মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / আপোনাৰ চকুযোৰৰ সুস্বাস্থ্যৰ বাবে "পাদাভ্যংগ"
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আপোনাৰ চকুযোৰৰ সুস্বাস্থ্যৰ বাবে "পাদাভ্যংগ"

আপোনাৰ চকুযোৰৰ সুস্বাস্থ্যৰ বাবে "পাদাভ্যংগ"ৰ বিষয়ে লিখা হৈছে ।

 

এযোৰ সুন্দৰ চকু সকলোৰে কাম্য । কিন্তু বাহ্যিক সৌন্দৰ্য্যতাতকৈ চকুযোৰীৰ আভ্যন্তৰীণ সুস্বাস্হ্যৰ প্ৰয়োজনীয়তা অধিক । আয়ুৰ্বেদাচাৰ্য্য শাৰাংগধৰৰ মতে মানুহৰ নব্বৈ বছৰ আয়ুসৰ পৰা স্বাভাৱিকভাৱে দৃষ্টীশক্তিৰ অবনতি ঘটে । অৱশ্যে আজিকালি শিশুৰ চকুতো পাৱাৰ গ্লাছ দেখিবলৈ পোৱাতো সাধাৰন কথা হৈ পৰিছে । ইয়াৰ বাবে মূখ্যতঃ জগৰীয়া আমাৰ আহাৰ আৰু জীৱনশৈলী ।

পাদাভ্যংগ শব্দটো হয়তো বহুতৰে বাবে অচিনাকি । পাদাভ্যংগ হৈছে আয়ুৰ্বেদিক পঞ্চকৰ্মা পদ্ধতিৰ এটা কৰ্ম অৰ্থাৎ পদ্ধতি । এই পদ্ধতিত দুই ভৰিৰ তলোৱাত ঔষধিযুক্ত ঘিউ, তেল বা অন্য স্নেহ দ্ৰব্য( বচা, মজ্জা)ৰে মৃদু মালিছ(অভ্যংগ) কৰা হয় অৱশ্য পদ্ধতিগত ভাৱে পাদাভ্যংগ কৰাবলৈ এজন আয়ুৰ্বেদিক(পঞ্চকৰ্ম) চিকিৎসকৰ পৰামৰ্শ লোৱাটো প্ৰয়োজন ।

পাদাভ্যংগৰ গুণাগুণ -

পাদাভ্যংগৰ গুণাগুণ সমূহ স্হানিক( দুই ভৰিত) আৰু সাৰ্বদৈহিক(শৰীৰৰ আন আন অংগ) হয় । পাদাভ্যংগৰ ফলত ভৰিৰ তলুৱাৰ ৰুক্ষতা হ্ৰাস পায়, সুন্দৰ আৰু ছালখন নিমজ হয় । তলুৱাত হোৱা বিভিন্ন ৰোগৰ উপশম হয় ।আচাৰ্য্য চৰক,সুশ্ৰূত আৰু ৱাগ্বত্ তিনিও এই কথাত একমত যে পাদাভ্যংগৰ ফলত টোপনি ভাল হয় আৰু চকুৰ দৃষ্টীশক্তি বাঢ়ে । আমাৰ চকুৰ পৰা দুডাল সিৰা ওলাই ভৰিৰ বুঢ়া আঙুলীৰ লগত সংযোক্ত হয় (A.H./Utt/16/63) । এই দুদাল সিৰাৰ যোগেদি ভৰিৰ তলোৱাত লগোৱা ঔষধ চকুৰ বাবে হিতকাৰী হয় । প্ৰাচীন ভাৰতীয় নাড়ি তন্ত্ৰৰ মতে, গান্ধাৰী আৰু হস্তিজিহ্বা নামৰ দুডাল নাড়ি ক্ৰমে সোঁ চকুৰ পৰা সোঁ ভৰিলৈ আৰু বাওঁ চকুৰ পৰা বাওঁঁ ভৰিলৈ নামি আহে । পাদাভ্যংগৰ জৰিয়তে এই দুডাল নাড়ি সক্ৰিয় হৈ দৃষ্টীৰ ওপৰত সুপ্ৰভাৱ পেলায় । ইয়াৰ পৰা এইটো বোধগম্য হয় যে তলুৱাত কৰা পাদাভ্যংগ আমাৰ চকুযোৰীৰ সুস্বাস্থ্য বাবে এটি সহজ আৰু উত্তম পদ্ধতি ।
গৱেষনাৰ পৰা পোৱা গৈছে যে পাদাভ্যংগৰ ফলত মস্তিষ্কত আল্ফা আৰু বিটা তৰংগ হ্ৰাস হয়। ফলত মানুহৰ টোপনি আহে । পাদাভ্যংগৰ জৰিয়তে পশ্চাৎ মস্তিস্ক( occipital lobe)ক সক্ৰিয় কৰিব পাৰি । মস্তিস্কৰ এই অংশত আমাৰ দৃষ্টীৰ লগত জড়িত visual area থাকে । ভৰিৰ তলুৱাত কৰা অভ্যংগৰ জৰিয়তে আমাৰ spino- visual reflex সক্ৰিয় হয় আৰু optic nerve ৰ ওপৰত প্ৰভাৱ পৰে । ইয়াৰ ফলত আমাৰ দৃষ্টীশক্তিৰ লগতে সমগ্ৰ চকুযোৰৰ সুস্বাস্হ্যৰ ওপৰত সুপ্ৰভাৱ পৰে ।

পাদাভ্যংগ কেতিয়া আৰু কেনেকৈ -

পাদাভ্যংগ দিনচৰ্য্যাৰ অংগ । অৰ্থাৎ, সদায় ব্ৰহ্ম মূহূৰ্তত ( সূৰ্য্য উদয়ৰ পৰা আঠচল্লিছ মিনিত) উঠি নিত্য কৰ্ম সমূহ কৰি শিৰ, কাণ আৰু ভৰিত তেল লগাব লাগে । তেলখিনি গুণগুণীয়াকৈ গৰম কৰি এক নিৰ্দিষ্ট পদ্ধতিত লগাব লাগে । নিত্য ব্যবহাৰৰ বাবে তিল তেল উপযুক্ত । অৱশ্যে ঋতু অনুসাৰে বেলেগ বেলেগ তেল ব্যৱহাৰ হয় । পাদাভ্যংগৰ উদ্দেশ্য অৰ্থাৎ ৰোগ ভেদে বেলেগ বেলেগ ঔষধিযুক্ত স্নেহ( ঘিউ, তেল, বচা, মজ্জা) ব্যৱহাৰ কৰা হয় । এই ক্ষেত্ৰত এজন পঞ্চকৰ্ম বিশেষজ্ঞই আপোনাক সঠিক পৰামৰ্শ আগবঢ়াব পাৰিব ।

আপোনাৰ চকুযোৰৰ সুস্বাস্থ্যৰ বাবে পাদাভ্যংগ সহজ আৰু ফলপ্ৰসো পদ্ধতি । আমি আমাৰ জোতাযোৰ দৈনিক পলিছ কৰো, কিন্তু অতিকৈ প্ৰয়োজনীয় ভৰিখনক আওঁকান কৰো । দৈনিক পাদাভ্যংগ কৰিলে আমাৰ ভৰিখনৰ লগতে চকুযোৰীয়ো স্বাস্হ্যবান হৈ থাকিব । নিৰ্দিষ্ট ৰোগৰ উপশমৰ বাবে পাদাভ্যংগ কৰাবলৈ হ'লে এজন আয়ুৰ্বেদিক/পঞ্চকৰ্ম চিকিৎসকৰ দিহা -পৰামৰ্শ ল'লে নিশ্চিতভাৱে সুফল পাব ।

লেখক :- ডাঃ মানৱ জ্যোতি শৰ্মা

উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top