অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আইতাৰ দিহা:

 

কাণৰ বিষ:

 

কাণৰ বিষ বহুতো কাৰণত হ’ব পাৰে। ইয়াৰ ভিতৰত প্ৰধান কাৰণকেইটা হৈছে- কাণত মলি(কণা-মাকৰি) জমা হ’লে কাণৰ ফুটা লাহে লাহে বন্ধ হৈ পিছলৈ ভালদৰে নুশুনা হ’ব পাৰে বা বেছিকৈ মলি জমা হৈ কাণৰ ভিতৰত বিষ হ’ব পাৰে। কাণত দুৰ্ঘটনাবশতঃ আঘাত লাগিলেও ভিতৰত বিষ হ’ব পাৰে। কাণত পৰুৱা বা তেনে ধৰণৰ সৰু কীট-পতংগ সোমালেও কাণৰ বিষ হ’ব পাৰে। যিকোনো বস্তুৰে কাণ খজুৱাবলৈ চেষ্টা কৰিলে কাণৰ ভিতৰত আঘাত লাগিব পাৰে আৰু পিছলৈ কাণৰ বিষ হ’ব পাৰে।

ঘৰুৱা দিহা:

 

  • বিষাই থকা কাণখনৰ বিপৰীত কাণখনত চালকুঁৱৰীৰ পাতৰ ৰস দুটোপাল দিলে কাণৰ বিষ নাইকিয়া হ’ব।
  • চালকুঁৱৰী পাতৰ ৰস সামান্য গৰম কৰি বিষাই থকা কাণত দুটোপালমান দিলে বিষ নাইকিয়া হ’ব।
  • কাণৰ বিষত জামু গুটিৰ তেল উপকাৰী। এই তেল আয়ুৰ্বেদিক ঔষধৰ দোকানৰ পৰা সংগ্ৰহ কৰি মাত্ৰ দুটোপাল কাণত দিলে কাণ বিষ নাইকিয়া হয়।
  • মুলেঠি এডোখৰ ভালদৰে গুড়ি কৰি ঘিউৰ লগত মিহলাই অলপ গৰম কৰি কাণৰ আশে-পাশে লেপ দি থলে কাণৰ বিষ ভাল হয়।
  • আদাৰ ৰস এচামুচ সামান্য গৰম কৰি তাৰে দুটোপাল বিষাই থকা কাণত দিলে কাণৰ বিষ সোনকালে ভাল হয়।
  • পিয়াঁজৰ ৰস এচামুচ সামান্য গৰম কৰি দুটোপাল বিষাই থকা কাণত দিলে কাণৰ বিষ নিৰাময় হয়।
  • দুচামুচ নাৰিকল তেলত এচামুচ মেথি গুটি গৰম কৰি পিছত চেকি লৈ বটল এটাত থৈ দিয়ক। এই তেলৰ দুটোপাল মাত্ৰ বিষাই থকা কাণত দিলে বিষ ভাল হয়।
  • আমৰ কুমলীয়া সেউজীয়া পাত এমুঠি ভালদৰে ধুই এগিলচ পানীত কিছুসময় উতলাই লওক। পানী আধামান থাকোতে জুইৰ পৰা নমাই চেকি লওক। এই ৰসৰ দুটোপাল মাত্ৰ বিষ হৈ থকা কাণত দিলে নিৰাময় হ’ব।
  • পিয়াঁজৰ ৰস আৰু মুৰ্গীৰ কণীৰ বিজলুৱা বগা অংশটো মিহলাই বটল এটাত ভৰাই থওক। কাণত আঘাত পাই কাণ পকি থাকিলে, এই মিশ্ৰণৰ দুটোপাল মাত্ৰ আঘাত পোৱা কাণত দিলে কাণৰ আঘাত ভাল হ’ব।
  • ভোজ পত্ৰ গছৰ চাল এডোখৰ ৰ’দত অলপ শুকুৱাই লৈ পানীত উতলাই তাৰে এটা ডাঠ ৰস প্ৰস্তুত কৰক। এই ৰসৰ দুটোপাল বিষাই থকা কাণত দিলে কাণৰ বিষ নহয় আৰু কাণৰ ভিতৰত ঘা শুকাই যায় আৰু বিষ নিৰাময় হয়।

বমি হ’লে:

 

সাধাৰণতে গৰমৰ দিনত ফুড পইজনিঙৰ(খাদ্যৰ বিষক্ৰিয়া) কাৰণে বা অখাদ্য সেৱনৰ কাৰণে বা বেছি গৰমত খাদ্য হজম নোহোৱাৰ বাবে বমি হয়।

পিত্ত দোষত, পাচন ক্ৰিয়াৰ বাধা পোৱাৰ ফলত পেটত জমা হৈ থকা খাদ্য দ্ৰব্য মুখেদি ওলাই আঁহে। ইয়াকে বমি বা আঁতি অহা বুলি কয়। পেটত হজম নোহোৱা খাদ্য দ্ৰব্য বেছি সময়লৈ থাকিলে শৰীৰৰ অপকাৰ হ’ব পাৰে। সেয়ে প্ৰাকৃতিক কাৰণতে বমি হৈ এনে দূষিত খাদ্য পাচন তন্ত্ৰই বাহিৰলৈ নিৰ্গত কৰি দিয়ে। বমিৰ ভাব আহিলে বমি হ’বলৈ দিব লাগে। বমি হৈ গ’লে গাটো পাতল পাতল লাগে।

ঘৰুৱা দিহা:

 

  • শুকান আদা, পিপলি, জালুক, সৈন্ধৱ লৱন, বিট লৱন আৰু য-খাৰ- প্ৰত্যেকৰে দহ গ্ৰামকৈ লৈ মিহিকৈ বটি এটি বটলত ভৰাই টানকৈ সাফৰ মাৰি থওক। এই মিশ্ৰণৰ গুড়ি এক গ্ৰাম মাত্ৰাত লৈ মৌৰ সৈতে মিহলাই চেলেকি খাই থাকক- প্ৰতি তিনি ঘন্টাৰ মূৰে মূৰে এবাৰকৈ।
  • এগিলাচ পানীত সামান্য নেমুৰ ৰস আৰু এচামুচ চেনি মিহলাই লওক। এই মিশ্ৰণক নেমুৰ ‘শিকঞ্জি’ বুলি কোৱা হয়। এই মিশ্ৰণ খাই থাকিলে বমি বন্ধ হয়।
  • নেমুৰ বাকলি ছাঁত শুকুৱাই পুৰি তাৰ ছাইখিনি সংগ্ৰহ কৰি ৰাখক। এই ছাই খুন্দি গুড়ি কৰি বটল এটাত ভৰাই থওক। এই ছাইৰ তিনিৰ পৰা পাঁচ গ্ৰাম(এচামুচ) মাত্ৰাত লৈ মৌ মিহলাই দুঘন্টাৰ মূৰে মূৰে পানীৰ লগত খাই থাকিলে কমি অহা বন্ধ হ’ব।

গ্ৰহণী, ডায়েৰিয়া(পনীয়া পায়খানা), বদহজমৰ ঘৰুৱা দিহা:

 

  • এক গ্ৰাম নিমৰ গুটিৰ শাহ, সামান্য চেনি মিহলাই বটি গুড়ি কৰি পানীৰ লগত খুৱাই থাকক। আহাৰ হিচাপে কেৱল সিদ্ধ ভাতহে দিব।
  • তুলসী পাত এমুঠি সিদ্ধ কৰি তাৰ ডাঠ ৰস খুৱালে ৰোগীৰ উপকাৰ হয়। দৈনিক তুলসী পাতৰ ৰস দহ গ্ৰামকৈ খুৱাই থাকিলে অজীৰ্ণ ৰোগ নিৰ্মূল হয়।
  • এচামুচ ইচবগোলৰ ভুচি গৰম গাখীৰ একাপত তিয়াই ফুলাই লৈ ৰাতি খাওক। পুৱা আকৌ এচামুচ ইচবগোলৰ ভুচি দৈ একাপত তিয়াই ভাত নিমখ, শুকান আদাৰ গুড়ি মিহলাই খাওক। কিছুদিন এই নিয়ম পালন কৰি থাকিলে পায়খানাৰ লগত শাঁও পৰি থকা বন্ধ হয়।

কিডনিত পাথৰ হ’লে কি খাদ্য খাব নালাগে:

 

পাথৰ কেইবাপ্ৰকাৰৰ আছে। কিন্তু কেলচিয়ামৰ দ্বাৰা হোৱা পাথৰ অন্য পাথৰতকৈ সৰু হোৱা দেখা যায়। ২০ৰ পৰা ৩০ বছৰ বয়সৰ লোকসকলৰ সাধাৰণতে কেলচিয়াম পাথৰ হোৱাৰ সম্ভাৱনা থাকে। আন বেমাৰৰ দৰে এই বেমাৰতো চাই-চিতি খোৱা-বোৱা কৰিব লাগে।

  • যদি আপোনাৰ খাদ্যত ছডিয়ামৰ মাত্ৰা অধিক থাকে, তেন্তে ই আপোনাৰ বাবে বিপজ্জনক হ’ব পাৰে।
  • পাথৰৰ ৰোগত আক্ৰান্ত হৈ থকা ৰোগীয়ে এনে বস্তু ভক্ষণ নকৰিব, য’ত অক্সে’লেটৰ পৰিমাণ অধিক থাকে। পালেং শাক, নাৰিকল আদিত পৰ্যাপ্ত পৰিমাণে অক্সে’লেট থাকে। এনেধৰণৰ খাদ্য খোৱাৰ পৰা বিৰত থাকিব।
  • বিলাহী, বেঙেনা, চাউল আদি সেৱন কৰিলেও কিডনিৰ সমস্যা বাঢ়ে।
  • সাধাৰণতে পাথৰ হোৱা ৰোগীক অত্যধিক পৰিমাণৰ পানী সেৱন কৰাৰ উপদেশ দিয়া হয়। কিন্তু পানীৰ সলনি ক’লড ড্ৰিংকছ খোৱাটো কিডনিৰ পাথৰ থকা ৰোগীৰ বাবে বেয়া। কিয়নো ইয়াত থকা ফছফৰিক এচিডে কিডনিলৈ বিপদ কঢ়িয়াই আনে।

উৎস: জিএনআৰচি স্বাস্থ্য

2.94117647059
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top