মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / আকস্মিক দুৰ্ঘটনা আমাৰ কৰণীয় :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আকস্মিক দুৰ্ঘটনা আমাৰ কৰণীয় :

আকস্মিক দুৰ্ঘটনা আমাৰ কৰণীয়ৰ বিষয়ে লিখা হৈছে ।

 

আমাৰ দৈনন্দিন জীৱনত বিভিন্ন ধৰণৰ ঘটনা ঘটে। আমি সাৱধান হৈ থাকিলেও বা অসাৱধানতাবশতঃভাৱেই হওক নানা ঘটনাৰ সন্মুখীন হ’বলগীয়া হয়। এইক্ষেত্ৰত আকস্মিক দুর্ঘটনাৰ পৰা বাচি থাকিবলৈ আটাইতকৈ সহজ উপায়বিধ হ’ল— সাৱধানতা। ‘বাচি খাবা, জাগি শুবা৷” কথাষাৰ জীৱনৰ প্ৰতি মুহুৰ্ততে কামত আহে। কিন্তু তাৰ পিছতো যদি দুর্ঘটনা সংঘটিত হয়, তেন্তে যথোচিত উপায় অৱলম্বন কৰাটো নিতান্তই জৰুৰী। এই উপায়সমূহৰ ক্ষেত্ৰত পৰামর্শ বিচাৰি আমি কাষ চাপিছিলো গুৱাহাটীৰ ডাউন টাউন হাস্পতালৰ মেডিচিন বিভাগৰ বিশেষজ্ঞ ডাঃ মানৱেন্দ্ৰ নায়কৰ।

অভিজ্ঞতাসম্পন্ন বিশেষজ্ঞ চিকিৎসক ডাঃ মানৱেন্দ্ৰ নায়ক ডাঙৰীয়াৰ পৰামর্শ মতে -

যেতিয়া পথ দুর্ঘটনাত কোনো লোক আঘাতপ্রাপ্ত হয়, তেতিয়া প্রথমেই তেখেতে শৰীৰৰ কোন অংশত বেছিকৈ দুখ পাইছে সেয়া পৰীক্ষা কৰা উচিত। যদি তেওঁ অচেতন হৈ পৰিছে, তেন্তে মূৰত দুখ পাইছে বুলি ভাবিব পাৰে। কাৰণ মূৰত দুখ পালেহে সাধাৰণতে অচেতন হোৱাৰ সম্ভাৱনা থাকে। প্রাথমিক পর্যায়ত তেওঁৰ শ্বাস-প্রশ্বাস ঠিকে আছে নে নাই, ধমনী পাল্‌চ আছে নে নাই, তেজ ওলাইছে নেকি বা ৰক্তক্ষৰণ হৈছে নেকি সেয়া পৰীক্ষা কৰিব লাগে। যিমান সোনকালে পাৰে আটাইতকৈ ওচৰৰ চিকিৎসালয়খনলৈ লৈ যাব লাগে।

হঠাৎ খোজকাঢ়ি গৈ থকা লোক এজন পৰি যায় তেন্তে বুজিব লাগিব ব্রেইন বা হাৰ্টৰ সমস্যা আছে। তেনে লোকৰ হঠাৎ এটেক, ষ্ট্ৰ’ক আদি হ’ব পাৰে,মূৰ ঘূৰাইও পৰিব পাৰে বা অন্যান্য সমস্যাও থাকিব পাৰে। হৃদযন্ত্ৰৰ যোগাযোগ প্রক্রিয়াত ব্লক থাকিব পাৰে— তেনে ধৰণৰ লোকক লগে লগে ECG, CT Scan কৰিব পৰা অত্যাধুনিক সকলো দৰকাৰী সা-সৰঞ্জাম থকা চিকিৎসালয়লৈ নিব লাগে। কেতিয়াবা মগজুত ৰক্তক্ষৰণো হ’ব পাৰে। ক্রনিক ডিজিজৰ ফলতো কেতিয়াবা হ’ব পাৰে— ক্রনিক কিড্‌নী ডিজিজ, ক্রনিক লিভাৰ ডিজিজ বা ছডিয়াম, পটাছিয়াম কমি যোৱাৰ বাবে, ঔষধ সেৱনৰ ফলতো অচেতন হ’ব পাৰে। গতিকে চিকিৎসালয়লৈ খৰখেদাকৈ নিলেহে কাৰণটো উলিয়াই সেইমতে তৎক্ষণাত চিকিৎসা প্রদান কৰিব পৰা যাব।

(আকস্মিকভাৱে) অগ্নিদগ্ধ :

 

অগ্নিদগ্ধ কিমান পৰিমাণে হৈছে সেয়া প্রথমেই চাব লাগে। ৫%, ১০%, ২০%, ৫০% যিমান শতাংশই নহওক ঘৰত বেছি সময় ৰখা উচিত নহয়। ৫০% শতাংশ অগ্নিদগ্ধ হোৱা মানেই চিন্তনীয় বিষয়। সাধাৰণভাৱে পুৰিলে ঠাণ্ডা পানীৰে ধুব পাৰে, কলগেট আদি বস্তু লগাব নালাগে। কেমিকেল থকা যিকোনো বস্তু লগোৱা অনুচিত। মেডিকেটেত অইনমেন্ট লগাব পাৰে, বৰফ লগাব পাৰে। গছ-লতা বটি কেতিয়াও লগাব নালাগে। অগ্নিদগ্ধ হ’লে শৰীৰৰ পানীভাগ বহু পৰিমাণে কমি যায়। গতিকে পানী আৰু বিশেষকৈ ORS খাই থাকিব লাগে। সকলো চিকিৎসালয়ত বার্ণ কেয়াৰৰ সা-সুবিধা নাথাকে। কিমান অংশ অগ্নিদগ্ধ হৈছে সেয়া নির্ধাৰণ কৰিহে চিকিৎসা প্রদান কৰাৰ কথা ভাবিব পাৰিব চিকিৎসকসকলে। অগ্নিদগ্ধ লোকসকলৰ পূৰ্বৰ শাৰীৰিক সমস্যাৰ কথা জনাটো খুবেই জৰুৰী। যদি তেওঁৰ নিয়ন্ত্রণহীন মধুমেহ, কিড্‌নী ফেইল, লিভাৰ ডিজিজ আদি আনুষংগিক ৰোগ আছে যদি চিকিৎসকে কিছুমান নিয়মৰ মাজেৰেহে চিকিৎসা প্রদান কৰিব পাৰিব। অগ্নিদগ্ধ লোকক যথেষ্ট পৰিমাণে চেলাইন দিবলগীয়া হয়। সেয়ে আনুষংগিক সমস্যাৰ কথা জনাটো জৰুৰী।

কটা-ছিঙা আদি হ’লে প্রথমে চাব লাগে কিমান গভীৰভাৱে কাটিছে আৰু কোনবিধ সঁজুলিয়ে কাটিছে (কটাৰী, ছুৰী কটাৰী, দা, কুঠাৰ ব্লেড বা বাঁহৰ চোচ)। তেজ বন্ধ কৰিবলৈ হেঁচা মাৰি ধৰি থাকিব লাগে কটা অংশত। বেণ্ডেজ বা চাফা কপাহী কাপোৰেৰে টানকৈ বান্ধিব লাগে। অৱশ্যে সিমানো টান কৰিব নালাগে—যাৰ ফলত তেজ চলাচল বন্ধ হৈ পৰি অক্সিজেনৰ যোগানো বন্ধ হৈ যাব পাৰে। কেতিয়াবা কটাৰ গভীৰতালৈ চাই চিলাবলগীয়া হ’ব পাৰে নতুবা প্লাষ্টিক চার্জাৰীও কৰাবলগীয়া হ’ব পাৰে। গতিকে প্রাথমিক যত্নখিনি লৈ হাস্পতাললৈ যাব লাগে। কটা টুকুৰা পৰিষ্কাৰকৈ ধুই দিব লাগে। টিটেনাছ টক্সাইড ল’ব লাগে। যদি আগতে লোৱা আছে, চিকিৎসকৰ সৈতে পৰামর্শ কৰিব লাগে। অৱহেলা একেবাৰে কৰিব নালাগে।

তেজ মৰি শৰীৰৰ কোনো অংশ ক’লা পৰিলে কেতিয়াও নিজে বেজীৰে বা অন্য সঁজুলিৰে ফুটাই দিব নালাগে। অন্তৰ্ভাগত কেতিয়াবা আঘাতপ্রাপ্ত হৈও ই হ’ব পাৰে—যাক হিম'টমা বুলি কোৱা হয়। খেলা-ধূলা কৰোতে বা পৰিলে ভৰি, হাত, চকু কপাল, মূৰ, পেট আদিত হিম'টমা হ’ব পাৰে। কেতিয়াবা ফুটাই নিদিলেও নিজে নিজে ভাল হয়। গতিকে চিকিৎসকৰ পৰামর্শ অনুসৰিহে সিদ্ধান্ত লোৱা উচিত।

মাংসপেশী, হাড়, জোৰা আদিত দুখ পালে, কচকা লাগিলে কেতিয়াও মালিচ কৰিব নালাগে। গৰমপানীৰ সেক দিয়াৰ সলনি ঠাণ্ডা পানীহে লগাব লাগে। চূণ, গছৰ পাত, লতাৰ প্রলেপ দিয়াও উচিত নহয়। Pain spray কৰিলেও দূৰৈৰ পৰা কৰা উচিত। চিকিৎসকৰ ওচৰলৈ লৈ যাব লাগে। MRI, X-ray আদি প্ৰয়োজন সাপেক্ষে কৰাবলগীয়া হ’ব পাৰে।

হিটষ্ট্ৰ’ক, ব্রেইন ষ্ট্র’ক, হার্ট ষ্ট্ৰ'ক আদি হোৱাৰ কাৰণ প্রত্যেকৰে ক্ষেত্ৰত বেলেগ বেলেগ হ’ব পাৰে। ৰক্ত পৰিবাহী নলী Block হ’লে অক্সিজেনৰ সংবহন প্রক্রিয়া বন্ধ হ’ব পাৰে। গতিকে ষ্ট্ৰ'ক হ’লে ততাতৈয়াকৈ চিকিৎসালয়লৈ নিব লাগে। ৬ ঘণ্টা সময় এনেধৰণৰ ৰোগীৰ বাবে গুৰুত্বপূর্ণ। হাৰ্ট ষ্ট্র’ক হ’লে অচেতন হ’ব পাৰে ২ ছেকেণ্ড মানৰ বাবে হ’লেও। ব্রেইন ষ্ট্ৰ’ক হ’লে কথা ক’ব নোৱাৰা হৈ যাব পাৰে, অচেতন হ’ব পাৰে— গতিকে যিয়েই ৰোগীক এনে অৱস্থাত দেখা পায় তৎক্ষণাত কাষৰ চিকিৎসালয়খনলৈ লৈ যোৱা উচিত।

বয়সৰ লগে লগে মানুহৰ কাম কৰাৰ ক্ষমতা কমি আহে। এই বৃদ্ধ বয়সত পৰা-ধৰা হ’লে, মূৰত দুখ পালে বিশেষভাৱে গুৰুত্ব দিব লাগে। কাৰণ মূৰত দুখ পালে তেওঁ অচেতন হৈ পৰিব পাৰে, ভিতৰত ৰক্তক্ষৰণ হৈ থাকিব পাৰে। কেতিয়াবা দুখ পোৱাৰ ১৫ দিনৰ পিছতহে অচেতন হৈ পৰা দেখা যায়। তেনে লক্ষণ দেখিলে বুজিব লাগিব যে ভিতৰত গোপনে টোপাল টোপালকৈ তেজ পৰি আছে। দুখ পালে কেতিয়াও পানী ঢালিব নালাগে। মূৰত দুখ পালে CT Scan কৰাব লাগে যাতে আঘাতপ্রাপ্ত হোৱা ঠাই আৰু গভীৰতাৰ বিষয়ে গম পোৱা যায়। পানীত ডুবা মানুহজনৰ প্রথম শ্বাস-প্রশ্বাস পৰীক্ষা কৰিব লাগে।

নাকৰ পৰা হঠাৎ তেজ ওলালে ডিঙিটো পিছলৈ হাওলাই ৰাখিব লাগে।

জ্বৰ আদিত পেৰাচিটামলৰ বাহিৰে অন্য কোনো ঔষধ লোৱা উচিত নহয়।

চিকিৎসকৰ পৰামৰ্শ আৰু চিকিৎসা গ্রহণ কৰাটো যিকোনো ক্ষেত্ৰত সুৰক্ষিত হয়।

ডাঃ মানৱেন্দ্ৰ নায়ক ডাঙৰীয়াই উপৰোক্ত পৰামৰ্শসমূহৰ উপৰিও কয় যে যিকোনো আকস্মিক ঘটনাৰ ক্ষেত্ৰত আমাৰ সাৱধানতা আৰু সচেতনতাইহে প্রাথমিক পর্যায়ত ৰক্ষা কৰে। প্ৰাথমিক যত্ন বহু ধৰণে ল’ব পাৰি বা চিকিৎসালয়লৈ নিয়াৰ আগত বা পথত আক্রান্তজনক সাময়িক সকাহ দিবলৈ বহু ধৰণৰ ব্যৱস্থা আছে। কিন্তু তাৰ কাৰণে আমি সাধাৰণ লোকে উপযুক্ত প্রশিক্ষণ লোৱাটো নিতান্তই জৰুৰী। তেখেতৰ মতে প্রাথমিক বিদ্যালয়ৰ পৰাই চিকিৎসা বা স্বাস্থ্য ক্ষেত্ৰত উপযুক্ত শিক্ষা প্রদান কৰা উচিত। শিশুহঁত দশম শ্রেণী পায়গৈ মানে প্রাথমিক চিকিৎসাৰ বহুখিনি শিক্ষাৰে শিক্ষিত হৈ পৰিব। অন্য দেশৰ তুলনাত আমি এইক্ষেত্ৰত খুবেই পিছপৰি আছো। চিকিৎসালয় আৰু চিকিৎসকৰ কাষ পোৱা আগলৈকে উপযুক্ত মেডিকেল শিক্ষাৰে আমি যিকোনো লোকক অন্ততঃ বচাই ৰাখিব পাৰিম। ইয়াৰ প্রয়োজনীয়তা আমি প্ৰতিজন নাগৰিকে উপলব্ধি কৰিব লাগে।

আমাৰ একাংশ লোকৰ অভ্যাস আছে। চিকিৎসকৰ পৰামর্শ অবিহনে ফার্মাচীৰ পৰা ঔষধ ক্রয় কৰি গ্ৰহণ কৰা। এয়া খুবেই অনুচিত কথা, এনেকৈ নিজৰ শৰীৰ তথা স্বাস্থ্যলৈ ভাবুকিহে মাতি অনা হয়।

গতিকে ঘটনা নঘটিবলৈ সাৱধান হৈ থকাই আটাইতকৈ উচিত কথা। আকস্মিক দুর্ঘটনাৰ প্রাথমিক পর্যায়ৰ চিকিৎসা বা যত্নৰ আমি প্রশিক্ষণ লোৱা উচিত। আৰু ফাৰ্মাচীৰ পৰা নিজে ঔষধ ক্রয় কৰি সেৱন কৰা অনুচিত। সৰু সৰু কথাবোৰ মানি চলিব পাৰিলে আটাইতকৈ মূল্যৱান আমাৰ জীৱনটো আমি নিশ্চয় ৰক্ষা কৰি চলিব পাৰিম।

লেখিকা: ৰীতু গগৈ

2.89285714286
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top