মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / আকস্মিক দুৰ্ঘটনাত প্ৰাথমিক চিকিৎসা আৰু কৰণীয়
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আকস্মিক দুৰ্ঘটনাত প্ৰাথমিক চিকিৎসা আৰু কৰণীয়

আকস্মিক দুৰ্ঘটনাত প্ৰাথমিক চিকিৎসা আৰু কৰণীয়ৰ বিষয়ে লিখা হৈছে

সাম্প্রতিক সময়ত দুর্ঘটনাৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাব লাগিছে। দৈনিক বাতৰিকাকত আৰু দূৰদৰ্শন চালে প্রায়েই দুৰ্ঘটনাৰ কথা শুনিবলৈ বা দেখিবলৈ পোৱা যায়। ১৮–৩০ বছৰৰ ভিতৰৰ যুৱকৰ মাজত এই দুর্ঘটনাৰ সংখ্যা আটাইতকৈ বেছি৷ এনে হোৱাৰ কাৰণ বিশ্লেষণ কৰি চালে প্ৰধানকৈ এইকেইটা দিশ দেখা পোৱা যায়।

  • তীব্ৰবেগত মটৰ চাইকেল চলোৱাৰ প্ৰৱণতা।
  • ট্রেফিক নিয়মসমূহ উলংঘা কৰা।
  • হেলমেট পৰিধান নকৰা।
  • ৰাস্তা-ঘাটৰ পুতৌ লগা অৱস্থা।
  • দৈনিক বৃদ্ধি পাই অহা গাড়ী-মটৰৰ সংখ্যা।

যিহেতু জীৱন অমূল্য, গতিকে দুর্ঘটনাগ্রস্ত ব্যক্তি এজনক সামর্থ্য অনুসৰি সেৱা আগবঢ়োৱাটো প্ৰতিজন সু-নাগৰিকৰ কর্তব্য। দুর্ঘটনাগ্রস্ত লোক এজনক তিনি প্রকাৰে সেৱা আগবঢ়োৱাৰ স্থল থাকে।

  • দুৰ্ঘটনাস্থলীত: দুৰ্ঘটনাত আঘাত পোৱা ব্যক্তিক সেৱা আগবঢ়োৱাজনক "আঘাতৰ প্রতি প্রতিক্রিয়া দেখুওৱা প্রথম ব্যক্তি” (Trauma First Responder – টি এফ আৰ)  বুলি কোৱা হয়। নিকটৱর্তী স্থানত থকা যিকোনো ব্যক্তি টি এফ আৰ হ’ব পাৰে।
  • টি এফ আৰজনে আঘাতপ্রাপ্ত ব্যক্তিজনক পাৰ্যমানে সেৱা আগবঢ়াই নিকটৱৰ্তী চিকিৎসালয়লৈ লৈ যোৱাৰ ব্যৱস্থা কৰিব লাগে আৰু গন্তব্যস্থান নোপোৱা পর্যন্ত শুশ্ৰূষা কৰিব লাগে।
  • চিকিৎসালয় পোৱাৰ পাছত আঘাতপ্রাপ্ত লোকজনক চিকিৎসক তথা ধাত্ৰীসকলে চিকিৎসা প্রদান কৰিব। এই কথা ঠিক যে টি এফ আৰজনৰ সেৱাৰ ফলতেই আঘাতপ্রাপ্ত বহুত ব্যক্তি উপকৃত হয় আৰু অমূল্য জীৱন ৰক্ষা পৰে।

প্ৰাথমিক চিকিৎসাৰ সজ্জা

 

সাধাৰণতে এটা আদর্শ প্রাথমিক চিকিৎসাৰ সজ্জাত থাকিব লগীয়া সামগ্ৰীসমূহ হৈছে-

  • বিভিন্ন আকাৰ আৰু আকৃতিৰ প্লাষ্টাৰ।
  • ক্ষুদ্র, মধ্যম আৰু বৃহৎ আকাৰৰ বীজাণুমুক্ত গজ পোছাক।
  • বীজাণুমুক্ত ড্ৰেচিং সামগ্ৰী।
  • ক্ৰেপ কাপোৰ ঘূর্ণিত বেণ্ডেজ।
  • ছেফটি পিন।
  • ডিছপজেব্‌ল বীজাণুমুক্ত হাতমোজা।
  • স্পিৰিটযুক্ত পৰিস্কাৰ বাইপছ।
  • আঠাযুক্ত টেপ।
  • বীজাণুনাশক মলক।
  • ঘা পৰিষ্কাৰৰ কাৰণে ব্যৱহৃত পানী।

যদিহে জৰুৰী সময়ত প্রাথমিক চিকিৎসা সজ্জা মজুত নাথাকে, তেন্তে ওচৰতে পোৱা চাফা কাপোৰেৰে ৰক্তক্ষৰণ হৈ থকা ঠাইখিনি বান্ধি দিব লাগে। আৰু ততাতৈয়াকৈ নিকটৱর্তী চিকিৎসালয়লৈ লৈ যাবলৈ পৰিবহণৰ ব্যৱস্থা কৰিব লাগে।

দুৰ্ঘটনাগ্ৰস্ত লোকজনক দিব লগা প্ৰাথমিক চিকিৎসা সেৱা

 

প্রাথমিক চিকিৎসা সেৱা প্রদান কৰাৰ আগতে লোকজনক সুস্থিৰ কৰাটো প্রয়োজন। তাৰ কাৰনে আমি অতি সহজভাৱে A, B, C তিনিটা অতি প্রয়োজনীয় কথা মনত ৰখা আৱশ্যক।

A-Air way (উশাহ-নিশাহ চলাচলৰ পথ)

B - Breathing (শ্বাস-প্ৰশ্বাস)

C- Circulation (ৰক্ত সংবহন) আৰু Chest Compression (বুকু সংপীড়ন)।

  • যদি ব্যক্তিজনৰ বায়ু চলাচলৰ পথ বন্ধ হৈছে, তেন্তে মানুহজনক সুস্থিৰ কৰিবৰ নিমিত্তে উশাহ-নিশাহ চলাচলৰ পথ অৰ্থাৎ নাক, মুখ চাফা কৰি দিব লাগে। -যদিহে কিবা বস্তুৱে বাধা প্রদান কৰি আছে।
  • জিভাখনৰ অৱস্থানৰ সুস্থিৰ ৰাখিবৰ কাৰণে মানুহজনক একতীয়াকৈ শুৱাই দিব লাগে।
  • মানুহজনৰ শ্বাস-প্রশ্বাসক হাৰ আৰু গভীৰতা লক্ষ্য কৰিব লাগে আৰু সেই অনুসৰি ব্যৱস্থা ল’ব লাগে।
  • যদি মানুহজনৰ অধিক ৰক্তক্ষৰণ হৈছে তেতিয়া পৰিষ্কাৰ কাপোৰেৰে জোৰেৰে বান্ধি দিব লাগে আৰু চিকিৎসালয়লৈ লৈ যোৱাৰ ব্যৱস্থা কৰিব লাগে।
  • যদি লোকজন সংজ্ঞাহীন হৈ পৰে তেতিয়া লগে লগে তেওঁৰ Pulse জুখিব লাগে আৰু মানুহজনে উশাহ-নিশাহ লৈ আছে নে নাই সেয়া নিৰীক্ষণ কৰিব লাগে।
  • যদি উশাহ-নিশাহ কম হৈ গৈছে তেতিয়া ৩০ বাৰ বুকুত সংপীড়ন দিব লাগে আৰু দুবাৰ ব্যক্তিজনৰ মুখত নিজৰ মুখ থৈ উশাহ দিব লাগে।
  • তেতিয়াও যদি একো পৰিৱর্তন দেখা নাযায়, তেতিয়া Defibrillator Machine সাজু কৰিব লাগে। যন্ত্ৰটোৰ (Machine) লগত সংযুক্ত হৈ থকা পেড দুখনৰ এখন সোঁ বুকুৰ ওপৰত আৰু আনখন বাওঁ বুকুৰ অলপ বাওঁফালে লগাব লাগে আৰু যন্ত্ৰটোৰ এনালাইজ (Analyze) বুটামটো টিপিব লাগে। বুটামটো টিপাৰ পাছত যন্ত্ৰটোৰ স্ক্ৰীনত  ‘ৰেডি’ (Ready) বুলি দেখা নোপোৱালৈকে অপেক্ষা কৰিব লাগে আৰু ‘ৰেডি’ বুলি দেখা লগে লগে ‘শ্বক’ বুটামটো টিপিব লাগে। নিজে ‘ইলেকট্রিক শ্ব’ক’ নাখাবৰ কাৰণে “শ্বক” বুটামটো টিপাৰ সময়ত দুৰ্ঘটনাগ্রস্তু লোকজনৰ শৰীৰৰ পৰা নিজৰ হাতখন আঁতৰাই থ'ব লাগে।

প্রাথমিক চিকিৎসাৰ উদ্দেশ্য

 

দুৰ্ঘটনাত আঘাতপ্রাপ্ত অথবা ৰোগাক্ৰান্তজনক এম্বুলেঞ্চ চিকিৎসক, পেৰামেডিকেলৰ লোক আহি পোৱাৰ আগতে যি সেৱা প্রদান কৰা হয় সেয়াই হৈছে সাধাৰণ ভাষাত প্রাথমিক চিকিৎসা। প্রাথমিক চিকিৎসাৰ উদ্দেশ্য হ’ল-

  • পৰম মূল্যৱান জীৱনক ৰক্ষা কৰা।
  • আঘাতপ্ৰাপ্ত তথা ৰোগাক্ৰান্ত সম্ভাব্য অৱনতি আৰু বিপদসংকুল অৱস্থাৰ পৰা ৰক্ষা কৰা।
  • আঘাতপ্রাপ্তজনক তথা ৰোগাক্ৰান্তজনক সম্ভাব্য অৱনতি আৰু বিপদসংকুল অৱস্থাৰ পৰা ৰক্ষা কৰা।
  • আঘাতপ্ৰাপ্ত যথা সময়ত উপযুক্ত চিকিৎসালয়লৈ স্থানান্তৰ কৰা।

ভাৰতীয় বিপদৰ বন্ধুৰ নিয়মাৱলী

 

বিপদৰ বন্ধুজন হৈছে- যিজনে নিজৰ ইচ্ছামতে এজন ৰোগাক্ৰান্ত বা আঘাতপ্রাপ্ত ব্যক্তিক সেৱাৰ হেতু আগবাঢ়ি আহে। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্র্যালয়ে ২০১৫ চনৰ মে’ মাহত ভাৰতীয় ৰাজ পত্ৰযোগে বিপদৰ বন্ধু নিয়মাৱলী প্রকাশ কৰে আৰু এই নিয়মসমূহ উচ্চতম ন্যায়ালয়ে ২০১৬ চনৰ ৩০ মাৰ্চত সমগ্ৰ ভাৰতবৰ্ষত প্রযোজ্য কৰিবলৈ বিধান দিয়ে। বিপদৰ বন্ধুৱে সেৱা প্রদান কৰি আঘাতপ্রাপ্ত ব্যক্তিজনক চিকিৎসালয়লৈ লৈ গৈ তেখেতৰ নাম, ঠিকনা, ফ’ন নম্বৰ নজনোৱাকৈ থাকিব পাবে।

বিপদৰ বন্ধুৰ কার্যপ্রণালীকেইটা হ’ল-

 

  • বিপদৰ বন্ধুজনে স্ব-ইচ্ছাৰে ৰোগাক্ৰান্ত বা আঘাতপ্রাপ্ত জনক সহায় কৰোঁতে জ্ঞান-বুদ্ধিমত্তাৰে এই কার্য সম্পাদন কৰিব।
  • দুর্ঘটনাত পতিত জনক প্রাথমিক চিকিৎসা প্রদান কৰাৰ লগতে আৰক্ষীক খবৰ দিয়াটোও তেখেতৰ দায়িত্বৰ ভিতৰত পৰে।
  • যদি আঘাতপ্রাপ্তজনক প্রাথমিক চিকিৎসা প্রদান কৰিব নোৱাৰে তেন্তে-অতি শীঘ্ৰে আৰক্ষী অথবা জৰুৰীকালীন সেৱাত নিয়োজিত লোকক সম্ভেদ দিব লাগ।
  • দুর্ঘটনাস্থলী সুৰক্ষিত কৰি নিজেও সুৰক্ষিত হৈ থাকিব লাগে।
  • সহায়ৰ সমল আহি নোপোৱা পর্যন্ত দুৰ্ঘটনাগ্ৰস্ত ব্যক্তিজনক সান্ত্বনা দিব লাগে।

দুৰ্ঘটনাগ্ৰস্ত লোকৰ সহায়ৰ বাবে সন্মতি প্ৰদান

 

  • যদি দুর্ঘটনাগ্রস্ত ব্যক্তিজন সজ্ঞান অৱস্থাত থাকে আৰু তেওঁ যদি চিকিৎসা সেৱা গ্রহণ কৰিবলৈ ইচ্ছা প্ৰকাশ নকৰে, তেনে ক্ষেত্ৰত পুলিচ অথবা অন্য জৰুৰীকালীন সেৱাত নিয়োজিত লোকক খবৰ দিব লাগে।
  • যদি দুর্ঘটনাগ্রস্ত লোকজন সংজ্ঞাহীন অৱস্থাত থাকে, তেন্তে লগে লগে চিকিৎসা সেবাৰ ব্যৱস্থা কৰাটো নিতান্ত প্ৰয়োজন।

গোপনীয়তা অৱলম্বন

 

যিকোনো দুৰ্ঘটনাগ্ৰস্ত লোকৰ গোপনীয়তা অৱলম্বন কৰা নিতান্তই আৱশ্যক। তেখেতৰ উন্মুক্ত হৈ থকা শৰীৰৰ অংগসমূহ ঢাকি দিব লাগে।

পৰিস্থিতি সাপেক্ষে প্ৰয়োজনীয়তাৰ মূল্য নির্ধাৰণ

 

বেছিভাগ সময়তে দুৰ্ঘটনাগ্ৰস্ত লোক এজনক কি ধৰণৰ সহায়ৰ প্রয়োজন, সেইটো দেখিয়েই বুজিব পাৰে। কিন্তু কেতিয়াবা কি হৈছে সেইটো নির্ণয় কৰা কঠিন হৈ পৰে। তেনে ক্ষেত্ৰত নিম্নলিখিত ধৰণেৰে পৰিস্থিতিৰ মূল্য নিৰ্ধাৰণ কৰিব লাগে-

  • আচলতে কি হৈছিল জানিবলৈ চেষ্টা কৰিব লাগে।
  • কেনেকৈ দুখ পালে ?
  • কেইজন লোক দুর্ঘটনাগ্রস্ত হৈছিল ?
  • তেওঁলোকৰ বয়স কিমান ?
  • তেওঁলোকক চিকিৎসালয়লৈ নিবলৈ পৰিবহণৰ ব্যৱস্থা কৰিছে নেকি ?

যদি আপুনি সহায় কৰিব পাৰে তেন্তে নিম্নলিখিত তথ্যসমূহ মজুত কৰাটো অতীব প্ৰয়োজনীয়।

  • দুর্ঘটনাত পতিত স্থানৰ ভৌগোলিক স্থিতি নির্ণয় কৰিব লাগে।
  • টেলিফ'নেৰে যোগাযোগ কৰি এম্বুলেঞ্চ মতাৰ ব্যৱস্থা কৰিব লাগে।
  • আৰক্ষীক খবৰ দিব লাগে।

ব্যক্তিগত সুৰক্ষাৰ ব্যৱস্থা

 

দুৰ্ঘটনাগ্রস্ত লোকক সহায় কৰাটো প্রশংসনীয় কিন্তু নিজৰো সুৰক্ষাৰ ব্যৱস্থা কৰাটো প্রয়োজনীয়। সেয়েহে নিম্নলিখিত ধৰণেৰে ব্যৱস্থা হ'লে ভাল।

  • চাবোন আৰু পানীৰে হস্ত প্রক্ষালন।
  • ৰক্তক্ষৰণ হৈ থকা ঠাইডোখৰ পোনপটীয়াকৈ স্পর্শ কৰিব নালাগে।
  • তীক্ষ্ণ বস্তুবোৰ সাৱধানে ব্যৱহাৰ কৰিব লাগে।

এই কার্যসমূহ কৰাৰ উদ্দেশ্য হৈছে যাতে আকস্মিকভাৱে সংক্ৰমণ হ’ব পৰা ৰোগৰ পৰা হাত সাৰিব পাৰি।

অস্থি ভাগিলে

 

অস্থি বা হাড় ভগাৰ লক্ষণসমূহ এনেধৰণৰ- তীব্র বিষ, ফুলি উখহি যোৱা, কেতিয়াবা ৰক্তক্ষৰণ হোৱা, কেতিয়াবা হাড়ডাল মাংসপেশী ফালি ওলাই অহা। অস্থি ভগা ব্যক্তিৰ যতন—

  • ওপৰত উল্লেখ কৰা A, B, C নিয়মকেইটা বাহাল ৰখা।
  • ভগ্ন হাত বা ভৰিখন লৰচৰ নকৰাকৈ ৰখা।
  • ভগ্ন হাত বা ভৰিখন কাপোৰেৰে বান্ধি ৰখা।
  • অনতিপলমে এম্বুলেঞ্চেৰে চিকিৎসালয়লৈ নিয়াৰ ব্যৱস্থা কৰা।

লেখক: ডা: বিপুল বৰঠাকুৰ, দৈনিক জনমভূমি।

3.20833333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top