মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / আভ্যন্তৰীণ অংগৰ স্বয়ংশুদ্ধি আৰু জীৱনশৈলী :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আভ্যন্তৰীণ অংগৰ স্বয়ংশুদ্ধি আৰু জীৱনশৈলী :

আভ্যন্তৰীণ অংগৰ স্বয়ংশুদ্ধি আৰু জীৱনশৈলীৰ বিষয়ে লিখা হৈছে ।

 

মানৱ শৰীৰৰ বিভিন্ন সৰু-বৰ অংগৰ দ্বাৰা গঠিত তন্ত্ৰবোৰে শৰীৰটো চলাবলৈ দিনে নিশাই অহৰহ কাম কৰি থাকে। এই আভ্যন্তৰীণ অংগবোৰ নিজৰ কাম কৰি থকা সময়ত বহু পৰিমাণে ক্ষতিসাধন হয় আৰু কিছুমান অশুদ্ধিও জমা হয়। অশুদ্ধিবোৰ আঁতৰাবলৈ আৰু অংগবোৰৰ ক্ষতিপূৰণ কৰিবলৈ দেহৰ ভিতৰতে স্বয়ংশুদ্ধি প্ৰক্ৰিয়া সম্পন্ন হয়। দেহৰ বিভিন্ন আভ্যন্তৰীণ অংগৰ স্বয়ংশুদ্ধি দিনটোৰ কিছুমান নিৰ্দিষ্ট সময়তহে হয় আৰু এই সময়খিনিত কিছুমান কৰিবলগীয়া কাৰ্য অতীতৰ পৰা কোনো বিজ্ঞানসন্মত কাৰণ নজনাকৈয়ে নিৰ্ধাৰিত কৰি থোৱা হৈছে। সোনকালে শোৱা, সোনকালে উঠা ইত্যাদি। ইয়াৰেই উদাহৰণস্বৰূপ। এনেধৰণৰ পুৰণি জীৱনশৈলীবোৰ আধুনিকতাৰ আঁৰত ব্যক্তিক্ৰমী হৈ পৰিছে। হয়তো সেইবাবেই চিকিৎসালয়ত যথেষ্ট ভিৰ দেখা যায়। জীৱনশৈলী আৰ আভ্যন্তৰীণ অংগৰ স্বয়ংশুদ্ধিৰ ওতঃপ্ৰোত সম্পৰ্ক আছে। সুস্বাস্থ্য অব্যাহত ৰাখিবলৈ বিষয়টোৰ প্ৰয়োজনীয়তা অনুভৱ কৰি যুগুতালো।

শ্বাস-প্ৰশ্বাস প্ৰক্ৰিয়া(Respiratory System):

শ্বাস-প্ৰশ্বাস প্ৰক্ৰিয়াৰ মুখ্য অংগ হ’ল হাওঁফাওঁ(Lungs)। ২৪ ঘন্টাৰ ভিতৰত প্ৰদূষণ, খাদ্য, দৰব আদিৰ দ্বাৰা হাওঁফাওঁৰ যিমান ক্ষতি সাধন হয় অথবা যিমান অশুদ্ধি হাওঁফাওঁত জমা হয়, এইবোৰ ৰাতিপুৱা প্ৰায় ৩ বজাৰ পৰা ৫ বজাৰ ভিতৰতে স্বয়ংক্ৰিয়ভাৱে শৰীৰে চিকুন আৰু মেৰামতি কৰে। এই স্বয়ংশুদ্ধি প্ৰক্ৰিয়াৰ সময়ত কিছুমানৰ কাহ হয়। এইখিনি সময়ত কআহ হ’লে নিজৰ খাদ্য আৰু জীৱনশৈলী পৰিৱৰ্তন কৰা উচিত। সময়খিনিত নিয়মিয়ভাৱে বিশুদ্ধ বায়ু অৱাশোষণ কৰি প্ৰাণায়াম কৰিলে হাওঁফাওঁ চাফ-চিকুণ কৰাত যথেষ্ট সুবিধা হয়।

বৃহদান্ত্ৰ(Large Intestine):

বৃহদান্ত্ৰৰ কাম গোটেই দিনটোৱে চলি থাকে যদিও উল্লেখনীয় সময় ৰাতিপুৱা প্ৰায় ৫ বজাৰ পৰা ৭ বজালৈ। এইখিনি সময়ত বৃহদান্ত্ৰ চাফ চিকুণ কৰিবলৈ যথেষ্ট পানীৰ প্ৰয়োজন। গতিকে ৰাতিপুৱা অধিক মাত্ৰাত পানী খোৱাৰ এইখিনি উপযুক্ত সময়। নিৰ্দিষ্ট সয়মছোৱাত শৰীৰত পানীৰ পৰিমাণ কম হ’লে অথবা শুই থাকিলেও কোষ্ঠকাঠিন্যত ভোগা দেখা যায়। এই সময়খিনিত কফি খোৱাটো উচিত নহয়, কাৰণ কফিত থকা কেফেইনৰ প্ৰস্ৰাৱ সঘন কৰাৰ প্ৰৱণতা থাকে, ফলত কিডনিৰ জৰিয়তে পানী অধিক পৰিমাণে শৰীৰৰ পৰা ওলাই যায়। গতিকে পানী কমি যোৱা বাবে শৌচ টান হ’ব পাৰে। বৃহদান্ত্ৰ চাফ-চিকণ কৰা সময়ত শুই থাকিলেও ক্ষতিপূৰ্তি অথবা স্বয়ংশুদ্ধিত বাধা উৎপন্ন হয়। সেইবাবেই হয়তো ৰাতিপুৱাই শুই উঠিব লাগে বুলি পূৰ্বজে কয়।

পাকস্থলী(Stomach):

পাকস্থলীৰ স্বয়ংশুদ্ধিৰ সময় হ’ল ৰাতিপুৱা প্ৰায় ৭ বজাৰ পৰা ৯ বজাৰ ভিতৰত। এই সময়ছোৱাৰ ভিতৰত খুব বেছি খাদ্য খোৱাটো উচিত নহয়। ৰাতিপুৱা যিদৰে বৃহদান্ত্ৰৰ শুদ্ধিৰ বাবে যথেষ্ট পানীৰ প্ৰয়োজন হয়, তেনেদৰে পাকস্থলী শুদ্ধিৰ বাবে সৰহকৈ পানীৰ প্ৰয়োজন নহয়। গতিকে ৰাতিপুৱা ৫ বজাৰ পৰা ৭ বজাৰ ভিতৰত খোৱাপানীখিনি পাকস্থলীৰ স্বয়ংশুদ্ধিৰ বাবে যথেষ্ট হয়। পাকস্থলীৰ স্বয়ংশুদ্ধিৰ সময়ছোৱাত ফলৰ ৰস, শাক পাচলিৰ ৰস আদি সহজে হজম হোৱা খাদ্যবোৰ খোৱা উচিত।

প্লীহা(Spleen):

ৰাতিপুৱা ৯ বজাৰ পৰা ১১ বজাৰ সময়খিনি হ’ল প্লীহাৰ শুদ্ধিৰ সময়। প্লীহাই লিভাৰ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতাৰ লগত একেলগে কাম কৰে বাবে এই সময়খিনিত অথবা প্লীহাৰ দুৰ্বল অৱস্থাত মানুহে এলাৰ্জিজনিত ৰোগ যেনে- চৰ্দি, ফ্লু আদিত ভোগে। সুস্থ প্লীহাই ইনফেকচন ৰোধ কৰিবৰ বাবে দেহত এন্টিবডি তৈয়াৰ কৰে।

হৃদপিণ্ড(Heart):

হৃদপিণ্ডৰ মেৰামতিৰ সময় হ’ল দিনৰ ১১ বজাৰ পৰা     ১ বজালৈ। এই সময়ছোৱাত হৃদপিণ্ডই অৱশিষ্টবোৰ বা অশুদ্ধিবোৰ আঁতৰায় বাবে হৃদস্পন্দনৰ ব্যৱধান হয়। ৭০ শতাংশ হৃদয় আঘাত(Heart Attack) হয় এই মেৰামতিৰ সময়ত।

ক্ষুদ্ৰান্ত্ৰ(Small Intestine):

যদি দিনৰ ১ বজাৰ পৰা ৩ বজাৰ ভিতৰত পেটফুলা অথবা বদহজম বা পেটৰ বিষ হয়, তেন্তে হয়তো খাদ্যহজমত অসুবিধা হৈছে অথবা খাদ্যই ক্ষুদ্ৰান্ত্ৰ ওপৰত যথেষ্ট চাপ প্ৰয়োগ কৰিছে। কাৰণ এইখিনি সময়ত ক্ষুদ্ৰান্ত্ৰই নিজৰ মেৰামতি কৰে আৰু অশুদ্ধিবোৰ আঁতৰায়। সঠিক খাদ্যাভ্যাসে এই সমস্যা সমাধান কৰে।

বৃক্ক আৰু প্ৰস্ৰাৱস্থলী(Kidney and Urinary Bladder):

বৃক্ক আৰু প্ৰস্ৰাৱস্থলীয়ে আবেলি ৩ বজাৰ পৰা ৭ বজাৰ ভিতৰত নিজৰ শুদ্ধিৰ প্ৰক্ৰিয়া সম্পন্ন কৰে। যদি বৃক্কই সঠিকভাৱে কাম কৰি থাকে, তেন্তে এই সময়ছোৱাত শৰীৰে ভাগৰুৱা অনুভৱ নকৰে কিন্তু যদি বৃক্ক সুস্থ নহয় তেন্তে ভাগৰুৱা অনুভৱ কৰি শুবলৈ চেষ্টা কৰে।

অগ্ন্যাশয়(Pancreas):

গধূলি ৭ বজাৰ পৰা ৰাতি ৯ বজাৰ ভিতৰত অগ্ন্যাশয়েও স্বয়ং মেৰামতি কৰে। এই সময়ছোৱাত অগ্ন্যাশয়ে শৰ্কৰা নিয়ন্ত্ৰণ কৰাত অধিক গুৰুত্ব প্ৰদান কৰে। যদি এইখিনি সময়ত অধিক পৰিমাণে মিঠা দ্ৰব্য খোৱা হয়, তেন্তে কঁকালৰ বিষ হ’ব পাৰে। কাৰণ বৃক্ক আৰ অগ্ন্যাশয়ৰ সন্মিলিত কাৰ্য্যৰ দ্বাৰা শৰীৰত শৰ্কৰা নিয়ন্ত্ৰিত হয় আৰু এটা অংগই নিজৰ মেৰামতি কৰাত ব্যস্ত থাকিলে আনটোৰ ওপৰত চাপ বৃদ্ধি হয়। ফলত কঁকালৰ বিষ হ’ব পাৰে অৰ্থাৎ বৃক্ক থকা ঠাইখিনি বিষাব পাৰে।

ৰক্তবাহী নলী(Blood Vessels and Arteries):

ৰক্তবাহী নলীয়ে ৰাতি ৯ বজাৰ পৰা ১১ বজাৰ ভিতৰত স্বয়ংশুদ্ধি অথবা মেৰামতি কৰে। যদি ৰক্তবাহী নলীৰ খুব বেছি মেৰামতি চলি থাকে তেনেহ’লে মূৰৰ বিষ, দুৰ্বলতা ভাৱ ইত্যাদি অনুভৱ কৰিব পাৰি।

যকৃত আৰু পিত্তথলী(Liver and Gall Bladder):

ৰাতি ১১ বজাৰ পৰা ৩ বজাৰ ভিতৰত এই অংগই স্বয়ংশুদ্ধি আৰু মেৰামতি কৰে। যদি এইখিনি সময়ত কেতিয়াবা টোপনি নাহে তেন্তে বুজিব লাগিব যে যকৃতে অৱশিষ্টবোৰ আঁতৰ কৰাত সক্ষম হোৱা নাই আৰু ইয়ে শৰীৰত অসুবিধাৰ সৃষ্টি কৰি টোপনিত ব্যাঘ্যাত জন্মাইছে।

শৰীৰৰ আভ্যন্তৰীণ অংগৰ স্বয়ংশুদ্ধি নিৰ্দিষ্ট সময়ৰ উপৰিও বিভিন্ন আন আন কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। উদাহৰণস্বৰূপে যদি জীৱনশৈলী সুব্যৱস্থিত নহয় তেন্তে শৰীৰৰ জৈৱিক ঘড়ী নিয়ন্ত্ৰণত নাথাকে। শৰীৰৰ জৈৱিক ঘড়ীক সুব্যৱস্থিত কৰি সুস্বাস্থ্যৰ অধিকাৰী হ’বলৈ জীৱনশৈলীৰ ওপৰত গুৰুত্ব দিয়াটো খুবেই প্ৰয়োজন। আধুনিক সমাজৰ ব্যৱস্তাৰ মাজত সকলোৱে নিয়মানুৱৰ্তিতা অনুসৰি কাম কৰিবলৈ টান পায় বা কৰিব নোৱাৰে। যেনে- পানী খোৱাৰ অভ্যাস। প্ৰায় সকলোৱে জানে, পানী খোৱাটো শৰীৰৰ বাবে ভাল, কিন্তু কিমান খাব লাগে, কেতিয়া খাব লাগে, সেই কথাৰ ওপৰত গুৰুত্ব নিদিয়ে। বহুতে এইটো গুৰুত্ব দিবলগীয়া বিষয় বুলি নাভাবে। কিন্তু পানীৰ অভাৱত বা পানীৰ দ্বাৰা সংক্ৰমিত হয় বহুধৰণৰ ৰোগ। বিশুদ্ধ পানী যদি সময়মতে খোৱা হয়, তেন্তে শৰীৰটোক বহুধৰণৰ ৰোগৰ পৰা বচাই ৰাখিব পাৰি। এই পানীয়ে শৰীৰৰ আভ্যন্তৰীণ অংগবোৰৰ কাৰ্য্যক্ষমতা বৃদ্ধিত সহায়ক হয়। যদি দুগিলাচ পানী দৈনিক ৰাতিপুৱা শুই উঠাৰ লগে লগে খোৱা হ্য়, তেন্তে ই আভ্যন্তৰীণ অংগবোৰক অধিক কাৰ্যক্ষম কৰি তোলাত সহায় কৰে। এগিলাচ পানী খাদ্য খোৱাৰ আগতে খালে হজম শক্তি বঢ়ায়। গা ধোৱাৰ আগতে এগিলাচ পানী খালে ৰক্তচাপ নিয়ন্ত্ৰণত সহায়ক হয়। ৰাতি শোৱাৰ আগতে এগিলাচ পানী খালে হৃদয়াঘাত(Heart Attack or Stroke) আদিৰ পৰা বাচিব পৰা যায়। শৰীৰটোক সুস্থ ৰাখিবলৈ হ’লে নিয়মীয়াকৈ নিজৰ ওজনৰ প্ৰত্যেক বিশ কিলো গ্ৰামৰ বিপৰীতে দৈনিক এক লিটাৰ পানী খোৱাৰ অভ্যাস কৰাটো অতি প্ৰয়োজন।

শৰীৰচৰ্চা হ’ল জীৱনশৈলীৰ আন এক কাৰক, যিয়ে শৰীৰৰ আভ্যন্তৰীণ অংগৰ স্বয়ংশুদ্ধি তথা জীৱনকাল বঢ়োৱাত সহায় কৰে। শৰীৰচৰ্চা যদি যথাসময়ত নিয়ম অনুযায়ী কৰা নহয়, তেন্তে ই শৰীৰৰ লাভতকৈ হানিহে কৰে। বহু ৰোগ সৃষ্টিৰ মুখ্য কাৰক হ’ল শৰীৰচৰ্চাৰ অভাৱ তথা এই বিষয়ে সজাগতাৰ অভাৱ। যিকোনো বিষয় এটা পঢ়ি অথবা টেলিভিচনত দেখি বহুতেই পোচাক আদি কিনি ব্যায়ামশালা বা যোগকেন্দ্ৰতো নাম ভৰ্তি কৰে। কিন্তু লক্ষণীয় বিষয় হ’ল, কিমানজনে ইয়াক নিয়মিতভাৱে সময় অনুসাৰে বহুদিনলৈ কৰি থাকিব পাৰে। কিছুদিন পিছতে হয়তো অৱহেলাই সকলো প্ৰচেষ্টা চূৰ্ণ কৰে। এই ধৰণৰ সমস্যা সমাধান কৰিবৰ বাবে নিজকে উৎসাহিত কৰি ৰখাটো অতি প্ৰয়োজনীয়। শৰীৰচৰ্চাৰ বাবেও উৎসাহবৰ্ধক কামবোৰ নিয়মিতভাৱে কৰা উচিত। ইয়াৰ ভিতৰত মানৱ শৰীৰৰ বিষয়ক লিখনিবোৰ পঢ়া, বিষয়টোৰ ওপৰত বন্ধুবৰ্গৰ লগত সঘনাই আলোচনা কৰা, টেলিভিচনত প্ৰচাৰ কৰা স্বাস্থ্য আৰু শৰীৰচৰ্চা বিষয়ক প্ৰোগ্ৰামবোৰ চোৱা ইত্যাদিৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি। চকুৰ আগত একেটা বিষয়বস্তু বাৰে বাৰে আহি থাকিলে তাৰ প্ৰতি নিশ্চয়কৈ সজাগতা বাঢ়ে। নিজৰ ৰক্তসঞ্চালন সুচাৰু ৰূপে চলাই থাকিবলৈ, হাড়ৰ জোৰা সুস্থকৈ ৰাখিবলৈ তথা দেহৰ অশুদ্ধিবোৰ আঁতৰাবলৈ শাৰীৰিক ব্যায়াম সময় মতে কৰাটো অতি দৰকাৰী।

খাদ্য সকলোৱে খায় কিন্তু সুখাদ্যৰ প্ৰতি তথা খাদ্যাভ্যাসৰ প্ৰাতি সৰহ সংখ্যক লোকেই সজাগ নহয়। কিছুমান খাদ্যাভ্যাসে শৰীৰৰ আভ্যন্তৰীণ অংগৰ স্বয়ংশুদ্ধি বাধাগ্ৰস্ত কৰে। যেনে অধিক খাদ্য একে সময়ত খোৱা, ভাত খায়েই তথালিকে বিছনাত শুই দিয়া, খাদ্য খায়েই পানী খোৱা ইত্যাদি। সকলোতকৈ গুৰুত্বপূৰ্ণ হ’ল খাদ্যখোৱাৰ সঠিক সময় আৰু নিয়মিতভাৱে অৰ্থাৎ সদায় একে সময়তে খোৱা নিয়মানুৱৰ্তিতা অনুযায়ী শৰীৰে নিজৰ প্ৰক্ৰিয়া চালনৰ সময় বান্ধি লয়। গতিকে সকলো কাম প্ৰত্যেক দিনে এক নিৰ্দিষ্ট সময়ত কৰিলে শৰীৰৰ আভ্যন্তৰীণ অংগবোৰৰ স্বয়ংশুদ্ধিত সুবিধা হয়। ইয়াৰ উপৰিও খাদ্যৰ মৌলিক উপাদানৰ বিষয়ে জ্ঞান আহৰণে সঠিক খাদ্যাভ্যাস গঢ়াত সহায় কৰে। খাদ্যৰ উপাদান, ক্ৰিয়া-প্ৰতিক্ৰিয়া, উপযোগিতাৰ বিষয়ে সজাগতা সুস্বাস্থ্য অটুট ৰখাত যথেষ্ট সহায়ক হয়।

টোপনি মানৱ শৰীৰৰ এক আৰামদায়ক প্ৰক্ৰিয়া। ই আৰামৰ উপৰিও শৰীৰৰ বাবে অতি দৰকাৰী প্ৰক্ৰিয়া। টোপনিৰ মাজেৰেই শৰীৰৰ কিছুমান অংগৰ শুদ্ধি আৰু মেৰামতি হয় যদিও কিছুমান অংগৰ শুদ্ধিৰ সময়ত শুই থাকিলে এই প্ৰক্ৰিয়া বাধাগ্ৰস্ত হয়। উদাহৰণস্বৰূপে, লিভাৰ, মগজু আদিৰ স্বয়ংশুদ্ধিৰ বাবে টোপনি অতি প্ৰয়োজনীয় কাৰক, কিন্তু ৰক্তবাহী নলী, হৃদপিণ্ড আদিৰ মেৰামতিৰ প্ৰক্ৰিয়া চলি থকা সময়ত শুই থকা উচিত নহয়। শৰীৰৰ নিয়মীয়া সময় অনুযায়ী সকলোবোৰ প্ৰ্ক্ৰিয়া সংঘটিত হয়। গতিকে প্ৰত্যেক দিনাই একে সময়তে শোৱাৰ অভ্যাস কৰাটো সুস্থ শৰীৰৰ বাবে অতি প্ৰয়োজনীয়। কিছুমানৰ আকৌ ভাতঘুমটিৰ অভ্যাস আছে অৰ্থাৎ ভাত খায়েই বিছনাত শুই দিয়ে। এইটো দৰাচলতে দেহৰ বাবে ক্ষতিকাৰক বদঅভ্যাসহে। ইয়াৰ দ্বাৰা খাদ্যৰ পাচন প্ৰক্ৰিয়া বাধাগ্ৰস্ত হয়। ফলত পেটফুলা, কোষ্ঠকাঠিন্য আদি বেমাৰৰ উপসৰ্গই দেখা দিয়ে।

পানী, ব্যায়াম, খাদ্য আৰু টোপনিৰ সচেতনতাই আৰু এই সচেতক তথ্যবোৰ সময় অনুসাৰে নিয়মিতভাৱে ব্যৱহাৰ কৰিলে বেমাৰৰ পৰা দূৰত থাকি দীৰ্ঘায়ু হোৱাৰ আশা কৰিব পাৰি। শৰীৰৰ বাহিৰ ভাগক যিদৰে ধুই, চাফ-চিকুণ কৰি ৰাখিলে সোনকালে বয়স বৃদ্ধি হোৱা যেন নেদেখি বা বহিৰ্ভাগ সুস্থ কৰি ৰাখিব পাৰি, ঠিক সেইদৰে জীৱনশৈলীৰ ওপৰত গুৰুত্ব প্ৰদান কৰি, অন্তৰ্ভাগকো চাফ-চিকুণ কৰি ৰখাটো দীৰ্ঘয়ু লাভৰ বাবে অতি প্ৰয়োজন।

লেখক: মুনিন হুজুৰী(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

2.71428571429
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top