মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / আঙুলি অৱশ হ’লে কি কৰিব ?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আঙুলি অৱশ হ’লে কি কৰিব ?

আঙুলি অৱশ হ’লে কি কৰিব লাগে তাৰ বিষয়ে লিখা হৈছে ।

 

সাধাৰণতে গৰ্ভৱতী মহিলাৰ এই সমস্যা বেছিকৈ হয়। তেওঁলোকৰ হাতৰ আঙুলিবোৰ অৱশ হৈ যায়, জিনজিনায়, বিষায় বা কেতিয়াবা ফুলি উঠে। চিকিৎসা- বিজ্ঞানৰ ভাষাত এই সমস্যাক কাৰ্পাল টানেল ছিণ্ড্ৰম বুলি কোৱা হয়। পুৰুষৰ তুলনাত মহিলাৰ এই সমস্যা তিনি গুণ বেছি। আমাৰ হাতত কিছুমান সৰু সৰু টানেল বা গহ্বৰ আছে- যিবোৰক কাৰ্পাল টানেল বুলি কোৱা হয়। এইবোৰৰ জৰিয়তে বিভিন্ন সিৰা বা স্নায়ু হাতত প্ৰৱেশ কৰে। ইয়াৰ অন্যতম হ’ল ছিডিয়ান নাৰ্ভ। কোনো কাৰণত এই গহ্বৰত এই নাৰ্ভ চেপা খালে এইধৰণৰ সমস্যা হয়। গৰ্ভকালীন সময় বা মেন’প’জৰ সময়ত মহিলাৰ এই সমস্যা হোৱা দেখা যায়। থাইৰয়ডৰ সমস্যা, ডায়েবেটিছ, গাঁঠিৰ বিষৰ বাবেও এনে হ’ব পাৰে। কেতিয়াবা বেহেলাবাদক, গ’লফ খেলুৱৈ বা হাতেৰে কাম কৰা শিপিনী এই সমস্যাত ভোগা দেখা যায়। এই সমস্যাত নানাভাৱে চিকিৎসা হ’ব পাৰে। স্নায়ুৰ বিষ বেছিকৈ হ’লে বিষৰ ঔষধ দিয়াৰ লগতে বিশ্ৰাম আৰু ফিজিঅ’থেৰাপীৰে চিকিৎসা কৰা হয়। কেতিয়াবা অস্ত্ৰোপচাৰৰো প্ৰয়োজন হয়। শৰীৰত শৰ্কৰাৰ পৰিমাণ হ্ৰাস কৰাৰ প্ৰয়োজন।

যিসকলে কাৰ্যালয়ত লিখা-পঢ়া কাম বেছিকৈ কৰে বা কম্পিউটাৰত টাইপ কৰে তেওঁলোকে আধা ঘণ্টাৰ মুৰে মুৰে হাতৰ আঙুলি মেলি ধৰি পুনৰ মুঠি মাৰিব লাগে। অৰ্থাৎ জোৰ কৰি মুঠি ধৰি কেইছেকেণ্ডমানৰ মুৰত মুঠি খুলি আঙুলি বাহিৰলৈ মেলি দিব লাগে। আপুনি বুজি উঠিব লাগিব যে আপোনাৰ আঙুলিৰ ওপৰত এই ব্যায়ামৰ জৰিয়তে হেঁচা পৰিছে।

উৎস: জি এনআৰচি স্বাস্থ্য

2.85185185185
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top