মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / আকুপ্ৰেছাৰেৰে ৰোগ নিৰাময়
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আকুপ্ৰেছাৰেৰে ৰোগ নিৰাময়

আকুপ্ৰেছাৰেৰে ৰোগ নিৰাময় কেনেকৈ হয় লিখা হৈছে

 

সাম্প্ৰতিক কালত বিশ্বৰ প্ৰায় সকলো প্ৰান্ততে বিভিন্ন প্ৰকাৰৰ বিকল্প চিকিৎসা পদ্ধতিৰ জনপ্ৰিয়তা ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰা পৰিলক্ষিত হৈছে।বিকল্প চিকিৎসা পদ্ধতিবোৰ যথেষ্ট,ফলপ্ৰসু,কম খৰচী আৰু প্ৰায় পাৰ্শ্বক্ৰিয়াহীন হোৱা বাবেই এই চিকিৎসা পদ্ধতিবোৰক প্ৰতি মানুহৰ আগ্ৰহ তথা আকৰ্ষণ বৃদ্ধি পাবলৈ ধৰিছে।তদুপৰি,আধুনিক এলোপেথিক চিকিৎসা আপেক্ষিকভাৱে ব্যয়বহুল হোৱাৰ লগতে অধিকাংশ এলোপেথিক ঔষধৰে কম-বেছি পৰিমাণে পাৰ্শ্বক্ৰিয়া থকা বাবেও হয়তো সম্প্ৰতি বহু লোক বিকল্প চিকিৎসা পদ্ধতিৰ দিশে ধাৱিত হৈছে।সুদুৰ অতীতত উদ্ভাৱন হোৱা আৰু ক্ৰমাৎ বিস্মৃতিৰ গৰ্ভত লীন যাবলৈ ধৰা কেইবাবধো বিকল্প চিকিৎসা পদ্ধতি পুনৰুদ্ধাৰ কৰি,মানুহৰ মাজত সেইবোৰৰ প্ৰচলন আৰু প্ৰসাৰৰ বাবে অহোপুৰুষাৰ্থ কৰি আছে কিছুসংখ্যক লোকে।এনে এবিধ প্ৰাচীন বিকল্প চিকিৎসা পদ্ধতি হ’ল ‘আকুপ্ৰেছাৰ’(Acupressure)।বিগত কিছু বছৰ ধৰি আকুপ্ৰেছাৰ পদ্ধতিৰে চিকিৎসা কৰি অনেক ৰোগীক আৰোগ্যৰ পথলৈ আনিবলৈ সক্ষম হোৱা এগৰাকী বিশেষজ্ঞ হ’ল ডা: ডেইজী।বৰ্তমান তেওঁ গুৱাহাটীৰ চন্দ্ৰপুৰ ৰোডৰ আমগাওঁ তাড়িবাগানস্থিত নিজ বাসভৱনত প্ৰতিষ্ঠা কৰা আকুপ্ৰেছাৰ চিকিৎসা কেন্দ্ৰত বিভিন্ন ৰোগত আক্ৰান্ত লোকক চিকিৎসা প্ৰদান কৰি আছে।আকুপ্ৰেছাৰ পদ্ধতিত মুলত:ৰোগীৰ শৰীৰৰ নিৰ্দিষ্ট কেতবোৰ বিন্দু (point)ত হেঁচা (pressure) দি ৰোগ নিৰ্মুলৰ প্ৰয়াস কৰা হয়।

ডা: ডেইজীৰ ওচৰত চিকিৎসা গ্ৰহণ কৰি সুফল লাভ কৰা সাংবাদিক বিজয়ন্ত শৰ্মা পাঠকে আমাক এনেদৰে জনায়-‘ডা: ডেইজী আকুপ্ৰেছাৰ চিকিৎসা কেন্দ্ৰত চিকিৎসা গ্ৰহণ কৰি মই যথেষ্ট সুফল লাভ কৰিছো।আঠ বছৰমান পুৰ্বে মোৰ শৰীৰৰ সোঁফালটো মুৰৰ পৰা ভৰিলৈকে অসহনীয় বিষত জৰ্জৰিত হৈ পৰিছিল।বিষে মোক শাৰীৰিকভাৱে বিধ্বস্ত আৰু মানসিকভাৱে অতি দুৰ্বল কৰি পেলাইছিল।মই প্ৰথম দিনা ডা: ডেইজীৰ চিকিৎসা কেন্দ্ৰলৈ যাওঁতে ছিৰি বগাই দ্বিতীয় মহলাত থকা চিকিৎসা কেন্দ্ৰটোত উপস্থিত হোৱাটোও মোৰ বাবে এক বৃহৎ প্ৰত্যাহ্বানস্বৰুপ হৈ পৰিছিল।ডা:ডেইজী আৰু তেওঁৰ সহযোগী জোনালীয়ে আকুপ্ৰছাৰ পদ্ধতিৰ জৰিয়তে অতি দক্ষতাৰে মোক বিষ নিৰাময় চিকিৎসা প্ৰদান কৰিছিল।চিকিৎসাৰ আৰম্ভণিতে মোৰ ডিঙি আৰু কঁকালৰ বিভিন্ন বিন্দুত হেঁচা দিয়াৰ সমান্তৰালভাৱে শৰীৰৰ আন কেতবোৰ অংশত বিষ বাঢ়ি আহিছিল।মাজে মাজে হেঁচা অসহনীয় হৈ পৰিছিল।ডা: ডেইজীয়ে মোক জনোৱা মতে,মোৰ শৰীৰৰ নিৰ্দিষ্ট এটা বিন্দুত দিয়া হেঁচাই,সেই বিন্দুটোৰ সৈতে সম্পৰ্কিত আন এটা বিন্দুত উদ্ভৱ হোৱা বিষ নিৰাময়ত সহায় কৰিছিল।ডা: ডেইজীয়ে মৃদুৰ পৰা অতি দৃঢ় হেঁচা প্ৰয়োগ কৰি প্ৰণালীবদ্ধভাৱে মোক প্ৰদান কৰা আকুপ্ৰেছাৰ আৰু আনুষংগিক শাৰীৰিক অনুশীলনে মোৰ দেহলৈ ভাৰসাম্য আনি দিলে আৰু মই লাহে লাহে অসহনীয় শৰীৰী যন্ত্ৰণাৰপৰা মুক্ত হ’বলৈ ধৰিলো।

আধুনিক চিকিৎসা বিজ্ঞান অনুসৰি কেতবোৰ বিষ জাতীয় ৰোগ নিৰাময়ৰ কোনো উপায় নাই,নিয়মীয়াকৈ ঔষধ সেৱন আৰু ফিজিঅ’থেৰাপীৰ সহায় লৈ এই ৰোগবোৰ নিয়ন্ত্ৰণ কৰিহে ৰাখিব পাৰি।কিন্তু ডা: ডেইজী এই কথাৰ সৈতে একমত নহয়।তেওঁৰ মতে,দুৰাৰোগ্য বুলি ভবা কেতবোৰ বিষজাতীয় ৰোগো আকুপ্ৰেছাৰৰ জৰিয়তে নিৰাময় কৰিব পৰা যায়।আকুপ্ৰেছাৰ পদ্ধতিৰ জৰিয়তে শৰীৰৰ অৱৰুদ্ধ হৈ পৰা তথা গেঠেলা মাৰি থকা শক্তিৰ কেন্দ্ৰবিন্দুবোৰ শিথিল তথা মুকলি কৰি দিয়া হয়।অতি প্ৰাচীন কালতে উদ্ভৱ হোৱা আকুপ্ৰেছাৰ পদ্ধতি সময়ৰ লগে লগে ক্ৰমাৎ বিকশিত হৈ আহে আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত আকুপ্ৰেছাৰৰ বিভিন্ন প্ৰক্ৰিয়াৰ আৰ্বিভাৱ ঘটে।ধাৰণা কৰা হয় যে মানুহৰ শৰীৰৰ আঘাত পোৱা বা বিষোৱা অংশ হেঁচি ধৰা অথবা মালিচ কৰাৰ স্বাভাৱিক প্ৰবৃত্তিৰপৰাই আকুপ্ৰেছাৰৰ জন্ম হৈছিল।আমাৰ মুৰ বিষালে,আমি হাতেৰে মুৰটো মালিচ কৰিবলৈ ধৰো অথবা পিঠিৰ বিষ হ’লে হাতেৰে পিঠিত হেঁচি ধৰো,এইবোৰ হ’ল আমি অসচেতনভাৱে নিজৰ দেহত প্ৰয়োগ কৰা আকুপ্ৰেছাৰৰ উদাহৰণ।

আকুপ্ৰেছাৰ চিকিৎসা পদ্ধতি উদ্ভৱ হৈছিল প্ৰাচীন চীনত।অতীজত চীন দেশত নিজৰ শৰীৰত মালিচ কৰাৰ জৰিয়তে শৰীৰৰ হেৰাই যোৱা সজীৱতা তথা প্ৰাণোচ্ছলতা ঘুৰাই অনা পদ্ধতিৰ প্ৰচলন হৈছিল।ইয়াৰে হাতধৰি সেই দেশত কালক্ৰমত বস্তুনিষ্ঠভাৱে ৰোগ নিৰ্ণয় আৰু চিকিৎসাৰ কেতবোৰ বিধি-ব্যৱস্থাৰ সুচনা হৈছিল।দেশখনত শতিকাৰ পিছত শতিকাজুৰি অব্যৱহৃতভাৱে অব্যাহত থকা অধ্যয়ন-অনুসন্ধান-গৱেষণা আৰু তাৰ লগতে শক্তি তত্ত্ব আৰু শৰীৰৰ নিৰ্দিষ্ট বিন্দুবোৰ (points)ৰ আৱিষ্কাৰৰ সুবাদত আকুপ্ৰেছাৰ,আকুপাংচাৰ (Acupuncture),অ’ম’ক্সিবাছচন-(Omoxibustion আকুপাংচাৰ বিন্দুবোৰত তাপ প্ৰয়োগ কৰি কৰা চিকিৎসা),বনৌষধি চিকিৎসা প্ৰভৃতি চিকিৎসা পদ্ধতি বিকশিত হয়।

আকুপ্ৰেছাৰৰ মুল উদ্দেশ্য হ’ল শৰীৰৰ তথা মাংসপেশীত প্ৰণালীবদ্ধভাৱে হেঁচা প্ৰয়োগ কৰাৰ জৰিয়তে সেই বিন্দুবোৰ উদ্দীপিত কৰি,স্বাস্থ্য ঘুৰাই পোৱাৰ শৰীৰৰ নিজস্ব সামৰ্থ্যক সক্ৰিয় কৰি তোলা। আকুপ্ৰেছাৰৰ জৰিয়তে শৰীৰৰ নিৰ্দিষ্ট বিন্দুবোৰক উদ্দীপিত কৰিলে শক্তিৰ প্ৰতিবন্ধকতা আঁতৰি যায় আৰু ইয়াৰ পৰিপ্ৰেক্ষিতত মাংসপেশীৰ কলাত কেন্দ্ৰীভুত হৈ থকা বিষাক্ত পদাৰ্থবোৰৰ বিভংগন ঘটি,সেইবোৰ আঁতৰি যায়।মাংসপেশীৰ কলাত বিষাক্ত পদাৰ্থবোৰ কেন্দ্ৰীভুত হৈ থাকিলে ,লাহে লাহে গোটেই শৰীৰৰ মাংসপেশী জঠৰ হৈ পৰিবলৈ ধৰে।আকৌ মাংসপেশী জঠৰ হৈ পৰাৰ পৰিপ্ৰেক্ষিতত স্নায়ুতন্ত্ৰ,ৰক্ত আৰু নসীকা নলীত অস্বাভাৱিক হেঁচা পৰে,এনে হেঁচাৰ পৰিণতিত শৰীৰৰ হাড়ৰ মজ্জা আৰু আভ্যন্তৰীণ অংগবোৰৰ কাৰ্যত গুৰুতৰ নেতিবাচক প্ৰভাব পৰে।যথোপযুক্তভাৱে আকুপ্ৰেছাৰ কৰিলে মাংসপেশীৰপৰা বিষাক্ত পদাৰ্থবোৰ আঁতৰি যায় আৰু জঠৰ মাংসপেশী পুনৰ নমনীয় হৈ পৰে।প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে আকুপ্ৰেছাৰৰ জৰিয়তে কেৱল বিষজাতীয় ৰোগেই নহয়,আন বহু প্ৰকাৰৰ ৰোগ তথা শাৰীৰিক সমস্যা নিৰাময় কৰিব পৰা যায়।চীনৰ প্ৰাচীন চিকিৎসা পদ্ধতি অনুসৰি মানুহৰ শৰীৰৰ ভিতৰত শক্তি প্ৰৱাহিত হোৱা কেতবোৰ নিৰ্দিষ্ট গতিপথ আছে।মেৰিডিয়ান (Meridian)নামেৰে পৰিচিত শক্তিৰ এই গতিপথবোৰক একত্ৰিতভাৱে শৰীৰৰ শক্তি অহা-যোৱা কৰা ৰাজপথ(body’s energy highway system) আখ্যা দিব পাৰি।শৰীৰৰ শক্তি প্ৰৱাহিত হোৱা গতিপথবোৰ মুকলি হৈ থাকিলে তথা সেই গতিপথবোৰেৰে স্বচ্ছন্দ গতিত শক্তি প্ৰবাহিত হৈ থাকিলে,স্বাস্থ্যও বহুলাংশে ভালে থাকে।কোনো শাৰীৰিক বিজুতিৰ ফলত শক্তিৰ গতিপথত প্ৰতিবন্ধকতাৰ সৃষ্টি হ’লে,আঙুলিৰ হেঁচাৰ সঠিক প্ৰয়োগেৰে অৰ্থাৎ  আকুপ্ৰেছাৰৰ জৰিয়তে মাংসপেশীৰ চাপ হ্ৰাস কৰিব পৰা যায়,ইয়াৰ ফলত শৰীৰত ৰক্তৰ সঞ্চালন স্বাভাৱিক হৈ পৰে আৰু শক্তিৰ প্ৰবাহ উদ্দীপিত তথা ভাৰসাম্যযুক্ত হৈ পৰে।এনেদৰেই আকুপ্ৰেছাৰে সৰু-বৰ অনেক প্ৰকাৰৰ ৰোগ নিৰাময় আৰু স্বাস্থ্যৰ উৎকৰ্ষ সাধনৰ ক্ষেত্ৰত একপ্ৰকাৰ যাদুৰ দৰে কাম কৰে।

লেখক:অমল ভাগৱতী (দৈনিক অসম)

2.95454545455
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top