মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / আঁহ জাতীয় খাদ্যৰ প্ৰয়োজনীয়তা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আঁহ জাতীয় খাদ্যৰ প্ৰয়োজনীয়তা :

আঁহ জাতীয় খাদ্যৰ প্ৰয়োজনীয়তাৰ বিষয়ে লিখা হৈছে ।

 

শৰীৰটোক সুস্থ কৰি ৰাখিবলৈ আমাৰ খাদ্য তালিকাত নিতৌ ফল-মূল আৰু শস্য-পাচলি অন্তৰ্ভুক্ত হোৱা উচিত। এনে ফল-মূল আৰু শাক-পাচলিৰ ভিতৰত আম, জাম, কঁঠাল, আপেল, নাচপতি, মটৰ, উৰহী, লাই-লফা, মূলা, গাজৰ, গেলেক্ট’জ, ফুলকবি, বন্ধাকবি, ওলকবি ইত্যাদি। কাৰণ এইবোৰ হৈছে আঁহযুক্ত খাদ্য।

আঁহযুক্ত খাদ্য হৈছে উদ্ভিদ দেহত থকা একপ্ৰকাৰ শৰ্কৰা বা কাৰ্ব’হাইড্ৰেট। সাধাৰণতে কাৰ্ব’হাইড্ৰেট বা শৰ্কৰাক তিনি ভাগত ভগোৱা হৈছে। সেয়া হৈছে এক শৰ্কৰা, দ্বিশৰ্কৰা আৰু বহুশৰ্কৰা। গ্লুক’জ, ফ্ৰুক্ট’জ, গেলেক্ট’ক আদি হৈছে এটা অণুযুক্ত একশৰ্কৰা। আনহাতে ছুক্ৰ’জ, লেক্ট’জ আদি হৈছে দুটাকৈ অণু থকা কেতবোৰ দ্বিশৰ্কৰা। একশৰ্কৰা আৰু দ্বিশৰ্কৰাযুক্ত খাদ্যদ্ৰব্যবোৰ আমাৰ শৰীৰক শক্তিৰ যোগান ধৰে। ইহঁত শক্তি উৎপাদক।

বহুশৰ্কৰাবোৰ আমাৰ শৰীৰত শক্তি উৎপাদন কৰিব নোৱাৰে। তথাপি শৰীৰৰ বাবে বহুশৰ্কৰাৰ প্ৰয়োজন আছে। অৱশ্যে ইয়াৰ প্ৰয়োজনৰ বিষয়ে জনোৱাৰ পূৰ্বে শৰ্কৰাৰ বিষয়ে আৰু কিঞ্চৎ বৰ্ণোৱা উচিত হ’ব। শৰ্কৰা হৈছে প্ৰধানকৈ উদ্ভিদৰ খাদ্য। তাৰ পিছতহে ই জীৱজগতৰ খাদ্য। সূৰ্যৰ পোহৰৰ সহায়ত আৰু শিপাই আহৰণ কৰা পানী আৰু খনিজ লৱণৰ সহায়ত উদ্ভিদৰ সেউজীয়া পাতত এই শৰ্কৰা উৎপন্ন হয়। সূৰ্যৰ পোহৰৰ পৰা শক্তি সংগ্ৰহ কৰাৰ ক্ষমতা প্ৰাণীজগতৰ নাই বাবেই সেউজীয়া পাতৰ দৰে পিহঁতে আহাৰ তৈয়াৰ কৰিব নোৱাৰে।

সেইবাবে নিজৰ খাদ্যৰ বাবে প্ৰাণীজগতৰ ওপৰত নিৰ্ভৰশীল। উদ্ভিদৰ প্ৰয়োজন অনুসৰি শৰ্কৰাৰ ভাগবোৰো ভিন ভিন হোৱা দেখা যায়। একশৰ্কৰা আৰু দ্বিশৰ্কৰাই উদ্ভিদক প্ৰয়োজনীয় শক্তিৰ যোগান ধৰে। বহুশৰ্কৰাই উদ্ভিদৰ ভিন ভিন অংগৰ আৱৰণ গঠন কৰে। বিভিন্ন ধৰণৰ ফল আৰু শস্যৰ বাকলি বা ওপৰৰ আৱৰণটো বহুশৰ্কৰাৰে গঠিত। কেৱল ফলৰ ভিতৰৰ শাহ বা কোমল অংশতহে এক বা দ্বিচৰ্কৰা থাকে। ফল আৰু শস্যৰ এই অংশটোহে আমি খাওঁ। বহুশৰ্কৰা থকা বাকলিটো পেলাই দিওঁ, নাখাওঁ। তদুপৰি এই বহুশৰ্কৰা থকা বাকলি আমাৰ পাকস্থলীয়ে হজম কৰিব নোৱাৰে। খালেও ইহঁতৰ পৰা আমি কোনো শক্তি আহৰণ কৰিব নোৱাৰোঁ। এই দ্বিশৰ্কৰা আকৌ দুই ধৰণৰ আছে। ইয়াৰে এবিধ হৈছে ষ্টাৰ্ছ, গ্লাইক’জেন, ডেক্সট্ৰান আৰু ইনচুলিন। ফল আৰু শস্যৰ বাকলিৰ পৰা তৈয়াৰ কৰা দ্বিশৰ্কৰাৰ উদাহৰণ হৈছে চেলুল’জ, হেমিচেলুল’জ, পেকটিন, আগৰ, কেৰিজিন আৰু লিগনিন। ইয়াৰে চেলুল’জ আৰু হেমিচেলুল’জ জাতীয় শৰ্কৰাবোৰ পানীত দ্ৰৱণীয়। ইহঁতক ৰাফেজ(Roughage) বা পৰিপাক ক্ৰিয়াৰ অযোগ্য দ্ৰব্য বোলা হয়। বাকীকেইটা পানীত অদ্ৰৱণীয়।

এই খাদ্য সংক্ৰান্তীয় আঁহ(Dietary Fibre) বোৰে আমাৰ শৰীৰক শক্তি যোগান নধৰিলেও, আমি ইহঁতক হজম কৰিব নোৱাৰিলেও ইহঁতে পৰিপাক ক্ৰিয়াত আমাৰ বাৰুকৈয়ে উপকাৰ সাধে। আমাৰ শৰীৰৰ পাচন কাৰ্য বা বিপাকীয় ক্ৰিয়া আৰম্ভ হয় মুখগহ্বৰত আৰু শেষ হয় বৃহদান্ত্ৰত। মুখগহ্বৰৰ পৰা কাপস্থলী পৰ্যন্ত যিবোৰ আহাৰ্য দ্ৰব্য জীণ নাযায়, সেইবোৰ জীণ যায় অন্ত্ৰত। কিন্তু খাদ্য সংক্ৰান্তীয় আঁহবোৰ অন্ত্ৰতো হজম নহয়। মল হিচাপে মলভাণ্ডাৰৰ পৰা বায়ুৰে বাহিৰ হৈ যায়। মল হিচাপে বাহিৰ হৈ যোৱাৰ সময়ত এই শৰ্কৰাবোৰে এটা অতি গুৰুত্বপূৰ্ণ কাম কৰে।

আমাৰ অন্ত্ৰৰ বেৰত আৰু বেৰৰ খাঁজবোৰত লাগি থকা মল তথা আৱৰ্জনাবোৰ এই খহতা আঁহবোৰে ঘহি-মাজি পৰিষ্কাৰ কৰি নিয়ে। ফলত অন্ত্ৰত কোনোধৰণৰ পুৰণি মল জমা হৈ থাকিব নোৱাৰে। এই আঁহবোৰ পানী পালে ফুলি উঠে আৰু আঠাজাতীয় এবিধ পদাৰ্থ নিঃসৰণ কৰে। এই আঠাবোৰে অন্ত্ৰৰ গাত লাগি থকা মলবোৰ আঁহজাতীয় খাদ্য অৰ্থাৎ বাকলিবোৰৰ সৈতে সংযুক্ত কৰে আৰু নিজৰ লগতে মলবোৰকো বাহিৰলৈ উলিয়াই আনে। অন্ত্ৰ আৰু মলভাণ্ডাৰ অৰ্থাৎ কোষ্ঠ নিয়মীয়াকৈ পৰিষ্কাৰ কৰি ৰখাটো এক স্বাস্থ্যসন্মত বিধি। নিয়মীয়াকৈ কোষ্ঠ পৰিষ্কাৰ কৰি ৰখাটো এক স্বাস্থ্যসন্মত বিধি। নিয়মীয়াকৈ কোষ্ঠ পৰিষ্কাৰ হ’লে খাদ্যৰ সৈতে শৰীৰৰ ভিতৰভাগত অৰ্থাৎ পাকস্থলী বা অন্ত্ৰত প্ৰৱেশ কৰা বিষাক্ত পদাৰ্থ জমা হৈ থাকিব নোৱাৰে।

এই বিষাক্ত পদাৰ্থবোৰ জমা হৈ থাকিলে অন্ত্ৰত ঘা বা ক্ষত হোৱাৰ সম্ভাৱনা প্ৰবল হৈ পৰে। তদুপৰি এই জাতীয় শৰ্কৰাবোৰে পানীত তিতি যি আঠাজাতীয় পদাৰ্থ তৈয়াৰ কৰে, সেই পদাৰ্থই তেজত শৰ্কৰাৰ পৰিমাণ বৃদ্ধি হ’বলৈ নিদিয়ে।

এই আঁহজাতীয় খাদ্যবোৰে পিত্ত-অম্লক আকৰ্ষণ কৰিব পাৰে। আমাৰ শৰীৰত থকা স্নেহ জাতীয় পদাৰ্থ যেনে- চৰ্বি আৰু কলেষ্টেৰলক ই সহজ বিশ্লেষণ কৰিব পাৰে। ফলত আমাৰ শৰীৰত অতিৰিক্ত মেদ, কলেষ্টেৰেল আদি জমিব নোৱাৰে, যাৰ বাবে মেদবহুলতা আৰু হৃদৰোগৰ পৰা শৰীৰটো ৰক্ষা কৰে। এই আঁহজাতীয় খাদ্যবোৰে কোষ্ঠ পৰিষ্কাৰ কৰি ৰাখি হজম ক্ষমতা বৃদ্ধি কৰে। ফলত বিভিন্ন ধৰণৰ বিপাকীয় উৎসেচক ক্ষৰণৰ হাৰৰ ক্ষমতা ৰক্ষা কৰি মূৰ ঘূৰণি, উপাংগ প্ৰদাহ, কোষ্ঠপ্ৰদাহ, আমাশয় আদিৰ পৰা শৰীৰটো ৰক্ষা পৰে।

লেখক: ডাঃ ৰফিক আলী(নিয়মীয়া বাৰ্তা)

2.71428571429
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top