মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / আপোনাৰ ৰক্তদানে আন এজনক জীৱনদান দিব পাৰে:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আপোনাৰ ৰক্তদানে আন এজনক জীৱনদান দিব পাৰে:

চাহিদাৰ অনুপাতে তেজৰ যোগান ভাৰতবৰ্ষত অতি সীমিত

 

চাহিদাৰ অনুপাতে তেজৰ যোগান ভাৰতবৰ্ষত অতি সীমিত। ৰক্তদান সম্পৰ্কে কিছুমান ভুল ধাৰণা তথা ৰক্তদানৰ প্ৰয়োজনীয়তা সম্বন্ধে ভাৰতীয়সকলৰ অজ্ঞতা আৰু কৰ্ত্তব্যবোধৰ অভাবত বহুসংখ্যক লোকেই আজি মাত্ৰ এবটল তেজৰ অভাৱত মৃত্যুবৰণ কৰিবলগীয়া হৈছে।

তেজ কিয় দিব:

 

ইংলেণ্ডৰ পথসমূহত এখন হ’ৰ্ডিং দেখা যায়, তাত লিখা থাকে, ‘ব্লাড বেঙ্ক সমূহে যদি এই নিয়ম কৰে যে, যিঘৰ মানুহৰ সদস্যই তেজ জমা দিছে, একমাত্ৰ তেওঁলোকৰহে প্ৰয়োজনত: তেজ পোৱাৰ অধিকাৰ আছে, তেন্তে আপুনি তেজ পোৱাৰ সুযোগ কিমান? একে কথাষাৰেই যদি অন্যধৰণেৰে কোৱা হয়, আপুনি কোনো ব্লাডবেঙ্কত তেজ জমা ৰাখিছেনে? যদি নাই ৰখা, তেনেহ’লে অপুনি তেজ লাভ কৰাৰো কোনো অধিকাৰ নাই। কথাটো এনেধৰণেৰেও ভাবিব পাৰি- ‘আপুনি কোনোবা বেঙ্কত টকা জমা ৰাখিছেনে? যদিহে ৰখা নাই, তেন্তে বেঙ্কৰ পৰা টকা উলিয়াই অনাৰ অধিকাৰ আপোনাৰ আছেনে? নিশ্চয়কৈ নাই।

তেজৰ ক্ষেত্ৰতো আমি কথাটো এনেধৰণেৰেই চিন্তা কৰাটো উচিত। কাৰণ তেজৰ ক্ষেত্ৰত সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল- তেজ কোনো কলকাৰাখনাত তৈয়াৰ হোৱা বস্তু নহয়। আৰু কৃত্ৰিম তেজ উদ্ভাৱন হৈছে যদিও সেইটো এতিয়াও গৱেষণাৰ বিষয় হৈয়ে আছে। তদুপৰি আমাৰ দৰে দুখীয়া দেশত কেতিয়াবা কৃত্ৰিম তেজৰ আৱিষ্কাৰ হ’লেও সি হ’ব অত্যন্ত ব্যয়বহুল। সেয়েহে হৃদয়ৰ দান হিচাপে আমাৰ দেশৰ মানুহে যদি মানুহক ৰক্তদান নকৰে তেন্তে আপোনাৰ প্ৰয়োজনৰ সময়ত কমকৈ তেজ পোৱাটো বা সময়মতে তেজ যোগাৰ কৰিব নোৱাৰাটো কোনো আচৰিত কথা নহয়।

ৰক্তদানৰ সুবিধা:

 

ৰক্তদানৰ সুবিধাসমুহৰ দুটা ভাগ হৈছে-

১)ব্যক্তিগত সুবিধা, ২)সামাজিক কৰ্ত্তব্য পালন।

১)ব্যক্তিগত সুবিধা:

প্ৰথম সুবিধা হ’ল, এবাৰ ৰক্তদান কৰাৰ ফলত ইমান দিনৰ পৰা আপুনি কৰা ভয় আঁতৰি যায়। ইয়াৰ পাছৰ পৰা কিন্তু আপুনি প্ৰয়োজন বশত: আপোনাৰ বন্ধু-বান্ধৱ, আত্মীয়-স্বজনক অনায়াসে এক বটল তেজ দিব পাৰিব। মনত সঞ্চয় হোৱা সাহসেই হ’ল আপোনাৰ প্ৰথমটো লাভ। দ্বিতীয়টো সুবিধা হ’ল এবাৰ তেজ দিলে আপুনি ব্লাড বেঙ্কৰ তৰফৰ পৰা এটা ‘ডোনাৰ্চ কাৰ্ড’ লাভ কৰিব যিটো কাৰ্ডৰ বিনিময়ত আপুনি ব্লাড বেঙ্কৰ পৰা প্ৰয়োজনৰ সময়ত নিজৰ বা প্ৰিয়জনৰ কাৰণে সামান্য খৰচতে বছৰৰ যিকোনো সময়তে এবটল তেজ লাভ কৰিব পাৰিব।

২) সামাজিক কৰ্ত্তব্য পালন :

১)চৰকাৰী ব্লাড বেঙ্ক সমূহত তেজৰ নিৰাপত্তা বৃদ্ধি কৰা- বছৰৰ বেছিভাগ সময়তেই চহৰ-নগৰ সমূহৰ অধিকাংশ ব্লাড বেঙ্কেই ৰক্তহীনতাত ভোগা দেখা পোৱা যায়। ফলত আমাৰেই ভাই-ভনী অথবা আত্মীয় স্বজনে লাগ বুলিলেই তেজ এবটল পোৱাৰ পৰা বঞ্চিত হয়। অথচ চৰকাৰী ব্লাড বেঙ্কসমূহৰ পৰা তেজৰ এই অভাব দূৰ কৰাটোও আমাৰেই কৰ্ত্তব্য।

২)তেজৰ ক’লা বজাৰ দূৰ কৰা:

চৰকাৰী ব্লাড বেঙ্কত তেজ নাপালেই মানুহ বেচৰকাৰী ব্লাড বেঙ্কলৈ ঢাপলি মেলে য’ত ১০০ টকা দামৰ তেজৰ মূল্য হয়গৈ ২০০ টকা অৰ্থাৎ দুগুণ। কেতিয়াবা কেতিয়াবা পৰিস্থিতিনুযায়ী গ্ৰাহকে তাতোকৈও চ’ৰা দামত তেজ ক্ৰয় কৰিবলগা হয়।

৩)পেচাদাৰী ৰক্তদানৰ সংখ্যা কমোৱা:

বেচৰকাৰী ব্লাড বেঙ্কবিলাকত তেজ পোৱা গ’লেও সেই তেজ ৰোগীৰ পক্ষে কিমান নিৰাপদ তাতো এটা প্ৰশ্ন থাকি যায়। কাৰণ ১৯৮৪ চনৰ পৰাই চৰকাৰে ‘পেচাদাৰী’ ৰক্তদাতাৰ পৰা তেজ লোৱাটো বন্ধ কৰিছে। ফলস্বৰূপে চৰকাৰী চিকিৎসালয়ৰ পেচাদাৰী ৰক্তদাতাসমূহে এতিয়া বেচৰকাৰী ব্লাড বেঙ্কত গৈ ভিৰ কৰিছেগৈ। দৰিদ্ৰ, অভাবী লোকসকলে মাত্ৰ ৪০-৫০ টকাৰ আশাত ব্লাড বেঙ্কৰ দালালসকলক ৫-১০ টকা উৎকোচ দি ৰক্তদানৰ যাৱতীয় নিয়ম সমূহ উলঙঘা কৰি নিজৰ নাম অন্তৰ্ভূক্ত কৰি প্ৰায়েই ৰক্তদান কৰি যোৱা দেখা গৈছে। সঠিক মতে স্ক্ৰিনিং কৰা নহয় তেনেহ’লে সেই তেজৰ পৰা এজন লোকৰ বহুধৰণৰ ৰোগ হ’ব পাৰে। এইক্ষেত্ৰত সৰু সৰু সংক্ৰমণ সমূহৰ উপৰিও- মেলেৰিয়া, যৌন ৰোগ(ভেনাৰেল ডিজিজ), হেপাটাইটিচ-বি আৰু চি, এইডচ আদি বিপজ্জনক ৰোগ হোৱাৰ সম্ভাৱনা আছে।

ৰক্ত পৰীক্ষা বা ব্লাড স্ক্ৰিনিং:

 

১)মেলেৰিয়া:

তেজৰ শ্লাইডত মেলেৰিয়াত বীজাণু যে ধৰা পৰিবই তেনে কোনো নিশ্চয়তা নাই। তথাপিও মেলেৰিয়া পেৰাচাইট বা এম পি ভালদৰে কৰা পৰীক্ষাৰ সহায়ত ধৰা পেলাব পাৰি।

২)যৌনৰোগ(ভেনাৰেল ডিজিজ):

যৌনৰোগ ধৰা পেলোৱা হয় ভি ডি আৰ এল পৰীক্ষাৰ মাধ্যমত। অৱশ্যে ফ্ৰিজত ৪০-৮০ চেলচিয়াচ তাপমাত্ৰাত দুই তিনিদিন তেজ ৰাখিলে ভি ডি জীৱাণু নিষ্ক্ৰিয় হৈ যায়।

৩)হেপাটাইটিচ বি আৰু চি:

হেপাটাইটিচ বি আৰু চি ধৰা পেলাব পাৰি হেপাটাইটিচ বি চাৰফেচ এন্টিজেন বা অষ্ট্ৰেলিয়া এন্টিজেন পৰীক্ষাৰ সহায়ত। এই পৰীক্ষা কৰা হয় এনজাইম লিংকড ইমিউনোচৰবেন্ট এছে বা এলাইজা(ELISA)পদ্ধতিত।

৪)এইডছ:

এলাইজা পদ্ধতিত তেজত এইডছৰ ভাইৰাচ(এইচ টি এল ভি থ্ৰি) এন্টিবডি আছে নেকি গচোৱা হয়। এলাইজা দুবাৰ পজিটিভ হ’লে ওৱেষ্টাৰ্ণ ব্লট পদ্ধতিত এইডছ বা এইচ আই ভিৰ উপস্থিতি নিশ্চিত কৰিব পাৰি। কিন্তু কথা হ’ল, ৰোগীক তেজ দিয়াৰ আগতে চৰকাৰী আৰু একাংশ বেচৰকাৰী ব্লাড বেঙ্কত সঠিক পদ্ধতিত ব্লাড স্ক্ৰিনিং কৰা হ’লেও অধিকাংশ ব্লাড বেঙ্কতেই ঠিকমতে ব্লাড স্ক্ৰিনিং কৰা নহয়। বহুতো বেচৰকাৰী ব্লাড বেঙ্কত তেজ লোৱাৰ সময়ত হিম’গ্লবিনৰ টেষ্টেই কৰা নহয়। অথচ এজন পেচাদাৰী ৰক্তদাতাই কিন্তু তেজ দি দি নিজৰ অজানিতেই তেওঁৰ তেজত হিম’গ্লবিনৰ পৰিমাণ কমাই পেলাব পাৰে আৰু বেচৰকাৰী ব্লাড বেঙ্কেও তেজ গ্ৰহণ কৰাৰ নিয়ম-কানুন সমূহক আওকাণ কৰি যাৰে তাৰে পৰা তেজ সংগ্ৰহ কৰি থব পাৰে। এই তেজেই ঘূৰি আহি ৰোগীজনৰ শৰীৰত সোমাইহি। সেয়েহে এই কথা সহজেই অনুমান কৰিব পাৰি যে- “ছেফ ব্লাড” বা নিৰাপদ তেজ পাবলৈ হ’লে পেচাদাৰী ৰক্তদাতাৰ পৰা তেজ গ্ৰহণ নকৰাটোৱেই সমীচিন। সমাজৰ প্ৰতিজনেই স্বেচ্ছাই ৰক্তদান কৰিবলৈ আগবাঢ়ি আহিলেহে চৰকাৰী ব্লাড বেংকত নিৰাপদ তেজ সংগ্ৰহ হব।

স্বচ্ছামূলক ৰক্তদান:

 

কিছু ভূল ধাৰণা:

১)নাই; মোৰ দেহাত তেজেই নাই, আকৌ তেজ ক’ৰ পৰা দিমহ্ল:

জানি থওক, এজন সুস্থ স্বাভাৱিক ৫৫-৬০ কি:গ্ৰা: ওজনৰ মানুহৰ শৰীৰত থকা তেজৰ পৰিমাণ প্ৰায় ৫১/৪ লিটাৰ। ৰক্তদানৰ সময়ত তেজ নিয়া হয় মাত্ৰ ২৫০ মিলিলিটাৰ অৰ্থাৎ ১/৪ লিটাৰ। অৰ্থাৎ মুঠ তেজৰ ২১ ভাগৰ এভাগ মাত্ৰ।

২)মই তেনেই ক্ষীণ, তাতে আকৌ তেজ দিব লাগে:

পুৰুষৰ দেহৰ প্ৰতি কেজি ওজনৰ বিপৰীতে ২৬ মি:লি: আৰু মহিলাৰ প্ৰতি কেজিৰ বিপৰীতে ১৬ মি:লি: তেজ থাকে। তাৰ মানে ৫৫ কি:গ্ৰা: ওজন হ’লে শৰীৰত থকা তেজৰ পৰিমাণ- ৫৫*২৬=১৪৩০ মি:লি:। তাৰ পৰা ৫৫*৬=৩৩০ মি:লি: তেজ দিলেও একো ক্ষতি নহয়। আপুনিতো ২৫০ মি:লি: গ্ৰাম তেজহে দিব লাগে।

৩)মই এবাৰো তেজ দান কৰা নাই। গতিকে মোৰ শৰীৰৰ সমূহ তেজেই পুৰণি। সেয়ে মই তেজ ক্ষয় কৰিব নোখোজো:

এইটো এটা সম্পূৰ্ণ ভূল ধাৰণা। তেজৰ আৰ-বি-চিৰ আয়ুস ১২০ দিন আৰু ডব্লিউ বি চিৰ আয়ুস ২১৫ দিন। কাজেই পুৰণা তেজ সমূহ শৰীৰত স্বয়ংক্ৰিয়ভাৱেই সলনি হয়। বৰঞ্চ তেজদান কৰিলে তেজপ্ৰস্তুত কৰা গ্ৰন্থি সমূহে বেছিকৈহে কাম কৰে।

৪)এতিয়াই ভালকৈ খাব-বব নোৱাৰো। তেজ দিলে কি খাম:

ৰক্তদানৰ পাছত ক্ষতিপূৰণৰ কাৰণে মাছ, মাংস, কণী গাখীৰ খোৱাৰ কোনো প্ৰয়োজন নাই। সাধাৰণ দাইল তাতেই যথেষ্ট। তেজৰ জুলীয়া অংশ বা প্লাজমা দুদিনতেই তৈয়াৰী হৈ যায়। কণিকাসমূহ ১৪ৰ পৰা ২১ দিনৰ ভিতৰত তৈয়াৰ হয়। তথাপি প্ৰচলিত নিয়ম অনুসৰি সাধাৰণতে তিনিমাহৰ ভিতৰত দ্বিতীয়বাৰ তেজ দান কৰাটো অনুচিত। বছৰেকত এজন ব্যক্তিয়ে অনায়াসে চাৰিবাৰ ৰক্তদান কৰিব পাৰে।

৫)মই তেজ নিদিওঁ। শুনিছো, তেজ দিলে বোলে মূৰ ঘূৰায়। মানুহ অজ্ঞান হৈয়ো যায়:

তেজ দিয়াৰ পাছত দুৰ্বল লগা, শৰীৰ ৰিমঝিম কৰা, মূৰ ঘূৰোৱা, অজ্ঞান হোৱা- সকলো হয় কেৱল মানসিক কাৰণত, কোনো শাৰীৰিক কাৰণত নহয় আৰু ইয়াৰ কোনো বৈজ্ঞানিক ভিত্তি নাই।

কোনে ৰক্তদান কৰিব পাৰে:

 

আপুনি, মই প্ৰত্যেকেই স্বচ্ছামূলক ৰক্তদান কৰিব পাৰো। কিন্তু তাৰবাবে কেইটামান চৰ্ত মানি চলাটো প্ৰয়োজন। তলত উল্লেখ কৰা চৰ্তবিলাক সম্পূৰ্ণ হ’লেহে স্বেচ্ছামূলক ৰক্তদানৰ অংশীদাৰ হ’ব পাৰিব।

১)নাৰী অথবা পুৰুষ উভয়েৰে বয়স ১৮ৰ পৰা ৬০ বছৰৰ ভিতৰত হ’ব লাগিব।

২)শাৰীৰিক ওজন অতি কমেও ৪৫ কেজি হ’ব লাগিব।

৩)ৰক্তচাপ ১৮০/১১০ৰ পৰা ১০০/৬০ হ’ব লাগিব।

৪)তেজত হিম’গ্লবিনৰ পৰিমাণ ১২৫ গ্ৰাম(প্ৰতি ১০০ চি চি তেজ) হ’ব লাগিব।

৫)হৃদস্পন্দন প্ৰতি মিনিটত ৪০ৰ পৰা ১০০ বাৰ হ’ব লাগিব।

৬)আপুনি সুস্থ শৰীৰৰ অধিকাৰী হ’ব লাগিব।

৭)এবছৰৰ ভিতৰত জণ্ডিছ ৰোগ হ’লে তেজ গ্ৰহণ কৰা নহয়।

৮)এবাৰ তেজ দিলে ৩ মাহৰ ভিতৰত আৰু তেজ দিয়া উচিত নহয়।

কেনেধৰণৰ তেজ দিব পাৰে:

 

আপুনি যদি স্বেচ্ছাই তেজ দিব বিচাৰে তেনেহ’লে আপোনাৰ এলেকাত যিকোনো চৰকাৰী ব্লাড বেঙ্কলৈ আহি কথাটো জনাব পাৰে। ইয়াৰ পাছত কৰণীয় কামখিনি আপোনাক বেঙ্কেই কৰি দিব। ইয়াৰোপৰি যদি ইচ্ছা কৰে অকলে বেঙ্কলৈ নগৈ বন্ধু-বান্ধৱ, সহকৰ্মী বা ক্লাবৰ সদস্যসকলে একেলগে চৰকাৰী ব্লাড বেঙ্কলৈ যাব পাৰে অথবা ৰক্তদানৰ কোনো স্বেচ্ছাসেৱী সংগঠনৰ সৈতে যোগাযোগ কৰিব পাৰে। আপোনালোকে জনোৱাৰ পাছত চৰকাৰী ব্লাডবেঙ্কৰ কৰ্মী সকলে গৈ নিজেই তেজ সংগ্ৰহ কৰি আনিবগৈ। এইক্ষেত্ৰত ৰক্তদান কৰা সংগঠনবিলাকৰ ওচৰত চৰকাৰী ব্লাডবেঙ্কৰ তৰফৰ পৰা নিম্নলিখিত নিয়মাৱলীখিনি নিৰ্দ্ধাৰণ কৰি দিয়া হয়-

১)নিৰ্দিষ্ট ৰক্তদান শিবিৰত সৰ্বাধিক ৬০ দিন আৰু কমপক্ষে ৭ দিনৰ আগতে চৰকাৰী ব্লাডবেঙ্কত ৰক্তদান অনুষ্ঠানৰ দিন নথীভূক্ত কৰিব লাগিব।

২)যি সকলে ৰোগীৰ স্বাৰ্থত স্বেচ্ছাই ৰক্তদান কৰিবলৈ বিচাৰে তেওঁলোকে ৰক্তদানৰ কাৰণে অতি কমেও ৩০ জন লোকক সংগঠিত কৰি ব্লাড বেঙ্কৰ প্ৰচাৰ বিষয়াক(পাব্লিচিটি অফিচাৰ) জনালে ব্লাড বেঙ্কৰ ভ্ৰাম্যমান সংগ্ৰাহক দলে সেই ঠাইৰ পৰা তেজ সংগ্ৰহৰ ব্যৱস্থা কৰিব।

৩)যদি কোনো সংগঠনে ৰক্তদান অনুষ্ঠান বাতিল কৰিব বিচাৰে তেন্তে কমপক্ষেও সাতদিনৰ পূৰ্বে কৰ্ত্তৃপক্ষক অৱগত কৰিব লাগিব।

৪)বিশদ বিৱৰণৰ বাবে ব্লাড বেঙ্কৰ প্ৰচাৰ বিভাগৰ(পাব্লিচিটি ডিপাৰ্টমেন্ট) বিষয়াৰ সৈতে যোগাযোগ কৰক।

ৰক্ত অপচয়:

তেজৰ অপচয় দুটা দিশৰ পৰা হ’ব পাৰে- ১)ব্যৱহাৰিক দিশৰ পৰা, ২)ৰক্তদাতা পোৱা স্বত্বেও গ্ৰহণ নকৰাৰ ফলত।

১)ব্যৱহাৰিক দিশৰ পৰা:

আমাৰ দেশত সাধাৰণতে ‘হোল ব্লাড’ বা সমস্ত তেজ দি দিয়াৰ প্ৰৱণতাই বেছি। কিন্তু প্ৰত্যেকজন ৰোগীকে হোল ব্লাড নালাগে। সেইবাবে সংগৃহীত তেজবিলাক বেলেগ বেলেগ উপাদানত ভাগ কৰা হ’লে তেজৰ অপচয় যথেষ্ট পৰিমাণে ৰোধ কৰিব পৰা হ’ব। যদিও এতিয়া প্ৰায় সকলো ঠাইতেই প্লাজমা আৰু পেকড চেল চেন্টিফিউগ মেচিনৰ সহায়ত তেজৰ বিভিন্ন উপাদান(প্লাজমা, পেকড চেল আদি) ভাগ কৰি তিনি চাৰিজন ৰোগীৰ দেহত প্ৰয়োগ কৰিব পৰা হৈছে। কিন্তু চৰকাৰী ব্লাড বেঙ্কসমূহৰ কৰ্মচাৰীসকলৰ বহুতেই অভিযোগ কৰে যে- আমাৰ দেশত ডাক্তৰৰ অজ্ঞতা আৰু কৰ্ত্তব্যবোধৰ অভাবতেই বহু পৰিমাণৰ মূল্যৱান তেজৰ অপচয় হয়। বিদেশৰ সকলো ঠাইতে ৰোগীৰ কাৰণে প্ৰয়োজন হ’ব পৰা তেজৰ পৰিমাণ নিৰ্ধাৰণ কৰি আগতীয়াকৈ সাজু কৰি ৰাখিবলৈ পৰামৰ্শ দিয়ে কেৱল চাৰ্জনজনেহে। কিন্তু আমাৰ ইয়াত যিকোনো জুনিয়ৰ ডাক্তৰেই প্ৰয়োজন হওকেই বা নহওকেই যিকোনো অস্ত্ৰোপচাৰৰ আগতে দুবটলমান তেজ জমা দিবলৈ নিৰ্দেশ দিয়ে। ডাক্তৰৰ ভাষ্য হ’ল- সাজু কৰি ৰাখি থওক। প্ৰয়োজন হ’বও পাৰে। কিন্তু কামত নালাগিলে সেইখিনি ক’লৈ যায়? কিছুমান সাধাৰণ অস্ত্ৰোপচাৰত তেজ নেলাগেই। কিন্তু ৰোগীৰ আত্মীয়ই যোগাৰ কৰি দিয়া তেজ ৰোগীক নিদিলেও পিছত সেই তেজ ক’ৰবাত অন্তৰ্ধান হয়। তাৰ খবৰ কোনে ৰাখে?

ইয়াৰ উপৰিও আৰু এটা কথা হ’ল, সংৰক্ষণৰ আধুনিক আৰু উন্নত যন্ত্ৰপাতিৰ কাৰণে বিদেশৰ ব্লাড বেঙ্কবিলাকে তেজসংগ্ৰহ কৰিব পাৰে ২৮ৰ ৩৫ দিনলৈকে। কিন্তু আমাৰ দেশত ব্লাড বেংকত তেজ ৰাখিব পাৰে ২১ দিনলৈহে।

তেজৰ প্ৰয়োজন কেতিয়া:

 

  • কোনো ডাঙৰ দুৰ্ঘটনাত যদি শৰীৰৰ পৰা বহু তেজ ওলাই যায়।
  • হাৰ্ট, ব্ৰেইন, কিডনি, পুৰণা পদ্ধতিত কৰা প্ৰষ্টেট গ্লেণ্ডৰ অপাৰেচন প্ৰভৃতি ডাঙৰ ডাঙৰ অপাৰেচনত।
  • খুব বেছিকৈ পুৰিলে।
  • থেলাচিমিয়া, হিমোফিলিয়া, লিউকেমিয়া, এনিমিয়া- আদি তেজৰ অসুখত।
  • গৰ্ভপাতত প্ৰচুৰ ৰক্তক্ষয় হ’লে।
  • সন্তান জন্মৰ আগত বা পাছত প্ৰচুৰ পৰিমাণে ৰক্তক্ষয় হ’লে।
  • আলচাৰজনিত ৰক্তপাতত।
  • পাইলচ বা অৰ্শৰ ফলত হোৱা ৰক্তপাতত।

এইবিলাকৰ উপৰি আৰু বহুত ক্ষেত্ৰতে তেজৰ প্ৰয়োজন হ’ব পাৰে।

উৎস:স্বাস্থ্য

3.09523809524
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top