অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আইতাৰ দিহা :

আইতাৰ দিহাৰ বিষয়ে লিখা হৈছে ।

 

মূৰৰ বিষ -

কাৰণ:

মানসিক দুশ্চিন্তা বা মস্তিষ্কৰ বায়ু বা সিৰাত টান পৰিলে বা গেছ হ’লে মূৰৰ বিষ হ’ব পাৰে। কোষ্ঠবদ্ধতা, চকুত জোৰ পৰিলে, টোপনি পূৰা নহ’লে, অধিক পৰিশ্ৰম কৰিলে, পানীলগা, জ্বৰ, ৰক্তচাপ বৃদ্ধি পালে মূৰৰ বিষ হ’ব পাৰে।

ঘৰুৱা দিহা:

*পুৱা শুই উঠিয়েই খালী পেটত আপেল এটাত নিমখ লগাই খাওক। পিছত সামান্য গৰম গাখীৰ এগিলাছ খাওক। মূৰৰ বিষ দিনটোৰ কাৰণে নাইকিয়া হ’ব।

*পেটত গেছ হোৱাৰ কাৰণে যদি মূৰৰ বিষ হয়, তেনেহ’লে এগিলাছ গৰম পানীত এটা গোল নেমু চেপি খালে মূৰৰ বিষ ভাল হ’ব।

*দালচেনি এডোখৰ পটাত মিহিকৈ বটি লৈ অকণমান পানী দি পেষ্ট এটা বনাই মূৰত লেপ দিলে মূৰৰ বিষ নাইকিয়া হয়।

*পানী একাপত এডোখৰ গুড় মিহলি কৰি চেকি লৈ খালে মূৰৰ বিষ তৎক্ষণাত নাইকিয়া হয়।

*তুলসীৰ পাত এমুঠি বটি লৈ মূৰত লেপ দি থলে মূৰৰ বিষৰ পৰা ৰেহাই পাব পাৰি।

*শুকান আমলখি এসপ্তাহৰো অধিক কাল সৰিয়হৰ তেলত ডুবাই ৰাখক। এই তেল মূৰত সানি থাকিলে মূৰৰ বিষ ভাল হ’ব।

*পুৱা খালী পেটত জেলেপি গাখীৰত তিয়াই খালে মূৰৰ বিষৰ পৰা আৰাম পাব পাৰি।

*সতেজ পদিনা পাত এমুঠি ভালদৰে ধুই বটি লৈ তাৰ ৰস উলিয়াই মূৰত কম কমকৈ হেঁচা লৈ মালিচ কৰিলে বিষ নাইকিয়া হয়।

*ঘিউত কেশৰ ১০ টুকুৰামান ভাজি লৈ শুঙি থাকিলে মূৰৰ বিষৰ পৰা আৰাম পোৱা যায়।

*এটা বাদামৰ শাহ সৰিয়হৰ তেলত বটি লৈ মূৰত সানিলে মূৰৰ বিষৰ পৰা মুক্তি পোৱা যায়।

*ত্ৰিফলা আৰু মিচিৰি ঘিউৰ লগত খালে মূৰৰ বিষৰ পৰা ৰেহাই পোৱা যায়।

*ফিকা চাহত নেমু এডোখৰ চেপি খালে মূৰৰ বিষৰ যন্ত্ৰণা নাইকিয়া হয়।

আদ-কপালী বিষ -

কাৰণ:

মূৰৰ এফলে অৰ্থাৎ কপালৰ এফালে হোৱা বিষকে ‘আদ-কপালী’ বুলি কোৱা হয়। সাধাৰণতে এই বিষ পুৱা সূৰ্য উদয় হোৱাৰ পিছৰে পৰা গোটেই দিনটো থাকে। এই বিষৰ তীব্ৰতা ইমানেই বেছি হয় যে, ৰোগীয়ে শুই, বহি, থিয় হৈ থাকিও যন্ত্ৰণাৰ পৰা ৰক্ষা নেপায়। এই বিষ পুৰুষতকৈ মহিলাৰ মাজত বেছিকৈ হোৱা দেখা যায়।

ঘৰুৱা দিহা:

*দৈ আৰু ভাত দিনটোত দুবাৰকৈ খাব।

*মৌৰ লগত নিমখ মিহলাই চেলেকি খাই থাকিলে এই ৰোগৰ যন্ত্ৰণা বহুগুণে কমে।

*পাঁচ ডোখৰ কেশত ঘিউত বটি লৈ শুঙিলে আদ-কপালীৰ বিষৰ পৰা মুক্তি পোৱা যায়।

*দুই-তিনি টোপাল নাৰিকলৰ  পানী নাকত টোপ টোপকৈ দি থাকিলে এই ৰোগৰ পৰা আৰাম পোৱা যায়।

*মূৰৰ বিষ যিফালে হৈছে, সেই ফালৰ নাকৰ বিন্ধাও সৰিয়হৰ তেল কেইটোপালমান দিলে এই বিষ নাইকিয়া হয়।

*হিং অকণমান কম পানীত গুলি শুঙিলেও এই বিষয়ৰ পৰা পৰিত্ৰাণ পোৱা যায়।

*কৰ্পূৰ আৰু ৰঙা লাও মিহলাই খালেও আদ-কপালী বা সূৰুজকপালীৰ বিষ নাইকিয়া হয়।

*নিশাদল একেৰাহে ৬-৭ দিন এবাৰকৈ খাই থাকিলে আদ-কপালী যন্ত্ৰণা নিৰাময় হয়।

হাড়ৰ গাঁঠিৰ বিষ -

*যনী গুটিৰ তেলেৰে মালিচ কৰিলে অস্থি সন্ধিৰ বিষ নিৰাময় হয়।

*কৰবী গছৰ পাত উতলাই বটি লওক। তাৰ লগত মিঠাতেল মিহলাই মালিচ কৰিলে গাঁথিৰ বিষ ভাল হয়।

*গাঁঠিৰ বিষ থকা ৰোগীয়ে নিয়মীয়াকৈ নহৰু(দিনে ৩-৪ ফোটা) খাই থাকিলে বিষ নিৰাময় হয়।

ৰক্তল্পতা:

কাৰণ:

শৰীৰত তেজ কমি গ’লে এই ৰোগ হয়। এই ৰোগত ভোগা ৰোগী অলপতে ভাগৰি পৰে আৰু অশান্তিত থাকে। মুখ আৰু গাটো নিস্তেজ আৰু শেঁতা হৈ থাকে আৰু হালধীয়া যেন দেখায়।

ঘৰুৱা দিহা:

*পালেং শাক যথেষ্ট পৰিমাণে খাব লাগে। পালেং শাকৰ চুপ, চালাদ খোৱাৰ লগতে দৈনিক দাইলত পালেং শাক দি ৰান্ধি খাব।

*প্ৰতিদিনে বীটৰ ৰস আধা কাপকৈ তিনি-চাৰিবাৰ খাব।

*গাজৰ, পালেং, জিলমিল(ভটুৱা), মৰিচা, মূলা, আপেল, আঙুৰ আৰু সুমথিৰা টেঙা খাব।

কাণৰ বিষ -

কাৰণ:

কাণৰ অধিক মাত্ৰাত মলি জমা হোৱা, কাণৰ দুৰ্ঘটনাজনিত আঘাত পোৱা, কণত পৰুৱা বা আন সৰু পোক আদি সোমোৱা, কাণৰ ভিতৰত ফোঁহা আদি হোৱাৰ কাৰণেই প্ৰধানকৈ কাণৰ বিষ হয়।

ঘৰুৱা দিহা:

*যিখন কাণত বিষ হয়, তাৰ বিপৰীতে ফালৰ কাণখনত চালকুঁৱৰীৰ পাতৰ ৰস টোপ টোপকৈ দি থাকিলে কাণৰ বিষ নিৰাময় হয়।

*চালকুঁৱৰীৰ ৰস সামান্য গৰম কৰি বিষাই থকা কাণত দি থাকিলে কাণৰ বিষ নাইকিয়া হয়।

*জামুগুটিৰ তেল বিষাই থকা কাণত দি থাকিলে কাণৰ বিষ কমে।

*ষষ্ঠীমধু সৰু সৰুকৈ, কাটি ঘিউৰ লগত মিহলাই অলপমান গৰম কৰি কাণৰ আশে-পাশে লেপ দি থলে কাণৰ বিষ নিৰাময় হয়।

*আদাৰ ৰস সামান্য গৰম কৰি কাণত টোপ টোপকৈ দি থাকিলে কাণৰ বিষ ভাল হয়।

*পিয়াজৰ ৰস উলিয়াই সামান্য গৰম কৰি কাণত টোপ টোপকৈ দি থাকিলে কাণৰ বিষ নাইকিয়া হ’ব।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

2.94736842105
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top