অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

অৱসাদ দূৰ কৰাৰ উপায় :

অৱসাদ দূৰ কৰাৰ উপায়ৰ বিষয়ে লিখা হৈছে ।

 

কৰ্মক্ষেত্ৰত বিভিন্ন কামত নিয়োজিত ব্যক্তি এজন মাজে-সময়ে অৱসাদত ভোগে । সেই সময়ত তেওঁৰ কাম কৰিবলৈ মন নাযায় । বহু ক্ষেত্ৰত দেখা যায় যে অৱসাদত ভোগা ব্যক্তি এজনে নিজৰ কৰ্তব্য সঠিকভাৱে সম্পন্ন কৰিব নোৱৰে । কেতিয়াবা ভাগৰত চিলমিলকৈ টোপনি যায় । ফলস্বৰুপে তাৰ বাবে লাজত পৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় ।

প্ৰকৃততে অৱসাদ এনেকুৱা এটা অনুভৱ- যেতিয়া ভাগৰুৱা বা ক্লান্ত হৈ আমাৰ শৰীৰৰ যেন শক্তি নাইকিয়া হয় আৰু জিৰণি লোৱাৰ পিছতো সেইটো দূৰ নহয় । কোনো ব্যক্তিয়ে শাৰীৰিক নাইবা মানসিক দুয়োধৰণে অৱসাদত ভুগিব পাৰে । কিন্তু কথা হ’ল এই অৱসাদৰ কাৰণ কি ?

বহু ক্ষেত্ৰত দেখা যায় যে অৱসাদৰ উৎস ব্যক্তি এজনৰ এটা বা অধিক দৈনন্দিন অভ্যাস বা কাৰ্যসূচীৰ মাজতে বিচাৰি পোৱা যায় । সাধাৰণতে শাৰীৰিক পৰিশ্ৰম, বেয়া খাদ্যাভ্যাস, মানসিক চাপ, কাম কৰি আমনি লগা, নিদ্ৰাহীনতা আদিৰ বাবেই অৱসাদৰ সৃষ্টি হয় ।

আমাৰ জীৱনশৈলীৰ কেতবোৰ পৰিৱৰ্তনৰ দ্বাৰা অৱসাদ কিছু পৰিমাণে দূৰ কৰি শৰীৰৰ কাৰ্যক্ষমতা ঘূৰাই আনিব পাৰি ।

সদায় সক্ৰিয় হৈ থাকক -

আপোনাৰ কৰ্মক্ষেত্ৰ যদি এটা দুমহলীয়া বা তিনিমহলীয়া ভৱন হয়, তেন্তে লিফটৰ সলনি ছিৰিয়েদি যাওক । আপোনাৰ প্ৰয়োজনীয় কোনো চিঠি-পত্ৰ বা আন দৰকাৰী সামগ্ৰী সহকৰ্মীৰ পৰা আনিবলৈ কাৰোবাক পঠোৱাতকৈ নিজেই আনক । এইবোৰ দেখাত তেনেই সাধাৰণ কথা । কিন্তু এই সৰু সৰু কথাবোৰে দেহৰ ওজন নিয়ন্ত্ৰণত আৰু আপোনাকো সক্ৰিয় কৰি ৰাখিব ।

লঘু আহাৰ গ্ৰহণ কৰক -

আমি সাধাৰণতে তিনিবাৰ আহাৰ খাওঁ । প্ৰাত:আহাৰ বা ব্ৰেকফাষ্ট, দুপৰীয়াৰ আহাৰ আৰু ৰাতিৰ আহাৰ । পিছে আমি যদি তিনিবাৰৰ সলনি দুবাৰ আহাৰ গ্ৰহণ কৰো, তেন্তে ই আমাৰ শৰীৰৰ বাবে বেছি সুবিধাজনক । কাৰণ আমাৰ পাচন প্ৰক্ৰিয়াটো সম্পন্ন কৰিবলৈ কেলৰিৰ প্ৰয়োজন । অৰ্থাৎ আমি খাদ্যৰ লগত যিমানখিনি কেলৰি গ্ৰহণ কৰো, ইবোৰৰ পাচন ঘটাবলৈও শৰীৰে কেলৰি খৰচ কৰে । সেইবাবে আহাৰ খালে আমাৰ পাচন প্ৰক্ৰিয়াটো বেছি সক্ৰিয় আৰু কাৰ্যক্ষম হৈ থাকে । গতিকে ব্ৰেকফাষ্ট আৰু দুপৰীয়াৰ আহাৰৰ মাজতে পাতল আহাৰ খাব পৰা যায় । সেইদৰে দুপৰীয়াৰ আহাৰ আৰু নিশাৰ আহাৰৰ মাজতে আবেলি আৰু গধূলি পাতল আহাৰ গ্ৰহণ কৰিব পাৰি । তেনে পাতল আহাৰত বিস্কুট, সতেজ ফল-মূল, শুকান ফল-মূল, চাহ বা কফি আদি খাব পাৰি । কেইবাবাৰো লঘু আহাৰ গ্ৰহণ কৰিলে শৰীৰ বেছি সক্ৰিয় হৈ থাকে ।

ব্ৰেকফাষ্ট নোখোৱাকৈ নাথাকিব -

ব্ৰেকফাষ্ট নোখোৱাটো স্বাস্থ্যৰ বাবে ক্ষতিকাৰক । বহুতে হয়তো ভাবিব পাৰে যে ব্ৰেকফ্ৰাষ্ট নোখোৱাকৈ থাকিলে দিনটোৰ বাবে গ্ৰহণ কৰা খাদ্যৰ পৰিমাণ কিছু কমাব পৰা যায় । কিন্তু ব্ৰেকফাষ্ট নাখালে শৰীৰৰ ওজন বৃদ্ধি হয় । কাৰণ নিশা শুই থকাৰ সময়ত আমাৰ শৰীৰ খাদ্যৰ পৰা বঞ্চিত হয় । সেইবাবে আমি ৰাতিপুৱা সাৰ পোৱাৰ ডেৰঘণ্টামানৰ ভিতৰত শৰীৰক খাদ্যৰ প্ৰয়োজন হয়, যাতে ই বিভিন্ন বিপাকীয় কাৰ্যবোৰ চলাই নিব পাৰে । গতিকে আমি যেতিয়া ব্ৰেকফাষ্ট পৰিহাৰ কৰো, তেতিয়া শৰীৰলৈ এনেকুৱা এটা সংকেত যায় যে ই যেন উপবাসে আছে । তাৰ ফলত পিছত যেতিয়া দুপৰীয়াৰ আহাৰ গ্ৰহণ কৰো, তেতিয়া শৰীৰে সেই খাদ্য দেহত চৰ্বি হিচাপে সঞ্চিত কৰে । ফলত দেহৰ ওজন বৃদ্ধি হয় ।

সময় মতে শুবলৈ যাওক -

ভাল টোপনি শৰীৰৰ বাবে অতি আৱশ্যক । শৰীৰক টোপনিৰ পৰা বঞ্চিত কৰিলে দেহৰ ওজন বৃদ্ধি পায় আৰু মানুহ অতি সহজে ভাগৰুৱা হয় । সাধাৰণতে দুটা কাৰকে আমাৰ ক্ষুধা নিয়ন্ত্ৰণ কৰে । আমি খাদ্য গ্ৰহণ কৰি থাকোতে পেট ভৰিলে তাৰ সংকেত দিয়ে লেপ্টিন নামৰ হৰম’নে । সেইবাবে আমাৰ ভোক লাগিলে তাৰ সংকেত দিয়ে ব্ৰেলিন নামৰ হৰম’নে । অধ্যয়নৰ দ্বাৰা জানিব পৰা গৈছে যে শৰীৰ টোপনিৰ পৰা বঞ্চিত হ’লে লেপ্টিন আৰু ব্ৰেলিনৰ কাৰ্যত বিজুতি ঘটে । ফলস্বৰুপে আমি পৰ্যাপ্ত পৰিমাণৰ খাদ্য খালেও পেট নভৰা যেন লাগে নাইবা শৰীৰৰ বাবে খাদ্য প্ৰয়োজন নহ’লেও আমাৰ ভোক লগা যেন অনুভৱ হয় ।

শাৰীৰিক পৰিশ্ৰম কৰক -

ব্যস্ততাৰ বাবে আমি যদি দৈনিক ৰুটিনত পৰিশ্ৰম বাদ দিব লগা হয়, তেন্তে অন্তত: শনি আৰু দেওবাৰে অলপ শাৰীৰিক পৰিশ্ৰম কৰক । পৰিশ্ৰম বিভিন্ন ধৰণৰ হ’ব পাৰে । খোজ কঢ়া, চাইকেল চলোৱা, দৌৰা, টেনিছ আদি খেলা নাইবা যোগাভ্যাস কৰিলেও উপকাৰ পাব পাৰি । ওপৰত উল্লেখিত যিকোনো পৰিশ্ৰমে আমাৰ শৰীৰ আৰু মন দুয়োটাকে সুস্থ কৰি ৰখাত সহায় কৰে ।

লেখক :- ড: এ কে জিয়াউদ্দিন আহমেদ

উৎস :- জি এনআৰচি স্বাস্থ্য

 

2.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top