অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আদা আৰু অৰ্জুন গছ

আদা আৰু অৰ্জুন গছ

আদাঃ                                                                         

আদাৰ বিভিন্ন ঔষধি গুণ আছে। অথৰ্ব বেদতো আদাৰ বিষয়ে উল্লেখ আছে। আদাৰ দ্বাৰা আমাৰ তিনিটা অগ্নিবল বাঢ়ে। সেইবোৰ হ’ল- অন্তৰাগ্নি, বহিৰাগ্নি আৰু কায়গ্নি। শুকান আদাৰ আৰু এটা নাম হ’ল বিশ্ব। বৈদিক যুগত এই আদাক কোৱা হৈছিল ভক্ষণকাৰী। আদাৰ ৰসত খোৱা বস্তু সুপাচ্য হয়, হজম হয়। সেইকাৰণে মাংসৰ আঞ্জাত আদা বেছি ব্যৱহাৰ কৰা হয়। আদাত লোণ, ভালাটাইন, অইল, পটাচিয়ামৰ বাহিৰেও কিছু ৰাসায়নিক পদাৰ্থ আছে।

বিভিন্ন ৰোগত আদাৰ প্ৰয়োগঃ

(১) বসন্তঃ যদি বসন্তৰ সকলো গুটি বাহিৰলৈ ওলাই নাহে, বেদনা হয়, তেতিয়া দুই চামুচ আদাৰ ৰসৰ সৈতে দুই চামুচ তুলসী পাতৰ ৰস মিহলাই তিনিবাৰ খালে বসন্তৰ গুটি ওলাই আহিব।

(২) গ্ৰহণীঃ শুকান আদাৰ গুড়ি ঈষদোষ্ণ পানীত মিহলাই প্ৰতিদিন ৰাতিপুৱা আৰু ৰাতি শোৱাৰ আগতে খালে উপকাৰ পোৱা যায়।

(৩) অক্ষুধাঃ খোৱাৰ কিছু সময় আগতে সৈন্ধৱ লোণ আৰু আদাৰ সৰু সৰুকৈ কাটিলোৱা টুকুৰা চোবাই খালে ৰুচি বাঢ়িব, ক্ষুধা হ’ব আৰু ডিঙিত কফ জমা হৈ থাকিলে ওলাই আহিব।

(৪) আমবাত (কৈচলে)ঃ দুই চামুচ আদাৰ ৰসৰ সৈতে ২৫ গ্ৰাম কুঁহিয়াৰৰ গুড় মিহলাই প্ৰতিদিন ৰাতিপুৱা এবাৰকৈ এমাহ খালে ভাল ফল পোৱা যায়।

(৫) পানীলগা কাহঃ হঠাতে ঠাণ্ডা লাগি পানীলগা কাহ হ’লে এক চামুচ আদাৰ ৰসৰ সৈতে এক চামুচ তুলসীৰ পাতৰ ৰস, এক চামুচ মৌ আৰু দুই চামুচ শেৱালি পাতৰ ৰস মিহলাই ৰাতিপুৱা আৰু ৰাতি শোৱাৰ আগতে তিনিদিন খালে পানীলগা কাহ ভাল হ’ব।

(৬) হেঁকেটিঃ এক কাপ ছাগলীৰ গাখীৰৰ সৈতে এক চামুচ আদাৰ ৰস হেঁকেটি উঠাৰ সময়ত খালে লগে লগে হেঁকেটি দূৰ হ’ব।

অৰ্জুন গছঃ                                                                

(১) হৃদৰোগ বা যক্ষ্মাতঃ ২ চামুচ অৰ্জুন গছৰ ছালৰ গুড়িৰ সৈতে ২ চামুচ চেনি মিহলাই ২ কাপ গাখীৰৰ সৈতে ৰাতিপুৱা খোৱাৰ পিছত এমাহ খালে হৃদৰোগ আৰু যক্ষ্মা বেমাৰত উপকাৰ পোৱা যায়।

(২) ৰক্তাতিসাৰতঃ ২ চামুচ অৰ্জুন গছৰ ছালৰ গুড়ি ২ কাপ ছাগলীৰ গাখীৰ আৰু ২ চামুচ চেনি মিহলাই খোৱাৰ পিছত এবাৰকৈ ৭ দিন খালে ৰক্তাতিসাৰ ৰোগ ভাল হয়।

(৩) প্ৰস্ৰাৱৰ কষ্টতঃ ২ কাপ পানীত ৫ গ্ৰাম অৰ্জুন গছৰ ছাল সিদ্ধ কৰি এক কাপ পানী থাকোতে নমাই থৈ সেই পানী কেইবাৰমান খালে প্ৰস্ৰাৱৰ কষ্ট দূৰ হয়।

(৪) হাড় ভঙাতঃ প্ৰথমতে হাড়ডাল ঠিকমতে বহুৱাই লৈ ২৫ গ্ৰাম অৰ্জুন গছৰ ছালৰ সৈতে ৫-৬ কোঁহ নহৰু বটি ভঙা ঠাইত কাপোৰেৰে বান্ধি ৰাখিব। ভাল নোহোৱা পৰ্যন্ত দিনে এবাৰকৈ এইদৰে বান্ধিব।

(উৎসঃ স্বামী ৰামদেৱৰ মুখনিঃসৃত আয়ুৰ্বেদিক ঔষধ দৰ্শন, তথ্যসংগ্ৰহ ও সম্পাদনাঃ এন. গোস্বামী)।

3.11428571429
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top