অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আইতাৰ দিহা :

আইতাৰ দিহাৰ বিষয়ে লিখা হৈছে ।

 

পেটৰ বিষ যিকোনো বয়সৰ লোকৰে যেতিয়াই-তেতিয়াই হ’ব পাৰে। কেঁচুৱা ল’ৰা-ছোৱালীৰ পেটৰ বিষ হ’ল বৰ অস্থিৰ হৈ পৰে। মুখেৰে কথা ক’ব নোৱাৰিলেও সঘনাই কান্দি থাকে আৰু চিঞৰি মাক-দেউতাকৰ মনোযোগ আকৰ্ষণ কৰিব বিচাৰি থাকে। কেতিয়াবা পেট বিষাই থকা শিশুৰ পেট ফুলি যোৱা দেখা যায়।

পেটৰ বিষৰ কাৰণ -

খাদ্য হজম নোহোৱা, ঠাণ্ডা গাখীৰ খুওৱা, গধুৰ আহাৰ খুওৱা, পেচাব-পায়খানা বহু দেৰিলৈকে বন্ধ হৈ থকা, পেটত গেছ হোৱা আদি বিভিন্ন কাৰণত পেটৰ বিষ হ’বলৈ ধৰে। কেতিয়াবা জ্বৰ হ’লে আৰু বমি হ’লেও পেটত বিষ হ’ব পাৰে।

ৰোগ নিৰ্ণয়:

পেট বিষাই থাকিলে ল’ৰা-ছোৱালীয়ে খাবলৈ ইচ্ছা নকৰে, ভোক নেলাগে। পেটত গেছ জমা হৈ পেট ফুলি থাকে। পাতল পায়খানাও হ’ব পাৰে। শিশুৱে পেটৰ বিষ হ’লে অস্থিৰ হৈ থাকে।

ঘৰুৱা দিহা :

*আধা কাপ পানীত হিং মিহলাই পেটত সানি থাকিব।

*আধা চামুচ চফ গুটি আৰু এচিকুট সৈন্ধৱ লৱণ একেলগে লৈ পটাত মিহিকৈ বটি লৈ দুচামুচ পানীত মিহলাই শিশুক চেলেকি খুৱাই থাকক।

*এচিকুট পদিনা বটা, দুই চিকুট যনী গুড়ি, সামান্য পৰিমাণে হিং আৰু দুই চিকুট জ্জিৰা গুড়ি আটাইবোৰ পুনৰ মিহিকৈ বটি কুহুমীয়া পানীত গুলি লৈ শিশুক অকণ অকণকৈ খুৱাই থাকক।

*এচিকুট শিলিখাৰ গুড়ি গৰম পানী আধা কাপত মিহলাই ঠাণ্ডা কৰি শিশুক খুৱাই থাকক।

*এচামুচ পিয়াঁজৰ ৰসত ক’লা নিমখ মিহলাই শিশুক খুৱাই থাকক।

*যনী গুটি এচামুচ পনীৰে সৈতে বটি লৈ তাৰে পেটত লেপ দি থওক।

*জায়ফল, আমৰ গুটিৰ শাহ আৰু বচ- তিনিওবিধৰে আধা চামুচকৈ লৈ পানীৰে সৈতে বটি শিশুক খুৱাই থাকক।

*দুটা লং গুড়ি কৰি পানীত মিহলাই শিশুক চেলেকিবলৈ দিয়ক।

আঁঠুৰ বিষ -

কোনো বয়সস্থ ব্যক্তিয়ে যদি চকীত বহি থকাৰ পৰা হঠাতে উঠোতে আঁঠুত হাত দি উঠি থিয় হোৱা দেখে, তেন্তে বুজিব যে তেওঁৰ আঁঠুৰ বিষ আছে বা আঁঠুৰ বিষ হ’বলৈ আৰম্ভ হৈছে, তেনেহ’লে আপুনি প্ৰকৃত চিকিৎসা ব্যৱস্থা গ্ৰহণ কৰক আৰু খাদ্য-অখাদ্যৰ আদিৰ ওপৰতো মনোযোগ দিয়ক।

কাৰণ:

এই ৰোগৰ প্ৰধান কাৰণ হ’ল- আঁঠুৰ হাড়ৰ জোৰাৰ মাজত থকা তেল জাতীয় দ্ৰব্য কমি যোৱাৰ কাৰণে সন্ধিবিলাকত বিষ হয়। বৃদ্ধাৱস্থাত যেতিয়া শৰীৰৰ হাড় শুকান হ’বলৈ ধৰে, তেতিয়া শৰীৰত ফচফৰাছ নামৰ পদাৰ্থবিধ কমি আহিবলৈ ধৰে। তাৰোপৰি পুষ্টিকৰ আহাৰৰ অভাৱ, মানসিক উদ্বেগ আৰু অশান্তি, আঁঠুৰ বিষ, সোঁ-বাওঁ বা দুয়োটা আঁঠুতে হ’ব পাৰে। ৰোগীয়ে চাপৰ আসনত বহাৰ পিছত থিয় হ’বলৈ যথেষ্ট কষ্ট পায়। বতাহ লাগিলে, ঠাণ্ডা লাগিলে, ঠাণ্ডা বস্তু খালে, বেছি গৰম লাগিলে, বৰষুণত তিতিলে এই ৰোগৰ প্ৰকোপ বৃদ্ধি পায়। আঁঠুকেইটা শুকাই যায়। খোজ কাঢ়িলে আঁঠুৰ ভিতৰত খটখট শব্দ হয়। কেতিয়াবা কেতিয়াবা আঁঠু দুটা ফুলিও উঠিব পাৰে।

ঘৰুৱা দিহা:

*এগিলাচ পানীত আধা চামুচ নিমখ মিহলাই গৰম কৰি লওক। সেই পানীত এখন কাপোৰ তিয়াই প্ৰতিদিনে অতি কমেও দহ মিনিটকৈ সেক দিয়াৰ ব্যৱস্থা কৰক।

*আদা বা শুকান আদা, জালুক, বায়বিডংগ আৰু সৈন্ধৱ লৱণ আটাইবোৰ সম পৰিমাণত লৈ কুটি আৰু বটি মিহি গুড়ি কৰি লওক। এই গুড়িৰ চাৰি গ্ৰাম মাত্ৰাত লৈ মৌৰ লগত মিহলাই দিনত এবাৰকৈ চেলেকি খাওক।

*কেঁচা আলু এটা মিহিকৈ বটি বিষাই থকা আঁঠুত লেপ দি লওক।

*প্ৰতিদিনে দিনৰ আহাৰৰ লগত তিয়ঁহ আৰু নহৰু(তিনি-চাৰি ফোটা) খাই থাকিলে দুমাহৰ ভিতৰত আঁঠুৰ বিষ ভাল হয়।

*নাৰিকলৰ শাল ভালদৰে মিহিকৈ বটি বিষাই থকা আঁঠুত লেপ দি থওক আৰু নাৰিকল দৈনিক চোবাই খাওক।

*প্ৰতিদিনে পুৱা মেথি গুটিৰ গুড়ি এচামুচ গৰম পানী এগিলাচত মিহলাই খাই থাকক।

*দুচামুচ যনীৰ গুড়ি সম পৰিমাণত মিঠাতেলৰ লগত মিহলাই লওক আৰু চাৰি ফোটা নহৰু, দুই ৰতি আফিং আৰু এচামুচ খচখচ(আফুগুটি) সেই তেলত দি সামান্যভাৱে ভাজি লওক। পিছত তেলখিনি চেকি উলিয়াই লৈ সেই তেলেৰে আঁঠু দুটা মালিচ কৰক।

*এশ গ্ৰাম আদা কুটি লৈ এশ মিঃলিঃ পানীত উতলাই তাত এচামুচ এড়ি তেল মিহলাই প্ৰতিদিনে সেৱন কৰক।

*পুৱা খালী পেটত দহ গ্ৰাম আখতোট খাই থাকক।

*আধা কেজি জাতিলাও পানীত উতলাই মিহিকৈ বটি লৈ বিষাই থকা আঁঠুত লেপ দিয়ক।

*আধা চামুচ বচৰ গুড়ি গৰম পানীৰ লগত মিহলাই প্ৰতিদিনে খাওক।

প্ৰতিদিনে ফল-মূল আৰু সেউজীয়া শাক-পাচলি অধিক খাওক। দৈৰ ঘোল, পকৰা, মাছ, মাংস, কণী নেখাব আৰু ধূমপান নকৰিব। আঁঠুদুটা ভাঁজ কৰি নবহিব। প্ৰতিদিনে পেট খোলোচা কৰি ৰাখিবলৈ যত্ন কৰক। গাখীৰৰ লগত দৈনিক ইচবগোলৰ ভুচি মিহলাই খাওক। বেছি ভাগৰুৱা কাম নকৰিব। প্ৰতিদিনে পুৱা বা গধূলি খোজকাঢ়িব।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

2.91666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top