মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / অৰেল ছেলফ স্কীনঙৰ প্ৰয়োজনীয়তা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অৰেল ছেলফ স্কীনঙৰ প্ৰয়োজনীয়তা

অৰেল ছেলফ স্কীনঙৰ প্ৰয়োজনীয়তাৰ বিষয়ে লিখা হৈছে ।

 

ভাৰতবৰ্ষত নথিভুক্ত মুঠ কেনছাৰ ৰোগীৰ এক তৃতীয়াংশই হ’ল মুখ গহ্বৰৰ কেনছাৰত আক্ৰান্ত লোক । ইয়াৰ পৰাই বুজিব পাৰি মুখগহ্বৰৰ কেনছাৰে আমাৰ দেশত কেনে ভয়াৱহ ৰুপ পৰিগ্ৰহ কৰিছে ।

সেয়েহে মুখগহ্বৰৰ কেনছাৰৰ ক্ৰমবৰ্ধিত প্ৰাদুৰ্ভাৱ প্ৰতিৰোধৰ বাবে আমি সপ্তাহত এদিনকৈ নিজৰ মুখৰ কেউফালে ভালদৰে নিৰীক্ষণ কৰা উচিত । এনেদৰে নিৰীক্ষণ কৰোঁতে সামান্য কিবা অস্বাভাৱিকতা পৰিক্ষিত হ’লেও ততালিকে চিকিৎসকৰ ওচৰ চাপি, গুৰুতৰ বিপদৰ উদ্ৰেক ঘটাৰ আশংকা নিৰসন কৰা উচিত ।

মুখৰ কেনছাৰৰ আশংকা কঢ়িয়াই আনিব পৰা লক্ষণ চিনাক্তকৰণৰ বাবে আমি আইনাত একাদিক্ৰমে ডিঙি আৰু মুখমণ্ডলৰ লগতে মুখগহ্বৰৰ অংশবোৰ সূক্ষ্মভাৱে নিৰীক্ষণ কৰা উচিত । এনেদৰে নিৰীক্ষণ কৰোঁতে কোনো অংশত উঠঙা বা টোপোৰা, বিশেষকৈ বিষহীন টোপোৰা (Painless lump) পৰিলক্ষিত হ’লে, সেয়া গুৰুত্বসহকাৰে ল’ব লাগে ।

মুখৰ ভিতৰত বগা বা ৰঙা দাগ পৰিলক্ষিত হ’লে, মুখৰ ঘা বহুদিন নুশুকোৱাকৈ থাকিলে বা কোনো অংশ উখহি উঠিলে, সতৰ্ক হোৱাটো জৰুৰী হৈ পৰে । ওপৰৰ পাৰিৰ দাঁত শেষ হোৱা অংশৰ পৰা তলৰ পাৰিৰ দাঁত শেষ হোৱা অংশলৈ যিখিনি মিউক’ছাল বেণ্ড (Mucosal Band) নামৰ ঠাইঅ অছে, তাত কিবা অস্বাভাৱিকতা উদ্ভৱ হ’লে, বিশেষকৈ সেই ঠাইত হোৱা ঘা নুশুকালে, সেয়া চিন্তাৰ বিষয় হৈ পৰে ।

সেইদৰে গালৰ ভিতৰ ফালে বগা বা ৰঙা দাগ, বগা সূতাৰ দৰে পট, বগা সীমাৰেখাযুক্ত অগভীৰ ক্ষত বা যিকোনো ধৰণৰ টোপোৰা অশনি সংকেত হ’ব পাৰে । তালুত দেখা দিয়া টোপোৰাও আওকাণ কৰিব পৰা বিধৰ নহয় ।

আনহাতে জিভাৰ কোনো অংশত ৰঙা বা বগা দাগ দেখা দিলে বা দুসপ্তাহ ধৰি জিভাৰ ঘা নুশুকোৱাকৈ থাকিলে- সেয়া মাৰাত্মক হৈ পৰাৰ আশংকা থাকে ।

ভাৰতত থকা বিপুলসংখ্যক কেনছাৰ ৰোগীৰ এটা বৃহৎ অংশ মুখৰ কেনছাৰত আক্ৰান্ত যদিও বেছিভাগ মুখৰ ঘা ক্ষতই কিন্তু কেনছাৰ নহয় । সেয়েহে অহেতুক ভীতিগ্ৰস্ত তথা উদ্বিগ্ন হৈ পৰাৰ কোনো প্ৰয়োজন নাই ।

প্ৰয়োজন মাথোঁ সমস্যাক অৱহেলা বা উপেক্ষা নকৰি, সঠিক সময়ত সঠিক চিকিৎসকৰ ওচৰ চাপি, যাৱতীয় চিকিৎসা গ্ৰহণৰ জৰিয়তে সমস্যা সমাধানৰ দিহা কৰা ।

‘অৰেল ছেলফ স্ক্ৰীনিং -

‘অৰেল ছেলফ স্ক্ৰীনিং (Oral Self screening) ব পৰ্যায়ক্ৰমে মুখৰ বিভিন্ন অংশ নিৰীক্ষণ কৰা কাৰ্যটো যথেষ্ট সময়সাপেক্ষে যেন ধাৰণা হ’লেও বাস্তৱ ক্ষেত্ৰত সেয়া কৰোঁতে বৰ বেছি সময় খৰচ নহয় ।

তদুপৰি নিয়মিতভাৱে স্ক্ৰীনিং কৰি থকাৰ ফলত অভ্যাসত পৰিণত হ’লে, সময়ৰ প্ৰয়োজনীয়তা আৰু কমি যায় ।

যিবোৰ লক্ষণে দেখা দিলে সতৰ্ক হোৱা তথা চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত, সেইবোৰ হ’ল-

১) যথোচিত ব্যৱস্থা গ্ৰহণ কৰা সত্ত্বেও নিৰাময় নোহোৱা কোনো ক্ষত ।

২) মুখৰ ভিতৰৰ কোনো ধৰণৰ অস্বাভাৱিক বৃদ্ধি ।

৩) মুখৰ ভিতৰত অকাৰণে হোৱা ৰক্তক্ষৰণ ।

৪) দাঁত উঠোৱাৰ পাছত মাৰিত হোৱা গাঁত পূৰ নোহোৱাকৈ থকা ।

৫) মুখৰ ভিতৰত ৰঙা-বগা অথবা খয়েৰী ধৰণৰ মিশ্ৰিত ৰঙৰ কোনো মোটা উঠঙা অংশ পৰিলক্ষিত হোৱা ।

৬) ডিঙিৰ কোনো অংশত টোপোৰা বা টেমুনাই (Tumour) দেখা দিয়া

৭) স্বাভাৱিকভাৱে ‘হা’ উচ্চাৰণ কৰোঁতে তথা কথা কওঁতে অসুবিধা অনুভৱ কৰা তথা জিভাৰ স্বাভাৱিক সঞ্চ লন বাধাগ্ৰস্ত হোৱা ।

উল্লিখিত লক্ষণবোৰৰ যিকোনো এটাই দেখা দিলেও ততালিকে এজন জেনেৰেল ফিজিচিয়ান বা ডেণ্টিষ্টৰ ওচৰ চপা উচিত ।

আজিকালি অৰেল এণ্ড মেক্সিনো- ফেচিয়েল বিশেষজ্ঞসকলো দুৰ্লভ হৈ থকা নাই, তেনে এজন বিশেষজ্ঞৰো ওচৰ চাপিব পৰা যায় । মুখগহ্বৰৰ সমস্যাৰ চিকিৎসাৰ ক্ষেত্ৰত দুটা বিষয়ত সতৰ্ক হোৱা উচিত ।

ইয়াৰে এটা হ’ল- সমস্যাৰ কাৰণ সঠিকভাৱে চিনাক্ত নকৰাকৈ, ট্ৰাইএমচিন’ল’নৰ (Triamcinolone) সহায়ত মুখগহ্বৰৰ ৰঙা-বগা দাগ, নুশুকোৱা ঘা আদি সমস্যা অৱদমিত কৰি ৰখাৰ চেষ্টা কৰা উচিত নহয় । আনটো বিষয় হ’ল, মাত্ৰ ১০ শতাংশ মুখৰ ঘাহে ভিটামিনৰ অভাৱজনিত ।

মুখগহ্বৰ -

গতিকে মুখগহ্বৰৰ যিকোনো ঘা নিৰাময়ৰ উদ্দেশ্যে মুঠিয়ে মুঠিয়ে ভিটামিন খোৱাটো একেবাৰেই অৰ্থহীন । যি ঘা কেৱল ভিটামিন খালেই শুকায়, সেই ঘা একো নাখালেও শুকাব ।

ইউৰোপ আৰু আমেৰিকাত সকলো প্ৰকাৰৰ কেনছাৰৰ ভিতৰত মুখৰ কেনছাৰৰ প্ৰাদুৰ্ভাৱ ৪- ৯ শতাংশ হোৱাৰ বিপৰীতে ভাৰতত এইবিধ কেনছাৰৰ প্ৰাদুৰ্ভাৱ ৪২ শতাংশ । আমাৰ শৰীৰৰ কোনো কোষৰ অস্বাভাৱিক পৰিৱৰ্তন হ’লে, সেই কোষ কেনছাৰত আক্ৰান্ত হোৱা বুলি আশংকা কৰা হয় ।

কোনো এটা সম্প্ৰদায় বা কোনো এটা অঞ্চলৰ বাসিন্দাসকলৰ দেহকোষবোৰৰ বিশেষ জিনীয় গঠনৰ বাবে সেই সপ্ৰদায় বা নিৰ্দিষ্ট অঞ্চলৰ বাসিন্দাসকলৰ কেতবোৰ দেহকোষৰ অস্বাভাৱিক পৰিৱৰ্তন ঘটাৰ প্ৰৱণতা জন্মগতভাৱে থাকে ।

এই কাৰণতেই ভাৰতবাসীৰ মাজত মুখগহ্বৰৰ কেনছাৰৰ প্ৰাদুৰ্ভাৱ বিশ্বৰ আন বহু ঠাইৰ তুলনাত বেছি বুলি বিশেষজ্ঞসকলে ধাৰণা কৰে । আনহাতে ভাৰতীয়সকলৰ মাজত কেনছাৰৰ প্ৰাদুৰ্ভাৱ আপেক্ষিকভাৱে বেছি হোৱাৰ এটা অন্যতম কাৰণ হ’ল খাদ্যাভ্যাস ।

অধিক মাত্ৰাত তেল, জ্বলা, মচলা দি ৰন্ধা খাদ্য খোৱাৰ অভ্যাসৰ বাবেই ভাৰতীয়সকল সহজে কেনছাৰকে ধৰি বিভিন্ন ৰোগৰ চিকাৰ হৈ পৰে । ইফালে বাৰতীয়সকলৰ মাজত তামোল, চাদা, বিড়ি, চিগাৰেট, পাণ মচলা, জৰ্দা, মদ্ ভাং প্ৰভৃতি হৰেকৰকমৰ নিচা জাতীয় দ্ৰব্য বহুলভাৱে প্ৰচলন হৈ আছে, ভাৰতত মুখগহ্বৰৰ কেনছাৰকে ধৰি বিভিন্ন প্ৰকাৰৰ কেনছাৰৰ প্ৰাদুৰ্ভাৱ বেছি হোৱাৰ এইটোও এটা কাৰণ ।

মুখৰ কেনছাৰৰ সৈতে ধঁপাতৰ সম্পৰ্কৰ কথা বহুলভাৱে চৰ্চিত হৈ থাকে । পিছে তামোল চুপাৰি, খয়েৰ আৰু চূণো যে ধঁপাতৰ সমানেবই ক্ষতিকাৰক, সেই কথা সততে আওকাণ কৰা হয় ।

কোৱা বাহুল্য মাথোন যে এই বিষাক্ত দ্ৰব্যবোৰ সেৱন কৰাৰ অভ্যাস কেৱল ভাৰতীয় উপ-মহাদেশৰ লোকসকলৰহে আছে । ভাৰতীয় উপ-মহাদেশৰ বাহিৰে মাথোঁ প্ৰাচীন কালত স্কাণ্ডিনেভিয়াৰ জলদস্যুবোৰে কেঁচা ধঁপাতৰ ডাঙৰ টুকুৰা চোবাই খোৱাৰ কথা জনা যায় ।

কিন্তু বিশ্বৰ আন কোনো দেশৰ মানুহে ভাৰতীয়সকলৰ দৰে দিনৰ দিনটো চাদা- চূণ তামোল, জৰ্দা- গুটখা প্ৰভৃতি বিষাক্ত দ্ৰব্য সেৱন কৰি থাকি, নিজৰ মুখ- গাল-জিভা পুৰি নাথাকে ।

তামোলত এৰিক’লিন (Arecoline) নামৰ এবিধ ক্ষাৰীয় পদাৰ্থ থাকে । অৰেল ছাব মিউকাছ ফাইব্ৰ’ছিছ (Oral Submucous Fibrosis) হোৱাৰ ক্ষেত্ৰত এৰিক’লিনে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে বুলি বিজ্ঞানীসকলে প্ৰমাণ কৰিছে ।

আনহাতে অৰেল ছাবমিউকাছ ফাইব্ৰ’ছিছক কেনছাৰৰ প্ৰথম ঢাপ বুলিব পাৰি । গতিকে তামোল খোৱাটো মুঠেও নিৰাপদ নহয় ।

মুখগহ্ব ৰত হোৱা বিব্জিন্ন প্ৰকাৰৰ সংক্ৰামণৰ ভিতৰত এবিধ অতি পৰিচিত সংক্ৰমণ হ’ল আপথছ (Aphthous) । সাধাৰণতে আপথ হৰ সৈতে কেনছাৰৰ্ব সম্পৰ্ক নাথাকে, বিশেষকৈ এইধৰণৰ সংক্ৰমনৰ যদি ভিন ভিন সময়ত মুখৰ ভিন ভিন অংশত দেখা দিয়ে, তেন্তে বুজা যায় যে এই সংক্ৰমণৰ কেনছাৰ বা আন কোনো জটিল ৰোগৰ সৈতে কোনোধৰণৰ সম্পৰ্ক নাই ।

এনে সংক্ৰমণৰ মাত্ৰ ১০ শতাংশৰ কাৰণ ভিটামিনৰ অবহৱ বা ৰক্তাল্পতা । অথচ এই ৰোগত আক্ৰান্তসলৰ অধিঅকংশই অহেতুকভাৱে বাৰে বাৰে ভিটামিনৰ ক’ৰ্চ গ্ৰহণ কৰি থাকে । আপথছৰ সমস্যা সম্পূৰ্ণৰুপে নিৰ্মূল কৰা কঠিন ।

অৱশ্যে বিভিন্ন ধৰণৰ ৰক্ত পৰীক্ষা কৰি আৰু টপিকেল মেডিচিনৰ সহায়ত যথোচিতভাৱে চিকিৎসা কৰি, এই ৰোগৰ তীব্ৰতা আৰু পুনৰাবৃত্তি বহুলাংশে হ্ৰাস কৰিব পৰা যায় ।

লেখক :- অমল ভাগৱতী

উট্স :- দৈনিক জনমভূমি

 

3.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top