অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আইতাৰ দিহা :

আইতাৰ দিহাৰ বিষয়ে লিখা হৈছে ।

চুলি পকা -

কাৰণ:

  • অধিক চিন্তা,
  • মানসিক চাপ,
  • পুষ্টিকৰ আহাৰৰ অভাৱ আদি কাৰণত চুলি পকিবলৈ ধৰে।

পিছলৈ মূৰৰ আটাইবোৰ চুলিয়েই পকি একেৰাহে বগা হৈ পৰে।

ঘৰুৱা -

অসময়ত বা অকালতে চুলি পকিবলৈ ধৰিলে উৰদ দাইল ২০০ গ্ৰাম মাটিৰ বাচন এটাত থৈ ইয়াৰ মুখখন এনেদৰে বন্ধ কৰক যাতে জুইত পাত্ৰটো দিয়াৰ পিছত তাৰ পৰা ধোঁৱা ওলাব নোৱাৰে।

ভিতৰৰ দাইলখিনি সম্পূৰ্ণৰূপে জ্বলি ছাই হৈ যোৱাৰ পিছত পাত্ৰটোৰ পৰা উলিয়াই ৰিফাইন সৰিয়হৰ তেল আৰু আকণ গছৰ আঠা মিহলাই ভালদৰে গুড়ি কৰি মূৰত লেপ দি থওক।

অলপমান শুকাই গলে প্ৰথমে পানীৰে ধুই পিছত প্ৰাকৃতিক শ্বেম্পুৰে ধুই পেলাওক। এনেকৈ পোন্ধৰ দিনৰ মূৰত এবাৰকৈ কৰিলে চুলি পুনৰ ক’লা হৈ পৰিব।

সতেজ আমলখি এক কিলো পানীত সিদ্ধ কৰি লওক। পানী শুকাই গ’লে আমলখিবোৰ উলিয়াই পিটিকি তাৰ লগত চাৰি ভাগৰ এভাগ ঘিউ মিহলাই পুনৰ উতলাই লওক।

ভালদৰে সিদ্ধ হৈ গ’লে তাৰ লগত সমান মাত্ৰাত মিহিকৈ বটি লোৱা মিচিৰি মিহলাই টিনৰ পাত্ৰ এটাত মুখ বন্ধ কৰি ৰাখি থওক।

এই মিশ্ৰণৰ পৰা ২০ গ্ৰাম পুৱা আৰু ২০ গ্ৰাম গধূলি মৌৰ লগত সেৱন কৰি তাৰ পিছত এগিলাছ গাখীৰ খাওক।

শৰীৰ পুষ্ট হৈ অসময়ত পকি বগা হোৱা চুলি পুনৰ ক’লা হৈ পৰিব আৰু চুলিৰ উজ্জ্বলতা বৃদ্ধি পাব।

পানীলগা, বংশগত আৰু ভিটামিনৰ অভাৱ, মানসিক উদ্বেগ বা দুশ্চিন্তাৰ কাৰণে মূৰৰ চুলি অসময়ত পকি বগা হৈ পৰিলে নেমুৰ ৰসত শুকুৱাই অতি মিহিকৈ বটি লোৱা আমলখিৰ গুড়িৰে মূৰত লেপ দি ৰাখক।

এনেদৰে সপ্তাহত এবাৰকৈ এমাহমান কৰিলে পকা চুলি ক’লা হোৱাৰ লগতে চুলিৰ উজ্জ্বলতা বৃদ্ধি পাব।

অসময়ত চুলি শুকান, খৰখৰীয়া, ঠৰঙা আৰু পকি বগা হৈ সৰিবলৈ আৰম্ভ কৰিলে তুলসীৰ পাত আৰু আমলখিৰ গুড়ি মিহলাই মূৰত ঘঁহি সানক।

১৫-২০ মিনিট পিছত ধুই পেলাওক। এনেদৰে সপ্তাহত দুদিনকৈ এমাহমান কৰিলে-

  • চুলিৰ গুৰিবোৰ শক্তিশালী হ’ব,
  • চুলি সৰা বন্ধ হ’ব আৰু
  • বগা চুলি পুনৰ ক’লা হৈ পৰিব।
  • কেইদিনমানলৈ নিম আৰু বগৰীৰ কেঁচা, সেউজীয়া পাত পানীত উতলাই সেই পানীৰে মূৰ ধূই থাকিলে চুলি সৰা, অসময়ত পকা বন্ধ হ’ব।

মূৰত পুনৰ ক’লা চুলি গজিবলৈ আৰম্ভ কৰিব আৰু চুলি গজিবলৈ আৰম্ভ কৰিব আৰু চুলি সঘনাই বাঢ়িব। এই ব্যৱস্থাৰে মূৰ ধুই থাকিলে মূৰত হোৱা ওকনিও মৰিব।

তপা মূৰ:

কাৰণ:

  • একজিমা,
  • খজুৱতি,
  • খুদ খহু আদি মূৰত হ’লে,
  • মাদক দ্ৰব্য বেছি মাত্ৰাত সেৱন কৰিলে,
  • জ্বৰ,
  • বৃদ্ধাৱস্থা,
  • খাদ্যত পুষ্টিদ্ৰব্যৰ অভাৱ,
  • অধিক মানসিক পৰিশ্ৰম,
  • চিন্তাগ্ৰস্ততা,
  • বংশগত,
  • চিফিলিছ আদি যৌনৰোগৰ দ্বিতীয় অৱস্থা আদি কাৰণত মানুহৰ মূৰৰ চুলি আগফালে বা পিছফালে সৰি গৈ তপা হৈ পৰে।

লক্ষণ:

  • চুলি লাহে লাহে সৰিবলৈ ধৰে,
  • মূৰৰ ওপৰ অংশ বা আগফালে সৰি গৈ মূৰৰ ছালখন চিকচিকিয়া হৈ ওলাই পৰে।

ঘৰুৱা -

  • উৰদ দাইল আধা কিলো ভালদৰে ধুই লৈ পানীত সিজাই পিছত বটি লওক। ৰাতি শোৱাৰ আগতে এই দাইলৰ মগুৰে মূৰত লেপ দি আধা ঘন্টামানৰ পিছত ধুই পেলাব। এনেদৰে সপ্তাহত দুবাৰকৈ কৰিলে তপা মূৰত চুলি গজিবলৈ আৰম্ভ কৰিব।
  • সৰিয়হৰ খলিহৈৰে মূৰ ধূই থাকিলে তপা মূৰত পুনৰ চুলি গজে।
  • কচুৰ ৰস কেইদিনমান একেৰাহে নিয়মীয়াকৈ মূৰত সানি মালিচ কৰি থাকিলে চুলি সৰা বন্ধ হয় আৰু তপা মূৰত নতুন চুলি গজে।
  • মূৰৰ চুলি সৰা অংশত পিঁয়াজৰ ৰস সানি মালিচ কৰি থাকিলে পুনৰ চুলি গজিবলৈ ধৰে। চুলি সৰাটোও বন্ধ হয়।
  • মূৰৰ চুলি সৰি তপা হোৱা অংশত কেইদিনমান ধৰি দিনত দুবাৰকৈ নহৰুৰ ৰস লগাই ঘঁহি দি শুকাবলৈ দিয়ক। এনেদৰে একেৰাহে দুই-তিনিমাহ ধৰি কৰি থাকিলে তপা হৈ পৰা অংশত পুনৰ চুলি গজিবলৈ আৰম্ভ কৰে।

টকৌৱে খোৱা:

মূৰত ঠায়ে ঠায়ে চকলা-চকলকৈ চুলি সৰি ছাল ওলোৱা বিসংগতিটো ‘টকৌৱে খোৱা’ বুলি কোৱা হয়।

ডাঠ চুলিৰে ঢাকি ৰখা মূৰটোত মাজে মাজে দুই-এডোখৰ ঠাইত এনেদৰে চুলি সৰি যোৱাৰ কাৰণটো অৱশ্যে আজিকালি কোনেও বৈজ্ঞানিকভাৱে ব্যাখ্যা কৰিব পৰা নাই।

তথাপি টকৌ নামৰ কাল্পনিক মকৰাজাতীয় ক্ষুদ্ৰ জীৱই এনেদৰে চুলি সৰুৱায় বুলি বিশ্বাস কৰা হয়। এই ৰোগ হ’লে ৰোগীৰ শৰীৰত কোনো ধৰণৰ যন্ত্ৰণা বা খজুৱতি আদি হোৱাও দেখা নাযায়।

ঘৰুৱা দিহা:

চকলা-চকলকৈ চুলি সৰা অংশখিনিত ডাঠ কপাহী কাপোৰেৰে ঘঁহি লওক। দাইল এমুঠি পানীত তিয়াই মিহিকৈ বটি মণ্ড এটা প্ৰস্তুত কৰি আগতেই ৰাখি থওক।

কাপোৰেৰে চুলি সৰা ঠাইবোৰ ঘঁহি উঠি, ৰহৰ দাইলৰ মণ্ডেৰে লেপ দি থওক। পিছত শুকাই গ’লে পানীৰে ধুই পেলাওক।

এনেদৰে দিনত দুই-তিনি বাৰকৈ কৰক। পিছদিনা চুলি সৰি মিহি হৈ পৰা চকলাবিলাকত খাঁটি সৰিয়হৰ তেল ঘঁহি কিছুসময় ৰ’দত বহক।

পিছদিনা পুনৰ ৰহৰ দাইলৰ মণ্ডেৰে লেপ দি তাৰ পিছদিনা পুনৰ সৰিয়হ তেল সানি ৰ’দত বহক আৰু চুলি নাইকিয়া চকলাবোৰত ৰ’দ লগাওক।

এনেদৰে একেৰাহে ১৫-২০ দিন কৰিলে দেখিব টকৌৱে খোৱা অংশৰ পৰা চুলি গজিবলৈ আৰম্ভ কৰিছে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

3.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top