা প্ৰাকৃতিক অৱস্থা। ইয়াৰ বাহিৰেও আৰু কিছুমান বাহ্যিক অষ্টিঅ’পৰছিছৰ ওপৰত যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে।

কেলচিয়ামৰ প্ৰয়োজনীয়তা: কেলচিয়াম হৈছে শৰীৰৰ কাৰণে প্ৰয়োজনীয় সাংগঠনিক উপাদান। কেলচিয়ামে হাড়ৰ গঠনত সহায় কৰে ।আমাৰ দেহৰ কাৰণে দৈনিক প্ৰায় ১,০০০ মি:গ্ৰাম কেলচিয়ামৰ প্ৰয়োজন হয়। অৱশ্যে অন্ত:সত্ত্বা মাতৃসকল আৰু কৈশোৰ অৱস্থাৰ ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত ইয়াৰ প্ৰয়োজন বেছি। কেলচিয়ামৰ উৎসসমুহ হৈছে-গাখীৰ, গাখীৰৰ পৰা উপলব্ধ সামগ্ৰীসমুহ, কলডিল, কচু, ফুলকবি, বীন ইত্যাদি।

ভিটামিন-ডি (Vitamin D) ৰ ক্ৰিয়া: Vit-D হৈছে চৰ্বি দ্ৰবীভুত ভিটামিন। ভিটামিন-ডি কেলচিয়ামৰ হজম প্ৰক্ৰিয়াত যথেষ্ট প্ৰয়োজন। গতিকে এই কথা সহজেই অনুমেয় যে Vit-D ৰ অবিহনে কেলচিয়াম আমাৰ শৰীৰত পাচন নোহোৱাকৈ পাইখানা আৰু প্ৰস্ৰাৱত নিৰ্গত হয়। Vit-D হৈছে Calceum ৰ বাহক, অৰ্থাৎ গাড়ী এখনৰ Passenger ৰ দৰে।

Vit-Dৰ উৎস কি?: দেহৰ চৰ্মত থকা নিষ্ক্ৰিয় অৱস্থাত থাকে আৰু ই সক্ৰিয় ৰুপত আহিবৰ কাৰণে সুৰ্যৰ পোহৰৰ আৱশ্যক। সুৰ্যৰ পোহৰত থকা অতি বেঙুনীয়া ৰশ্মিয়ে  (UV rays)Vit-D2  ক Vit-D3 লৈ ৰুপান্তৰিত কৰে। গতিকে সুৰ্যৰ পোহৰ অবিহনে Vit-D ক কেতিয়াও সক্ৰিয় অৱস্থাত পোৱা নাযায়। অৱশ্যে গাখীৰ, মাছ , মাংস ,চীজ ইত্যাদিত প্ৰচুৰ পৰিমাণে Vit-D   পোৱা যায়।

কেৱল Vit-D3  আৰু কেলচিয়াম লগ লাগিলেই আমাৰ দেহৰ হাড়বিলাক মজবুত হৈ নাযায়। কিয়নো, আমাৰ দেহত থকা হাড়বিলাকে তেজত থকা কেলচিয়াম শোষণ কৰাৰ পিছত তাৰ ওপৰত হেঁচা বা চাপ পৰিব লাগিব, সেই সুত্ৰটোক চিকিৎসা-বিজ্ঞানৰ ভাষাত উলফৰ সুত্ৰ বোলে। উদাহৰণ স্বৰুপে পাহাৰত থকা লোকসকলৰ তুলনামুলকভাৱে ভৈয়াৰ লোকসকলতকৈ হাড় শক্তিশালী , কিয়নো তেওঁলোকৰ হাড়ৰ ওপৰত যথেষ্ট চাপ বা হেঁচা পৰে। আনহাতে যিসকল লোকৰ ৰ’দৰ পোহৰৰ লগত কোনো সম্পৰ্ক নাথাকে, শাৰীৰিক অনুশীলন নকৰে, তেনে লোকৰ হাড়বিলাক ঠুনুকা হয়।

গতিকে ওপৰোক্ত আলোচনাৰ পৰা দেখা যায় যে যদি আমি পৰ্যাপ্ত পৰিমাণে কেলচিয়াম আৰু কেলচিয়ামৰ উৎস নিহিত থকা আহাৰ গ্ৰহণ কৰো আৰু শৰীৰ-চৰ্চা কৰো, তেন্তে আমাৰ হাড়ৰ গঠন শক্তিশালী হয়।

শীৰ্ষ ভৰ আয়তন (Peak mass Volume) হৈছে আমি বেংকত জমা কৰা ধনৰাশি। অৰ্থাৎ আমি অৱসৰ লোৱাৰ পিছত আমাৰ উপাৰ্জন হ্ৰাস পায় বা নাইকিয়া হয়। কিন্তু খৰচৰ মাত্ৰা একেই থাকে। এই খৰচ পুৰণ কৰিবৰ কাৰণে আমি কৰ্মজীৱনত জমা কৰা ধনৰ পৰা চলিব লাগে। এতিয়া যদি এই ধন কম থাকে, অৰ্থাৎ ৩০-৩৫ Peak mass volume  বছৰত বৃদ্ধি কৰি নলওঁ, তেন্তে খৰচতো হ’বই। গতিকে পৰৱৰ্তী সময়ত ছিদ্ৰিত অস্থিৰোগত (Osteoporosis) ভুগিব লাগিব।

‘বাধা দিব পৰাটো আৰোগ্য কৰিব পৰাতকৈ ভাল’(Prevention is better than cure) বাক্যশাৰীৰ অৰ্থ মতে আমি ৩০-৩৫ বছৰত Peak mass Volume  ৰ ওপৰত বেছি গুৰুত্ব দিব লাগে, যাতে বেংকত ধন বেছি জমা হয় আৰু পৰৱৰ্তী সময়ত অভাৱত দিন কটাব নালাগে। সেইবাবে সৰু কালত ল’ৰা-ছোৱালীৰ মাজত পৰ্যাপ্ত পৰিমাণৰ কেলচিয়াম থকা খাদ্য দিব লাগে। সুৰ্যৰ পোহৰত ওলাবলৈ দিব লাগে, তেতিয়া হাড়বিলাক মজবুত হোৱাত সহায় কৰে।

ছিদ্ৰিত অস্থি ৰোগত (Osteoporosis) ইতিমধ্যে হোৱা আলোচনাৰ পৰা কেলচিয়াম, ভিটামিন- ডি (Vit D) ৰ’দ, ব্যায়াম ইত্যাদিৰ অৱদান কিমান সেয়া সহজেই অনুমেয়।

হৰম’ন থেৰাপী(Hormone Repleacement Therapy): মহিলাৰ ক্ষেত্ৰত অষ্টিঅ’পৰ’ছিছক বাধা দিবৰ কাৰণে ৰজোনিবৃত্তিৰ সময়ছোৱাত ইষ্ট্ৰ’জেনৰ নিচিনা কেতবোৰ হৰম’ন দিব পৰা যায়।

অষ্টিঅ’পৰ’ছিছৰ বিভিন্ন চিকিৎসা ব্যৱস্থা: ওপৰোক্ত আলোচনাত ইতিমধ্যে কেলচিয়াম, ভিটামিন-ডিৰ তাৎপৰ্য, হৰম’ন থেৰাপী আৰু বাহ্যিক ক্ৰিয়া ইত্যাদিৰ বিষয়ে আলোচনা কৰা হৈছে। এতিয়া আমি চিকিৎসা পদ্ধতিৰ ওপৰত আলোচনা কৰাৰ আগতে অষ্টিঅ’পৰছিছৰ উৎপত্তি সন্দৰ্ভত থুলমুল ধাৰণা এটা দিবলৈ চেষ্টা কৰা হৈছে। দৰাচলতে আমাৰ দেহত অস্থি গঠন আৰু অস্থি ধ্বংস কোষসমুহে অহৰহ ক্ৰিয়া কৰি থাকে। পুৰণা অস্থিসমুহক অস্থিধ্বংস কোষসমুহে ধ্বংস কৰা প্ৰক্ৰিয়াক অষ্টিঅ’ক্লাষ্টিক ক্ৰিয়া (Osteoclestic) আৰু অস্থিগঠন কোষসমুহে নতুন অস্থি গঠন কৰা প্ৰক্ৰিয়াক অষ্টিঅ’ব্লাষ্টিক ক্ৰিয়া(Osteoblestic activity) বোলা হয়। এই দুয়োটা প্ৰক্ৰিয়াৰ মাজত সাধাৰণতে ভাৰসাম্য থাকে। কিন্তু বয়স বৃদ্ধিৰ লগে লগে এই ভাৰসাম্যত বিজুতি ঘটে আৰু অষ্টিঅ’ক্লাষ্টিক কোষসমুহৰ কাৰ্যকলাপ অষ্টিঅ’ব্লাষ্টিক কোষসমুহৰ তুলনাত বাঢ়ি যায় আৰু অৱশেষত অষ্টিঅ’ব্লাষ্টিক কোষসমুহৰ তুলনাত বাঢ়ি যায় আৰু অৱশেষত অষ্টিঅ’পৰ’ছিছৰ ৰুপ লয়।

যোৱা দশকৰ পৰা বিভিন্ন ধৰণৰ নতুন ঔষধ অষ্টিঅ’পৰছিছৰ কাৰণে বহুলভাৱে ব্যৱহৃত হৈ আহিছে। কিন্তু এই ঔষধসমুহ ব্যৱহাৰ কৰোতে প্ৰতিটো ঔষধৰ উপযুক্ত ব্যৱহাৰ, তাৰ পাৰ্শ্বক্ৰিয়া ইত্যাদিৰ ওপৰত গুৰুত্ব দিয়াটো নিতান্ত আৱশ্যক।

বিভিন্ন ঔসধসমুহ হৈছে: বিছফছফ’নেটছ (Bisphosphonates) হৈছে অষ্টিঅ’পৰছিছৰ কাৰণে প্ৰথম শাৰীৰ ঔসধ। বিছফছনেটছৰ ভিতৰত এলেন্দ্ৰ’নেট (Alendronate) ই বান্দ্ৰ’নেট (Ibandronate), জলেন্দ্ৰ’নিক এচিড (Zolendornic acid) ইত্যাদিয়েই প্ৰধান। বিভিন্ন ধৰণৰ ঔষধসমুহৰ ভিতৰত কেলচিট’লিন (Calcitonin), ডেন’চুমাব(Denosumab), ষ্ট্ৰনটিচাম ৰেনিলেট (Strontitum ranelate) আৰু নিম্নমাত্ৰাৰ পাৰাথাইৰয়ড হৰম’ন  (Low done PTH), টেৰিপেৰাটাইড (Teriparatide) ইত্যাদিয়েই প্ৰধান।

লেখক: ডা: বিপুল বৰঠাকুৰ ( জি এনআৰচি স্বাস্থ্য)

 

3.10344827586
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top