মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / আপুনি শুদ্ধভাৱে খোজকাঢ়েনে?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আপুনি শুদ্ধভাৱে খোজকাঢ়েনে?

আপুনি শুদ্ধভাৱে খোজকাঢ়েনে? তাৰ বিষয়ে লিখা হৈছে ।

 

সচৰাচৰ আমি খোজকঢ়া কথাটোত সিমান গুৰুত্ব নিদিওঁ। বাইক আদিত উঠা ডেকাসকলে খোজকঢ়াটো বৰ জৰুৰী বুলি নাভাবে। বাহন নথকা, বেমাৰী আৰু বুঢ়া মানুহেহে খোজকাঢ়ে বুলি এওঁলোকে ধাৰণা কৰে।

আন্তৰ্জাতিক হৃদৰোগ সন্থাই প্ৰকাশ কৰিছে যে সপ্তাহত ১৫০ মিনিট(দিনে ৩০ মিঃ) খোজকাঢ়িলে হৃদৰোগ, বহুমূত্ৰ, ষ্ট্ৰোক আদিৰ পৰা হাত সাৰি থাকিব পাৰি। পিছে খোজকাঢ়িলেই যেনিবা, কেনেকৈ খোজকাঢ়িব?

খৰকৈ খোজকাঢ়োতে দুই হাত আগলৈ পিছলৈ প্ৰসাৰিত কৰিব লাগে। ভৰিৰ গোৰোহা মাটিত বা পকা ঠাইত সমভাৱে পৰিব লাগে। গাৰ ওজন অনুপাতে খোজকাঢ়োতে হীনডেঢ়ি হ’ব। খৰকৈ খোজকাঢ়িলেহে গাৰ অতিৰিক্ত চৰ্বি ক্ষয় হয়। তেতিয়াহে শৰীৰে শক্তি পাব, তেজ চলাচল কৰাৰ বাবে ব্যায়াম হ’ব। মাজে মাজে অলপ জিৰণি ল’ব।

স্বাস্থ্য বিধিমতে খোজকঢ়াৰ ৬ টা নিয়ম পালন কৰিলে বিশেষ উপকাৰ হয় -

*দীঘল খোজ- এইদৰে খোজকাঢ়িলে হৃদৰোগী, বহুমূত্ৰ ৰোগীয়ে বিশেষ উপকাৰ পায়। হৃদৰোগীয়ে অৱশ্যে ডাক্তৰৰ পৰামৰ্শ লৈহে খোজকাঢ়িব।

*যিমান পাৰে সিমান খৰকৈ খোজকঢ়াটো শৰীৰৰ পক্ষে ভাল। এনেদৰে খোজকাঢ়িলে শৰীৰৰ অতিৰিক্ত চৰ্বি শয় হ’ব। কুৰি খোজমান চুটি খোজেৰে দৌৰি অভ্যাস কৰিব পাৰে। সময়ো বাচিব। অফিচ বা অন্য কামলৈ যাওঁতে এইদৰে খৰখোজেৰে যাব পাৰি।

*ওখ ঠাইলৈ বগাওঁতে খোজকঢ়া ব্যায়াম হয়। বন্ধৰ দিনত কোনো পাহাৰীয়া ঠাইত ওপৰলৈ খোজকাঢ়ি গৈ আৰু তললৈ নামি আহিলে বিশেষ উপকাৰ হয়। এইদৰে খোজকাঢ়িলে আঁঠুৰ জোৰা, তপিনা, কৰঙৰ সিৰা-উপসিৰাৰ ব্যায়াম হোৱা বাবে শৰীৰ শক্তিশালী হয়। এনে ব্যায়ামৰ বাবে শৰীৰৰ শক্তিৰো প্ৰয়োজন। কিন্তু অভ্যাস কৰিলে দুৰ্বলজনেও পাহাৰ বগাব পাৰে।

*ঘৰতে চাইকেল চলোৱাৰ দৰে যন্ত্ৰৰ সহায়ত খোজকঢ়া ব্যায়াম কৰিব পাৰি(Treadmill Walking)।

*(Pool Walking) সাগৰৰ পাৰৰ কোমল বালিচৰত বা নদীৰ পাৰত খোজকাঢ়িব পাৰি। আঁঠুৰ বিষ, কঁকালৰ বিষ, অষ্টিঅ’পৰ’চিছ থকা ৰোগীৰ বাবে উপযোগী।

*চিৰি বগাই উঠা-নমা কৰিলেও খোজকঢ়াৰ দৰে উপকাৰ হয়। শৰীৰত জমা হোৱা চৰ্বি ক্ষয় হয়। মঙ্গহাল শৰীৰো আঁটিল হয়, ফুটবল, ক্ৰিকেট খেলা বা যিকোনো খেল খেলা মানুহৰ উপকাৰ হয়। অৱশ্যে চিৰি বগাওঁতে মাজে সময়ে জিৰণি ল’ব লাগে।

শৰীৰৰ উপকাৰৰ বাবুএহে খোজকঢ়া হয়। কেৱল ভাগৰ লগাবলৈ নহয়। কোনে কিমান সময় খোজকাঢ়িব, নিজে নিৰ্ধাৰণ কৰিব। খোজকঢ়াৰ পিছত যাতে শৰীৰ-মনলৈ সুখানুভূতি আৰু আনন্দ আহে, তাৰ প্ৰতি মনোযোগ দিব লাগে।

লেখক: প্ৰিয়েন্দ্ৰ তামুলী(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

2.91666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top