অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আইতাৰ দিহা :

আইতাৰ দিহাৰ বিষয়ে লিখা হৈছে ।

 

ছাল সম্বন্ধীয় সমস্যা -

গৰমৰ দিনত ছালৰ ভালেমান সমস্যাই দেখা দিব পাৰে। সেইবিলাকৰ ভিতৰত ছালত উঠা ফোঁহা, খজুৱতি আৰু ৰঙা চকলা উঠা বা ক’লা বা বগা দাগ পৰা আদিয়েই প্ৰধান। বহুসময় ধৰি ছালৰ ভাজত ঘাম লাগি থাকিলে বা বৰষুণৰ পানীত তিতি থাকিলে বা বৰষুণৰ পানীত তিতি থাকিলে, সেই ঠাইত বেক্টেৰিয়াৰ সংক্ৰমণ বা পানীয়ে খোৱা অথবা খৰ আদিও দেখা দিব পাৰে।

গৰম, ঠাণ্ডা যিকোনো ঋতুতেই মুখত ব্ৰণ বা শালমইনা, মূৰত চুলিৰ গুৰিত ফোঁহা বা উফিৰ সমস্যাই দিব পাৰে।

এনেবিলাক ছালৰ সমস্যা সাধাৰণ কিছুমান ঘৰুৱা দ্ৰব্য অকলে বা কিছু অন্য দ্ৰব্য মিহলি কৰি নিয়মমতে লগাই থাকিলে নিৰাময় হয়। কিছুমান ছালৰ সমস্যা চিৰদিনৰ কাৰণে সমাধান হয় আৰু কিছুমান বছৰটোৰ একোটা বিশেষ ঋতুৰ বাবে প্ৰতিৰোধ হৈ থাকে।

তাৰে কিছু দিহা তলত দিয়া হৈছে। ইচ্ছুক ব্যক্তিয়ে(পুৰুষ অথবা মহিলা) এই দিহাবোৰ মানি চলিবলৈ যত্ন কৰি চাওকচোন। একো একোটা সমস্যাৰ বাবে ভালেকেইটা দিহা দিয়া হৈছে। ইয়াৰ ভিতৰৰে কোনোবা এটা দিহাই নিশ্চয় আপোনাৰ সমস্যাবোৰ সমাধান কৰিবই।

ব্ৰণ বা শালমইনা -

*দৈৰ ঘোলেৰে মুখ ধুই থাকিলে ব্ৰণ উঠা বন্ধ হয় আৰু ব্ৰণৰ দাগো নাইকিয়া হয়।

*সুমথিৰা টেঙাৰ বাকলি ব্ৰণৰ ওপৰত ঘঁহি থাকিলে ব্ৰণৰ জ্বলা-পোৰা বিষ আদি নাইকিয়া হয় আৰু বেছি যন্ত্ৰণা নিদিয়াকৈ বহি যাব।

*জামুৰ গুটি পানীৰ সৈতে খহটা পতাত ঘঁহি গুড়িবোৰ ব্ৰণৰ ওপৰত সানিলে ব্ৰণ বহি যায় আৰু নতুনকৈ ব্ৰণ নোলায়।

*বেছিকৈ পকি যোৱা অমিতা এডোখৰ বাকলি গুচাই হাতেৰে পিটিকি মুখৰ ওপৰত কিছু সময় ধৰি মালিচ কৰক। ১৫-২০ মিনিটৰ পিছত যেতিয়া মুখৰ ওপৰত লগা অমিতাৰ প্ৰলেপটো শুকাই আহিব, তেতিয়া ঠাণ্ডা পানীৰে ধুই পেলাওক। মুখখন শুকান টাৱেল বা গামোচাৰে ভালদৰে মুচি লোৱাৰ পিছত নাৰিকল বা তিল তেল ঘঁহি মালিচ কৰক। প্ৰতিদিনে এবাৰকৈ এসপ্তাহ ধৰি একেৰাহে এই ব্যৱস্থা গ্ৰহণ কৰিলে মুখমণ্ডল জিলিকি উঠিব আৰু ব্ৰণো কেতিয়াও দেখা নিদিব।

*১০ গ্ৰাম সতেজ বেচন আৰু ১০ গ্ৰাম হালধি গুড়ি দৈৰ সৈতে মিহলাই মুখত সানক। শুকাই গ’লে ধুই পেলাওক। ব্ৰণ নাইকিয়া হ’ব আৰু মুখৰ ছালো কোমল আৰু উজ্জ্বল হৈ উঠিব।

*এটা মধ্যমীয়া জোখৰ আলু মিহিকৈ কুটি লওক। ইয়াৰ লগত নেমুৰ ৰস আৰু মুলতানী মাটি মিহলাই পতাত বটি লৈ পেষ্ট এটা বনাই লওক। এই পেষ্ট মুখত বিছ মিনিট সময় লগাই থৈ পিছত ঠাণ্ডা পানীৰে ধুই পেলাওক। মুখত পৰা ব্ৰণৰ ক’লা দাগ পৰিষ্কাৰ কৰি মুখমণ্ডলৰ ছাল উজ্জ্বল আৰু মিহি কৰি তুলিব।

*আদা এডোখৰ বটি ৰস উলিয়াই লওক। এই ৰসৰ লগত এচিকুট নিমখ মিহলাই ৰাতি মুখমণ্ডলত সানি লওক। পুৱা ভালদৰে ধুই পেলাওক। এই দিহা মানি চলিলে ছালখন দাগ ফোঁহা আদিৰ পৰা মুক্ত হৈ কোমল আৰু উজ্জ্বল হৈ উঠিব।

*জায়ফল আৰু ৰঙা চন্দন খহটা পতাত ঘঁহি গুড়িবোৰ মুখত সানি থওক। শালমইনা নাইকিয়া হ’ব আৰু ছালত পৰা দাগো পৰিষ্কাৰ হৈ উঠিব।

*নিম গছৰ শিপা পানীৰ লগত খহটা শিলত ঘঁহি গুড়িবোৰ ব্ৰণৰ ওপৰত লগালে ব্ৰণ বহি যায়।

*সুমথিৰা টেঙাৰ বাকলি ছাঁত শুকুৱাই মিহিকৈ বটি গুড়ি গোলাপজলৰ লগত মিহলাই মুখত সানক। ব্ৰণ বহি আৰু ছালখনো নিমজ হ’ব।

*এমুঠি মচুৰ দাইল ভালদৰে ধুই লৈ গুড়ি কৰি লওক। এই গুড়িৰ গাখীৰ, কৰ্পূৰ আৰু ঘিউ মিহলাই মুখত সানক। মুখৰ ব্ৰণৰ দাগ নাইকিয়া হ’ব।

*এটা বাতিত গৰম পানী লৈ তাত এচামুচ নিমখ মিহলাই লওক। তাত অকণমান কপাহ তিয়াই মুখমণ্ডলত দেখা দিয়া শালমইনাৰ ওপৰত লগাওক। অকণমান গৰম হৈ থাকিলে ভয় নকৰিব। এই ব্যৱস্থা একেবাৰে দহ দিন লগালে ব্ৰণ একেবাৰে শেষ হ’ব।

*একাপ গাখীৰত এচামুচ নেমুৰ ৰস মিহলাওক। পুৱাতে এই মিশ্ৰণ প্ৰস্তুত কৰি ৰাতি মুখখন পৰিষ্কাৰ কৰি ধুই এই মিশ্ৰণ সানক। পুৱা মুখখন ধুই পেলাওক। কেইদিনমান এই মিশ্ৰণ প্ৰয়োগ কৰি চাওকচোন, ছালখন কোমল আৰু পৰিষ্কাৰ হৈ পৰিব।

*নিম, তুলসী, মেথি আৰু পদিনাৰ পাত সম পৰিমাণত লৈ বটি লওক। ইয়াৰ লগত মুলতানী মাটি, অকণমান কৰ্পূৰ আৰু সুমথিৰা টেঙাৰ পেষ্ট মিহলাই মুখত সানক। সম্পূৰ্ণকৈ শুকাই গ’লে ধুই পেলাওক। এই পেক ব্যৱহাৰ কৰিলে ব্ৰণ নাইকিয়া হ’ব আৰু প্ৰতিৰোধ হ’ব।

*নেমুৰ ৰস, বাদাম(আলমণ্ড), তেল আৰু গ্লিচাৰিণ সমপৰিমাণত মিহলাই বটলত ভৰাই থওক। এই মিশ্ৰণৰ অকণমান লৈ পুৱা মুখত ঘঁহি ঘঁহি সানক। দীৰ্ঘদিন ধৰি এই মিশ্ৰণ সানি থাকিলে মুখত ব্ৰণ ওলাব নোৱাৰে।

মুখৰ দাগ -

*চিৰঞ্জী, মচুৰ দাইল আৰু হালধীয়া সৰিয়হ- তিনিওবিধ একে সমান পৰিমাণত লৈ মিহিকৈ গুড়ি কৰি লওক। ৰাতি গৰম পানীৰে মুখ ধুই এই মিশ্ৰণেৰে বনোৱা প্ৰলেপ মুখত সানক। মুখৰ দাগ আৰু বলিৰেখা আঁতৰিব।

*মচুৰ দাইল এমুঠি ঘিউত ভাজি ভালদৰে গুড়ি কৰি লওক। এই গুড়ি গাখীৰত মিহলাই প্ৰলেপৰ দৰে মুখত সানক। দাগ, বলি ৰেখা, শালমইনা নাইকিয়া হৈ যাব।

*নেমুৰ ৰসৰ লগত মৌ মিহলাই মুখত সানক আৰু নিয়মীয়াকৈ অলিভ অয়লেৰে মালিচ কৰক। মুখৰ দাগ পৰিষ্কাৰ হ’ব।

*দৈ ওপৰত ডাঠ চামনিটো উলিয়াই তাৰে মুখমণ্ডল মালিচ কৰক। পোন্ধৰ মিনিট পিছত ধুই পেলাওক।

*দৈৰ পানীৰে পুৱা গা-ধোৱাৰ আগতে মুখখন মালিচ কৰক। ১০ মিনিটৰ পিছত ধুই পেলাওক।

*হালধিৰ গুড়ি আকণৰ আঠাৰ লগত মিহলাই পাতল পেষ্ট এটা প্ৰস্তুত কৰি লওক। ৰাতি শোৱাৰ আগতে এই পেষ্ট মুখৰ ওপৰৰ পৰা বলি ৰেখা বা কোচ খোৱা ছালৰ ওপৰত লগাওক।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

3.22222222222
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top